Tuesday 29 August 2017

যি কম মিছা কম মিছাৰ বাহিৰে একো নকঁও

“মিছা কথাৰ ঠেং চুটি” , সৰুতে এই কথাষাৰ মিছাকৈ বুজাই দিলে নহয় বোলে মিছা কথা ক'লে ঠেং চুটি হ'ব । এতিয়া আপুনিয়েই কঁওকচোন মানুহৰ ঠেং থাকে নে ভৰি? আৰু এনে এজন মানুহ মোক দেখুৱাই দিয়ক যাৰ মিছা কথা কোৱাৰ বাবে ঠেং চুটি হৈছে?
আচলতে মিছাৰ লগত আমাৰ সম্বন্ধ জন্মৰ আগৰ পৰাই । মোৰ জীৱনত শুনা প্ৰথম মিছা কথাটো আছিল, মই জন্ম পোৱা নাৰ্চিংহোমৰ ডক্টৰজনৰ । “নৰ্মেল নহয় ছিজাৰিন কৰিব লাগিব” বুলি মিছাকৈয়ে মাৰ পেটটো ফালি মোক ওলিয়াই আনিলে । নাৰ্চিং হোমত মোৰ জণ্ডিজ হৈছে বুলি মিছাকৈয়ে এসোপামান মোক চেলাইন খুৱালে ।
খুৰা এজনে হস্পিতালত দেউতাক সুধিলে “কিমান খৰছ পৰিল?” দেউতাইও লেবেল দিবলৈ কৈ দিলে নহয় মিছাকৈয়ে ৪০ ঠাইত ৫০ হাজাৰ বুলি । ঘৰ আহি পাইছো ডাঙৰ দাদাই মাক সুধিলে “মা মা ভাইটি কেনেকৈ জন্ম হ’ল?” কৈ দিলে নহয় বেচেৰাক মায়ে গোকাট মিছাকে “হস্পিতালৰ পৰা কিনি আনিছো” বুলি । মুঠতে সব মিছা মিছা মিছা ।
বুট চোবাব নোৱাৰা মোক ককাই নামঘৰলৈ লৈ যায় মিছাকৈয়ে এখন প্ৰসাদৰ পাত বেছিকৈ লয় ।মোক শুৱাব আৰু ভাত খুৱাবৰ সময়ত কান খোৱা আহিব বুলি, শিয়াল আহিব বুলি সৰুতে আইতাই কম বোৰ মিছা কথা ক’লে নে? হেৰৌ বাকি বাদ দিয়ক আকাশৰ জোনটোকো মামা পাতি দিলে, এতিয়া যাওঁক আপুনি স্পেচ চুট পিন্ধি মোমাইৰ ঘৰলৈ ৷
স্কুলত নাম লগাবলৈ গৈ দিলে দেউতাই মোৰ আৰু ককাইদেউৰ বয়স এনেকৈ বঢ়া টুটা কৰিলে যে এতিয়া ককাইদেউ মোতকৈ চাৰি বছৰ পিছত হে ৰিটায়াৰ্ড হ'ব ৷
স্কুলতো পেট বিষাইছে বুলি মিছাকৈয়ে কম ছুটিৰ দৰ্খাস্ট দিলোনে? আৰু যে ক’ত কি মিছা কথা মাতিলো চাৰ বাইদেউৰ আগত হোমৱৰ্ক নকৰা বাবে ।আৰু পৰীক্ষাত? লগৰ বোৰে মোতকৈ কম মাৰ্কচ পাইছে বুলি ঘৰত কোৱা মিছাবোৰ? সেইবোৰ ক'ত গ'ল?
যৌৱন কালত প্ৰেয়সীৰ আগত কম মিছা মাতিলোনে? মিছা শপত-কচম কম খালোনে? আৰু বিয়া পাতিব গৈ ছোৱালীক আগতে কাকো ভাল পোৱা নাই, তোমাকে প্ৰথম ছোৱালী চাইছো বুলি কম গোকাট মিছা মাতিছিলোনে ?
মই মৰাৰ পিছতো মানুহে শ্মশানত মই ভাল মানুহ আছিলো বুলি তথা মেলে-মিটিঙে কম মিছা মাতিবনে?মোৰ কথা বাদ দিয়ক মইটো সৰু সুৰা মিছা কথা কোৱা মানুহ,ডাঙৰ ডাঙৰ নেতা, মন্ত্ৰী বিধায়ক সকলৰকথা ভাবকচোন, কিমান মিছলীয়া ।
বাৰু বাদ দিয়ক সেইবোৰ বজাৰত গৈ আপুনি বস্তুৰ দাম কিয় কমায় ? কাৰন আপুনিও জানে বেপাৰিয়ে মিছাকৈ দাম বঢ়াই কৈছে বুলি । পুৱাতে আপোনাৰ ঘৰত গাখীৰ দিয়া গুৱালটোৰ পৰা, মাছ-শাক পাচলিৰ বেপাৰিটো লৈকে কিমানে আপোনাক মিছা মাতে আৰু কিমানক দিনটোত আপুনি মিছা কথা ক’ব লগিয়া হয় ভাবি চাইছেনে?
পাব্লিচিতিৰ বাবে বা বিজ্ঞাপনত কোম্পানীবোৰৰ হৈ অভিনেতা–অভিনেত্ৰী সকলে কম মিছা কথা কয়নে?সাত দিনত ফেয়াৰ এণ্ড লাভলী ঘঁহি আপুনি বাৰু এয়াৰ হোষ্টেজৰ চাকৰি পাইছেনে বা ফ্লিম ফেয়াৰ এৱাৰ্ড লৈ পাইছেনে? অমিতাভ বচ্চনে বাৰু হাজমোলা খাইনে আৰু গায়ত্ৰীৰ পেট ইমান বেয়ানে যে লিভচিন নাখালে একো হজমেই নহয়?
আচলতে মানুহৰ জীৱনটো চলি থাকে মিছাৰ ওপৰতেই ৷ এই ধৰক পুৱা আপোনাৰ শ্ৰীমতিৰ লগত কাজিয়া লাগি মনটো বেয়া হৈ আছে, লগৰ বন্ধু এজনৰ ফোন আহিল, কৈ দিলে নে পুৱাই পুৱাই ভালে আছো বুলি মিছা কথাষাৰ ।
ধৰক আপোনাৰ আজি অফিছ যাবলৈ মন যোৱা নাই, এপ্লিকেশ্চনত লিখিব লাগিব,জ্বৰ হৈ আছে বা শ্ৰীমতিৰ বেমাৰ, বা ৰুটিন মেডিকেল চেক আপ । সঁচা কথা লিখি দিবচোন “এনেই মন ন’গল, নাযাও যা, কি ডাল কৰিবি বুলি”।
আপোনালৈ অহা ফোনটো কাৰ বুলি শ্ৰীমতিয়ে শুধিলে কৈ চাবচোন, মোৰ লগৰ ধুনীয়া ছোৱালী এজনীৰ বুলি । মোবাইলৰ কচম মোবাইল এঠাইত চিম এঠাইত ন'হলে মোৰ নামত মেকুৰী পুহিব ।
ঘৰতে বহি আড্ডা দি থাকোতে যদি অপ্ৰয়োজনীয় এজনৰ ম’বাইল বাজে মিছাকৈয়ে কৈ নিদিয়েনে
মিটিঙত ব্যস্ত আছো, পিছত কৰিব বুলি । গুৱাহাটিত থকাজনক, আপুনি তেজপুৰত থাকোতেই নগাঁও পালোহি আৰু অলপ সময় পিছত পাই আছোগৈ বুলি নকয়নে ?
মহিলা এগৰাকীক বয়স সুধি চাওকচোন, হেৰৌ, এল আই চি এজেন্টো অংক কৰি কনফিউজদ হৈ যায় যে গিৰিয়েকতকৈ যদি ঘৈনিয়েকৰ বয়স বিছ বছৰ সৰু আৰু পুতেকতকৈ মাকৰ বয়স পাঁচ বছৰ ডাঙৰ হয়, মাকৰ প্ৰকৃত বয়স কিমান?
বাৰু আপোনাক কোনোবাই নিমন্ত্ৰন জনালে,
আপোনাৰ যাবলৈ মন নাই, আপুনি শ্ৰীমতিৰ অসুবিধা
বুলি মিছাৰ আশ্ৰয় নলয়নে ? এৰাব নোৱাৰা
পৰিস্থিতিত আপুনি গ’ল আৰু আলহীৰ ঘৰত দিয়া চাহকাপ আপোনাৰ পচন্দ হোৱা নাই,তথাপি
আপুনি নকয় জানো বৰ ধুনীয়া হৈছে বুলি মিছা মাতি?
আচলতে কি জানে মিছাৰ আশ্ৰয় নোলোৱাকে বা
সত্য কথা কৈ আপুনি ৫ মিনিটো চলিব নোৱাৰে । মিছা কথা ক’ব পৰাটোও এটা আৰ্ট, যি মিছা কৈ ধৰা পৰে
তেনে মিছলীয়াক ধিক্কাৰ ।
প্ৰকৃততে মিছা মতাত সিদ্ধহস্ত হ'বলৈ একো ডিগ্ৰীৰ প্ৰয়োজন নহয়, কিতাপ পঢ়াৰ প্ৰয়োজন নাই। মুঠতে মিছা বোৰ আমাৰ জিভাৰ আগতেই থাকে, ভাবিবলৈ মগজুৱে কষ্টই নাপায় ।
আৰু বহু মিছা কথা ক’বলৈ থাকিয়ে গ’ল । সময় সুবিধা পালে আপোনাৰ শপত (মিছাকৈয়ে খাইছো, ভয় নাখাব ) আকৌ কেতিয়াবা মিছা কথা কম পিছে যি কম মিছা কম মিছাৰ বাহিৰে একো নকঁও ।কাৰন সৰুৰে পৰা মানে জন্মৰে পৰা জীৱনত ইমান হকে বিহকে মিছা শুনিলো, মিছা মাতিলো, এতিয়ানো সঁচা মুখৰ পৰা ওলাব কিদৰে ?
আৰু সঁচা কৈনো জটায়ু পক্ষীৰ কি হ'ল? সীতাই সত্য প্ৰতিপন্ন কৰিবলৈ অগ্নীপৰীক্ষা দি কি হ'ল? হেৰৌ খুদ ধৰ্মৰাজ যুধিষ্ঠিৰেও মিছাৰ আশ্ৰই লৈছিল হে ৷ আমাৰ চৰকাৰে ক'লা ধন বিদেশৰ পৰা ৬০ দিনত অনাৰ কথা, স্কুটি দিয়াৰ কথা এইবোৰনো কি ? ? বাৰু , সদৌ শেষত প্ৰকাণ্ড মিছা কথাটো
"মই কেতিয়াও মিছা কথা কৈ পোৱা নাই আৰু নকওঁ ।"

স্বাধীনতা আহি আছে

ৰ'ব, ৰ'ব স্বাধীনতা নামৰ ছোৱালী বা মহিলা অহাৰ কথা কোৱা নাই ৷ দিৱসৰ কথাহে কৈছো ৷
সৰুৰে পৰা অমুকাই স্বাধীনতা দিৱস বুলিলে চৰকাৰী, বেচৰকাৰী বা বিভিন্ন দল সংগঠন সমূহে ঘোষনা কৰা এটা বন্ধৰ দিন বুলিয়েই ভাবি আহিছিলো ৷ কিয়নো অমুকাৰ শৈশৱ আলফা, বিদেশী খেদা আন্দোলন, তিৰাশীৰ নিৰ্বাচন , নব্বৈ দশকৰ বজৰং, ৰাইন' অপাৰেচন তথা এবাৰ হাত, এবাৰ হাতী পাৰ্টিৰ চৰকাৰ গঠন, তাৰ মাজে মাজে ৰাষ্ট্ৰপতি শাসন ইত্যাদি দেখি শুনি পাৰ কৰা যৌৱন ৷ বিশ্বাস কৰক স্বাধীনতা কি পাহৰিয়েই থাকিলো ৷
ঘৰৰ পৰা ওলাবলৈকো ভয়, ক'ত বা গ্ৰেনেড এডাল দৌৰ মাৰি আহি ধমহ কৈ ফুটি অমুকাৰ স্বাধীনতা চাৰিজনৰ কান্ধত উঠে ৷ সেয়ে ঘৰতে বহি পুৱাই টিভি নামৰ বাকচটো খুলি পতাকা উত্তোলনৰ কাৰ্যসূচী চাই ডাঙৰ ডাঙৰ নেতা সমুহৰ ব্যক্তিগত সচিব সমুহে প্ৰস্তুত কৰা আৰু নেতা পালি নেতা সমূহৰ দ্বাৰা পৰিবেশন কৰা ভাষণ নামৰ অখাদ্য সমূহ কাণেৰে গুজি দুপৰীয়া দেশপ্ৰেম মূলক চিনেমা এখন উপভোগ কৰো ৷ আচৰিত কথা যে আজিলৈ যিমান হিন্দী চিনেমা চালো শত্ৰুদেশ কিন্তু সদায় চুবুৰীয়া দেশ পাকিস্থান হে হয় ৷ ইয়াৰ পিছত আকৌ চৰকাৰে কয় দুয়োখন দেশৰ মাজত সম্বন্ধ স্থাপন কৰিবলৈ চেষ্টা কৰিব লাগে ৷
যি কি নহওক আমাৰ দেশৰ সৈনিকে ছহিদ বৰণ কৰি দেশক উদ্ধাৰ কৰে গতিকে মনতো গৰ্বিত হয় আৰু সেইদিনা ইমান দেশপ্ৰেম জাগ্ৰত হয় যে কোনোবা দিনা নিজেই সৈনিক হৈ গোটেই শত্ৰু দেশখনকে যেন গুলিয়াই গুলিয়াই ফুটা চালনী বনাই দিম তেনেকুৱা লাগে ৷
কিন্তু, পিছ মুহুৰ্ততে ভাবো অহিংসাৰ পূজাৰী জাতিৰ পিতা গান্ধীজীয়ে বেয়া পাব ৷ পালেও পাওঁক আজি কালি তেওঁক " জানতে টো চব হে পৰ মানতে কিতনে হে? " জাতিৰ পিতা নামাকৰনত প্ৰশ্নবোধক চিহ্ন লগাটো দুৰৈৰে কথা বহুতে টো ধূৰ্ত বেপাৰীয়েই আখ্যা দি পেলালে ৷ বাৰু ৰাজনৈতিক ইচ্ছ্যু বাদ দিলো ৷
মুঠতে গান্ধী এতিয়া ক'লা ধন হিচাপে চুইচ বেংকৰ কোনোবা কুঠৰীত বন্ধ ৷ তেওঁক ঘুৰাই আনিব বুলি দেখা পৰিবৰ্তনৰ ৬০ দিনীয়া সপোনটোৰো ম্যাদ উকলিবলেই হ'ল ৷ বিলাতী বস্তু বিসৰ্জন, মদ বিসৰ্জন কৰিব দিয়া গান্ধীজীক তেওঁৰ হাঁহি থকা ফটো সন্নিবিষ্ট টকাৰে হলিউদৰ চিনেমা চাই, ইম্পৰটেড ড্ৰেচ পিন্ধি বিলাতী সুৰা কিনাত ব্যস্ত আজি দেশৰ জনগন ৷
বাৰু সেইবোৰো বাদ দিলো ৷ কি কৰিব, এই বিদেশী জুকাৰবাৰ্গজনৰ কৃপাতে চাঞ্চ পালেই ফটা লেকচাৰ মৰা আৰু হকে বিহকে বিতৰ্ক কৰি টাইম পাচ কৰা এটা অভ্যাসেই হৈ গৈছে আৰু ৷
বাৰু আকৌ টপিকলৈ আহো ৷ জনা শুনা হোৱাৰে পৰা স্বাধীনতা মানে এটাই শব্দ মনলৈ আহে আৰু সেইটো হ'ল "চেকিং" ৷ এক আগষ্ট মানৰ পৰাই আপুনি বাইক চলাওতে হেলমেট পৰিধান কৰিব ( বাকী দিনত ইমান কথা নাই বাৰু) লাইচেঞ্চ, পলিউচন, ৰেজিষ্ট্ৰেচন ,ভোটাৰ কাৰ্ড, আই কাৰ্ড পাৰিলে ৰেচন কাৰ্ড সকলোবোৰ টোপোলা এটাত বান্ধি ডিঙিত ওলমাই লৈ ফুৰিব লাগিব ৷ নহ'লে কোন সময়ত আপোনাৰ মানিবেগ পাতলহৈ যাব টলকিবই নোৱাৰিব ৷
গাড়ী নিলেতো হ'লেই আৰু ৷ কৰবাত ফুৰিবলৈ যাবলৈকো টোপোলা টাপলি নিবলৈকো ভয় ৷ শাওণ মাহৰ বলবম শেষ হলেও " ব'ল' বম কাহা হে " বুলি আপোনাৰ টোপোলা খুলি খুলি হাজাৰবাৰ চেকিং কৰিব ৷
বাছত যাম বুলি সপোনতো ভৱা অনুচিত, কিমান ঠাইত বাছৰ পৰা নমাই খোজ কাঢ়িব লাগিব ঠিক নাই ৷ এতিয়া সেই দিনবোৰ মনত পৰিলে ভাবো, স্বাধীনতা বাৰু সঁচাই আমাৰ জন্ম চৰ্ত অধিকাৰ নে ?
অ' আৰু এটা কথা কবলৈ পাহৰিয়েই গৈছিলো আপুনি বা আপোনাৰ পত্নীক যদি ড্ৰাইভিং শিকাব মন কৰিছে আজিৰ দিনতটোতকৈ ভাল দিন আৰু উদং ৰাজপথ আপুনি কাহানিও নাপাব ৷ এই ক্ষেত্ৰত কিন্তু স্বাধীনতাৰ মজা লওক ৷ পাৰিলে ক্ৰিকেট বেট খনো ওলিয়াই লব পাৰে, ৰাজপথতকৈ ভাল ফিল্ড ক'ত পাব?
বাৰু পুৰণি কথা বাদ দিলো, স্বাধীনতাৰ কথা কওঁতে মনত পৰিল স্বাধীনতা বুলি কিবা এটা যে বস্তু আছে বিবাহিত সকলে যেন ভুলতেও নাভাবে দেই, কৈ থ'লো ৷ কাৰন বিবাহ নামৰ জাকজমকীয়া অনুষ্ঠান পাতি সেই দিনাই আপুনি ৰাজহুৱা ভাবে স্বাধীনতাক ত্যাগ কৰিলো বুলি ঘোষনা কৰি থৈছে ৷
তথাপিও যদি আপোনাৰ বৰকৈ স্বাধীনতাৰ সোৱাদ ল'বলৈ মন কৰিছে শ্ৰীমতিৰ পৰা বিশেষ জৰুৰি কালিন পাৰমিচন লৈ লগৰ কেইজনমানৰ লগত ঘৰৰ চাদত বহি তিন পাত্তি, জ্বলা চানা আৰু আগতিয়াকৈ যোগাৰ কৰি থোৱা পানীয়কনৰ সোৱাদ ল'ব পাৰে ৷ আগতিয়াকৈ আনি থোৱা নাই যদি এতিয়া গৈ লৈ আনক ৷ ড্ৰাই ডে? ধেৎ আনদিনা কেৱল সুৰাৰ দোকানত সুৰা পোৱা যায় পিছে ড্ৰাই ডে'ত সকলোতে পায়, আনকি গেলামালৰ দোকানতো ৷
পিছে ফূৰ্টি পানীকন ডিঙিত পেলাই পত্নীৰ ওচৰত বৰমতা নোলাব ৷ আজিও আগৰ দৰে মেওঁ হৈয়ে থাকিব কিন্তু, নহলে কোন সময়ত আপোনাৰ পত্নীৰ গাত গোঁসানী লম্ভিব আৰু আপোনাৰ স্বাধীনতা গৈ গছত উঠিব আপুনি তলকিবই নোৱাৰিব ৷ গতিকে সাৱধান ৷ পিছত অমুকাক দোষ নিদিব ৷
আপুনি ভাবিছে এই দিনতো মই কেনেকৈ উদযাপন কৰো ৷ মোৰ নো আৰু কি, দেশৰ সাধাৰন এজন নাগৰিক হিচাপে দেশৰ বাবে যি কৰিব লাগে ফেচবুকতেই কৰো ৷ পুৱাই উঠি কোনো নুঠাৰ আগতেই গুগুলৰ পৰা বিচাৰি তিৰংগাৰ ফটো এখন ডাউনল'ড কৰো আৰু ভাল কেপচন এটা দি ফেচবুকত পোষ্ট কৰো ৷ তাৰ পিছত গালত শ্ৰীমতিয়ে ফেব্ৰিক কৰিবলৈ অনা ৰঙৰ টেমা কেইটা খুচৰি এখন গালত তিৰংগা আঁকি চেল্ফী দিও ৷ বচ হৈ গ'ল মোৰ দেশ প্ৰেম ........

ডেম পেহা, চীনা যুদ্ধ আৰু আন বহুতো

কেইদিন মানৰ পৰা চীন ভাৰতৰ কথা শুনি মনত পৰিল ৷ ডেম পেহা, আমাৰ শৈশৱৰ পাহৰিব নোৱাৰা চৰিত্ৰৰ ভিতৰত এজন । ডেম পেহাৰ লগত যদিও তেজমঙহৰ সম্বন্ধ নাই তথাপি আমাৰ গাঁওৰ ঘৰখনৰ লগত তেঁওৰ এটা সুকীয়া সম্বন্ধ আছিল ।
ডেম পেহাৰ এটা চকু নাই, তাত পাথৰৰ চকু এটা লগোৱা আছিল ।ভালে থকা চকুটো লৰ চৰ কৰে যদিও পাথৰৰ চকুটো টেলেকা হৈ থাকে যাৰ বাবে সৰুটে বৰ ভয় খাইছিলো ।পিন্ধনত গৰমৰ দিনত খাকি ৰঙৰ বহল হাফ পেন্ট আৰু বাহুলৈকে পৰা বগা গেঞ্জি আৰু ঠান্ডা দিনত খাকি লং পেন্ট আৰু খাকি ৰঙৰ চুৱেটাৰ ।আমি পুলিচ বুলিয়ে ভাবিছিলো আৰু মাহঁতেও আমাক তেনেদৰেই কৈছিল ।
ডাঙৰ হৈ হে গম পাইছিলো তেঁও আচলতে মিলিটেৰি এজনৰ ঘৰৰ ভাত ৰান্ধনি আছিল আৰু আমাৰ ককা হঁতৰ ঘৰতো ইটো সিটো কামত সহায় কৰি দিছিল । আটাইতকৈ ডাঙৰ ভয় লগা বিষয়টো আছিল তেওঁৰ মোচ কোছা । মোচৰে মানুহ বান্ধি নিয়ে বুলি এটা প্ৰবাদো শুনিছিলো ।
ডিম্বেশ্বৰৰ পৰা ডেম পেহা নাম পোৱাৰ আঁৰৰ কাহিনিটোৱো আছিল তেঁওৰ মোচকোছা, কাৰন সেই সময়ত তেনে মোচ থকা আন চৰিত্ৰটো আছিল শিশু আলোচনী সফুঁৰাৰ ডেম পেহা ।দুয়োটা চৰিত্রই আমাৰ প্ৰিয় আছিল।
যি কি নহওক সৰুতে মায়ে ডেম পেহাক কৈ দিম বুলি কলেই ভয়ত ভাত খোৱাৰ পৰা, গা ধুৱা সকলো কাম নিয়াৰিকৈ কৰি পেলাইছিলো ।অলপ যেতিয়া ডাঙৰ হ’লো তেওঁলৈ ভয়টো কমিল আৰু আমি তেওঁক এটা খুহুটিয়া চৰিত্ৰ বুলিহে ভাবিব ধৰিলো ।
সৰুতে মাঘৰ বিহুত বিহু ঘৰ সাজি আমি যথেষ্ট উৎপাত কৰিছিলো । পথাৰৰ মাজত সজা বিহু ঘৰত কি কৰিছো তাৰ তদাৰক কৰিবলৈ দেউতাহঁতে ডেম পেহাক নিয়োগ কৰিছিল । ভোজ ভাত খোৱাৰ পিছত বয়সিয়াল লোক সকল ঘৰা ঘৰি যোৱাৰ পিছত মাঘৰ বিহুৰ আটাইতকৈ আমোদজনক চুৰি কাৰ্য্যবোৰ আৰম্ভ কৰাৰ আগত খাকি লং পেন্ট, খাকি ৰঙৰ চুৱেটাৰ এড়ি চাদৰ, হাতত তিনি বেটাৰী টৰ্চ, মুখত ইংৰাজী দৰব বিধৰ মিলমিলিয়া গোন্ধ আৰু টেলেকা চকুটোৰ সৈতে ডেম পেহা আমাৰ বিহু ঘৰত উপস্থিত হয় ।
আৰম্ভ হয় তেঁওৰ যৌৱন কালৰ বীৰত্বৰ মনে সজা কাহিনী ।কাহিনীবোৰ সৰুতে সঁচা যেন লাগিছিল যদিও ডাঙৰহৈ অহাৰ লগে লগে বুজি উঠিছিলো ।
বিহু ঘৰত দুই এটাই ঘৰৰ পৰা পিঠা আনো বুলি ডেম পেহাক ফাঁকি দি আনৰ ঘৰৰ দুই এডাল জেউৰা মাজে মাজে সৰকাই আনে, সৰু চাম ব্যস্তহৈ থাকে ডেম পেহাক কথাৰ জালত বান্ধি ৰাখিবলৈ যাতে পিছদিনা গৃহস্থ সকলে অভিযোগ দিলে ডেম পেহাই ক'ব পাৰে যে আমাৰ বিহুঘৰৰ ল’ৰাই চুৰ কৰা নাই কাৰন মোৰ লগতে আছিল ।
যি কি নহওক ডেম পেহাৰ আটাইতকৈ ৰসাল কাহিনীটো হ’ল চীনা যুদ্ধৰ কাহিনী, যিটো প্ৰতি বছৰ বিহুত আমি শুনিমেই ।কাহিনীটো ক'বলৈ বহুত কাকুতি মিনতি কৰাৰ পিছত পেহাই এই দৰে এৰে....মানে আৰম্ভ কৰে ।
“ নাইন্টিন চিক্সটি টু, মই তেতিয়া ইন্দিয়ান আৰ্মিৰ শিখ ৰেজিমেন্টত টেঙ্কৰ ড্ৰাইভাৰ ।
আমাৰ প্ৰশ্ন: “পেহা শিখ ৰেজিমেন্টত বোলে পাঞ্জাৱী মানুহ হে থাকে ?
পেহাই বোলে তঁহতে মোক ডেকা কালত দেখা পোৱা নাছিলি নহয় ।মোৰ যি দাড়ি আছিল ভাল ভাল পাঞ্জাৱীৰ মুখটো মই আজিলৈকে তেনে দাড়ী দেখা নাই । চুলিও একদম বাহুলৈকে পৰা ।মিলিটেৰি ট্ৰেইনিং মাৰি থকাৰ সময়ত মোৰ কামান্ডাৰে ক’লে “ডিম্বেশ্বৰ তুমক’ দেখটা টো পুৰা পাঞ্জাৱী হায়, তুমক’ হাম শিখ ৰেজিমেন্ট দিয়া” ৷ আৰু সেই তেতিয়াৰ পৰাই মই শিখ ৰেজিমেন্টত, বুজিলি ।
আমাৰ প্ৰশ্ন: কিন্তু পেহা আমিতো সৰুৰে পৰা তোমাক গাঁওতে দেখি আছো, মিলিটেৰিত কেতিয়া আছিলা ?
পেহাৰ উত্তৰ : মই যেতিয়া মিলিটেৰিত আছিলো তই কি তোৰ বাপেৰো জন্ম হোৱা নাছিল, আজি তঁহতৰ ককা জীয়াই থকা হ’লে ক’লে হয় বিহুৰ বন্ধত গাড়ী নাপালে এই ডিম্বেশ্বৰে টেংকলৈয়েই গাঁওলৈ অহা কথা ।
যি কি নহওঁক মোৰ তেতিয়া পষ্টিং কাশ্মীৰত, বিহুৰ ছুটিলৈ ঘৰত আছো ।মানিক মহলদাৰৰ ঘৰত তেতিয়া এটা ডাঙৰ মাৰ্ফি ৰেডিঅ’ৰ বাকচ আছিল, মহলদাৰে বাতৰি দিয়াৰ সময়ত মাইকত লগাই গোটেই গাঁওক শুনাই । শুনিলো চীনাই অসম আক্ৰমন কৰিছে ।মোৰ তেজ গৰম হৈ গ’ল, ৰাতিয়েই চহৰত গৈ হেডকোৱাটাৰ পালো, ইফালে লক্ষীন্দৰ বোলা চাপ্রাচিটো দৌৰি আহিছে টেলিগ্ৰাম এখন লৈ ।বৰ চাহাবে দিছে যে “ইয়ৰ ছুটি কেনচেল, কাশ্মিৰ কেনচেল, ফাইট ইন আচাম” ।
লগত লগত হেডকোৱাটাৰৰ পৰা টেংক এখন লৈ ১০ টা মান মিলিটেৰি সহ বালিপাৰা হৈ তোৰ বমডিলা পাই গ’লো । ইফালে চীনা আহি বমডিলাত বম দিছে ।
আমাৰ প্ৰশ্ন: সেই কাৰনে নাম বমডিলা নেকি বাৰু পেহা?
পেহাৰ উত্তৰ : নহয় কি? বিশ্ব যুদ্ধৰ সময়ত জাপানৰ ৰজা হিটলাৰে আমাৰ নাগালেন্ডত বম দিয়া বাবে এটুকুৰ জেগাৰ নাম নাগাচাকি হ’ল আৰু চীনাই বম দিয়াৰ বাবে বমডিলা ৷
(বিঃ দ্ৰঃ ভাগ্য ভাল ডেম পেহাৰ এই বোৰ কথা কোনো বুৰঞ্জী বা ভূগোলৰ শিক্ষকে শুনা নাছিল,শুনা হ'য় আজিলৈকে হয়তো ক'মাত থাকিল হয় ৷ শুনি আছিলো আমি ভো ভো পণ্ডিত কেইটাইহে) ।
মইও টেংকৰে গুলীয়াই আছো থাই থাই থাই, চুটি চাপৰ চীনা কেইটাও আমাক বন্দুকৰে গুলিয়াই আছে ।
(সৰু পোৱালী কেইটা ভয়ত পেহাৰ আৰু কাষ চাপি গ’ল । তাৰে এটাই বেচি জনাতো হৈ ক’লে বোলে জান’ পেহাৰ যে চকুটো এই খন যুদ্ধতে গুলি লাগি ফুটিছিল, ন’ পেহা ? একদম গুলীটো চকুৱেদি সোমাই মুৰৰ পিচফালেদি ওলাই গুছি গৈছিল । আন এটাই বোলে ধ্যেৎ তই বেছি জান’ নেকি সেইখন মানৰ যুদ্ধহে আছিল । এটাই বোলে মানৰ যুদ্ধ নাইন্টিন ফৰ্টি টুত হে হৈছিল, আন এটাই বোলে ধ্যেৎ, নাইন্টিন ফৰ্টি টুত ভাৰতৰ আৰু পাকিস্থানৰ যুদ্ধ হে হৈছিল ৷ নাইন্টিন চেভেনটি টুত স্বাধীনতা আন্দোলনতহে পেহাই যুদ্ধ কৰিব যাওতেহে পেহাৰ চকুটো ফুটিছিল ।
পেহাও কনফিউজড হৈ গ’ল, কেতিয়া কাক বা কোনখন যুদ্ধ ক’লে, তথাপি কথাটো তাতে ব্ৰেক মাৰি পেহাই বোলে কোনোবা এখন আছিল পাহৰিলো ৰ' তাৰ পিছত কি হ'ল শুন । এটা গুলী আহি আমাৰ টেংকৰ ড্ৰাইভাৰ কৰম সিং বোলাটোৰ গাত যেই লাগিল মোৰ তোৰ খঙে চুলিৰ আগ পালেগৈ, টেংকৰ পৰা নামি দুই নলীয়া বন্দুকটোলৈ গ’লো খেদি ।সোপাকে পলাল, তাৰে এটাক ধৰিলো পিছ ফালৰ পৰা চোলাত খামুচি । সি বোলে হামাক চৌৰ দ’ , হামাক চৌৰ দ’ । মই বোলো বেটা তোক চৰি দিব লাগে, দিলো কানতলিয়া চৰ দুটা ।
আমাৰ প্ৰশ্ন: পেহা পেহা চীনা মানুহে চীনা ভাষাতহে কথা পাতে, তোমাৰ লগত হিন্দীত কথা কেনেকৈ পাতিলে?
পেহাৰ উত্তৰ :ৰ’ চোন মাজত মাতি নাথাক,মই এতিয়া মানুহটো তঁহতৰ ডেম পেহা নহয়, নাইন্টিন চিক্সটি টুৰ জোৱান ডিম্বেশ্বৰ কলিতা, যুদ্ধ কৰি থকাৰ সময়ত দিগদাৰ নকৰিবি । অ ৰ’ ক’ত আছিলো, অ’ চৰটো মাৰি টেটুটোত চেপিব লৈছো আৰু, তাৰ মুখ খন দেখিটো মোৰ বেয়া লাগি গ’ল, একদম আমাৰ গাঁওৰ ইন্দ্ৰেশ্বৰৰ সৰু ল’ৰা বোধেনৰ লগত সাইলাখ একে । এতিয়া বোধেনক মই কোচতলৈ ডাঙৰ কৰা, তাৰ নিচিনা একে চেহেৰাৰ ল’ৰাটোকনো মাৰো কি দৰে ? আৰু তই যে সুধিছিলি চীনাই হিন্দী কেনেকৈ কয়? তই অসমৰ বাহিৰত গ’লে অসমীয়া কবি নে হিন্দী কবি? চীনা বোৰেও ভাৰতলৈ অহাৰ আগত হিন্দী শিকি লৈছিল, বুজিলি গৰু ।
অ’ তাৰ পাছত তাক মৰমতে মনে মনে আমাৰ কেম্পলৈ লৈ আহিলো । মোৰ কাপোৰজোৰ পিন্ধাই দি ক’লো এতিয়া তোক মাৰিব নালাগে যদি আমাক ইনফৰমেশ্চন দে ।সি দিয়া ইনফৰমেশ্চন মতে আমি বহুত চীনা মাৰিলো ।ভাৰত জিকিল আমি আকৌ ছুটিত আহিলো । আহিবৰ সময়ত সি বোলে দাদা মইও আপোনাৰ ঘৰ যাম ।লৈ আনিলো তাক, প্ৰায় দুবছৰ মান ইন্দ্ৰেশ্বৰ কাইটিৰ ঘৰত হালোৱা হৈ থাকিল ।পিছত মোৰো বেয়া লাগিল, হাজাৰ হঁওক সিও এখন দেশৰ সৈনিক, তাৰ গাত নো কি দোষ? সিও এদিন মোক ক’লে বোলে ককাইদেউ ঘৰলৈ বৰ মনত পৰিছে, মই বোলো যা গৈ যা, টকা পইছা অলপ দি অৰুনাচল পাহাৰহৈ পঠিয়াই দিলো।
(আচলতে ডেম পেহাই যি জন মিলিটেৰিৰ ঘৰত আছিল, তেঁওলোকৰ মুখত শুনা কথাবোৰেই আমাক ইফাল সিফালকৈ মিলাই একোটা কাহানি বনাই শুনাইছিল । ডেম পেহাৰ গাজা আৰু আছে , আজিলৈ ইমানেই)

ট’ইলেট .......এখন বিয়াৰ কথা

ট'ইলেট, এক প্ৰেম কথা নামৰ সত্য ঘটনাৰ ওপৰত প্ৰতিস্থিত চিনেমাখনৰ দৰে মোৰো ট'ইলেট সম্বন্ধীয় সত্য কাহিনী এটা মনত পৰি গ'ল ৷ কাহিনীৰ সময়কাল অসমত মিনাৰেল ৱাটাৰৰ বটল আবিৰ্ভাৱ হোৱাৰ আগৰ ৷
বাৰু সময় অনিষ্ট নকৰি কাহিনীলৈ আগবাঢ়ো ৷ এৰাব নোৱাৰা পৰিস্থিতিত, সম্বন্ধীয় এজনৰ বিয়াত দেখা এটা দিবলৈ এবাৰ মই আৰু মোৰ লগৰ এজন গাওঁলৈ বুলি ওলালো ৷ দুদিন মানৰ পৰা পেটৰ লগত মোৰ টামাম বিসম্বাদ চলি আছিল যদিও মনৰ জোৰত বিয়া ঘৰ পালোগৈ। গৈ পোৱা মানে বৰযাত্ৰী ওলালেই । গতিকে দৰাৰ মাহী-পেহী দুজনীমানক গাড়ীৰ পিছ চিটত ল’ড কৰি চিধা কইনাঘৰ পালোগৈ ।
কইনা ঘৰৰ ভোজত দৰাৰ খুলখালীয়ে দেখুৱা মৰমৰ অত্যাচাৰত মাছে মঙহে দকচি দিলো ৷ দুই ইন্সি দীঘল জিভাৰ জুতিত অসন্তুষ্ট হৈ সাত মিটাৰ দীঘল পাকস্থলীয়ে গিৰ গিৰ গুৰগুৰ কৰি জাঙুৰ খাই উঠিল ।মই বোলো পেটৰ কথা পেটতে থাকক, আনে শুনাৰ আগতেই যি ল'ড কৰিলো ইয়াতেই
আনল'ড কৰি যোৱাই মঙ্গল হব । ইমানদুৰ বাট তাতে ৰাতিৰ কথা । লগৰ জনক ক'লো বোলো পিছফালে যাব লাগিছিল ৷ সি ক'লে পাৰিবি জানো ? মই কলো কিয় নোৱাৰিম, মইতো অকলেই কৰো । সি বোলে কোনোবা এজনক সুধি ল’ও ৰ’। মই বোলো নালাগে নিজেই বিছাৰি যাঁও ব’ল ।
বিয়াঘৰৰ পিছফালেদি বিচাৰি গৈ গৈ বাহঁনিৰ তলত কোনোমতে আবিস্কাৰ কৰিলোগৈ ।লগৰটোৱে ক’লে মালতো কেছা দেখোন, মই বোলো কেছা পকা যিয়েই নহওক টিপা মাৰি ৰাখিব নোৱাৰিছো আৰু ।
চকু ফুৰাই দেখিলো বস্তুটো বাঁহৰ কামিৰে বনোৱা চাঙী এখন, মাজত চাৰিচুকীয়াকৈ কটা আছে, যি ফালেদি তলৰ গাঁতটো দেখা পোৱা যায় ৷ বেৰ বুলিবলৈ শুকান কল মগুনাৰে ঢকা ৷ দৰ্জা বুলিবলৈ চটি বস্তা এখন পৰ্দাৰ দৰে ওলমি আছিল ৷ লগৰজনে হালধীয়া মুখ কটা গেলেন এটাত পানী যোগাৰ কৰি দি গ’ল । সি বোলে তই কৰ, তেতিয়ালৈ মইও অকন গাড়ীতে বহি ডিঙিটো তিয়াই লওগৈ ৷ মই সময় অনিষ্ট নকৰি পজিছন মিলাই বহি দিলো ।
বহিব হে পালো ফুটাতোৱেদি হো হোৱাই শব্দ কৰি অহা মাইকি মহৰ জাকে মোৰ গোপনীয় অংগকে ধৰি দেহৰ সকলো অংশতে বেজি দিব ধৰিলে । মহ মাৰি মাৰি
মাজে মাজে মহৰ উৎপাতত উঠা বহা কৰি মই একান্ত মনে কামফেৰা কৰি আছো, এনেতে শুনিলো বাহিৰত নাৰী কন্ঠ, মই বোলো হে হৰি কি কৰা যায়?
দৰ্জা বুলিবলৈ নাই, তাতে পোহৰ বুলিবলৈও নাই ৷ মহিলা গৰাকী যদি ঘোপ মৰা অন্ধকাৰত কোনো নাই বুলি সোমাই আহে আৰু মোক এই অৱস্থাত দেখে মুৰ্চা গৈ যে মোৰ কোলাতে লাং পৰিব সেইটো খাটাং ৷ তাতে বিয়াঘৰৰ মানুহে যদি দৌৰি আহি বাঁহনি তলত মোক এনে অৱস্থাত মহিলা গৰাকীৰ লগত একেটা পাইখানাতে দেখে কি হব? হে প্ৰভু বৰ বেয়া বেয়া চিন্তাবোৰ মনলৈ আহিব ধৰিলে ৷ কি কৰা যায় ভাবি লৰালৰিকৈ মই দুটা মান গ'ল হেকাৰি দি "ভিতৰত মানুহ আছো দেই" বুলি ক'লো কাৰন হঠাত গলহেকাৰি শুনি ভুত প্ৰেত বুলি ভয় খাবও পাৰে ৷
যি কি নহওঁক আৰু অলপ সময় বহি সম্পুৰ্ণ সুখ কন লোৱাৰ পৰা বঞ্চিত হ'লো ৷ শেষৰ কামফেৰা কৰিবলৈ গেলেনটো ডাঙি চাই দেখো অলপ পাতল পাতল লাগিছে ৷ হে হৰি ফুটা আছিল তাৰমানে? ?????
মহিলা কেই গৰাকীও আঁতৰি নাযায় মইও ওলাব নোৱাৰা পৰিস্থিতি । মৌনতা ভাঙি কিছু সময় পিচত সিঁহতে মাত দিলে বোলে মৰিলে নেকি আকৌ ভিতৰত থকাতো নে গাঁতত পৰিল ওলাই নাহে যে ? মই আকৌ গ'ল হেকাৰি মাৰি জীয়াই থকাৰ প্ৰমাণ দিলো ৷ সিঁহতে কলে অ' আছে আছে মৰা নাই এজনিয়ে কৈছে খুব খালে চাগৈ আনজনিয়ে কৈছে নহয় পেট খালি কৰি লৈছে আকৌ খাবগৈ চাগে । মই মনতে বোলো যি কব খোজ কৈ থাকক , কিন্তু মই যি বহিলো বহিলো, উঠাত নাই ৷
ইফালে মহৰ উৎপাতৰ পৰা বাছিবলৈ বিভিন্ন ভংগীমা আৰু মুদ্ৰাত উঠা বহা খন কৰি নিজৰো আমনি লাগিছিল পিছে উপাইও নাই ৷ এগৰাকীয়ে হয়তো আৰু ধৈৰ্য ধৰিব নোৱাৰিলে আৰু গতিকে উপায়ন্তৰ হৈ মাত দিলে "হেৰি ওলাই নাহে কিয় , কি পুথি পঢ়ি আছে , সোনকাল নকৰে কিয়? আমিও যাব লাগে নহয় ৷" মই বোলো গেলেনটো
ফুটা আছিল পানী নাই , হেৰি ধোৱা কাম ফেৰা নকৰাকৈ কি দৰে ওলাম ? সিঁহতে ক'লে আমি কি ৰৈ থাকিম,নেকি? যি কৰে সোনকালে কৰক ৷ মই বোলো মই একো কৰিব নোৱাৰো, ইমান ইমাৰজেঞ্চি যদি বাঁহনিৰ তলতে কৰা ৷ কবলৈহে পালো, যি কেইটা হে গালি দিলে । মইও কৈ দিলো বোলো গালিলৈ অমুকাই কেয়াৰ নকৰো, নোলাও বুলিছো নোলাও ।
কিছু সময় পিছত কিছু সময় বাঁহনি তল খন নিতাল মাৰিলে ৷ ঝিলি দুটামানে কেৱল টেটুফালি চিঞৰি আছিল, মাজে মাজে এডাল বাঁহে আন এদালৰ গাত ঘঁহনি খাই হোৱা ভয়ানক শব্দ কিছুমান ৷ জয়াল পৰিবেশটোত বাহিৰত থকা দুজনিৰো মাতবোল নোহোৱা হ'ল ৷ হয়তো গুছি গ'ল কিন্তু পেটে পেটে অলপ ভয়ো লাগিল বাঁহনিৰ তল তাতে ৰাতিৰ কথা ডাইনী যখিনি নহয়টো? মই এফালৰ পৰা যিমান বোৰ ভগৱানৰ নাম সৰুৰে পৰা শুনি আহিছো এফালৰ পৰা ডাঙৰ ডাঙৰ কৈ মাতিব ধৰিলো । চটি বস্তাৰ পৰ্দা খনৰে ফাঁক কৰি ইফালে সিফালে চালো ইশ্বৰৰ ইচ্ছা খেৰৰ মেজিটোত চকু পৰিল । ঈশ্বৰক হাজাৰ ধন্যবাদ জনাই দৌৰা দৌৰিকৈ গাড়ী পালোহি ৷ লগৰটোক কথাখিনি ক'লো ৷
সি ক'লে অৱস্থা কেনেকুৱা?
মই বোলো শৌচনীয় ৷
বাটত লগাৰ সম্ভাৱনা?
মই বোলো সম্পুৰ্ণ ৷
ধোৱাৰ উপায়?
মই বোলো নিৰুপাই ৷
দুৰ্ভাগ্য বশত, মই যি সময়ৰ কথা লিখিছো অসমত প্লাস্টিকৰ বটল তথা মিনাৰেল ৱাটাৰৰ পাদুৰ্ভাৱ হোৱা নাছিল ৷ গাড়ী স্টাৰ্ট দিলো ৷ কিছু দুৰ অহাৰ পিছত লগৰজনে দোকান এখন দেখি হঠাৎ ৰখাব ক'লে ৷ সি দৌৰ মাৰি গৈ টোপোলা এটাত কিবা কিনি আনিলে ৷ মই বোলো কি কিনিলি? টিভিত দিয়া বিজ্ঞাপনটোৰ দৰে সি ক'লে " মেংগ' ফ্ৰুটি, ফ্ৰেচ এণ্ড জুইছি " ৷ পিছে খাবলৈ নহয়, বাটত ......
(বুজাই বুজক, নুবুজাই ছমাহলৈকে যুঁজক)
(দেৱজিৎ শইকীয়া)
১৪,৮,১৭

চৌদিশে এতিয়া এটাই শব্দ "পানী"

চৌদিশে এতিয়া এটাই শব্দ "পানী"
পানী ...পানী.... পানী ৷ মুঠতে চাৰিওফালে পানী ৷ ৰ'ব পানী পানী বুলি মই য়ৌ য়ৌ হনী সিংৰ গানটো গাব খোজা নাই ৷ অসমৰ গোটেইসোপা পানী একেলগ কৰি কিবা এটা লিখিবহে ওলাইছো ৷ ক'ৰবাত যদি বানপানী আৰু চকুপানী ক'ৰবাত আকৌ জিভাৰ পানী আৰু ঘৰিয়ালৰ চকুপানী ৷ মুঠতে পানী আৰু পানী ৷
বাৰু, আমি জানো যে পানীয়েই জীৱৰ প্ৰাণ ৷ ৰ'ব ৰ'ব, পানী বুলি কওঁতে আকৌ মই সন্ধিয়াৰ ফুৰ্টি পানীকনৰ কথা হে ক'ব ওলাইছো দেই ৷ যি কন নাখালে বহুতৰে প্ৰাণ বায়ু উৰি যাব যেন লাগে সেইকনৰ কথাহে , নৰ্মেল পানী মানে টিউবেল, কুঁৱা, পুখুৰী এইবোৰ পানীৰ কথা কোৱা নাই ৷ বানপানীৰ কথাটো মুঠেও নকওঁ কাৰন বানপানী আমেৰিকাতো হয় ৷ সেইটোনো কি ডাঙৰ কথা ৷
যিয়েই নহওঁক কিয় পানী পানীয়েই, লাগিলে সি কলহৰ পানীকনেই হওঁক বা বিলাতি পানীকনেই হওঁক৷ বিলাতি পানীৰ কথা ওলাল যেতিয়া বহুতৰে যে জিভাৰ পানী ৰখাব নোৱাৰা অৱস্থা হৈছে অমুকাইও বুজিব পাৰিছো ৷ সন্ধিয়া হ'লে যে আড্ডাত নৰ্মেল পানীৰ লগত বিলাতি পানী মিক্স হৈ ডিঙি পাৰ হোৱাৰ পিছতেই পাক খোৱা জিভাৰ কথাই জাতিয়তাবাদ- ৰাষ্ট্ৰীয়তাবাদৰ পৰা ডাইৰেক্ট গৈ হোৱাইট হাউচ পাইগৈ সেইটো নক'লেও সকলোৱেই জানে ৷
সঁচা কবলৈ অসমত এই পানীকনেই এনে এক বস্তু যাৰ কাহানিও সমস্যা হোৱা নাই ৷ প্ৰতিটো চাৰিআলিত কিম্বা দুইৰ পৰা দহ কিলোমিটাৰ ভিতৰত ফাৰ্মাচি নাপালেও ফুৰ্টি পানীৰ দোকান যে আপুনি পাব গেৰান্টি ৷ শইকীয়াৰ দিনৰ পৰা বুলি আমাৰ মহন্তদেউৰ দিনলৈকে অসমত যিমান ফুৰ্টি পানীৰ দোকানৰ লাইচেঞ্চ দিলে আৰু চৰকাৰে যিমান ৰাজহ এই পানীকনৰ পৰাই সংগ্ৰহ কৰে, চাবলৈ গ'লে অসমত যে কাহানিও ফুৰ্টিপানীৰ সমস্যা নহয় সেইটো ধুৰুপ ৷
যি কি নহওক বিহাৰৰ দৰে পানীৰ সমস্যাত জুৰুলা হোৱা ৰাজ্যইও ফুৰ্টিপানী বন্ধ কৰাৰ পৰিবৰ্তে আমাৰ অসমৰ বোকাপানীত ফুলা নতুন চৰকাৰে ড্ৰাই ডে কমাই আনি অতিৰিক্ত চাৰিশ কোটি টকা পানীকনৰ পৰাই ৰাজহ আদায় কৰাৰ যি পৰিকল্পনা কৰিলে সিও লেখত লবলগীয়া ৷
"সুৰাই একমাত্ৰ ইশ্বৰ প্ৰাপ্তিৰ পথ নহয়" বুলি দিয়া বিজ্ঞাপনকো বহু চকু চৰহাই আকৌ বুজিয়েই নাপালে ৷ প্ৰকৃততে বুজাব বিচাৰিছিল যে সুৰাই এক্সিডেন্টলি ভায়া জি এন আৰ চি হৈ ডাইৰেক্ট ঈশ্বৰ প্ৰাপ্তি কৰিব পাৰে বা দীৰ্ঘদিনীয়া সুৰা ভক্তিৰ ফলত ভায়া ভেলোৰ হৈ ঈশ্বৰ প্ৰাপ্তি ঘটাব পাৰে ৷
যি কি নহওঁক "ভিতৰৰ অফিচাৰ জনক জগাই তোলক"ৰ বিজ্ঞাপনৰ দৰে পানী এটুপি ধৰি বহুতৰে সন্ধিয়া হ'লেই যে ভিতৰৰ মতা মানুহটো জাগি উঠে আৰু ইংৰাজী ভাষা আখৈ ফুটাদি ফুটে সেইটো সৰ্ব্বজন বিদিত ৷ পানী কেঁচুৱা এটাইও জানে যে অসম পানীতে ডুবি থাকে ৷ এই ধৰক বানপানী, চাহপানী, সাজপানী, লাওপানী ইত্যাদি ইত্যাদি ৷ বিশেষকৈ গৰমৰ বন্ধত অসমৰ আধাফাল ডুবি থাকে বানপানীত আৰু আনফাল এক'লেণ্ডৰ পানীত ৷ বিচিত্ৰ জীৱন বিচিত্ৰ মন ৷
আটাতকৈ ডাঙৰ কথা যে পানীয়ে কেতিয়াবা হাঁহিৰ খোৰাকো যোগায় ৷ উদাহৰন স্বৰূপে পানীৰে পৰিপূৰ্ণ অসমৰ এল পি স্কুলবোৰত বৰষুনৰ পানী সংৰক্ষন কৰাৰ নামত লাখ লাখ টকা চৰকাৰে পানীত পেলোৱা কাণ্ড কাৰখানা বোৰ দেখি অথবা বছৰৰ পিছত বছৰ ধৰি ব্ৰহ্মপুত্ৰ কন্ট্ৰল বৰ্ড আৰু গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা সমাধানৰ নামত সাধাৰন মানুহক জোলোকা জোলোকে পানী খোৱাৰ কথাবোৰ দেখি শুনি কেতিয়াবা ভাবো এই পানীত পৰা মানুহবোৰক দেখি ঘৰিয়ালৰ চকুপানী টুকা নেতা সকলোটো কম অভিনেতা নহয় ৷
পানীৰ কথা ক'বলৈ গৈ যদি অসম ৰাজ্যৰ জলসিঞ্চন বিভাগৰ নামটো নকও পাপে চুব ৷ কোটি কোটি টকা পানী কৰি পথাৰতকৈ ওখ বান্ধবোৰেদি যোগান ধৰা পানীকনৰ বাবে আৰু পানী নোলোৱা দমকল কেইটাৰ বাবেই যে খৰালিও অসমৰ খেতিয়কে চিৰাল ফাঁট দিয়া মাটিত খেটি কৰিব পৰা সুবিধা পাই আহিছে সেইটো সৰ্বজনবিদিত ৷
বিধানসভাৰ অধক্ষ্যই গোঁসাই হৈও জীৱনত প্ৰথমবাৰৰ বাবে আহু ধানৰ কঠিয়া ৰোৱা পথাৰত আমাৰ জল দেৱতাৰ কৃপাত জীয়াই থকা জলসিঞ্চন বিভাগে পথাৰত পানী যোগান নধৰা কাৰ্য্যই প্ৰমান কৰে যে জলসিঞ্চনৰ মন্ত্ৰীৰ নামৰ ৰঞ্জিত ধানৰ খেতি নকৰি আহু খেতি কৰিব খোজাত হে বিভাগটো অসন্তুোষ্ট হয় ৷
জলসম্পদ বিভাগৰ কথা নোকোৱাই ভাল ৷ কাৰন তেওঁলোকে জলসম্পদ বুলি ক'লেও আজিলৈকে ব্ৰহ্মপুত্ৰ আমাৰ বাবে সমস্যা নে সম্পদ এই কথাষাৰৰ তত্ত্বই বিচাৰি উলিয়াবলৈ সক্ষম নহ'ল ৷ হয়তো সাধাৰন মানুহৰ বাবে সমস্যা আৰু তেওঁলোকৰ বাবে সম্পদ ৷
আভ্যন্তৰীণ জলপৰিবহন? মানে ফেৰী কেইখন? হ'ব দিয়ক নকও আৰু ৷ নহ'লে এই বিয়াগোম বিভাগ আৰু কৰ্মচাৰী সকলে বেয়া পাব ৷

বৰলাৰ বিয়া

বিধিয়ে দিলেও বিধতাই নিদিয়া এজন মোৰ বন্ধুৰ কথা ক'বলৈ ওলাইছো ৷ কথাটো হ'ল প্ৰায় তিনি কুৰি দুই ডজন ছোৱালীয়ে বন্ধুৰ তেজক পানী কৰি কৰা প্ৰেমক প্ৰত্যাখান কৰি বেলেগৰ পাণি গ্ৰহন কৰি সকলো কষ্ট পানী কৰি তাক ঢোকাঢোকে পানী খুৱোৱাৰ পিছত ঘৰৰ সকলোৱে তাক পানী পানী কৰি বুজাই দিলে যে তোৰ দ্বাৰা আৰু ন'হব ৷
বহু সময়, টকা পইচা প্ৰেমৰ নামত পানী কৰাৰ পিছত মামা মামী পেহা পেহী খুড়া খুড়ী, মুঠতে সকলো মিলি পাত্ৰী বিচৰা অভিযানত নামিল ৷ ক'বলৈ গ'লে মাছ নাপালেও পানী ঘোলা কৰিহে এৰিব টাইপ ৷ দুই এজন সম্বন্ধীয়ই পানী জৰাইও আনিলে , দুজনমানে মন্দিৰৰ পৰা অনা শান্তি পানীও চটিয়ালে ৷ নাই কামত নাহিল ৷
অবশেষত যেন তেন এজনী তাৰ বাবে যেনিবা ওলালগৈ ৷ ছোৱালীৰ বাপেক আছিল অসমীয়া বিভাগৰ শিক্ষক ৷ হ'ব লগিয়া শহুৰক ইম্প্ৰেছ কৰিবলৈ সি খাটি বিশুদ্ধ অসমীয়া শিকি এদিন তেওঁলোকৰ ঘৰ পালেগৈ ৷
পিছে পাণি গ্ৰহন কৰিবৰ বাবে পচন্দ হ'ল তাৰ সৰু জনীহে ৷ সি পানী চালি ফুৰা মানুহ নহয় যদিও অসমীয়া ভাষাত শহুৰতকৈও বেছি জনাতো দেখাবলৈ ডাইৰেক্ট কৈ দিলে বোলে মই আপোনাৰ সৰুপানীহে গ্ৰহন কৰিব হে বিচাৰো ৷
তাৰ পিছত আৰু কি হ'ব আৰু হ'ব লগা শহুৰে একেচাতেই দুৱাৰখন দেখাই দি বোলে ৰাষ্টাৰ কাষত ৰৈ কৰি ল'বা এনে অসমীয়ালৈ মোৰ ছোৱালী বিয়া নিদিও বুলি কোৱাত বেচেৰাই চকুপানী টুকি গুচি আহিল ৷
তাৰ পিচত কি হ'ব, বানপানীত ক'কবকাই থকা মানুহৰ দৰে সিও পাণি গ্ৰহন কৰিবলৈ ছোৱালী বিচাৰি ক'কবকাই ফুৰিলে ৷ মুঠতে বৰলা জীৱন পানীত হাঁহ নচৰা অৱস্থা হ'ল ৷ পানী এটোপা খা বুলি কবলৈ, গৰমপানী অকন পুৱা গধূলি দিবলৈকো, পানীদুনি অকন যাচিবলৈকো আনকি মৰিলে মুখত পানী টুপি দিবলৈকো তাৰ ঘৰত কোনো নাই ৷ কাৰো পানী খোৱা পুখুৰীত বিহ ঢালি পোৱা নাই যদিও ঈশ্বৰে তালৈ এজনী কিয় নপঠালে সি আজিলৈকে নুবুজিলে ৷
বহু ঠাইত ছোৱালী বিচাৰি চেণ্ডেল চোচৰাই চোচৰাই গৈ গৈ ভৰিত শেষত তাৰ পানীজোলা বান্ধিলেগৈ ৷ এনে দৰে পানী কোবাৰ পিছত এদিন পানীপোতাত আমন জীমনকৈ নাকৰ পানী চকুৰ পানী একাকাৰ কৰি বহি থাকোতে কোনে জানো আহি তাক উপদেশ দিলেহি বোলে
পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত
খোদা ৰছুল লোকাই আছে মোমিনৰ আৰত
পানীত থাকি পিয়াহত মৰ কেলই? ফেচবুক একাউন্ট এটা খোল তাৰ পিছত চা ৷ এনেও অসমীয়া ল'ৰাই বিদেশী ছোৱালীক বোৱাৰী কৰি আনি ৰেকৰ্ড গঢ়ি তুলিছে ৷ কথামতে কাম , একাউন্ট খুলিলে ৷ ভালৰ ভাল ফটো কেইখনমান এডিট কৰি প্ৰফাইলত দিলে আৰু ডাইৰেক্ট ছোৱালী চোৱা ব্যৱস্থাক পানী এচলু দি ফেচবুকত ছোৱালী বিচৰাত লাগিল ৷
তাৰ পিছত কি হ'ল? ??
অলপ পদ্য আকাৰতে পঢ়ক ৷
ফেচবুকৰ চেলিব্ৰেটি আমাৰ বৰলাকাই,
চেলিব্ৰেটি হলেও কিন্তু তেৰাৰ অকনো ভেম নাই
সন্ধীয়া হ'লে মাত্ৰ অকনমান বিলাতিবিধ খাই,
পিছে নলাত পৰি থকা ৰেকৰ্ড আজিলৈকে নাই
দেখাক দেখি বডি বনাই ,
জিমলৈকো যাই,
হাড়ে চালে লগা দেহাত মঙহ হে নহ'ল হায়
গাৰ বৰন কিনো কম যেন ফুট চাই,
ৰঙা লংপেন্ট নিলা স্পৰ্টিং আৰু পিন্ধে টাই ৷
জীৱনভৰ ছোৱালী বিছাৰি এজনিও নাপালে পাই,
বৰলা হৈ সেয়ে আজি কালি নিজে ৰান্ধি মেলি খাই৷
ফেছবুকত ছোৱালী এতিয়াও বিছাৰি চাই
বিবাহিত বোৰক দেখিলেহে তেৰাৰ খং উথি যায়
বৰলাকাইৰ কথা কৈ নপৰে ওৰ,
সিদিনাখনৰ কথা এটা আজি মনত পৰিল মোৰ
বৰলাহৈ নাথাকো আৰু বুলি লৈ ললে চেলেঞ্জত
বুটাম টিপিলে মোবাইলত,
বিয়া পাতিম বুলি আপডেট দিলে স্টেটাচত ৷
বহুকেইটা প্ৰপ'জেল আহিল ফেচবুকৰ ইনবস্কত৷
তাৰে এজনীৰ প্ৰফাইল চাই বুক কৰিলে ফটাফট ৷
মাতি পথালে ডেটিংত ৷
ফুৰ্তিতে কাইয়ে বাইক চলালে স্পীডত,
ব্ৰেক মাৰিলে কিটিপত ৷
চিটিকি পৰিল নেহেৰু পাৰ্কৰ ভিতৰত ৷
প্ৰেয়সীক বহাই ললে ওচৰত,
পুখুৰীটোৰ কিনাৰত৷
সাবটি ললে আন্ধাৰত
চুমা এটা খাই দিলে কপালত ৷
প্ৰেয়সীয়েও সাবটি ললে চেনেহত ৷
নিচাৰ কোবত দিছিল চুমা খাই
দাড়ীয়ে বিন্ধাত হে হুচ আহিল ছোৱালী নহয় ভাই ৷
সেইজন আছিল সিবিধ, মতা মাইকী চিন চাব নাই,
ডিঙিত গবা মাৰি ধৰি নেৰা হ'ল কাইক ৷
বিছাৰি মেলি চলাথ কৰিলো ককাই দেখোন নাই
পিছৰদিনা জোপোহাৰ তলত পালো যায়,
বেহুচ হৈ পৰি আছিল মাত বোল নাই ৷
মই বোলো কি হল বৰলাকাই ৷
কালিৰে পৰা দেখোন অনলাইন নাই?
মোক বোলে নকবি ইজ্জত আৰু মোৰ নাই ৷
আজি কালিৰ আপা গিলা আপীৰ দৰে ভাই ৷
কানফুলি নাক ফুলি আৰু লাম্বা চুলি আছিল তাইৰ ৷
ফেক একাউন্তৰ পাল্লাত পৰল্লু যাই,
ফেচবুকৰ প্ৰফাইল ফটোত আৰু বিশ্বাস মোৰ নাই

গৰুৱে মানুহৰ বিষয়ে লিখা ৰচনা খন

মানুহ
আৰম্ভনী:
মানুহ এবিধ অপকাৰী ঘৰচীয়া জন্তু ৷ ইহঁত দুঠেঙীয়া যদিও পুৰ্বপুৰুষ সকল চাৰিঠেঙীয়া আছিল বুলি নিজকে গৰ্ব কৰে ৷ ইহতঁৰ ঠেং দুখনক ভৰি বুলি কয় আৰু ভৰিৰে খোজ কঢ়াৰ ওপৰিও ভুল কৰি উঠি ভৰিত ধৰি মাফ খোজা কাৰ্যতো ব্যৱহাৰ কৰে ৷ ইহঁতৰ নিজৰ মাজতে লাট মৰা তথা লেং মৰা ইত্যাদি কাৰ্যত সিদ্ধহস্ত ৷
আগফালৰ ঠেংদুখন ভৰিৰ তুলনাত পয়া লগা যাক হাত বোলা হয় ৷ হাতেৰে ইহঁতে খোৱা আৰু হেৰি ধোৱা দুয়োতা কাৰ্য সম্পাদন কৰে ৷ কিছুমান মানুহৰ হাত লৰ থাকে আৰু কিছুমান মানুহ হাত দীঘল হোৱাও দেখা যায় ৷
মানুহৰ চকু দুটা ৷ বহুতো মানুহক চকুৰ ওপৰত বিটচকুও পিন্ধা দেখা যায় ৷ ইহঁতে সকলোকে সমান চকুৰে চাব নোৱাৰে তথা সুবিধা পালেই বেয়া চকুৰে চায় তথা চকু টিপিয়াই বেয়া ইংগিত দিয়াও দেখা পোৱা যায় ৷ কম বেছি পৰিমানে সকলো মানুহ একেই যদিও কিছুমান মানুহক আকৌ চকু চৰহা বুলিও কোৱা হয় ৷
মানুহৰ লৰ চৰ কৰিব নোৱাৰা দুখন কাণ থাকে আৰু কাণ দুখনৰে কথা শুনাৰ উপৰিও মিছা কথা কৈ শপত খোৱা কাৰ্যত ব্যৱহাৰ কৰে ৷ মানুহৰ নাক এটা ৷ নাক ভেহেলা অথবা বামুন ভেকুলী নকীয়া হোৱা দেখা যায় ৷ ইহঁতে নিজৰ নাক কাটি আনৰ যাত্ৰা ভংগ কৰিব পাৰে তথা নাক কান কটা যোৱা কৰ্মবোৰ কৰি ভাল পায় ৷
ইহঁতৰ নেজ নাথাকে ৷ তথাপি আনৰ নেগুৰ টানি ভাল পোৱা, নেগুৰত ধৰি পাছ কৰা আদি কথাবোৰে অদৃশ্য নেগুৰ থকা কথাটোকে প্ৰমানিত কৰে ৷
ইহঁতৰ শিং নাথাকে যদিও তাতোকৈ ভয়ানক দুপাৰী দাঁত থকা এখন মুখ থাকে ৷ মুখৰ কথাৰেই ইহতে খোছা বিন্ধা কৰিব পাৰে ৷ মানুহৰ মুখখন দেহৰ এক ভয়ানক অংগ ৷ মুখখন আছে বাবেই ইহঁতে যা তা কথাকৈ ভাল পায় আৰু বেছিভাগ মানুহেই মানুহৰ মুখখনলৈহে ভয় কৰা দেখা যায় ৷ ইহঁতৰ কথাবোৰো মুখত এটা আৰু পেটত এটা হয় ৷ মানুহৰ মুখৰ কথাত খোদ মানুহেই বিশ্বাস নকৰে ৷ মুখ খন আছে বাবে আৰু কথা ক'ব পাৰে বাবেই ইহঁতে নিজকে জীৱ শ্ৰেষ্ঠ তথা জ্ঞানী জীৱ বুলি প্ৰতিপন্ন কৰিব খোজে ৷
মানুহে সমাজ পাতি বাস কৰে আৰু নিজকে "মানুহ সামাজিক জীৱ" বুলি পৰিচয় দিয়ে যদিও সমাজতকৈ নিজৰ ঘৰখনক বা নিজক হে বেছিকৈ গুৰুত্ব দিয়ে আৰু খুৱ কম সংখ্যক মানুহে হে সামাজিক কথাত মাত মাতে আৰু সমাজৰ উন্নতিৰ বাবে অৱদান আগবঢ়াই ৷ বেছি সংখ্যকেই আকৌ সমাজত বিষয়বাব বা পদৱী বা ক্ষমতা পোৱাৰ আশাত লালায়িত হৈ সমাজৰ হকে কাম কৰিছো বুলি জহায় ফুৰাও দেখা পোৱা যায় ৷
মানুহ আমাৰ দৰে কেৱল তৃণভোজী বা আন জন্তুৰ দৰে কেৱল মাংসাহাৰী নহয় ৷ ইহঁতে কি নাখায় সেইটোহে চিন্তাৰ বিষয় ৷ মানুহে মানুহক কথাই প্ৰতি মোৰ মূৰটো খালি, কলিজা খালি বা তেজ খালে, জীৱন খালে ইত্যাদি কোৱা কথাৰ পৰাই ক'ব পৰা যায় যে ইহঁতে সকলো বস্তুৱেই খাব পাৰে, আনকি কিছুমানে আনৰ চুৱা চেলেকাও দেখা যায় ৷ এইবোৰৰ উপৰিও ইহঁতে ঘোঁচা, চৰ, লাঠি, কোৱ, ভুকু, গোৰ, পিটন, ঔ কিল ইত্যাদিও খোৱা দেখা যায় ৷ ইহঁতৰ প্ৰিয় বস্তু ঘোচ প্ৰসংসা আৰু তোষামোদ ৷
মানুহৰ ঈৰ্ষা, ঘৃণা, লোভ, মোহ, ইত্যাদি আন জীৱ জন্তুৰ গাত নেদেখা বিভিন্ন প্ৰকাৰৰ বেয়া গুনবোৰ সহজে দেখা পোৱা যায় ৷
মানুহে ভগৱান নামৰ কিবা এটা নেদেখা বস্তুক বিশ্বাস কৰে আৰু মৰাৰ পিছত কি হ'ব সেই বিষয়ক লৈ ভয় কৰাও দেখা যায় ৷ মৰাৰ পিছত ইহঁতে বছৰত এদিন অৰ্থাৎ শ্ৰাদ্ধৰ দিনা মাছে মঙহে দকচি খাবলৈ আহে বুলি মানুহৰ মুখত কোৱা শুনা যায় ৷ মৰাৰ পিছত ইহঁত হয় ভূত হয় নহ'লে ভগৱান প্ৰাপ্তি হয় ৷ অৱশ্যে ভগৱান বিশ্বাসী সকলৰ হে বোলে ভগৱান প্ৰাপ্তি হয় আৰু বাকী পাপী বোৰ যমৰ গৰম তেলৰ কেৰাহীত ড্ৰাই ফ্ৰাই হয় বা ভূত প্ৰেত ডাইনী যখিনী হৈ ঘুৰি ফুৰে বুলি বিশ্বাস কৰে ৷
মানুহ কিমান বছৰ জীয়াই থাকে ক'ব পৰা নাযায় ৷ ইহঁতৰ আন জীৱজন্তুৰ তুলনাত যথেষ্ট বেছি বেমাৰ আজাৰ হয় আৰু বেমাৰ ভাল কৰি জীয়াই থাকিবৰ বাবে হস্পিতালৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰা দেখা যায় আৰু সেয়ে এজনে আনজনক দীৰ্ঘায়ু হোৱাৰ আশীৰ্বাদ দিয়াও পৰিলক্ষিত হয় ৷
মানুহ দুই প্ৰকাৰৰ ক্ৰমে মতা আৰু মাইকী ৷ আজি কালি আৰু বহুতো ভাগ ওলাইছে যদিও পোৱালী জন্ম দিব পৰা জাতি মুলত এই দুটাই ৷ ইহঁতে বিয়া নপতাকৈ পোৱালী জন্ম নিদিয়ে তথা গোটেই জীৱন কালত গড় হিচাপত এটা বা দুটাহে পোৱালি জগাব পাৰে ৷
উপকাৰিতা ::
কোনো জীৱ জন্তুকে জীৱনধাৰনত মানুহৰ প্ৰয়োজন নহয় ৷ তথাপি বছৰত এদিন অৰ্থাৎ গৰুবিহু দিনা আমাক পূজা কৰে আৰু কিছুমানে আমাক গো মাতা বুলিও মান্যতা দিয়ে ৷
অপকাৰিতা::
মানুহৰ অপকাৰিতাৰ বিষয়ে লিখি শেষ কৰিব নোৱাৰি তথাপি প্ৰধান অপকাৰিতা সমুহ বৰ্ননা কৰা হ'ল ৷
১, আমাৰ গাই সমুহৰ গোপনীয় অংগত অনাধিকাৰ হাত দিয়ে তথা আমাৰ পোৱালীৰ মুখৰ আগৰ গাখীৰকনো কাঢ়ি নি নিজৰ পোৱালীক খুৱাই ৷ এই কৰ্ম মানুহৰ বাহিৰে আন কোনো জীৱই নকৰে ৷
২, মানুহৰ নিজৰ মাজতে পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত লিংগ বৈষ্যমতা ৰখাৰ দৰে আমাৰ চেউৰী আৰু দমৰাৰ ক্ষেত্ৰতো পৃথক ভাব পোষন কৰে ৷
৩, নিজৰ সুবিধাৰ বাবে আমাক ক্ৰচ কৰি কৰি আমাৰ প্ৰজাতিক বিপদাপন্ন কৰি তুলিছে ৷
সামৰনী: ::
মানুহ এক এনে ধৰনৰ জীৱ যাক বিশ্বাস কৰাতো বৰ টান ৷ মানুহে নিজৰ স্বাৰ্থত আন সকলো জন্তুক ব্যৱহাৰ কৰে তথা পৰিবেশ ধংস কৰে ৷ মানুহ কুকুৰৰ দৰে প্ৰভুভক্তও নহয় তথা গাধৰ দৰে বিনা স্বাৰ্থত কোনো কামো নকৰে ৷ বাঘৰ দৰে সাহসীও নহয় কাৰন পিছফালৰ পৰাহে আক্ৰমন কৰে ৷ পাৰ চৰাইৰ দৰে শান্তি প্ৰিয়ও নহয় ৷ এই উদাহৰনেই প্ৰমান কৰে যে মানুহৰ লগত বন্ধুত্বও বেয়া শত্ৰুতাও বেয়া ৷
দেৱজিৎ শইকীয়া
১৮/ ৮/ ১৭

পিকচাৰ অভি বাকি হে মেৰে দোষ্ট ....

পেলেক চন বৰি, অৰ্থাৎ পুলক চন্দ্ৰ বৰা, আমি মৰমতে পেলেক বুলি মাতো । তাৰো এটা কাহিনী আছে, ক্লাচ ফাইভত পঢ়ি থাকোতে ইংৰাজি শিক্ষক সোমেন্দ্র শৰ্মা চাৰে বৰ্ডত পুলকৰ নামটো লিখিব দিছিল । ভয়ত কঁপা কঁপা হাতেৰে ইংৰাজি ভাৱেল বোৰ আগ পিছ কৰি সি যি লিখিলে সেইটো নামৰেই পুলক চন্দ্ৰ বৰা বিখ্যাত হৈ পৰিল “পেলেক চন বৰি” হিচাপে ।
সি অবশ্যে বেয়া নাপায়, তাৰ মতে নামটো হেনো হলিউদ চিনেমাৰ ডাইৰেক্টৰৰ লগত মিল আছে ।যি কি নহ’ওক কিয় পেলেকে কিছুদিন আগত হিন্দী চিনেমাৰ দৰে অসমীয়া চিনেমা এখন বনাবলৈ যো যা কৰিছিল । তাৰ বাবে ৮০ ৰ দশকৰ হিন্দী চিনেমাৰ ওপৰত এক গভীৰ ৰিচাৰ্ছ কৰি তলত উল্লেখ কৰা সিদ্ধান্ত সমুহত উপনিত হৈছিল । ৰিচাৰ্চ পেপাৰ খনৰ কিছু অংশ আছিল এনেধৰনৰ
১। হিন্দী চিনেমাৰ নায়ক বি পি এল কাৰ্ডৰ সদস্য আৰু মাকে চিলাই মেছিনত কাপোৰ চিলাই কৰি হিৰো’ক ডাঙৰ-দীঘল কৰে । মাজে মাজে দেউতাকৰ ফুলৰ মালা আঁৰি থোৱা ফটো খন দেখুৱাই দৰ্শকৰ পৰা আৰু সহানুভুতি আদায় কৰে ।
২। নায়ক-নায়িকা জনশূন্য পথেৰে ৰাতি অকলে আহি আছে যদি, সাবধান বিজুলী ধেৰেকণিৰে প্ৰচন্ড বৰষুণ অহাৰ সম্ভাৱনা আছে ।
৩। দুটা ফুল বতাহত গাত গা লাগি হালি আছে যদি, আপুনি যি বুজিছে, শুদ্ধই বুজিছে ।
৪। প্ৰতি গৰাকী নায়ক-নায়িকাৰ সংগীতৰ ডিগ্ৰী লোৱা থাকে, যাৰ বাবে সকলো চিনেমাতেই গান গাব পাৰে। গানৰ সুৰ আৰম্ভ হ’ল মানে আপুনি গম পাব তেঁওলোক এতিয়া নদীৰ পাৰলৈ দৌৰ মাৰিব ।
৫। চিনেমাত দুই এটা গীতে দৰ্শকক বাহিৰত গৈ চিগেৰেট হুঁপাৰ সুবিধা প্ৰদান কৰে ।
৬। নায়কৰ যদি ভায়েক আছে তেন্তে খাটাং হয় সি ভিলেইনৰ লগ লাগিব ন’হলে চিনেমাৰ আধাতে মৰিব । ভনিয়েক আছে যদিটো কথাই নাই হিৰোৰ মাৰ খাবলৈ ভিলেইনে এবাৰ হ’লেও কিডনেপ কৰি নি গুদামত ৰাখিবই ।
৭। ৰামু কাকা চিনেমাৰ আটাইতকৈ বিস্বাসযোগ্য চৰিত্ৰ তেঁওক কেতিয়াও সন্দেহ নকৰিব।
৮। ভিলেইনে নায়কৰ চৰ লাঠি ঘোচা খাইও মৰি যাব পিছে নায়কৰ গোটেই গা গুলিবিদ্ধ হৈ ফুটা চালনি হৈ গ’লেও বাছি যোৱাৰ সম্ভাবনা ১০০% কনফাৰ্ম থাকে, আৰু ডাক্টৰে যদি বচাৰ চাঞ্চ কম আছে বুলি কৈছে চিন্তা নকৰিব নায়কৰ মাকক বা প্ৰেয়সীক শিৱ মন্দিৰৰ ঘন্টা বজাবলৈ পঠি়য়াই দিয়ক ৷ শিৱ বা দূৰ্গাৰ মুৰ্তি বিভিন্ন এংগ'লত কঁপি ফুলটো সৰি পৰাৰ লগে লগে হস্পিতালত হিৰোৰ চেঞ্চ আহি যাব ।
৯। পুলিচ আহি পোৱাৰ আগতে হয় ভিলেইন চেটেপ, নহ'লে আধা মৰা অৱস্থাত "হেন্দচ আপ" বা " পুলিচ নে চাৰৌ তৰফ চে ঘেৰ ৰাখা হে " ডায়লগ কেইটা মাৰি মুখৰ খজুৱতি মাৰিবলৈ আহিব ৷ পুলিচে প্ৰকৃততে নায়কক ধন্যবাদ দিবৰ বাবেহে শেষ সময়ত আহি উপস্থিত হয় ।
১০৷ "কুট্টে মে তেৰে খুন পি জাউংগা" হিৰ'ৰ কমন ডাইলগ ৷
১১। ভাত খাই থকা চিন আছে যদি ১০০% কনফাৰ্ম আপোনাৰ ভুল হৈছে, আপুনি হিন্দী নহয় অসমীয়া চিনেমাহে চাই আছে ।
বিঃদ্ৰঃ
পেলেক চন বৰি বৰ্তমান ক'মাত আছে ৷ তামিল চিনেমাৰ ওপৰত ৰিচাৰ্চ কৰিব গৈ এই অৱস্থা বুলি ডক্টৰে জানিব দিছে ৷ যি চিনেমাত পিষ্টলৰ গুলিটোও হিৰ'ই হাতেৰে ৰখাব পাৰে, যিটো দেখি গতি সুত্ৰৰ আবিস্কাৰক নিউটনৰ আত্মাই এতিয়াও কবৰত ৰাতি ৰাতি বিনাই তেনেস্থলত পেলেক চন বৰি ক'মাত যোৱাতো সাধাৰন কথা ৷

E - love ( ডিজিটেল প্ৰেম)

যদি delete কৰিব পাৰিলো হয় তোমাৰ memory,
Refresh কৰিব পাৰিলো হয় mind ৷
Format কৰিব পাৰিলো হয় heart ,
Install কৰি ল'লো হেতেন
জীয়াই থকাৰ এটা নতুন programme ৷
Reboot কৰিম বুলি ভাবিলেও নোৱাৰো
Hang মৰা heart তোমাৰ বাবে ৷
Antivirus নহলো scan কৰি পাবলৈ,
তোমাৰ hard disc ত save কৰিছানে মোক চাবলৈ ৷
Control alter delete মাৰি উৰুৱাই দিলা মোৰ মৰম,
Recycle bin টো নাৰাখিলা
Restore কৰি পাবলৈ মনত পৰিলে মোলৈ ৷
এতিয়াও search কৰো মই তোমাৰ profile,
কিজানি বা online পাও,
দিবলৈ বুকুৰ মৰম
WhatsApp নতুবা messenger ত ৷
তুমি যদি কৰা on Bluetooth for unknown device
Pair কৰি send কৰিম মোৰ বুকুৰ file ৷
আজি connection failed,
তথাপি Wi-fi on কৰি আছো যে জীয়াই
জানোছা তোমাৰ কাহানিবা signal পায় ৷
Windows file নহলো delete নকৰিবলৈ
Password ও নহলো মই মনত ৰাখি থবলৈ ৷
Virus বুলি delete কৰি পেলালা
Corrupted file বুলি ভাবিলা
তোমাৰ বাবে মোৰ কিমান GB মৰম আছিল এবাৰো ভাবি নাচালা ৷
তুমি মোৰ ROM আছিলা
মোৰ motherboard ৰ processor হিচাপে
জীয়াই থকাৰ speed বঢ়াইছিলা ৷
এতিয়া যে সকলো মিছা ৷
এতিয়াটো মই এটা unrecognized file
এটা System error
এখন Unsupported disc বা file
তুমিটো কাহানিও মোক download য়েই নকৰিলা ৷
install কৰাটো দুৰৈৰ কথা........
আতৰি আহিলো সেয়ে তোমাৰ network coverage ৰ পৰা ৷
অফলাইনতে Send কৰি থাকিলো প্ৰেম
Message ত দেখুৱাই থাকিল মাথোন data sending failed.
এতিয়াটো মই Weak signal
battery about to die ...
তথাপি তোমাক redial কৰি থাকিম আজিবন
কলিজাৰ C ড্ৰাইভত Save কৰি থম তোমাৰ স্মৃতিকন......
দেৱজিৎ শইকীয়া
18/8/17

প্ৰেট পৰীক্ষা

কেইদিন মানৰ পৰা অফিছটো তেনেই সাৰ সুৰ নোহোৱা হৈ আছে ৷ দিনৰ দিনতো চাধা মোহাৰি ,চাহ তামোল খাই পুৱা এঘাৰ বজাৰ পৰা তিনি বজালৈকে নাযায় নোপোৱাই সময় বোৰ পাৰ কৰা শইকীয়া, দত্ত, কলিতা হঁতে নিজা টেবুলবোৰতে বহি হামিয়াই হিকতিয়াই দিন বোৰ পাৰ কৰিছে ৷
সঁচা কবলৈ গ'লে এই বাতৰিৰ বিসম্বাদৰ দৰে বিশেষ সম্বাদবোৰ নাইকিয়া হোৱাৰে পৰা আড্ডা বোলা বস্তুটো একেবাৰে নজমা হৈ পৰিল ৷ নিউজ চেনেল কেইটাও কিবা নিৰস নিৰস লগা হ'ল ৷ সচাঁকৈ কবলৈ হ'লে কিবা মজাই নাইকিয়া হ'ল লাইফত ৷ নিউজ চেনেলবোৰেও কিবা "আজি এই কেইটাহে বাতৰি জাল মাৰি পালো, তাকে নিমখ অকন দি সিজাই দিছো, যাৰ মন আছে খাই লব" ধৰনে পৰিবেশন কৰা যেন লগা হ'ল ৷
মুঠতে আগৰ নিউজ বুলি ক'লেই যি এক এন্টাৰটেইন্টমেন্ট আছিল, শেষৰ বাতৰিটোলৈকে যি এক চাচপেঞ্চ আছিল আৰু মাজে মাজে ব্ৰেকিং নিউজৰ যি থ্ৰিল সকলো নাইকিয়া হ'ল ৷
নিউজ চেনেলৰ এডিটৰ বোৰৰো ৰাতি চিন্তাত টোপনী নধৰা হ'ল ৷ সিদিনা দিনতে এচি ৰুমত বহি ভাত ঘুমটি মাৰি থাকোতেই হঠাৎ ঘটনাটো ঘটিল ৷ ফটা লাইভৰ অসমীয়া ভাষাৰ "এইচি কি তেইচি " কৰা জিকিৰ হুচেইনৰ ৰুমলৈ ডিঙিৰ বিয়েৰিংৰ প্ৰব্লেম থকা মন্ত্ৰী জন হঠাৎ সোমায় আহিল ৷ জিকিৰে আগত হঠাৎ কালান্তক দেখি একে জাপে বহাৰ পৰা উঠিল ৷ জিকিৰলৈ চাই ডিঙিটো বাওফাললৈ দুবাৰ বেকা কৰি চকু টিপ দুটা মাৰি টেবুল খনত নিজে বহি ল'লে ৷
জিকিৰ: চাৰ, নমামী
মন্ত্ৰী : নমামী
জি: ইউ ন চাৰ... কিবা এটা কৰক, এক্সুৱেলি এনেকৈ চেনেল চলাব নোৱাৰি আৰু... মানে... মানে ...মই ...মিন টু চে যে আপুনি মাজে মাজে বিতৰ্কিত মুলক কিবা নহয় কিবা এটা কৈ বা কৰি নাথাকিলে নিউজ নচলে ৷ আৰু বিতৰ্ক নহ'লে ফেচবুকত আপডেট নাহে ৷ ফেচবুক গৰম নহলে সন্ধিয়াৰ আলোচনা নজমে ৷ সন্ধিয়া আলোচনাত ডিঙিৰ সিৰ ফুলাই নিচিঞৰিলে আকৌ পিচদিনা অফিচ কলেজৰ আড্ডা নজমে, নাঙল গগৈৰ প্ৰেচ কনফাৰেঞ্চ নজমে ৷ মুঠতে ইউ ন, চাৰ, আই মিন টু চে সকলো কিবা নিৰস নিৰস হৈ যায় ৷
মঃ বুজিছো ৷ সেয়ে ষ্টুডিঅত মই নিজে আহিছো ৷
জিঃ চাৰ বিসম্বাদ জাতীয় কিবা এটা কৰক ৷ টি আৰ পি আকাশ চুব ৷
মঃ নাই সেইটোলৈ অলপ দেৰি আছে ৷ প্ৰচেচ টো আৰম্ভ হৈছে, ধৈৰ্য্য ধৰা ৷ এতিয়া সদ্যহতে বেলেগ এটা কথাহে ভাবিছো , মানে পৰিবৰ্তন ৷ টেট টামাম হিট হৈছিল ৷ তাৰ পিছৰ পৰা সকলো প্ৰায় ফ্লপ হৈয়ে আহিছে, নমামী ফ্লপ, ধুটি ফ্লপ, সংস্কৃত ফ্লপ, মাজতে সকলোৰে ক্লাচও ল'লো, সেইটোও দুদিনমান হে চলিল ৷ ধিনদয়াল অলপ চলপ চলি আছে গুনোৎসৱো চলিব ৷ পিছে টামাম হিট হোৱা নাই৷
জি: চাৰ পাঁচ বছৰিয়া কন্ট্ৰেকচুৱেল সকলৰ বাবে কিবা ভাবিছে নেকি?
মঃ হেৰা, আমাৰ চাকৰিও কন্ট্ৰেকচুৱেল, পাঁচ বছৰীয়া ৷ আমিতো পাৰমানেন্ট কৰিবলৈ কাহানিও ধৰ্ণা দিয়া নাই ৷
জিঃ ৰাইট চাৰ ৷ চাৰ আপোনালোকৰ দিনত ৰাইজে পৰিবৰ্তন আশা কৰিছিল ৷ কিবা পৰিবৰ্তন হ'বনে?
মঃ প্ৰেট পৰীক্ষা
জিঃ টেবুলৰ আগত থকা গিলাচৰ পানীৰ খিনি সাউতকৈ গিলি বোলে চাৰ ভুতৰ পৰীক্ষা ?
মঃ নহয় নহয়, “প্ৰেট পৰীক্ষা” অৰ্থাৎ “পাব্লিক ৰিপ্ৰেজেন্টেটিভ ইলিজিবিলিটি টেষ্ট”। আমাৰ এম এল এ ( এবাৰ মন্ত্ৰীপদ লৈহে এৰিম) সকল কিমান দক্ষ তাৰ পৰীক্ষা পাতি গুনোৎসৱৰ দৰে ৰাইজক দেখাম ৷ আৰু ইয়াৰ পৰাই আৰম্ভ হ'ব বিসম্বাদৰ সুত্ৰপাত ৷
জিঃ চাৰ, ইউ আৰ জিনিয়াচ চাৰ ৷ আই ৰিয়েলি মিন ইট ৷ ক’তো কাহানিও নোহোৱা নোপোজা কাম কৰি মানুহৰ চকু কপালত উঠাব পৰা শক্তি আপোনাৰ বাহিৰে কাৰ আছে চাৰ ৷ চাও চাৰ চৰন যুগল আগবঢ়াই দিয়ক ৷
মঃ মোৰ ঠেং দুখন দিল্লীলে বুলি ডাঙি থোৱা থাকে মানুহটোহে ইয়াত থাকো ৷
জিঃ আপুনি মহান চাৰ
মঃ জানো ৷ মই পৰিবৰ্তনশীল ৷ আৰু সেয়ে মই এই সাপো মৰক লাঠিও নাভাঙকৰ দৰে যুগান্তকাৰী পৰিবৰ্তন এটা লৈ আনিছো ৷
জিঃ কি ধৰনে পতা হ'ব প্ৰেট পৰীক্ষা?
মঃ "প্ৰেট পৰীক্ষা”ৰ বাবে অন-লাইন প্ৰ-পত্ৰৰ অচিৰেই বিজ্ঞাপন প্ৰকাশ কৰা হ’ব। সকলো এম এল এই পৰীক্ষা দিবই লাগিব ৷ পৰীক্ষাত বহিবৰ বাবে বয়সৰ উচ্চতম সীমা নাই ৷ শিক্ষাগত অৰ্হতাৰ কোনো প্ৰয়োজন নাই যদিও পি…এ..ই লিখি দিয়া কাগজত চহী কৰিব পৰা সামৰ্থ থাকিব লাগিব ।
বিষয় নিৰ্দ্ধাৰন এতিয়ালৈকে হোৱা নাই যদিও সকলোৰে সুবিধালৈ চাই “ ভাষন তথা তৈলমৰ্দন" আৰু " কমিচন তথা আঁচনি প্ৰনয়ন" নামৰ দুখন প্ৰশ্ন কাকত থাকিব ৷
জিঃ কিবা ৰিলাকচেচন?
মঃ মোক মেনেজ কৰিব পৰা অৰ্হতা থকা প্ৰাৰ্থীক চকুত ক’লা কাপোৰ বান্ধি নম্বৰ দিয়া হ’ব আৰু উৰ্তিন্ন প্ৰাৰ্থিয়ে ৫ বছৰ পৰ্য্যন্ত কোনো ধৰনৰ ব্যক্তিগত চেনেলত তথা প্ৰেছৰ কেমেৰাৰ সন্মুখত মোৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিব বুলি বাপেক মাকৰ শপত খাই এখন চুক্তি পত্ৰত সাক্ষৰ কৰিব লাগিব ৷
জিঃ এইয়া আপোনালোকে চৰাই উৰা আগত কনী উৰা আমাৰ চেনেলত সম্পুৰ্ন লাইভ দেখিব আৰু শুনিব পালে যে অসমত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'ব প্ৰেট পৰীক্ষা ৷
ক্ৰিং ক্ৰিং ক্ৰিং
খক মক কৈ ফোনৰ ৰিংটন টোত সাৰ পাই জিকিৰ হুচেইনে নিউজ এডিটৰক মাতি বোলে অসমত প্ৰেট পৰীক্ষা হ'ব জাষ্ট সপোনত দেখিলো ৷ মই চাৰক আইডিয়াটো দিয়েই দিও, টামাম হিট হ'ব ৷
দেৱজিৎ শইকীয়া
22/8/17

ছাত্ৰ জীৱনৰ পৰীক্ষা সম্বন্ধীয় কেইটামান চালুকীয়া নীতি

পেলেক চন বৰিক সিদিনা চিনাকী কৰি দিছিলো, মনত আছে চাগৈ ৷ তাৰ চিনেমা বিষয়ক ৰিচাৰ্চ পেপাৰ খনৰ পিছত আজি ছাত্ৰ জীৱনৰ পৰীক্ষা সম্পৰ্কে দ্বিতীয় খন ৰিচাৰ্চ পেপাৰ আপোনালোকলৈ আগবঢ়ালো ৷ বাৰু এবচট্ৰেকটো হ'ল ...
১. পৰীক্ষাৰ বাবে কিবা প্ৰশ্নৰ উত্তৰ পঢ়ি থকাৰ সময়ত যদি হাঁচি আহে বা জেঠিয়ে টিক টিক কৰে প্ৰশ্নটোত টিক চিন মাৰি থোৱা হয়, (পৰীক্ষাত প্ৰশ্নটো অহাৰ সম্ভাৱনা ১০০ শতাংশ খেটাং বুলি ধৰা হয় )
২. পৰীক্ষাৰ বাবে ঘৰৰ পৰা ওলাই যোৱা সময়ত ডিম বা আলুগুটি খোৱা নাযায় । ফলাফলত ডিম বা আলু পোৱাৰ ভয়ত!
৩. ৰিজাল্ট দিয়াৰ কেইদিন মান আগত এটা সপোন দেখা হয় য’ত ৰিজাল্ট লিষ্টত নিজৰ নামটো দেখা পোৱা নাযায় আৰু সপোনতে খুব কন্দা-কটাখন হয় । সাৰ পায় উঠি সপোন বুলি গম পায় ভাল লাগে। ঘৰত কয় সপোনত হেনো কন্দা দেখাটো ভাল !
৪. পৰীক্ষালৈ প্ৰয়োজনতকৈ অধিক কলম লৈ যোৱা হয়, যি খিনি কলমৰে হয়তো গোটেই কেইটা বিষয়ৰ পৰীক্ষা চলি যোৱাৰ উপৰিও পিছৰ বছৰৰ পৰীক্ষাও চলি যাব !
৫. “তইটো ফালি দিছ’, “ভবা মতে হোৱা নাই”, “ভবা মতে নহ’ল", "এটাও কমন নাহিল" আদি বন্ধুবৰ্গৰ ৰেডিমেড ডাইল’গ!
৬. “পৰীক্ষালৈ বেছি দিন নাই”, “পৰীক্ষাৰ নম্বৰেহে ক’ব কিমান পঢ়িছ”, “এতিয়াৰ পৰা খেলা ধূলা বন্ধ পৰীক্ষা শেষ নোহোৱালৈকে”, অভিভাৱকৰ কমন ডাইল’গ ।
৭. ঘৰত পৰীক্ষা কেনেকুৱা হ’ল সুধিলে কোৱা হয়, পূৰা লিখি আহিছো, এটা ভুল হ’ব পাৰে, পিছে বহীত এটাতকৈ বেছি ভুল ওলাই কথা বোৰ কিবা খেলি মেলি লগাই দিয়ে ।
৮. ছমহীয়া পৰীক্ষাৰ বহীবোৰ হাততলৈ চাৰ-বাইদেউ সকল যেতিয়া শ্ৰেণী কোঠাৰ অভিমুখে আহি থাকে হৃদযন্ত্ৰ নামৰ মেচিনটোৰ শব্দই ভয়ংকৰ ৰুপ ধাৰণ কৰে ।
৯. শেষৰ পৰীক্ষা সাধাৰণতে ইংৰাজী বা অসমীয়া থাকে, গণিত, বিজ্ঞান, সমাজবিদ্যা পৰীক্ষা পাৰ হৈ যোৱা মানে পৰীক্ষা শেষ হোৱা যেনেই লাগে
১০. “মই জানিছিলোৱেই এইটো খাটাং আহিব, কিয় যে নপঢ়িলো” পৰীক্ষা হলৰ বাহিৰত ওলায়ে প্ৰথম প্ৰতিক্ৰিয়া ।
১১. ছমহীয়া পৰীক্ষাতকৈ বছৰেকীয়া পৰীক্ষাটোৱে ভাল লাগে কাৰণ, ছমহীয়া পৰীক্ষাত বহী ঘুৰাই দিয়াৰ সময়ত প্ৰতিটো ভুল উত্তৰৰ প্ৰতি গাইমূৰি ২ বা ৩ বেত খোৱাৰ সম্ভাবনা বেছিকৈ থাকে ।
১২, পৰীক্ষা হলৰ পৰা ওলাই আহি বা ঘৰত আহি কিমান নম্বৰ পাম হিচাপ কৰা যায় ৷ শিক্ষকে কিমান দিব নাজানিলেও নিজে কিমান পাম টামাম আইডিয়া কৰা হয় ৷
১৩. "আনে বোলে সৰস্বতী আমি বোলো আই যিখিনি নোৱাৰোঁ দিবা সোঁৱৰাই"।
মনদি পঢ়িলেও নপঢ়িলেও পঢ়ি উঠি সৰস্বতী আইক তেল মৰাটো এটা ধৰা বন্ধা নিয়ম!
আচৰিত নহ’ব, দুই এজনৰ হয়তো এইবোৰ অভিজ্ঞতা আছেই, বা আনে কোৱা মনত পৰিবই কথাবোৰ....
বিঃ দ্ৰঃ পেলেক চন বৰি কা ৰিচাৰ্চ অউৰ চকীয়াবাবু কা লিখাক কভি সন্দেহ নেহি কৰতে ৷

চাইড বিজিনেছ.......

আমাৰ চুবুৰীৰ আটাইতকৈ টেলেন্টেড ল'ৰাটোৰ কথা লিখিব লৈছো ৷ অন্নপ্ৰসন্নত কিতাপ, কলম, মাটিৰ লডা আৰু পইচা দি ল'ৰা ভৱিষ্যতে ডাঙৰ হৈ কি হ'ব কৰা টেষ্টটোত সুখ্যাতিৰে সি এশ টকীয়া নোট খন লৈ যি লাই বাঢ়ে দুপাততে চিন কথাষাৰক প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা তাৰ প্ৰতিভা ফাটি ফুটি বিকশিত হ'বলৈ ধৰে ৷
একেবাৰে সৰু হৈ থাকোতে ১০, ২০ বা ১০০ টকীয়া নোট দি কোন খন লাগিব সুধিলে, বেটাই সদায় ১০০ টকীয়া নোট খনতে হাত দিছিল, খুচুৰা পইচা দিলে কেৰাহিকৈয়ো নাচায় । যেতিয়া অলপ জনাবুজা হ’ল সি ইমানেই টেলেন্টেড হ’ল যে সিঁহতৰ ঘৰত তাৰ ভয়ত ভীক্ষাৰিও আহিবলৈ ভয় কৰা হ’ল, জানোচা ওলোটাই কিবা দি আহিব লগিয়া হয় ৷
নেওঁতা শিকিয়ে পঢ়া শুনা বাদ দিলে । তাৰ জীৱনত জমা খৰচৰ অংক শিকাই নহ’ল পিছে এইটোও সত্য যে “জমা খৰছৰ” অংক নিশিকিলেও তাৰ সকলো জমাৰ ঘৰতেই থাকে খৰছ হয় দেউতাকৰ বা তাৰ লগৰ কেইজনৰহে । যি কি নহওক কিয়, চকুৰেই অংক কৰি লাভৰ হিচাপ উলিয়াই ল'ব পৰা টেটোনে আজি লৈকে কোনো “লাভ” নোহোৱা কাম কৰি পোৱা নাই ।
সিদিনাখন হঠাৎ মোৰ ওচৰত আহি সি উপস্থিত। হাতত এখন চান্দাৰ বহি আৰু এখন দিঘল লিষ্ট, মই কিবা কোৱাৰ আগতেই ৫০১ টকাৰ ৰচিদ এখন হাতত গুজি দি সি ক’লে বোলে দাদা এইবাৰ গাঁওৰ পুজা ভাগৰ মই সম্পাদক । চহৰত থকা গাঁওৰ সকলোৰে পৰা চাঁন্দা উঠাব আহিছো । মই বোলো তই ৰাজহুৱা কামত ধৰিলি যে, কিবা প্ৰফিট হয় জানো তোৰ? সেমেনা সেমেনিকৈ সি ক’লে দাদা ছোৱালিক বয়স আৰু পুৰুষক আৰ্জন সুধিব নাপাই তথাপি নিজৰ বুলি যোৱা বাৰ বিহুত বাইক এখন ল’লো বুলি থোৰতে কৈ থলো। মই বোলো সুন্দৰ ।
তাৰ কথাৰ পৰা যি বুজিলো গোটেই বছৰটো সি “চাইড বিজিনেচ” ত লাগি থাকে । March-April ত “বিহু মেলা”, May-june লৈকে “বহাগী বিদায়”, July-August ত জন্মাষ্টমী ”, September-October “গনেশ-বিশ্বকৰ্মা-দূৰ্গা পূজা” November December” “কালি পূজা, মাঘৰ বিহু” January February “সৰস্বতী পূজা”, তাৰ মাজতেই ডেঞ্চ কম্পিডিছন, নানা প্ৰকাৰৰ দিৱস উৎযাপন সমুহটো আছেই । মুঠতে ক’বলৈ গ’লে চাইড বিজিনেছ জিন্দাবাদ ।
সুবিধা পাই মই সুধিলো বোলো মানুহবোৰে দান-বৰঙণি ঠিকে ঠাকে দিয়ে জানো? সি বোলে দাদা আইডিয়া লাগিব ।ধৰক, কোনোবা এজনক বিহুৰ কিবা এটা অনুষ্ঠানত সভাপতি পাতি দিলো হাজাৰ টকীয়া চাঁন্দা পাই গ’লো, কৰবাত খুড়ী মাহি পেহী বুলি ধুনীয়াকৈ সম্বোধন এটা দি কিবা কিবি গুণ গাই দিলো, পাই গ’লো ন’হয় ২০০ ৰ পৰা ৫০০ টকীয়া চান্দা ।
কাৰোবাৰ পুতেক জীয়েকৰ গুন গাই দিও, ১০০-২০০ ৰ বাবে। আৰু অন ৰ’ড কালেকচন মানে ৰাষ্টাত গাড়ি ৰখাই কৰা কালেকচন সমুহটো আছেই ।আৰু আপোনাৰ দৰে চাকৰিয়াল সমুহৰ বাবে এখন বেলেগ লিষ্টটো আমি বনায়ে ল’ও ।
মই বোলো শেষত অ’ডিত কৰি জমা-খৰচৰ হিচাপ ৰাজহুৱা ক’ৰনে নাই ? সি বোলে দাদা কি কয় আপুনি, ইয়াত সদায় লোকচানৰ ঘৰতে হিচাপ দিয়া যায় আৰু আপোনালোকৰ দৰে জনা শুনা মানুহ সকলেনো ক’ত আৰু সেইবোৰ হিচাপ ল’বলৈ যাব ?
অনিচ্ছা স্বত্বেও শেষৰ প্ৰশ্নতো কৰিলো, বোলো তই যে মোক সকলো গুমোৰফাঁক কৈ দিলি ইয়াৰ পাচত জানো তই মোৰ পৰা আৰু কিবা বৰঙণী পাম বুলি আশা কৰিবি ? তামোলখন মুখত ভৰাই সি বোলে, দাদা আপুনি যে দিব মই খাটাং জানো, কাৰন আপোনাৰ অফিচৰ টেবুলখনো ভাল আৰু আজি কালি মই RTI ও কৰো নহয় ৷
পকেটৰ পৰা পাঁচশটকীয়া ন'ট খন টপক কৈ উলিয়াই দি বোলো তোৰ নেক্সট “বিজিনেচ” জনসাধাৰনৰ প্ৰতিনিধি হ’ব মই আজিয়েই ভৱিষ্যতবাণী কৰিলো ৷

এটা সৰু কথা

এটা সৰু কথা
এদিন মিঃ বেটচে তেওঁৰ শ্ৰেনী কোঠাৰ ছাত্ৰ ছাত্ৰীক এটা সৰু প্ৰশ্ন কৰিলে ৷ প্ৰশ্নটো আছিল "তোমালোকৰ কেইজনে নিজৰ ককাদেউতাৰ নাম জানা? " শ্ৰেনী কোঠাৰ সকলোৱে হাত দাঙিলে ৷ এই বাৰ তেওঁ আকৌ প্ৰশ্ন কৰিলে যে " তোমালোকৰ কেইজনে আজু ককাৰ নাম জানা ?" এই বাৰ শ্ৰেনী কোঠাৰ আধা সংখ্যক ছাত্ৰ ছাত্ৰীয়ে হাত দাঙিলে ৷ তেওঁ পুনৰ প্ৰশ্ন কৰিলে "তোমালোকৰ কেইজনে আজুককাৰ ককাকৰ নাম জানা? এইবাৰ সকলো নিমাত হ'ল কিন্তু এজনে প্ৰশ্ন কৰিলে যে মহাশয় এই প্ৰশ্নটো আমাৰ বাবে কিয় প্ৰয়োজন কাৰন তেতিয়া আমাৰ মা দেউতাহঁত জন্মই হোৱা নাছিল ৷ মিঃ বেটচে সামান্য হাঁহি ক'লে বাৰু মই কেইজনমান মানুহৰ নাম কম, চিনি পোৱানে ক'বা ৷ তোমালোকে আব্ৰাহাম লিংকনৰ নাম শুনিছানে? সকলোৱে ক'লে শুনিছো ৷ টমাচ আলভা এডিচনৰ? সকলোৱে ক'লে হয় শুনিছো ৷ বাৰু মহাত্মা গান্ধীৰ নাম শুনিছানে? সকলোৱে একে মুখে ক'লে, হয় শুনিছো ৷ মিঃ বেটচে ক'লে চোৱা তোমালোকে এও লোকৰ নাম শুনিছা আৰু তেওঁলোকৰ বিষয়ে জানাও যদিও তেওঁলোক তোমালোকৰ আত্মীয়ও নহয় কিন্তু তোমালোকে নিজৰ ককা বা আজুককাৰ নামটোকে নাজানা ৷ আচৰিত নহয় নে? অৰ্থাৎ যি কেৱল নিজৰ বাবে এই পৃথিৱীত জীয়াই থাকে সকলোৱে এটা সময়ত পাহৰি যায় আৰু কোনেও মনত নাৰাখে কিন্তু যি জনে আনৰ বাবে কৰ্ম কৰে যুগ যুগ ধৰি সমাজে মনত ৰাখে, কেতিয়াও তেওঁৰ নাম নাপাহৰে ৷ যদি আজিবন জীয়াই থাকিব বিছাৰা নিজৰ বাবে নহয় আনৰ বাবে জীয়াই থাকা ৷
সৰু কথা, সকলোৱে জনা কথা, ভাল লাগিল অনুবাদ কৰিলোঁ ৷

সুখ বনাম উপাৰ্জন

সুখ বনাম উপাৰ্জন

বহু দিন আগতে কৰবাত পঢ়িছিলো ৷ এবাৰ এজন মাছমৰীয়াই অলপমান মাছ আগত লৈ নাওঁৰ ওপৰত বহি আনন্দমনে চুৰত হুপি আছিল ৷ তেনেতে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি জন তেওঁৰ কাষেদি পাৰ হৈ গ'ল ৷ ধনীব্যক্তি জনে মাছমৰীয়া জনক ক'লে যে তুমি যে এই কেইটামান মাছ লৈ বহি আছা তোমাৰ লগৰ বোৰে দেখোন মাছ মাৰিয়েই আছে, তুমি আৰু মাছ নধৰাগৈ কেলই? তাকে শুনি মাছমৰীয়া জনে ক'লে যে আৰু মাছ ধৰিলে কি হ'ব ? ধনী ব্যক্তি জনে ক'লে আৰু মাছ ধৰিলে বেছিকৈ পইছা ঘটিব পাৰিবা ৷ মাছমৰীয়া জনে পুনৰ সুধিলে তেতিয়া কি হ'ব? ধনী ব্যক্তি জনে ক'লে তুমি অধিক ধন পাবা অাৰু অধিক ধনী হ'বা ৷ মাছমৰীয়া জনে পুনৰ সুধিলে তেতিয়া কি হ'ব ? ব্যক্তি জনে ক'লে অধিক ধন হ'লে তুমি আৰু অধিক সুখী হ'ব পাৰিবা ৷ মাছমৰীয়া জনে চুৰটৰ ধোৱাঁ এৰি ক'লে মই এতিয়াও সুখী ৷ সুখৰ পৰিধী প্ৰতিজনৰ নিজা নিজা ৷ হয়তো মই সাগৰৰ গোটেই মাছ খিনিৰ বিক্ৰীৰ বাবত পোৱা ধনেৰেও ইমান সুখী হ'ব নোৱাৰিম যি এই সামান্য মাছ কেইটা বিক্ৰী কৰাৰ বাবদ পোৱা ধনৰে পৰিয়ালৰ লগত সুখৰে এসাঁজ খায় যিমান সুখী হম ৷ মই ইয়াতেই সুখী ৷৷

সীতাৰামৰ অচমীয়া মানুহ (2)

সীতাৰামৰ অচমীয়া মানুহ (2)
বহাক হৌ য়া বৈছাখ
কন' নৈখে বাত
লেকিন বিহু বিহু
লগিছে হমনি কে ভি গাত ....
চকীৰ ওপৰত ভৰি উথাই বিহু গাই থকা সীতাৰামক দেখি মাত দিলো বোলো বহাগ গ'ল, তোৰ এতিয়াও গাত বিহু লাগি আছেইনে? সি বোলে আপনি কি কহে অ' চকীয়া বাবু, অচমীয়া হৈ কিনে বিহু কতিয়া লৈকে থাকে আপনি নজানে? বৈচাখ মহিনে মে ত' বিহুতো আদৰে, জেঠ আচাৰ কি মহিনা মে বিহুতো বিদায় দিয়ে ৷
মই বোলো ঠিকেই কৈছ' তই বহাগী বিদায় মে জুন মাহতেই পতা হয় ৷ ওখ চকী খনত বহি দিলো ৷ সীতাৰামে মোৰ গাত সাত পুৰনী কাপোৰখন মেৰিয়াই দি মুৰত পানী অলপ চটিয়াই দিলে ৷ চকীয়া বাবু, আপনাৰ চুলটো পতলা হৈ যোৱা কাৰনটো কি আছে জানে? আপনি পিউৰ অচমীয়া মানুচ ৷ আপনালোকে মুৰৰ চুল চিংগি চিংগি যে "আচিৰবাদ কৰিছো গিহস্ট কুচলে থাক" কহিচে চে কাৰনে চুলটো নকীয়া হৈ গৈছে ৷
মই বোলো পথালিয়ে বঢ়া পেট আৰু তালু ওলোৱা চুলি বিবাহিত পুৰুষৰ লক্ষণ ৷ তোৰ দৰে দেশত ঘৈনীয়েৰক থৈ এনেকৈ হাফ বেচেলৰ হৈ থাকিব পৰা হয় মোৰো তোৰ দৰে আজি চুলি থাকিল হয় ৷ সি বোলে ভৌজিকে কহিব লাগিব কি চকীয়াবাবুকে ফিন চে বেচলাৰ হ'বকে মন কৰিচে ৷ মই বোলো তই এইষাৰ গৈ বৌৱেৰক ক'বলৈ হ'লে তোৰ ওচৰত দুনাই চুলি কটাবলৈ অহা আৰু প্ৰয়োজন নহ'ব, মোৰ সোপাকে চুলি গুৰিতে ওঘালিব ৷ তাতে বন্ধ পালে শহুৰৰ ঘৰত দুদিনমান থাকি আহিম বুলি কোৱা প্ৰতিশ্ৰুতিও ৰাখিব পৰা নাই, বৌয়েৰ ৰণচন্ডী হৈ আছে ৷ কিবা বন্ধ চন্ধ আছে নেকি খবৰ ল'বিচোন ৷
ক'বলৈহে পালো সীতাৰাম জাঙুৰ খাই উথিল ৷ সি বোলে আপনাৰ নিচিনা মানুচ বাবেটো অচমটো খটম হৈ গৈছে ৷ অচমীয়া মানুচ এলহুৱা আছে চব জানে আৰু ই অচম বন্ধই আপনাৰ নিচিনা মানুচ বোৰক আৰু এলহুৱা কৰি দিছে ।অচম বন্ধ যদি চুকুৰবাৰ হ’ল, চনিবাৰ আউৰ ৰবিবাৰ তিন দিন বন্ধ মানি লয় । চাৰে দচ -গ্যাৰ বজে অফিচ পহুচিব, ফিন চে দ' বজে বাট্চা স্কুল চে ঘৰ থব যাব , চাম পাঁচ বাজিব কি নাই বাজিব কাম ছুটি ৷ কাহা চে দেচ কে উন্নতি হ'ব ৷ মোৰ মুৰটো জোৰৰে তললৈ নমাই কাণখনত ধৰি কাষৰ চুলিবোৰ কাটিবলৈ লাগিল ৷
সি বোলে চকীয়া বাবু পহিলে পহিলে আচামবন্ধ মানে পুৰা আচাম বন্ধ হৈছিল , তিৰাশী চন চে লেকৰ তিৰান্নবে মানকে কথা কহিছু, আজকল আচাম বন্ধ হ’লে আপনি ফিৰ ফোন লগাই কিনে সুধিব লাগিব “ভাই কোন খন অচম বন্ধ আছে হ'? কতিয়াবা কতিয়াবাটো আপনি আধা ৰাষ্টাৰ পৰাই ফিৰি আহিব লাগিব, বোলে “আগত আচাম বন্ধ আছে" হাৰে ভাই হামি ত' আচামৰ পৰাই আহি আছো, আগত ফিৰ কোনখনআচাম আছে ? হামনিকেটো কনফিউচড হৈ যাঁও ভাই কি কোনখন অচম আছে আৰু কোনখন অচম নাই আছে ৷
পহিলে যেতিয়া অচম বন্ধ দিয়ে পুলিচ আহি কেনে দোকানকে তলা ভাঙিছে, দোকানী কহে কি ভাই অচমবন্ধ আছে হামি মৰি গ’লে ভি দোকান নাই খুলিব, অউৰ আজকল বাইকমে ১০ -১২ লড়কা আহি ক’ব এই দোকানী তলা বন্ধ ক’ৰ হামি অচম বন্ধ দিছো ত’হত নাজান’ নেকি ?পহিলে যেতিয়া অচমীয়া আন্দোলন
কৰিছে চিহত পৈদাই হোৱা নাচিল, চিহতৰ পিতাজি হামাক কহিছে কি হাত মে মচাল লৈ কিনে প্ৰতিবাদ কৰিচিলে, জেল গৈছিল, পুলিচকে মাৰ খাইচিল, মানুচ ছহিদ হৈছিল । অউৰ আজকল এৰা গেৰা পাৰ্টি
যি ভি বন্ধ দিব নেতা বনি যাব ৷ পহিলে একটা কাৰন আচিল, অচম বন্ধ কৰাৰ, আজকল কোনো কাৰন নাই হ’লে ভি অচম বন্ধ হৈ যায় ।
ফেচবুকমে কোনোবা ছোৱালীকে বেয়া কমেন্ট কৰিব অচম বন্ধ, কৰবাত চুলাই খাই কিনে ১০ আদমি মৰিব অচম বন্ধ ।।কতিয়াবা ডিমাগ ফিন যাব হামাৰ হামনিকে ভি চব নাপিত মিল কেনে দ' তিন মহিনেকে লিয়ে অচম বন্ধ দি দিম ৷ য'ব অউৰত মাফিক লম্বা চুল লৈ কিনি মৰদ বোৰ ঘুৰিব তব চমঝিব কি অচম বন্ধ দেনে চে হামাৰ নিচিনা চ'টা ম'টা কাম কৰি খোৱা মানুচ বোৰকে কি প্ৰব্লেম হয় ৷
হাৰে ভাই কান্ধ মে বেগ লৈ কিনে মাইক কে চামনে চিল্লাই চিল্লাই যি নেতা অচম বন্ধ কৰে ও চব কেটো গৌহাটি মে বৰা বৰা মকান, গাড়ী চব আছে ৷ দিন মে কাম নিমিল তু ৰাত মে চৌকা হামাৰ নজলে, ও বন্ধ দেনেৱালা লিডাৰ কে তু পকেট গৰম হৈ যায় বন্ধ দেনে চে ৷ ফিৰ ভি মানুহ না চমঝে ৷ নিউজ চেনেল পেপাৰ কুচ দিন পহিলে কহিছিল কি যি ভি পাৰ্টি বন্ধ দিব, হামনি নিউজ নাই দেখাব ।চব ফুটুকাকে ফেন ভৈল ।গৰ্মেন্ট ক’হিছিল খি যি ভি পাৰ্টি বন্ধ দিব, ঐ পাৰ্টিকে লিডাৰক ধৰি কিনে তপিনা লাল কৰিব ।চেইটো ভি ফুটুকাকে ফেন ভৈল ।
আপনি চমঝিচেটো হামনি কি কহিব খুজিছে? মই বোলো বুজি আছো কৈ থাক পেটে পেটে বোলো বন্ধ এটা হঁওক হঁওক বুলি কিমান ভাবি আছো তই ক’ত বুজিবি? অফিছৰ কামত লাগি থাকোতে শ্ৰীমতিৰ নামত খোলা ইঞ্চুৰেঞ্চৰ এজেঞ্চিৰ কামত লাগিবই পৰা নাই, তাতে মাৰ্চ এন্ডিং পালেহিয়েই ।
মুৰত পানি অলপ চতিয়াই সি আকৌ আৰম্ভ কৰিলে বোলে চকীয়া বাবু আপনিকে এটা কথা কহকচোন, ই আন্দোলন কা নিচা কি অচমীয়া জাতি কে খুন মে আছে নেকি হ'? জাহা দেখিব আন্দোলন ৷ ইতিহাচ কহিছে কি অচম মে কোনো ভি আন্দোলন কা এক ভি লাভ না হৈছে ৷
অচম মে অচমীয়া ভাচা কে লিয়ে আন্দোলন হৈছে, তেজ দিম তেল নিদিম আন্দোলন হৈছে, বিদেচি ভগাৱলে আন্দোলন হৈছে ৷ ই চব আন্দোলন কে কিবা লাভ হৈছেনে চকীয়া বাবু ৷ ই চব আন্দোলন মে যিমান মানুচ মৰিছে সিমান ভি বাংলাদেশী আচাম চে বাহাৰ নিকালিব পৰা হয় ভি ক'লো হয় ৷ অচমীয়া ভাচা কে হালত দেখিচেই, তেল ভি বিক্ৰীয়ে কৰি দিলে ৷ চব ফুটুকা কে ফেন ভৈল ৷
মই বোলো তই যে আজি ইমান অসম বন্ধৰ ওপৰত লেকচাৰ দিলি কি অচম বন্ধ আছে নেকি এই কেইদিনত ? সি বোলে একটা নাপিত হামনিকে কুচদেৰ পহিলে ফোন কৰিছে কি একটা পাৰ্টি ৩৬০০ ঘন্টা বন্ধ দিছে হামনিকে কব লাগে ৩৬০০ ঘন্টাকে কিমান দিন হয়? আঙুলি মুৰতে হিচাপ এটা মাৰি লগে লগে শ্ৰীমতিলৈ ফোন কৰিলো বোলো হেৰা চাউথত ফুৰিব যাম বুলি কৈ আছিলা যে ভগবানে কৰিলে হৈ যাব পাৰে দেই কৈ থলো । সীতা ৰামৰ দোকানত আৰি থোৱা ৰামদেৱ, হনুমান, শিৱ দূৰ্গা, ৰেখা, কাজল , চলমান খান, আমিৰ খান সকলোৰে ফটোবোৰত মুৰটো দোঁৱাই দিলো .........

নিমন্ত্ৰিত অতিথি

গেটখনত লিখি থোৱা "কুকুৰৰ পৰা সাবধান" বৰ্ড খন দেখি কিছু সময় ৰৈ থাকিলো ৷ কুকুৰ বুলিলে মোৰ এনেও অলপ ভয়টো বেছি ৷ তাতে মাহ টোৱো বেয়া, বান্ধি থোৱা কুকুৰ, কি বা কৰে? ইফালে সিফালে চাই মৰনত শৰন দি গেটখন জোৰ কৈ শব্দ কৰি খুলিলো ৷ ভাবিলো যদি গেটৰ শব্দত কুকুৰৰ মাত শুনো ফোন কৰি কম বোলো গেটৰ সন্মুখত ৰৈ আছো ৷ নাই, কুকুৰৰ মাত নুশুনি পদুলীৰ পৰা পিৰালিলৈ আগবাঢ়িলো ৷ বাৰাণ্ডাত দেখিলো একান্তমনে সৰু ল'ৰা এটাই মোবাইল পিটিকি আছে ৷ হয়তো তেখেতৰ ল'ৰাই হ'ব, আইডিয়া এটা কৰি মাত দিলো 
বাবা, দেউতা ঘৰত আছেনে?
ল'ৰা জনে কোনো কানসাৰ নকৰিলে ৷
আকৌ একেটা প্ৰশ্নকে পুনৰাই কৰিলো ৷
ওহো, কেটকুটেই নকৰে ৷ 
উপাই নাপাই কলিং বেলটো বজাই দি মনতে ভাবিলো, ল'ৰাটোৱে বোধ হয় কানেৰে নুশুনে, নহলে বৰ মনোযোগী, নহ'লেনো মোৰ মাতটো নুশুনিবনে? বেয়াও লাগিল ৷ হয় দেই ভগৱানৰো কি লীলা ৷ ইমান ধুনীয়া ল'ৰাটো আইয়ু ৷ বেয়াই লাগিল ৷ 
কোনো ওলাই নহা দেখি আকৌ কলিং বেল টিপিলো ৷ 
ভিতৰৰ পৰা " বিটু কোন আহিছে ৰখিব ক' গৈ আছো" বুলি মহিলা কন্ঠ এটা ভাঁহি আহিল ৷ 
হঠাৎ ল'ৰাটোৱে মূৰটো সামান্য লৰাই ইংগিতৰে মোক খালি থকা চকীখন দেখুৱাই দিলে ৷ 
নাই কলা নহয়, বোবা হে হ'ব চাগৈ ৷ এনেতে তাৰ হাতত থকা মোবাইলটো বাজি উঠিল ৷
" মৰ্ণিং প' ... না, জাষ্ট...অকে...গিমি টেন মিনিটচ"
ম'ম আই হেভ টু গ' 
নাই বোবাও নহয় ৷ হয়তো অসমীয়া ভাষা বুজি নাপাই ৷
এনেতে ভিতৰৰ পৰা মানুহ এগৰাকীৰ দৰে কিবা এটা ওলাই আহিল ৷ মুখত , আমাৰ গাওত ভাৱৰীয়াক সজাবলৈ ব্যৱহাৰ কৰা ফাউণ্ডেশ্চনৰ দৰে বগা ৰং আৰু ছুলিত এসোপা মান ৰঙা সেউজীয়া খাৰুৰ দৰে কিবা ছুলিৰে পাক খোৱাই বন্ধা আছিল ৷ মই ঠিয় হৈ দিলো ৷ 
কাক লাগে?
(কাক লাগে কথাষাৰ শুনি নিজকে পাতল যেন অনুভৱ হ'ল যদিও একো নকলো) 
মই বোলো দাদা আছেনে?
টুনু, চাহাবক মাতি দে বুলি কৈ মানুহ গৰাকী ভিতৰলৈ সোমাই গ'ল ৷ 
দহ মিনিট, পোন্ধৰ মিনিট .. নাই কোনো ওলাই নাহে ৷ বিশ মিনিট মান পাৰ হোৱা পিছত ভাবিলো নাই উভতি যোৱাই ভাল হ'ব ৷ এনেতে বনকৰা ছোৱালী এজনীয়ে ট্ৰে এখনত পানী এগিলাছ লৈ আহি মোৰ আগত থলে ৷ লগতে ওলাই আহিল সৰু ল'ৰা এটা ৷ মই বোলো দাদাৰ দেৰি হ'ব নেকি ? 
চাহাব ব্ৰেকফাষ্ট কৰি আছে, আপুনী বহক ৷
মই ঘৰৰ পৰিবেশটো চালো, হয়, চাহাব বুলিব পাৰি ৷ বনকৰা ছোৱালী জনি পানীৰ গিলাছটো লৈ ভিতৰলৈ সোমাই গ'ল ৷ ল'ৰাটোৱে চকী এখনত বহি মোক নিৰিক্ষন কৰা আৰম্ভ কৰিলে ৷ মইও সময় পাৰ কৰিবলৈ দুই এটা কথা আৰম্ভ কৰিলো ৷
বাবা, তোমাৰ নাম কি?
ল'ৰা নিমাত ৷ মনতে ভাবিলো ককায়েকৰ দৰেই, অসমীয়া হয়তো নুবুজিব ৷ সেয়ে ভঙা ভঙা ইংৰাজীতে সুধিলো ৷
হোৱাট ইজ ইয়ৰ নেম?
চেন্দ' 
ধুনীয়া নাম? 
হুইজ ক্লাছ ডু ইউ ৰিড?
ক্লাচ ফ' ৷
ভেৰি গুড ৷
ইয়াৰ পিছত কিবা প্ৰশ্ন কৰিবলৈ ইংৰাজীয়ে লগ এৰা দিলে ৷ গতিকে মনে মনে থাকিলো ৷ ইফালে সিফালে চাই দেখিলো বিদেশী মেগাজিন কেইখনমান ৷ এনেতে হাতত মোবাইল ফোনটো লৈ মানুহ এজন ওলাই আহিল ৷ মই ঠিয় হৈ দিলো ৷ 
বহা বহা (মোৰ ফালে নোচোৱাকৈয়ে বহিবলৈ দি মোবাইলত কাৰোবালৈ নম্বৰ লগালে)
এই টাৱাৰ বোৰ বুজিছানে?
হয়, বৰ দিগদাৰ দিয়ে ৷ 
বাৰু, তোমালোকৰ মিটিংখন কেতিয়া আছে ?
দাদা, পচিশ তাৰিখে ৷ মই নিমন্ত্ৰনী চিঠি খন আগুৱাই দিলো ৷
টুৱেন্টি ফিফ্ট ৷
অহ, নহ'ব, বুজিছা মোৰ সেইদিনা বেলেগ এটা এপইন্টমেন্ট আছে ৷ মই তোমালোকৰ অৰ্গেনাইজাৰ জনক কৈছিলো, দুদিন পিছুৱাই দিবলৈ ৷ 
কিবা এটা যদি মিলাব পাৰিলে হয় ৷
ইম্পচিবল বুজিছা ৷ বাৰু মইও সেইখন গাৱঁতে জন্ম, চ নিৰাস নকৰো ৷ টুনু (হয়তো বনকৰা ছোৱালীজনিৰ নাম) ৷ মোৰ টেবুলতে এনভেলপ এটা আছে লৈ আহ ৷ টুনুৱে এনভেলপটো লৈ আনি দিলে, ভিতৰৰ বগা কাগজ এখিলা ওলিয়াই "এই খন আছলতে মোৰ বেলেগ এখন মিটিংত দিয়া স্পীছ আছিল, তথাপি জাতিয়তাবাদ আৰু অসমীয়া ভাষাৰ ওপৰত এই স্পীচটো বহুতে আদৰি লৈছিল ৷ মই অলপ এডিট কৰি দিছো, তোমালোকে মিটিংত মোৰ শুভেচ্ছাবানী হিচাপে পাঠ কৰি দিবা আৰু তোমালোকে উলিয়াব খোজা মেগাজিন খনতো দিব পাৰিবা , আই ডন্ট মাইণ্ড ৷ 
মইও নিশ্চয় দাদা বুলি কৈ বহাৰ পৰা উঠিলো ৷
গেট খনত লগাই থোৱা বৰ্ড খন আকৌ এবাৰ পঢ়িলো "কুকুৰৰ পৰা সাবধান"......

অলৌক নিৰঞ্জন

অলৌক নিৰঞ্জন,
প্ৰেমত বাৰ বাৰ অচফল হৈছে, পৰিকচা পাচ কৰা
নাই, চাকৰি হওঁ হওঁ আছে হোৱা নাই, কৰোবাৰ
বাটচা নাই আছে, কাৰোবাৰ মতাই ঘৈনীকে কথা
নাইচুনে, চব প্ৰব্লেম কে চলুচন আছে বাবাৰ হাতত ।
অলৌক নিৰঞ্জন.......
(পেলেকৰ ঘৰৰ চোতালত কান্ধত মোনা লৈ গেৰুৱা চোলা ৰঙা লেঙুটি পিন্ধা বাবাৰ হঠাৎ আবিৰ্ভাৱ ঘটিল। ভিতৰৰ পৰা আলেখলেখ চাই থকা পেলেকে বোলে আজি বাবাৰ অলৌক নিৰঞ্জন যদি মই ত্ৰাহি মধুষোধন কৰিব নোৱাৰো, মইও পেলেক নহয় ৷ কথা মতে কাম, পেলেকে চিধাই আহি সাষ্টাঙ্গে পৰি বাবাৰ লেঙুটিত ধৰি ল’লে)
::বাবা আপুনি মহান ৷ আজি সাক্ষাৎ লগ পালো ৷ আমাৰ আকৌ অসমত ইমান চমৎকাৰী বাবা নাই নহয় ৷ আপোনালোকে আমাৰ গাওঁবোৰত আহি ঘৰে ঘৰে তাবিজ কবচ বেছি ফুৰিলেহে দেখা পাও। বাবা মোক উদ্ধাৰ কৰক ।
::ক’ বাটচা তোৰ কি প্ৰব্লেম আছে ? অলৌক নিৰঞ্জন.......
::পেলেকে বোলে বাবা, মোক টেট ক্লিয়াৰ কৰি দিয়ক ।
::বাবাই বোলে বাটচা এই টেট কি জিনিচ আচে মোক চমঝাই ক’ চুটকি মাৰি কিনে ক্লিয়াৰ কৰি দিম ।
::পেলেকে বোলে দিবটো? নোৱাৰিলে চাব কিন্তু কালান্ত কৃষ্ণক চেলেঞ্জ দিছে কিন্তু আপুনি ৷
::বাবাই বোলে তই মোক চন্দেহ কৰিছ’?
::নাই কৰা বাবা নাই কৰা ৷ আপুনি মহান ৷ আপোনাৰ নিচিনা বাবাৰ ওচৰত দেশৰ ডাগা ডাগা চোৰ, মন্ত্ৰী বিধায়কে শৰণ লয় ৷ আনকি ক্ৰিকেটাৰেও খেল শিকিব যায়, চিনেমাৰ নায়িকাইও চিনেমাত চাঞ্চ পাবলৈ চৰন চুব যায় ৷ তেনেস্থলত মই কোন কুটা ৷ বাবা ক্ষমা কৰক ।
:: বেটা, দেচ টু চাধুৱেই চলাই আছে ৷
:: হয় বাবা হয়, আমাৰ দেশ মহান ৷ ইয়াত যুগে যুগে নহয় প্ৰতিদিনেই দুটা এটা ভগৱান জন্ম হৈয়েই থাকে ৷ আশা ৰাম বাপু, ৰামপাল বাবা, ইচ্ছাধাৰী বাবা, ৰাম ৰহিমৰ দৰে সাধু ঈশ্বৰ জন্ম নোহোৱা হ'লে আমাৰ দেশৰ কি যে অৱস্থা হ'ল হয়, ভাবিলেই চকুপানী ওলায় যায় ৷ নেতাই কি দৰে নিৰ্বাচনত জিকিলে হয় ৷ আমি ডক্টৰৰ ওচৰত নোযোৱাকৈ বেমাৰ কি দৰে ভাল কৰিলো হয়? বিদেশী বস্তু দেশী মাৰ্কাত ক'ৰ পৰা কিনিলো হয়?
:: বেটা, মোৰ আশ্ৰম গ'লে দেখিবি কি কিমান ভক্ত মোৰ গুৰুকে চৰন দৰ্চন কৰিব আহে ৷
:: পেলেকে বোলে জানো বাবা, জানো ৷ কুকুৰৰ নেগুৰত ধৰি বৈতৰনী পাৰ হ'ব খোজা অন্ধৰ আমাৰ দেশত অভাৱ নাই ৷ সেয়ে চৰন দৰ্শন কৰিব যায় ৷
:: বাবাই বোলে তই কি বৈতৰনী কহিলি, নাই চমঝিলো ৷
:: পেলেকে বোলে, নিজকে কৈছো বাবা,নিজকে ৷ নহ'লে গুৰুদুজনাৰ দৰে নিজৰ ঘৰতে দুজনকৈ মহাপুৰুষ থাকোতে আপোনালোকৰ দৰে সাধুৰ চৰন চুও নে ? পাৰিলে এখন আশ্ৰম আমাৰ অসমতো খোলক, চৰকাৰে ভুমিহীনক মাটি নিদিলেও বাবাৰ আশ্ৰম বুলি ক'লে খেটাং মাটি দিব ৷ আৰু অন্ধৰ কথাই চিন্তা কৰিব নালাগে গেৰুৱা কাপোৰ পিন্ধা বাবা বুলি ক'লে পিন্ধি থকা অসমীয়া নামৰ লেঙুটিখনো খুলি দিয়া মানুহ অসমত এতিয়া নতুনকৈ বহুত পাই যাব ৷ বাৰু বাবা এইবোৰ আপুনি ফেচবুক বা ৱাটচএপতে পঢ়ি ল'ব পাৰিব ৷ আপুনী মোক মুঠতে টেটটো পাছ কৰাই দিয়ক ৷
:: ঠিক আছে বেটা তোৰ বাবাৰ প্ৰতি ভক্তি দেখি খুচ হৈছো, তোৰ প্ৰৱলেমটো কি ক, চুটকি বজাই কিনি পাচ কৰাই দিম তোক ৷
::বাবা ফাৰ্ষ্ট পেপাৰ পেডাগগি আৰু চেকণ্ড
পেপাৰ জিকে।
::বাবাই বোলে অলপ চমঝাই ক’ তই যি কহিচ’
মই চমঝা নাই।
::পেলেকে বোলে এ বাবা সেইবোৰ বাদ দিয়ক
দুখন পেপাৰৰ পৰীক্ষা আছে মোক মাত্ৰ ১২০
পোৱাই দিয়ক ।
::বাবাই বোলে তাকে কিয় কোৱা নাই গৰু ?
ক’হিব লাগে কি, টেট একটা পৰিকচা আছে ।চমঝি ল’ তই পাচ কৰি গ’লি । মই তোক এটা তাবিজ দিম, যি তোৰ পৰিকচা ল’ব তাক দেখুৱাই কিনে পিন্ধি থাকিবি আৰু অলপ তেল লৈ আহ, তেলটো জাৰি দিম, পৰিকচা দিনা ঘঁহি যাবি ৷
::পেলেকে বোলে বাবা ,তেল তাবিজ নালাগে,
তাবিজ বহুত পিন্ধিলো, আপুনি সৰবজান বাবা, আপুনি মোকপৰীক্ষাত কি কি প্ৰশ্ন আহিব দুটা মান কপাল চাই কৈ দিয়ক ।
::বাবাৰ এইবাৰ চকু কপালত উঠিল ।বাটচা এইটো কহিব নোৱাৰি, তই তাবিজ পিন্ধ পাচ হই যাবি, আৰু তোৰ কাগজ কলম আন বাবাই জাৰি দিব পাচ হৈ যাবি ৷ বাবাৰ আচিৰবাদ আছে ।
::পেলেকে বোলে বাবা আচিৰবাদো নালাগে কলম জাৰি দিবও নালাগে আপুনি পাৰিব মই জানো, কপালত নোৱাৰিলে নখ বাচনি কৰি হলেও মই কোন খন পেপাৰত কিমান নম্বৰ পাম দেখুৱাই দিয়ক । মুঠতে মোক এতিয়াই পাচ কৰাই দিয়ক ৷ মই ৰিজাল্ট লৈ হে আপোনাৰ লেঙুটি এৰিম ।
::বাবাই বোলে, তই কিয় চমঝা নাই এইটো  নোৱাৰি হ’, এইটো পচিব'ল নাই আছে ৷
::পেলেকে বোলে আপুনি সৰবজান বাবা, মই  জানো আপুনি পাৰিব । আপুনি মোক পাচ
কৰাই দিবই লাগিব । আপুনি পাচ কৰাই দিলেহে মই পৰীক্ষা দিম ।ন’হলে মইআপোনাৰ লেঙুটি নেৰো।
::বাবাই বোলে, তই চমঝা নাই
::পেলেকে বোলে নাই বাবা মোক আপুনি মই কোনকেইখন ডিষ্ট্রিকত এপ্লাই কৰিলে চাকৰি পাম আপুনি ক’বই লাগিব।
::বাবা প্ৰায় বেহুচ হওঁ হওঁ ।
ইফালে পেলেকেও লেঙুটি নেৰে সি বোলে নাই  বাবা মই জানো আপুনি পাৰিব মোক আপুনি এপইন্টমেন্ট লেটাৰখন নখ বাচনি কৰি দেখুৱাই দিলেহে যাব দিম।
::বাবাই গ’ম পালে যে ই বেটাই আজি মোক  নেৰিছে ৷ শেষত উপায় নাপাই বাবাই বোলে বাটচা মোৰ লেঙুটি এৰ, এনেই ডায়েবেটিচ থকা মানুচ আছো ভাই , টেনচন নিদিবি, চিৰিক কৈ লিক
হৈ যাব ।
::পেলেকে বোলে নাই বাবা আপুনি একো ক’ব নোৱাৰিলেও এল পিত কিমান পাৰচেন্টেজ লৈকে নামিব তাকে কই যাওঁক ।
কথা বিষম দেখি বাবাই লেঙুটি পেলেকৰ হাততে
এৰি পিছলৈ নাচাই দৌৰ দিলে
দেৱজিৎ শইকীয়া
২৯,৮,২০১৭