Thursday 4 October 2018

চিকতা পুৰাণ (খণ্ড-2)

হেৰা সিদিনা যে তোমাৰ ঘৰত এসোপামান কাম দেখি "মূৰটো ঘুৰি গৈছে" বুলি কৈছিলা৷ কি কৰোতে ভাল পালা?
আইনাখনত মূৰতো চাই বোলে ধ্যেত মইও বৰ আকৰী, ফটকনে আপুনি তেনেকৈ কওঁতে কিবা হে ভাবিছিলো পাই ৷ ঘুৰাইছিল নহয় বিষাইছিল৷
আমাৰ যে আত্মসহায়ক গোটৰ মহিলাবোৰ গুৱাহাটীত তীৰ্থ ভ্ৰমনত গৈছিল৷ বাটত কাৰোবাৰ কিবা হ'ব পাৰে বুলি ফাৰ্ষ্ট এইড কিনি নিছিল৷ ঘুৰি আহোতে ভমেটিংৰ পিল কেইটাৰ বাহিৰে বাকী চব পিল থাকি গ'ল৷ কাকনো ঘুৰাই দিম আৰু মোৰ বেগত থকা বাবে লৈ আনিলো৷ তাৰে আধাফাল খাই ভাল পালো৷
আপোনাৰ মুৰটো ঘুৰাইছেনে বিষাইছে?
জানো পাই ধৰিবকে পৰা নাই নহয়৷
পূৰা মূৰটো বিষাইছেনে এটাফালে?
এই সোঁফালটোহে অলপ বিষ আছে যেন লাগিছে হে৷
ইশ্বৰেও কি মিলাইছে দেখিছেনে? মোৰ কেৱল বাওফালটো বিষোৱা বাবে পিলটো পুৰা নাখাই বাওফালৰ টুকুৰাটো খাইছিলো৷ সোঁফালটো আকৌ থৈ দিছিলো কেতিয়াবা সোঁফালে বিষালে খাম বুলি৷
ৰ'ব আনি দিছো৷ আপুনি মুখত সেপ অলপ জমা কৰক৷ মিছাতে পিলৰ লগত পানী খাই পানীখিনি খৰচ কৰিব নালাগে৷ সেপ খিনিৰ লগতে গিলি দিব৷
পিছে ৰ'বছোন ৰ'ব আপোনাৰ হঠাতে মূৰটো বিষাল কিয়?
এহ নকবি আৰু৷ আজি বিৰাট ডাঙৰ ঘটনা৷ বলো আৰু হৰেণে যে সোনটিৰ পৰা চাকৰি দিম বুলি টকা দুহেজাৰ নি আৰু দেখা দেখি নোহোৱা হৈছিল৷
অ' জানো৷ তাৰপিচত
সোনটিয়ে মোক কৈছিল সিহঁত দুটাৰ পৰা টকাখিনি উলিয়াই দিব পাৰিলে মোক কিবা এটা দিব৷
তাৰপিচত?
কিনো তাৰ পিচত তাৰ পিচত কৈ মিছাতে এনাৰ্জী লচ কৰি আছ? কৈ আছো শুনি থাকচোন মনে মনে৷
মই সন্ধিয়া আহি থাকোতে টেম্পু এখন কাষৰে পাৰ হৈ গ'ল ৷ পিছফালে দেখিলো ইংৰাজীতে সিহঁতৰ বলো আৰু হৰেণ নাম দুটা দুফালে লিখা আছিল৷ (Blow Horn)
মই মনতে বোলে এইটোৱেই সুযোগ ৷ ইহঁত দুটাই এনেকৈ মানুহৰ পইচা মাৰি মাৰি গাড়ী কিনি়ছে, আজি ধৰি লৈ টকা কেইটা উলিয়াও লও৷ এই বুলি তোৰ মই দিলো নহয় টেম্পুৰ পিচত দৌৰ৷
পিচে ক'ৰ জানো তোৰ ভটুৱা কুকুৰ এটা শুই আছিল ৰাষ্টাৰ মাজত৷ এন্ধাৰে মুন্ধাৰে নেদেখি তোৰ দৌৰ মাৰিব লওতেই দিলেই নহয় তোৰ মোক ঘেং কে কামোৰটো মাৰি৷
অ' মোৰ মতা গোসাই৷ আপুনিনো কিয় দৌৰিছিল৷ ক'ত কামুৰিলে চাও? বেজি ল'লেনে? বৰ দুখ পালে নেকি? আয়ৌ....
হেৰৌ ৰ'চোন ৰ' ৷ একে উশাহে তোৰ ইমান গাল প্ৰশ্নৰ উত্তৰ কেনেকৈ দিও৷ লাহে লাহে কৈ আছো শুনি যা৷
অ মোৰ বুকুখন ধান বনাদি বনিছে অ৷ চাও ক'ত কামুৰিলে৷
হেই ৰ'চোন৷ মই মনতে ভাবিলো ৰাষ্টাৰ কুকুৰে কামুৰিলেটো বেজি লবলৈ পইচা খৰচ হ'ব৷ মই সোনটিৰ কামটো কৰিবৰ বাবে দৌৰোতেহে এনে হ'ল৷ গতিকে কৰিলো কি৷ সোনটিহঁতৰ ঘৰত গ'লো৷ আগফালে বাৰাণ্ডাত কোনো নাই৷ এন্ধাৰ৷ সিহঁতৰ কুকুৰটো বান্ধি থোৱা আছে৷ মই অ সোনটি সোনটি বুলি মাতষাৰ দিয়েই সিহঁতৰ কুকুৰটোক দিলো লাট এটা৷ সি কেংকেঙাই উঠিল৷ মই আৰু লগে লগে তোৰ চিঞৰিলোৱেই নহয় " অ সোনটি তহঁতৰ কুকুৰটোৱে মোক কামুৰিলে অ" বুলি৷
সি ওলাই আহোতে মই বোলো বেজি দিয়া আছেনে? সি বোলে নাই নহয় ককাইদেউ৷
মই বোলো তেন্তে মই নিৰ্ঘাট মৰিলো৷ বৌয়েৰহঁতক চাবি আৰু খৰি দিবলৈ তহঁতৰে বাঁহ দুডাল দিবি৷ ভোজৰ দিনা মনে জানি কি দিয় দিবি আৰু তই৷ মই হ'লো কেও কিছু নোহোৱা মানুহ, ঘৰলৈকে যাওগৈ আৰু তাতে মৰোগৈ৷
সি বোলে ৰ'বচোন ৰ'ব ককাইদেউ আপুনি ইমান বিচলিত হৈছে কেলৈ৷ মই এতিয়াই আপোনাক ডাক্টৰৰ তাত লৈ গৈ বেজি দিয়াই আনিম নহয় বুলি বাইক ষ্টাৰ্ট দিলেই নহয়৷
তাৰ পিছত
তাৰ পিছত আকৌ কি?৷মোৰ আকৌ সেই তোৰ চৰকাৰী 108 খনত উঠা বৰ মন এটা আছিল নহয়৷ ভাবিলো এই সুযোগতে উঠি লও৷ এইবুলি সি বাইকখন আনোতেই 108 বুলি চোতালতে দিলোৱেই বাগৰি৷
দেখিলো অলপ পিছত সেইখনে জুই নুমোৱা গাড়ীৰ দৰে চিঞৰি বাখৰি আহি মোৰ কাষ পালেহি৷ দুটা মানে ডাংকোলা কৰি মোক উঠালে৷ ডাক্টৰক দেখুৱাই বেজী দিলে৷
মই মনতে বোলো মানুহে দেখোন বৰ চিটি স্কেন চিটি স্কেন কৈ থাকে কিনো সেইটো কৰায়ে লও নেকি বুলি আকৌ তোৰ সেই মোক ডাঙি নিয়াখনতে তোৰ দিলো নহয় বাগৰি৷ ডাক্টৰো কম নহয়৷ মূৰত চোট পাইছিল নেকি তাক সুধিলে৷ সি নাজানো বুলি কওঁতেই মই বাও হাতেৰে তালুখন দিলো দেখাই ৷
ডাক্টৰে তোৰ ফটাফট চিটি স্কেন লিখি দিলে৷ চৰকাৰী খৰচতে তোৰ ফ্ৰীতে চিটি স্কেনটোও কৰাই আহিলো৷
আহোতে ডাক্টৰক ক'লো বোলো মূৰটো ঘুৰাই আছে৷ বৰ দুৰ্বল, এই বুলি কৈ তোৰ ভিটামিনৰ টনিক দুটাও ডক্টৰৰ পৰা সৰকাই আনিলো৷
ভৰিৰ এক্সেটোও একেবাৰে কৰাই আনিম ভাবিছিলো পিছে মানুহৰ ঢেৰ লাইন আছিল, সেয়ে নকৰালো৷
আহোতে সোনটিয়ে বোলে দাদা ভাল পাইচেনে এতিয়া? মই বোলো সোনটি তই মোক মৰাৰ পৰা বচালি৷ পিছে চহৰলৈ আহিলে বৌয়েৰলৈ কিবা এটা সৰুকৈ হ'লেও নিওৱেই৷
এতিয়া হস্পাতালৰ পৰা কিবা এটা নিনিলে বৌয়েৰে মনটো দুখ নকৰিব জানো অ'৷ এই বুলি মেটাৰ্নিটিত সোমাই মানুহজনীয়ে দুমাহধৰি আইৰন ফলিক এচিড খোৱা নাই বুলি নাৰ্চজনীককৈ তোলৈ ফাইল এটাও লৈ আনিলো৷
ইহ মোকনো আকৌ কেলৈ সেইবোৰ?
লাগিবও পাৰে নহয়.....চাও এইফালে আহচোন....টুপুক
নিলাজটো, চিকতা হ'লেও আপোনাৰ কিন্তু মোলৈ অকন মৰম বেছিয়েই৷ চাও সেপ জমা কৰক মই সোঁফালৰ পিলটো লৈ আনোগৈ৷

No comments:

Post a Comment