Sunday 18 August 2013

মই, ইন্দিয়ান ট’ইলেট আৰু বহুতো ............(ব্যঙ্গ ৰচনা)

এৰাব নোৱাৰা পৰিস্হিতিত, সমন্ধীয় এজনৰ বিয়াত দেখা এটা দিবলৈ এবাৰ মই আৰু মোৰ লগৰ এজন গাঁওলৈ ওলালো দুদিন মানৰ পৰা পেটৰ মোৰ লগত তামাম বিসম্বাদ চলি আছিল যদিও মনৰ জোৰত বিয়া ঘৰ পালোগৈ গৈ পোৱা মানে বৰযাত্ৰি ওলালেই গতিকে দৰাৰ মাহী-পেহী দুজনীমানক গাড়ীৰ পিছ চিটত লড কৰি চিধা কইনাঘৰ পালোগৈ কইনা ঘৰৰ ভোজত দৰাৰ খুৰখালীয়ে দেখুৱা মৰমৰ উৎপাতত মাছে মঙহে দকচি দিলো ইন্সি জিভাৰ জুতিত অসন্তষ্ট হৈ মিটাৰ দীঘল পাকস্হলীয়ে গিৰ গিৰ গুৰ গুৰ কৰি জাঙুৰ খাই উঠিল মই বোলো পেটৰ কথা পেটতে থাকক, আনে শুনাৰ আগতেই যি ইয়াত ভৰাই ললো, ইয়াতেই ত্যাগ কৰি যোৱাই মঙ্গল হব ইমানদুৰ বাট তাতে  ৰাতিৰ কথা লগৰ জনক কলো বোলো পিছফালে যাব লাগিছিল সি কলে পাৰিব জানো, মই কলো কিয় নোৱাৰিম, মইতো অকলেই কৰো সি বোলে কোনোবা এজনক সুধি মই বোলো নালাগে নিজেই বিছাৰি যাঁও লা

বিয়াঘৰৰ পিছফালেদি বিচাৰি গৈ গৈ বাহঁনিৰ তলত কোনোমতে আবিস্কাৰ কৰিলোগৈ লগৰটোৱে লে মালতো কেছা দেখোন, মই বোলো কেছা পকা যিয়েই নহওক খাবলে নালাগে নহয় ওলিয়াবলে লাগে, হৈ যাব চকু ফুৰাই দেখিলো বস্তুটো বাঁহৰে বনোৱা শুকান কল পাতৰে ধকা, বাঁহৰে বোৱা চাঙিৰ মাজত এটা গাঁত কৰা আছে লগৰজনে হালধীয়া মুখ কটা গেলেন এটাত পানী যোগাৰ কৰি দি মই সময় অনিষ্ট নকৰি পজিছন মিলাই বহি দিলো বহিব হে পালো ফুটাতোৱেদি হো হোৱাই শব্দ কৰি অহা মাইকি মহৰ জাকে মোৰ গোপনীয় অংগকে ধৰি দেহৰ সকলো অংশতে বেজি দিব ধৰিলে মহ মাৰি মাৰি মই কামফেৰা কৰি আছো, এনেতে শুনিলো বাহিৰত নাৰী কন্ঠ, মই বোলো হে হৰি কি কৰা যায়??লৰালৰিকৈ মই অলপ গল হেকাৰি দি শেষ কামফেৰা কৰিবলৈ গেলেনটো ডাঙি চাই দেখো অলপ পাতল পাতল লাগিছে হে হৰি ফুটা আছিল হবলা বাইল টিপি দেখিলো টাৱাৰ নাই, মই মনতে বোলো সেইটোহে বাকি আছিল 

ছোৱালিকেইজনিও আঁতৰি নাযায় মইও ওলাব নোৱাৰো মৌনতা ভাঙি কিছু সময় পিচত সিঁহতে মাত দিলে বোলে মৰিলে নেকি আকৌ ভিতৰত থকাতো নে গাঁতত পৰিল ওলাই নাহেচোন? মই গল হেকাৰি দিয়াত সিঁহতে কলে আছে আছে মৰা নাই এজনিয়ে কৈছে খুব খালে চাগৈ আনজনিয়ে কৈছে নহয় পেট খালি কৰি লৈছে আকৌ খাবগৈ চাগে মই মনতে বোলো কৈ থাক এজনিয়ে আৰু ধৈৰ্য্য ধৰিব নোৱাৰিলে কলে হেৰি ওলাই নাহে কিয় ? কি বিহু দেখাই আছে যি কৰে সোনকালে কৰক আমিও যাব লাগে নহয় মই বোলো গেলেনটোত ফুটা আছিল পানী নাই বাকি থকা কাম ফেৰা নকৰাকৈ কি দৰে ওলাম সিঁহতে কলে আমাৰ কি হব এতিয়া ? মই বোলো হেৰা বাহিৰত থকা দুজনি তোমালোকে বাঁহনিৰ তলতে কৰা, কবলৈহে পালো, ব্ল ব্ল ব্ল যি কেইটাহে গালি দিলে মই লো উপায় নাই মই নোলাও  

সিহঁতে লে বুৰ্বক পাইছে আমাক বাইল টোৰে লগৰজনক মাতি নিদিয়ে কিয়? আৰু আমি কৰি থাকোতে যদি মবাইৰ টৰ্চ জ্বলাই দিয়ে? মই কলো মবাইলত টাৱাৰ নাই, আপোনালোকে বাহিৰতে কৰক, লাগিলে মই সেইটো দলিয়াই দিছো সিহঁতে লে বাইল দিলেই নহ গেলেনটোৱো দলিয়াই দিয়ক দিলো বাপ্পেকে বাইল আৰু গেলেনটো দলিয়াই  

তাৰ পিছত আৰু কি নিটাল-নিমাত বাঁহনিৰ তলত ধম ধেত ধেত ধে ধে ধে ধুম এজনিয়ে কৈছে অই সোনকাল কৰ দেখিছই নহয় ফুটা গেলেন, আনজনিয়ে বৰ কষ্ট কৰি মুখৰ পৰা অষ্ফুত মাত এটা উলিয়াই কৈছে ওওম বচ তাৰ পিছত আৰু মাতবোল নাই মই বোলো অবাহিৰত থকা দুজনি নাই মাতবোল নাই  হেৰা বাহিৰত থকা দুজনি বোলো হলনে ? নাই মাতবোল নাই  

পেটে পেটে অলপ ভয়ো লাগিল বাঁহনিৰ তল তাতে ৰাতিৰ কথা ডাইনি যখিনি নহয়টো মই এফালৰ পৰা যিমান বোৰ ভগৱানৰ নাম জানো ডাঙৰ ডাঙৰ কৈ মাতিব ধৰিলো ইশ্বৰৰ ইচ্ছা খেৰৰ মেজিটোত চকু পৰিল শেষ কামফেৰা কৰি বিয়া ঘৰ সোমালো লগৰটোক কথাখিনি কলো আৰু মবাইল লোৱা ছোৱালী দুজনি বিচৰাত লাগিলো, নাই নাপালো, বাঁহনিৰ তলত আহি টৰ্চ মাৰিও চালো কিজানি পেলাই থৈ গল নাই তাতো নাই হইতো সিহঁতে লাজতে নিদিয়াকৈ গুছি গল বা বিয়া ঘৰ কাৰোবাক দি গল যদিও মই বিছাৰি নাপালো আৰু সমস্ত ঘটনাৰ সাক্ষী, জীৱনৰ প্ৰথম মবাইল নকিয়াৰ কলা বগা ১১০০টো