Tuesday, 27 September 2016

অৰ্জুন বধ

অৰ্জুন বধ
বনবাসৰ সময়ত সয়ম্বৰত দ্ৰৌপদীক অৰ্জুনে নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি অানি মাক কুন্তীক যেতিয়া কলেহি যে মা কি আনিছো চোৱা ৷ মাক কুন্তীয়ে লৰাহঁতে কিনো আনিছে নোচোৱাকৈয়ে আন দিনাৰ দৰে ভিক্ষা আনিছে বুলি সকলোকে সমানে ভগাই লব কলে ৷ কিন্তু ঘুৰি চাই দ্ৰৌপদীক দেখি কলে হায় মই কি পাপ কৰিলো ৷ শ্ৰীকৃষ্ণই কলে পেহী তুমি নহয় বিধাতাই তোমাৰ মুখৰে কোৱাইছে ৷ দ্ৰৌপদীয়ে মহাদেৱৰ বৰ লাভ কৰা আছে যে তেঁওৰ হবলগীয়া স্বামী ন্যায় পৰায়ন হওঁক, আটাইতকৈ শক্তিশালী হওঁক, শ্ৰেষ্ঠ সমৰকলা বিদ হওঁক, আটাইতকৈ সুন্দৰ সুঠাম হওঁক ৷ কিন্তু দৈৱবিপাক এজন পুৰুষৰ গাত এই সমষ্ট গুন পোৱা নাযায়, কিন্তু মহাদেবৰ বৰ ৰক্ষা হবই লাগিব আৰু পঞ্চপাণ্ডবৰ প্ৰতিজনেই এই গুন সমুহৰ অধিকাৰী গতিকে তুমি দোষী নহয় পেহী ৷ নাৰদ মুনীয়ে পঞ্চপান্ডৱ আৰু তেওঁলোকৰ পত্নী দ্ৰৌপদীক আশিৰ্বাদ কৰিব আহি যথেষ্ট সুখী হল আৰু লগতে কিছু চিন্তিতও হল ৷ যুধিষ্ঠিৰে সুধিলে হে মুনীবৰ আপুনী সুখীও হৈছে আৰু চিন্তিতও হৈছে, তাৰ কাৰন জানিব পাৰোনে? নাৰদে কলে, হে যুধিষ্ঠিৰ এসময়ত সুন্দ আৰু উপসুন্দ নামৰ দুই ভাতৃ আছিল, যাৰ অতিকেই মিল আছিল ৷ সিহঁত দুয়োয়ে এটা বৰ লাভ কৰা আছিল যে সিহঁত দুটাৰ বাহিৰে আন কোনোৱে সিহঁতক মাৰিব নোৱাৰিব ৷ দেৱতা গনো সুন্দ উপসন্দৰ ওচৰত পৰাজিত হৈছিল ৷ শেষত নাৰায়নৰ উপদেশ মতে সকলো দেৱ দেৱীৰ দেহৰ অংশৰে তিলোত্তমা নামৰ এক ৰুপময়ী নাৰীৰ জন্ম দিলে, যাক দুয়োৱে প্ৰেম কৰিব ধৰিলে ইজনে সিজনক মাৰি তিলোত্তমাৰ স্বামী হব ইচ্চা কৰিলে ৷ ফলত দুই ভাতৃৰ মৃত্যু হৈছিল ৷
কথাখিনি শুনি যুধিষ্ঠিৰো চিন্তিত হল আৰু কলে, হে মুনিবৰ আমি পাঁচ ভাতৃ কেতিয়াই পৃথক হব নোখোজো ৷ কিবা উপায় কৰক মুনিবৰ ৷ নাৰদে এটা উপদেশ দিলে যে তোমালোকে দ্ৰৌপদীক মাতৃ কুন্তীয়ে কোৱাৰ দৰে আশিৰ্বাদ ৰুপে সমানে ভগাই লোৱা ৷ এবছৰ এজন পান্ডৱৰ লগত স্বামী স্ত্ৰী হিচাপে কটাব আৰু সেই বছৰটোত আন ভাতৃ সকলে দ্ৰৌপদী আৰু সেই ভাতৃজনৰ অন্তষপুৰত প্ৰবেশ কৰিব নোৱাৰিব ৷ যি জন ভাতৃয়ে এই নিয়ম ভংগ কৰিব সাষ্টি তেঁওৰ বাৰ বছৰ বনবাস হব ৷ সকলোৱে মুনিবৰৰ উপদেশ মানি ললে আৰু প্ৰথম বৰ্ষ জেষ্ঠ ভাতৃ যুধিষ্টিৰৰ লগত সহবাস কৰিব ধৰিলে ৷
সময় পাৰ হব ধৰিলে ৷ এদিনাখন যুধিষ্ঠিৰ আৰু অৰ্জুনে গান্ডীৱ ধনুৰ বিষয়ে কথা পাতি আছিল আৰু অৰ্জুন কিবা কথাত আতৰি যাব লগা হোৱাত যুধিষ্ঠিৰে গান্ডীৱখন লৈ নিজৰ শোৱনী কোঠা পালেগৈ ৷ পিছদিনা অৰ্জুনৰ কোঠালিৰ সন্মুখত এজন ব্ৰাক্ষ্মনে আহি কলেহি যে তেঁওক ৰক্ষা কৰিব লাগে, তেঁওৰ গাই গৰুবোৰ কোনোবাই লৈ গৈছে ৷ অৰ্জুনে কোঠালিত সোমাই দেখে গান্ডীৱ নাই, তেতিয়া মনত পৰিল গান্ডীৱ যুধিষ্ঠিৰৰ কোঠালিত আছে ৷ ক্ষন্তেকো বিলম্ব নকৰি গান্ডীৱ বিছাৰি প্ৰতিটো কোঠালী চলাথ কৰিলে ৷ বাহিৰত ব্ৰাক্ষ্মন জনে সহায়ৰ বাবে চিঞৰিয়ে আছিল ৷ শেষত অৰ্জুনে কৰ্মৰ খাতিৰত শোৱনী কোঠাত প্ৰবেশ কৰি গান্ডীৱ লৈ কোনো ফালে দৃষ্টি নিক্ষেপ নকৰাকৈ বাহিৰলৈ ওলাই আহিল ৷ অৰ্জুনে ব্ৰাক্ষ্মন জনক ৰক্ষা কৰিলে কিন্তু বাৰ বছৰ বনবাসৰ কথা মনত পৰিল আৰু বনবাসলৈ যাব ওলাল ৷ যুধিষ্ঠিৰে কলে যে হে প্ৰিয় অৰ্জুন ইয়াত তোমাৰ কোনো ভুল নাই ৷ কিন্তু অৰ্জুন অটল ৷ আৰু শেষত বাৰ বছৰ বনবাসলৈ বুলি ৰাওনা হল ৷
বনবাস কালত এদিন অৰ্জুনে পুৱা স্নান কৰিবৰ বাবে নদীত নামোতে, নদীৰ সোঁতে তেঁওক পানীৰ গভীৰলৈ লৈ যাব ধৰিলে ৷ অপ্ৰান চেষ্টা কৰিও নিজকে ৰক্ষা কৰিব পৰা নাচিল, সকলো অন্ধকাৰ হব ধৰিলে ৷ যেতিয়া চকু খোল খালে সন্মুখত এগৰাকী অতি সুন্দৰী নাৰী দেখা পালে ৷ নাৰী গৰাকীয়েও তেঁওৰ চকুৱে চকুৱে চাব ধৰিলে ৷ অৰ্জুনে তেঁওৰ ৰুপত মোহিত হৈ সুধিলে, হে দেৱী আপুনি কোন? পৰিচয় দিবনে?
মই উলুপি ......সৰ্পধৰ সকলৰ ৰজা কৌৰাব্যৰ দুহিতা ৷( আন এক তথ্য মতে উলুপি নাগ কন্যা, শেষনাগৰ দুহিতা, যিটো মোৰ মতে শুদ্ধ)৷ অৰ্জুনে চৌ দিশে চালে আৰু প্ৰশ্ন কৰিলে, হে ৰাজকুমাৰী মই ক'ত আছো?
উলুপিয়ে মৃদু কন্ঠৰে কলে, হে শ্ৰেষ্ঠ ধনুৰ্ধৰ অৰ্জুন মই বনত সদায় আপোনাক লক্ষ কৰিছিলো আৰু আপোনাৰ অজানিতে মই আপোনাৰ প্ৰেমত পৰিছিলো, আজি যেতিয়া আপোনাক অকলসৰে নদীত পালো , নিজকে সংযম কৰিব নোৱাৰিলো আৰু আপোনাক মোৰ নাগৰাজ্যলৈ লৈ আনিলো৷ কিছু পৰ মৌনতাৰ পিছত আকৌ উলুপিয়ে মাত লগালে, হে কুন্তী পুত্ৰ মই আপোনাক স্বামী ৰুপে পাব বিছাৰো ৷ আপুনি মোক বিবাহ কৰিবনে? অৰ্জুনে কলে হে সুন্দৰী মই বাৰ বৰ্ষৰ বাবে বনবাস খাটিব আহিছো, তাৰ পিছত মই আকৌ মোৰ পৰিয়ালৰ কাষলৈ উভতি যাম, তুমি নাগ ৰাজকুমাৰী, তোমাক মই বিয়া পাতিব নোৱাৰিম ৷
হে অৰ্জুন মই কেতিয়াও আপোনাক পৰিয়ালৰ পৰা আতৰাই আনিব খুজা নাই আৰু মই জানো মই নাগকন্যা, আপোনাৰ সমাজে মোক স্বীকাৰ নকৰিব, কিন্তু হে স্বামী, মই যে আপোনাক মনতে স্বামী বৰন কৰিছো ৷ অৰ্জুনে উলুপিৰ তেওৰ প্ৰতি থকা গভীৰ ভালপোৱাক প্ৰত্যাখান কৰিব নোৱাৰিলে আৰু কলে, উলুপি মই তোমাক বিবাহ কৰিম কিন্তু মই এদিন তোমাক এৰি যাবই লাগিব,এইতো সত্য ৷ উলুপিয়ে মুৰ দুপিয়ালে ৷ উলুপিক অৰ্জুনে তেঁওৰ দ্বিতিয় পত্নী হিচাপে গ্ৰহন কৰিলে আৰু অতি সুখৰে দুয়োয়ে জীৱন কটাব ধৰিলে ৷ উলুপিৰ সুন্দৰতাৰ লগতে সৰল মনৰ আছিল, ধনুৰ্বিদ্যা আৰু সমৰ কলাতো পাৰ্গত আছিল ৷তেঁওলোকৰ প্ৰেমৰ সাক্ষী হিচাপে এটা সন্তান জন্ম পালে, নাম থোৱা হল ইৰাবন ৷ উলুপিৰ লগত কি দৰে ইমান ধুনিয়াকৈ দিনবোৰ পাৰ হল অৰ্জুনে গমকে নাপালে, চাওতে চাওতে এটা বছৰ পাৰ হল ৷ অৰ্জুনে কলে, উলুপি,তোমাক পত্নী হিচাপে পাই মই বহুত সুখী, কিন্তু মই যে যাবই লাগিব , উলুপিয়ে বুজিলে অৰ্জুন মাটিত বাস কৰা মানৱ সন্তান আৰু মই সৰ্পকন্যা ৷ মই কেতিয়াও তেওৰ যাত্ৰাৰ পথৰ বাধা হব নুখোজো ৷ উলুপিয়ে কলে হে স্বামী মই আপোনাক আকৌ লগ পোৱালৈ অপেক্ষা কৰিম, আপোনাক বিদায় দিব মনে নকলেও মই আপোনাৰ বাধা নহও ৷ হে স্বামী আপুনী বনত দিন কটাব, আপুনি মোৰ জীৱন গতিকে নাগকন্যা হিচাপে মই আপোনাক এটা বৰ দিছো যে আপোনাক কোনো সৰীসৃপ বা উভচৰে মাৰিব নোৱাৰিব ৷ অৰ্জুন কৃতজ্ঞ হল আৰু পুত্ৰ ইৰাবন আৰু পত্নী উলুপিক এৰি দুখ মনে সেই নদীৰ কাষ পালেহি যৰ পৰা উলুপিয়ে তেওক লৈ গৈছিল ৷
অৰ্জুনে যাত্ৰা অব্যাহত ৰাখিলে আৰু উত্তৰ পুৱ ভাৰতৰ ফালে খোজ দিলে আৰু আহি মনিপুৰ পালেহি ৷ মনিপুৰৰ সৌন্দৰ্যই অৰ্জুনক মোহিত কৰিলে ৷ আৰু এদিন অস্বাৰোহী এক সুন্দৰী ৰাজকুমাৰীক লগ পালে ৷ অৰ্জুন মোহিত হল আৰু গম পালে তেও মনিপুৰৰ ৰজা চিত্ৰবাহনৰ কন্যা ৷ অৰ্জুন ৰজা চিত্ৰবাহনৰ কাষ পালেগৈ আৰু নিজৰ পৰিচয় দিলে ৷ চিত্ৰবাহন আচৰিত হল আৰু কলে হে পান্ডু কুন্তী নন্দন, হে শ্ৰেষ্ঠ ধনুৰ্ধৰ অৰ্জুন আপুনী মোৰ ৰাজসভা শুৱনী কৰিলে, মই কৃতজ্ঞ হলো, আপোনাক কোনে চিনি নাপাই ৷ আপুনীক কিছুদিন হলেও আলহি হিচাপে শুচ্ৰশা কৰা সুযোগ দিয়ে যেন ৷ অৰ্জুন মান্তি হল ৷ ৰাজপ্ৰসাদত সেই অস্বাৰোহী সুন্দৰী ৰাজকুমাৰী লগত ভেতাভেতি হল ৷ লাহে লাহে অৰ্জুনে লক্ষ কৰিলে যে ৰাজকুমাৰী সুন্দৰেি নহয় জ্ঞানী আৰু সমৰ কলাত নিপুন ৷ ৰাজকুমাৰীয়েও অৰ্জুনৰ বিষয়ে গম পালে, দুয়োৰে মাজত দুই চকুৰ মিলন হল আৰু ইজনে সিজনক ভাল পাব ধৰিলে ৷ অৰ্জুনে এদিন ৰজা চিত্ৰবাহনক কলে যে হে ৰাজন, মই আপোনাৰ কন্যা চিত্ৰাংগদাক বিবাহ কৰিব খোজো, আৰু চিত্ৰাংগদাইও মোক ভাল পাই ৷ চিত্ৰবাহনে কলে হে অৰ্জুন, আপোনাক মোৰ জোৱাই হিচাপে পালে আতাইতকৈ সুখী হলো হয় কিন্তু আমাৰ আৰু আপোনালোকৰ পৰম্পৰা পৃথক ৷ আমাৰ পৰম্পৰা মতে ৰাজভাৰ সদায় মাতৃৰ পৰিয়াল সুত্ৰে প্ৰদান কৰা হয়, আমি মাতৃ প্ৰধান ৷ আপোনালোকৰ পিতাৰ পিচত পুত্ৰ ৰজা হয়, আমাৰ নহয় ৷ চিত্ৰাংগদা ৰাজকুমাৰী, তাইৰ সন্তান মোৰ পিচত ৰজা হব ৷ কিন্তু আপুনী বিবাহ কৰি চিত্ৰাংগদাক লৈ গলে মনিপুৰৰ ৰাজশাষন কোনে কৰিব? অৰ্জুনে কলে হে ৰাজন যদি চিত্ৰাংগদাক মোলৈ বিয়া দিয়াত এইটোৱেই আপোনাৰ প্ৰধান সমস্যা তেন্তে আপোনালোকৰ পৰম্পৰাক সন্মান জনাই কও চিত্ৰাংগদাৰ পুত্ৰই মনিপুৰৰ ৰজা হব আৰু যদি চিত্ৰাংগদাই ইচ্চা কৰে বিবাহৰ পিছতো ইয়াত থাকিব পাৰিব ৷ ৰজা চিত্ৰবাহন সন্তুষ্ট হল আৰু খুব ধুম ধামেৰে অৰ্জুন আৰু চিত্ৰাংগদাৰ বিবাহ হল ৷ তেঁওলোকৰ এটি পুত্ৰ সন্তান জন্ম হল যাৰ নাম থলে বব্ৰুবাহন ৷ সময় পাৰ হল, অৰ্জুন যাবলৈ ওলাল ৷ ৰাজকুমাৰ বব্ৰুবাহন আৰু পত্নী চিত্ৰাংগদাক এৰি অৰ্জুন গলগৈ ৷ অৰ্জুন যোৱাৰ পিছতে মনিপুৰলৈ এগৰাকী ভ্ৰমনকাৰী আহিল, নাম উলুপি ৷ চিত্ৰাংগদাই উলুপি লগত কথা পাতি গম পালে যে উলুপিও অৰ্জুন পত্নী, দুয়ো বাইভনীৰ দৰে থাকিব ললে ৷ উলুপিয়ে বব্ৰুবাহনক যথেষ্ট মৰম কৰিছিল আৰু সমৰ কলাত নিপুন কৰি তুলিছিল আৰু কৈছিল তুমি পিতৃ অৰ্জুনতকৈও শ্ৰেষ্ঠ সমৰবিদ হব লাগিব ৷
দিনবোৰ পাৰ হল ৷ বাৰবছৰ বনবাস খাতি অৰ্জুন ইন্দ্ৰপ্ৰষ্হ পালেগৈ কিন্তু দুৰ্যোধনৰ নিমন্ত্ৰন ৰক্ষা কৰি আহি পাশা খেলত নিজৰ ৰাজ্য হেৰুৱাই পুনৰ বাৰবছৰ বনবাস আৰু এবছৰ অজ্ঞাতবাস খাটিব লগা হল ৷ তাৰ পিছতো ঘুৰি আহি ইন্দ্ৰপ্ৰস্হ বিচৰতাত দুৰ্যোধনে নিদিলে আৰু মহাভাৰতৰ যুদ্ধ হল ৷ যুদ্ধত কৌৰব কুল ধংস হল আৰু পান্ডৱ জয়ী হল ৷ যুদ্ধত অৰ্জুনৰ হাতত পিতামহ ভিষ্মৰ মৃত্যু হৈছিল ৷ ভিষ্মৰ ইচ্চামৃত্যু বৰ প্ৰাপ্ত আছিল ৷ কোনেও যুদ্ধত পৰাস্ত কৰিব নোৱাৰিব বুলি মাহিমাক মতস্যগন্ধাৰ পৰা বৰ লাভ কৰা আছিল ৷ কিন্তু কৃষ্ণই জানিছিল যে অম্বাই শিখন্দি হিচাপে জন্ম লাভ কৰিছে যিয়ে শপত লৈচিল মৃত্যুৰ আগত যে মইয়েই ভিষ্মৰ মৃত্যুৰ কাৰন হম ৷ যুদ্ধত অৰ্জুনে শিখন্ডিক লৈ ললে আৰু ভিস্মই নাৰীক অস্ত্ৰপ্ৰযোগ নকৰে গতিকে অৰ্জুনে সেই সুযোগতে বান প্ৰহাৰ কৰি ভিস্মক শৰশয্যাত পেলালে ৷ এই কথা সপ্ত বসুৱে গম পালে ( অস্ট বসু যিয়ে কামধেনু বা সুৰভী গাই চুৰ কৰিব গৈ কাশ্যপ ঋষিৰ শাপিত হৈছিল৷ গংগাই সপ্তবসুক জন্ম হোৱাৰ লগে লগে গংগাত পেলাই শাপমুক্ত কৰিছিল কিন্তু অষ্টম বসুক পেলাব লওতেই শান্তনুৱে বাধা দিয়াত অষ্টম বসু ভিষ্ম থাকি গৈছিল) সপ্ত বসুৱে অৰ্জুনক শাপ দিলে যে নিজৰ ককাক যি দৰে চল কৰি হত্যা কৰিলে অৰ্জুনকো তেওৰ পুত্ৰই বধ কৰিব ৷
মহাভাৰতৰ যুদ্ধ শেষ হোৱা পাচত যুধিষ্ঠিৰে অশ্বমেধ যজ্ঞ পাতিছিল ৷ নিয়ম মতে যজ্ঞৰ ঘোৰা বান্ধিলে যুদ্ধ দিব লাগে ৷ যদি নাবান্ধে সেই ৰাজ্যখন অশ্বমেধ যজ্ঞকৰাজনৰ হাতলৈ যাই ৷ বব্ৰুবাহন দোমাজাত পৰিল ৷ তেও পিতৃৰ অশ্বমেধ যজ্ঞৰ ঘোৰা যদি বান্ধে পিতাৰ লগত যুজ কৰিব লাগিব আৰু যদি নাবান্ধে মনিপুৰ হস্তিনাপুৰৰ দখলত যাব ৷ তেও মাহি আই উলুপিক সুধিলে, আই কি কৰো ৷ উলুপিয়ে কলে বব্ৰুবাহন তুমি পিতাৰ লগত যুদ্ধ কৰিব যোৱা নাই, তুমি যুদ্ধ কৰিছা সেইজন ৰজাৰ লগত যিয়ে তোমাৰ ৰাজ্য তেওৰ অধিনলৈ নিব বিছাৰিছে ৷ তুমি কাৰ প্ৰতি দায়বদ্ধ, পিতা নে নিজৰ প্ৰজাৰ ওচৰত, মই সুখী হম যদি নিজৰ ৰাজ্য আৰু প্ৰজাৰ বাবে তেওক বধ কৰিব পাৰা ৷ বব্ৰুবাহনে কলে আই মই প্ৰতিজ্ঞা কৰিছো,মোৰ দেশৰ শত্ৰু মোৰ শত্ৰু, তেও লাগিলে মোৰ পিতাই হওক ৷ বব্ৰুবাহনে অশ্বমেধৰ ঘোৰা বান্ধিলে ৷ বব্ৰুবাহনৰ লগত যুদ্ধ দিবলৈ প্ৰথম কৰ্ণ পুত্ৰ বৃষকেতু আহিল, বব্ৰুবাহনে কলে হে বৃষকেতু তুমি উভতি যোৱা মই তোমাৰ লগত যুদ্ধ নকৰো,যুদ্ধ সমকক্ষ বীৰৰ লগত কৰা যাই, তুমি মোৰ সমকক্ষ নহয় ৷ বৃষকেতুৱেই আছিল সেই অন্তিম জন মহাভাৰতৰ যোদ্ধা যাৰ ব্ৰক্ষ্মাস্ত্ৰ, অগ্নিঅস্ত্ৰ, বায়ুস্ত্ৰ বৰুনাস্ত্ৰৰ জ্ঞান আছিল ৷ কিন্তু সেই বৃষকেতু বব্ৰুবাহনৰ ওচৰত পৰাস্ত্ৰ হৈ মৃত্যু হৈছিল ৷ বৃষকেতুৰ মৃত্যুৰ পিছত ভীম আহিছিল আৰু ভীমকো পৰাজিত কৰি পঠাই দিছিল ৷ শেষত অৰ্জুন আহিল ৷ দুৰ্ভাগ্য অৰ্জুনে চিনি নাপালে যে সেয়াই তেওৰ পুতেক বব্ৰুবাহন আৰু যুদ্ধৰ বাবে প্ৰস্তুত হল ৷ বব্ৰুবাহনে কলে মই মোৰ আইক কথা দি আহিছো যে মই অৰ্জুনক বধ কৰিম ৷ আৰু যুদ্ধত অৰ্জুন পৰাস্ত্ৰ হল ৷ বব্ৰুবাহনে অৰ্জুনক বধ কৰিলে ৷ মাতৃ চিত্ৰাংগদাই যুদ্ধৰ কথা গম পাই উলুপি সহ যুদ্ধক্ষেত্ৰ পালেহি ৷ কিন্তু ইতিমধ্যে অৰ্জুনৰ মৃত্যু হৈছিল ৷ চিত্ৰাংগদাই কলে পুত্ৰ, তুমি এইয়া কি কৰিলা অৰ্জুন তোমাৰ পিতা ৷ বব্ৰুবাহন মাতৃ কথাত অনুসুচনাত পৰিল ৷ হায় মই কি কৰিলো? পিতৃ হত্যা মহাপাপে চুব মোক ৷ কিন্তু আই উলুপিৰ কথাওটো শুদ্ধ ৷ উলুপিয়ে কলে ভনী চিত্ৰাংগদা, পুত্ৰ বব্ৰুবাহন দুখ নকৰিবা, অৰ্জুনক নিজ পুত্ৰই বধ কৰিব বুলি সপ্তবসুৰ শাপিত আছিল ৷ মইও তেওৰ পত্নী, কিন্তু তেওক শাপমুক্ত কৰাটো মোৰ ধৰ্ম ৷ শাপ যিটো নোহোৱা কৰিব নোৱাৰা, কিন্তু যি নাগ বানৰ দ্বাৰা অৰ্জুন মৃত্যু হৈছে মোৰ এই মৃত্যুঞ্জয় মনিৰ দ্বাৰা মই অৰ্জুনক জীয়াই তুলিম ৷ উলুপিয়ে অৰ্জুনক প্ৰানদান দিলে, আৰু অৰ্জুন উলুপি চিত্ৰাংগদা বব্ৰুবাহনৰ পুনৰ মিলন হল ৷ অৰ্জুনে স্বিকাৰ কৰিলে যে বব্ৰুবাহন তেওতকৈও শ্ৰেষ্ঠ যোদ্ধা আৰু দুইগৰাকী মাতৃয়ে তেওক উপযুক্ত কৰি সমৰকলা প্ৰশিক্ষন দিছে ৷

Sunday, 6 March 2016

দেউতা...poem

দেউতা...
তোমাৰ আঙুলিত ধৰি দিছিলো জীৱনৰ প্ৰথম খোজ
বোকোচাত উঠি পাৰ কৰিছিলো শৈশৱ ৷
তুমি আছিলা এজন নিপুন যোদ্ধা জীৱন সংঘৰ্ষৰ ৷
এজোপা বিশাল বৰ গছ
যাৰ ছাঁয়াত আকাশলৈ মুৰ তুলি চাব পাৰিছিলো আমি ৷
তুমিয়ে সাজি দিছিলা আকাশৰ তলত এখন ছাল
ৰ'দ বৰষুণ নপৰাকৈ যত নিৰ্ভয়ে পাৰ কৰিছিলো
শৈশৱ আৰু যৌৱন ৷
খনিকৰৰ দৰে গঢ়ি তুলিছিলা আমাক
মানুহ হিচাপে
সমাজত খুটি খাব পৰাকে ৷
তুমি আছিলা এজন দক্ষ শিক্ষক
শিকাইছিলা আকাশত উৰিবলৈ
সপোন দেখিবলৈ,
শিকাইছিলা সত্যৰ সন্ধান
জীৱন দৰ্শন ৷
এজন আদৰ্শবান পিতৃ আছিলা তুমি
কৈছিলা নৈতিকতাক বিসৰ্জন নিদিবলৈ,
দুখত বিচলিত নহবলৈ
ভুল পথে নাযাবলৈ
বিবেকৰ ওচৰত হাৰ নামানিবলৈ ৷
যুক্তিবাদি আছিলা তুমি,
ধৰ্মৰ গোৰামী বেয়া পাইছিলা ৷
বেয়া পাইছিলা মৰাক মাৰি কৰা ৰাজনিতি ৷
শোষনৰ বিপক্ষে মাত মাতিছিলা
সময়ত বজ্ৰ কঠিন সিদ্ধান্তও লৈছিলা
অকলেই দুখৰ সাগৰ সাতুৰিছিলা ৷
তোমাৰ গহীনতাৰ মাজত আছিল কোমলতা
এবুকু মৰম আছিল আনে বুজিব নোৱাৰা ৷
দুৰ্বলো আছিলা
ভনী জনিক উলিয়াই দিওতে জানো এসোঁতা কন্দা নাচিলা ...........
অভিজ্ঞতাৰে শিকাইছিলা আমাক জীৱনৰ নেওঁতা ৷
সুখি কৰিবলৈ আমাক তুমি নিজকে দিছিলা বিসৰ্জন
তুমিটো যন্ত্ৰ নাছিলা
তথাপি দৃঢতাৰে দেহাক পানি কৰি কৰিছিলা আৰ্জন ৷
আমাৰ প্ৰয়োজনৰ দিঘলীয়া লিষ্টখন পুৰন কৰি কৰি
তুমি হৈ পৰিছিলা বৃদ্ধ ৷
দেহাত বাহ সাজিছিল ৰোগে
তথাপি হোৱা নাছিলা ক্লান্ত ৷
পাহৰি গৈছিলা লবলৈ দেহাৰ যত্ন
পুৱাই পেটত এমুঠি গুজি
কান্ধত মোনালৈ ওলাই গৈছিলা তুমি
সুখ কিনিবলৈ আমাৰ বাবে
বুকু পাতি লৈছিলা নিজেই সকলো কষ্ট
পৰিয়াল আছিল তোমাৰ বাবে জীৱনৰ সৰ্বস্ব
কুটা কঢ়িয়াই কঢ়িয়াই তুমি কুজা হৈ গৈছিলা
তথাপি এটা সিংহৰ দৰে আজিবন
মুৰ ঠিয় কৰি আছিলা
আমাক জীয়াই থাকিবলৈ শিকাই থৈ গলা ৷
কৃতজ্ঞ আমি
কৃতজ্ঞ তোমাৰ প্ৰতিদান বিহীন
প্ৰতিটো কৰ্মৰ
মৰমৰ
দেউতা
তুমিহীনতাত বুজি উঠিছো আজি
তুমি আছিলা আমাৰ বাবে ইশ্বৰ
হাত মেলিলেই যত পুৰন হৈছিল সকলো সপোনৰ ৷

ৰং ....poem

ৰং ....
@ দেৱজিত শইকীয়া
আকাশ আজুৰি আনিছিলো এমুঠি নীলা
নালাগে দিয়া
নিদিও তোমাক ৷
নীলা ৰং বোলে বেদনাৰে ভৰা ৷
কৃষ্ণচুড়াকে খুজি আনো তাতকৈ অলপ ৰঙা
দিও দিয়া কপালতে তোমাৰ বেলি আঁকি
তুমি যদি সন্মতি দিয়া ৷
সোনাৰুৱে দিলে ৰং হালধীয়া ৷
নালাগে দিয়া নুচুবা
পৌঢ়তা ৷
তাতকৈ
কুঁহি পাতে দিযা ৰং সেউজীয়া
সানি দিও
দুহাত মেলা ৷
মেঘে দিলে শুকুলা ৰং
নিদিও তোমাক
নকৰো অকলসৰীয়া ৷
পলাশক কলো দিয়ানা
তোমাৰ কিঞ্চিত সুমথিৰা
সানিবলৈ মোৰ প্ৰেয়সীৰ গালে মুখে ৷
বেজাৰ বুলিয়া বেঙুনীয়া বোল দিলে
মোক আজাৰ ফুলে ৷
যদি তুমি নাহা মোৰ জীৱনলে
সানি লম দেহে মনে ৷
উতলা ফাগুনে কলে
ৰং সনাৰ বতৰ আজি
দৌলত উৰিছে আবিৰ
সেয়েহে আনিছো বিছাৰি
জীৱনৰ ৰং বোৰ
তোমাকে দিম বুলি ৷
কি ৰঙে শুৱাব তোমাক
আছো তাকেই ভাবি
তুমি যদি কোৱা
সানি দিব পাৰো মই
কলিজা ফালি
এটোপাল ৰঙাৰে
মোৰ জীৱনলৈ অহা পদুলী
তোমাৰ শিৰত আঁকি ৷

তুমিহীনতাত মই .....poem

তুমিহীনতাত মই .....
@ দেৱজিত শইকীয়া
অকলসৰীয়া আজি অসহায়
বতাহ আছে
জোন বেলি তৰা সকলো আছে
বুকুৰ মাজত তুমিও আছা
তথাপি যেন নিৰুপাই ৷
আজি মোৰ বৰকৈ তোমাক চুই চাব মন গৈছে
তোমাৰ কোলাত শুই
নিজকে হেৰুৱাব মন গৈছে ৷
বহুদিন হল
আঙুলী বুলাই নিদিয়া
তুমি মোৰ আউল চুলিত ৷
কিয় বাৰু
তুমি কাষত নহলে
মোৰ সপোনে বাট হেৰুৱাই
জীৱনে অথালিয়ে পথালিয়ে গতি কৰে
দুচকুৱে চাবলৈ বিছাৰে তোমাক ঘনাই ঘনাই ৷
হুমুনিয়াহ মাথো হুমুনিয়াহ
যন্ত্ৰনা
আজি বুজাব নোৱাৰা ৷
দেহত জ্বলিছে কামনাৰ জুই
তৃষ্ণাতুৰ মনত
তোমাক পোৱাৰ বাসনাই গল যে চুই ৷
শুকান মনত বৰষুণ হৈ
আহানা মোৰ বাবে তুমি
হাতে ধুকি পোৱাত
এবাৰ
মাথো এবাৰ ৷
চুই চাই অনুভৱ কৰো
মৰমবোৰ
অকলসৰে নিজানত তোমাৰ মাথো তোমাৰ ৷
জানা ,
তোমাৰ দেহৰ ভাজে ভাজে
থকা মৰম বোৰে
বুকুলে শিতলতা আনে ৷
দিয়ানা বাকি আজি এপিয়লা ৷
কথা দিলো
মৰমৰে ধাৰ শুজিম তোমাৰ সদায
জীৱন থকালৈকে
নিজকে বিলাই ৷

স্পৰ্ষৰ অনুভৱ ...poem

স্পৰ্ষৰ অনুভৱ
@দেৱজিত শইকীয়া
৪৴৩৴২০১৫
আবেগৰ স্পৰ্ষ
হৃদয়ৰ কোনোবা কোনত
হেঙুল হাইতাল আজি মোৰ শুকুলা মনত ৷
উদাসী মনৰ পাপৰিক কি ৰঙে শুৱালে
কৃষ্ণচুড়াৰ ৰং যেন বুকুত বুলালে ৷
ন আশাৰ ঢৌৱে ধুৱালে আতুৰ পৰান
উলাহে নভৰা হিয়াক আজি বুজাবলে টান ৷
আশাৰে গাঠিলো চেনেহৰ বান্ধোন
সপোন সপোন যেন তুমি মোৰ বুকুৰ আপোন ৷
ফৰকাল আজি মোৰ মনৰ আকাশ
নিশাটিও হল যেন জোনাকী জোনাক ৷
মৰমৰে বোল বুলালা তুমি মোৰ প্ৰানত
হেপাহৰ এপাহ পাৰিজাত ফুলি উঠিল যেন মোৰ জীৱনত ৷
ফাগুনৰ দৰেই তুমি উতলা
তোমাক চালেই
তোমাক চুলেই
কিয় বাৰু হও উন্মনা ৷
তুমিয়ে সানিলা
সেউজীয়া আবিৰ মোৰ শুকান ডালত ৷
সৰা পাত আতৰাই মেলিলে
কুঁহি পাত কুমলিয়া মোৰ দেহত ৷
স্নেহাসিক্ত স্পৰ্ষই তোমাৰ
মতলিয়া কৰিলা মোক ৷
তোমাৰ স্পৰ্ষত প্ৰাণ পাই উথিল জীৱন
উতনুৱা হল মোৰ যৌৱন ৷
ৰঙা ৰঙে তোমাৰ মোৰ মন বননিত
ৰঙিন কৰিলে সপোন
ফাগুনৰ দৰেই তুমি নে
তোমাৰ দৰেই ফাগুন
তুমিয়ে কোৱাচোন মোৰ
কিয় বাৰু তুমি মোৰ বুকুৰ আপোন ৷ ৷ ৷ ৷

বেতন .......(poem)

বেতন .......
@দেৱজিত শইকীয়া
৫৴৩৴২০১৫
বেতন
তই মোৰ বাবে পূৰ্ণিমা
প্ৰতিটো মাহৰ পহিলা তাৰিখত পোৱা কিছু শান্তনা ৷
জোনৰ দৰেই কমি আহে তোৰ
দেহৰ আকাৰ
মাহৰ মাজতেই আন্ধাৰ
আকৌ বাঢ়ি আহে আশা
কাঁচি জোনৰ দৰে
পুনৰ যে তোক লগ পাম পূৰ্ণিমাৰ দিনা ৷
তোক চোন মোৰেই ঘাম ঘাম গোন্ধাই
প্ৰতি টোপাল তেজত মোৰ তই আছ যে লুকাই
তোৰ নামতে অৰ্পন জীৱনৰ আধাফাল ৷
পৰিয়ালৰ পৰা সময় কাঢ়ি তোৰ লগত লাগি লাগি
কেতিয়া যে বয়স ভাটি দিয়ে গমকে নাপাই ৷
মাহত এদিন ফুলা ফুল তই
মোৰ মনোবল
দেহাৰ বল হেৰুৱাই আৰ্জন কৰা কষ্টৰ ফল ৷
তোক কামিজৰ পকেটত থবলৈকে ভয়
যিহে ডাঙৰ ফুটা
জানোচা সৰকি যাৱ ৷
জীৱনৰ প্ৰয়োজনীয় দিঘলীয়া সামগ্ৰীৰ লিষ্টখনতকৈ
যদিও তই অলপ তাকৰ
তথাপি জীয়াই থাকিবলৈ জোৰা তাপলি মাৰি
মোৰ বাবে তই সদায় যুঁজি থাক ৷
তই মোক সকলো দিছ ৷
ভোকৰ ভাত
দেহাত কোপোৰ
আকাশ ধকা এখন চাল ৷
আচলতে
মোৰ পৰিয়ালটোক যেন মই নহয়
তই হে জীয়াই ৰাখিছ ৷
মোৰ অবিহনেও তই
সিহতক যে চাবি মই জানো ৷
সেয়ে তই মোৰ বাবে
ৰদৰ তাপত দেই নিয়া দেহা জুৰ পেলাব পৰা
এটা শীতল পূৰ্ণিমা ৷
এটা বিস্বাস
সপোন দেখিব পৰা ৷ ৷ ৷ ৷ ৷

ফাকুঁৱা বুলি দেই (poem)

ফাকুঁৱা বুলি দেই
@দেবজিত শইকীয়া
আকুলি বাকুলি হীযা মোৰ তোমালে বুলি
মন আজি মোৰ
তোমাৰেই আউলী বাউলী চুলি
জ্বলিছো আজি অকলসৰে
অগনি মোৰ দেহে মনে
তোমাৰ সাগৰ নীলা দুচকুত
ডুবি যাব পৰা হলে
বুকুত বুৰ মাৰি
উজাই গলো হয উজনিলে
মৰম বিছাৰি ভটিয়াই গলো হয় নামনিলে ৷
মোৰ জীৱন লুইতৰ
মাজুলী তই
বুকুৰ মাজতে আছো তোক সাবটি লৈ ৷
ৰঙা ৰঙা মন আজি
উতলি উথিছে যৌৱন
দেহতো আজি পলাশৰ ৰং
নীলা নীলা বেদনা নিদিবি আজি
দিয় যদি দে
এবুকু মৰম
গোপনে সানি লম
আবিৰ বুলি
অকলসৰে ৷ ৷ ৷ ৷ ৷

হে নাৰী ...আন্তৰ্জাতিক নাৰী দিৱসত প্ৰতি গৰাকী নাৰীলৈ মোৰ শব্দৰে একাঁজলী শ্ৰদ্ধা নিবেদন .....

আন্তৰ্জাতিক নাৰী দিৱসত প্ৰতি গৰাকী নাৰীলৈ মোৰ শব্দৰে একাঁজলী শ্ৰদ্ধা নিবেদন .....
@দেবজিত শইকীয়া
(8 March)
হে নাৰী
হে নাৰী অপৰুপা অৰ্ধআকাশ
তোমাৰ কোলাতেই হলো যে বিকাশ ৷
তুমি জননি
তুমি মোহিনী
অনুপম সৃষ্টি তুমি সৃষ্টি কৰ্তাৰ ৷
সুকোমল হৃদয়া দেৱীৰূপে বন্দিতা
মাতৃ তুমি
স্নেহ দাতৃ
অমৃতপোষন
পালন
গৰ্ভে ধাৰন কৰ্তা
অনন্যা মা তুমি
তোমাৰ চৰণে তীৰ্থ দৰ্শন ৷
ভগ্নী ৰূপে হে নাৰী তোমাক নমন
ভগাই ললা তুমি মোৰ দোষবোৰ
দেউতাৰ বকনি মাৰ গালি
শৈশৱৰ লগৰি তুমি
হাঁহি আৰু ধেমালীৰে যাঁচিলা স্নেহবন্ধন ৷
সৰু হৈও আইৰ পিছতে তুমি মোৰ বাবে ওৰেটো জীৱন ৷
হে প্ৰেয়সী নাৰী, মোৰ হৃদয়ৰ কোঁহে কোঁহে
প্ৰনয়ৰ জোৱাৰৰে জোকাৰি যোৱা যৌৱনত
এবুকু মৰমৰে তুমিয়েটো কৰিছিলা
মোৰ কলিজাত প্ৰেমৰ অংকুৰন ৷
কৃতজ্ঞ মই
কৃতজ্ঞ মই তোমাৰ প্ৰতিদানহীন মৰমৰ ৷
হে প্ৰিয়তমা পত্নী,
গোত্ৰ চিঙি মোৰ গৃহে অহা লখিমী
বৌ বোৱাৰী আৰু যে কত কি ৰূপে
সজালাহি আহি মোৰ ঘৰখনি ৷
সহযোদ্ধা তুমি মোৰ সুখত সুখী দুখত দুখী
সন্তানৰ সুখ দিলা
ভোকত ভাত মৰমৰ মাত
লাগ বুলিলেই যত যতনাই দিয়া সকলো পাতিলেই হাত ৷
কত যে কষ্ট সহিও হাঁহি মুখে মোক সহ্য কৰা
হে প্ৰিয়তমা নাৰী তোমাক নমন ৷
দুহিতা ৰূপি পিতৃআজ্ঞাকাৰী হে নাৰী
তোমাকো প্ৰণাম ৷
মোৰ গৃহে জন্মি মোক কৃতাৰ্থ কৰিলা তুমি ৷
দেউতা বুলি মতা মৰমৰ মাতষাৰ
আল ধৰা, শ্ৰদ্ধা আৰু যতন
আৰু যে কত কি
তোমাকো কৰো নমস্কাৰ ৷
হে নাৰী শতৰূপা
প্ৰতি ৰূপে অপৰূপা
শক্তিশালী সহনশীলা
ধৈৰ্য্য মমতা আৰু ক্ষমাশীলা
তুমি অনুপমা
তোমাৰ তুলনা নাই ৷
শব্দৰে যাঁচিলো শ্ৰদ্ধা
নতশিৰে কৰিছো তোমাক প্ৰনাম
তোমাক প্ৰনাম ৷ ৷ ৷ ৷ ৷ ৷

মায়া ...(poem)

মায়া
@দেবজিত শইকীয়া
লাহে লাহে মই হেৰাই যাব ধৰিছো
আপোন আপোন লগা জোনাকী মায়াত
সাবটি লৈছো নিজৰ বুলি
পৰিচয় বিহীন অনামী আশাক ৷
আবেগত বিলিন কৰি পেলাইছো নিজকে
ধুৱলী কুঁৱলী যদিও ধুসৰ বাট ৷
পোৱা নোপোৱাৰ আলিদোমোজাত আবদ্ধ
আজি মই তোমাৰ দৃষ্টিৰেই শৰবিদ্ধ
চটফটাই আছো
তথাপি বিছাৰি পাইছো এটা কাৰন
জীয়াই থকাৰ ৷
নিজকে হেৰুৱাই
বিছাৰি পাইছো তোমাক ৷
এটি ঠিকনাৰ পম খেদি
মই যে খোজ দিব লৈছো তোমাৰ বুকুলৈ
মোৰ বুলিবলৈ মাথোন এখন হৃদয় আছে
তোমাক দিবলৈ ৷
নিৰ্ণয় কৰা তুমিয়েই মুল্য
মোক মাথো দি যোৱা বিনিময়ত
তোমাৰ হৃদয়ৰ একোঠালি
জীয়াই থাকিবলৈ ৷
দি যোৱা তোমাৰ বিস্বাস
দুখৰ দিনতো খামুচি লবলৈ
তোমাৰ দুহাত ৷

কবিতাৰ বেদনা .......(poem)

কবিতাৰ বেদনা .......
@দেবজিত শইকীয়া
মোৰ কবিতাই উচুপে নিৰবে
প্ৰেমত পৰিছিল হেনো তাই গোপনে ৷
কোনোবা দুৰনীৰ ৰিনি ৰিনি ভাহি অহা বাঁহীৰ সুৰত
তাই হেনো হৈছিল মতলীয়া ৷
উজাৰী দিছিল তাইৰ কুমাৰী ভালপোৱা ৷
কাৰন সেই সুৰটি আছিল ভাল লগা ৷
পিছে
কও বুলিয়েই জানো কব পাৰি সকলো কথা ৷
লিখো বুলিলেই লিখিব নোৱাৰি যি দৰে কবিতা এটা ৷
তাই
আছিল চঞ্চলা
যৌৱনৰ দুৱাৰ দলিত খোজ দিব গৈ
উজুটিত চিঙিল ভৰিৰ পতা ৷
সেয়ে
আজি তাই উচুপে নিৰবে ৷
নাই ভাষা আজি তাইৰ মৌসনা ৷
শব্দতো ক্ষোভ ৷
সুৰটিটো আছে স্মৃতিয়ে জ্বলোৱা জুইকুৰা ৷
মোৰ কবিতাই
সেয়েহে উচুপে
তাই প্ৰেমত পৰা দিনৰে পৰা ৷ ৷ ৷ ৷ ৷

তোমাক যেতিয়া লগ পাও.......(poem)

তোমাক যেতিয়া লগ পাও.......
@দেবজিত শইকীয়া
আজি এজাক বৰষুণ অহাৰ কথা
বৰষুণৰ শব্দৰে আজি এটা কবিতা লিখিম
লিখিম শুকান পাতৰ যৌৱন হেৰুৱাৰ বেথা ৷
লিখি যাম ধুমুহাই গছকি যোৱা গছৰ হিয়া ভঙা কান্দোনৰ কথা ৷
সেউজীয়াৰ প্ৰতিক্ষাত
প্ৰতিটো দিন প্ৰতিটো পল কিদৰে পাৰ হয়,
পাৰ হয় প্ৰতিটো ধুলিয়ৰী বিষাদ নিশা ৷
লিখিম আজি
শুকান মাটিৰ আনে নুবুজা বেদনাৰ কথা ৷
আজি মোৰ দুখৰ
কামিজটো খুলি থম ৷
উদং বুকুত বৰষুণৰ স্পৰ্ষৰে বলিয়া হম
আচলতে বলিয়াইহে বেদনা বুজি পাই
বলিয়া নহলে জানো কোনোবাই কাৰোবাক ইমান ভাল পাব পাৰে?
আজি প্ৰতি টোপাল পানী মই চুই চাম
অনুভৱ কৰিম মাটি আৰু পানীৰ মৰম
ঠিক মোৰ আৰু তোমাৰ দৰেই ৷
আচলতে কি জানা ?
তুমি বুলিয়েই মই বৰষুণক চুই চাম
কাৰন তুমি বৰষুণৰ দৰেই ,
যাৰ অপেক্ষাত থাকে শুকান পথাৰ
শুকান গছ
আৰু
মোৰ শুকান উদাসী আতুৰ মন ৷ ৷ ৷

১৬/৩/২০১৫

দৰং কলেজৰ নষ্টালজীয়া (poem)

দৰং কলেজৰ নষ্টালজীয়া
@দেবজিত শইকীয়া
মেৰুন চুৰিদাৰ বগা চুৰ্ণী লৈ
চুলি মেলি কলেজ অহা ছোৱালী জনি ৷
কত থাকা বাৰু তুমি আজি কালি ৷
সপোনৰ ৰাজকুমাৰ জন বিছাৰি পালানে ?
বৰকৈ মন গৈছে আজি মোৰ জানিবলে ৷
আচলতে মইও আছিলো এজন
উন্মাদ প্ৰেমিক তোমাৰ হৃদয়ৰ ৷
যদিও কলেজৰ শেষৰ বেঞ্চৰ পৰা তোমালৈ বুলি
দুৰত্ব আছিল এক আলোক বৰ্ষৰ,
নিমিলিল সুত্ৰ তোমাৰ মোৰ আপেক্ষিকতাবাদৰ
তথাপি তোমাৰ প্ৰেমৰ পৰ্য্যাবৃত্ত তালিকাৰ
এটা মৌলৰ দৰে ৰৈ আছিলো
ৰসায়নিক বিক্ৰিয়া এটা হব হব বুলি ৷
হয়তো তুমি আছিলা সম্ভ্ৰান্ত
অথবা মই আছিলো এটা নিস্ক্ৰীয় মৌল ৷
পিটুইটেৰী গ্ৰন্থীত ৰসায়নিক বিক্ৰিয়া নোহোৱাকৈয়ে
সেয়ে বাগৰি গল কলেজীয়া জীৱনৰ তিনিটা বসন্ত ৷
নাপালো বুজি তোমাৰ এপ্লাইড মেট্চৰ প্ৰতিপাদ্য ৷
প্ৰেক্টিকেলৰ চোকা স্কেলপেল খনৰে যদি
কলিজা ফালি দেখুৱাব পাৰিলোহেতেন
সিৰা উপসিৰাইদি বৈ থকা তোমাৰ নাম ৷
কিজানি বুজিলা হেতেন ৷
কেন্টিনত বহি
চিগেৰেট হুপি দেখা সপোনবোৰ
যদি ফলিয়ালে হয় ৷
জেৰক্স কৰা বটানিৰ নোটচৰ মাজত
যদি দিব পাৰিলো হয় এখন চিঠি ৷
অথবা
দিব পাৰিলো হয আৰ্চিচৰ এখন কাৰ্ড বা এটা টেডি গিফ্ট ৷
গীটাৰ বজাই এটা গান গাই শুনাব পৰা হয়
মহাবিদ্যালয় সপ্তাহত এচুকত বহি ৷
চাল্লা, সলনীয়েই হৈ গল হয জীৱন ৷
ধুৰ কি যে হৈ গল ৷
যদিও একোকে নহল দিয়া
কোৱা নহল মনৰ কথা
তথাপি প্লিজ তোমাৰ প্ৰেমিক নাচিলো বুলি নকবা ৷
এতিয়াও যদি লগ পোৱা
মোৰ হাতত চাবা
এ প্লাচ ডি তাহানি লিখা এতিয়াও দেখা পাবা ৷
তুমি আহিছিলা হোষ্টেলত থাকি পঢ়িবলৈ
মই আহিছিলো কলেজলৈ মাথোন তোমাক চাবলৈ ৷
ৰেজিস্টাৰ বহীত চাগৈ এতিয়াও আমাৰ নাম জিলিকি আছে
যদিও এতিয়া তোমাৰ উপাধী সলনি হৈছে ৷
নষ্টালজীয়া কিন্তু এতিয়াও মোৰ একেই আছে ৷ ৷ ৷ ৷ ৷ ৷

দশমিক নজনা শিক্ষক জন ......

দশমিক নজনা শিক্ষক জন ......
@দেবজিত শইকীয়া
দশমিক নজনা শিক্ষকজন আছিল
মোৰ জীৱনৰ প্ৰথম জন শিক্ষক
তেঁও নাজানিছিল
গছৰ পৰা আপেল সৰিছিল নে নিউটন ৷
শুনা নাছিল সেক্সপিয়েৰৰ নাম অথবা নাটক ৷
তথাপি
তেঁওৰ বিশ্বাসে মোক দিছিল দুৰন্ত গতি ৷
যদিও তেঁও নাজানিছিল ত্বৰণ, দ্ৰুতি অথবা
প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰিত মুখি প্ৰতিক্ৰীয়া থাকে বুলি
তথাপি তেঁও শিকাইছিল সৎ কৰ্মৰ সমানে সুফল পাই বুলি ৷
জীৱন নাটৰ মঞ্চ কঁপাই
নিজস্ব শৈলীৰে এটা সংলাপ কৈছিল
"আনৰ বাবে জীয়াই থাক বোপা
জীয়াই থাকিবিহঁত হাঁহিৰে চকুলো ধাকি ৷"
তেঁও নাজানিছিল বাৰংবাৰতাৰ সুত্ৰ
অথবা বীজগণিতৰ তত্ব ৷
তথাপি কৈছিল জীৱনটো এটা সৰল অংক ৷
"জটিল নকৰিবি বোপা উত্তৰ উলিয়াবলৈ বৰ কষ্ট ৷"
তেঁও জনা নাছিল
ৱৰ্টচৱৰ্থ অথবা শ্যেলী প্ৰকৃতি প্ৰেমী কবি আছিল
নে শালী ধানৰ সঁচ ৷
জানিছিল মাথো শাওনৰ পথাৰ
আঘোনৰ মেট মৰা ডাঙৰী ৷
আচৰিত যে
বলধ হালকো তেঁও মানুহৰ দৰেই ভাবিছিল ৷
মাতটোও আছিল তেঁওৰ কৰ্কশ আৰু হুতা ৷
তথাপি কথাবোৰ আছিল অনুভুতি ভৰা যেন একো একোটা কবিতা ৷
পথাৰৰ পৰা চহৰৰ বনিয়াৰ গোলাই আছিল তেঁওৰ ভূগোল ৷
আজু ককা, ককা দেউতাৰ কথাকে ভাবি লৈছিল বুৰ়ঞ্জী ৷
তেঁও কাহানিও বিদ্যালয় দেখা নাছিল
কিন্তু জানিছিল
মাথোন কলা আখৰ বগা কাগজতহে
মানুহ হোৱাৰ সপোন ৰচিব পাৰে ৷
চহাই মৈয়াই শাওনত সোনগুটি সিচাঁৰ দৰে ৷
সেয়ে নিজে হালৰ মুঠিত ধৰি
মোৰ হাতত গুজি দিচিল এডৰা সপোন ৷
সেই সপোন দেখা পিতাইৰ ওচৰত মই কৃতজ্ঞ
তেঁও আছিল মনিষি
জীৱনৰ সত্য শিকাব পৰা এজন প্ৰকৃত জ্ঞানী ৷
যদিও তেঁওৰ জ্ঞানক বছৰৰ শেষত শতাংশৰে জুখিব নোৱাৰি
তেঁও আছিল মোৰ জীৱনৰ প্ৰথমজন শিক্ষক
যাৰ ওচৰত নিজকে মোক এটা দশমিক যেনেই লাগে
এটা দশমিক আৰু পিছত বহুতো শূন্য ৷ ৷ ৷ ৷ ৷ ৷

যন্ত্ৰ মানবৰ সমাজত এটা মানব দেহৰ মৃত্যু হল .........(poem)

যন্ত্ৰ মানবৰ সমাজত এটা মানব দেহৰ মৃত্যু হল .........
কবিতা নহয় @দেবজিত শইকীয়া
মৃত্যুৰ অপেক্ষাত অতদিন জীয়াই থকা
এটা দেহৰ আজি মৃত্যু হল ৷
আচলতে কোনেও গমকে নাপালে
কেতিয়ানো মৃত্যু হল ৷
চকু মেলি চিৰ নিদ্ৰাত থকা দেহাটোৰ
চাগৈ কিমান আশা আশা হৈয়ে ৰ'ল ৷
হোমাগ্নীক সাক্ষী কৰি সাতো জীৱনলে একেলগে
থকাৰ প্ৰতিশ্ৰুতি দিয়া জনেও
দেহাটিত জীৱন থাকোতেই আতৰি গল ৷
যি সপোনৰ বাবে দেহাটিয়ে কষ্ট কৰিলে আজিবন
সেই সপোনেই পুৰনী ঘৰত পেলাই থৈ
লগৰীৰ সৈত্যে নিজে দালান সাজিব গল ৷
ৰুগ্ন শৰীৰ ভগ্ন হৃদয়ৰ অকলসৰে দেহাটি
বহু দিন নমৰাকৈয়ে জীয়াই আছিল ৷
পিছে আজি তেঁও নিজে দেহাটি এৰি থৈ গল ৷
চৌ দিশ নিমাও মাও
কৰবাত যদি কোনোবাই কান্দিছে দেখা নাপাও ৷
জীয়াই থাকোতে মাত এষাৰ দিব নোৱাৰা সকলৰ
আজি কি যে লৰা ধপৰা খবৰ লবলৈ ৷
শুনিছো আজি দেহাটিৰ বিষয়ে দুই এটা ভাল কথা
নাজানো সঁচা নে মিছা ৷
মাজে মাজে শুনিছো তিথি তিলানী আৰু মাহেকীয়াৰ কথা ৷
এজনে সুধি থৈ গল
মুখাগ্নী কোনে কৰিব ?
বিদেশত থকা ডাঙৰ লৰাটো জানো আহি পাব?
অজাতি অনা সৰুটোৱে জানো আমাৰ নিয়মত কাম লব?
যি দেখিছো দেহাটো আজি বাহী শ হব ৷
কাউৰী শিয়ালো নোহোৱা হল
যে পেলাই থৈ আহিলে কোনোবাই খাব ৷
আৰু সমাজ
সমাজ আজি বহুত ব্যস্ত ৷
নিজৰ বাবেই সময় নোলাই কোনে কাৰ খবৰ লয়
সময় বোৰ অবাবত অপচয় ৷
ইমান দিনে থিকেই আচিল ৷
দেহাটিৰ মৃত্যু হৈ হে যেন অসুবিধা হল ৷
দেহাটি চালো
যৌৱনৰ সেই গোলাপী দুগাল আজি ফুট চাই ৷
চালে চকুৰোৱা যেই চকুজুৰি
গাতত আজি মনিবকে নোৱাৰি ৷
যি দেহাৰ সৌন্দৰ্য্যতাৰ বাবে
এই সমাজে ঘুৰি ঘুৰি চাইছিল
ঈৰ্ষাত অথবা এৰাতিৰ বাবে পোৱাৰ আশাত ৷
আজি সহাৰি নাই সময নাই কাৰো বিদায়ি বেলাত ৷
সমাজক কিনো কম
গৰ্ভত জন্ম দিয়া কীট কেইটাও কুটি কুটি খালে জীৱন কালত৷
মৃত্যুত কি সতে বাৰু কান্দিব
দুগালে দুধাৰি চকুলো ওলাব ৷
বীমাৰ ধনৰ আশাত যদিও আহিব
সময়ৰ অভাব বুলি তিনি দিনতে সকলো অতাই আতৰি যাব ৷
আচলতে দেহাটিক মোৰ কব মন যাই ৷
চকু মেলাৰ পৰা মুদালৈ যি পালা
এটা সপোন বুলিয়েই পাহৰি যোৱা ৷
অকলেই আহিছিলা অকলেই যোৱাগৈ ৷
খালি হাতৰেই তোমাক বিদায় ৷
যন্ত্ৰ মানৱৰ সমাজৰ পৰা হে তেজ মঙহৰ মানুহ
তোমাক বিদায় ৷ ৷ ৷ ৷ ৷ ৷ ৷

নীলা চৰাই (poem)

নীলা চৰাই
@দেবজিত শইকীয়া
তুমিটো জানাই মই প্ৰেমিক চৰাই
লৈ যাম এদিন
তোমাক তোমাৰ পৰা উৰুৱাই ৷
থৈ দিম তোমাক ওৰেটো জীৱন
মোৰ বুকুৰ বৰ পেৰাত ভৰাই ৷
সপোনৰ পাখী মেলি দিলে তুমি
কল্পনাৰ আকাশত মোকেই দেখা পাবা ৷
অকলেই ৰৈ আছো
তুমি অহাৰ বাটত ৷
যদিও মই
বিষাদ বৰনীয়া
তোমাৰ বাবেই চিকুনাই থৈছো
মোৰ হৃদয়লে অহা বাট ৷
বাটত ৰৈ শুনিবা
কৰুন বিননিত যাৰ উচুপে দুৰৈৰ তৰাই
বুকুৰ এন্ধাৰৰে কলা হয় যাৰ প্ৰতিটো নিশাই ৷
দুখৰ পজাত
সুখৰ আশাত
ৰৈ আছে তোমালে এখন হৃদয়
সাঁচতিয়া মৰমৰে তোমালে এজন প্ৰেমিক চৰাই ৷ ৷ ৷

পোনা দা....( ইন্দ্ৰ বনিয়া দেৱে অভিনয় কৰ চলচিত্ৰ সমুহৰ নামেৰে তেঁখেতক একাজলী স্ৰদ্ধাঞ্জলী)

পোনা দা............
@দেবজিত শইকীয়া
( ইন্দ্ৰ বনিয়া দেৱে অভিনয় কৰ চলচিত্ৰ সমুহৰ নামেৰে তেঁখেতক
একাজলী স্ৰদ্ধাঞ্জলী)
পোনা দা
সিদিনা শুনিলো হঠাতে তোমাৰ হেনো বৰকৈ অসুখ ৷
ভাবিলো তোমাৰ দৰেই কোনোবাই কৌতুক কৰিছে ৷
ইমান হহুৱাই থকা মানুহটোৱে
জানো আমাক কন্দুৱাই ইমান সোনকালে যাবগৈ পাৰে?
পিছে বহাগৰ দুপৰীয়া বিহুৰ বতৰা লবলৈ তুমি নৰলা
চতৰ শুক্লা ষষ্ঠিৰ নিশা তুমি গলাগৈ ৷
নিদিয়াকৈ কাকো মইনাৰ মৃত্যুৰ সংবাদ ৷
হালধীয়া চৰাই
তুমি গলাগৈ ৷
মোৰ বুকুৰ বাও ধান খাই ৷
আজি তোমাৰ অগ্নিস্নান ৷
খোজ দিলা তুমি দেবতাৰ দেশত ৷
দেখিলা তুমি জীৱন নদীৰ দুটি পাৰ ৷
গলাগৈ তুমি নেদেখা নদীৰ সিপাৰে
আমাক কন্দুৱাই ৷
নাই আজি জাংফাই জোনাক ৷
এইয়াই জোনাক বিহীন জীৱন ৷
পোনা দা,
তুমি যি হে ফুচুৰি
উৰ্বশীক গৈ নকবা আকৌ যৌৱনে আমনি কৰে
মৰমী হবানে লগৰী ৷
পোনা দা,
তুমি হীনতাত
অসমীয়া কথাছবিৰ
সুৰুজ হেৰাল ধ্ৰুৱতৰা লুকাল
পাপৰি সৰিল
জেতুকীৰো আজি উত্তৰকাল ৷
হলধৰৰ হাল
মীমাংসা কৰিবলৈ
নাই আজি তুমি নাই ৷
কান্দিছে আজি মৎসগন্ধাই ৷
মৃত্যু হল অনাঁতাৰৰ
ঘিনাই সাতোলাৰ ৷
হহুৱাই কন্দুৱালা তুমি ৷
বৰকৈ মনত পৰিছে তোমালৈ
মন গৈছে শুনিবলৈ
আকৌ এবাৰ অনাতাৰত তোমাৰ অপৰুপা মাত
মন গৈছে চাবলৈ ৰুপালী পৰ্দাত ৷
পোনা দা
সুখী হোৱা মৃত্যুৰ সিপাৰেও ৷
পাহৰিব নোৱাৰা তোমাক কাহানীও৷
সেন্দুৰ, পূজা, শ্ৰীমতি মহিমাময়ী
আই কত নাই ধুনীয়া তিৰোতাবোৰ,
ৰঙা মদাৰত অভিনয়ৰে আমাক মোহিত কৰা
ইন্দ্ৰ বনিয়া দাই ৷
তোমাক অশ্ৰু অঞ্জলীৰে যাঁচিলো বিদায় ৷
মোৰ কবিতাৰ শব্দৰে তোমালৈ শেষ উপহাৰ

১০ মে মাতৃ দিৱস উপলক্ষে মোৰ মা

১০ মে মাতৃ দিৱস উপলক্ষে মোৰ মা
আৰু পৃথিৱীৰ প্ৰতি গৰাকী মাতৃলৈ উসৰ্গিত মোৰ শব্দৰ দুশাৰী ....
@দেৱজিত শইকীয়া
মই ভুমিষ্ঠ হোৱাৰ দিনা প্ৰথম বাৰলৈ লগ পাইছিলো পিতাইক
বহু বসন্ত পাৰ কৰি পত্নীক আৰু
জীৱনৰ দুকুৰি দহত মোৰ দুহিতাক ৷৷
কিন্তু মা,
তোমাক লগ পাইছিলো জন্ম নহওতেই
দহ মাহ দহ দিন আগতেই ৷
সিদিনাৰ পৰাই তোমাৰ মোৰ সম্বন্ধ ৷
মোৰ আগমনত সিদিনা তুমি বহুত সুখী হৈছিলা ৷
আৰু মই
তোমাৰ দেহত তোমাৰ আপ্যায়নত
লাহে লাহে বাঢ়ি আহিছিলো
যি অবয়ব আজি মোৰ পৰিচয়
সেই অবয়বৰ প্ৰথম আকাৰ পাইছিলো ৷
ভ্ৰণৰ পৰা ভুমিষ্ঠ হোৱালৈ
কেৱল তুমি আৰু মই
অনুভৱ কৰিছিলো
তোমাৰ মোৰ সম্বন্ধ
পৃথিৱীৰ সকলো সম্বন্ধই আৰম্ভ হয়
চকুৰে দেখা হোৱাৰে পৰা ৷
কিন্তু তোমাৰ মোৰ সম্বন্ধ
ইজনে সিজনক নেদেখাৰে পৰা ৷
অনুভৱী সম্বন্ধ ৷
সম্বন্ধ দেহৰ, স্পন্দনৰ, তেজ আৰু মঙহৰ ৷
মা,
তোমাৰ জড়ায়ুৰ পৰাই মোৰ জীৱন আৰম্ভ ৷
মোৰ বুকুৰ ধপধপনি তুমিয়েই প্ৰথম অনুভৱ কৰিছিলা ৷
অনুভৱ কৰিছিলা কিদৰে তোমাৰ দেহাৰ ৰস চুহি
জীয়াই আছিলো মই ৷
মা,
তুমি কমকৈ শুইছিলা
মই শুই যাও বুলি
কমকৈ খাইছিলা
উদৰত যাতে মই বাঢ়িব পাৰো মোৰ দেহাৰ জোখাৰে ৷
মই উজাই গলেই কষ্ট হৈছিল তোমাৰ
উশাহ লবলৈ ৷
তথাপি অনুভৱ কৰিছিলা তুমি সুখ ৷
মা,
সৰুৰে পৰাই মই দুষ্ট আছিলো
কষ্ট দিছিলো
দিছিলো তোমাক বেদনা
প্ৰসৱৰ ৷
তুমি নিৰবে সহিছিলা
সহনশিলা আই
কেনেকৈ বাৰু সহিছিলা তুমি
দেহা ফালি যেতিয়া মই ভুমিষ্ঠ হৈছিলো ৷
দুয়ো কান্দিছিলো
তুমি সুখত
আৰু মই ?
তোমাৰ দেহাৰ আশ্ৰয় হেৰুৱাৰ দুখত ৷
মা,
পৃথিৱীত ভৰি দি বুজিলো
তোমাৰ কোলাই মোৰ স্বৰ্গ ৷
তোমাৰ বুকুতেই অমৃত বই
যি চোহা মাৰি আহাৰ অবিহনে জীয়াই থাকিলো মই ৷
মা,
কিয় বাৰু মই ডাঙৰ হলো
হেৰুৱালো তোমাৰ কোলা
মোৰ মুখত তোমাৰ হাতৰ প্ৰতিটো গৰাহ
হেৰুৱালো হাত বুলাই মোৰ কপালত
তুমি গোৱা নিচুকনী প্ৰতিটো নিশা ৷
মা,
তুমি মোৰ ইশ্বৰ
মোৰ জীৱন দাতৃ জননী তুমি
বিছাৰো তোমাৰ চৰনৰ একাঁজলি ধুলি
কপালত মোৰ চিৰদিন ৷
বহু জনমৰ শত তীৰ্থ দৰ্শন কোটি পুণ্য ফলত
পালো তোমাক
কুশলে থাকা আই
দিবলৈ মোক আজিবন স্নেহাসিশ ৷ ৷ ৷

কবিতাজনি .....

কবিতাজনি .....
@দেবজিত শইকীয়া
আজি বহু দিন হল
তোমাক লগ নোপোৱা
কিবা চাগে বেয়া পালা
বৰ অভিমানী দেই তুমি
ইমান ওফোন্দ পাতা,
আহিবা আহিবা বুলি বাট চাও
ওৰেটো নিশা,
দিনতো থও
মনৰ দুৱাৰ খুলি ৷
কিজানিবা ভুমুকি মাৰাহি
এসোঁপা বিষাদ অথবা
এমোকোৰা হাঁহি মাৰি
খেলিবলৈ দুয়ো মিলি
অনুভুতি ভৰা শব্দৰে
আবেগৰ সৃষ্টিৰ মেলা
আহো বুলিও নাহা
ৰৈ থাকো মই জানা ৷
আজি দেখোন
নমতাকৈয়ে আহিলা ৷
কিবা লাগে হবলা
দিম দিয়া আজি
তোমাৰ নামত এনিশা
গুপুতে মৰম সনা ৷
তুমি আৰু মই
আৰু মৰমে ধুৱাই নিয়া
ওৰেটো নিশা
হৃদয়ৰ উত্তাপ
শব্দ বৰ্ণ ভাষাৰে
কলমেদি নিগৰি অহা ........

প্লিজ.........

প্লিজ.........
@দেবজিত শইকীয়া
প্লিজ
তুমি মোৰ ফালে মিঠা হাঁহি মাৰি নাচাবা
পাৰিলে দুচকু আতৰাই ৰাখিবা ৷
মা কচম কৈছো
দুচকু আতৰাব মন নাযাই জানা ৷
প্ৰেমত পৰি গলে কিন্তু
মোক দোষ নিদিবা ৷
এনেই বলীযা তোমাৰ বাবে
প্লিজ,
পগলা নকৰিবা মোক ৷
নহলে মই পাহৰি যাম
মই কোন
তুমি কোন
আৰু লৈ আনিম তোমাক
তোমাৰ পৰা
মোলৈ ৷
জীৱনলে বুলি ৷
প্লিজ
তেতিয়া কিন্তু নাহো বুলি নকবা ৷
নহলে গোটেই দুনীয়া খনকে খুন কৰি দিম
আদম ইভৰ দৰে
বিন্দাচ
আকৌ প্ৰেমৰে সৃষ্টিৰ পাতনি মেলিম
আৰম্ভনীৰ পৰা ৷
সেয়েহে আতৰাই ৰাখিবা
তোমাৰ দুচকু মোৰ দুচকুৰ পৰা ৷
মিঠা হাঁহি মাৰি
মোৰ পৰীক্ষা নলবা ৷
নহলে কিন্তু কৈ থলো
মা কচম
ভালপাই
লৈ আনিম কেতিয়াবা.....

কাজিৰঙাৰ পথৰ কাষৰ আজাৰ খিনি ......

কাজিৰঙাৰ পথৰ কাষৰ আজাৰ খিনি ......
@দেবজিৎ শইকীয়া
আজাৰক দেখি নকৰো বেজাৰ
বুজো আজাৰৰ দুখ ৷
বিষাদ বৰনীয়া ফুল টোৰ
শুৱাব নোৱাৰ কাৰো মনৰ ফুলনী
মালিনীয়ে নুবুটলে তোক ৷
বেঙেনা বুলিয়া ৰং তোৰ হতাশাৰ ৷
সুৱাস নোহোৱা ফুল ৷
এলাগী হৈয়ে পৰি ৰ তই
অবহেলিত
অপেক্ষাৰত
কোনেনো বুজিব তোক ৷
বহাগৰ শেষত
জেঠৰ তপত
ৰদত ফুলা ফুল তই
পথৰ দাঁতিতেই ফুলি ৰ,
আদৰ নিবিচাৰিবি তই ৷
যদিও তোক দেখি পৰে চকু জুৰ
তথাপি সাবটি নলয় তোক ৷
তোক দেখি নজ্বলে কাৰো হৃদয়ত চাকি
নুঠে প্ৰনয়ৰ জোৱাৰ ৷
তোৰে মোৰে মনৰ একেই অসুখ
একেই বুকুৰ দুখ ৷
সেযেহে এজাৰ
নকৰিবি বেজাৰ
দুখৰ মাজতো হাঁহি মুখে ফুলি থাক
মৰহি নাযাবি
শুকাই যাব নিদিবি
জীৱনৰ ৰং বোৰ ৷
আশা, হতাশা
পোৱা নোপোৱাৰ মাজতো
নিজেকে নিজেই সুখী কৰি ৰাখ ৷

জীৱন.........মোৰ দৃষ্টিত বিজ্ঞান আৰু কবিতাৰ মিলন

জীৱন.........মোৰ দৃষ্টিত বিজ্ঞান আৰু কবিতাৰ মিলন
@দেৱজিৎ শইকীয়া
ৰসায়নিক মৌলৰ দ্বাৰা গঠিত পৃথিৱী খন
পদাৰ্থবিজ্ঞানৰ সুত্ৰৰ দ্বাৰা পৰিচালিত,
গনিতৰ নিয়ম অনুসৰি চালিত হয় জীৱন ৷
যোগ বিয়োগ পুৰন হৰন ৷
পৰিসংখ্যাৰ দ্বাৰা নিৰ্ধাৰিত হয়
সুখ অথবা দুখ ৷
আমি বোৰো মৌলৰ দ্বৰেই
প্ৰতি জনেই অকলসৰীয়া
নিদিষ্ট চৰিত্ৰ বিশিষ্ট
তথাপি পৰ্যায় অথবা গোটত কম বেছি একে ধৰ্ম ৷
ইজনে সিজনৰ লগত বান্ধ খাও
সহযোজী অথবা আয়নিক বান্ধনীৰ দ্বাৰা ৷
ইলেক্ট্ৰন দি অথবা লৈ সুষ্ঠিৰ হবলৈ ৷
দিয়া নিয়া ভাগবতৰা মৌলৰেই ধৰ্ম
আমিও মৌলৰেই গঠিত
মিল নহব কিয়?
জীৱনৰ গতি নিউটনৰ সুত্ৰ দৰেই
তাপগতি বিজ্ঞানৰ
বা গিবছ ৰ মুক্ত শক্তিৰ দ্বৰেই
এটা তন্ত্ৰত কাৰ্যৰত ৷
জীৱন মাথোন শক্তিৰ প্ৰকাশ৷
দেহত শক্তি থকালৈকে জীৱন ৷
শক্তিৰ উৎসও মৌল ৷
দেহত নিসৰিত হয়
জৈৱ ৰসায়নিক পদাৰ্থ হৰমন
যিয়ে নিৰ্ণয় কৰে আমাৰ স্বভাৱ লক্ষন অথবা গঠন ৷
চৰিত্ৰ পৰিবাহিত কৰা ক্ৰমজমো
জৈৱ ৰসায়নিক মৌলৰেই গঠিত ৷
প্ৰেম ভালপোৱা
ইয়াতো হৰমন ৷
আবেগ অনুভুতি উদ্দিপনা
মগজুত ক্ৰিয়া কৰা আয়নিক পৰিঘটনা ৷
হৃদয় বা হৃদপিন্ড ৰক্ত সঞ্চালনৰ পাম্প
কেনেকৈ প্ৰেমৰ উৎস হব পাৰে,
মগজুৰ পিটুইটেৰি গ্ৰন্থি যদি সক্ৰিয় নাথাকে ৷
প্ৰেম প্ৰণয় মৰম ভালপোৱা ভাল লগা
মিছা কথা
মৌলৰ দ্বাৰা গঠিত শৰীৰৰ
হৰমনে সৃষ্টি কৰা মাথো ই এক পৰিঘটনা ৷
আবেগ অনুভুতি
মগজুৰ নিউৰনৰ বৈদ্যুতিক পৰিঘটনা ৷
জন্মৰ ৰহস্যও লুকাই থাকে মৌলত
শুক্ৰানু অথবা ডিম্বানুত ৷
দেহৰ ৰসায়নিক পদাৰ্থই
কিছু ভৌতিক তথা গানিতিক নিয়ম মানি
বিপাকীয় ক্ৰিয়া চলি থকা মানেই
জীয়াই থকা
জীয়াই থকা লৈকেই জীৱন থকা ৷
মৃত্যুৰ পাছতো মৌলবোৰ জীয়াই থাকে ৷
মৃতদেহৰ পৰা ওলাই গৈ
আকৌ এটা দেহা গঠন কৰে বা
জীবিত দেহক পোষন কৰে ৷
গতিকে সাবধান ৷
মোৰ মৃত্যুৰ পিছত, মোৰ দেহৰ মৌল
তোমাৰ আহাৰৰ দ্বাৰা দেহক পুষ্টি দি
শুক্ৰানু বা ডিম্বানুৰ যোগেদি
মোৰেই অংশ সৃষ্টি কৰিব পাৰে ৷
এই জীৱনত যি মৌলৰে দেহা গঠন কৰিছা
এই পৃথিৱীতে এৰি যাবা ৷
তোমাৰ মোৰ বুলিবলে একো নাই
মাথো মৌলৰে গঠিত পৃথিৱীৰ
তুমি মই একো একোটা মৌলিক সংখ্যা ৷
জীৱন মৃত্যু এক ধনাত্মক পৰিঘটনা ৷

পৰিতক্ত বিন্ডি বোৰ.........

পৰিতক্ত বিন্ডি বোৰ.........
তুমি দেখাত শুৱনী হবলৈ কপালত বিন্ডি লোৱা
নে গৌৰৱত
নে কাৰোবাৰ নামত
মই নাজানো ৷
কিন্তু,
টইলেটৰ দুৱাৰত ,
টাইলচত
গড্ৰেজৰ অথবা হোটেলৰ আৰ্চি খনত
লগাই থোৱা গৰাকীবিহিন বিন্ডিটো দেখি ভাৱ হয়
বিন্ডি অথবা বিন্ডিৰ গৰাকী তোমাৰ কিমান আদৰৰ ৷
এঠা কমি গলেও
পেলাব নোৱাৰা
উকা কপালৰ বাবেই সি প্ৰয়োজন নে মাথোন পৰম্পৰা ৷
সঁচা কবলে গলে মোৰ পৰম্পৰা ভাল নালাগে ৷
যদিহে তাত যুক্তি নাথাকে ৷
কপালৰ আয়ুস কি দৰে বঢ়া টুটা হব ৷
বিন্ডি ললেই কি পুৰুষ জাতিটো অমৰ হব?
পৃথিৱীৰ এক চতুৰ্থাংশ নাৰীৰ কপাল উকাই থাকে ৷
সেই নাৰীৰ পুৰুষজনৰ কি আয়ুস নাথাকে?
এদিন জোন নোলোৱালৈকে লঘোন দিলে যদি
আয়ুস বাঢ়ে
হস্পিতালৰ দুৱাৰে দুৱাৰে কিয় যাব লাগে?
গড় আয়ুসত ভাৰতীয় পুৰুষেই কম বছৰ জীয়াই থাকে ৷
হয়তো টইলেটৰ টাইলচৰ বিন্ডিটোৱো
তাৰ এটা কাৰন হব পাৰে ৷
বিবাহিত বুলি যদি বিন্ডি পৰিচয় হব পাৰে
তেনেহলে বাৰু পুৰুষৰ পৰিচয় দিয়াৰ কিয়
কোনো কাৰন নাথাকে ৷
সেয়েহে কও
মোৰ নামৰ বিন্ডি নলগাবা
এনেই যদি নিজকে শুৱনী কৰিব লগাইছা লগোৱা
কিন্তু
প্লিজ
পুৱাই উথি
মোক কপালৰ পৰা এৰুৱাই
টইলেটৰ বেৰত উলমাই নথবা ৷

তিতা সত্য ........

তিতা সত্য ........
দিন জোৰা পৰিশ্ৰমৰ অন্তত
ভাগৰুৱা উভতো
বিশ্ৰামৰ বাবেই ঘৰখন নে
আৰু কিবা বিছাৰো ?
পৰিশ্ৰমৰ মুল্য কি
মাহৰ শেষৰ কেইটামান টকা নে
উপাৰ্জনৰ বাবেই বিসৰ্জন দিছো দেহা ৷
আজিলৈ নুবুজিলো
কৰ্মৰ বাবেই জীয়াই আছো নে
জীয়াই থাকিবলৈকে কৰ্ম কৰি আছো ৷
সৰুতে সকলোৱেই সুধিছিল
ডাঙৰ হৈ কি কৰিবা
উত্তৰ ডাঙৰহৈ বিচাৰি পালো
আকৌ শিশু হব বিচাৰো ৷
দেউতাৰ ধনেই ভাল আচিল
সকলো সপোন সেই টকাৰে কিনিব পাইছিল ৷
নিজৰ ঘটনৰে টো মাথো প্ৰযোজন পুৰ হয় ৷
ভৰি থকা জেপৰে মানুহ চিনিলো ৷
খালি পকেটৰে থাকি আপোন কোন বুজিলো ৷
এই পৃথিৱীত ইচ্চা নাথাকিলেও হাহিব লাগে
কেনে আছা সুধিলে
মিছাকৈয়ে ভালে আছো বুলি কব লাগে ৷
জীৱনৰ নাট ঘৰ এই খন
সকলোৱেই এজন অভিনেতা হব লাগে ৷
ইয়াত জ্বলাবলৈ চলাই নালাগে,
ইৰ্শাৰে ইযাত মানুহ জ্বলে ৷
মন্দিৰত গৈ শিকিলো
শিলৰ মুৰ্তিক মনাবলৈ ইয়াত ফুলৰ বলি দিয়া হয় ৷
দোষ নিবাৰন কৰিব গৈ
আৰু এটা দোষ কৰি অহা হয় ৷
বিজ্ঞানীয়ে মংগল গ্ৰহত জীৱন আচেনে পৰীক্ষা কৰিছে
কিন্তু জীৱনত মংগল আচেনে কোনোৱেই নাজানে
নিদ্ৰা আৰু মৃত্যুৰ মাজত কি পাৰ্থক্য আচে
কবিয়ে কি সুন্দৰ কৈছে
নিদ্ৰা আধা মৃত্যু
আৰু মৃত্যু
পুৰ্ণ নিদ্ৰা ৷
জীৱনটো নিজৰ মতেই চলি থাকে
আনৰ সহায়তটো মৃতদেহ উঠে ৷
পুৱা হয় সন্ধ্যা হয়, দিন বোৰ গৈ থাকে ৷
নিজে কান্দি আনক হহুৱা হয় ৷
হাহিৰে চকুলো ধাকি জীয়াই থকা হয় ৷
কি আচৰিত প্ৰকৃতিৰ নিয়ম
জীয়া মানুহ পানীত ডুবে
মৃতদেহ পানীত উপঙে ৷
কি আচৰিত জীৱন
প্ৰতিদিনেই জীৱনৰ যাত্ৰা কিন্তু
যাত্ৰা কলৈ কোনেও নাজানে ৷

(ৱাটচ আপৰ এটা কথা কবিতাৰ আলমত )

প্ৰিয়ম্বদা ..(স্বৰ্গীয় প্ৰিয়ম্বদা পেটেল হাজৰিকাৰ নামত উসৰ্গিত মোৰ শব্দৰ দুশাৰী)

প্ৰিয়ম্বদা
@দেৱজিৎ শইকীয়া
অটোৱাৰ পৰা মিছিছিপি হৈ লুইতলে বৈ অহা
উৰণীয়া মৌৰ সুৰ্য্যমুখী ফুলপাহ প্ৰিযম্বদা ৷
প্ৰাপ্তি আৰু অতৃপ্তীৰ মাজত ডুলি ৰলা ৷
তোমাৰ মনৰ বিশালতাত
ডুৱি গৈচিল কাহানিবা
গীতে মাতে তোমাক বলিয়া কৰা
যাযাবৰ এজন চফল ডেকা
সকলো এৰি গুছি আহিলা
এটা সুৰৰ পিচে পিচে ৷
পিচে কি পালা
নিজকে বিলাই দি
প্ৰতাৰনা নে পুৰ্নতা?
পিচে তুমি নিজকে তেনেদৰে নাভাবা ৷
নিসংগতাৰ মাজতো
ভালপোৱা জীয়াই ৰাখিলা ৷
তোমাৰ আচলত যদিও
প্ৰিয়জনে দিছিল বাকি
তুমি নিবিচৰা ভাগবতৰা
নাচিল কোনো অনুকম্পা ৷
এটা কৰুণ সুৰ
গুনগুনাই কটালা সাবটি নিসংগতা ৷
তথাপি প্ৰিয়ম্বদা তুমি স্বাধিনতা ৷
মুক্ত আকাশৰ তলতো অকলেই
ধমনীৰ তেজক বুকুত বান্ধি
দুখৰ সাত সাগৰ তেৰ নদী সাঁতুৰিলা ৷
মই যেতিয়া এই জীৱনৰ মায়া এৰি গুছি যাম বুলি ঠেহ ধৰা
আপোনজনৰ চিতাৰ কাষত
এটুপি চকুলোৰে যাচিলা মৰমৰ দাম ৷
এতিয়া বুজিছো
মই আৰু মোৰ ছাঁ
কিয় দুয়ো অকলসৰীয়া ৷
দুৰে দুৰে থাকিও দুয়ো দুয়োৰে লগৰীয়া
প্ৰিয়ম্বদা
তুমি উচ্চ
আনে চুব নোৱাৰা ৷
তুমি বৈধ্য
প্ৰিয়জনৰ নামৰ সৈতে চিৰদিন জীয়াই থাকা ৷

(স্বৰ্গীয় প্ৰিয়ম্বদা পেটেল হাজৰিকাৰ নামত উসৰ্গিত মোৰ শব্দৰ দুশাৰী)

আজিৰ দিনটো

প্ৰতিদিনেই মোৰ জন্ম
প্ৰতি নিশাই মৃত্যু হয় মোৰ ৷
পুৱা মোৰ ল'ৰালী
আদহীয়া আবেলী ৷
জীৱনৰ দৌৰাদৌৰিত
কত হেৰাই যৌৱন ধৰিবকে নোৱাৰি ৷
প্ৰতি দিনেই এক নতুন জীৱন
আজিৰ দিনটো
নতুন জীৱনটো
নতুন আশা
নতুন উদ্দিপনাৰে উপভোগ কৰো ৷
কোনে জানে অহাকালি
সাৰ নাপাওৱেই বা কিজানি?

আজিৰ দিনটো
নতুন জীৱনটো সুন্দৰ হওক তাৰেই কামনাৰে কবিতাৰ দুশাৰী ....

সপোন

সপোন
@দেবজিৎ শইকীয়া
সপোন দেখা মানুহৰ মগজুত
গোপনে সুপ্ত হৈ থাকে এটা বিশেষ সপোন ৷
কাৰোবাৰ পুৰণ
কাৰোবাৰ হৰণ
সপোনৰ ভাগফল
জীৱনৰ ভাগশেষ
দুয়ে দুয়ে পাচ অথবা শুন্য ৷
তথাপিও সপোন দেখে
সপোনৰ পিচত দৌৰে
খালি চকুৰ সপোন
অথবা উজাগৰী নিশাৰ সপোন ৷
মৃত্যুশয্যাত জীয়াই থকাই সপোন
ফুলসয্যাৰ সপোন
যি জীৱনতকৈও আপোন ৷
সপোন এক উৎসাহ এক প্ৰেৰণা
সপোন আৰু বাস্তবৰ মাজৰ দুৰত্ব মাথো দুখোজৰ ৷
দৃঢতাৰে এখোজ
আত্মবিস্বাসৰ আনখোজ দুৰৈত থাকে
মনে বিছৰা সপোন ৷
এটা কথাই সপোনক অসম্ভৱ কৰি তুলে .....
হাৰি যোৱাৰ ভয় .....
উজাগৰি নিশা সপোন দেখা জনেহে
দোকমোকালিত প্ৰথম সুৰ্য্যোদয় দেখা পাই ৷
সেযেহে মই সপোন দেখাজনক ভালপাও
সপোন যদি নাথাকে দিঠকৰ মুল্যই বা কি
সপোন নেদেখাজন মোৰ বাবে মৃত
জীৱন আছে বাবেহে জীয়াই আছে
প্ৰকৃততে তেঁওৰ কাহানিবাই মৃত্যু হৈছে
মোৰ মতে তেঁও বঠাহীন নাও .....
ডেউকা ভঙা পক্ষী .......
সাঁতুৰি পাবলৈ সিপাৰ
উৰিবলৈ বিশাল আকাশ .......

জীমনিৰ দেউতাকলৈ লিখা চিঠি খন .......

জীমনিৰ দেউতাকলৈ লিখা চিঠি খন .......
@দেৱজিৎ শইকীয়া
মৰমৰ দেউতা
মৰম লবা
আশাকৰো কুশলে আছা
মোৰ নো কি কম?
মাৰ ভালেই,
মাজে মাজে বিষটো উজাই আহে
পিছে আচলৰে চকুলো মুচি
আমাক দেখুৱাই ঠিকে আছো বুলি হাহিটো মাৰে ৷
দাদা বৌ ভনী জনিৰো ভালেই
দাদা আজি কালি বৌৰ লগত চহৰত থাকে
হওক, চহৰতোটো নিজৰ বুলিবলে এখন ঘৰ লাগে ৷
গোহালিটো ভাঙি পেলালো
তুমি যোৱাৰে পৰা গৰুবোৰো নাইকীয়া হল৷
আধিৰ ধানৰ কথা কিনো কম
পথাৰত পানী নাই পানীয়ে মাৰিলে বুলি
দুমোনত এমোন দিয়ে
তেনেকৈয়ে চলি আছে ৷
দেউতা ,
চৰকাৰী পইচাখিনি পালো
নতুনকৈ টিনপাত লগালো
আৰু দাদাকো চহৰত ঘৰ সাজিবলে অলপ দিলো ৷
জীৱন বীমাত পইচাৰ সলনী তোমাৰ জীৱনটো পোৱা হয়
সুখী হলো হয় কিজানি ৷
ভনীয়ে মাজে মাজে তোমাৰ ফটো খন চাই কান্দে
সৰু যে , নুবুজে
আবেলি স্কুলৰ পৰা আহি
চাইকেলখন থৈ সৰুমা বুলি মাতষাৰ দিবা বুলি
আশাৰে বাট চাই থাকে ৷
অ দেউতা ,
বৰ মন যাই অ
এবাৰ মাতিবলৈ
সেই দিনটো আজিও মনত পৰিলে
অকলে আনেনেদেকাকৈ হিয়া ধুকি কান্দো
বিহুৰ বজাৰ কৰিম বুলি ওলাই যে গলা
আৰু ঘুৰি নাহিলা ৷
নিয়তি যে ৰৈ আছিল তোমাৰ বাবে গমকে নাপালা
অকালতে এৰি গলা
অকলসৰীয়া আজি
তোমাৰ জী মনি তোমাৰ কলিজা
নিষ্ঠুৰ নিয়তিয়ে তোমাক
আমাৰ পৰা কাঢ়ি নিয়াৰে পৰা ৷
মোৰ সীৰা উপসীৰাই দি বৈ আছা তুমি
তথাপি মই অকলসৰীয়া
তোমাৰ মৰমৰ মাতষাৰ
মৰমবোৰ বোৰ হেৰুৱালো
মোৰ বিয়াৰ বাবে তুমি কৰা যোগাৰ খিনিতকৈ
তুমিহে বেছি প্ৰয়োজন আচিলা ৷
বৌ গাত আছে,
তুমিয়েই আহিবা বুলি
আইয়ে আশা কৰি আছে
আহিবানে?
অ , আৰু এটা কথা
তোমাক আলিবাটত খুন্দীয়াই যোৱা কলেজিয়া লৰাটোক
দেউতাকে বোলে আকৌ এখন নতুন মটৰচাইকেল কিনি দিলে
ভগৱানক কবাচোন
তাকো যাতে কোনোবাই মহতিয়াই নিয়ে ৷
নালাগে দিয়া
ঘৰৰ মানুহে কষ্ট পাব ৷
আজিলৈ আহো
তুমিটো জানাই
তোমালৈ মনত পৰিলেই
কথা পাতিবলৈ মন গলেই চিঠি এখন লিখো
দিব হে নোৱাৰো
মৃত্যুৰ সীপাৰৰ ঠিকনাটো যে নাজানো

ভালপোৱাৰ কবিতা

ভালপোৱাৰ কবিতা
@দেৱজিৎ শইকীয়া
মোৰ
বুকুত গুজি দিলা
এটা ভালপোৱাৰ কবিতা ৷
দেহৰ সিৰাই সিৰাই এতিয়া
মৌনতাৰ ভাললগা শব্দ ৷
তেজে তেজে মাথো প্ৰণয়ৰ অৰ্থ ৷
এতিয়াটো মই তোমাৰ প্ৰেমত শৰবিদ্ধ ৷
চতফটাই ফুৰিছো বিছাৰি
তোমাক ৷
জীয়াই থাকিবলৈ লাগে মাথো
আজিবন জ্বলি থকা
প্ৰনয়ৰ চাকি গঁচি,
তোমাৰ মৰম
আৰু এবুকু ভালপোৱা ৷
আবৰন খুলি হৃদয় জুৰাবা যিদিনা
মোৰ দুচকুৰ নিলাজ চাৱনীত
সৰি পৰিব চাবা তোমাৰ লাজৰ ওৰনী
সাবটি লব মোৰ বুকুৱে
তোমাৰ বুকুৰ ধপধপনী ৷
তেজ ৰঙা সপোনৰ পম খেদি
উৰি যাম সিদিনা
তোমাৰ আকাশলে ৷
নিজকে বিলাই দি তোমাক পাবলে .......

ফেচবুকত কবিতা লিখা ছোৱালীজনি .....(poem)

ফেচবুকত কবিতা লিখা ছোৱালীজনি .....
@দেৱজিৎ শইকীয়া
ফেচবুকত কবিতা লিখা ছোৱালীজনি ...........
তুমি বাৰু হৃদয়ত কিয় আউল লগোৱা মোৰ
মনৰ আশাবোৰ আবেগৰ ভাষাৰে লিখি লিখি ৷
কবিতাৰ শব্দৰে সুগন্ধী নিবিলাবা চোন
মন যাই জানা
জীৱনৰ ভাগৰ মাৰিবলৈ
তোমাৰ কবিতা শুনি ৷
নিশব্দ শব্দই মোৰ মনক জোকাৰি যাই
কৈ যাই আনে নুবুজা তোমাৰ মনৰ কথা ৷
কিয় বাৰু তুমি অভিমানী
ভাল পাও বুলি জানিও
সুধি থাকা
ভাল পাঁওনে বুলি ৷
ফেচবুকত কবিতা লিখা ছোৱালী জনি..........
ৰবা কৈ দিম কেতিয়াবা চিধা চিধি
তোমাক ভাল পাও বুলি ৷
তোমাৰ কবিতাৰ তুমিজন কোন
কবানে আজি
কৈ দিয়ানা
ময়েই সেইজন বুলি ৷
লাজ লাগে ন ?
প্ৰেমৰ কথাযে ভালপোৱা জনৰ বাদে আনক কব নোৱাৰি ৷
কিন্তু কবিতাৰে?
নিশব্দ শব্দৰেই বুজাব পাৰি ৷
মৌনতাৰো এটা নিজা ভাষা আছে
ভালপোৱা জনে নোকোৱাকৈয়ে বুজে
ফেচবুকত কবিতা লিখা ছোৱালী জনি ...........
তোমাৰ কবিতাৰ তুমিজন হব নোৱাৰিলেও
পাঠক কিন্তু মই সদায় হৈ থাকিম
পুৰনা ডায়েৰিৰ পাতত
ভাল লগা কবিতাবোৰ সদায় টুকি ৰাখিম ৷
যদি পাৰো
এটা জীৱন্ত কবিতা লিখিম তোমাৰ বাবে ৷
কাঠৰোকা চৰাইৰ দৰে খুটি
তোমাৰ হৃদয়ত
বাঁহ সাজিম ৷
ফেচবুকত কবিতা লিখা ছোৱালীজনি ........
মোৰ কলিজালে কবিতাৰে বাট পোনালে
মাথো শিৰোনামত তিনিটা ডট দিবা
মোৰ বাবেই সেই কবিতাটো বুলি
তেতিয়াহে বুজিম.......

অপেক্ষা (poem)

অপেক্ষা ..........
@দেৱজিৎ শইকীয়া
এইয়াটো জোনাক চোৱাৰ বতৰ নহয়
খিড়িকি মেলি
বুকুত তোমাক সাবটি ৷
আৰু কিছু বেলি
সাবটি ৰাখিব পৰা হয় তোমাক
মোৰ দেহাৰে ঢাকি
সুখি হলো হয় কিজানি ৷
পুৱাৰ বেলিত
হালি জালি তোমাৰ আচল
গামোচাৰে চুলি বান্ধি
কাষলৈ অহা হয়
আকৌ এবাৰ
আকৌ এবাৰ
সাবটি চুমা দিলো হয় কিজানি ৷
এতিয়াটো আউসীৰ এন্ধাৰ
উজাগৰি নিশা মাথো মৌনতা
তুমি নাই .....
জোনাকো নাই ৷
বাহুত মুৰ থৈ
কিবা এটা কোৱাচোন বুলি কবলৈ
মোৰ জোন জোনাক তুমি নাই......
খেপিয়াই ফুৰিছো মাথো
তোমাক বিছাৰি
মনৰ খিড়িকি খুলি
তোমাৰ দেহাৰ সুবাস বিছাৰি
তুমি নাই ৷
আকাশ শুলে
জোনটিও শুলে
মই মাথো ৰৈ থাকিলো
তোমাৰ বাবে
বুকুৰ মাজত তোমাক লৈ
আকৌ এটা ৰাতি
উজাগৰে শুবলে ......

মৰহা মৰম (poem)

মৰহা মৰম.....
তোমাৰ বুকুত গজা
মোৰ নামৰ গোলাপী ভালপোৱা জোপা
চিৰসেউজীয়া হৈ থকা হয়
আজি নিলিখিলো হয় দুখৰ লঠঙা কবিতা .......
নিশাৰ জোনটি চাই ভাবো
জোনৰ দৰেই তুমি, তোমাৰ ভালপোৱা
কাষ চাপি আহিছিলা পুৰ্ণিমাৰ দৰে
মিছা পোহৰত
মোৰ দেহৰ প্ৰতি বিন্দুত ঢৌ তুলিবলে
আতৰি গৈ যাচিলা অমানিশা
শেলুৱা এন্ধাৰত
মোৰ মন সাগৰত
আনিবলে হতাশাৰ জোৱাৰ ভাটা .....
পুৰ্ণতা আৰু শুন্যতাৰ মাজত
জ্বলি জ্বলি মাথো শেষ হয়
মোৰ অন্তহীন আশা ৷
কিমান বেদনা বুকুত জমা হলে
নেদেখা বিষৰ বন্যাত নুবুজা চকুলো বয়
অবুজন মনত ধুমুহা হৈ
নিসংগতাই সাবটি লয়
তুমি জানো জানা
জনা হলে ৰদ বৰষুণতো ফুলিল হেতেন
হেপাহৰ খৰিকাজাই তোমাৰ বুকুত
মোৰ জীৱনত আজিবন সুৱাস বিলাবলে

সেউজীয়াৰ অপেক্ষাত (poem)

সেউজীয়াৰ অপেক্ষাত
@Debajit Saikia
এদিন সেউজীয়া বিছাৰি
এখন অৰন্যত প্ৰবেশ কৰিছিলো
আৰু হেৰুৱাই পেলাইছিলো নিজকে
সেউজীয়াৰ আঁৰত ...........
পিছে সেই অৰন্যত
জুৰাবলে মোৰ বাবে ছাঁ নাচিল
আছিল মাথোন
এটা এন্ধাৰত হেৰাই যোৱা বাট
মই খোজ দিবলৈ .......
শীতৰ শেষৰ পৰা
গ্ৰীষ্মৰ প্ৰখৰ ৰদলৈ
মাথো আগুৱাই গলো ......
সেই অপেক্ষাৰ শেষত বসন্ত নাচিল
আছিল মাথো উশাহ আৰু জীৱনৰ বিচ্ছেদৰ একুৰা জুই
চেঁচা পৰা মৰমে লঠঙা কৰিলে বুকু
ধুমুহাত ভাঙিল সপোন
কাঁইটিয়া বননিত বাগৰি এতিয়া
অপেক্ষা মাথো অন্তিন ক্ষন.
আশাৰ কলি নুফুলি শুকাল
জোনাকো নজ্বলি নুমাল
তথাপি বাট চাম
সেউজীয়া তোমালে
আবেগৰ এপাহি ৰজনিগন্ধা বিছাৰি তোমাৰ পৰা
মোৰ বুকুত গুজি দিবানে
যৌৱনৰ এই বিয়লি বেলা
এবাৰ হলেও
মনত সানিবলে সেউজীয়াৰ বোল?
যদি নোৱাৰা
তোমাৰ হৃদয়ৰ সঠিক ঠিকনাটোকে দিবা
লিখি থৈ যাবলৈ
তোমাৰ নামত
মোৰ জীৱনে তোমালে বুলি
অতদিনে সাচি ৰখা
অনুৰাগ অভিমান অনুভুতি মৰম ভালপোৱাবোৰ
জাৰজ সপোনবোৰে মোৰ কান্দিলে
তুমি নাহাহিবা ৷
মৃত্যুমুখী ইচ্চাক
শেষ বাৰলৈ দুৰনিত ৰৈ হলেও এবাৰ চাবলৈ আহিবা
হুমুনিয়া বোৰে কোৱা কথাবোৰ যদি পাৰা শুনিবা
সেউজীয়া বিছাৰি বলিয়া হোৱা
জীৱনটোৰ পৰা আতৰি গলেও
যোৱাৰ পৰত
এবাৰ সাবটি
মোৰ হৃদয়খন ঘুৰাই দি যাবা ৷

হুমুনিয়া (poem)

হুমুনিয়া ......
@Debajit Saikia
এদিন সেউজীয়া বিছাৰি
এখন অৰন্যত প্ৰবেশ কৰিছিলো
আৰু হেৰুৱাই পেলাইছিলো নিজকে
সেউজীয়াৰ আঁৰত
পিছে সেই অৰণ্যত মোৰ বাবে ছাঁ নাছিল
আছিল এন্ধাৰত হেৰাইযোৱা এটা বাট
উভতি আহিব নোৱাৰা
শীতৰ শেষৰ পৰা গ্ৰীষ্মৰ প্ৰখৰ ৰদলৈকে
মাথো আগুৱাই গলো
পিছে বসন্তৰ সেউজীয়া খুজিও নাপালো ৷
চেঁচা পৰা মৰমে লঠঙা কৰিলে বুকু
দুচকুত মাথো ধুসৰতা
কাঁইটিয়া বননিত বাগৰি
সাবটি ললো শূন্যতা
আশাৰ কলিটি নুফুলি শুকাল
জোনাকো নজলি নুমাল
তথাপি বাট চাই ৰলো সেউজীয়া তোমালে
দিবাহিনে আবেগৰ এপাহ ফুল
দেহে মনে সানিবলে সেউজীয়া বোল
যৌৱনৰ বিদায় পৰত ৷
সপোনৰ মৃত্যুৰ আগত
তোমাৰ হৃদয়ৰ সঠিক ঠিকনাটো দিবা
লিখি থৈ যাবলৈ
অত দিনে সাচি ৰখা
মোৰ মৰম আবেগ অনুৰাগ ভালপোৱাবোৰ
তোমাৰ নামত ৷
জাৰজ সপোনবোৰে কান্দিলেও কান্দক
কেৱল মোৰ
মৃত্যুমুখী ইচ্চাক
শেষ বাৰলৈ চাবলৈ আহিবা
হুমুনিয়া বোৰে কোৱা কথাবোৰ শুনিবা
সেউজীয়া বিছাৰি বলিয়া হোৱা
জীৱনটোৰ পৰা আতৰি গলেও
যোৱাৰ পৰত
মোৰ হৃদয়খন ঘুৰাই দি যাবা ৷

তেজে ধোৱা কবিতা.

তেজে ধোৱা কবিতা......

লিখিম বুলিও নোৱাৰিলো লিখিব এটা সুখৰ কবিতা ৷
যিটো কবিতাৰ প্ৰতিটো অনুভৱী শব্দই চুই যাব তোমাৰ হৃদয় ৷
অব্যক্ত বেদনাৰে সিক্ত
মোৰ জীৱনৰ ধুসৰিত পৃষ্ঠাত
লিখিম এটা তেজে ধোৱা কবিতা ৷
বুজিবা সিদিনা কিমান বেদনা বুকুত বৈ জীয়াই আছো মই ৷
অপুৰ্ণ আশাবোৰ ভাষা হৈ নিগৰিব
উজাগৰি নিশাৰ সপোনে
শাৰীয়ে শাৰীয়ে তোমাৰ কথাকে কব ৷
কলিজাত গোট মৰা
তোমাৰ বাবে থকা মোৰ মৰমে
তোমাৰ হৃদয়ত হৈ আশাৰ কবিতা
যদিহে জ্বলালে হয় প্ৰনয়ৰ শলিতা
কিজানি সুখী হলো৷ ৷ ৷

হেপ্পী বিহু (comic)

উৰুকাৰ নিশা টেটুৰ গুৰিলৈকে এসোপা খাই বিহুৰ দিনা দুপৰলৈকে
শুই আছিলো ৷ হঠাতে ৰুমলৈ টেটুফালি শ্ৰীমতি সোমাই আহিল ৷
ভুমিকম্প নেকি বুলি খকমক কৰি বিচনাখন লৰিছে নেকি চালো ৷
নাই নহয় হবই নোৱাৰে ভুমিকম্প হলে জীৱনে মৰনে একে লগে
থাকিম বুলি হুমৰ গুৰিত সাত শপত খোৱা মোৰ শ্ৰীমতিয়ে
বিচনাতে মোক এৰি দৰ্জা খুলি বাহিৰলৈ দৌৰিব কিন্তু তেঁও
ৰুমলে সোমাই হে আহিছে গতিকে ভুমিকম্প নহয়,
মোৰ শ্ৰৱনপ্ৰাচ নোখোৱাকৈয়ে ষ্মাৰ্ট হোৱা ডিমাগটোৱে লগে লগে
কৈ দিলে ৷ পিছে হেৰা হেৰা হেৰা শব্দ কেইটা আনদিনাতকৈ
অলপ ডিফাৰেন্ট ৷ লেপৰ তলৰ পৰাই ও ও কলো ৷ শ্ৰীমতিয়ে
লেপ ডাঙি কানত মবাইলটো লগাই দিলে ৷মই ভাবিলো
শাহুআইৰ ফোন চাগৈ ৷ বিহু খাব মাতিছে ৷ আমাৰ শাহু
মানে মোৰ শাহুৱে আকৌ অকেজন বোৰত বৰ আনটাইমলি ফোন
কৰে ৷ মই আকৌ শাহু বুলি গাৰুত কান গুজি শুব ধৰিলো ৷ কিন্তু
মাতটো শাহুৰ নহয় ৷ কত শুনিছো কত শুনিছো ৷ ইচচচচ ৰাম
সন্ধিয়া সাতত শুনি থকা মাত দেখোন ৷ মোৰ ষ্মাৰ্ট ডিমাগে কিবা
কোৱাৰ আগতেই মবাইলত সিফালৰ পৰা কৈয়েই দিলে নহয়
মই তৰুন গগৈ , ভোগালী বিহুৰ শুভেচ্চা ডট ডট ডট ৷ ইচ ৰাম
মই চাৰ বুলি কৈ বিচনাৰ পৰা একে জাপে নামিক মাটিত বহি দিলো ৷
মোৰ গালত কানখন লগাই শ্ৰীমতি ৷ আইয়ৈ কিমান দিনৰ মুৰত যে
শ্ৰীমতিয়ে গালত গালখন লগালে অ ৷ হলেও মই পাট্টা নিদিলো,
আফ্টাৰ অল চাৰৰ ফোন ৷ মই বোলো চাৰ আপোনালৈও
বিহুৰ শুভেচ্চা থাকিল ৷ মোৰ নাম্বাৰটো কেনেকৈ পালে ৷ চাৰ মানে
আন নউন নাম্বাৰ কাৰনে চিনি পোৱা নাচিলো ৷ আৰু কি কম নকম
ভাবি থাকোতেই লাইনটো কাট খাই গল ৷ মাটিত
লেপেটা খাই বহাৰ পৰা উথি শ্ৰীমতিক শুনাই মই বুকু ফিন্দাই
কানত মবাইলটো লৈ কৈ গলো চাৰ আমাৰ ভালেই গৌৰৱৰ ভালনে?
বোৱাৰিৰ খবৰ কি? বিহুৰভোজ কিহৰে খালে ইত্যাদি ইত্যাদি
পিছে তেনেতে আহক এয়াৰ চেলৰ গান শুনোৱা কলটো ৷ মোতকৈও
স্মাৰ্ট শ্ৰীমতিয়ে পোন্দোৱাকৈ চাই ৰুমৰ পৰা ওলাই গল ৷ যি কি নহওক
সৰ্বাদাৰ বিহুৰ শুভেচ্চাৰ মেচেজটো দেখাই শ্ৰীমতিয়ে যি দীঘল দীঘল
এৰি আছিল মোলৈ কৰা চাৰৰ ফোনটোৱে অকন সকাহ দিলে ৷ হক
তেঁও ৷ যি কি নহওক ঘৰত বিহুৰ দিনা নিৰ্বাচনী বতাহ মানে ধুমুহা
এজাক বৈ আহিল ৷ উৰুকাৰ পাৰ্টি একেলগে খালো যদিও বিহুৰ
দিনাই শ্ৰীমতি মোৰ পাৰ্টি চেঞ্জ হৈ থাকিল ৷ আকৌ বা কাৰ
ফোন আহে ৷ এই কথাই কথা নহয় ফেচবুকত ষ্টেটাচ এটাই দি দিও ৷
ফিলিং অবাক্টেড .......

হেপ্পী বিহু
দেৱজিত শইকীয়া

ভোগালীৰ ইটো সিটো (comic)

ভোগালীৰ ইটো সিটো
স্নেপ স্বট ১
উৰুকাৰ পুৱা ৷ শ্ৰীমতিযে হাতত বজাৰৰ মোনা আৰু গাড়ীৰ চাবিটো
হাতত দি বোলে বলা ৷ মই বোলো কলৈ? এও বোলে চিনেমা চাই
আহো ৷ মই বোলো বজাৰৰ চটি বস্তাৰ মোনালৈ চিনেমা চাব
যাবানে? তেঁও বোলে তেনেহলে সুধিছা কেলই? বলা, সোনকাল কৰা ৷
মই বোলো হেৰা বজাৰ হে যাবা, এই নতুন চাদৰখননো কেলই পিন্ধিলা
লেটেৰা হব ৷ এও বোলে নহয় বলা ৷ মনতে ভাবিলো সদায় কুৰ্টি
পিন্ধি স্কুটি চলাই ফুৰা আই গোসানী আজি চাদৰ মেখলা পিন্ধি মোৰ
লগত বজাৰলৈ ওলাইচে, কথা কি ৷ আকৌ সুধিলো হেৰা, বজাৰৰ
পৰা বাহিৰে বাহিৰে মন্দিৰ বা কৰবাত সোমাবা নেকি?
এও বোলে হেই মাছ বজাৰৰ পৰা আহি কোনোবাই মন্দিৰ সোমাই নেকি?
বলা মাছ কিনিম আৰু চিধা ঘৰ আহিম ৷ অ তেতিয়াহে মোৰ ব্ৰেইনটোৱে
মাত দিলে , অ বজাৰ নহয় আজি শ্ৰী মতিয়ে বজাৰত ডাঙৰ ডাঙৰ ৰৌ
বৰালী চিতলৰ কাষত চেলফি উথিব ৷ মানে ফিলিং ভোগালী বজাৰ৷

স্নেপ স্বট ২
ডাঙৰ বৰালী দুটা দুহাতে ডাঙি হনুমানে পাহাৰ ডঙা দি দুটামান পজ
দিলে, মই ক্লিকাই দিলো ৷ দেখিলো মোৰ দৰে ফটোগ্ৰাফাৰে বজাৰত
ভিৰ লাগিছে ৷ হওক তেঁও শ্ৰীমতিক বলিয়ামি নকৰিবা বুলি এনেই
কলো আইয়ু ৷ ফটো উঠি হলত শ্ৰীমতি মাছ তাতে এৰি গাড়ীত ৷
মই বোলো হেৰা ইমান সোপা মাছৰ পিচ কোনে খাব কোনে ভাজিব?
এও বোলে, বাহিৰতে জুই অকন ধৰি অলপ পিছৰ পৰা ভজা
আৰম্ভ কৰি দিবা, মই আজি নাভাজো, বৃহস্পতি বাৰ মোৰ ফাস্টিং৷
মোৰ চকু কপালত উথোতেই যেনিবা তেঁওৰ এষাৰ কথাই মনটো
ভাল লগাই দিলে বোলে হাজৰিকাক মাতি দিবা আৰু লগত কিবা
এটা লৈ লবা, মাছো ভজা হব আৰু তোমালোকে চুৰকৈ কৰা কামটোও
কৰা হব ৷ মইও বোলো পিছতদেৱী আইৰ ডিচিচন চেঞ্জ হোৱাৰ আগতেই
হাজৰিকালে ফোন লগোৱাই ভাল ৷
স্নেপ স্বট ৩
ঘৰৰ যিমান কেইটা চাউন্ড বস্ক আছিল চব ওলাইজোৰা দিলো, হনী সিংৰ
গান এটা লগাই অলপ দুৰ খোজ কাঢ়ি ওলাই গৈ শুনি আহিলো ৷
গৈছে, চাউন্ড বস্কৰ মাত প্ৰায় দহ পোন্ধৰ ঘৰ পাৰ হৈছে ৷ মনটো
ভাল লাগিল ৷ গান কোনে অকলে শুনে, গান হৈছে আনক শুনোৱা
বস্তু ৷ মানুহে শুনি কব লাগিব যে শইকীয়াৰ বিহু লাগিছে, তেতিয়াহে ৷
বিহুৰ দিনা যদি আনৰ টোপনীয়েই ক্ষতি নকৰো, কিহৰ বিহু পাতিলো ৷
লগাই দিলো বাপ্পেকে ইয় ইয় হনী সিং ৷ কি গাইছে সিয়েই জানে আৰু
হাজৰিকা মই মুঠতে ডেঞ্চ ৷
স্নেপ স্বট ৪
হাজৰিকাই বোলে খৰি শেষ, মেজিটোকে জ্বলাই দিও ৷ মই বোলো
পুৱা অগ্নী সেৱা কত কৰিব ৷ হাজৰিকাৰ পাচ নম্বৰ গিয়েৰ, মোৰ
চাৰি নম্বৰ ৷ মই পিক আপেই লব পৰা নাচিলো ৷ বেটাই চাঞ্চ পাই
মোক অভাৰটেক কৰি বুজাই দিলে বোলে " অগ্নী ইচ অগ্নী ৷ হোৱেদাৰ
ইট ইচ মেজি অৰ গেচৰ স্টভ ৷ ৱানচ আপন এ টাইম ডেয়াৰ ৱাজ
ন গেছ ৷ উই ইউজড কাঠৰ চৌকা, চ' অল দা গাৱলীয়া পিপল বাৰ্ন
মেজীএন্ড প্ৰে অগ্নী দেৱতা ৷ নাও ইটচ গেচৰ জামানা ৷ উই হেভ টু
প্ৰে গেচ দেৱতা ৷ চ' বাৰ্ন ডা মেজী ৷ মৰ্নিং উই উইল প্ৰে অগ্নী দেৱতা
ইন গেছৰ স্টভ ৷ কবলে হে পালে, ৰাতি বাৰতাটো
মেজি জ্বলাই দিলে বাপ্পেকে ৷ মই মেজীৰ কেইডাল মান খৰী চাইড
কৰি থৈ দিলো জুই পুৱাবলে ৷ সকলোৱে চিঞৰি উথিল " হেপ্পী বিহু"

হনুমান চালিচাত পৃথিৱীৰ পৰা সুৰ্য্যৰ দুৰত্ব

হনুমান চালিচাত পৃথিৱীৰ পৰা সুৰ্য্যৰ দুৰত্ব :::::::::
অৱধী ভাষাত গোস্বামী তুলসী দাস ৰচিত হনুমান চালিচাত পোৱা
যায়
" যুগ সহষ্ট্ৰ যোজন পৰ ভানু
লিল্য তাহি মধুৰ ফল জানু "
যাৰ অৰ্থ হল যে মধুৰ ফল বুলি ভাবি হনুমানে যুগ সহষ্ট্ৰ যোজন
দুৰত্বত থকা ভানু বা সুৰ্য্যক গিলিব গৈছিল ৷
এতিয়া কথা হল যে
1 যুগ = 12000 বৰ্ষ
1 সহষ্ট্ৰ = 1000
1 যোজন = 8 মাইল
য়ুগ X সহষ্ট্ৰ X যোজন = 12000 X 1000 X 8 = 96000000 মাইল

1 মাইল = 1.6 km
9600000 X 1.6 = 1536000000 km
NASA মতে পৃথিৱীৰ পৰা প্ৰায় 1530000000 km দুৰত্বত সুৰ্য্য
অৱস্থিত ৷
প্ৰেৰণা: এখন নতুন হিন্দী বোলচবি "Hawaizada" যত Sivkar
Bapuji Talpare চৰিত্ৰটো উপস্থাপন কৰা হৈছে ৷ তেঁও ৰবাৰ্ট
ভাত্ৰৃদ্বয়ে বিমান আবিস্কাৰ কৰাৰ 8 বছৰ আগত অৰ্থাৎ 1895 চনত
প্ৰথম খন বিমান সাজি উৰুৱাইছিল ৷
Ref :
https://www.quora.com/Why-How-Hanuman-Chalisa-became-one-of…
https://en.m.wikipedia.org/wiki/Shivkar_Bapuji_Talpade
দেৱজিত শইকীয়া

আধাৰশিলা (poem)

আধাৰশিলা....

হৃদয়ৰ কোনোবাখিনিত
এতিয়াও আছে এটা আধাৰশিলা ৷
জহিখহি গলেও
শিলালিপিত খোদিত আছে
অপুৰ্ণ সপোন
কিছু অজুহাত
আৰু সময়ৰ হাতোৰাৰে
কলিজাত তুমি গঢ় দিযা
এটা নিৰ্মম আঘাট ৷
চৌব্বিশ বহাগ যৌৱনৰ একৈশটা বসন্ত
শুকুৰবাৰ,
তুমি আহিচিলা ৷
কিছু প্ৰতিশ্ৰুতি
কিছু আশা কিছু সপোনক
বাস্তবৰ তুলিকাত আকিবলৈ
এখন সৰুঘৰ
এখন বাগিছা
আৰু বাগিছাত
তুমি মই আৰু আমাৰ ভালপোৱা ৷
পিছে ......
মই এতিয়াও অকলসৰীয়া ৷
হৃদয়ত আছে মাথো
এদিন তুমি সাজিথৈ যোৱা
জহি খহি যোৱা আধাৰশিলা ৷

@দেৱজিত শইকীয়া

বিষাদৰ দুশাৰী.....(poem)

বিষাদৰ দুশাৰী.....
উদং দেহাত
এতিয়া মোৰ বহুতো আঘাট
বাগৰ সলালেই গৰজি উথে যত
শূন্য হৃদয়ৰ শব্দহীন বিলাপ ....

এতিয়া দিকহাৰা সপোনে
অথালি পথালিয়ে গতি কৰে
নাজানো কত যে হেৰুৱালো
জীৱনৰ সমান্তৰাল বাট়....
মোৰ বুকুৱেদিও বৈ আচিল
হৃদয়ৰ পাৰ ভাঙি আবেগৰ নৈ
এতিয়া পিছে মৰা সুতিঁ
মৃত সপোন
কবৰস্থ আশা
বাস্তবৰ শ্মাশানশালীত .......
@ দেৱজিত শইকীয়া

Monday, 23 February 2015

জ্বলি জ্বলি শেষ হল

জ্বলি জ্বলি শেষ হল
কামনাৰ জীয়া জুই
দুচকুত হেৰাল সপোন ৷
শুকান শুকান হল আশাৰ পথাৰ ৷
উদাস উদাস মোৰ দুচকু ৷
ৰৈ ৰৈ তোমালে শুকালে জীৱনৰ নৈ
বেথাৰে ভৰিল বুকু ৷

তুমিটো মোৰ কাহনিও নোহোৱা
তথাপিও আছিলো ৰৈ
মৰমৰ সাগৰ সাঁতুৰি চাবলৈ
অকলেই আছিলো বৈ ৷
এতিয়া হেঁপাহৰ গোলাপ
নুফুলি শুকাল ৷
মৰহিল কল্পনাৰ কলি ৷
তুমি নাই
কোনো খেদ নাই ৷
স্মৃতিটো থাকিব সদায় ৷
উকা হব মন
উদাস জীৱন
উদং বুকু
তথাপি থাকিম জীয়াই
সজীৱ কৰি ৰাখিম তোমাৰ স্মৃতি
আধৰুৱা হলেও
মোৰ আকাশ
মোৰ পৃথিৱী

E - love

E - love
যদি delete কৰিব পাৰিলো হেতেন তোমাৰ memory,
Refresh কৰিব পাৰিলো হেতেন mind ৷
Format কৰিব পৰা হলে heart ,
Install কৰি ললো হেতেন
জীয়াই থকাৰ এটা নতুন programme ৷
Reboot কৰিম বুলি ভাবিলেও নোৱাৰো
Hang মৰা heart তোমাৰ বাবে ৷
Antivirus নহলো scan কৰি পাবলৈ,
তোমাৰ hard disc ত save কৰিছানে মোক চাবলৈ ৷
Control alter delete মাৰি উৰুৱাই দিলা মোৰ মৰম,
Recycle bin টো নাৰাখিলা
Restore কৰি পাবলৈ মনত পৰিলে মোলৈ ৷
এতিয়াও search কৰো মই তোমাৰ profile,
কিজানি বা online পাও,
দিবলৈ বুকুৰ মৰম
Whats up নতুবা messenger ত ৷
তুমি যদি কৰা on bluetooth for unknown device
Pare কৰি send কৰিম মোৰ বুকুৰ file ৷
আজি connection falied,
তথাপি আছো যে জীয়াই
Wi-fi on কৰি জানোছা তোমাৰ signal পাই ৷
Windows file নহলো delete নকৰিবলৈ
Password ও নহলো মই মনত ৰাখি থবলৈ ৷
Virus বুলি block কৰি পেলালা
Corrupted file বুলি delete তুমি কৰিলা,
তোমাৰ বাবে মোৰ কিমান GB মৰম আছিল এবাৰো ভাবি নাচালা ৷
তুমি মোৰ RAM আছিলা
মোৰ motherboard ৰ processor হিচাপে
জীয়াই থকাৰ speed বঢ়াইছিলা ৷
এতিয়া যে সকলো মিছা ৷
এতিয়াটো মই এটা unrecognized file
এটা System error
এখন Unsupported disc বা file
তুমিটো কাহানিও মোক download য়েই নকৰিলা ৷
Install কৰাটো দুৰৈৰ কথা ৷
দলিয়াই দিলা মোক তোমাৰ network coverage ৰ পৰা ৷
বতাহত Send কৰি থাকিলো প্ৰেম
Message ত দেখুৱাই থাকিল মাথোন data sending failed.
এতিয়াটো মই out of coverage
Weak signal
battery about to die ...
তথাপি তোমাক redial কৰি থাকিম ওৰেটো জীৱন
Save কৰি থম তুমি দিয়া সেই কেই Mb স্মৃতি কন ৷ ৷ ৷

Saturday, 21 February 2015

তুমি তোমাৰ দৰেই......

তুমি তোমাৰ দৰেই......

তুমিটো নোহোৱা আনৰ দৰে
তুমি মোৰ প্ৰেয়সী মোৰ কল্পনাৰ দৰেই ৷
তুমিতো নহয় ৰজনীগন্ধা
শয়ন কোঠা শুৱনী কৰা এনিশাৰ বাবে,
তুমি ৰক্তজৱা
হৃদয়ত ফুলা এপাহ গোলাপৰ দৰে ৷
তুমিটো নহয় সময়ে সলনি কৰা ঋতুৰ দৰে
অথবা আনে কল্পনা কৰা প্ৰেমিকা জোনৰ দৰে ,
পূৰ্ণিমাত হৃদয় জুৰাই অমানিশাত আতৰি যোৱাৰ দৰে ৷
তুমিটো মোৰ জীৱনৰ প্ৰতিটো পুৱাৰ সুৰুজ,
চিৰনতুন এক উৎসাহৰ দৰে ৷
তুমিটো নহয় এচাতি বতাহৰ দৰে,
গ্ৰীষ্মত দেহ জুৰাই শীতত দেহা কঁপোৱা সমীৰৰ দৰে ৷
তুমিটো মোৰ উশাহৰ দৰে,
জীৱনত যাৰ প্ৰয়োজন জীয়াই থকাৰ বাবে ৷

তুমিটো মোৰ ছাটোও নহয়........
আন্ধাৰত হেৰাই যোৱা বা
পোহৰত খোজ দিযা কাষে কাষে ৷
তুমিটো মোৰ ৰঙা তেজ,
ধমনী আৰু সিৰাই সিৰাই বৈ থকা জীৱন থকালৈকে ৷
তুমি নোহোৱা মোৰ প্ৰেমৰ বেদীৰ প্ৰতিমা,
যাক দলিয়াই দিয়া হয় এদিনা,
তুমি মোৰ হৃদয়ৰ মনিকুটত সজাই থোৱা প্ৰেমৰ থপনা .........

Friday, 20 February 2015

তুমি দৃষ্টি নিক্ষেপ নকৰিবা মোলৈ

তুমি দৃষ্টি নিক্ষেপ নকৰিবা মোলৈ
মেৰ দৃষ্টি নিবন্ধ হব
তোমাৰ দুচকোৰ গভীৰতাৰ জোখ লবলৈ কাহানিও বিছৰা নাই মই
কাৰন মই জানো ডুবি যাম ৷
তোমাৰ দুচকুৰ মাদকতাক পিয়লাত বাকি
নিচা লগাবলৈও বিছৰা নাই
কাৰন মই জানো সেই ৰাগীত মই হেৰুৱাম নিজকে৷
কিন্তু
মোৰ দৃষ্টিত ধৰা পৰা নাছিল এনে এক দৃষ্টি
যাক দেখিলেই কথাও কবিতা হৈ বয়
তোমাৰ চকুযুৰিয়ে তাকে কয়
লিখিবলৈ হাজাৰটা কবিতা তোমাৰ নামত ৷
সেয়ে আতৰাই ৰাখিবা তোমাৰ দুচকু মোৰ দুচকুৰ পৰা ৷
নহলে মই শিথিল হৈ পৰিম
আৰু ইচ্ছা কৰিম
ডুবিবলৈ
মাদকতা লবলৈ
আৰু লিখিবলৈ
হাজাৰটা কবিতা তোমাৰ নামত
আজিৰ দৰে তোমাৰ দুচকুৰ বাবে

শীতৰ শেতা জোনাকৰ আভা সানি

শীতৰ শেতা জোনাকৰ আভা সানি
বালিচৰত বহি কটাম এটা দীঘল ৰাতি
তুমি আৰু মই, মই আৰু তুমি ৷

মৌনতাৰে পাতিম
নোকোৱাকে বুজি উথা
হৃদয়ৰ গোপন কোনত
অত দিনে সাঁচি ৰখা
অভিমানী মনৰ বেথা
ইটো সিতো বহুতো কথা ৷

মোৰ বুকুত মুৰথৈ তুমি
তোমাক দুবাহুৰে বুকুত সাৱটি
আঙুলী বুলাম তোমাৰ অবাধ্য চুলিত

আকুলতা ভৰা হিয়াৰ মৰম
জোনাকী মায়াত জোৱাৰৰ দৰে উথিব উথলি
মিলি যাম আমি
তুমি আৰু মই
মই আৰু তুমি
ঘন কুঁৱলীৰ আৱৰন খুলি
জোন আৰু জোনাকৰ দৰে
আকাশৰ নীলা চাদৰ উৰি বালিচৰৰ বিশাল পাটিত
শীতৰ শেতা জোনাকৰ আভা সানি
বালিচৰত বহি সেই দীঘল ৰাতি ৷

আৱেগৰ স্পৰ্ষ

আৱেগৰ স্পৰ্ষ হিয়াৰ কোনোবা কোনত
হেঙুল হাইতাল আজি মোৰ শুকুলা মনত
আশাৰ পাপৰিক কি ৰঙে শুৱালে
কৃষ্ণচূড়াৰ বোল যেন মোৰ বুকুত বুলালে
তোমাৰ স্নেহ স্পন্দনে ধুৱালে মোৰ আতুৰ পৰান
চৌ দিশে আজি যেন ৰুন জুন গুন গুন জুনুকাৰ গান

বিষন্ন হৃদয়,

বিষন্ন হৃদয়,
ভাগৰুৱা দেহা,
নিৰাপত্তাহীন দিন আৰু বিমুৰ্ত মোৰ নিশা ৷
চৌদিশে প্ৰয়োভৰ এন্ধাৰৰ ৷
তাৰ মাজতেই খেপিয়াই ফুৰিছে বিছাৰি,
এখন হৃদয়,
সতেজ মৰমৰ ৷
কিজানিবা বিছাৰি পাঁও,
অলপ মৰম ৷
তিমিৰ নিশাবোৰ পোহৰাবলৈ
চন্দ্ৰাৱলী নহলেও,
জলঙাই দি সোমাই অহা অলপ পোহৰ ৷

মোক হেৰাই যাব দিয়া

মোক হেৰাই যাব দিয়া
প্ৰেমাস্পন্দিত তোমাৰ হৃদয়ৰ ভাজত
হেৰাই যাব দিয়া মোক
মোৰ সৰ্বস্য অৰ্পন কৰা
তোমাৰ দুচকুৰ নীলিমাৰ মাজত
আজন্ম পথিক মই
ফুৰিছো বিছাৰি প্ৰীতিৰ সুধা
দিয়া মাথো মোক জিৰণি লবলৈ
তোমাৰ প্ৰেমৰ জীপাল কোলা

তুমি নজনাকৈয়ে

তুমি নজনাকৈয়ে
সংগোপনে
কলিজাৰ উমত
সযতনে
মোৰ বুকুত বাহ বান্ধিছিল এটা সপোনে
দেখিবলে থিক তোমাৰ দৰে ৷

আশাৰ জানো ভাষা থাকে
প্ৰকাশৰ জানো প্ৰয়োজন থাকে
দুচকুৱে জানো মিছা মাতে

কেতেকিওটো বহু কথা গোপনে ৰাখে
নিৰবতাইও জানো নকয়
হৃদয়ত আউল লগোৱা বহু কথা প্ৰনয়ৰ,
গোপনতাত থাকে হৃদযৰ মেৰপাক
উঘাত মেৰুৱাৰ দৰে ৷

দুচকুত চকুথৈ চোৱাচোন
বুকুত কান পাতি শুনাচোন
তোমাৰ দৰে ধুনীযা সপোন নে
সপোনতকৈয়ো ধুনীয়া তুমি
তথাপি যদি নুবুজা
দাপোন খনতে চোৱা
মোৰ সেই সপোন কোন ৷ ৷ ৷

তুমিহীন়তাত

তুমিহীন়তাত আজি
বিষাদে ভৰা প্ৰতি পল
সজল দুনয়নত
অঁকা নাই কাজল
উকা মন ডাঁৱৰে ধকা
ৰদো নাই
বৰষুণো নাই
নাই বতাহ ৷
উশাহত নাই উছাহ
ফুলা নাই আজি হেপাহৰ ফুলনিত কৃষ্ণচূড়া ৷৷
নিসংগতা মাথো নিসংগতা ৷ ৷

স্তব্ধিত কলিজা

স্তব্ধিত কলিজাৰ ৰঙা সপোনে
স্পন্দন বিছাৰি হাহাকাৰ কৰে

এৰাবাটত এৰি অহা প্ৰতিটো খোজত
উজুটিত ছিঙিলি ভৰিৰ পতা
বহু দিন হল গোৱা নাই মন কাননত বহি
শীতৰে সেমেকা নিশা
শূন্যক শূন্যৰে পুৰন কৰি শূন্য পোৱাৰ দৰে
জীৱনৰ প্ৰতি পল অবাঞ্ছিত
নাজানো যাযাবৰ নে
বতাহত লাগি উৰা কমোৱা তুলা ৷
পিছে
ভগ্নিত হৃদয়ত নজ্বলাও আৰু স্মৃতিৰ লেলিহান শিখা
জীয়াই থাকিবলৈ লাগে মাথো এবুকু আশা
মৃদুমন্দ সুৰেৰে বাজক কলিজাৰ তানপুৰা

আকৌ কুৰুক্ষেত্ৰ

আকৌ কুৰুক্ষেত্ৰ

আকৌ এখন কুৰুক্ষেত্ৰ হব ৷
ধৰ্ম ৰক্ষাৰ নামত ধৰ্ম যুদ্ধ হব ৷

কৌৰব পান্ডব কোন হব সময়ে কব ৷
তথাপিও এই ধৰ্মক্ষেত্ৰত অভিমণ্যু বধ হব ৷

ৰাষ্ট্ৰ নেতা ধৃতৰাষ্ট্ৰই হব
ক্ষমতা লোভত ৰজা অন্ধ হব ৷

দ্ৰৌপদিৰ নিতৌ বস্ত্ৰ হৰণ হব ৷
কৃষ্ণৰ দৰে সাৰথিৰ অভাব হব ৷

শকুণিৰ প্ৰতিশোধ পুৰণ হব ৷
এখন নতুন মহাভাৰতৰ সুচনা হব ৷

:::::::মা::::::::

:::::::মা::::::::

কি যে সুদিন আছিল
আইৰ কোলা, পিতাইৰ বোকোচা ৷
নাছিল কোনো উপাৰ্জনৰ কথা
ভৱিষ্যতৰ সপোন ৷
এতিয়া মাথো অহা কালিৰ বাবে চিন্তা
আধৰুৱা সপোনৰ পিছত দৌৰাৰ প্ৰতিযোগিতা ৷
উভতি চাই দেখো অকলসৰীয়া
আগত সপোন, দুৰৈত আপোন ৷
লক্ষ্যৰ সন্ধানত মাথো আগুৱাই গলো
কিয় বাৰু আমি ডাঙৰ হলো ৷
দিনৰ দিনতো বোজা কঢ়িয়াই যেতিয়া ঘৰলৈ ওভতো
দেউতাই সুধে কিমান উপাৰ্জন কৰিলো
পত্নীয়ে সুধে ভৱিষ্যতলে কিমান সাঁচিলো
লৰাই সুধে সিহঁতলে কি আনিলো
মাথো দুচকুলৈ চাই আইয়ে সুধে
দিনত মই কিবা খালো নে নাখালো ৷ ৷ ৷ ৷ ৷

শ্ৰীমদ্ভাগৱতগীতা আৰু আহাৰ: :: এক বৈজ্ঞানিক বিশ্লেষণ

শ্ৰীমদ্ভাগৱতগীতা আৰু আহাৰ: :: এক বৈজ্ঞানিক বিশ্লেষণ

মানুহে জীৱন ধাৰনৰ বাবে কেনে আহাৰ খাব লাগে তথা সেই আহাৰ গ্ৰহন কৰাৰ
ফলত দেহত কেনেধৰনৰ বিকাশ ঘটে তাৰ সবিশেষ বৈজ্ঞানিক বিশ্লেষন শ্ৰীমদ্ভাগৱতগীতাত পোৱা যায় ৷
শ্ৰীমদ্ভাগৱতগীতাৰ সপ্তদহ অধ্যায় শ্ৰদ্ধাত্ৰয় বিভাগযোগৰ ৮ -১০ নং শ্লোক মতে

আয়ুঃসত্ববলাৰোগ্যসুখপ্ৰীতিৱিৱৰ্ধনাঃ
ৰস্যাঃ স্নিগ্ধাঃ স্থিৰা হৃদ্যা আহাৰাঃ সাত্বিকপ্ৰিয়াঃ ৷ ৷

অৰ্থাৎ: যি বিলাক আহাৰে আয়ুস, স্থায়িত্ব, বল, স্বাস্থ্য, সুখ আৰু প্ৰীতি বঢ়াই তোলে, যি
বিলাক ৰসাল, পুষ্টিকৰ আৰু তৃৰ্প্তিদায়ক, সেই বিলাক আহাৰেই সত্বগুণী সকলৰ প্ৰিয় ৷

কটুম্ললৱণাত্যুষ্ণ তীক্ষ্ণৰূক্ষৱিদাহিনঃ
আগাৰী ৰাজসস্যেষ্টা দুঃখশোকাময়প্ৰদা ৷ ৷

অৰ্থাৎ: যি বিলাক আহাৰ অতিকৈ তিতা বা টেঙা, নিমখীয়া অত্যন্ত গৰম, অত্যন্ত উগ্ৰ,
শুকান আৰু যি বিলাকে পোৰণীৰ সৃষ্টি কৰে সেইবিলাকেই ৰজোগুণী ব্যক্তিৰ প্ৰিয় ৷
এই আহাৰে দুখ শোক আৰু বেমাৰ আদি আনি দিয়ে ৷

য়াতয়ামং গতৰসং পূতি পৰ্য়ুষিতং চ য়ৎ
উচ্ছিষ্টমপি চামেধ্যং ভোজনং তামসপ্ৰিয়ম ৷ ৷

অৰ্থাৎ: খোৱা সময়তকৈ তিনি ঘন্টাৰ আগতে ৰন্ধা, স্বাদহীন, দুৰ্গন্ধযুক্ত, গেলা,
আনে খাই এৰা আৰু অশুচি খাদ্য বিলাকেই তমোগুণী মানুহৰ প্ৰিয় ৷

আয়ুসৰ বৃদ্ধি, মনৰ বিশুদ্ধতা আৰু শাৰীৰিক শক্তি বৃদ্ধি কৰাটোৱেই আহাৰ খোৱাৰ
উদ্দেশ্য ৷ দুই ইঞ্চি জীভাৰ জুটিৰ বাবে সাত মিটাৰ দীঘল পাকস্থলীৰ বিকাৰ গ্ৰস্ত কৰি
জীৱনটোৰ দৈহিক আনন্দ লোৱাৰ পৰা বঞ্চিত কৰা খাদ্য কেতিয়াও খাদ্য হব নোৱাৰে ৷
সাত্বিক আহাৰে জীৱনলৈ সুস্বাস্থ্য তথা সাত্বিকতা আনে ৷ কাৰন এনে খাদ্য পুষ্টিকৰ
আৰু কেলৰি যুক্ত ৷ আমাৰ দেহৰ হৰমন তথা উৎসেচক সমুহৰ উৎপাদন আৰু
কাৰ্য্য খাদ্য অনুসৰি হয় ৷ কাৰন খাদ্যত থকা কাৰ্বহাইড্ৰেটে শক্তি, প্ৰটিনে দেহৰ
গঠন আৰু লিপিডে শক্তি সঞ্চয়ত সহায় কৰে ৷ ইয়াৰ উপৰিও ভিটামিন খনিজ সনম
সমুহ পুষ্টিকৰ খাদ্যতহে পোৱা যায় ৷ বহুতে কোৱা শুনো মাছ খালে চকু ভাল হয় কিন্তু
এই ভাৰতবৰ্ষতে এনে বহু জাতি আছে যিয়ে সম্পুৰ্ণ নিৰামিষ আহাৰ গ্ৰহন কৰে,
তেনে ব্যক্তিক কিন্তু উজুটিয়াই ফুৰা পৰিলক্ষিত হোৱা নাই ৷ কিন্তু এইটোও সত্য
যে যি সকলে জন্মৰে পৰা আমিষ আহাৰ গ্ৰহন কৰি স্বভাৱত পৰিনত কৰিলে তেনে ব্যক্তিৰ
পক্ষে হঠাতে নিৰামিষ আহাৰ গ্ৰহন কৰাৰ প্ৰচেষ্টা চলালে দেহৰ ক্ষতি হোৱাটো
স্বাভাবিক ৷ বৰ্তমান যুগত ৰসাযনিক সাৰ , কীটনাশক ব্যৱহাৰ কৰা খাদ্য আৰু ভাঙি শ
সদৃশ জীৱজন্তুৰ মাংস যি দৰে ভক্ষন কৰা হয় তাৰ পৰিনাম হিচাপে আসুৰিক
কাৰ্য্যৰ প্ৰতি আৰু ৰোগীয়া স্বাস্থ্যৰ প্ৰতি আগুৱাই গৈছো ৷ এক মাত্ৰ সাত্বিক
আহাৰ খাই বৰ্তমান মই বা আপুনী জীয়াই থাকিব নোৱাৰিম কিন্তু ক্ৰমান্বয়ে
অভ্যাসৰ দ্বাৰা ৰাজসিক আৰু তামসীক খাদ্যৰ ব্যৱহাৰ কমাই আনি দেহ মনক সুন্দৰ
কৰিব পাৰিম বুলি ভাৱো ৷ ইয়াৰ উপৰিও অন্তত খাদ্য গৰমে গৰমে পৰিবেশন কৰি বা গ্ৰহন
কৰি বিভিন্ন বেক্টেৰীয়া ভেকুৰ আদিৰ পৰা খাদ্যক আৰু নিজক ৰক্ষা কৰিব পাৰিম ৷
(পোষ্ট ১)

:::::সপ্তাহৰ বাৰ কেইটাৰ উৎপত্তি: ::::

:::::সপ্তাহৰ বাৰ কেইটাৰ উৎপত্তি: ::::

সপ্তাহৰ বাৰ কেইটা যে গ্ৰহৰ নাম আৰু ভাৰতীয় সকলে যে জ্যোত্যিৰবিদ্যা সম্বন্ধে
যথেষ্ঠ জ্ঞান আহৰন কৰিছিল সেই কথা তৈত্ৰাত্ৰেয় সংহিতাত পোৱা যায় ৷ তাত
উল্লেখ কৰা মতে প্ৰতি দিনেই দিক্ষিত সকলে গ্ৰহ তুষ্ট কৰিবলৈ ছয় দিন নিয়মিয়াকৈ
যজ্ঞ কৰিব আৰু এটা দিন বিৰতি দিব ৷ ঋকবেদত উল্লেখ কৰা মতে সকলো গ্ৰহৰ উৎপত্তি
একে সময়তেই হৈছিল যদিও সুৰ্য্যৰ উৎপত্তি প্ৰথম, সেই বাবে প্ৰথম সুৰ্য্যৰ বা কবিৰ
যজ্ঞ, তাৰ পিছত চন্দ্ৰ আৰু ক্ৰম অনুসৰি অন্য গ্ৰহ সমুহ ৷

আচৰিত কথা এইয়ে যে বাকী গ্ৰহ সমুহৰ যজ্ঞৰ ক্ৰমটোৱে গোটেই সৌৰজগতৰ
গ্ৰহৰ অৱস্থান সম্পৰ্কে বেদ শ্ৰষ্টাৰ জ্ঞান থকাতো প্ৰতিপন্ন কৰে ৷ ৰবি আৰু চন্দ্ৰৰ
পিছত এবাৰ পৃথিৱী আৰু সুৰ্য্যৰ মাজত তথা এবাৰ পৃথিৱীৰ বাহিৰত থকা গ্ৰহ সমুহৰ ক্ৰম অনুসৰি যজ্ঞ কৰা হৈছিল ৷ চাও আহক

ৰবি
চন্দ্ৰ বা সোম
মঙ্গল ( পৃথিৱীৰ বাহিৰত থকা গ্ৰহ)
বুধ ( পৃথিৱী আৰু সুৰ্য্যৰ মাজত থকা গ্ৰহ)
বৃহস্পতি ( পৃথিৱীৰ বাহিৰত থকা গ্ৰহ)
শুক্ৰ ( পৃথিৱী আৰু সুৰ্য্যৰ মাজত থকা গ্ৰহ)
শনি ( পৃথিৱীৰ বাহিৰত থকা গ্ৰহ)

এই ক্ৰমতেই দিক্ষিত সকলে ছয় দিন ক্ৰমান্বয়ে যজ্ঞ কৰিছিল যি শেষলৈ বাৰৰ নাম
হয়গৈ ৷ ভাৰতীয় সভ্যতাই বৰ্তমানলৈকে জিয়াই থকা আটাইতকৈ পুৰনী সভ্যতা আৰু
ঋকবেদেই পৃথিৱীৰ প্ৰাচীনতম গ্ৰন্থ ৷ এই বেদত উল্লেখ থকা গ্ৰহৰ ক্ৰমেই সপ্তাহৰ
বাৰকেইটাৰ নাম হৈছিল গৈ ৷ কিন্তু পাৰ্শ্চ্যত্যৰ পন্ডিত সকলে কব খোজে যে বাৰ পদ্ধতিটো
কেলেন্ডেঞ্চে খৃষ্টিয়ান যুগত আৰম্ভ কৰে ৷ যিটো সম্ভৱেই নহয় ৷

শক্তিশালী দুৰবীণ আবিস্কাৰৰ বহু পুৰ্বেই ভাৰতীয় সকলে বিজ্ঞানসন্মত সথিক তথ্য
ঋকবেদৰ পৰা আহৰন কৰিছিল ৷ গুৰু বা বৃহস্পতি , গুৰু বা ডাঙৰ, বৃহ অৰ্থাৎ বৃহৎ ,সঁচাকৈয়ে ই সৌৰজগতৰ ডাঙৰ গ্ৰহ ৷ শনিক মাতৃৰ শাপৰ বাবে এটা ভৰি চুটি
আৰু লাহে লাহে গতি কৰে বুলি উল্লেখ আছে ৷ সঁচাকৈয়ে শনি লাহে লাহে পৰিভ্ৰমন কৰে ৷
শুক্ৰ বা উজ্জল হীৰাৰ দৰে বুলি উল্লেখ আছে ৷ আচৰিত কথা শুক্ৰ প্ৰকৃততে উজ্জল আৰু
শীতল ৷
ক্ৰমশ

::::::পানী আৰু প্ৰথম কীৰ্তন:::::

::::::পানী আৰু প্ৰথম কীৰ্তন:::::

প্ৰথমে প্ৰণামো ব্ৰক্ষ্ম ৰূপি সনাতন ৷
সৰ্ব অৱতাৰৰ কাৰন নাৰাযন ৷ ৷
তজু নাভী কমলত ব্ৰক্ষ্মা ভৈলা জাত ৷
যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত ৷ ৷

আপুনি উপৰুক্ত কীৰ্তনৰ প্ৰথম অধ্যায়ৰ প্ৰথম পদ ভাগৰ অৰ্থ কি ভাঙনী কৰে নাজানো
কিন্তু মোৰ বোধৰে এনে ধৰনৰ ৷

প্ৰথমে প্ৰণামো ব্ৰক্ষ্মৰূপি সনাতন
অৰ্থাৎ: প্ৰথমে প্ৰণাম কৰো ব্ৰক্ষ্ম বা শক্তিৰ এটা ৰূপ যি সনাতন নিৰাকাৰ আৰু চিৰস্থায়ী

সৰ্ব অৱতাৰৰ কাৰন নাৰায়ন
অৰ্থাৎ: সৰ্ব বা সকলো অৱতাৰ বা জীৱৰ উৎপত্তিৰ কাৰন বা আধাৰ নাৰাযন
বা পানী ৷

তজু নাভী কমলচন্দ্ৰ ব্ৰক্ষ্মা ভৈলা জাত
অৰ্থাৎ: তজু মানে তোমাৰ নাভী বা কেন্দ্ৰত ব্ৰক্ষ্মা বা জীৱ ভৈলা জাত বা জন্ম হয় ৷

যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত
অৰ্থাৎ: বিভিন্ন সময়ত বিভিন্ন জীৱৰ উৎপত্তি হয় ৷

এতিয়া দেখা যায় যে
জীৱ পানী অবিহনে সৃষ্টি হোৱাটো অসম্ভৱ আৰু পানী থকা বাবেই এই পৃথিৱীত
জীৱ আছে ৷ দেহৰ কোষৰ পৰা পানী বাহিৰ হৈ গলে কোষৰ মৃত্যু হয় ৷ পানীতেই সকলো
বিপাকীয় পদাৰ্থ দ্ৰৱীভূত হয় অৰ্থাৎ সাৰ্বজন্নিন দ্ৰাৱক ৷ খাদ্য নোখোৱাকৈ মাহ
পৰ্য্যন্ত জীয়াই থাকিব পাৰি কিন্তু পানী অৱিহনে নোৱাৰি ৷ বিবৰ্তনৰ মত অনুসৰি
প্ৰথম সাগৰৰ পানীতেই জীৱৰ সৃষ্টি হৈছিল ৷ পানীৰ কোনো নিজা আকাৰ নাই ৷
আৰু পানী ব্ৰক্ষ্ম বা শক্তিৰ উৎস ৷ সনাতন বা প্ৰাচীন কাৰন পানী সৃষ্টি হোৱাৰ পৰাহে জীৱ
সৃষ্টি হৈচে ৷ গতিকে নিৰাকাৰ নাৰাযন বা পানীক প্ৰথম প্ৰণাম কৰা হৈছে ৷

তজু নাভীকমলত ব্ৰক্ষ্মা ভৈলা জাত বা দেহৰ নাভী বা কেন্দ্ৰ অংশত জৰায়ুৰ পদুমৰ
দৰে ফুল বা অপৰাৰ ভিতৰত থকা পানী বা এমনিয়তিক ফ্লুইডতে সন্তান জন্ম
হয় ৷

বিবৰ্তনবাদৰ মতে সকলো জীৱ পৃথিৱীত একে সময়তে সৃষ্টি হোৱা নাই ৷ সৰল জীৱৰ
পৰা ক্ৰমান্বযে জটিল আৰু জটিলতম জীৱ পৰ্য্যায়ক্ৰমে সৃষ্টি হৈছে ৷ অৰ্থাৎ যুগে যুগে অৱতাৰ
ধৰা অসংখ্যাত ৷

প্ৰেম ভালপোৱা আৰু জৈৱৰসায়ন

প্ৰেম ভালপোৱা আৰু জৈৱৰসায়ন

প্ৰেম, সকলোৰে জীৱনলৈ সংগোপনে নামি অহা এক মধুৰ অনুভৱ ৷ প্ৰেমত ফুলিছে শতদল,
প্ৰেমত ঘুৰিছে ভূমন্ডল ৷ সৃষ্টিৰ আদিৰ পৰা বৰ্তমানলৈকে কিমান কাহীনি কিমান উপন্যাস
কিমান গীত সংগীত কবিতা চিত্ৰ সৌধ ইত্যাদি এক মাত্ৰ এই বিষয়টোৰ ওপৰত সৃষ্টি হল তাৰ কোনো হিচাপ নাই ৷ কিমান লেইলা মজনু হীৰ ৰাঞ্জা ৰোমিঅ জুলিয়েট এই প্ৰেমৰ বাবে বিখ্যাত হল, কিমান জন প্ৰেমৰ বাবেই মৃত্যু হল তাৰ হিচাপ নাই ৷ এই প্ৰেমৰ বাবেই ট্ৰয় ধংস হল আৰু এই প্ৰেমৰ বাবেই তাজমহল সৃষ্টি হল৷ প্ৰেম শ্বাশ্বত সত্য সুন্দৰ ঐশ্বৰিক অনুভুতি, যাক ভাষাৰে বুজোৱা কঠিন ৷ কোৱা হয় প্ৰেম অন্ধ, কাক কেতিয়া কেনেকৈ ভাল লাগি যায় কব নোৱাৰি ৷
প্ৰেম কৰা নাযায় হৈ যায় ৷ প্ৰেমৰ কথা কৈ ওৰ নপৰে ৷ পিছে আজি প্ৰেমৰ বৈজ্ঞানিক বিশ্লেষণ কৰিম ৷

হয়, প্ৰেম এক অনুভুতি পিছে এই অনুভুতি সৃষ্টি আৰু নিয়ন্ত্ৰিত
হয় কিছুমান জৈৱৰসায়নিক পদাৰ্থৰ বাবে ৷ এই পদাৰ্থ সমুহে আকৰ্ষণ আবেদন
আৰু দীৰ্ঘস্থায়ী সম্বন্ধ সৃষ্টি কৰাত বিশেষ ভূমিকা গ্ৰহন কৰে ৷ সঠিক সময়ত সঠিক
পৰিমানত দেহত এই ৰসায়নিক পদাৰ্থসমুহ সৃষ্টি হোৱাতো এটা সম্বন্ধৰ সৃষ্টি স্থিতি
আৰু ধংস হোৱাতো বিশেষ ভাবে নিৰ্ভৰ কৰে ৷

বৈজ্ঞানিক সকলৰ মতে অক্সিটচিন নামৰ হৰমন বিধেই মৰম ভালপোৱা আৰু সম্বন্ধ
স্থাপন হোৱাৰ প্ৰাৰ্থমিক জৈৱযৌগ৷ এই হৰমন বিধ প্ৰস্থ পিটুইটেৰী গ্ৰন্থীৰ পৰা নিৰ্গত
হয় ৷ মাক আৰু শিশুৰ মৰমৰ দীৰ্ঘস্থায়ী বন্ধনৰ কাৰনো প্ৰসৱকালত সৃষ্টি হোৱা
এই হৰমন বিধেই ৷ এপলক ভালপোৱা গৰাকীৰ চকুৰ মিলনে দেহত অক্সিটচিন
সৃষ্টি কৰি মৰমৰ গভীৰতা বঢ়াই তুলিব পাৰে ৷ ইয়াৰ উপৰিও স্পৰ্ষ, শব্দ গন্ধ সকলো
পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা প্ৰভাৱিত হয় এই হৰমন বিধ ৷
দৈহিক পৰিশ্ৰমৰ বা ব্যায়ামৰ ফলত আমাৰ দেহত ডপামাইন সৃষ্টি হয় ৷ এই ডপামাইনে
অনুভুতি সৃষ্টি কৰে ৷ টাইৰ'চিন নামৰ এমিন এচিড বিধৰ পৰা এই ডপামাইন সৃষ্টি হয়৷
পুৰুষ মহিলাৰ ফেৰমন আৰু সুগন্ধী দ্ৰব্যই দেহত এন্ডৰ্ফিন সৃষ্টি কৰে যিয়ে সুখৰ
অনুভুতি প্ৰদান কৰে ৷
অক্সিটচিন ভেচপ্ৰেচিন টেষ্টষ্টেৰন ইত্যাদি হৰমনৰ বাবেই মৰম ভালপোৱা অটুট
থাকে ৷
গতিকে এই ৰসাযনিক যৌগ সমুহৰ সৃষ্টি নিয়ন্ত্ৰন আৰু সুপৰিচালন দেহত কৰি
ৰাখিব পৰাটোৱেই মৰম ভালপোৱা সম্বন্ধ ৰক্ষাৰ মুল চাবি কাথি ৷

আহিন আহিল

আহিন আহিল

শেৱালী ফুলিল
নিয়ৰ সৰিল ৷
কহুৱা বনত
কুঁৱলী নামিল ৷
অশান্ত মন মোৰ
দুৱৰীৰ দলিচাত
বুকু পাতি ৰৈ থাকিল
তোমাৰ বাবে
জোনাকী নিশাৰ
প্ৰান্তৰে প্ৰান্তৰে
তুমি অহাৰ বাটলৈ চাই৷
তুমিহীনতাত
মোৰ আহিন নাহে ৷ ৷ ৷ ৷

অনুভৱী শব্দই কবিতা

অনুভৱী শব্দই কবিতা ৷

কবিতা মানেই তুমি
তোমাৰ বাবেই মোৰ হৃদযৰ অনুভৱ ৷
অনুভৱ মানেই কবিতা ৷
কবিতা মানেই শব্দ ৷
শব্দ মানেই শৰ
শৰ মানেই
বুকু ভেদী বৈ যোৱা
পৃথিৱীৰ প্ৰাচীনতম সৃষ্টিৰ অনুভৱ ৷
মোৰ প্ৰতিটো কবিতাৰ শব্দত তুমি
তোমাৰ প্ৰতিশব্দ কবিতা ৷ ৷ ৷

আবেগ অনুভুতি ভালপোৱা
প্ৰেম প্ৰনয় আৰু কিবা
যি নামেই নিদিয়া
তুমি মোৰ হৃদয়ৰ ছন্দে ছন্দে লুকাই থকা
ৰক্তিম এক অনুভৱী কবিতা ৷ ৷ ৷

শূন্যতাৰ বৃত্ত

শূন্যতাৰ বৃত্ত

হেজাৰ বেজাৰ বুকুতে শুকাই
ধুলীয়ৰি বাট মোৰ
জীৱন জোনাক গল যে হেৰাই ৷
তুমিহীনতাত মাথো জীয়াই আছো
গতি হীন সুঁতি হীন
এৰা পৰা নৈ হৈ ৷
তুমি আছিলা
সপোন আছিল
জোনাকী বাটৰে খোজ দিয়াৰ আশা আছিল ৷
হাতে ধুকি পোৱাতে সৰগ আছিল ৷
তেজোদিপ্ত হাজাৰ ঘোৰা
চেকুৰাই আগুৱাই যোৱাৰ হেঁপাহ আছিল ৷
এতিয়া জীৱন মানেই মোৰ
হালধীয়া বসন্ত
কাইটিয়া শীত ৷
শূন্যতাৰ বৃত্তত
তোমাৰ মৰম ৷
দিঠকৰ কোচনীত তোমাৰ স্মৃতি
আৰু চোন মোৰ একোৱেই নাই ৷
দুখৰ বোজা বব মই পৰা নাই ৷
কেনে আছা আতৰি গৈ
মন যাই জানিবলৈ ৷

জীৱন

জীৱন কিয় বাৰু এটা অবুজ সাথঁৰ
যাক বুজি পাবলৈ ইমান কঠিন ৷

জীৱনত যদি কেতিযাবা হাৰিব লগীযা হয়
একো ডাঙৰ কথা নহয় ৷
কাৰন তেওঁহে হাউলিব পাৰে যি জীৱিত
অলৰ অচৰটো মৃতকৰ পৰিচয় ৷

জীৱন জীযাই থকাৰ আছে দুটি বাট
প্ৰথমটো কিবা এটা পাবলৈ চেষ্টা কৰিবলৈ শিকা
আৰু দ্বিতীয়তে যি পালা তাক পচন্দ কৰিবলৈ শিকা ৷

জীৱনটো জীয়াই থকা ইমান সহজ নহয় ৷
সংঘৰ্শ নকৰাকৈ কোনো মহান নহয় ৷
যেতিয়ালৈকে নপৰে হাতুৰীৰ কোব
শিল চতাও কেতিযাও মুৰ্তি নহয় ৷

জীৱনে বহুত কিছুৱেই শিকাই
কেতিয়াবা হহুৱাই কেতিয়াবা কন্দুৱাই ৷
কিন্তু যিয়ে দুখতো হাঁহিব পাৰে
জীৱনেও তেওঁকহে হাৰ মানে ৷

সকলো দুখ লুকুৱাই আনক হহুঁৱাই
হাঁহিৰে চকুলো ধাকি জীৱনত যোৱা আগুৱাই ৷

তাহানিৰ মোৰ স্কুলীয়া দিন

তাহানিৰ মোৰ স্কুলীয়া দিন আৰু আজি মোৰ ছোৱালীৰ স্কুলীয়া দিন

প্ৰায় 6 বছৰ মান বয়সলৈকে মাটি বালিৰে কোৰোকাত সমনীয়াৰ লগত ভাত
দালী খেলা, লুকা চুৰি, ৰবাব টেঙাৰ ফুটবল খেলি পাৰ হোৱাৰ পাচত এদিন
দেউতাই চাইকেলত বহাই স্কুল এখনলৈ লৈ গল ৷ কুমাৰ গাঁও নিম্ন বুনিয়াদি
বিদ্যালয় ৷ প্ৰধান শিক্ষক জনে কিবা কিবি সুধিলে ৷ মইও বিনদাচ উত্তৰ দিলো ৷
তেঁও কলে যে ইয়াক দ্বিতীয় শ্ৰেনীতে নাম লগাই দিও ৷ প্ৰথম শ্ৰেণী পঢ়া নহলেই ৷
ঘৰত মায়েই যি অলপ চাই দিলে ৷ পিছদিনা স্কুলৰ নীলা হাফ পেন্ট বগা চোলাটো
পিন্ধি গগন ফালি কান্দিছিলো ৷ মা মই স্কুল নাযাও অ বুলি ৷ দুপিটন খাই চকু
মোহাৰী দেউতাৰ চাইকেলৰ কেৰিয়াৰত বহি স্কুল পালোগৈ ৷ যাঁওতে সমনীয়া
কেইটাই খেলি থকা দেখি কম দুখ লাগিছিল নে? স্কুলৰ ছুটিৰ বেলটোৰ প্ৰতি
কিবা আচৰিত ভাললগা আছিল ৷ লগত লগত কিতাপ মাটিৰ পেঞ্চিল চিলথ
বেগত ভৰাই ঘৰলৈ দৌৰ মাৰো ৷ বাটত সমনীয়াৰ সৈত্যে খেলি ধুলি আহোতে
এক কিলোমিটাৰ ৰাষ্টা দুঘন্টা লাগে ৷ ঘৰ আহি পাই বেগ দলিয়াই ভাত কেইটামান
নাকে মুখে গুজি আকৌ খেলিবলৈ দৌৰি যাও ৷ সন্ধীয়া মাৰ আচাৰিৰ ভয়
নোখোৱালৈকে খেলো আৰু হাত ভৰি ধুই " তুমি চিত্ত বৃত্তি মোৰ" গাই লেমটো
জ্বলাই জুহালতে মাৰ কাষত বস্তাত বহি নেঁওতা মুখস্ত কৰো ৷ মোৰ নেঁওতা
পঢ়াৰ শব্দ বা এক প্ৰকাৰৰ চিঞৰ গাঁওৰ সিটো মোৰ পাইগৈ ৷ মাজে মাজে
মনে মনে পঢ়ো যাতে গাঁওৰ লগৰ কেইটাই কি চিঞৰি পঢ়িছে শুনা পাও ৷ লগে
লগে চলে চিঞৰি পঢ়াৰ কম্পিডিচন " নিচিনো প্ৰভু কত আছা তুমি আমি এটা সৰু লৰা " বা
শুৱনী আমাৰ গাঁও খনি অতি " ৷ সেই সময়ত আমি বেয়া পোৱা মানুহ জন আছিল
বেনুধৰ শৰ্মা, কাৰন তেঁও লিখা নেঁওতা খন মুখষ্ট কৰি কৰি আৰু মুখষ্ট দিব
নোৱাৰিলে ঘৰত আৰু স্কুলৰ মৌখিকত কম মাৰ খাওঁ নে? কিবা এটা পাঠ
পঢ়িবলৈ ললেই মায়ে কয় খৰচি মাৰি পঢ়, মই মাজৰ পৰা ধৰিম ৷ ফলত দাড়ি
কমালৈকে চকু ফুৰাও ৷ কৰ্ম অভিজ্ঞতাৰ বাবে কম কাগজৰ ঠোঙা, বিচনী, পাচি
খৰাহী বনালোনে? খেলা ধুলাৰ মাজৰে কেতিয়া কিতাপৰ কথা শিকি পেলালে
গমকে নাপালো ৷ কিন্তু যি শিকিলো আনন্দৰে শিকিলো ৷

বাৰু এতিয়া আহো মোৰ ছোৱালীৰ স্কুলীয়া কালৰ কথালৈ ৷ তাইৰ বযস ঢেৰ কি
দুই হওঁতেই সকলোৱে মোক প্লে গ্ৰুপত নাম লগাই দিবলৈ বুজনি দিব ধৰিলে ৷
নহলে পিছত এডমিশ্চন নাপাব, অন্যৰ লগত কমপিট কৰিব নোৱাৰিব ইত্যাদি
ইত্যাদি ৷ ফলত বোকা মাটি খেলা বয়সত তাইৰ ওজনতকৈও গধুৰ বেগ এটা
বান্ধি স্কুললৈ পঠিয়ালো ৷ লাহে লাহে আৰম্ভ হল মিচ সকলৰ হম ৱৰ্কৰ কাম ৷
আবেলি খেলাৰ সময়ত চোটা ভিম চোৱাৰ আশাত হোমৱৰ্কৰ কামত ব্যস্ত হৈ
পৰিল সোনোৱালী শৈশৱ ৷ নেঁওতা নোহোৱা হল ফলত সাতে পাচে কিমান
বহীত আচঁ পাৰি কৰিবলৈ আৰম্ভ কৰিব ধৰিলে ৷ খৰচি মাৰি পঢ়াৰ পৰিবৰ্তে
মিচে পঢ়োৱা ইম্পৰ্টেন্ট বোৰহে গুৰুত্ব দি পঢিব ধৰিলে ৷ মৌখিক নোহোৱা
হল ৷ চিলট মাটি পেঞ্চিলৰ সলনি কাঠ পেঞ্চিল কলম ধৰিলে ৷ মুঠতে শিক্ষাৰ
নামত বোজা কঢ়িওৱা , নিৰশ চাৰি বেৰৰ মাজত , মিছৰ ৰঙা চকুৰ পাকত পাৰ কৰা
এটা ব্যস্ত শৈশৱ ৷ হয়তো শিশুৰ শৈশৱ কাঢ়ি নিয়া এইয়াই আধুনিক শিক্ষা
পদ্ধতি ৷

::::Smile better than to weep:::::

::::Smile better than to weep:::::

Some memories has to be forgotten,
Some memories has to be kept,
Enjoy each and every moment of life,
no matter what you have got
and what you have left......
Beauty of life is to love
and live every day.
No matter you are walking in a stone or in shore,
in a moon light bay or in a sunny day
roses in all the way or may be thorns you say
hope for the best and pray for nothing.
Small or big, tough or weak,
he is there to look after everything.
Paradise is here my friend,
we are the puppet...
of a big stage
show must go on........

নৱবৰ্ষ, আৰ্চিচ গ্ৰীটিংছ কাৰ্ড আৰু ------

নৱবৰ্ষ, আৰ্চিচ গ্ৰীটিংছ কাৰ্ড আৰু ------

স্কুলত পঢ়ি থকা কালৰ কথা ৷ শৈশৱৰ খেলা ধুলাৰ লগৰি দুই এজনীক
কিবা আগতকৈ বেলেগ যেন লগা হৈ পৰিল ৷ সচাঁ কথাত কবলৈ গলে
আগতকৈ অলপ বেচিকৈ ভাল লাগিব ধৰিলে ৷ কিয় এই পৰিবৰ্তন বুজা
নাছিলো যদিও দুই একৰ মুখৰে প্ৰেম নামৰ শব্দ এটা শুনিছিলো আৰু চিঠি
পত্ৰও দিয়া দেখিছিলো ৷ মোৰো এগৰাকী বৰ ভাল লগা হৈ পৰিল ৷ পিছে মোৰ
ক্ষেত্ৰত কথাতো অলপ আনতকৈ পৃথক আছিল ৷ তাই আছিল কনভেন্ট
স্কুলৰ ছাত্ৰী, অংক টিউচনত হুচেইন চাৰৰ ঘৰত আমাৰ অসমীয়া মাধ্যমৰ
গ্ৰুপটো শেষ হোৱাৰ পিছত সিহঁতৰ টিউচন থাকে ৷ আমি ওলাও, সিহঁত সোমাই
৷ বহীত অংক কৰো আৰু ডেস্কত যোগ বিয়োগ অৰ্থাৎ ডি প্লাচ কে, কে মাইনাচ
জি টাইপৰ অংক ৷ অলপ সময়ৰ বাবে টিউচনৰ পৰা ওলাওতে দেখা পাঁও ৷
তাইক দেখিলে মোক সদৰ কেইতাই জোকাই, তাইৰ গাল মুখ ৰঙা পৰে ৷
কথা পাতিবলৈ সাহসৰ অভাৱ ৷ লগৰ কেইটাই বুদ্ধি দিলে বোলে নতুন
বছৰ আৰম্ভ হৈছে তই গ্ৰিটিংছ কাৰ্ড এখনকে দি মনৰ কথা খুলি ক ৷
আইদিয়াটো বেয়া নালাগিল ৷ সেই সময়ত আৰ্চিচ কাৰ্ডৰ খুব ডিমান্ড ৷
"ফৰ ইউ" নামৰ এখন দোকান তেজপুৰৰ ট্ৰিবেণী হ'লৰ কাষত নতুনকৈ
খুলিছিল ৷ স্কুলৰ পৰা অহাৰ সময়ত দুই এক বন্ধুৰ
পৰামৰ্শমতে এখন কাৰ্ড পচন্দ কৰিলো ৷ সেই সময়ত দুই প্ৰকাৰৰ কাৰ্ড
পোৱা গৈছিল , এখনৰ ভিতৰত এখন কাগজ থাকে যত এসোপামান
ইংৰাজী ভাষাত ভাল ভাল ডাইলগ লিখা থাকে গতিকে তলত নিজৰ
নামটো লিখি দিলেই হ'ল ৷ এইখনৰ দামটো অলপ বেচি, আৰু আনখনৰ
দাম কম ,কাগজৰ কোৱালিটি বেয়া আৰু ডাইলগ কম আৰু মাজৰ
পাতটো নাথাকে ৷ কাৰ্ড পচন্দ কৰাটো বিয়াৰ বাবে ছোৱালী পচন্দ কৰাৰ
লেখিয়া টান কাম, পিছে লগৰ এটাই এখন কাৰ্ড দেখুৱাই ক'লে এইখন ল ৷
কাৰ্ডৰ ফটোখন চালো বিদেশী যুৱক এজনে ছোৱালী এজনীক সাৱটি আছে আৰু ছোৱালী জনীৰ হাতত এসোপামান ৰঙা গোলাপ ৷ মোৰো পচন্দ হ'ল ৷ কাৰ্ডখন যিহেতু
ধুনীয়া গতিকে ডাইলগ বোৰো চাগৈ ভালেই হ'ব ৷ জোটাই জোটাই
সেইসোপা পঢি থকাতকৈ কিনিয়ে পেলালো ৷ কাৰ্ডৰ ওপৰত প্ৰেয়সীৰ
নামটো লিখোতে বুকুত যেন নামঘৰৰ ডবাহে বাজিছিল, আৰু তলত
নিজৰ নামটো লিখোতে হাত কঁপনি বেমাৰ থকা মানুহৰ দৰে কঁপিচিল ৷
পিচে কাৰ্ড খন দিম কেনেকৈ সেইটোহে চিন্তাৰ কাৰন হৈ পৰিল ৷ কাৰন নিজে
দিবলৈ সাহসৰ অভাৱ ৷ শেষত আমাৰ লগৰে এটাই তাৰ ঘৰৰ ওচৰত থকা
এগৰাকীৰ হতুৱাই কাৰ্ডখন মোৰ গৰাকীক দিয়াৰ দায়িত্ব ললে ৷ মনটো কিবা
প্ৰশান্তিৰে ভৰি পৰিল ৷ লগতে তাইৰ পৰা জীৱনৰ প্ৰথম গ্ৰীটিংচ খন পাম
বুলি আশাৰে বাট চাই ৰলো ৷

দিন পাৰ হল ৷ এদিন দুদিন, এনেদৰে জানুৱাৰী পাৰেই হল ৷ লগৰটোক সুধিলো
বোলো তই দিলিনে? লগৰজনীক সুধিবিচোন তাই কি কলে ৷ সিও গা এৰা
দিব ধৰিলে ৷ মনটো কিবা টেঙাই গল ৷ ইমান অহংকাৰী নে সেইজনী কিবা
খঙেই উথিল ৷ জানুৱাৰীত নতুন টিউচন আৰম্ভ হল ৷ গ্ৰুপ বোৰ আৰু সময়বোৰ
সলনী হল ৷ গতিকে সেইগৰাকীক লগো নোপোৱা হলো ৷ আমাৰ নতুন গ্ৰুপলৈ
অহা আন এখন স্কুলৰ দুই এজনৰ মুখেৰে যি গম পালো কথা শুনি চকু কপালত
উথিল ৷

কথাটো হল মই লগৰটোক কাৰ্ডখন দিলো হয় ৷ সি কিন্তু বেটাই কাৰ্ডখনৰ মাজৰ
মোৰ নাম লিখা কাগজখিলা এৰুৱাই তাৰ নাম লিখি তাৰ ভালপোৱা গৰাকীক
নিজ হাতেৰে দি দিলে ৷ পিছে গন্ডগোল লাগিল সেইখিনিতেই ৷ কাৰ্ড খন পিছ
দিনা বোলে তাৰ প্ৰেয়সীয়ে আহি ঘুৰাই থৈ গল আৰু কলে বোলে " যি জনী
ঘৈনিয়ৰে তোক এইখন দিছে তাইকে দেগৈ " ৷ সিও অবাক্টেড ৷ কথা কি? কাৰ্ডখনত টো
কি লিখা আছিল আমি পঢ়া নাছিলো, সিও পঢ়া নাছিল ৷ লিখা আছিল
হেপ্পী নিউ ইয়েৰ টু মাই হাব্বী "

কামনাৰ ফুল

কোনোবা দুজনৰ
দেহৰ উত্তাপত
ঘন উশাহ আৰু নিস্বাসত
গোপনে বাঢ়ি আহে
অবাঞ্চিত ৰক্ত বিৰ্য্য ৷
অবৈধ্য
অবহেলিত
অসপুৰ্ন
ৰক্ত বিৰ্য্য ৷
ডাষ্টবিনত নলাত বা নৰ্দমাত
ফুলে কামনাৰ ফুল ৷
অথবা উতি যায় ঘাটত লাগে ৷
বাজৰ ঘৰত নুপজি পুত্ৰ হয় কৰ্ণ ৷
সমাজ বোলে কাৰো ফলিয়া নহয় ৷
দুজনৰ গোপন অভিষাৰৰ
বা
ৰাজপথত দাতিত জন্ম হোৱা পাপৰ ৷
কিন্তু
ধৃতৰাষ্ট পাণ্ডু বা বিদুৰ
কি ই পাপ নহয়?
নহয় ৷
সমাজৰ মুখীয়া বা মুখা পিন্ধা ভদ্ৰ লোকৰ ৷
তেঁওলোকৰ বাবে এইয়া
এতি নিশা বা প্ৰতি নিশাৰ খেল ৷
সমাজ বোলে কাৰো ফলিয়া নহয় ৷
হয
সমাজ ৰজাৰ ফলিয়া ৷
নিয়ম ৰজা ঘৰিয়া ৷ ৷ ৷

কেতিয়াবা আকাশ চাবা

কেতিয়াবা আকাশ চাবা
মোক দেখা পাবা ৷
কেতিয়াবা বতাহ সাবটি লবা ৷
উশাহত মোৰ সুৱাস পাবা ৷
আকাশৰ তৰাটোৱে যদি জিকমিকাই
বুজিবা মই তোমাক চাই জোকাইছো ৷
যদি কলা মেঘে আকাশ উন্দোলাই
বুজিবা মই কান্দিছো
নিৰবে তোমাৰ বাবে ৷
বৰষুণ হৈ নামি আহিম
তোমাৰ দেহা চুবলে ৷
যদি মোক বিচাৰিব মন যাই
মনত এবাৰ ভাবিবা অকলে
সপোন হৈ দুচকুত চুমা দি
আকৌ গুছি যাম দুৰলে ৷
যদি কান্দে তোমাৰ হৃদয়ে
মোক হেৰুৱাৰ দুখে তোমাৰ বুকুত
যদি হে নিগৰে শোক
এটোপাল অশ্ৰু হৈ
বৈ আহিম
তোমাৰ দুগালে ৷ ৷ ৷ ৷

তোমাৰ কথা ভাবিলে

তোমাৰ কথা ভাবিলে
মোৰ মন আকাশত জোনাক নামে ৷
জীৱনে তাৰ অৰ্থ বুজে ৷
অমানিশা আতৰাই সুৰুজে ধল কুৱঁলী ফালে
গতি হীন সপোনে পুৰ্নতা আনে ৷
আশাবোৰে প্ৰান পাই চেকুৰা মাৰে ৷৷

তোমাৰ কথা ভাবিলে
জীযাই থাকি তোমাৰ হোৱাৰ বাসনা জাগে
প্ৰতিশ্ৰুতি আৰু সম্ভৱনাই
অসম্পুৰ্নতাৰ অৱসাদ আতৰাই সম্পুৰ্নতাৰ পৰিধি ভাঙে ৷
নাজানো কিয়
মনে চোন মোৰ মনে মনে প্ৰতি পলে অনুপলে
তোমাৰ কথাকে ভাবে

:::::::::বিলুপ্তিৰ পথত প্ৰকৃতিৰ চাফাই কৰ্মী:::::::

:::::::::বিলুপ্তিৰ পথত প্ৰকৃতিৰ চাফাই কৰ্মী:::::::
(এটা অনুৰোধ পোষ্টটো সময় উলিয়াই এবাৰ পঢ়ক আৰু আনকো জনাওক)
হয়, মই ৰামায়নত সীতাহৰনৰ বাতৰি দিওঁতা জটায়ু পক্ষী বা আমাৰ চিনাকী আকাশৰ ৰজা শগুণৰ কথাকে কব লৈছো ৷ ,৮০ ৰ দশকত প্ৰায় ৪ কোটিতকৈও অধিক শগুণ পোৱা গৈছিল কিন্তু বৰ্তমান এই চৰাই বিধৰ সংখ্যা কমিগৈ ৪হাজাৰত ৰৈছেগৈ ৷ যি আমাৰ পৰিবেশ তথা মানৱ জাতিৰ বাবে ক্ষতিকাৰক ৷ শগুনৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা থোৰতে জনাই থব বিছাৰিছো৷
1/ ভাৰতত মুঠ ৯ টা প্ৰজাতিৰ শগুণ পোৱা যাই তাৰে অসমত ৬ টা প্ৰজাতি আছে আৰু ইয়াৰে বগা পীঠিয়া আৰু লাহী ঠুতীয়া শগুণৰ প্ৰজাতি দুটা বিলুপ্তিৰ পথত ৷
2/ শগুণে গেলা পচা মৰাশ খাই পৰিবেশ চাফা কৰি ৰখাই নহয়, চবকা, টেটুৱা, জলাতংক আদি ৰোগৰ বিজানু বিয়পাত বাধা দিয়ে ৷
3/ ক্ষিপ্ৰ গতিত শগুণ নাইকীয়া হোৱাৰ মুল কাৰন 2004 চনত পক্ষী বিশেষজ্ঞ সকলে চিনাক্ত কৰিছে যে পশু চিকিৎসাত বিষ নাশক হিচাপে ব্যৱহাৰ কৰা " ডাইক্লফিনাক" মুল কাৰক ৷
4/ এশটা মৰাশৰ ভিতৰত যদি এটা মৰাশটো এক মাইক্ৰমিলিগ্ৰাম এই ঔষধ থাকে তেনে মৰাশ খাই শগুণ মৃত্যুমুখত পৰিব পাৰে
5/ 2006 চনত ভাৰত চৰকাৰে ডাইক্লফিনাকৰ উৎপাদন, বিক্ৰী আৰু ব্যৱহাৰ পশু চিকিৎসাত বন্ধ কৰিছে কিন্তু দুৰ্ভাগ্যৰ কথা মানুহৰ বিষ নাশক ঔষধকে পশু চিকিৎসাত বৰ্তমানেও ব্যৱহাৰ হৈ আছে ৷
6/ এই পক্ষীবিধৰ কৃটিম প্ৰজনন আৰু সংৰক্ষনৰ বাবে হাৰিয়ানাৰ পিঞ্জৰ, পশ্চিমবংগৰ বাস্কা আৰু অসমৰ ৰাণীত কেন্দ্ৰ আছে যত প্ৰায় 300 টা শগুণ কৃটিম প্ৰনালীৰে প্ৰজননৰ ব্যৱস্থা কৰা হৈছে ৷ ৰাণীত মুঠ 64 শগুণ আছে ৷
7/ শগুণে বছৰত এটাহে কণী পাৰে ৷
8/ জাৰ কালি আকাশত দেখা শগুণবোৰ পৰিভ্ৰমি হে, যি আকৌ কিছুদিন পিছত হিমালয়লৈ গুছি যায় ৷
9/ শগুণ কমি যোৱা বাবে কাউৰী কুকুৰ ইত্যাদিয়ে মৰাশ ভক্ষন কৰা হৈছে কিন্তু শগুণৰ দৰে সিহতে ৰোগৰ বিজানু হজম কৰিব নোৱাৰে যাৰ বাবে সেই কাউৰী কুকুৰৰ মল মুত্ৰৰ দ্বাৰা মানুহৰ দেহালৈকো বিভিন্ন ৰোগ সংক্ৰমন হৈছে ৷
10/ ৰাণীৰ এই শগুণ কেইটাক প্ৰাকৃতিক পৰিবেশত মুক্ত বিচৰন কৰিবৰ বাবে অহা দুই এবছৰৰ ভিতৰত এৰি দিয়া হব ৷ তাৰ বাবে তিনি হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল এটা বাচি লোৱা হৈছে ৷ এই অঞ্চল সামৰি লোৱা জিলা কেইখন হল শিৱসাগৰ, যোৰহাট, গোলাঘাট, উত্তৰ লক্ষিমপুৰ ধেমাজী, নগাঁও, ডিব্ৰুগড় শোনিতপুৰ আৰু কাৰ্বি আংলং ৷ গতিকে এই জিলা কেইখনৰ লোক সকলে এই নিৰিহ চৰাই বিধৰ সংৰক্ষনৰ ক্ষেত্ৰত কিছু সহায় বৈজ্ঞানিক সকলক কৰিব লাগিব ৷ তেতিয়াহে এই প্ৰজেক্ট সফল হব ৷

::::::আমাৰ কৰনীয়::::
1/ পশু চিকিৎসাৰ বাবে ডাইক্লফিনাকৰ পৰিবৰ্তে মেলক্সিকেম ব্যৱহাৰ কৰিব লাগিব তথা আনকো জনাব লাগিব ৷
2/ ওখ গছ যেনে চতিয়না শিমলু আদি কটাৰ পৰা বিৰত থাকিব লাগিব
3/ মৰাশত যাতে বিহ দিয়া নহয় আৰু বহুদিন ৰোগত আক্ৰান্ত হৈ থকা গৰু মহ আদি যাতে পুতি পেলোৱা হয় ৷
4/ শগুনৰ পোৱালী, আঘাট প্ৰাপ্ত বা মৃত শগুন দেখা পালে তৎক্ষনাত যাতে বন বিভাগত খবৰ দিয়ে ৷
5/ আহক নিজেও এই সংৰক্ষণৰ অংশিদাৰ হঁও আৰু আনকো সজাগ কৰো ৷

:::আজিৰ চিন্তা: ::::

:::আজিৰ চিন্তা: ::::
চাৰি যুগ ক্ৰমে সত্য,ত্ৰেতা , দ্বাপৰ আৰু কলি যুগ ৷
চাৰি বৰ্ণ ক্ৰমে ব্ৰাক্ষ্মন, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ ৷
চাৰিখন আশ্ৰম ক্ৰমে ব্ৰক্ষ্মচৰ্য্য, গ্ৰাহস্থ্য, বানপ্ৰস্থ আৰু সন্যাস ৷
চাৰি বেদ ক্ৰমে ঋকবেদ , যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ ৷
চাৰি পুৰুষাৰ্থ ক্ৰমে ধৰ্ম, অৰ্থ, কাম আৰু মৌক্ষ ৷

বৰ্তমান বৰাহকল্প চলি আছে, এই কল্পৰ মুঠ বৰ্ষ হ'ল 423000000
এই কল্পৰ চাৰি যুগৰ সমযকাল হল
সত্যযুগ: 1728000
ত্ৰেতাযুগ : 1296000
দ্বাপৰ যুগ: 864000
কলিযুগ: 432000 ( কালপুৰুষ পঞ্জিকাত বৰ্ষৰ হিচাপটো পাব)
বাৰু এতিয়া সংখ্যাবোৰ যোগ কৰো আহকচোন:
বৰাহকল্প 423000000 = (4+2+3= 9)
সত্য যুগ 1728000 = (1+7+2+8=18 = 1+8 = 9)
ত্ৰেতাযুগ 1296000 = (1+2+9+6= 18 = 1+8 = 9)
দ্বাপৰযুগ 864000 = (8+6+4= 18 =1+8 = 9)
কলিযুগ 432000 = (4+3+2 = 9)
বাৰু এতিয়া কলি যুগৰ বৰ্ষৰে সত্যযুগক হৰণ কৰক
1728000 / 432000 = 4
কলি যুগৰ বৰ্ষৰে ত্ৰেতাযুগক হৰণ কৰক
1296000 / 432000 = 3
কলিযুগৰ বৰ্ষৰে দ্বাপৰক হৰন কৰক
864000 / 432000 = 2
আৰু কলি কালৰ বৰ্ষত কলিকালৰে হৰণ কৰক
432000 / 432000 =1
সত্যযুগত ধৰ্মৰ চাৰিটা খুটি বা ধৰ্ম নামৰ গৰুজনীৰ 4 টা ভৰি আছিল বুলি ভাগৱতত লিখা আছে, ত্ৰেতাত 3 টা হল, দ্বাপৰত 2 টা আৰু কলিকালত 1 টা ভৰিত ধৰ্ম টিকি আছে বুলি উল্লেখ আছে ৷
সেই মতে সত্যযুগত বিষ্ণুৱে 4 টা অৱতাৰ লৈছিল ক্ৰমে মৎস্য কুৰ্ম , বৰাহ আৰু নৰসিংহ ত্ৰেতাযুগত 3 টা অৱতাৰ ক্ৰমে বামন, পৰশুৰাম আৰু ৰাম
দ্বাপৰ যুগত 2 টা অৱতাৰ ক্ৰমে কৃষ্ণ আৰু বলোৰাম বা হলিৰাম
কলিযুগত 1 টা অৱতাৰ কল্কি অৱতাৰ
অলপ গণিত আৰু ধৰ্মৰ সমিলমিল চিন্তা কৰিছো ৷ কি লুকাই আছে বাৰু নে কেৱল কাকতলিয়

:::::::ল' ৰালী::::::::

:::::::ল' ৰালী::::::::
সুমধুৰ কি সেই দিন আছিল
আইৰ কোলা পিতাইৰ বোকোচা ৷
মাটি বালিৰে ঘৰ সজা
লুকা ভাকু
কইনা দৰা ৷
আকৈ বাকৈ
আইচ বাইছ
,,,,,,,ধপ্পা ৷
অলং দলং কৰিছে ৰজা ৰানী আহিছে ৷
ৰঙা নীলা চিলা
বাহ বাহ
বৰলৰ টোপ, নলৰ পুঙা
লাগ বুলিলেই খুচুৰা পইচাৰ বাহৰ চুঙা ৷
ক'ত গল মোৰ ৰঙা জীঞা
বটলত ভৰাই থোৱা জোনাকী পৰুৱা ৷
সাচতীয়া বিৰিং গুটি
বেগত ভৰাই বাটলুগুটি
আম জাম লিচুলৈ ফৰমুটি ৷
কাবাদি কাবাদি কাবাদি কাবাদি
ৰুমাল চুৰি
ঘৰিয়াল পানি
উথা বহা
চকু বান্ধী টেকেলী ভাঙা ৷
বল আমাৰ ৰাবাব টেঙা ৷
আজি মাথো সোঁৱৰণী
জীৱনৰ আলিত পাক এটা মাৰি ঘুৰি যাব পৰা হলে
উভতি গৈ আকোঁৱালী ললো হয় ল'ৰালী ৷ ৷ ৷ ৷ ৷

শ্ৰীমদ্ভাগৱতত অনু পৰমানুৰ ধাৰনা

শ্ৰীমদ্ভাগৱতত অনু পৰমানুৰ ধাৰনা
শ্ৰীমদ্ভাগৱত পুৰানৰ তৃতীয় স্কন্ধৰ একাদশ অধ্যায়ত কাল নিৰুপনত আধুনিক বিজ্ঞানৰ
অনু পৰমানুৰ সুস্পষ্ট ধাৰনা দিয়া হৈচে ৷
মৈত্ৰেয়ে বিদুৰক কৈছিল " হে বিদুৰ, স্থুল সুক্ষ্ম আদি যিমান কাল আছে সকলো
সুৰ্য়্যৰ গতিৰ দ্বাৰা নিৰ্ণয় কৰা হয়৷ সেয়াই সৰ্ব শাস্ত্ৰ মত বুলি জানিবা ৷ যি বোৰক বিভাগ
কৰিব নোৱাৰি তাক পৰমাণু বোলা হয় ৷ পৰমাণুই সকলো স্থান বিয়পি থাকে ৷
পৰমাণুৰ যি যি স্থানত সুৰ্য্যৰ কিৰণ পৰে সেইবোৰক পৰমাণু কাল বোলা হয় ৷ এতিয়া
স্থুল কালৰ কথা কওঁ শুনা ৷ দুটি পৰমাণু একত্ৰিত হলে তাক অনু বোলা হয় ৷ ৷ ৷ ৷

যি সকলে ভাগৱত পূৰাণ ইত্যাদিক আও পুৰনী ভগৱানৰ পূজাৰ বিধি মন্ত্ৰ লিখা
থাকে বুলি ভাবে, তেওলোকৰ বাবে পৰ্য্যায় ক্ৰমে সকলো বৈজ্ঞানিক ধাৰনা যে
এই পুথি সমুহত সন্নিবিষিষ্ট আছে তাক উল্লেখ কৰিম ৷ নিলচ ব'ৰ, ৰাডাৰফৰ্ড ইত্যাদিয়ে
পৰমানুৰ ধাৰনা, ১৮ শতিকাত মানৱ সমাজত উথ্থাপন কৰাৰ হাজাৰ বছৰ
আগতেই এই শ্ৰীমদ্ভাগৱত পূৰাণত অনু পৰমাণু, সময়, কাল, সময় নিৰুপনৰ
আহিলা ঘড়ী কি দৰে সাজিব পাৰি তাৰ বিষয়ে উল্লেখ কৰি গৈছে ৷

" One Must Imagine Sisyphus Happy "

" One Must Imagine Sisyphus Happy "
চিচিফাছ, এজন গ্ৰীক ভগৱানৰ দ্বাৰা শাপিত ৰজা ৷ যিটো শাপৰ বাবে চিচিফাচে
ওখ পৰ্বত এটাৰ ওপৰলৈ গধুৰ শিল এটা কঢ়িয়াই নিয়ে আৰু পৰ্বত শিখৰ পোৱাৰ
লগে লগে পুনৰ তললৈ পেলাই দিয়ে ৷ পুনৰ আকৌ ওপৰলৈ নিয়ে ৷ বিস্বাস মতে শাপিত
চিচিফাচে বৰ্তমানেও প্ৰতিদিনে ইয়াকে কৰি আছে ৷

আমি কৰ্ম কৰি আছো ৷ ভৱিষ্যৎ কি হব নাজানো ৷ তথাপি কৰ্ম কৰি যাব লাগে ৷
কেতিয়াও এইটো ভৱা উচিত নহয় যে এইটো কৰি কি লাভ ?
শ্ৰীমদ্ভাগৱতৰ সাংখ্যযোগত কৈছে
কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন ৷
মা কৰ্মফলহেতুৰ্ভূৰ মা তে সংগোহস্তকৰ্মণি ৷ ৷ (2/47)
অৰ্থাৎ: কেৱল শাস্ত্ৰ বিহিত কৰ্মসমুহ কৰি যোৱাৰ বাবেহে তোমাৰ অধিকাৰ আছে ৷
কিন্তু সেই কৰ্মফলৰ ওপৰত তোমাৰ অধিকাৰ কেতিয়াও নাথাকে ৷ তুমি কেতিয়াও
নিজকে তুমি কৰা কৰ্মসমূহৰ ফলৰ কাৰন বুলি নাভাবিবা আৰু কেতিয়াও তুমি
তোমাৰ কৰ্তব্য নকৰাকৈ থকা অৱস্থাৰ প্ৰতি আসক্ত নহ'বা ৷
পুনৰ শ্ৰীমদ্ভাগৱতগীতাৰ কৰ্ম যোগত কৈছে
তস্মাদসক্তঃ সততং কাৰ্য়ং কৰ্ম সমাচৰ ৷
অসক্তো হ্যাচৰন কৰ্ম পৰমাপ্নোতি পূৰুষঃ ৷ ৷ (3/ 19)
অৰ্থাৎ: গতিকে কৰ্ম ফলৰ প্ৰতি কোনো আসক্তি নৰখাকৈ কেৱল কৰ্তব্য বুলি ভাবি লৈ
সততাৰে কাম বোৰ কৰি যোৱা ৷
চিচিফাচৰ বিষয়ে হোমাৰৰ ইলিয়াদ ( Book vi) আৰু উদিছিত (Book xi) উল্লেখ
আছে ৷ এলবাৰ্ট কেমাচৰ দা মিথ অফ চিচিফাচ বুলি কিতাপখনৰ এষাৰী উদ্ধৃতিৰে
সামৰিছো ৷
One must imagine Sisyphus Happy as " The struggle itself towards the heights is enough to fill a man's heart"
If you live your life in a state of anticipation, you will Never be satisfied. Learn to enjoy and appreciate the journey, and don' t worry about what will become of all that you are doing in Present.
What' s important is that you work to be happy Now. Leave the rest in the hands of the universe.
-----------and when you want something, all the universe conspires in helping you to archive it. There is only one thing that makes a dream impossible to achieve: the fear of failure. ( Paulo Coelho, The Alchemist)

:::::অভিমান:::::

:::::অভিমান:::::
নকলেও বুজি পাও
তোমাৰ মনৰ কথা ৷
তুমিহে নুবুজা মোৰ
বুকুৰ বেথা ৷
বুজিও নুবুজা হোৱা
অভিমান কৰি ৰং চোৱা
নহয়নে ইয়েই ভালপোৱা?
আৱেগত গধুৰ শব্দটি?
খোজত খোজ দিয়া
শ্ৰদ্ধা কৰি বিস্বাসক
হয় ইয়েই ভালপোৱা ৷ ৷ ৷ ৷

বুকু উজাই দুখ আহে

বুকু উজাই দুখ আহে
সুখ যাই ভটিয়াই
দিন আহে ৰাতি যাই
মাহ বোৰ পাৰ হয়
বছৰো বাগৰি যাই৷
কতেনো গলি হেৰাই
সপোন মোৰ
তোৰ চোন আহৰি নাই
মোৰ বুলিবলৈ
তই নাই ৷ ৷
খবৰ এটা লবি চোন
কেনেকৈনো আছো জীয়াই ৷
গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত
ঋতু আহে ঋতু যাই
তৃষ্ণাতুৰ মনে মোৰ
তোলৈকে বাট চাই
পানী অনা ঘাটলৈ পানী অনাৰ চলেৰে
আকৌ এবাৰ আহচোন
মনৰ কথা খুলি কম
কহুৱা বিৰিনাৰ বালিয়ৰি বাগিছাত
আকৌ প্ৰেমৰ শপত লম ৷
দিখৌ নৈত সাতুঁৰিম
দিছাং মুখত উমলিম
দিহিংৰে পাৰত বহি
তোক অনাৰ কথা দিম ৷

Walking

Walking in a thorny desert
illusion in every step of path....
Asked spring for a shower of rain
Wind to blow away my pain....
gave nothing ...
abandoning me like a leaf of autumn
lost, forgotten and alone ...
You too came to my life
like a sunshine in early dawn ...
But departed again
leaving some memories in my heart and soul.
giving me another pain....
Now its me
a life without meaning
Just going ...going .....and going ..

তুমি তোমাৰ দৰেই......

তুমি তোমাৰ দৰেই......
তুমিটো নোহোৱা আনৰ দৰে
তুমি মোৰ প্ৰেয়সী মোৰ কল্পনাৰ দৰেই ৷
তুমিতো নহয় ৰজনীগন্ধা
শয়ন কোঠা শুৱনী কৰা এনিশাৰ বাবে,
তুমি ৰক্তজৱা
হৃদয়ত ফুলা এপাহ গোলাপৰ দৰে ৷
তুমিটো নহয় সময়ে সলনি কৰা ঋতুৰ দৰে
অথবা আনে কল্পনা কৰা প্ৰেমিকা জোনৰ দৰে ,
পূৰ্ণিমাত হৃদয় জুৰাই অমানিশাত আতৰি যোৱাৰ দৰে ৷
তুমিটো মোৰ জীৱনৰ প্ৰতিটো পুৱাৰ সুৰুজ,
চিৰনতুন এক উৎসাহৰ দৰে ৷
তুমিটো নহয় এচাতি বতাহৰ দৰে,
গ্ৰীষ্মত দেহ জুৰাই শীতত দেহা কঁপোৱা সমীৰৰ দৰে ৷
তুমিটো মোৰ উশাহৰ দৰে,
জীৱনত যাৰ প্ৰয়োজন জীয়াই থকাৰ বাবে ৷

তুমিটো মোৰ ছাটোও নহয়........
আন্ধাৰত হেৰাই যোৱা বা
পোহৰত খোজ দিযা কাষে কাষে ৷
তুমিটো মোৰ ৰঙা তেজ,
ধমনী আৰু সিৰাই সিৰাই বৈ থকা জীৱন থকালৈকে ৷
তুমি নোহোৱা মোৰ প্ৰেমৰ বেদীৰ প্ৰতিমা,
যাক দলিয়াই দিয়া হয় এদিনা,
তুমি মোৰ হৃদয়ৰ মনিকুটত সজাই থোৱা প্ৰেমৰ থপনা .........

সোঁৱৰণী

সোঁৱৰণী এখিলা কাগজৰ দৰে
লুটিয়াই গলেই সৰি পৰে স্মৃতিৰ পাপৰি
এৰি অহা প্ৰতিটো দিনৰ
প্ৰতিটো ক্ষনৰ ৷ ৷ ৷ ৷ ৷
কি যে সুমধুৰ আছিল উমাল মৰম
স্নেহাসিক্ত প্ৰতিটো পুৱা ,
জোনাক সনা কামনাৰে ভৰা সেই উজাগৰি নিশা ,
পাইও আৰু পাবলৈ কিমান যে হেপাঁহ ৷
এতিয়া পিছে হুমুনিয়াহ ৷ ৷ ৷
যদিও তুমি বুকুৰ কাষত
তথাপিও এনে কিয় লাগে যেন হাতেৰে ধুকি নোপোৱা দুৰৈত
মোৰ বাবে তুমি তোমাৰ বাবে ৰৈ আছো মই ৷ ৷ ৷
মিলনৰ ক্ষন গনি পাৰ কৰিছো সময় ৷ ৷ ৷
কাহানিবা জুৰ পৰে হিয়া
এজাক বাৰিষাই ধুৱাব আহি ধুলিয়ৰি বুকুৰ বেদনা ৷ ৷
ফাগুনে উতলা কৰা মনত জগাবহি আহি
বসন্তৰ নতুন প্ৰেৰনা ৷
আবেগৰে আদৰিম
হেৰুৱা দিনৰ ঠিকনা ৷
তোমাৰ বুকুত মুৰ গুজি যেন পাহৰি পেলাম দুখৰ বন্যা ৷
সাৱতি লম দুহাতে অশ্ৰু সিক্ত নয়নে
উচুপি তোমাৰ বুকুত হেৰুৱাই নিজকে ৷ ৷ ৷ ৷
স্পৰ্ষৰে উজাৰিদিম
বুকুৰ সমস্ত ভালপোৱা ৷
অপেক্ষা এতিয়াও মাথো অপেক্ষা ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷

Thursday, 6 November 2014

মই গেছ চিলিন্ডাৰে কৈছো

মই গেছ চিলিন্ডাৰে কৈছো ৷
দুৰ্গা পূজাৰ দুদিন মান আগৰ কথা ৷ পুৱাই শ্ৰী মতিয়ে ৰঙা চাহৰ গিলাচটো
বিচনাৰ কাষতে থেকেচকৈ থৈ কৈ দিলে নহয় বোলে সোনকালে উথক আৰু
কত কেনেকৈ কি বনাই বনাওকগৈ, গেছ শেষ ৷
গেছ শেষ বুলি কথাষাৰ শুনিবলৈ হে পালো, গেছ বেলুনৰ দৰে ফুলা শ্ৰীমতিৰ
মুখ খনলৈ চাই একান্ত বাধ্য ছাত্ৰৰ দৰে পাকঘৰ পালোগৈ ৷ হয়টো, যোৱা মাহৰ
৮ তাৰিখেই লগোৱা, হিচাপ এটা কৰি দেখিলো এমাহ দুদিন গল ৷ ধ্যেত এই
পূজাটো সৰকি যোৱা হলে, খংটো গেষ্ট্ৰিক বঢ়াদি বাঢ়ি আহিল ৷এও লোকে গেছটো হিচাপ কৰি
চলাব নাজানে ৷গেছৰ ওপৰত পানী উঠাই বৰুৱানীৰ লগত " আমাৰ যে এও"
শিৰ্ষক আড্ডা মাৰি থাকোতে কেতিয়া পানী শুকাই শেষ হয় গমকে নাপাই ৷
কেৰাহী বহাই চব্জী কটা মানুহ হে ৷ দুআষাৰ মান শুনাবলৈ মন আছিল বাপ্পেকে
পিছে শুনাবলৈ গলে মোক যে একে ফৰ্টি চেভেন মুখৰে থকা সৰকা কৰিব জানি
শুনিয়েই একো নকলো ৷
দোষটো মোৰেই ২১ দিনৰ পিছতো চিলিন্ডাৰ বুক কৰিবলৈ
পাহৰি থাকিলো, তাতে আনটো চিলিন্ডাৰ সিদিনা দত্তনিয়ে খোজাত দি দিলো ৷
দত্তনীয়ে বোলে শইকীয়া দা আমাৰ চিলিন্ডাৰ শেষ হল, কালিলৈহে পাম, আজি
যেন তেন চলিবলৈ দিয়ক বুলি কলে, মইও এওক নুসুধাকৈ দি দিলো ৷ এঁওক
কোৱাত বোলে আপোনাৰ স্বভাৱটোও আজি কালি ভাড়াঘৰ চিৰিয়েলৰ কেঁওতৰ
নিচিনা হৈছে ৷
মবাইল ফোনটোলৈ ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ সকলোলৈকে ফোন
লগালো ৷ সকলোৰে এটাই উত্তৰ " ইচ শইকীয়া ,যোৱাকালি নতুনটো লগাইছোহে"
দত্তনীয়ে বোলে দাদা এজেঞ্চিত ইমান ফোন কৰি আছো গেছৰ গাড়ী অহা নাই বুলি
কৈ আছে ৷
পুৰনা ষ্টভটো উলিয়াই চালো তেল নাই ৷ ইনদাকচন কুকাৰটোৱেও আইছি ইউথ
মানে মেকানিকৰ তাত পৰি আছে ৷ আগতে জেউৰা ভাঙিও এষাজ যেন তেন
বনাইছিলো, পকী ৱাল দিয়াৰ পৰা সেইটোৰো মুদা মৰিল ৷ কি কৰা যাই ৷ এনেতে
দেখিলো লৰা ছোৱালী কেইটাক কাপোৰ কানি পিন্ধাই এও ৰেডি ৷ বোলে ঘৰলৈ
যাও, গেছ পালে মাতি দিবা ৷ তুমি এই কেইদিন দত্তনীৰ ঘৰতে খাবা ৷ মই খড়ীত
ফুৱাই ভাত বনাব নোৱাৰো ৷ ধোৱা লাগিলে এলাৰ্জী হয় তাতে যোৱাকালিহে
পাৰ্লাৰৰ পৰা আহিছো ৷ মই মনতে বোলো হব দেৱী দুৰ্গা যোৱা পূজা বুলি দুদিন
মান মাৰাৰ ঘৰতে থাকি আহা, মই হোতেলতে মাছে মঙহে দকহি খাম ৷
চিলিন্ডাৰটো বাইকৰ পিছত চাইকেলৰ টিউবৰে ভালদৰে বান্ধি এজেঞ্চী পালোগৈ ৷
দোকান খোলাই নাই ৷দোকানৰ আগত চিলিন্ডাৰৰ দিঘলীয়া শাৰী যেন মিলিটেৰীত
নাম ভৰ্তিৰ বাবেহে লাইন কৰি আছে ৷ মোৰটো চিলিন্ডাৰ এশ ছয় নম্বৰত পৰিল৷
চিলিন্ডাৰটো চাই কি কৰিম আৰু দাৰ্শনিক চিন্তা কিছুমানকে কৰিব ধৰিলো ৷
চিন্তা নম্বৰ ১,
গেছৰ চিলিন্ডাৰ নোহোৱাৰ আগলৈকে মানুহৰ গেছ অৰ্থাৎ গেষ্ট্ৰিকো নাছিল ৷
কেৰাহীৰ দাইলৰ ফেন কাঢ়ি পেলাই দিছিল যি বোৰ কুকাৰৰ হোৱাৰ পৰা পেটলৈ
যোৱা হল ৷
চিন্তা নম্বৰ ২,
গেছৰ চিলিন্ডাৰ নোহোৱাৰ আগলৈকে মানুহৰ ডায়েবেটিছো ইমান নাছিল ৷
চৰুৰ নিসনী কঢ়া ভাত খাইছিল ৷
চিন্তা নম্বৰ ৩,
গেছৰ চিলিন্ডাৰ নোহোৱাৰ আগলৈকে মানুহৰ ককালৰ বিষ, বাত বিষ পেটৰ
প্ৰব্লেমো সিমান নাছিল কাৰন তলত বহি জুইৰ কাষত ভাত বনাইছিল ৷
চিন্তা নম্বৰ ৪,
আগতে চৰু সকলোকে চুব দিয়া নহৈছিল ৷ ধৰ্ম বৰ্তি আছিল ৷ এতিয়া কাৰ
ঘৰৰ পাকঘৰৰ চিলিন্ডাৰ কাৰ ঘৰৰ পাকঘৰত সোমাই থিক নাই ৷ জাত পাত
নাইকীয়া হল ৷ সকলোৰে চৰু এক হল ৷ কবলৈ গলে গ্লবেলাইজেচন হল ৷
চিন্তা নম্বৰ ৫,
চিলিন্ডাৰ নোহোৱাৰ আগলৈকে পুৰুষ পাকঘৰত সোমোৱা নাছিল ৷ এতিয়া
পুৰুষ মহিলা সকলোৱে ভাত ৰন্ধা হল ৷ মতা মাইকীৰ পাৰ্থক্য নাইকীয়া হল ৷
নাৰীয়ে সম মৰ্য্যদা পালে ৷
চিন্তা নম্বৰ ৬,
চিলিন্ডাৰ হোৱাৰ পৰা জুহাল নোহোৱা হল, সময় কম লগা হল, গৃহীনিয়ে
টিভিৰ সন্মুখত বহিব পৰা হল ৷ আৰামত আলাসতে গৃহীনিৰ চেহেৰা চিলিন্ডাৰৰ
চেহেৰাৰ পাৰ্থ্যক্য নোহোৱা হল ৷
চিন্তা নম্বৰ ৭,
গৃহীনিৰ পৰা সুখৰে এষাজ খাই থাকিবলৈ হলে সময় মতে চিলিন্ডাৰৰ যোগান
ধৰক ৷