Tuesday 27 February 2018

ফেচবুক লাইভ 2


আকৌ আহিল নহয় ঘিটিং কৈ নটিফিকেশ্চনটো৷ চুইট ৰিয়া ইজ লাইভ নাও৷ মেহ অন ভেজ মাৰ্কেটিং৷ চালো হয়, যোৱাবাৰ পাচলি বজাৰতগৈ ফেচবুক লাইভ কৰা গৰাকীয়েই৷
ৰ'ব দেই ডাৰ্ক হৈ আছে বুলি কৈ বিভিন্ন এংগ'লত কেমেৰাটোৰ লগতে নিজেও দুপাক ঘুৰি এজেগাত কেমেৰা ৰখালে৷
আজি মম নাই, চ' ভেজ নিব মই আহিছো৷
স্ক্ৰীনত দেখিলো বুঢ়া আঙুলী কমেন্ট লালপান সকলো ধাৰাষাৰে বৰষিব লাগিছে৷ মইও বুঢ়া আঙুলি এটা টিপা মাৰি দিলো৷
এই ফুলকবিটো গ্ৰীন কালাৰ যে?
বাইদেউ এইটো ব্ৰকলী৷ ব্ৰয়লাৰ কবি
হ'ব৷ জানো মই৷ তিনিটা পেক কৰি দিয়া আৰু ইয়াৰে শাক তিনিমুঠি দিয়া৷
বাইদেউ শাক নহয় ধনীয়া পাত৷
স্ক্ৰীনত কমেন্ট "চুইটি গ্ৰীন শাক খোৱা ভাল, ভিটামিন বাঢ়িব৷
পাকখাই থকা এইবোৰ কি?
উৰহী বাইদেউ৷
চিধা চিধা চাই পাক নোখোৱাটো এক পোৱা দিয়া৷
মুলা দিম নেকি বাইদেউ?
মুলা কোনটো? ৷এই হোৱাইট হাতী দাঁত নিচিনাটো নে? এই ফেডেড কালাৰটো নালাগে পিংক কালাৰৰ মুলা আছে যদি দিয়া৷
স্ক্ৰীনত কমেন্ট " প্লিজ জানু, মুলা নলবা, গেচ হ'ব৷
ইয়ে....এই পিয়াজবোৰৰ পাত গজি গ'ল দেখোন? গজালী ওলোৱা ইমান পুৰনী পিয়াজ বিক্ৰী কৰিছা? পাত বোৰ এৰুৱাই ৱান পোৱা দিয়া৷ ফেচবুকত পাইছো অনিয়নৰ বহুত দাম হৈছে বোলে৷
ইফালে ৰঙাপান, বুঢ়া আঙুলী দৌৰি আছে৷ এটাই কমেন্ট দিছে, বাপৰে তুমি পিয়াজ কিনিছা? বহুত ধনী মানুহ দেই তুমি৷
দাদা, লাওটোত কিয় চূন সানি থৈছে?
লাও নহয় বাইদেউ, আমি এইটোক কোমোৰা বুলি কওঁ৷
অকে অকে আধা কেজি দিয়ক৷
বাইদেউ এইটা গোটাকে বিক্ৰী হয়৷ গোটেইটো নিয়ক৷
ইয়ে, ন' ৱে এইডাল কেনেকৈ ডাঙিম৷ মোৰ স্কুটিত নাযাব এইডাল৷ সৰু চাইজৰ ভেজ হে নিম৷
ভিডিঅ' পজ৷

ফেচবুক লাইভ 1



লাইভ বুলি শব্দটো শুনিলে আগৰ ক্ৰিকেট খেলৰ কথাই মনলৈ আহিছিল ৷ তাৰ পিছত লাইভ বুলি ক'লে আমাৰ টি আৰ পিৰ নেগুৰত জুই লগাবলৈ কৰা নিউজ চেনেল কেইটাৰ হকে বিহকে বিহুৰ অনুষ্ঠান বোৰৰ কথা মনলৈ অহা হ'ল ৷ এই বোলে আপুনি নিউজ চেনেল লগালে ,দেখা পালে " জকাইচুকৰ পৰা অমুক লাইভ" ৷ চেনেল সলনি কৰিলে, দেখিলে " পতিয়া চুবুৰিৰ পৰা ভুচুক লাইভ" ৷ সেইখিনিলৈকেও ঠিকেই আছিল ৷ পিছে আজি কালি লাইভ শব্দটো কেৱল টিভিটে সীমাবদ্ধ নহয় ৷ আপুনি ফেচবুক খুলি বহিছে হঠাৎ নটিফিকেশ্বন আহি গ'ল " হেৰি ইজ লাইভ নাও" ৷ মন নগ'লে বাৰু নাচাবও পাৰে, কিন্তু লাইভ মানে জীৱন্ত চাবলৈ কাৰনো মন নাযায় কওঁকচোন ৷ মৰাৰ পিচত বা দেখা সাক্ষাৎ হয় নে নহয়?

সিদিনাখনৰে কথা ৷ ম'বাইলটো লৈ বহিছো ৷ এনেতে টং কে বাজি উঠিল "চুইট এনজেল ইজ লাইভ নাও" ৷ দিলো ক্লিক কৰি ৷ দেখিলো " মেহ অন ভেজ মাৰ্কেট " ৷ চুইট এঞ্জেল নামটো দেখিয়েই গম পাইছিলো জীৱনত হয়তো কাহানিও পাকঘৰ সোমাই নোপোৱা কোনোৱা স্বৰ্গৰ অপেশ্বৰীয়ে হয়তো জীৱনত প্ৰথম বাৰ বজাৰলৈ যোৱা দৃশ্যই হ'ব, যিটো অভিজ্ঞতা সকলোৰে লগত ভাগবতৰা কৰিব ওলাইছে ৷

বজাৰৰ চিনাকি বেপাৰি কেইটা দেখি গম পালো মোৰ চহৰৰে কোনোবা হ'ব ৷ যি কি নহওঁক আপোনালোকে যিহেতু এগৰাকী অপেশ্বৰীয়ে পাচলি বজাৰ কৰাৰ সেই বিৰল দৃশ্যৰাজী জীৱন্ত উপভোগ কৰি জীৱন ধন্য কৰিব নোৱাৰিলে গতিকে মই ভাবিলো মইও ডিক্টৌ লিখি পেলাও ৷ আপোনালোকে মাত্ৰ মোৰ লিখাখিনি পঢ়োতে মনতে চহৰৰ এখন লেতেৰা পাচলি বজাৰ, এজন বেপাৰী আৰু এগৰাকী মনৰ পচন্দৰ আধুনীকাক কল্পনা কৰি ল'ব ৷ বাৰু আৰম্ভ কৰিছো ৷

মুখ খন দুবাৰ মান জোঙা, চিধা, বেকা কৰি বেপাৰি লগত অপেশ্বৰীৰ কঠোপকঠন

এঞ্জেল :: এই নিগনীৰ দৰে নেগুৰ থকাটোৰ কিমান দাম ?

বেপাৰী :: এইটো বাইদেউ ভাতকেৰেলা ৷

এঞ্জেল:: বান্ধি থৈছা কিয়?

বে:: পলাই যাব পাৰে যে ৷

এঞ্জেল :: আই চি ৷ আৰু সৰু সৰু চাইজৰ কঠাল বোৰৰ ?

বে:: বাইদেউ কঠাল নহয়, আমি তিতা কেৰেলা বুলি কওঁ

এঞ্জেল: : ইচ অসমত চব কেৰেলাৰ পৰাই চব্জি অহা হ'ল ৷ এই সৰু ঢোল বোৰ কিমান দাম?

বে:: বাইদেউ এইবোৰ পটল পোৱা বিশ টকা, ভোল সেইটোহে ৷

এঞ্জেল: :ভোল নালাগে বহুত খজুৱাই ৷

বে:: বাইদেউ নখজুৱাৰ ভিতৰত কচুৱেই আছে ৷লৈ যাওঁক কেঁচা চাতনি ধুনীয়া হয় ৷

((((লাইভ কমেন্ট চলি আছে ৷
কনক : অকলে গৈছে নি? মে আই পিক আপ ইউ?
ডিম্বেশ্বৰ : বেছি বজাৰ নকৰিবা, বেগ ডাঙিব নোৱাৰিবা ৷
ৰাজদিপ : চক বজাৰ নেকি? গাজৰ কিমানত দিছে সুধাচোন, কমত পালে মোলৈও এপোৱা লবা )))))

এঞ্জেল:: এই যে টিভিত দেখাই থাকে অসমৰ ভোট জলকীয়া , সেইটো আছে নেকি ? অসমৰটো দিবা কিন্তু ৷

বে:: আছে, এই ৰঙা ৰঙা কেইটা, দহটকাত পাচটা

এঞ্জেল:: জ্বলা আছেনে?

বে:: এবাৰ এটা কামুৰি চাওক

এঞ্জেল:: পাঁচ টকাত দহটা দিবা ৷

বে:: দহ মিনিট মোৰ গাদিত বহি দিয়ক এনেই দিম

এঞ্জেল :: হাও ৰাবিচ ৷ তিনটা দিয়া পাঁচ টকা দিম
বে:: বাৰু লওঁক পাঁচ টকাত দুটা দিছো ৷

(((( দাম কমাই এঞ্জেলৰ ফুৰ্তি দেখা পালো ৷
ইফালে বহুতে কমেন্ট লিখি আছে লাইভ
বিবেক : তুমি বজাৰ কৰিছা? অহ মাই গড ৷ পাপাক কিয় পঠাই নিদিলা?
ধৰনী : : মোৰ নাম কোৱা, বেপাৰিয়ে ভয়তে এনেই দি দিব ৷ ৰঙা পান, বুঢ়া আঙুলি স্ক্ৰিনত দৌৰি আছে )))

এঞ্জেল: :চব্জী বেপাৰি হৈ গ্ৰীন কমলা বেচিছা কিয়?

বে:: বাইদেউ কমলা নহয়, গোল নেমু জোৰাত দহ টকা ৷

এঞ্জেল:: জানো জানো, ভিমবাৰত ফটো দেখিছো ৷ লাও আছে নেকি লাও?

বে:: কি লাও লাগিব ? পানী লাও নে ৰঙালাও দিম?

এঞ্জেল:: টিয়হ টোলৈ আঙুলিয়াই, নাই এই শুকান লাও দহটা দিয়া আৰু অমিতা এক কেজি দিয়া ৷

বে:: অমিতা নহয় বাইদেউ এইটো স্কোৱাচ হয় ৷

এঞ্জেল: :টেঙা হ'ব নেকি?

((((দিবাকৰ:: বৰ গৰম, ৰবা মই গৈ আছো ৷
যতিন : হাই
প্ৰনৱ : চুইটি গৈ আছো দুপৰীযা, ভাত বনাই থবা) )))

বে:: বাইদেউ আৰু নাম নুসুধিব, আকাৰ ইংগিতৰে দেখুৱাই দিয়ক মই মোনাত ভৰাই দিম ৷

এঞ্জেল :: হ'ব নাম নাজানিলে নকলেই হ'ল ৷ এই পটল এক পোৱা দি দিয়া ৷

বে:: বাইদেউ এইটো কুন্দুলি, অকন টেঙা, বিজল হ'ব , পটল কাষতে লুটি খাই পৰি আছে ৷ আপুনি নিজে লৈ লওঁক যি লাগে, মই মুৰৰ বিষৰ টেবলেট এটা খাই আহো ৷

এঞ্জেল:: ৰ'বা তুমি গুছি গ'লে মোক বেঙেনা কোনে দিব?

বে:: বাইদেউ আপোনাক বেঙেনা কেৱল বেহাৰবাৰিৰ আউট পষ্টৰ মোহনে হে দিব পাৰিব, মই যাও, মুৰটো তিয়াই আহোগৈ ৷

((((( ভিডিঅ ইজ পউজ ))))
********

সাৰথীৰ ৰথ যাত্ৰা .....


মই যিজন ড্ৰাইভাৰক বিজয়ক গাড়ী শিকাবলৈ পঠাইছিলো, সেইজনক আকৌ মোক চিনাকী কৰাই দিছিল আমাৰ ডাঃ পাৰ্থসাৰথী ভূঞাই৷ ড্ৰাইভাৰজনে আগতে তেওঁৰ গাড়ী চলাইছিল. চলাইছিল বুলি ক'লে ভুল হ'ব প্ৰকৃততে ভূঞাই মানুহক দেখাবলৈ হে ড্ৰাইভাৰজন ৰাখিছিল৷ গাড়ী তেওঁ নিজেই চলায়৷ কাৰণটো এবাৰ ড্ৰাইভাৰজনে সুধোতে ক'লে বোলে মোৰ নামেই পাৰ্থসাৰথী৷ দ্বাপৰযুগৰ পৰা মোৰ ৰথ চলোৱা ৰেকৰ্ড আছে৷ আৰু তহতে ট্ৰেফিক ৰুল মতে গাড়ী নচলাও সেয়ে গাড়ী মইয়ে চলাম, তই মাত্ৰ অৰ্জুনৰ দৰে বহি গৈ থাক৷

ভূঞা আকৌ নিয়ম কানুনৰ একদম পাক্কা৷ পথৰ দাঁতিৰ ফলক চাইহে গাড়ীৰ স্পীড দিয়ে৷ যদি ফলকত Speed Limit 40 KM লিখা দেখা পাই তেওঁৰ গাড়ীৰ স্পীড লগে লগে 40, না অকন বেছি না অকন কম৷

এনেদৰে এবাৰ গাড়ী চলাই নগাঁওৰ পৰা শিৱসাগৰ গৈ আছে৷ কাজিৰঙা পোৱাৰ লগে লগে ফলকত দেখিলে Speed Limit 20 Km. গাড়ীৰ স্পীড 40 ৰ পৰা লগে লগে 20 নামি আহিল৷ কাঁটা না অলপ বেছি না অলপ কম৷ ডাক্টৰ চাহাবৰ গাড়ীৰ কাষেদি গাড়ী বাইক সকলো ক্ৰচ কৰি যাব ধৰিলে৷ স্কুললৈ যোৱা ছোৱালী কেইজনীও ক্ৰচ কৰি গ'ল৷ খৰি নিয়া দুগৰাকীমান মিছিং মহিলাই খৰিৰ বোজাটো গাড়ীৰ ওপৰতে দি গাড়ীৰ লগত লাহে লাহে খোজ কাঢ়ি আগবাঢ়িল৷

গাড়ী 20 Km স্পীডত গৈ আছে৷ ড্ৰাইভাৰজনে মাজতে গাড়ীৰ পৰা নামি জোপোহাৰ কাষত সৰু পানী চুই আহি আকৌ গাড়ীত বহিলহি ৷ ডাক্টৰ চাহাবে কাষলৈ ফলক চাই গ'ল৷ 20 Km স্পীড ফলকখন দহ কিলোমিটাৰ মান আগতেই এৰি আহিছে কিন্তু কলৈকে 20 km স্পীডত চলাব লাগিব তাৰ কোনো হিচাপ নাই৷ ভূঞাৰ ড্ৰাইভাৰজনৰ লগত ৰাষ্টাই দি গৰু এৰাল দিব নিয়া মানুহ দুজনমানে মাজে মাজে কথাও পাতি গৈ থাকিল৷

এইদৰে কুঠৰি হস্পিতালৰ আগত গৰু দুটামানে ভূঞাৰ গাড়ীৰ আগেদি কেটৱাক কৰি যাব ধৰিলে৷ ড্ৰাইভাৰজনে বোলে চাৰ হৰ্ণ বজাওক৷ ভূঞাই বোলে দেখা নাই আগত হস্পিটাল আছে No Horn বৰ্ড দেখা নাই নেকি? হৰ্ণ বজাব নোৱাৰি৷ অৱশেষত ভূঞাই মুখৰেই অই ঘুৰ ঘুৰ বুলি চিঞৰিবলৈ লাগিল৷ গৰুকেইটা ঘুৰ ঘুৰ কৰা শুনি ঘুৰি চাই পিছফালে ডাক্টৰ চাহাবৰ গাড়ী দেখি যেনিবা চাইড দিলে৷

চাৰিঘন্টা পিছত কুঠৰি পাৰ হৈ বাগৰি হাইস্কুল পালেগৈ৷ পিছে ৰ আগত School Ahead Drive Slow ফলক দেখা পালে৷ ভূঞাৰ গাড়ীৰ স্পীড 20 ৰ পৰা আৰু কমি গ'ল৷ ড্ৰাইভাৰজনে মনতে কাৰ পাল্লাত পেলালা প্ৰভূ বুলি ঈশ্বৰক যিমানবোৰ গালি জানে সকলোবোৰ মনতে পাৰি লৈ নিজেই নিজৰ মুৰৰ দুই এডাল চুলিও চিঙিব ধৰিলে৷

লাখুটি লৈ পথৰ কাষেদি গৈ থকা বুঢ়া এজনে ড্ৰাইভাৰজনক সুধিলে বোলে বোপা গাড়ী স্ল কৰিছা যে কিবা সুধিবা নেকি? ড্ৰাইভাৰজনে বোলে নহয় ককা আপুনি আগবাঢ়ক, একো সুধিব লগা নাই৷

ড্ৰাইভাৰজনে ডাক্টৰ চাহাবক বোলে চাৰ এতিয়া কি মাহ চলি আছে? ভূঞাই বোলে নভেম্বৰ৷ কিয় সুধিলি?
ড্ৰাইভাৰজনে বোলে নহয় মানে নিউ ইয়েৰ পাৰ্টি ঘৰত খাম বুলি ভাবিছিলো..........

কেছ টু বিজয় (খণ্ড: 14)



ফাকুৱাত বিজয়হঁতৰ গাৱত ভাওনা হয়৷ সৰুকৈ হ'লেও ৰ'ল এটা বিজয়ৰ ভাগত পৰেই৷ দুবছৰ মান আগত "ৰাবন বধ" ভাওনা পাতিছিল৷ বিজয়ৰ মেইন ৰ'লেই আছিল৷ মানে কুম্ভকৰ্ণৰ৷ প্ৰকৃততে কৰ্ণৰ কথা সৰুৰে পৰা সি শুনি আহিছে গতিকে ৰ'লটো তাৰ নামত দিয়া শুনি নৰখিলেই, বায়ন বৰ্তাৰ গালত টুপুককৈ চুমা এটা খাই বোলে চাবি বৰদেউতা এইবাৰ ফালি দিম৷ এই বুলি বচন মতা আৰম্ভ কৰিলেই বোলে "সুত পুত্ৰ কৰ্ণ মই পিতা ভাগিৰথ মাতৃ ৰাধাৰ নন্দন.......বায়নলৈ চাই বিজয়ে বোলে তাৰ পিছত কি আছিল?

বায়নে বোলে হেৰৌ কৰ্ণক তই মহাভাৰতৰ পৰা ৰামায়নলৈ টানি আনিলি যে? তোৰ ৰ'ল কুম্ভকৰ্ণ হে কৰ্ণ নহয়৷ বিজয়ে বোলে কুম্ভকৰ্ণৰ গা উঠা ডায়লগ আছেনে নাই? বায়নে বোলে হেৰৌ তোৰ কাম চাই ৰ'ল দিছো ডায়লগ নাই যদিও আৰাম পাবি কৰি৷ কুম্ভকৰ্ণই ছয়মাহ শুইয়েই কটাইছিল, তোৰ অভ্যাস আছে ৰ'লটো ফুটাই তুলিব পাৰিবি৷

বিজয়ে বোলে মই কি কৰিব লাগিব? বায়নে বোলে একো নাই নামঘৰৰ চুক এটাতে বিচনা এখন পাৰি দিম তই নাক বজাই শুই থাকিলেই হ'ল৷ মাত্ৰ যুদ্ধৰ সময়ত উঠি আহি অলপ পৰ ইফালে সিফালে ঘুৰিবি তাৰ পিছত মৰাৰ এক্টিং কৰিলেই হ'ল৷ বিজয়ে বহু পৰ ভাবি বোলে হ'ব কিন্তু প্ৰবেশো মোক বিচনাত দাঙি নি কৰাব লাগিব৷ বায়নে বোলে হ'ব৷ সকলো ঠিক হ'ল৷

ভাওনাৰ দিনা বিজয়ে মনিকুটৰ সোঁফালে চুক এটাতে বিচনাখন পাৰি কম্বল টানি শুই থাকিল৷ যুদ্ধৰ সময়ত দুটাই গৈ জগালে বোলে এই উঠ হ'ল আৰু ইমান এক্টিংত ডুবি যাব নালাগে৷ নাই কুম্ভকৰ্ণ ৰুপি বিজয়ৰ সাৰ সুৰ নাই৷ বায়নে বোলে হেৰৌ আহ যুদ্ধ কৰহি৷ নাই বিজয়ৰ সাৰ সুৰ নাই৷ কম্বল টানি দুটাই হেচুকি মেলি দিয়াত বিজয়ে বোলে আজি থ কালিলৈ দিনত যুদ্ধ কৰিম ভাল টোপনী আহিছে শুই লও৷

বায়নে বোলে তোক নমৰাকৈ ৰাম ৰাবনৰ যুদ্ধ কেনেকৈ হ'ব? আৰু তই সুগ্ৰিবক বন্দী কৰিবও লাগিব, হেৰৌ নামি আহ৷ বিজয়ে বোলে সুগ্ৰীবৰ ৰ'ল বন্দিতাৰ বাপেকে হে লৈছে৷ জীয়েকক মই বাপেকৰ লগত যুদ্ধ নকৰো বুলি কথা দিয়া আছে৷ ৰামক ইয়ালৈকে মাতি দে নহলে তাৰ পৰাই কাড় এডাল মাৰি পঠাব ক, মই আ আ আ বুলি মৰিলো বুলি চিঞৰি দিম যা৷ মই নুঠু, ইমান আৰামত ওমলৈ শুই আচো উঠি গলেই বেলেগ আহি শুই যাবহি নহলে৷ তহত যা মোক শুৱ দে৷ উপায় নাপাই সূত্ৰধাৰীয়ে এহি বুলি ৰাম কুম্ভকৰ্ণৰ যুদ্ধ লাগল', কুম্ভকৰ্ণৰ মৃত্যু ভৈল বুলি যেন তেন নাট আগুৱালে৷

যোৱা বছৰ ফাকুৱাত আকৌ সকলোৱে "সীতা হৰণ ৰাবন বধ" নাট খনকে জুৰিম বুলি সিদ্ধান্ত ল'লে৷ বিজয়ে কিবা ক'ব লওতেই বায়নে বোলে চুপ৷ যোৱাবাৰ তই ভাওনা দেখুৱাই থৈছ৷ তোৰ ৰ'ল দিয়া মানে মই দুটা প্ৰেচাৰৰ পিল খাব লাগিব৷ বিজয় নাচোৰ বান্দা৷ নাই মোক ৰ'ল লাগিবই৷ কুম্ভকৰ্ণ নিদিয় নাই, ভীম বা দুৰ্যোধনৰ ৰ'লকে দে৷

বায়নে বোলে তই সদায় ৰামায়ন মহাভাৰত একেলগ কৰ কেলৈ? হ'ব যা তোক জাম্বুবানৰ ৰ'ল দিলো৷ বিজয়ে বোলে নাই মই ভালুকৰ ড্ৰেছ নিপিন্ধো৷ এবাৰ সোনটোৱে জাম্বুবানৰ ভাও লওতে মোক ড্ৰেছজোৰ পিন্ধি চাব ক'লে৷ মই পিন্ধি লৈ খুলিব নোৱাৰা হ'লো৷ পেচাব কৰিবলৈও চেইন নাই৷ শেষত ড্ৰেছ পিন্ধি নামঘৰৰ কাষৰ কচুৱনীখনত ড্ৰেছ খুলি সৰুপানী চুব লৈছো হে৷ গাঁৱৰ সোপাকে কুকুৰে মোক কমেও তিনি কিলোমিটাৰ খেদালে৷ বাটত পোৱা দুটা মানে জেউৰা ভাঙি মোক পিতিবও ধৰিচিল৷ যেন তেন দৌৰি দৌৰি ড্ৰেছ খুলি ৰুল ৰুলটো পিন্ধি ঘৰ পাইছোগৈ৷ মোক বেলেগ ৰ'ল দে৷ বায়নে বোলে হ'ব হনুমানৰ ৰ'ল ল'৷ বিজয়ে বহু পৰ ভাবি বোলে হ'ব৷

ভাওনাৰ দিনা বিজয় হনুমান ড্ৰেচত৷ মুখত বান্দৰৰ মেক আপ৷ মাত ভালদৰে নুফুটে বাবে তাৰ ডায়লগ প্ৰম্পটাৰে মাতিম বুলি দায়িত্ব ল'লে৷ সিও ভাল পালে ডায়লগ মুখষ্ট কৰিব নালাগে৷ এবাৰ ডায়লগ মুখষ্ট কৰি যি হে হৈছিল তাৰ৷ সেইখন নাটত তাৰ ভাও আছিল নন্দিৰ, গেৰেলা কুমুদৰ ভাও আচিল শিৱৰ৷ কিবা খেলি মেলিত বিজয়ে নন্দিৰ ঠাইত সোপাকে শিৱৰ বচন মুখষ্ট কৰি পেলালে৷ আখৰা কৰোতে খোনা গেৰেলা কুমুদেও শিৱৰ বচন মাতে আৰু বিজয়েইও৷ শেষত কুমুদে মোৰ বচন তই কিয় মাতি ঠাত্তা কৰিছ বুলি ত্ৰিশুল লৈ গোটেই তিনিয়ালিটোত দৌৰাইছিল৷

বাৰু যি নহওক ভাওনাৰ দিনা হনুমান ৰেডি৷ ও ও বুলি নেগুৰডাল এটাৰ হাতত দি মুখৰ ভিতৰতে ভোৰ ভোৰাব লাগিল৷ লগৰটোৱে বোলে কি কৈছ বুজা নাই৷ বিজয়ে যিমান পাৰে ও হু ও হা হু মুখৰ ভিতৰতে ভোৰভোৰালে যদিও বুজাব নোৱাৰি কাগজ কলম আনি লিখি দিলে বোলে মোৰ নেগুৰ ডাল ভালকৈ ফিটিং কৰি দে আৰু লংকা জ্বলাবৰ সময়ত নেগুৰত জুই দিওতে সাবধান, মই মোৰ চাইজৰ নেগুৰ বনাবলৈ ধানখেৰ দি মোতা কৰি লৈছো৷ আগটোহে জ্বলাবি" লগৰটোৱে হ'ব বুলি ক'লে৷

ভাওনা চলি আছে৷ লংকা দহনৰ সময় আহিল৷ বিজয়ে গৈ পানীৰ বাল্টিংৰে নেগুৰডাল অলপ তিয়াই ল'লে যাতে ধোৱা বেছিকৈ ওলায়৷ ইফালে সুত্ৰধাৰিয়ে এহি বুলি হনুমন্তই লংকা দহন কৰিব লাগল বুলি মাত দিলে৷ খোল বাজিল৷ বিজয়ৰ নেগুৰত এটাই জুই লগালে৷ ও ও হু বুলি বিজয়ে চৌ পাষে বান্দৰ ডেঞ্চ দি দৌৰিব লাগিল৷ এক্টিংটো জীবন্ত কৰিব বাবে মাজে মাজে ভাওনাচোৱা দৰ্শকৰ মাজতো দুবাৰ মান জপিয়ালে গৈ৷

ফাগুন মাহ, বিজয়ৰ বান্দৰ জাপ আৰু ফাগুনৰ বতাহত বিজয়ৰ মোতা নেগুৰৰ ভিতৰত থকা ধান খেৰত লাগক জুই৷ জপিয়াই থাকোতে সি টিকা পোৰা যেন পাই হাতটো দি চাই যে নেগুৰ পুৰি শেষ৷ সুত্ৰধাৰীয়ে বিজয়ক জনাবলৈ এহি বোলে নেগুৰ পুৰি টিকা পালহ বুলি চিঞৰিব লাগিল৷ দুটামানে বাল্টিংত পানি আনি টিকাত ধালিব লাগিল৷ বিজয়ে দেখিলে কথা বিষম এই বুলি একে জাপে জয় চিঞা ৰাম বুলি মানুহৰ মাজৰে দৌৰি গৈ নামঘৰৰ কাষৰ পুখুৰিত জাপ দিলে৷
************

কেছ টু বিজয় (খণ্ড: ১৩)

সিদিনা বিজয়ে বাটতে মোক লগ পাই বোলে আপুনি সদায় মোৰ বেয়াবোৰকে লিখি থাকে, কেতিয়াবা মোৰ টেলেন্টবোৰো লিখিবচোন৷ মই বোলো ঠিক আছে দে লিখিম৷ টেলেন্টৰ কথা কওঁতে মনত পৰিল তাৰ ভয়ত সৰুতে মাষ্টৰো পলাইছিল৷

এতিয়াও বিজয়ৰ লগত লগা লগি হয় বুলি অংক মাষ্টৰজন তাৰ ঘৰৰ আগ ফালেদি নাযায়৷ বিজয়ৰ ভয়ত সেইটো ৰাষ্টাই এৰি দিলে৷
সৰুতে মাষ্টৰজনে বিজয়ক যোগ অংক শিকাইছিল ৷ বোলে বিজয় ৭ য়ে ৫ য়ে ১২, বিজয়ে বোলে কেনেকৈ? মাষ্টৰে বোলে ধৰ তোৰ তাত ৭ টা মাৰ্বল আছে, সোনটোৱে তোক আৰু ৫ টা দিলে, মুঠতে কেইটা হ'ব? বিজয়ে বহুপৰ ভাবি বোলে সি আকৌ মোক মাৰ্বল কিয় দিব, ওলোটা সিহে মোৰ পৰা ধাৰলৈ লয়৷ মাষ্টৰে বোলে বাৰু মাৰ্বল বাদ দে তোৰ তাত ৭ টকা আছে আৰু মই তোক ৫ টকা দিলো, এতিয়া তোৰ তাত কিমান হ'ব? সি ক'লে প্ৰথমে ৫ টকা দিয়ক আকৌ তেতিয়া কম৷ উপাই নাপাই মাস্টৰে পাচ টকা দি বোলে কিমান হ'ব? সি বোলে ৫ টকা৷ মাষ্টৰে বোলে তোৰ তাত থকা ৭ টকাটো যোগ কৰ৷ বিজয়ে বোলে মোৰ হাতত ৭ টকা থাকিলেহে৷ ৭ টকাটো দিয়ক তাৰ পিচত হিচাপ কৰিম৷ শুনামতে মাষ্টৰজনে বিজয়ক যোগ অংক শিকাওতে দৰমহাৰ আধা টকা শেষ কৰিলে৷ তেতিয়াৰে পৰা বিজয়ক কোনেও একে একে কিমানো নুশুধা হ'ল৷

এইবাৰ পাল পৰিল অসমীয়া শিকোৱা বাইদেউ গৰাকীৰ৷ আ কাৰ ও কাৰ শিকাব নোৱাৰি বোলে তেখেত বেলেগ বিদ্যালয়লৈ বিজয়ৰ বাবেই ট্ৰেঞ্চফাৰ ল'লে৷ বাইদেউৱে শিকাইছিল খত আ কাৰে খা, লত ও কাৰে লো....খালো৷ বিজয়ে কমেও দেৰমাহ চেষ্টা কৰি আ কাৰ ডাল শিকিলো কিন্তু বাইদেউৱে পকাত মূৰ মাৰিও ও কাৰ ডাল নোৱাৰিলেগৈ৷ এতিয়াও বিজয়ক যদি কোনোবাই সুধে ভাত খালিনে সি খাল ও কয়৷ দিল ও, ৰুল ও, বহিল ও কয়৷

হেড মাষ্টৰে হিন্দী শিক্ষকক বোলে থানেশ্বৰ অলপ চাবা দেই , তোমাক স্কুলৰ পৰা হেৰুৱাবলৈ মোৰ মন নাই৷ তাতে তোমাৰ বয়সো হৈছে, এই বয়সত ষ্ট'ক মাৰিলে ৰিকভাৰি চাঞ্চো কম৷ বিজয়ক হিন্দী নিশিকোৱাই ভাল নেকি? থানেশ্বৰ মাষ্টৰে বোলে হয় বিজয়ে হিন্দী শিকিব নহলে মই তাৰ পৰা শিকিম৷ হেড মাষ্টৰে বোলে তোমাৰ ইচ্চা, মই হ'লে এতিয়াও তাক ইংৰাজী শিকাবলৈ ভয় কৰো৷ সিদিনা চুটি খুজি হেডমাষ্টৰলৈ লিখিব দিয়া দৰ্খাষ্টখনৰ প্ৰথম চাৰি লাইন পঢ়ি ৰাতিলৈ গৈ মোৰ ১০৪ জ্বৰ৷

টু দ্যা হেড মাষ্টৰ
বিষয়: চুটি খুজি এপ্লিকেশ্যন
চাৰ,
টেক মাই হনাৰ টু টেল ইউ দেট ইউ উইল চাফাৰিং ফ্ৰম ডিচেন্টিৰী ফ্ৰম টুমৰ'৷ ডেয়াৰফৰ চাৰ ডন্ট কাম টু স্কুল৷ চাৰ নিড লিভ ফৰ টু ডেজ৷ থেংক ইউ

ইউৰ
ৰেচপেক্টেড ষ্টুডেন্ট
বিজয় মহন্ত

হিন্দী শিক্ষকে বোলে ইয়াক লিখাব নোৱাৰিলেও ক'বলৈ শিকাম৷ এই বুলি বহুদিন শিকাই বুজাই হেডমাষ্টৰৰ ওচৰত বিজয়ক লৈ গৈ বোলে চাৰ ইয়াক হিন্দী সুধক৷

হেড মাষ্টৰে বৰ আগ্ৰহৰে বোলে বিজয় তুম্হাৰা নাম কিয়া হে?

বিজয়ে বোলে তুম্হাৰা নাম বিজয় হে৷ বিজয় এক আটচা লৰকা হে৷

হেড চাৰে বোলে পিছৰখিনি নকলেও হ'ব৷

বিজয়ে বোলে পিছা না কৰনে চে ভি হৌগা৷

হেড চাৰে বোলে তুম্হাৰা ঘৰ কাহা হে৷

বিজয়: তুম্হাৰা ঘৰ তিতাবৰ মে হে৷

হেডচাৰে বোলে তিতাবৰ কা কৌন চি জগহ মে?

বিজয় বহুপৰ ৰ'ল৷
ৰৈ বোলে "তুম্হাৰা যোৰহাট মে কিটনা চাল হ'তা হে যে তিতাবৰ নেহি চিনতা হে৷ সেই যে ঠেঙ্গাল ভৱন হে, ওচকে ওপৰ চে থৌৰা আগে যা কে বাও হাতে মুৰ নেকে বাদ এক পুখুৰি আয়েগা৷ পুখুৰি পাৰ কৰকে অলপ দুৰ যা কে যৌ শিমলুগছ গজটা হে ওচকে কিনাৰ মে হি মেৰা ঘৰ আয়েগা৷

শুনামতে সেইদিনা হিন্দী মাষ্টৰে আ কৈ মুখমেলি বেহুছ হোৱা হেডমাষ্টৰক বহুপৰ বিছনিৰে বিছি মেলি হুছ আনিছিল৷
**********

কেছ টু বিজয় (12)



বিজয় হাইস্কুলত পঢ়ি থকা দিনৰ কথা৷ সৰুৰে পৰা মাৰ্বল, টাংগুটি, পিকু, ৰবাবটেঙাৰ ফুটবল আৰু নাৰিকল পাতৰ ঠাৰিৰে বনোৱা বেট তথা চাইকেলৰ টিউব ৰাবাৰ বেণ্ডৰ দৰে কাটি বনোৱা বলৰে ক্ৰিকেট খেলা মানুহ৷ ক্ৰিকেট আকৌ তেতিয়া ইমান পপুলাৰ নাছিল৷ মানে সেই কপিলদেৱ, গাভাস্কাৰহঁতে খেলা সময়ৰ কথা কৈছো৷ খেল চাবলৈ ইমান ঘৰে ঘৰে টিভিও নাছিল লগতে ডে এণ্ড নাইট খেলো নহৈছিল৷ স্কুল বন্ধৰ দিনত খেল নপৰিলে চাবলৈও নাপাই, গতিকে ক্ৰিকেটৰ ইমান নিয়ম কানুন বিজয়ে নাজানিছিল৷ সঁচা কবলৈ তাৰ ক্ৰিকেটৰ প্ৰতি ইমান ৰাপো নাছিল৷

যি কি নহওঁক বিদ্যালয় সপ্তাহত সেইবাৰৰ পৰা নতুনকৈ ক্ৰিকেট খেল পাতিবলৈ আৰম্ভ কৰিলে৷ তাতোকৈ ডাঙৰ কথা বিজয়কো টিমৰ ভিতৰত ৰাখিলে৷ প্ৰেকটিছ আৰম্ভ৷ বিজয়ে না বল দিবলৈ পাই না বেট ধৰিবলৈ পায়৷ দুদিনমান এনেকৈয়ে গ'ল৷ তৃতীয় দিনা বিজয়ে বোলে মোক যদি খেলিবলৈকে নিদিয়, টিমত কিয় ৰাখিছ? লগৰটোৱে বোলে তই টুৱেল্ভ মেন হে, কাৰোবাৰ কিবা হ'লেহে তই চাঞ্চ পাবি৷ বিজয় নাচোৰবান্দা, বোলে নাই মই খেলিমেই৷

উপাই নাপাই কেপ্টেইনে বোলে ঠিক আছে যা তই Point ত ফিল্ডিং কৰগৈ৷ বিজয়ে বোলে কোনটো পইন্টত কৰিম?

কেপ্টেইনে বোলে নালাগে পইন্টত তই থাৰ্ডমেন বাউন্ডৰীত যা৷

বিজয়ে থাৰ্ডমেন শুনিয়েই বাউণ্ডৰীৰ পৰা এটা দুটাকৈ প্লেয়াৰ হিচাপ কৰি গৈ ষ্টাম্পৰ কাষত ৰৈ থকা এম্পায়াৰক বোলে গুছ ইয়াৰ পৰা, কেপ্টেইনে মোক ইয়াত ফিল্ডিং কৰিব দিছে৷ এম্পায়াৰে বোলে এইখিনি ঠাইত এম্পায়াৰৰ হে ৰখে, ইয়াত ফিল্ডিং কৰিবলৈ তোক কোনে দিলে? বিজয়ে নেৰে এম্পায়াৰেও নেৰে উপাই নাপাই এম্পায়াৰে বোলে শুন বিজয় তোৰ ভুল হৈছে তই সিটো ফালৰ পৰা হিচাপ কৰগৈ৷

বিজয় বোলে নাই মই বেটচমেনৰ ফালৰ থাৰ্ড মেন বাউণ্ডৰীত ফিল্ডিং নকৰো৷ বেটচমেনে বেটত বল লগাব নোৱাৰিলে মই ধৰিব লাগিব৷ বৰ কষ্ট৷ মই এই ফালেহে ৰখিম৷ ইয়াত অলপ আৰাম৷ বেছি বল চল ধৰিব নালাগে ,কেৱল খাৰা হৈ থাকিলেই হয়৷

উপাই নাপাই বিজয়ক কেপ্টেইনে বোলে যা তই বলিং কৰ৷ বল হাতত লৈ ৰান আপ লবলৈ সি বাউণ্ডৰি পালেগৈ৷ তাতে ভৰিৰে অলপ বন চিঙিবও ধৰিলে৷ টিভিত দেখিছিল ব'লাৰে বল দিব গৈ এটুকুৰা ঠাই ভৰিৰ জোটাৰে বন আতৰাই৷ সিও সেইটো কৰিবই লাগিব বুলি ভৰিৰে বন আতৰাব চেষ্টা কৰি চাই নোৱাৰি হাতৰেই দুদালমান উঘালি ল'লে৷

প্ৰথম বল কৰিবলৈ দৌৰিলে, বল কৰিলে, এম্পায়াৰৰ ন' ব'ল চিগনেল৷ আকৌ দৌৰি আহি ব'ল দিলে, আকৌ এম্পায়াৰৰ ন' ব'ল চিগনেল৷ বিজয়ে বোলে আকৌ এবাৰ ন'বল দি চা, তোৰ মূৰতে ব'ল মাৰিম৷ এম্পায়াৰে বোলে তই থ্ৰ ব'ল কৰিছ৷ হাত ঘুৰাই দিয়া নাই৷ বিজয়ে বোলে প্ৰথমেই ক'ব নোৱাৰিলি? দুৱাৰ যে এনেই দৌৰালি?

এই বুলি আকৌ বাউণ্ডেৰিলৈ গৈ অলপ হাতৰে বন চিঙি বল দিবলৈ দৌৰি বাউণ্ডৰীৰ পৰাই হাত ঘুৰাই ঘুৰাই আহিল৷ এম্পেয়াৰে ফেনৰ পাংখাৰ দৰে ঘুৰা বিজয়ৰ হাত দেখি অলপ আতৰি দিলে৷ পিছে বেলে়ঞ্চ ৰাখিব নোৱাৰি বিজয়ে হাত ঘুৰাই ঘুৰাই গৈ বেটচমেনৰ ভৰিত লাং খাই পৰি দিলে৷ এম্পায়াৰো পগলা হ'ল যে ডেড বল দিব নে ন'ব'ল চিগনেল দিব৷ কাৰণ ক্ৰিকেট ইতিহাসত বলাৰ গৈ বেটচমেনৰ ভৰিত লাং খাই পৰা দৃশ্য আজিলৈ দেখা নাই৷

যি কি নহওঁক এইবাৰ বিজয় বাউণ্ডেৰীলৈ গৈ বন নিচিঙিলে, পেন্টত বলটো ঘঁহি হাত ঘুৰাই ঘুৰাই দৌৰি আহিল৷ হঠাত বিজয় আধাবাটত ৰখি দিলে৷ মানে হাতৰ পৰা বলটো কৰবাত পৰি আহিল৷ পুনৰ ঘুৰি গৈ বল বিছৰাত লাগিল৷ কেপটেইনে বোলে বিজয় তই বলিং কৰিব নালাগে যা "বেবি অভাৰ" দিলো তোক৷ বিজয়ে বোলে নাই মই দিমেই এই বুলি আকৌ ৰাণ আপ ল'লে৷ হাত ঘুৰাই ঘুৰাই দৌৰি আহি বল দলিয়াই ক্ৰিজতে লুটি খাই পৰিল৷ বেটচমেন চাই যে বল নাই৷ বহু পৰ সকলোৱে উপৰলৈ চাই দেখে লং অফ ফিল্ডাৰে কেচ ধৰি আউট চিঞৰিছে৷

কেপ্টেইনে চিঞৰি উঠিল ....বিজয় আউট৷

বিজয়ে বৰ দুখ মনৰে বোলে চেহ আউট হৈ গ'লো৷

ক্ৰিকেট ইতিহাসত প্ৰথমবাৰলৈ বলাৰ আউট হৈ পেভিলিয়ন যোৱা দেখি এম্পায়াৰ বেহুছ৷
***********

কেচ টু বিজয় (খণ্ড 11)



বিজয়ৰ আকৌ সপোনতে ভোৰভোৰাই থকা বেমাৰ এটা আছে৷ কাষত শুৱাজনে হেচুকি দিলেহে ভোৰভোৰণি মানে কেকনি বন্ধ হয়৷ বহুতে ক'লে খেতৰ লাগিছে বহুতে ক'লে হাত চাগৈ বুকুত দি শুৱে৷ খেতৰ খেদিবলৈ মায়েংৰ পৰা ক'লা চাৰিচুকীয়া কাপোৰৰে বনোৱা তাবিজ আনিও ডিঙিত আঁৰিলে, নাই সপোন দেখি ভোৰভোৰোৱা নকমিল৷ বুকুত হাত দি শুৱা বুলি ৰাতি হ'লে পঘাৰে দুইটা হাত পালেংত বান্ধিও এমাহমান শুই চালে নাই ভোৰভোৰোৱা নকমিল৷

বিয়াৰ পিছত যেনিবা অলপ কমিল৷ কমিল মানে সপোন দেখি বিজয়ে ভোৰভোৰালেই মানুহজনীয়ে চেটেপকৈ লগাই দিয়া হ'ল৷ এদিন ঘৈণীয়েকে বোলে আপুনি সপোনতনো দেখে কি? বিজয়ে বোলে কি দেখো পাহৰি যাও নহয়৷ এইবাৰ মই ভোৰভোৰালে তুমি ম'বাইলত ৰেকৰ্ডিং কৰি থবাচোন৷ কিবা বুজি পাওৱেই বা৷

কথামতে কাম ৷ বিজয়ে ৰাতি সপোন দেখি ভোৰভোৰালেই ঘৈণীয়েকে ম'বাইলৰ ৰেকৰ্ডিং অন কৰি কানত কপাহ লৈ শুই থাকে৷ পিছদিনা দিনৰ দিনতো বিজয়ে ভোৰভোৰনী খিনি শুনে৷ এইদৰে ডেইলি শুনোতে শুনোতে বিজয়ে কথা শব্দ সকলো পাহৰি দিনতো কোনোবাই কিবা ক'লে ভোৰভোৰোৱা আৰম্ভ কৰিলে৷

ঘৈণীয়েকে বোলে হেৰৌ বাদ দিয়ক আপুনি একোডাল সোনৰ কলহ পোৱা সপোন নেদেখে৷ বিজয়ে বোলে ভু ....ওওও...ভুভু...ও

ঘৈণীয়েকে বোলে কি কৈছে ভালদৰে কওঁক৷ বিজয়ে বোলে ইমানদিনে তাকে মনত পেলাই দিয়া নাছিলা কিয়? শুনা ভালকৈ মই কলহ কলহ কৈ আছো৷ পুৰা মনত পৰি গ'ল৷ সপোনত বাৰি এখনলৈ মই যায় মই খান্দি থাকো আৰু কলহটো পোৱাৰ আগতেই সাৰ পাই যাও৷ ঘৈনিয়েকে বোলে এইবাৰ নখন্দালৈকে নেৰিব, মইও জগাই নিদিও৷

কথামতে কাম, সোনকালে খোৱাই বোৱাই ঘৈণীয়েকে বোলে আপুনি শুৱক৷ ৰাতি বিজয়ৰ ভোৰভোৰণী আৰম্ভ হ'ল৷ ঘৈনিয়েকে বোলে খান্দিছেনে? বিজয়ে ভোৰভোৰাই আছে৷ ঘৈনিয়েকে বোলো মাটিডোখৰ চিনি পাইছেনে? বিজয়ে ভোৰভোৰাই আছে৷ ঘৈনিয়েকে বোলে সোনৰ নে ৰূপৰ? বিজয়ে ভোৰভোৰাই আছে৷ এসময়ত বিজয় ঘপহকৈ সাৰ পাই উঠিল৷ বোলে হেৰা আমাৰ বাৰীতে আছে হে, পিতলৰ কলহত, একদম ৰবাবটেঙা জোপাৰ কাষতে৷ চাকীটো লৈ ব'লা যাও খান্দোগৈ৷

ঘৈনিয়েকে চাকি ধৰি আছে, বিজয়ে খান্দি খান্দি তললৈ গৈ আছে৷ ঘৈনিয়েকে বোলে দেউতাই কোৱামতে আগতে হেনো কেচা পাইখানাৰ গাঁতটো ইয়াতে আছিল, বেছি তললৈকে নাখান্দিব৷ গাঁতৰ ভিতৰৰ পৰা বিজয়ে বোলে হেৰৌ পিতলৰ কলহ৷ ৰাতিপুৱালৈকে খান্দি একো নাপাই পোহৰ হওঁতে বিজয় গাঁতৰ পৰা উঠি আহিল৷ ঘৈণিয়েকে বোলে আৰু আজিৰ পৰা যদি সপোনত ভোৰভোৰাই চাব আপোনাক কি কৰো৷

মাইকী মানুহৰ পেটত কথা নাথাকে জানেই৷ পুৱাই কথাটো কওঁক সোনটোৰ ঘৈণিয়েকক৷ সোনটোৰ ঘৈণিয়েকে গৈ কওঁক সোনটোক৷ সোনটোৱে বোলে বুজিছা এই চেগতে বিজয়ৰ পৰা দুপইচা ঘটি লও৷ ঘৈণিয়েকে বোলে কেনেকৈ? সোনটোৱে বোলে বিজয়দাৰ বৌক ক'বা এজন বেজ আছে বহুতৰ ঘৰৰ বাৰিত পুতি থোৱা কলহ উলিয়াইছে৷ মই বেজৰ মেকআপ কৰাৰ ব্যৱস্থা কৰো৷ তুমি মুঠতে পিতলৰ পুৰণী ফুটা কলহটো দিয়া, বাকী মই চম্ভালিম৷

বেজৰ কথাটো সোনটোৰ ঘৈনিয়েকে গৈ বিজয়ৰ ঘৈণীয়েকক কলেগৈ৷ বিজয়ে বোলে বেজক মাতা জল্দি৷ যিমান খৰচ হয় মই দিম৷ পিছদিনা সোনটো বেজৰ ভেশত আহি হাজিৰ৷ বেজে বোলে তোৰ সপোনটো সঁচা৷ বাৰীত কলহ আছে৷ উলিয়াই দিম কিন্তু মোক টকা পাঁচহাজাৰ লাগিব৷ বিজয়ে মনতে কেলকুলেশ্চন এটা কৰি ভাবিলে বুৰ্বক বেজ, এটা কলহত কমেও চাৰি পাচ লাখ টকাৰ বস্তু থাকিব আৰু ই মাত্ৰ পাঁচ হাজাৰ বিছাৰিছে৷ বিজয়ে লগে লগে পকেটৰ পৰা টকা পাঁচ হাজাৰ উলিয়াই বেজক দিলে৷

বেজে বোলে ৰাতিলৈ পূজা কৰিম৷ ঘৰত ৰঙা মূৰ্গী আছে যদি ভোট জলকীয়া অলপ দি ভালকৈ জোল বনা৷ দেৱতাক সন্তুষ্ট কৰিব লাগিব৷ বিজয়ে ঘৈণিয়েকক বোলে যোৱা ভালকৈ বনোৱা৷ বেজে বোলে মই কলহ উলিয়াই দিম কিন্তু যিহেতু সপোনত পোৱা বস্তু গতিকে এক দিন একৰাতি কলহটো তই শোৱা পালেংৰ তলত ৰাখিব লাগিব, খুলি চাব নোৱাৰিব৷ বিজয়ে বোলে হ'ব৷

কথামতে কাম৷ মুৰ্গী মাংসৰে উদৰ পুৰাই খাই বেজ ৰূপি সোনটো পূজাত বহিল৷ পূজা কৰি মেলি বোলে কলহটো আপোনাৰ বাৰিত নাই৷ তহতে হয়তো পূজা নকৰাকৈ খান্দিছিল সেয়ে ধনদেৱতাই বেয়া পাই কলহ কাষৰ ঘৰ মানুহৰ বাৰীলৈ গুছি গ'ল৷ বিজয়ে বোলে কাষৰ ঘৰখন মোৰ লগৰ সোনটোৰ ঘৰ৷ তাক মই মেনেজ কৰিম আপুনি মুঠতে কলহ উলিয়াওক৷

বেজে সোনটোৰ বাৰীত গৈ পানী শুকাই বাম হোৱা দুকঠা মাটিৰ ফিচাৰিটো দেখাই বোলে এই জেগাতে আছে৷ তই কোৰ লৈ খন্দা আৰম্ভ কৰ মই সোনটোহঁতক টোপনী অহা মন্ত্ৰ মাতি শুৱাই থৈ আহো৷ বিজয়ে শুকান ফিচাৰি খান্দিবলৈ লাগিল, বেজ ৰুপি সোনটোৱে ঘৈনিয়েকক গৈ বোলে এই টকা পাঁচ হাজাৰ ল আৰু কালি ৰাতি দ গাঁত কৰি এঠাইত কলহটো পুতি আহিছো৷ বেতাই খান্দক গোটেই পুখুৰী৷ এনেও পুখুৰীটো খন্দাম বুলি ভাবি আছিলো৷

পুৱাৰাতি কোৰত কুটুংকৈ শব্দ এটা হ'ল৷ বিজয়ে বেজক বোলে পাই গ'লো৷ বেজে বোলে মোৰ কাম কৰি দিলো এতিয়া এদিন এৰাতি পালেংৰ তলত ৰাখিবি আৰু কলহৰ ভিতৰত যি পাও ৰাখি কলহটো ফিচাৰি কাষত থৈ আহিবি৷

বিজয়ে পালেংৰ তলত কলহটো থৈ ঘৈনিয়েকক বোলে মই শুই দিও আকৌ সপোন দেখুৱেই বা, তুমি কলহ ৰখিয়া কৰা৷ ঘৈনীয়েকে হ'ব বুলি ক'লে যদিও মাইকী মানুহৰ মন৷ বিজয় শুৱাৰ পিছত সন্দেহ দমাব নোৱাৰি কলহত হাত ভৰালে৷ হয় হয় পইচা আছে৷ কাপোৰ এখন পকাত পাৰি কলহটো উবুৰিয়াই দিলে, ঠন ঠন কৈ একলহ পইচা বাগৰিল৷ চাকিৰ পোহৰত পইচাবোৰ ভালদৰে চাই ঘৈনিয়েকে শুইথকা বিজয়ক পিতলৰ চৰিয়াটোৰে মাৰ এটা মাৰি বোলে ইমান দিন মোৰ টোপনী ক্ষতি কৰাই সপোনত বকবকাই এই দহপইচাবোৰ হে খান্দিলি৷

বিজয়ে বহু দিনলৈকে বজাৰ কৰিবলৈ গ'লে মানিবেগ নহয় মোনা এটাত দহ পইচা বোৰ লৈ চলাবলৈ গৈছিল৷ এসোপামান মন্দিৰৰ দান পাত্ৰটো ভৰালে, তথাপি শেষ নহয়৷ এমাহমান পিছত যেনিবা পাঁচশটকাৰ দহ পইচাবোৰ যেনিবা অত তত কিবা কৰি চলালে৷
***********

কেচ টু বিজয় (10)



বহুদিন আগৰ কথা৷ বিজয় তেতিয়া চফল ডেকা৷ খুন ভৰি মাংগ, প্যাচি হৱেলী, খটৰনাক খিলাড়ী, মে ইনচাফ কা প্যাচি , তুঝে জিনে না দুংগা আদি চিনেমা বাগানৰ পৰ্দাত চোৱাৰ ওপৰিও লগৰ দুটা মানৰ লগত হ'লত নাইট শ্ব চাই আহি ৰাতি বিচনাত বাগৰি বাগৰি প্ৰায়ে নিজকে চিনেমাৰ হিৰ'ৰ দৰে কল্পনা কৰিব ধৰিলে৷

"মে দৰিন্দা তেৰে প্যাৰ কা লুটেৰা" আৰু "খুন কা প্যাচা দুলহন" চিনেমা দুখন চোৱাৰ পিচৰ পৰা লাহে লাহে বিজয়ৰ জীৱনলৈ পৰিবৰ্তন আহিব ধৰিলে৷ নিজকে চিনেমাৰ নায়কৰ দৰে সজাব ধৰা হ'ল, কথাও ডায়লগৰ দৰে কোৱা হ'ল৷ সাজ পোচাকৰো পৰিবৰ্তন আহিল৷

খালী গাত ......কেতিয়াবা ক'লা গে়ঞ্জীৰ ওপৰতে লেডাৰৰ জেকেট, ডিঙিত ৰঙা ৰুমাল, টাইট জিনচৰ পেন্টটো ব্লেডৰে আঠুৰ ওপৰত অঁকিয়াই দীঘ এৰুৱাই বাণী হে ৰাখিলেগৈ৷ ভৰিত বিটিল জোটা৷ মুঠতে পুৰা হিৰ' মাফিক কায়দা৷

সেই সময়তে আকৌ অসমত ভিচিডি চিনেমা বনোৱাৰ খুৱ উজান উঠিছিল৷ গাওঁৰে লগৰ এটাৰ লগত সন্ধিয়া তিনিয়ালিত চানাখাই থাকোতে কেঁচা চানাৰ ফলা কাগজখনত এটা ইষ্টাহাৰ দেখিলে৷ " সুঠাম নায়কৰ প্ৰয়োজন"৷ বিজয়ে লগৰটোক সুধিলে বোলে সুঠাম মানে কি অ'?

লগৰটোৱে বোলে জানো আজিকালি মাকবাপেকে ল'ৰাছোৱালী বোৰৰ বৰ জেং জেং নাম দিব ধৰিলে নহয়৷ এই থুলুক বৰ্তাৰ নাতিনিয়েকটোৰেই নাম নেকি? কিয় সুধিলি?

বিজয়ে বোলে গৰু , একো নাজান তই৷ সেই বাবেই তহত চিনেমাৰ হিৰ' হ'ব নোৱাৰ৷ হেৰৌ সুঠাম মানে মোৰ দৰে হিষ্ট পুষ্ট আহল বহল চেহেৰাৰ মানুহক কয়৷

লগৰটোৱে বোলে এনেকুৱা চেহেৰাক পেটুৱা বুলি হে কোৱা শুনিছো৷

বিজয়ে বোলে সেইটো মুখৰে কোৱা কথা, অভিধানমতে সুঠাম মানে মোৰ নিচিনা লোদোৰ পোদোৰক কয়৷ এই বুলি চানাৱালাৰ পৰা বাকী ফোন নম্বৰ থকা আনটোফাল টুকুৰা বিচাৰি লৈ পকেটত ভৰালে৷

ইমানদিন মনতে পুহি ৰখা হিৰ' হোৱা সপোনটো পুৰণ হোৱাৰ আশাটো বিজয়ৰ ক্ৰমে কাষ চাপি আহিল৷ ডাইৰেক্টৰ প্ৰডিউচাৰ কাহিনীকাৰ সোনটো ৰঞ্জন বৰুৱাৰ লগত বিজয়ে কথা পাতি গম পালে যে বৰুৱাই যোৱাবাৰ আলুখেতি কৰি পোৱা টকাৰেই চিনেমাখন বনাবলৈ আগবাঢ়িছে৷ কোনো ৰিক্স নলয়, এক্টিং যাৰ ভাল তাকেই হিৰ'ৰ ৰ'ল দিব৷

বিজয়ে ফোনতেই শ্বলে চিনেমাৰ হেমা মালিনীৰ "চ'ল ধন্নু আজ তেৰে বচন্তীকা ইজ্জত কা চৱাল হে" ডায়লগটো মাৰি শুনালে৷ সোনটোৱে বোলে বাৰু কালিলৈ আহি যাবা, লেডিজ ভয়চটো ভাল লাগিছে, যদি চেহেৰাটো ঠিকে দেখো হিৰ' হিৰ'য়িন দুইটো ৰ'ল তোমাকে দিম৷ খৰচো অলপ কমিব আৰু তুমিও দুটা ৰ'ল কৰি নিজৰ সুপ্ত টেলেন্ট দেখাবলৈ সুবিধা পাবা৷

কথামতে কাম, পুৱাই বিজয়ে ড্ৰেচপাতি কৰি লগতে বেগত খুড়িয়েকৰ শাৰীএখন আৰু লাগতিয়াল দুই এপদ কাপোৰ লৈ সোনটো ৰঞ্জন বৰুৱাৰ ঘৰ পালেগৈ৷ সোনটোৱে বিজয়ৰ চেহেৰা চাই একো নকলে যদিও কথা পাতি গম পালে যে বিজয় চিনেমাত ওলাবলৈ পগলা হৈ আছে৷

সোনটোৱে বিজয়ক কাহিনীটো শুনালে যে "কাহিনীটো এজন ডেকা খেতিয়ক ল'ৰাৰ, গাওঁৰে মালতিক ভাল পাই আৰু আলুখেতি কৰি পোৱা পইচাৰে চহৰত গৈ বিজনেচৰ কামত লাগে আৰু তাতে জেউতিক লগ পাই আৰু জেউতিৰ লগত প্ৰেম হয়৷ জেউতিয়ে মালতিক আগতে ভাল পোৱা কথা গম পাই আৰু তাৰ লগত ব্ৰেক আপ হয়৷ হিৰ' গাৱলৈ ঘুৰি আহিবৰ সময়ত বাছত ঘৰৰ পৰা পলাই অহা সেউতি বুলি ছোৱালী এজনীক লগ পাই আৰু প্ৰেমত পৰে আৰু তাইক ঘৰলৈ লৈ আনে৷

কাহিনী শুনি বিজয় ৰ'ব নোৱাৰা হ'ল৷ কল্পনাত মালতি, জেউতি সেউতি তিনিজনী দৌৰিব ধৰিলে ৷ বিজয়ে বোলে ভগৱান জৱ দেতা হে চপ্পৰ ফাৰকে দেতা হে ৷ মোৰ দৰে হিৰ'ৰ তিনিজনী হিৰ'ইন৷ বিজয়ে ডাইৰেক্ট বোলে চুটিং কেতিয়া আৰম্ভ কৰিব? মই ৰেডি৷

সোনটোৱে বোলে আজিৰ পৰাই আৰম্ভ কৰো৷ আজিৰ চিনটো হ'ল খেতিয়ক হিৰ'ই খালী গা, ধুতিৰ পোন মাৰি আলুখেতিৰ বাবে দুৰৈৰ পুখুৰীৰ পৰা পানী আনি ড্ৰামত জমা কৰে আৰু আলুগছত পানী দিয়ে৷

বিজয়ক ড্ৰেচপাতি কৰাই সোনটোৱে চনি হেন্দিকেমটো লৈ তাৰ আলুৱনীডৰালৈ লৈ গ'ল৷ ডাঙৰ দুটা টিনৰ বাল্টিং হাতত দি বোলে সৌতো পুখুৰী৷ মই একচন কম পানী আনি ড্ৰামত ভৰাবা৷ কাট নোকোৱালৈ কিন্তু নেৰিবা৷ মোক এক্টিং নহয় ৰিয়েলিটি লাগে ৰিয়েলিটি৷

একচন.........

বিজয়ে পুখুৰীৰ পৰা পানী আনি ড্ৰামত থয়৷ লগে লগে সোনটোৱে কয় একচন......বিজয়ে আকৌ দুই হাতে বাল্টিং লৈ পুখুৰীলৈ যায়৷

পুৱা দহ বজাৰ পৰা বিজয়ে পানী কঢ়িয়াই আছে, সোনটোৱে একচন কৈ আছে, বিজয়ে পানী কঢ়িয়াই আছে, সোনটোৱে একচন কৈ আছে৷

বেলি পৰালৈ বিজয়ৰ পেটত ভোকে কলমলাব ধৰিলে পিছে ডায়লগ নাই দিয়া ডাইৰেক্টৰে গতিকে মাতে কি দৰে? ইফালে কাট কৰাও নাই৷

শেষত বিজয়ে উপাই নাপাই ভোক লগাৰ আকাৰে ইংগিতে বুজাব ধৰিলে ৷ নাই সোনটোৱে কাট নকয়৷ এসময়ত বিজয়ে বাল্টিঙে চাল্টিঙে মাটিতে লুটি খাই বাগৰি দিলে৷

সোনটোৱে বোলে কাট....... সুন্দৰ এক্টিং৷

বিজয়ে মনতে বোলে তোৰ মুৰটো৷ খালি পেটে ডেৰশ দুশ বাল্টিং পানী কঢ়িয়ালি, হেৰৌ ভোকত বাগৰিছো, তাকো তই এক্টিং ক'ব আহ' কটা নিধক৷

সোনটোৱে পানীৰ ড্ৰাম দুটাৰ ফটো লৈ বিজয়ক বোলে সুন্দৰ কালিলৈ আলু গছত পানী দিয়া চিনটো চুটিং কৰিম৷

বিজয়ে বোলে হিৰ'ইন কেতিয়া ওলাব?

সোনটোৱে বোলে আলু খান্দিবৰ সময়ত৷

বিজয়ে বাল্টিং দুটা হাতত লৈয়েই বেহুছ হৈ মাটিত লুটি খাই বাগৰি পৰিল..........
***********

কেচ টু বিজয় (9)



আজিৰ পৰা কেইবছৰমান আগৰ কথা৷ বিজয়ে মাৰুটি 800 এখন কিনি আনি গেটৰ আগত খাৰা কৰি দিলে৷ ঘৰত আনি গাড়ীখন গৰু কিনাৰ সময়ত নেগুৰৰ পৰা দাঁতলৈকে সকলো নিৰিক্ষন কৰা দি কৰি ড্ৰাইভাৰটোক এইটো কি, সেইটো কি বুলি সুধি সুধি গাড়ীৰ পাৰ্টচবোৰৰ নামবোৰ ডায়েৰীত লিখি মুখষ্ট কৰাত লাগিল৷

পিছদিনা পুৱাই কাপোৰৰ জোটা পেন্ট চাৰ্ট পিন্ধি গাড়ী শিকিবলৈ যাবলৈ বিজয় ৰেডি৷ ড্ৰাইভাৰে পথাৰ এখনলৈ নি বিজয়ক গাড়ী শিকাব আৰম্ভ কৰিলে৷ ড্ৰাইভাৰে বোলে দাদা আপুনি মনত ৰাখিব A, B আৰু C ..

A মানে Accelerator,
B মানে Break
C মানে Clutch
ক্ৰমে সোঁফালৰ পৰা বাওফাললৈ৷
A গচকিলে গাড়ী যায়৷
B গচকিলে গাড়ী ৰখে আৰু
C গচকি G মানে Gear চেঞ্জ হয়৷

বিজয়ে বোলে ভৰি দুটাহে তিনডাল কেনেকৈ গচকিম? ড্ৰাইভাৰে বোলে A এৰি দি সেইটো ভৰিৰেই B গচকিব৷

বিজয়ে বোলে ABC পৰা চিধা Gear ৰ G লে গ'ল যে? মাজত D, E আৰু F কলৈ গ'ল৷ ড্ৰাইভাৰে বোলে D আপুনি Driver, E হ'ল গাড়ীৰ Engine আৰু F মানে Fuel৷

Driver, Engine আৰু Fuel তিনিটা ভাল মানেই গাড়ী ভালে থাকিব৷
বিজয়ে বোলে G বা Gear ৰ পাচত কি?
ড্ৰাইভাৰে বোলে H মানে Horn ৷ আগত গৰু ছাগলী আৰু মানুহ আঁতৰাবলৈ Horn বজাব৷ তাৰ পিছত সোঁফালে বাওঁফালে যাবলৈ হ'লে I মানে Indicator দিব৷

বিজয়ে বোলে হ'ব, মই ব্ৰেন'লিয়াৰ বটলত জন্ম হোৱা নাই নহয় যে একে দিনাই ইমান মনত ৰ'ব৷ বাকীবোৰ কালিলৈ শিকিম৷ আজি Gear ৰ লৈকে শিকি লও৷ এই বুলি স্টেৰিং ঘুৰাই ড্ৰাইভাৰক বোলে গাড়ী নাযায় দেখোন৷ ড্ৰাইভাৰে বোলে দাদা ষ্টাৰ্টটো কৰি লওক৷ বিজয়ে ষ্টাৰ্ট কৰি গিয়েৰ লগালে৷

A ..B ...C....গাড়ী দৌৰিব আৰম্ভ কৰিলে৷ বিজয়ৰ টামাম ফুৰ্টি৷

ড্ৰাইভাৰে বোলে দাদা.....

নাই বিজয়ে যিমান পাৰে A গচকিছে৷ হঠাৎ সি লক্ষ্য কৰিলে যে আগফালে থকা মানুহবোৰৰ পৰা দেখোন সি দুৰলৈহে যাব ধৰিছে৷ যিমান Accelerator ডবাই লৈ মানুহবোৰ ক্ৰচ কৰিব চেষ্টা কৰে সিমানে দুৰলৈহে যায়৷

ড্ৰাইভাৰে বোলে দাদা B B B B মাৰক পিছফালে পুখুৰি আছে৷ আপুনি ৰিভাৰ্চ গিয়াৰ লগালে৷

বিজয়ে বোলে কোনটো ভৰিৰে মাৰো সোঁ নে বাও?
ড্ৰাইভাৰে বোলে দাদা সোঁভৰি সোঁভৰি৷
বিজয়ে বোলে তোৰ ফালৰ সোঁ নে মোৰ ফালৰ সোঁ?

ড্ৰাইভাৰে বিজয়ৰ প্ৰশ্নটো শুনি দুইটা ভৰি উঠাই চিটত বহি ল'লে৷

বিজয়ে যেনিবা স্টেৰিং এৰি যেন তেন তললৈ হাওলি দুইটা হাতৰে B টো দবাই বোলে গাড়ী চলোৱা বৰ টান কাম দেই৷ হয় ভৰি তিনটা হ'ব লাগে নহলে গছকিবলৈ A বা B দুটা দিব লাগে,C ডাল ইয়াত নিদিলেও হয়৷ ভাগ্যে মুৰত বুদ্ধিটো খেলালে বুলিহে৷

ড্ৰাইভাৰে গাড়ী ৰখা দেখি ইফালে সিফালে চাই দেখে বিজয় নাই৷ ভালদৰে চাই দেখে চিটৰ তলত দুই হাতৰে ব্ৰেক ডবাই ভৰিৰে Accelerator গচকি ড্ৰাইভাৰক চিঞৰি আছে বোলে ঐ জহনি যোৱা মোৰ হাত বিষায় গৈছে এইডাল হেচি ধৰ হি৷ এৰিলেই গাড়ী যাব ধৰে৷

ড্ৰাইভাৰ আকৌ বেহুছ.........
***********

কেচ টু বিজয় (7)



বিজয়ৰ কলেজৰ দিনৰ কাহিনী৷ ক্লাচলৈ যাওঁতে সদায় বিজয়ে হাতত হেলমেটটো ভৰাই লৈ যায়৷ এদিন লগৰ এটাই সুধিলে বোলে তোৰ দেখোন বাইক নায়েই হেলমেটডালনো কিয় লৈ আহ? বিজয়ে বোলে তই নুবুজিবি৷

ৰ' তোক কাহিনী আকাৰে বুজাও৷ এবাৰ হাবিত এজন মানুহে প্ৰাতঃ ক্ৰিয়া কৰি আছিল৷ এনেতে বাঘ এটা আহি আগত হাজিৰ৷ মানুহটোৰ লগত বন্দুক আছিল পিছে গুলি নাছিল৷ তথাপি মানুহটোৱে বাঘক বন্দুকটো দেখালে৷ বাঘে বন্দুক দেখি পলাল৷ পিছদিনা আকৌ মানুহটোৱে গুলি নিলে পিছে বন্দুক নিবলৈ পাহৰিলে৷ বাঘ আকৌ আগত হাজিৰ৷ মানুহটোৱে গুলিটোকে বাঘক দেখালে৷ বাঘে ভাবিলে বন্দুকৰ গুলি আছে যেতিয়া বন্দুকো নিশ্চয় আছে৷ গতিকে বাঘ পলাল৷ পিছদিনা আকৌ মানুহটোৱে গুলী বন্দুক দুইটা পাহৰিলে৷ বাঘে আগত ৰৈ বোলে বেটা আজি কত যাবি৷ মানুহটোও বিজয়ৰ দৰে ষ্মাৰ্ট, পকেটৰ পৰা বন্দুকৰ লাইচেঞ্চখন উলিয়াই বাঘক দেখালে৷ বাঘে বন্দুকৰ লাইচেঞ্চ দেখি ভাবিলে লাইচেঞ্চ আছে যেতিয়া বন্দুকো আছে, গতিকে পলাল৷

এতিয়া মোৰ ক্ষেত্ৰটো কেচ টু তেনেকুৱাই৷ আৰে য়াৰ হেলমেটটো দেখিলে গম পাব না যে মোৰ বাইক আছে৷ লগৰটোৱে বোলে ছা ভাই ছোৱালী হয়, বাঘ নহয়৷ ছোৱালীমানুহ বাঘতকৈও স্মাৰ্ট৷ যদি কেনেবাকৈ কোনোবা ছোৱালীয়ে বাইকত তোক ঘৰত থৈ আহিব কয় তেতিয়া কি কৰিবি? বিজয়ে বোলে কাচ.......সেইটো দিনৰ অপেক্ষাতে আছো দৌষ্ট৷ যদি মনে বিছৰা কোনোবাই কয় তই আছ নহয়, তোৰ বাইকতে তেল ভৰাই নি থৈ আহিম আৰু যদি মোৰ প্ৰপজেল ইয়েছ কৰে তেতিয়া বাইক এখন কিনি লম৷ আৰু যি কেইগৰাকীক মই প্ৰেমৰ টেণ্ডাৰ পেলাইছো সকলোৱে মোৰ বাইক আছে বুলি এনেই জানেও৷ লগৰটোৱে বোলে কেনেকৈ?

বিজয়ে কাগজৰ টুকুৰা এটা লগৰ টোক দি বোলে সুঙি ছা৷ লগৰটোৱে বোলে এইখন কি? বিজয়ে বোলে লাভ লেটাৰ৷ লগৰটোৱে বোলে লোকৰ প্ৰেম পত্ৰত পাৰফিউমৰ গোন্ধ পাও, এইখন দেখোন কিবা পেট্ৰল পেট্ৰল হে গোন্ধাইছে৷ বিজয়ে বোলে কথা সেইটোৱেই৷ পেট্ৰল অকন নিজে লগাই দিছো, তেতিয়াহে মোৰ বাইক আছে বুলি গম পাব৷

লগৰটোৱে মুৰে কপালে হাত দি বোলে তই বাইক আছে বুলি যে হেলমেট হাতত লৈ দেখাও, প্ৰেম পত্ৰত পেট্ৰল সানি দেখাও, তাতকৈ বাইক এখন কিনিনো দুপাক ঘুৰি দেখাই নিদিয় কেলৈ৷ বিজয়ে বোলে চা দৌষ্ট...."ইনভেষ্টমেন্ট আৰ চাবজেক্টেড টু মাৰ্কেট ৰিস্ক"৷

মাৰ্কেটত বাইকৱালা ধেৰ আছে৷ কিন্তু কেইটাৰ বাইকৰ পিছত ছোৱালী বহা দেখিছ? বাইকত ইনভেষ্ট কৰি লিটাৰে লিটাৰে তেল পুৰি যদি এজনীও বাইকৰ পিছত উঠাব নোৱাৰো মোৰ ইনভেষ্টমেন্ট দেখোন এনেই যাব? তাতকৈ এগৰাকী ফাইনেল কৰি লও তাৰ পিছত বাইকত ইনভেষ্ট কৰিম৷ তেতিয়ালৈ হেলমেট, চাবিৰ ৰিং আৰু পেট্ৰলৰ গোন্ধৰেই পলিচি বেছিম, আই মিন প্ৰপজেল মাৰিম৷

ইফালে সিফালে চাই দেখে লগৰটোৰ মুৰটো বিজয়ৰ শ্ৰীচৰণত৷
*********

কেচ টু বিজয় (৬)



বহু বছৰ আগৰ কথা, বছৰ মানে এটা যুগৰ আগৰ৷ মানে আমাৰ বিজয় কলেজত পঢ়ি থকা দিনৰ কথা৷ কলেজত গৈয়েই প্ৰথমদিনা এজনীৰ লগত খুন্দা খালে৷ খুন্দা খালে মানে সেই যে চিনেমাত দেখাই, কিতাপ পৰি যায়৷ হিৰ' হিৰ'ইনে চকুত চকু থৈ কিতাপ উঠাই৷ একদম তেনেকুৱা৷ খুন্দা খালে মানে খুন্দা লগাজনীয়ে বিজয়ৰ কলিজা একামুৰ মাৰিয়েই দিলে৷

বিজয় বস্তুটো জানো কম? কিতাপ বুটলোতে ছোৱালীজনীৰ নামটো জানিবলৈ তাইৰ এখন বহী বিজয়ে চাঞ্চ পাই মাৰি দিলে আৰু তাৰ এখন বহী তাইৰ হাতত তুলি দিলে যাতে তাই বহী ঘুৰাবলৈ আকৌ বিজয়ক লগ ধৰে৷

খুন্দা খোৱাৰ পিছৰ পৰাটো বিজয়ৰ চকু জপালেও তাইকে দেখে ,মেলিলেও তাইকে দেখে, মুঠতে বিজয় ইন ফুল লাভ৷ ছোৱালী গৰাকী কৰ কি কথা, কি খাই ভাল পাই, কি কৰি ভাল পাই মুঠতে এ টু জেদ খবৰ উলিয়াই ল'লে৷ সকলো ঠিকেই আছিল পিছে তাইৰ ফেভাৰেট হিৰৌ ব্ৰুচলি আৰু কেৰেটি প্ৰিয় খেল৷

বিজয়ে নিজৰ পেটটোলৈ এবাৰ চালে, এবাৰ ব্ৰুচলীৰ ফটোখনলৈ৷ উশাহ টানি পেটটো ভৰালেও সেইটো জোখ নাপাইগৈ৷ প্ৰেয়সীৰ ফেভাৰেট হিৰ'ৰ দৰে হবলৈ বিজয়ে পুৱা দুশমিটাৰ দৌৰা আৰম্ভ কৰিলে৷ পেট কমাবলৈ প্ৰথমতে ডেইলি এক কিলোমিটাৰ দৌৰাৰ প্ৰতিজ্ঞা কৰিছিল যদিও প্ৰথম দিনা এককিলোমিটাৰ দৌৰি গৈ শেষত উশাহ ঘুৰাব নোৱাৰি লুটি খাই পৰিছিল৷ হোষ্টেলৰ লগৰ দুটামানে পিছত ৰিক্সাত বহাই পানী ঢালি বিজনী মাৰি উশাহটো যেন তেন ঘুৰাই আনি হোস্টেল পোৱাইছিল হি৷ তেতিয়াৰ পৰা দৌৰৰ দুৰত্ব কমাই আনি দুশ মিটাৰ কৰিলে৷

যি কি নহওঁক পেট কমোৱাৰ লগতে কেৰাটিৰ প্ৰেকটিছো আৰম্ভ কৰিলে৷ প্ৰথমতে ডিভাইনত সজাই থোৱা তুলাৰে বনোৱা কল গাৰু ৰচীত বান্ধি লাট মাৰিব ল'লে, তাৰ পিছত কিক বক্সিং৷ মুঠতে ব্ৰুচলী হৈ হে এৰিব৷ ব্ৰুচলীৰ দৰে মাজে মাজে বিকট চিঞৰ৷ হোষ্টটেলৰ ওচৰৰ দুই এঘৰ মানুহে বিজয়ৰ বিকট চিঞৰ শুনি কাৰোবাক খেটৰ বা ভুতে লম্ভিলে বুলি দৌৰ মাৰিও আহিছিল৷

হোষ্টেলৰ কথা জানেই সকলোৱে৷ বিজয়ৰ বিকট চিঞৰত অশান্তি পাই এদিন লগৰ দুটা মানে কপাহৰ কল বালিছৰ কপাহ উলিয়াই থওক বালি ভৰাই৷ বিজয়ে খালি গা, টিকটিকিয়া ৰঙা হাফপেন্ট হাতত গ্লোভছ পিন্ধি আহি দিয়ক লাট মাৰি৷ কে বুলি শব্দ এটাহে হ'ল৷ বিজয় মাটিত বেহুছ৷ লগৰ কেইটা আহি দেখে বিজয়ৰ সোঁ ভৰিৰ আঠুৰ ঘিলা পিছফালে৷ বিজয় ঘুৰিল নে আঠুৰ ঘিলা ঘুৰিল দুবাৰ মান লুটিয়াই বগৰাইও চালে৷ দেখিলে হয়, আঠুৰ ঘিলা হে ঘুৰিল৷ লগে লগে ডাক্টৰৰ তাত নি ভৰিৰ প্লাষ্টাৰ কৰালে৷

খালী গা, টিকটিকিয়া ৰঙা হাফ পেন্ট পিন্ধা আৰু "আ" কৰি মুখ মেলি থকা বিজয়ক দেখি দুজনমানে আকৌ মাটিৰে বনোৱা দুৰ্গা গোসানীৰ মহিসাসুৰ নে সঁচা মানুহ বুলি চিকুটিও চালেহি৷

যি কি নহওঁক বিজয়ৰ ভৰিত প্লাষ্টাৰ৷ দিনৰ দিনটো বিচনাত পৰি থাকে৷ কথা পাতিবলৈও লগ নাই৷ ৰুমৰ আগেদি কোনোবা যোৱা দেখিলেই বিজয়ে কথা পাতিবলৈ মাতে৷ হোষ্টেলৰ লগৰবোৰ আহে কথা পাতিবলৈ কিন্তু এটা চৰ্তত যে প্লাস্টাৰত কিবা লিখিব দিব লাগিব৷ বিজয়ৰো উপাই নাই৷ লিখ আৰু যি লিখ বুলি পাতি দিয়ে৷ লগৰমখাই আহি পাৰ্মানেন্ট মাৰ্কাৰ, পেন দি যিয়ে যি মনলৈ আহে বিজয়ৰ প্লাষ্টাৰত তাকেই লিখিবলৈ আঁকিবলৈ আৰম্ভ কৰিলে৷ মুঠতে প্লাষ্টাৰ অভিধানত নথকা শব্দৰে ভৰি পৰিল৷

ইফালে ছোৱালীৰ বাপেকে কিবা লিখিবলৈ পাত বিছাৰি জীয়েকৰ বহি মেলক৷ বহীখন ওলাওক বিজয়ৰ৷ পাত মোকালি দেখক বিজয়ৰ নাম ৷ ছোৱালীক বাপেকে দে গালি বোলে এইটোক পালে মই তাৰ হাত ভৰি ভাঙিম৷

এমাহ পিচত প্লাষ্টাৰ খুলিব৷ বিজয়ে যিমান পাৰে ব্লেডৰে আঁচুৰি, চুন ঘঁহি লেখাবোৰ মছিলে৷ হস্পিটাল গ'ল৷ কম্পাউন্দাৰে প্লাষ্টাৰ দেখি বোলে তোক আজি ইটো ভৰিও ভাঙিম বুলি চোঁচা ল'লে৷ বিজয়ে লগৰ এটাক বোলে অই কি লিখা আছে পঢ়ি দেছোন৷ লগৰটোৱে বোলে " কম্পাউন্দাৰৰ জীয়েক বাসন্তীক মই ভাল পাও" লিখা আছে৷ বিজয়ে ব্ৰুচলীৰ দৰে চিঞৰ এটা মাৰি প্লাষ্টাৰ লগোৱা ভৰিৰেই হস্পিতালৰ পৰা দে দৌৰ৷
**********

কেচ টু বিজয় (৫)





টুৱেন্টি পইন্ট ফাইভ গৰাকীয়ে ভেলেন্টাইন ডেত বিজয়ে দিয়া প্ৰপজেল নাকচ কৰাৰ পিছত আৰু আইনাত দাড়ী কাটিবলৈ ......ওপচ, চৰি দাড়ি নাই পাহৰিছিলো৷ দাড়ী নহয়, নাকৰ নোম দুডালমান পকিবলৈ আৰম্ভ কৰাত বিজয়ে অৱশেষত সিদ্ধান্ত ল'লে যে নাই মোৰ দ্বাৰা প্ৰেম কৰি বিয়া পতা নহ'ব৷



অহ ৰ'ব৷ টুৱেন্টি পইন্ট ফাইভ মানে বিশ গৰাকীয়ে ডাইৰেক্ট ৰিজেক্ট আৰু এগৰাকীয়ে ভাবি চাই জনাম বুলি কৈছিল৷ বিজয়ে আজিও সেইটো আশাতে আছে তেৰ বছৰ আগৰ ভেলেন্টাইন ডেত প্ৰপজ দিয়া সেই গৰাকীৰ কোন দিনা ভাবি শেষ হ'ব আৰু তাক "ইয়েচ" ক'ব৷ হয় দিয়কচোন ধৈৰ্য্যৰো এটা সীমা থাকে, হা না কৈ দিলেই লেঠা শেষ৷ ইমান দিননো হা বা না দুটা শব্দৰ মাল্টিপল চইছ উত্তৰ এটা দিবলৈ ইমান ভাবিব লাগেনে?

হা ক'লে ডেটিং নিব পাৰে, পকেট উদং কৰি টেডি পৰা শাৰীৰ ফলচ লৈকে বজাৰ কৰি দিব পাৰে, ফেচবুকত এংগেজড বুলি ষ্টেটাচ দিব পাৰে, আগলৈ বিয়া বাৰু ল'ৰা ছোৱালীৰ প্লেনিং কৰিব পাৰে৷ আৰু যদি না কৰে নেক্সত ইয়েৰ ভেলেন্টাইনলৈ এজনী চিলেক্ট কৰাৰ প্ৰচেছটো স্টাৰ্ট দিব পাৰে৷ সেইগৰাকীয়ে হৃদয়ৰ দৰ্জা মুখত এনেকৈ ৰৈ দিলে যে না নিজে ভিতৰলৈ সোমাল না বেলেগক সোমাবলৈ দিলে৷



ইফালে বাৰ মাহৰ, মৰল মাহ আৰু চ'ত, পুহ কেইটা বাদ দি প্ৰতি মাহতে লগৰবোৰৰ এখন এখনকৈ বিয়া খাই খাই শেষত বিজয়ৰ নিজৰো বিয়া পতাৰ দুৰ্দান্ত হেঁপাহ জাগিব ধৰিলে৷



সোনটোৰ দৰে লগৰ দুই এজন বৰলাই বিজয়ক বিয়াৰ দৰে দুঃসাহসীক ক্ৰীড়াত অংশ গ্ৰহন কৰি গল্ড মেডেল নিজিকিলেও হ'ব বুলি বুজনি দিলে যদিও ইতিমধ্যে তেল ফাটিলৈ বিয়া পাতি নিজকে নিজে এৰালত বান্ধি থোৱা দুই এজনে আকৌ বৈবাহিক জীৱনৰ সুমধুৰ ইটো সিটো কথা জহাই মেলি কৈ বিজয়ক বিয়াৰ প্ৰতি আগ্ৰহী কৰিব ধৰিলে৷



সদৌ শেষত ছোৱালী চাবলৈ যোৱা পৰ্ব আৰম্ভ হ'ল৷ তালুৰ উলুৱনীখনক কলপ লগাই ক'লা কৰি, ছোৱালী চাবলৈ যাবলৈ ওলাল৷ লগত ল'লে আমাৰ ৰিন্টুদাক৷ প্ৰথম প্ৰথম ছোৱালী চাব ওলাইছে, আগে পিছে এক্সপেৰিয়েঞ্চো নাই গতিকে একমাত্ৰ ৰিন্তুদাৰ পোনত ধৰি বিজয় আগবাঢ়িল৷



ৰিন্তুদাইও নিজৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা বিজয়ক শিকাই বুজাই নিলে যে "চা বিজয়, চোফাত ভাল দৰে বহি থাকিবি, যিয়েই চিনাকী হ'বলৈ ওলায় আহে সকলোকে নমস্কাৰ দিবি৷ কথা কওঁতে হাতভৰি লৰাই নাথাকিবি৷ সোধা প্ৰশ্নৰ হে উত্তৰ দিবি৷ ভাত বনাব জানানে সুধিলে জানো বুলি ক'বি৷ আৰু লগতে ঘৰৰ কামবন তই নিজেই কৰ বুলি কবি৷



বিজয়ে মুৰ দুপিয়াই গ'ল যদিও ৰিন্টুদাৰ পৰামৰ্শ শুনি বিজয়েও কনফিউজড হ'ল যে একচুৱেলী মই দৰা নে কইনা?



বাৰু যিয়েই নহওঁক এক্সপেৰিয়েঞ্চ থকা মানুহ, হবও পাৰে বুলি মুৰ দুপিয়াই গ'ল৷ ছোৱালীৰ ঘৰ পাই কলিং বেল টিপিলে৷ সৰু ল'ৰা এটা ওলায় আহি বহিবলৈ কৈ ভিতৰ সোমাল৷ দ্ৰয়িংৰুমত ৰিন্তুদা আৰু বিজয়৷ বিজয়ৰ কপালত ঘাঁম, ৰিন্তুদাৰ মুখত হাঁহি৷ দহ মিনিট গ'ল, পোন্ধৰ মিনিট গ'ল, কোনো ওলায় অহা নাই ভিতৰৰ পৰা৷ বহি বহি আমনিও লাগিছে, ইফালে ভাবি অহা কথাবোৰ আওৰাই আওৰাই ভাগৰো লাগিছে৷ দুটামান কথা পাহৰিছে যদিও মনত পেলাবলৈ কুৱ চেষ্টা কৰিছে৷ ঘড়ীটোৱে আমন জিমনকৈ টিক টক টিক টিক, ফেন খনেও মাত নিদিষ্ট সময়ৰ মুৰে মুৰে কেৰেইছ.....কেৰেইছ মাত দি আছে৷ বিজয়ে এনেই থকাতকৈ ইফালে সিফালে চাই দ্ৰয়িং ৰুমৰ চুকে কোণে থকা সকলো বস্তু নিৰিক্ষন কৰি আছে৷ এসময়ত বিজয় অধৈৰ্য হৈ ৰিন্তু দালৈ চালে৷ ৰিন্তু দাই চকু টিপ মাৰি ধৈৰ্য ধৰা বুলি ক'লে



এনেতে সন্মুখৰ দৰ্জাৰ পৰ্দাখন সামান্য আতৰ হ'ল৷ বিজয় লগে লগে চিনাকী হ'বলৈ ঠিয় হ'লেই৷

দৰ্জাৰ পৰ্দাৰ ফাঁক কৰি " এও" বুলি শব্দ এটা আহিল৷

বিজয়ে নৰখিলেই, নমস্কাৰ৷ মই বিজয়, এও মোৰ দাদা .....



ৰিন্টু দাই বিজয়ৰ পেন্টত ধৰি বোলে "হেৰৌ খালি খালি খালি, কোনোবাই নেদেখিলেই হ'ল, নহলে মোৰ লাজ মান যাব৷ হেৰৌ মৰকুচিয়া তই "এওও" বুলি মতা মেকুৰীকে নমস্কাৰ দিলি.....

**********

কেচ তু বিজয় ( 3)



ফটাঢোলত মিটত যাম আৰু বিজয়ক নবজাম এনেকুৱাটো হ'বই নোৱাৰে৷ বাৰু যি সকল আজি নগাঁওত বিজয়ক লগ পোৱাৰ সৌভাগ্য নঘটিল তেওঁলোকৰ বাবে

কেচ তু হ'ল যে এবাৰ বিজয় কাজিৰঙা চাবলৈ আহি বৰগছ নামৰ হোটেলত আছিল৷ নিগ্ৰো এজনে চুইমিং পুলৰ কাষত বহি থকা দেখা পাই বিজয় আগবাঢ়ি গ'ল৷ নিগ্ৰোজনে আফ্ৰিকান ভাষাত গুড মৰ্নিংটো কলে 'লি প'প'' ৷
বিজয়ে ভাবিলে বিজয়ৰ নাম সুধিছে৷ বিজয়ে একদম চাবধান পজিচনত উত্তৰ দিলে শ্ৰী যুত বিজয় মহন্ত৷

পিছ দিনাও একেই৷ নিগ্ৰোজনে বিজয়ক দেখি পুনৰ "লি প'প' বুলি ক'লে৷ বিজয়েও পুনৰ চাবধান পজিচনত একেই উত্তৰ শ্ৰী যুত বিজয় মহন্ত৷

তৃতীয় দিনা বিজয়ৰ খং উঠিল যে সদায় সি বেটাই মোৰ নাম সোধে, মই কওঁ কিন্তু সি নকয়৷ আজি মই সুধিম৷ সেইবুলি বিজয়ে নিগ্ৰো জনে সুধাৰ আগতেই কৈ দিলে "লি প'প'"

নিগ্ৰোজনে গুড মৰ্ণিংৰ প্ৰত্যুত্তৰ হিচাপে চাবধান হৈ ক'লে...

শ্ৰীযুত বিজয় মহন্ত৷৷৷৷৷৷

আকৌ এবাৰৰ কথা,
বিজয় ৰাষ্ট্ৰীয় ধদুৱা সন্থাৰ মিটিংত গৈছিল৷ মিটিংত ভাৰতৰ বিভিন্ন ঠাইৰ প্ৰতিনিধি সকলৰ লগত চা চিনাকী হ'ল৷ চাৰিজন ধদুৱাৰ লগত চিনাকী হওঁতে প্ৰথমে এজনে নমস্কাৰ জনাই ক'লে...

জয় শ্ৰীকৃষ্ণ...

আন সকলে নমস্কাৰ জনালে৷

দ্বিতীয়জনে ক'লে

জয় শ্ৰীৰাম......

আনসকলেও নমস্কাৰ দিলে৷

তৃতীয়জনে ক'লে

জয় হনুমান......

আন সকলে নমস্কাৰ জনালে৷

এইবাৰ বিজয়ৰ পাল পৰিল৷ বহু সময় ভাবি মেলি বিজয়ে নমস্কাৰ জনাই ক'লে...

জয় শ্ৰী বিজয় মহন্ত৷৷৷৷৷
*********

কেছ টু বিজয় (খণ্ড 2)



ভেলেন্টাইন ডে বুলি স্পিচিয়েল কিবা এটা বনাম বুলি বিয়াত কোনোবাই গিফ্ট দিয়া ৰন্ধন প্ৰকৰণৰ কিতাপ খন বিজয়ে আলমাৰিৰ পৰা উলিয়াই জাৰি জোকাৰি ল'লে৷ কিতাপখন হাতত লৈ ধন্যবাদ জনাবলৈ লেখকৰ নামটো তথা গিফ্ট দিয়াজনৰ নামটো কিতাপখনৰ বকলা এৰাই যোৱা বাবে নাপালে যদিও অন্তৰতে ধন্যবাদ এটা জনাই পাকঘৰত সোমাল৷

এটা এটাকৈ আইটেমৰ ফটোবোৰ চাই গ'ল৷ দুখনমান ফটো চাই লোভত মূখৰ পানী ওলাব ধৰাত ইফালে সিফালে কোনোবাই দেখিছে নেকি চাই হেঁপাহ পলুৱাই ফটো খনতে চেলেক দুটা মানো মাৰি ল'লে৷

শেষত ডিচ এখনত ঠেং ভৰি মেলি লাং খাই পৰি থকা চিকেনৰ ফটো থকা আইটেম এটা বিজয়ৰ পচন্দ হ'ল৷ ইংৰাজীতে লিখি থোৱা ৰন্ধন উপকৰণ বোৰ জোটাই জোটাই পঢ়িবলৈ ধৰিলে৷ প্ৰথম উপকৰণটো পঢ়িয়েই বিজয়ৰ পিলাই চমকি গ'ল৷
1 one dressed chicken

হে প্ৰভু, মইটো মুৰ্গী বোৰক কাহানিও ড্ৰেচ পিন্ধা দেখা নাই৷ ইমান এডুকেটেড মুৰ্গী বিছাৰি পাম ক'ত? কৰবাত ড্ৰেচ নিপিন্ধা মুৰ্গীৰ আইটেম আছে নেকি ঘপাঘপ পাত লুটিয়াই বিছাৰিব ধৰিলে৷ নাই সকলো আইটেমতে ড্ৰেচড চিকেন৷ বিজয়ে মনতে বোলে হ'ব, উপাই নাই যেতিয়া বনোৱাৰ আগত মোৰেই কিবা এটা পিন্ধাই ল'ম৷

পিছে আকৌ লেঠা লাগিল, আইটেমটোত মুৰ্গীটো মতা নে মাইকী মেনচন কৰা নাই৷ যদি টেষ্ট নহয়, বন্দিতাই ইমান সোপা মা-মছলা কিয় খৰচ কৰিলে বুলি বৈদ্য গালি দিব৷ সেয়ে ক'লা পেনটো আনি পিছত যাতে ঘৈণিয়েকক দেখুৱাব পাৰে তাৰ বাবে কিতাপখনৰ 1 dress chicken ৰ আগত সৰুকৈ মতা বুলি লিখি থলে৷ 1 মতা dressed chicken. বচ হৈ গ'ল৷

বাৰিলৈ গৈ চৰি থকা মতা মুৰ্গী এটাক ধৰি নিজেই মুখৰে "কক'ৰ কক'ৰ" বুলি চিঞৰি " অ শিয়ালে নিলে অ, মতাটোক শিয়ালে নিলে" বুলি চিঞৰি চিঞৰি কাষৰ মানুহবোৰক শুনালে৷ শৰণ লোৱা মানুহ যে, উপাই নাই৷ মুৰ্গী খাই পাখী এমাইল দুৰত পুতি থৈ আহিব লাগে যাতে ৰাইজে গ'ম নাপাই৷

মুৰ্গীটো আনি ড্ৰেচ কৰাবলৈ মুৰ্গীৰ জোখৰ কাপোৰ বিছাৰিব লাগিল৷ নিজৰ চাৰ্ট পেন্ট হাফপেন্ট সকলো মুৰ্গীৰ চাইজতকৈ ডাঙৰ৷ উপাই নাই, কিতাপত লিখা আছে যেতিয়া পিন্ধাবই লাগিব৷ শেষত বহু দিন আগতে কিনা জকিটো গডৰেজ খুলি ওলিয়াই আনি বোলে, "হুহ, এইটোকে পিন্ধি ল', টেষ্টৰ কথা আছে৷ মইও দুদিনমান হে পিন্ধিছিলো,নতুনেই হৈ আছে৷ তোৰ ভাগ্যতে আছিল৷ পিন্ধি ল' বুলি মুৰ্গীক পিন্ধাই ল'লে৷ ফেচবুকত "ড্ৰেচড চিকেন" বুলি আপলড দিবলৈ ম'বাইলৰ কেমেৰাত ক্লিক কৰিব লওতেই মুৰ্গীয়ে চাঞ্চ পাই হাতৰ পৰা ওলাই বিজয়ৰ জকি পিন্ধি দৌৰ মাৰিলে.....
*********

কেছ টু বিজয় (খণ্ড ১)

বেংকত একাউন্ট খোলাৰ পিছতেই পিছদিনা পুৱাই বেংক খোলাৰ আগতেই এটিএম খন লৈ বিজয় বেংকৰ দুৱাৰত হাজিৰ৷ বিজয় মানে মোৰ বাল্য কালৰ বন্ধু ৷ পুৱাই পুৱাই সি গৰম, এটিএমখনে কাম নকৰে৷ বেংকৰ কৰ্মচাৰী সকল অহা পিছত এজনৰ ওচৰত গৈ ডাইৰেক্ট বোলে কি এটিএম কাৰ্ড দিলে এইখন?

ইংৰাজীত কিবা কিবি টিপিবলৈ কয়৷ জোটাই জোটাই পঢ়ি কিবা এটা টিপো আকৌ টিভিটোত কিবা বেলেগ এখন ফটো ওলায়৷ আকৌ টিপো আকৌ কিবা বেলেগ এখন ওলায় ৷ সেইখনতো টিপো আকৌ ফটো সলনি হৈ যায়৷ শেষত ঘেটেৰ ঘেটেৰকৈ কিবা মেচিনৰ ভিতৰতে বাজে, মই মোনাটো পইচা ওলোৱা ফুটাটোৰ আগত ধৰি ৰৈ থাকো, কেট কুটেই নকৰি থেংক ইউ ফৰ ইউৰ ট্ৰে়ঞ্জেকচন বুলি কৈ মেচিনটো মনে মনে ৰৈ বন্ধ হৈ যায়৷ মইও মোনাখন ধান খুন্দা হোলাৰ মিলত চাউল ওলাব ওলাব বুলি টিনটো পাতি ৰৈ থকা দি ৰৈ থাকো৷

ভাগ্য ভাল মই ৰাতি দহটা মানৰ পিছত মানুহ নথকা সময়ত এটিএম আহো বুলি হে ৷ দিনত হোৱা হয় পিছৰ লাইনৰ মানুহে মোক কিমান গালি দিলে হয়৷

ইমান পৰে ফাইলৰ কাম কৰি থকা বেংকৰ মানুহজনে বোলে " কি কাম আছিল কওঁকচোন"?

বিজয়ে বোলে অত সময় মইনো কি কৈ আছিলো৷

বেংকৰ মানুহজনে বোলে মই কিবা এটা লিখি আছিলো, বুজাই কওঁক আপোনাৰ অসুবিধাটো কি?

বিজয়ে বোলে মোৰ এটিএম কাৰ্ডখনেদি পইচা নোলাই৷

বেংকৰ মানুহজনে বোলে এটিএম কাৰ্ডেদি ক'ত পইচা ওলাব? এটিএম মেছিনত কাৰ্ডখন ভৰাওকগৈ৷

বিজয়ে বোলে মেছিনতে নোলায়৷

মানুহজন পুনৰ কামত ব্যস্ত হৈ চকুৰে সন্মুখৰ কাউন্টাৰটোলৈ যাবলৈ ক'লে৷

বিজয়ে পুনৰ নতুন কাউন্টাৰটোত গৈ বোলে মই এটিএমত কাৰ্ড ভৰাই টিভিটোত ওলায় থকা চবতে টিপো, শেষত ঘৰৰৰ ঘৰৰৰ কৈ বাজি থেংক ইউ ফৰ ইউৰ ট্ৰে়ঞ্জেকচন বুলি কৈ মেচিনটো মনে মনে ৰৈ থাকে৷

বেংকৰ মানুহজনে বোলে তাৰ পিছত?

বিজয়ে বোলে তাৰ পিছত আকৌ কি? পইচা নোলাই৷

বেংকৰ মানুহজনে বোলে হয়তো এটিএমটোত পইচা নাছিল নহলে আপোনাৰ একাউন্টত পইচা নাই৷

বিজয়ে বোলে আপোনাক ক'ব নোৱাৰি বুলিহে, মোৰ একাউন্টত কিমান টকা আছে মই জানো নহয় আৰু মোৰ আগতে পিলিঙা দুটা মান আহি খচখচিয়া এশ টকীয়া উলিয়াই নিছে৷

তেন্তে আপুনি কিবা ভুল টিপিছে বা দহ হাজাৰ টকাৰ ওপৰত টিপিছে, মেচিনত এবাৰত দহ হাজাৰ হে উলিয়াই৷

বিজয়ে বোলে চাওক মই এবাৰ তিনিশ টিপি চালো, এবাৰ পাচশ টিপি চালো, এবাৰ এহেজাৰ টিপি চালো, একো নোলোৱাত চেচ মেচ দুটকাও টিপি চালো৷

বিশবাৰ বুজিচেনে, কমেও বিশবাৰ মনত অহা বিভিন্ন সংখ্যা টিপিলো নাই নোলায়৷

বেংকৰ মানুহজনে বোলে আপোনাৰ পিন নম্বৰ কিমান?

বিজয়ে চাৰ্টত হাত ফুৰাই বোলে মই মতা মানুহ৷

বেংকৰ মানুহজনে বোলে মই ব্লাউজৰ পিন কোৱা নাই৷ পিন কড কওঁক পিন কড৷

বিজয়ে বোলে 785630

বেংকৰ মানুহজনে বোলে এইটো দেখোন তিতাবৰৰ পিন কড৷

বিজয়ে বোলে বাকী জিলাৰ পিন কড মুখষ্ট নাই৷

বেংকৰ মানুহজনে বোলে হেৰি ডাঙৰীয়া আপোনাৰ এটি এমখনৰ লগত যে এটা লেফাফা আহিছিল কি কৰিলে?

ফালি দিলো৷

তাৰ পিছত?

তাৰ পিছত আকৌ কি? এটিএম খন উলিয়াই পইচা ওলিয়াব গ'লো৷

পিন নম্বৰ কি মাৰিলে?

785630

তিতাবৰৰ পিন কড?

হয়, ডাকঘৰৰ আগফালেটো এইটোৱেই লিখা আছে৷

বেংকৰ মানুহজনে বোলে তেন্তে বেংকত কিয় আহিছে ডাকঘৰতে উলিয়াওক গৈ৷

বিজয়ে বোলে ডাকঘৰৰ আগফালৰ এটিএমটোটো গৈছিলো৷ তাতো একেই৷ আৰু এটিএম মেছিন বোৰৰ কিপেড বোৰে মুঠেও কাম নকৰে?

বেংকৰ মানুহজনে বোলে কেনেকৈ গম পালে?

বিজয়ে বোলে মই শুদ্ধকৈ সংখ্যা টিপিলেও টিভি স্কিনত ভুল হৈছে বুলি পুৰণ চিন (X) চিন দেখাই

আপোনালোকে মোৰ কাৰ্ড আৰু এটিএম মেচিনবোৰ সোনকালে সলনি কৰক৷ নহলে কিবা খং উঠিব মেচিনডাল তুলি আনি বেংকৰ আগত থৈ যাম৷

শুনা মতে বেংকৰ কৰ্মচাৰীজন এতিয়াও কমাত আছে৷
********

ফেকবুক ডট কম



আমাৰ ঘৰত ভাড়া লৈ থকা দেবুদাৰ কথা কৈছো ।দাদাক আজি কালি ফেচবুক পালে একো নালাগে । অফিচত বোলে এদিন ফেচবুক একাউন্ট নথকা কাৰনে কোনোবাই হাঁহিলে, পিছদিনাই চেকেন্ডহেন পিচি এটা আৰু ডংগল এটা কিনি আনি মোক পাচপৰ্ট ফটো তিনিকপি আৰু ড্ৰাইভিং লাইচেন্চ খন দি বোলে দে একাউন্ট খুলি ।

বহু শিকাই বুজাই যোৱা তিনি মাহত দেবুদাক পৈনত কৰি পেলালো ।আগতে সন্ধিয়া হ'লেই সীতাৰামৰ দোকানৰ সন্মুখত থকা চিৰিজ গছৰ তলৰ বেঞ্চখনত গৈ আড্ডা দিছিল, নামঘৰ গৈছিল বা দত্তৰ ঘৰত ৰম- ৰামি কৰিছিল ৷ পিছে আজি কালি সকলো এৰিলে, এতিয়া কেবল ফেচবুক....এনিটাইম অনলাইন ।বন্ধুবৰ্গ প্ৰায় এৰিছে বুলিয়ে ক'ব পাৰি ।নেৰিবনো কেলৈ সন্ধিয়া হ'লেই যি কেইটাই আড্ডা দিছিল আজিকালি সকলো ফেচবুকতেই ব্যস্ত । দেবুদাৰ সন্ধিয়াৰ ফুৰ্টিপানিকন আগতে দত্ত বা কলিতাৰ লগত একেলগে বহি খাইছিল ।পিছে দত্তও আজি কালি ফেচবুকৰ এজন চেলিব্ৰেটি, ৫ টা মান গ্ৰুপৰ এডমিন।আমাৰ খাদৈচূক গাঁওৰ গ্ৰুপৰ পৰা ওলোৱা মেগাজিন খনৰো এডিটৰ, গতিকে টাইম দিব নোৱাৰা হ'ল ।আজি কালি তেঁওলোকে কাষৰ ঘৰৰ হলেও ফেচবুকৰ দ্বাৰাই ভাবৰ আদান প্ৰদান কৰে।

সিদিনাখনৰ কথা দেবুদাই পিচফালৰ খিড়িকি খন খুলিদি দত্তক চিঞৰিলে, বোলে অ’ দত্ত অফলাইন যে?বৌৱে বোলে হেৰি হাত ভৰি কেইটা ধুই লুঙি খন পিন্ধি লওঁকচোন প্ৰথমে ।বজাৰৰ পৰা আহিয়ে কাপোৰ জোৰ নোখোলাকৈয়ে তিতা দাহে বহি দিলে যে পিচিৰ সন্মুখত ? দাদাই বোলে ৰ’বাহে, বাটত বৰুৱাক লগ পাইছিলো কিবা স্টেটাছ এটা দিছে, মই শুধিলো, নক’লে বোলে নাই নঁকও,কৈ দিলে এটা কমেন্ট কমি যাব।তাকে চাঁও, সি বেটাইনো কি স্টেটাছ দিছে ।

ফেচবুক অন কৰি দেবুদাই পেগটো বাকি ল’লে। এনেটে সুনিল দত্ত নামৰ সেউজীয়া লাইট টো ছাত বস্কত জ্বলি উথিল । দেবুদাই লগত লগত মেচেজ দিলে “ছিয়েৰ্চ”।

টং:
ক্লিক এটা কৰি দেখিলে “ছিয়েৰ্চ”.... বচ দেবুদাই এক ঘোট গিলি দিলে ।ওচৰতে চানাচুৰ খিনিৰ কাৰণে বোন্দাপৰ দি থকা দেবুদাৰ তিনি নম্বৰ সম্পত্তিটোৱে বোলে দেতা দেতা মইও খাম । দেবুদাই তাৰ হাতত চানাচুৰ কেইটামান দি বোলে ধ্যেৎ এইয়া মই ঔষধহে খাইছো ।যা মাৰে মাছ ভাজিছে সেইয়া খা গৈ ।বেটাই বোলে নাই মইও ঔষধ খাম মোও চদি হৈ আছে ।হে হৰি বোলো হেৰা এইটোক নিলানে ওচৰৰ পৰা ।
টং:
চচমা যোৰ কপালত উঠাই মুৰটো সামান্য মনিটৰৰ ওচৰলৈ নি দেবুদাই পঢিলে “আজি লগত এঁও বনোৱা চিকেন আছে, তোমাৰ কি?” দেবুদাই বোলে ইচ বেটা ফাঁকি দিবলৈ জেগা নাপালি? উদৰ সাত পুৰুষ গ'ল কেচা মাছ খাই তই টনিকৰ লগত চিকেন খাইছ? কি বৰ্ডখনত বগলীয়ে মাছ বিছাৰি ফুৰাৰ দৰে আখৰবোৰ বিছাৰি বিছাৰি টাইপ কৰিলে “বন্ধু চিকেনৰ ফটো এখনকে আপল’ড কৰি দিয়ক” ।
নাই ৰিপ্লাই নাই । বেটা মোক বুৰ্বক বনাব আহে, চিকেনৰ ফটো বিছাৰি খুব গুগুল চাৰ্চ কৰি আছে চাগৈ । চানা অলপ মুখলে গলিয়াই দি লুঙিত হাতখন মচি মাউচটোৰে ফেচবুকৰ হ’ম বুটামটো টিপি দিলে ।এনেই দুই এটা স্টেটাচত লাইক মাৰি বৰুৱাৰ স্টেটাচটো পঢ়িব ধৰিলে । ধ্যেৎ বৰুৱাই আকৌ কেতিয়াৰ পৰা কবিতা লিখিব পৰা হ’ল? নামঘৰৰ বছৰেকীয়া সম্পাদকৰ প্ৰতিবেদনখনো চালা মোৰ হঁতুৱাই লিখাই সি আজি কবি হৈ গ’ল? কমেন্ট নিদিলেও নহয় ৰাষ্টাত লগ পাই নিজেই কৈছে আৰু তাতে বৰুৱা নামৰ সেউজীয়া লাইটটোও ছাত বস্কত ট ট কৰি জ্বলি
আছে । বৰ মস্কিল তথাপি ওপৰৰ কমেন্ট এটা কপি পেষ্ট কৰি (y)এটা মাৰি দিলে

টং:
দত্তৰ মেচেজ : মোৰ ম’বাইলৰ পৰা ফটোখন আপল’ড কৰিব পৰা নাই ।দেবুদাই বৌক মাত লগালে বোলো হেৰা দেখিছা দত্তৰ ফাঁকি কেনেকৈ ধৰা পেলালো । ভিতৰৰ পৰা বৌয়ে মাত লগালে বোলে দত্তক বাদ দিয়া দত্তনি আৰু এখোপ চ'ৰা ।দত্তনিয়ে দিয়া পোষ্টবোৰ ইমান লাইক হয় যে কাৰনটো কি জানেনে নাই? সিদিনাখন সিঁহতৰ মাজনীয়ে ক'লে বোলে দত্তনিৰ কমেও ২০ টা মান ফেক একাউন্ট আছে ।লাইক যদি কম হোৱা যেন পাই সেইবোৰ একাউন্টৰ পৰা লাইক মাৰি দিয়ে ।বাৰু বাদ দিয়া তোমাৰ শাহুৱেৰে ৰাতিপূৱা দিয়া গুদমৰ্নিং টেগটো চাগে তুমি লাইক মৰাই নাই চাগৈ, মাৰি দিয়া আৰু যা তা কমেন্ট নামাৰিবা ।
ধ্যেৎ সকলোৱেটো টেগায়েই শাহু বুৰিয়েও নেৰে।বাহ ফটোখন ২০ টা মানক টেগ কৰিছে। হাইদ ফ্ৰম টাইমলাইন কৰিব লঁওতেই

টং:
মেচেজ এটা আহিল, খুলি চাই দেখে সদা গগৈৰ
গগৈৰ মেচেজ: হালৈৰ ঘৰটে থকা পেহীয়েকজনিৰ টান পৰ দব লাগিব। এই মাত্ৰ আপদেট দিছে ।আপুনি আনফ্ৰেন্ড কৰি থৈছে বুলি জানি মেচেজটো দিলো । হালৈক ৰিপ্লাই এটা দিব হাজাৰ হলেও একে গাঁওৰে মানুহ ।
দেবুদাই আকৌ খেপিয়াই খেপিয়াই লিখিব ধৰিলে “ পৰ দিব যাবা নেকি? মই ১২ টা ১ টা মানলৈকে ফেচবুকত অনলাইনহৈ পৰ দি থাকিমেই ।কিবা হ’লে মেচেজ এটা
দিবা”

টং টং টং:
জুনমনিৰ নটিফিকেশ্চন : জোনমনি শইকীয়া এডেড এ লাইফ ইভেন্ট টু হাৰ টাইম লাইন “কম্প্লিকেটেড ৰিলেশ্চন টু চিংগেল এগেইন”

দেবুদাই চিঞৰি বোলে জোনমনি তই পঢ়া নাই, আকৌ ফেচবুক খুলিছ, ৰ’ গৈ আছো

ফেকবুক ডট কম............. (২য় খন্ড)

এলেন শ্বেলী , দেবুদাৰ ডাঙৰ লৰাটোৰ ফেচবুকিয়া নাম ,এনেই নাম লিলাধৰ শইকীয়া, মই মৰমতে লিলাই বুলি মাতো ।ফেচবুকত লিলাই ভাল কবি বুলি এটা নাম আছে ৷ প্ৰকৃততে লিলাইৰ সৰুৰে পৰা কবিতাৰ লগত সম্বন্ধ আছিল । কবিতা মানে কেঁওতৰ সৰুজনী ।কবিতাৰ নামতে লিখিছিল জীৱনৰ প্ৰথমটো কবিতা, শীৰ্ষক আছিল “অ’ কবিতা অ’ কবিতা মোক ভাল নাপাঁও কিয়? সকলোৰে অগোচৰে লিলাইৰ প্ৰতিভা বিকাশ হবলৈ ধৰিলে ।স্কুলত অসমীয়া কবিতাৰ সাৰাংশ পৰীক্ষাত “দাস আৰু ভূঞা” ৰ মকৰধচ খনৰ পৰা পুৰিয়া বনাই হুবহু কপি পেষ্ট কৰিছিল আৰু পিচলৈ প্ৰেয়সীলৈ দিয়া চিঠিতো লগৰ দুই এজনৰ পৰা ধাৰ কৰি অনা দুশাৰী ৷ কবলৈ গলে লিলাইৰ লিলা অপাৰ ইন চৰ্ট শ্ৰীকৃষ্ণৰ সৰু সংস্কৰণ ।মেট্ৰিক পৰীক্ষাৰ এচ এম এচ যোগে ৰিজাল্ট লবলৈ দেউতাকে আনি দিয়া ম’বাইলটোৰ জহত ফেচবুক ৰাজ্যত প্রবেশ কৰিলে ।ফেচবুকৰ এঞ্জেল বোৰ দেখি লিলা অবাক্টেড, বোলে ইমান দিন ক’ত আছিলো ? ইয়াত দেখোন বুটাম টিপিয়েই গাৰ্ল ফ্ৰেন্ড বনাব পাৰি আৰু বুটাম টিপিয়েই ব্ৰেক আপো কৰিব পাৰি । ইমান সুবিধা ।এনেই মিছাতে গাঁওৰ কেইজনিৰ নামত সময় খৰছ কৰিলো ।প্ৰথম অবস্থাত লিলাই আও ভাও বুজি পোৱা নাছিল । দুমাহ মানলৈকে ছোৱালী বুলি ফেক একাউন্টৰ ল’ৰা বোৰকে প্ৰপ’জেল দিলে । লাহে লাহে লিলাই বুজি পোৱা হ’ল । ষ্টাৰ্ট কৰি দিলে বিৰহৰ “কবিতা” । পিছে ডেইলী কবিতা লিখে কি দৰে ? বহু ভাবি গুনি চৰ্ট কাট আইডিয়া এটা উদ্ভাৱন কৰিলে । কপি পেষ্ট ....পিছে আজি কালি ডাইৰেক্ট কপি পেষ্টও নকৰে মডিফাইহে কৰে ৷ আনৰ কবিতাত নিজৰ কেইটামান শব্দ বা শাৰী ।আৰু মা কচম এনেকুৱা কবিতা ৰান্ধে মানে লিখে যে প্ৰকৃত কবিজনেও দুখ কৰে ৷ লিলা লাহে লাহে পৈনত হৈ উথিল কিন্তু এতিয়াও বায়েক জোনমনিৰ কাষ চাপিব পৰা নাই ৷
টং:
ফিলিং ল’নলি…….এফ বি ইছ চ’ বৰিং…জোনমনি শইকীয়া ইচ ইন হাৰ বেড

টং টং টং টং টং টং টং টং টং টং টং টং টং টং
( জোনমনি অনলাইন মানেই মেচেজৰ ধুমুহা)

মানসদা মোৰ নেট পেক শেষ হ’ব হৈছে,পিছত
লগ পাম বাই......
টং.....
প্ৰবাল প্লিজ ড’ন্ট লাই, কালি কলেজত প্লাবিতাই মোক নিজে কইছে তুমি তাইক প্ৰপ’জেল দিয়া কথা ।আৰু প্লিজ মই এনেও তোমাৰ লগত আগতেই ৰিলেশ্চন ব্ৰেক আপ কৰিছো, মই তোমাক তেনেকুৱা বুলি কেতিয়াও ভবা নাছিলো । চ’ প্লিজ স্পেয়াৰ মি, বাই, এন্ড ড’ন্ট মেচেজ মি এগেইন..........
টং....
থেংক কিউ মানসদা, ইউ আৰ চ’ চুইট এন্ড কেৰিং ৷ পিছে নেট পেক মই ভৰালো হয় ৷ ইমান নেট নকৰোৱেই মই ৷
টং.....
বন্দিতা, তোৰ লগত পিছত কথা পাতিম হা,বাই.....
টং....
ছৰি হা বিকি, মেচেজ দিওতে দেৰি হৈ গ’ল,মাৰ লগত চিৰিয়েল এখন চাই আছিলো ।কিয় তেনেকৈ ভাবা? ইউ আৰ মাই জান ডেয়াৰ....ধ্যেত নিলাজ........
টং.....
নাই মানসদা, লগৰ ছোৱালী এজনীৰ লগত পঢ়া কথা ডিচকাচ কৰি আছিলো ।

অ’ই বন্দিতা “প্ৰিন্স কৃষ্টেল বৰা” বুলি প্ৰফাইলটো চা, সি মোক প্ৰপ’জেল দিছে জান’ ? অই বাই হা সি অনলাইন হৈছে ।বাই হা.......

টং .......
অ' মনত পৰিল দেবুদা আৰু বৌৰ কথা কবলৈ পাহৰিছিলোৱেই ৷ দেবুদাও পিছ পৰি থকা ভকত নহয় দেবুদাৰো ফ্ৰেন্ড ফলৱাৰ হাজাৰৰ ওপৰত ৷ দেবুদাহঁতৰ পুৱা আৰম্ভ হয় ফেচবুকৰে আৰু দিন শেষো হয় ফেচবুকৰে ৷ সৌ সিদিনাৰ কথা কাউৰী পুৱাতে বৌৰ ডাক পৰিল ৷
হেৰি উথিলেনে ? ৫ বাজিবৰে হ’ল, উথক সোনকালে, দত্তই চাগৈ “গুদ মৰ্নিং” ষ্টেটাছ দিলেই ৷ বৌৰ মাতত খক মককৈ সাৰ পাই দেবুদাই চিধাই গৈ পিচি অন কৰিলেগৈ । ফেচবুক অন কৰি দেবুদাই বোলে, হেৰা ঠিকেই হে দত্তই দিলেই ৷ হাতত দাদাৰ কাৰনে টুথপেষ্ট লগাই অনা ব্ৰাছডাল দি বোলে আপোনাৰ দ্বাৰা ন’হব আৰু ৷ আনে “গুদ মৰ্নিং, গুদনাইট” দিলে সকলোৱে কমেন্ট দিয়ে আপোনাক কলিতানী জনীৰ বাঢ়িৰে আন কোনোবাই দিয়েনে?দেবুদাই বোলে হেৰা কলিতানীক মাজলে কিয় টানিছা বৌয়ে বোলে
মই টনা নাই , আপুনিহে টানিবলৈ চেষ্টা কৰি আছে ।মই জানো নহয় আপুনি ৰাতি দুপৰলৈকে ফেচবুকত কি কৰি থাকে। হু হু উ ও (চাদৰৰ আচঁলেৰে চকু মোহাৰি মোহাৰি) মই ভাবিছিলো মানুহটোৰ ইমান কষ্ট, ৰাতিও অফিচৰ কাম কৰি থাকে, পিছে কালি
আপুনি অফিছ যোৱাৰ পিছত ফেচবুক খুলিহে গম পাইছো কলিতানিৰ লগত ৰাতি ৰাতি কি লিলিমাই কৰি থাকে ।দেবুদাই বোলে আহ নাকান্দিবাচোন,ৰাতি “গুদ নাইট” মেচেজদি ১২ বজালৈকে লাইক কমেন্ট আহিব আহিব বুলি বোন্দা পৰ দি থাকো ।মনিটৰটোলে
চাই চাই ,ৰিফ্ৰেছ মাৰি মাৰি এনেই কিমান বহি থাকিম? কলিতানিও অনলাইন থাকে সেয়ে অলপ কথা পাতো আৰু । কথা পাতিলেই মানুহ বেয়া নহয় নহয় ৷ বৌয়ে বোলে বেয়া নহয় জানো কিন্তু আগৰ নামলৈ যাওতে ধুতি পাঞ্জাবীৰ সৈত্যে উঠা প্ৰফাইল ফটোখন সলাই ল'ৰাৰ বাইকত জীনচ স্পৰ্টিং পিন্ধা ফটোখন দিবলৈ কিহে পাইছিল ৷ দিছে দিছে কলিতানীক টেগ কিয় কৰিছে? মইও বুজি পাও ৷ দেবুদাই বোলে হেৰা এই ফেচবুক আমাৰ ঘৰলৈ অহাৰ পৰা তুমি বৰ সন্দেহবাদী হৈছা ৷ বৌয়ে বোলে নহম কিয়, আগৰ ঘৰৰ কথা ঘৰত আছিল ফেচবুক অহাৰ পৰা ঘৰৰ চাহ ভাত খোৱাৰ পৰা দুপৰীয়া ৰাতি কি খাইছা , কি পিন্ধিছা, ক'ত গৈছা সকলো ৰাজহুৱা হয় যে ৷ দেবুদাই ব্ৰাচ ডাল হাতত লৈ বাহিৰ পালেগৈ ৷
টং:
বাথৰুমত থকা বৌক দেবুদাই চিঞৰিলে“হেৰা তোমাৰ গা ধুওতে ইমান টাইম লাগেনে ।ইমান সময়ত
মই ১০ বাৰ গা ধুব পাৰিম ।শাহুৱে মেচেজ এটা দিছে কিবা “অল আচাম ফেচবুক এচ’চিয়েচন” বুলি গ্ৰুপ
এটা খুলিছে আমাৰ “অনলাইনখাদৈ চূক”ৰ গ্ৰুপটোৰ সকলোকে এড কৰাই দিব কৈছে ।এপাক ঘৰে ঘৰে গৈ কৈ আহোগৈ নেকি? বৌয়ে ভিতৰৰ পৰা বোলে যাওক যাওক, এই চেগতে এবাৰ গাঁওৰ মানুহখিনিকো ফেচ টু ফেচ লগ পোৱা যাব,অ’ আৰু শুনক হাজৰিকানিক মই কৈছো বুলি ক’ব বোলে আমাৰ “হৰি কীৰ্তন কৰো আহক” পেজত আজি কালি লাইক কমেন্ট নকৰা হ’ল যে ? এটা লাইক বা কমেন্ট ১০টা আশিৰ্বাদ আৰু এটা শ্বেয়াৰ ১০ খন শৰাই দিয়াৰ তুল্য বুলি কৈ দিব । মানুহজনীয়ে একদম ধৰ্ম কৰ্ম নকৰা
হ’ল ।বেছি কিবা ক’লে ক’ব বোলে আমাৰ ঘৰতো ৫ টা একাউন্ট আছে ।দেবুদাই হ’ব দিয়া মই সাউতকৈ গৈ আহো বুলি ওলায় গ’ল।

হৰ এক ফ্রেন্ড জৰুৰী হ’তা হে::

দেবুদাৰ ম’বাইলৰ ৰিং ট’নটোৱে মোক ধৰ মোক ধৰ বুলি চিঞৰিব লাগিল । সিফালৰ পৰা বৌ৷ বৌয়ে বোলে হেৰা আজি কচু আৰু কলডিলৰ আচাৰ বনাই ফটো আপলড কৰিছিলো ৷ টামাম লাইক কমেন্ট ৷ সিফালৰ পৰা দেবুদাই বোলে মোৰ পষ্টত কিমান ৷ বৌয়ে বোলে অথনি চাওতে দুশ হৈছিল ৷ দাদাই বোলে দেখিছা শাওন মাহ চলি আছে তাতে সোমবাৰ, মই জানি শুনিয়ে শিৱ বাবাৰ ফটো দিছিলো,আৰু তাতে “দেখতেহি লাইক ক’ৰো নেহিটো পাপে চুয়েগা” বুলি এনেই লিখি দিছো নে .........

*******

সেই বিশেষ চিঠিখন



আকৌ এইবাৰো ধীৰাজেই৷ গুৱাহাটীলৈ পঢ়িবলৈ গৈ মেছ কৰি থকা লগৰ গোটেই কেইটাই ক'বলৈ গ'লে জীৱনত প্ৰথমবাৰলৈ ঘৰৰ শাসনযন্ত্ৰৰ পৰা বুলি মুক্ত হৈ "আজাদী"ৰ সোৱাদ লোৱাৰ সুযোগ পাইছিলো৷ ঘৰত সময়মতে কৰিব লগিয়া হোৱা নিত্য-নৈমিত্বিক কামবোৰৰ পৰা আদি কৰি পঢ়াশুনালৈকে সকলো "টাইম মতে" নকৰি ৰজাৰ দৰে থকাৰ এক প্ৰৱনতাও গা কৰি উঠিছিল৷ ইয়াৰ লগতে ঘৰৰ পৰা বাহিৰত থকা বাবেই নেকি নাজানো আগতে কেতিয়াও ঘৰত থাকোতে পাতি নোপোৱা দিৱস, উৎসৱ পাৰ্বন আদি আমি মেছৰ কেইটাৰ লগতে ওচৰতে আয়ুৰ্বেদিক কলেজত পঢ়ি থকা ভাইটি কেইটাৰ লগত বৰ ধুমধামৰে পাতিছিলো৷ জন্মাষ্টমীৰ কেইদিনমান আগত মালিগাঁৱৰ পৰা এযোৰ "নাগাৰা" আৰু খুটি তাল কিনি আনি প্ৰতি নিশা দুই তিনি বজালৈকে নাগাৰা বজোৱাৰ জোৰদাৰ প্ৰেক্টিছ কৰি অৱশেষত জন্মাষ্টমীৰ গোটেই ৰাতি হাতৰ ঢৌ ফুঁটি নোযোৱালৈকে আৰু কীৰ্তন গাই মাত ভাঙি নোযোৱালৈকে নাগাৰা বজাই "শ্ৰীকৃষ্ণৰ বাৰ্থডে চেলিব্ৰেট" কৰিছিলো৷ নাগাৰাৰ পিচত আহিল বাঁহী৷ প্ৰতি নিশা নাগাৰা বজাই ভাড়াঘৰৰ মালিক নুৰ ইচলামদাৰ লগতে ওচৰৰে সকলো মানুহৰ "জিনা হাৰাম" কৰাৰ লগতে গোটেই কেইটাই একে লগে বিভিন্ন ভয়ানক সুৰত নতুনকৈ বাঁহী বজাবলৈ শিকি আমাৰ মেছৰ পৰা এক কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত থকা সকলোৰে কাণ আৰু টোপনীৰ বাবে এক সন্ত্ৰাসৰ কাৰন হৈ পৰিছিলো৷ নাগাৰা আৰু বাঁহীৰ কানেৰে সহ্য কৰিব নোৱাৰা অসহনীয় সুৰ-সমলয়ৰ পৰা পৰিত্ৰান পাবলৈ মালিকৰ ওচৰলৈ অহা লিখিত তথা মৌখিক আবেদনৰ ফলত ঘৰৰ মালিক নুৰ দাই অৱশেষত সন্ত্ৰাস সৃষ্টিকাৰি সেই নাগাৰাযোৰ আমাৰ পৰা বৰামদ কৰে আৰু নাগাৰাৰ দুগুন দাম পৰিশোধ কৰি নিজৰ ঘৰলৈ লৈ যায়৷ ইয়াৰ পিছতো কিন্তু শংকৰদেৱ, মাধৱদেৱ, দামোদৰ দেৱৰ তিথিৰ পৰা বুলি কাতিবিহু লক্ষ্মীপূজা, দেৱালী ,স্বৰস্বতী পূজা সকলো মেছত অনুস্থিত কৰিছিলো৷ এই সকলো বোৰৰ মাজতে শিৱৰাত্ৰীও বেচ নিয়ম নীতিৰে ভাড়াঘৰতে থকা বেলগছ জোপাৰ তলত উৎযাপন কৰিছিলো৷ পুৱাই শুক্লেশ্বৰ মন্দিৰত শিৱবাবাৰ লগতে পাত্ৰ বিচাৰি ব্ৰত ৰখা সুন্দৰী কণ্যা সমূহৰ দৰ্শন কৰি আহি ওচৰতে থকা "বাবা ভক্ত"দাদা দুজন মানৰ পৰা "উৎকৃষ্ট কোৱালিটিৰ" বাবাৰ প্ৰসাদ সংগ্ৰহ কৰি
খাঁটি গাখীৰ কাজু কিচমিচ ইলাচী আদি দি ঘোটা প্ৰস্তুত কৰিলে আৰু ঘোটা প্ৰস্তুত কৰাৰ হোৱাৰ লগে লগে যেন তেন বুট মগুৰ প্ৰসাদ কেইটা বেল গছৰ তলত দি হাতত বাতি লৈ গোটেই কেইটাই লাইন পাতিব ধৰিলে৷ সেইয়া গলাধকৰন কৰাৰ পিছত দুটামানে আনে নজনাকৈ ধোঁৱাও টানিলে৷ ক'বলৈ গ'লে সকলোৰে গাত প্ৰায় কৈলাসৰ বাঘৰ চাল পিন্ধা শিৱ লম্ভিৱ ধৰিলে৷ সকলো বস্ত্ৰ ত্যাগ কৰি একমাত্ৰ ক্ষুদ্ৰ বস্ত্ৰকন পৰিধান কৰি দুটামানে প্ৰবচন শুনোৱাও আৰম্ভ কৰিলে৷ এটা সময়ত যি য'ত আছিল তাতেই এৰি মই আৰু ধীৰাজ শুৱলৈ আহিলো৷ ধীৰাজ টোপনীত, এনেতে দুৱাৰত নক হ'ল৷ মই দুৱাৰ খুলি দেখো বাহিৰত বিশ্ব৷ বিশ্ব মানে ধীৰাজৰ মাংস হৰলুকি দিয়া কাণ্ডৰ কামত নিয়োজিত প্ৰধান চোৰাংচোৱা জন৷ সি মোক একো নোকোৱাকৈ ভিতৰলৈ সোমায় আহি চিধাই মোৰ বিচনাত বাগৰি দিলে৷ মইও আহি তাৰ কাষতে বাগৰ দিলো৷

"তোৰ বাৰু মৰিম মৰিম লাগিছে নেকি?" বিশ্বৰ প্ৰশ্ন

নাই লগাটো৷ মোৰ উত্তৰ৷

"তোৰ উশাহটো চুটি চুটি লাগিছে নেকি?"

নাই লগা৷

"মই মৰিম বুজিছ দোষ্ট৷ তোহতক এৰি যাবলৈ বৰ দুখ লাগিছে৷ কল্পনাক প্ৰপ'জ দিম দিম কেই থাকিল৷ এই জীৱনত নহ'ল আৰু দিয়া৷"

ৰ' চোন ৰ' ......কল্পনাকটো ধীৰাজে ভাল পাই৷ তই প্ৰপ'জ দিয়াৰ কথা ক'লি যে? মোৰ প্ৰশ্ন

কল্পনাৰ লগত মইহে একেটা টিউচন গ্ৰুপত আছিলো৷ মই প্ৰ'পজ দিম দিম কৈ থাকোতে সি দি দিলে৷ অৱশ্যে ভালেই হ'ল ৷ তাৰ লগত তাই সুখত থাকক৷ তই এটা কাম কৰি দিবি দষ্ট

ক' ৷ মই ক'লো

মাক এই চিঠিখন দি দিবি বুলি পকেটৰ পৰা চিঠিএখন উলিয়াই মোক দিলে৷ মই মেলি চালো৷ নিচাৰ জালতে জলকতপক কৈ দেখা শব্দ সমূহৰ মাজত দেখা দুই চাৰিটা লাইন এনে আছিল...

মৰমৰ মা,
মৰম ল'বা৷ তোমালোকে মোক গুৱাহাটিত পঢ়িব পঠাইছিলা৷ মই ইয়াত আহি বহুত বেয়া হ'লো৷ আজি গৌতমে ঘোটা বনাইছিল৷ ৰুপক দাই বনোৱা চিগেৰেটৰ অলপ খাইছিলো৷ প্লাবনে মোক সত্তৰ টকা দিব আছে৷ মোৰ মৰিম মৰিম লাগিছে সেয়ে সঁচা কথাবোৰ লিখি দিলো৷ মই মৰিলে মেছৰ লগৰ কেইটাৰ দোষ নাই৷ এইবাৰ পূজাত যে তোমাৰ বেগৰ পৰা পাঁচশ হেৰাইছিল, মইয়ে নিচিলো কল্পনাক গিফ্ট দিবলৈ৷ তাইক মই অলপ ভাল পাইছিলো৷ ...........মই আৰু নপঢ়িলো৷ গাৰুৰ তলত চিঠিখন থৈ তাক ক'লো শুই থাক৷

মই মৰিব ধৰিছো৷ তোৰ টোপনী ধৰিছে৷ কান্দি কান্দি সি কৈ গ'ল৷
মোৰ নিছা আৰু টোপনীত চকু মুদ খাই গৈছিল৷ পিছত কি হ'ল নাজানো৷ পুৱা বহুত দেৰিকৈ সাৰ পালো৷ ৰুমৰ পৰা বাহিৰলৈ আহি দেখিলো বিশ্বই ভাত বনাই আছে৷

আজিটো মংগলবাৰ, মনত পেলাব চেষ্টা কৰিলো৷ আজিটো ধীৰাজৰ হে ভাত বনোৱা পাল আছিল, বিশ্ব পাকঘৰত সোমাল যে? মই চকুৰ ইংগিতৰে ধীৰাজক সুধিলো৷ পকেটৰ পৰা কাগজ এখন উলিয়াই মোক দেখালে৷ এইখন দেখোন ৰাতি বিশ্বই মোক দিয়া চিঠিখন৷ মই কলো৷

হয়৷ আৰু তাত তাৰ চহীও আছে৷ এইখন অস্ত্ৰ হয় মোৰ ৷ ই বেটাই মোৰ কল্পনাক চকু দিয়ে৷ মোক মাংসচুৰ ধৰিছিল নহয়৷ এতিয়াৰ পৰা মোৰ ঠাইত সি ভাত বনাব৷ নহ'লে চিঠি ডাইৰেক্ট মাকক দিম৷ তহতক লাগিলে জেৰক্স কৰি এটাকৈ কপি দিব পাৰো৷ যি কি নহওঁক "সেই বিশেষ চিঠিখন" তাৰ আগত দুবাৰ মান জোকাৰি দি বহু দিনলৈ তাক চাহ ভাত বনোৱা কামত লগাইছিলো৷
***********

প্ৰেম নজমেহে নজমে (অষ্টম খণ্ড)



এইচা জখম দিয়া হে জৌ না কভি ভৰেগা
হৰ হচি চেহৰে চে অব ইয়ে দিল ডৰেগা
হম তৌ জান দেকৰ ইউহি মৰ মিতে থে
চুন লৌ এ হচিনৌ, ইয়ে হমচে অব না হৌগা
এইচা জখম দিয়া হে.....

মোৰ মন মগজুত অকলে হম অকেলে তুম চিনেমাৰ এই গীতটো উদিত নাৰায়নে চিঞৰি চিঞৰি গাব ধৰিলে৷ যাক ইমানদিনে মনৰ মাজত মৰমৰে জীপাল কৰি ৰাখিছিলো, যাৰ ভালপোৱাত প্ৰতিটো উশাহ, প্ৰতিটো চকুৰ পলক জপাই দেখিছিলো সেই গৰাকীয়ে মোৰ বন্ধুৰ ওচৰত মোৰ প্ৰেমক প্ৰত্যাখ্যান কৰাত গোটেই পৃথিৱীখন যেন মোৰ পৰা আতৰি গৈ মোক অকলসৰীয়া কৰি পেলালে তেনে লাগিছিল৷

Why did you break my heart
Why did we fall in love?
Why did you go away, away, away
দিল মেৰা চুৰায়া কিউ
জব ইয়ে দিল তৌৰনা হি থা
হমচে দিল লগায়া কিউ
হমচে মুহ মৌৰনা হি থা
Why did you break my heart.....

কলেজৰ কেন্টিনৰ ষ্টেৰিঅ'টোত গীতটো মোৰ বাবেই বাজি থকাযেন লাগিল৷ স্কুটাৰখন কিক মাৰিলোহি৷ এবাৰ দুবাৰ তিনিবাৰ...তাৰ পিচত গনিবলৈ বাদ দিলো৷ পুৰণি বাজাজ স্কুটাৰ৷ দুবাৰমান বেকা কৰি ষ্টেণ্ড কৰি লৈ উধাই মুধাই কিক মাৰিলো৷ নাই ষ্টাৰ্ট হোৱাৰ নামেই নলয়৷ প্লাকটো চাফা কৰিবলৈ বনেটখন খুলি ল'লো৷ দেখিলো প্লাক চাফাই আছে৷ তেতিয়াহে মনত পৰিল তেল দেখোন দুদিনমান ভৰোৱাই নাই৷ তেল ভৰাবলৈ দেউতাৰ পৰা অনা পইচাৰে কলেজত লগৰবোৰক খোৱালো, নিজেও খালো৷ তেলৰ টেংকিৰ সাঁফৰখন খুলি পিছৰ চিটটো অলৰ ডাঙি দুইটা চিটৰ মাজৰে মূৰটো যেন তেন ভৰাই লৈ এটা চকুৰে টেংকিটো জুমি চালো৷ নাই এফোটা তেলো নাই৷ ইফালে সিফালে কোনোবা লগৰ দেখো নেকি চাব লওতেই দেখিলো অলপ আগতে মোৰ বন্ধুৰ দ্বাৰা দিয়া মোৰ প্ৰেমৰ প্ৰস্তাবক প্ৰত্যাখ্যান কৰা গৰাকী হাঁহি হাঁহি লগৰ এজনীৰ লগত হোষ্টেলৰ ফালৰ পৰা আহি আছে৷ অলপ আগতে এজনৰ অন্তৰ ভাঙি, এতিয়া হাঁহি হাঁহি বতাহত ছুলি উৰুৱাই আহি আছে৷ অলপ খঙো উঠিল৷ পিছে মনতে ভাবিলো, অলপ সময়ৰ আগলৈকে এইটো হাঁহিৰ বাবেই পগলা আছিলো, কিন্তু মোৰ প্ৰেম প্ৰত্যাক্ষ্যান কৰাৰ পিছমুহুৰ্ত্বতে বাৰু এই হাঁহিটো দেখি মোৰ কিয় খঙ উঠিছে?

দিল চিৰ কে দেখ তেৰা হি নাম হৌগা
তেৰি ৱফা তেৰি চদা তেৰা পয়াম হৌগা
আজ ভৰি মেহফিল মে কৌই বদনাম হৌগা
ইচ দিল মে কেইচি বেকৰাৰি হে তু কিয়া জানে... তু কিয়া জানে?
উলফট কে আগে দুনিয়া হাৰি হে তু কিয়া জানে....তু কিয়া জানে?
ইউ দিল তৌৰ দেনা মোহব্বত নেহি
মোহব্বত হে চাহত, তিজাৰত নেহি, তিজাৰত নেহি
টুতে মেৰে ইচ দিল মে ইন্টেকাম হৌগা
তেৰি ৱফা তেৰি চদা তেৰা পয়াম হৌগা

মন গৈছিল তাইৰ কাষত গৈ সুধিবৰ বাবে কিয় মোৰ ভালপোৱাক ভৰিৰে মোহাৰি পেলালে? কিন্তু মনতে ভাবিলো যিটো মানুহে নিজে গৈ তাইক ভাল পাও বুলি কবলৈ সাহ নহল এতিয়া কোনখন মুখৰে তাইক গৈ সুধোগৈ যে মোক কিয়নো ভাল নোপোৱা৷ স্কুটাৰখন ঠেলি ঠেলি ওচৰৰে ধনুৱা নগৰ তেল ডিপোটোলৈ আগবাঢ়ি গ'লো৷ অলপ আগুৱাই গৈ আকৌ এবাৰ পিছলৈ ঘুৰি তাইক চাব মন গ'ল৷ ঘুৰি চাই দেখো তাই কলেজৰ গেটত লগৰজনিৰ লগত ৰৈ কথা পাতিও আছে আৰু মোৰ ফালে চাইও আছে৷ খুৱ ফু্ৰ্টি চাগৈ মোক আজি এনে অৱস্থাত দেখা পাই৷ তেল ভৰাই স্কুটাৰখন লৰাই বগৰাই খঙতে জোৰত দহটামান কিক মাৰিলো৷ স্কুটাৰখনেও নেগুৰত গচক পৰা কুকুৰৰ দৰে ঘেং ঘেংকৈ মাতদি ষ্টাৰ্ট হ'ল৷

ইয়ে দিল
দিৱানা
দিৱানে নে মুঝক' ভি আহ কৰ ডালা
দিৱানা
মেইনে উচকে চহৰকৌ চৌৰা
উচকি গলি মে দিলকৌ তৌৰা
ফিৰ ভি চিনে মে ধৰকতা হে ইয়ে দিল
মেইনে দিল চে উচে নিকালা
জ' না কৰনা থা কৰ ডালা
ফিৰ ভি য়াদ উচিকৌ কৰতা হে ইয়ে দিল

কলেজৰ ৰাষ্টাটোৰে নাযাও৷ তাইৰ আগেদি আৰু কেতিয়াও নাযাও৷ সেই ৰাষ্টা চিৰদিনৰ বাবে বাদ দিলো বুলি মনতে নিজকে নিজে কৈ আন এটা ৰাষ্টাৰে ঘৰলৈ বুলি বাট ল'লো৷ কিছুদুৰ যোৱাৰ পিছত কিয় নাজানো মনতে ভাবিব ধৰিলো তাই বাৰু মোক স্কুটাৰ ঠেলি নিয়া কিয় চাই আছিল, কিবা ক'ব খুজিছিল নেকি এইবোৰ ভাবিব ধৰি পুনৰ স্কুটাৰ কলেজৰ ফালে ঘুৰালো৷

তেৰে ডৰ পে চনম চলে আয়ে
তু না আয়া ত' হম চলে আয়ে
চলে আয়ে, চলে আয়ে
বিন তেৰে কৌই আচ ভি না ৰহি
ইতনে তৰচে কে প্যাচ ভি না ৰহি
লৰখৰায়ে কদম চলে আয়ে

দুৰৈৰ পৰা দেখিলো তাই অকলেই ৰৈ আছে৷ আগলে যাও নাযাও ভাবি থাকোতেই স্কুটাৰখন আগবাঢ়ি গৈ থাকিল৷ ওচৰ পোৱাৰ লগে লগে কিয় নাজানো হয়তো অভিমানত স্কুটাৰৰ গতি বঢ়াই দিলো৷

জিত...

কোনোবাই পিছফালৰ পৰা মতা শুনিলো৷ হয় তাইয়েই মাতিছে৷ কিয় নাজানো অভিমান পলকতে নাইকীয়া হৈ অজানিতে আনন্দৰ হাঁহি এটা সুলকি পৰিল৷ দেহাৰ সমষ্ট শক্তিৰে ব্ৰেক ডাল গৰকি দিলো৷ কেৰেক পেৰেককৈ অলপ আগতগৈ স্কুটাৰখন ৰখিলগৈ৷ পিছলৈ চাই দেখিলো তাই মোৰফালে আহি আছে....
তেল শেষ হৈছিল? তাইৰ প্ৰশ্ন৷ মই মূৰ দুপিয়ালো৷
টাউনৰ ফালে যাবা? মোৰ মূখৰ পৰা যাম বুলি নভৱাকৈয়ে ওলায় গ'ল৷
তাই পিছৰ চিটত বহিল৷
ইমানপৰ ষ্টাৰ্টহৈ থকা স্কুটাৰখনৰ ষ্টাৰ্ট বন্ধ তেতিয়াহে হবলৈ পালে৷ প্ৰচণ্ড খং এটা উঠি আহিছিল কিন্তু তাইৰ ফালে চকু যোৱাত খং নিমিষতে নাইকীয়া হৈ গ'ল৷ যেন তেন ষ্টাৰ্ট হোৱাত তাইক বঢ়াই টাউনৰ ফালে আগবাঢ়িলো৷ স্কুটাৰত এনেও দুই চিটৰ মাজত এমাইল মান দুৰত্ব, তথাপি লক্ষ্য ৰাখিলো যাতে গাত গা নালাগে, বেয়াও পাব পাৰে৷

তোমাৰ লগৰজনক যে অথনি ফিজিক্সৰ নোট বিছাৰি পঠাইছিলা, নিজে খুজিবলৈ লাজ লাগে নেকি? তাই হঠাতে মাত দিলে

ফিজিক্সৰ নোটচ??সিটো মোৰ হৈ প্ৰপজেল দিবহে গৈছিল৷ হে প্ৰভু মানে সি এইবোৰ একো নকলে৷ আৰু মোৰ হৈ প্ৰপ'জেল দিলো বুলি পৰঠা ৰসগোল্লা ডবাই গ'ল.......
*********

প্ৰেম নজমেহে নজমে.....(সপ্তম খণ্ড)



তই কেছেটটোত আৰু কি কি গান ৰেকৰ্ডিং কৰিছিলি, ভালকৈ মনত পেলা আৰু ক'৷ "ফুলৌ কা তাৰৌ কা চবকা কেহনা হে" গানটোও দিছিলি নেকি? মনত পেলা৷

মগজুটোক বহুত কষ্ট দি অৱশেষত লগৰটোৱে ক'লে
.
.
"দিছিলো"
তোৰ মোৰ ওপৰত বিশ্বাস নাই ন?

মই বোলো আছে প্ৰভু, আপোনাৰ ওপৰতনো আৰু বিশ্বাস নাথাকিবনে? আপুনি দিয়া কেছেটৰ গান শুনি মোক যে তাই হাতত ৰাখী নিপিন্ধালে সেইটোৱেই বহুত৷

তই হে মোক কৈছিলি দুখৰ গান লাগে আৰু এটা কথা ভাল হে হ'ল তাই কোনবোৰ গান পছন্দ কৰে গম পালি৷ এই চিনেমা মাৰ্কা গান ৰেকৰ্ডিং কৰি দি, ফুলৰ থোপা দি প্ৰপ'জেল দিয়া বাদ দে৷
"দম হে টু ডাইৰেক্ট ব'ল ডাল.....নেহিটো কাটি খা.... হাৱা আনে দে"৷

তাৰ কথা শুনি টিঙিচকৈ খঙটো উঠি আহিছিল৷ লগতে এনেকুৱা এটা জৌচ উঠিছিল যেন এতিয়াই গৈ তাইক ক্লাছৰ পৰা মাতি আনি ডাইৰেক্ট প্ৰপ'জ দি দিম৷ তাই কিবা বাঘ নে ভালুক যে খাই পেলাব৷ পিছে মনতহে ভাবিলো, প্ৰেক্টিকেলি যে সেইটো কৰিব নোৱাৰো মোৰ নিজৰ ওপৰতে টামাম বিশ্বাস আছিল৷
কিয় নাজানো তাই আগত আহি গ'লেই প্ৰপ'জ দিম বুলি শেনটোৰ দৰে গৈ ফেঁচাটোৰ দৰে ঘুৰি আহো৷ লগৰ যিটোক সাৰথি কৰি লৈছিলো সিও চাল্লা যি আইডিয়া দিয়ে কুকুৰো গৈ পানীত জপিয়াই দিব৷ নিজকে কিবা ৰংগীলা চিনেমাৰ আমিৰৰ দৰে উৰ্মিলাক লৈ গোৱাৰ দৰে গাব মন গ'ল...

"ক্যা কৰে ক্যা না কৰে
য়ে কেইচি মুচকিল হায়
কৌই ট' বতা দে ইচকা হাল অ' মেৰে ভাই
কি এক তৰফ ত' উচ্চে প্যাৰ কৰে হম
অউৰ উচক' হি য়ে কেহনে চে ডৰে হম৷"

খঙৰ ভমকত আঁতৰি যোৱা লগৰটোৱে হাতত আধা খোৱা চিগেৰেট এটা লৈ আনি মোৰ ফালে আগুৱাই দিলে৷ চিগেৰেটটো দেখিলো উইলচ ফিল্টাৰ৷ ফিল্টাৰটোলৈকে ইতিমধ্যে সি টানিলেই৷ দুটা আঙুলিৰ মাজত যেন তেন আঙুলি নোপোৰাকৈ দুটান টানিলো৷ শেষৰ ফালে ফিল্টাৰৰ কপাহ পোৰা গোন্ধও ওলাইছিল৷ হওঁক কিনা হাঁহৰ ঠোঁটলৈকে মঙহ৷ এনেও চাৰ্মছ, কেপষ্টেইন, ইষ্ট-উদ কোম্পানীৰ চুৰট টনা আমি বোৰৰ কেতিয়াবাহে উইলচ ফিল্টাৰ টানিবলৈ ভাগ্যত ঘটে৷

টেনচন লেনেকা নেহি, দেনেকা ৷ চিন্তা নকৰিবি, মই আইডিয়া এটা ভাবিছো৷ লগৰটোৱে ক'লে৷

মোৰ অলপ সন্দেহ হ'ল৷

তই ফিল্টাৰ কিনিবলৈ পইচা ক'ত পালি?

আৰে পাইছ খাই দে না৷ ক'ৰ পৰা আহিল তোক কেলেই?

মই বোলো তই কবি নে থিয় গোৰ খাবি?

তোৰ নামত বাকী লৈছো.........চা ভাই হাত নুঠাবি চিগেৰেটটো খাইছো কাৰনে মোৰ ডিমাগত আইডিয়া আহিছে৷ তই শুনি ল', যদি ভাল নালাগে মোক লাট মাৰিবি৷

মইও ভাবিলো, চিগেৰেট এটাৰ বিনিময়ত যদি মোৰ প্ৰেম চেটিং হৈ যোৱা আইডিয়া এটা পাও লোকচান নো কি?

ক'৷ মই অলপ খঙতে ক'লো৷

চা, তই এইবোৰ গানৰ কেছেট , কেডব্ৰী গিফ্ট কৰি লাভ নাই৷ অলপ হেভি কিবা এটা গিফ্ট কিন আৰু তাইক ৰেষ্টুৰেন্টত তোৰ জন্মদিন বুলি ইনভাইট কৰ৷ গিফ্টৰ লগতে প্ৰপ'জেল টপকাই দে৷ বাৰ্ড ডে বুলি ক'লে এটলিষ্ট তোক নিৰাশ নকৰে৷ ভাবি চাম বুলি ক'বই৷

মই তাৰ কথাবোৰ মনে মনে শুনিলো৷ আইডিয়াটো বেয়া নালাগিল, পিছে খৰচি কাৰবাৰ৷ হওঁক খৰচনো কি ডাঙৰ কথা৷ চিনেমাত দেখুৱাৰ দৰে হিৰ'ই হিৰ'ইনক ৰেষ্টুৰেন্টত নি কফিৰ কাপত আঙুঠি দি চাৰপ্ৰাইজ প্ৰপ'জ কৰা চিনবোৰ মনৰ আগত দৌৰিবলৈ ধৰিলে৷

"কিতনা প্যাৰ তুমহে কৰতে হে
আজ হমে মালুম হোৱা
জিতে নেহি তুম পে মৰতে হে
আজ হামে মালুম হোৱা"

এক লড়কা এক লড়কিত নীলমে চলমানক গাই শুনোৱা দৰে যদি তাই মোৰ বাবেও এইগানটো গাই দিয়ে৷ মনতো কিবা এটা ভাল লাগি গ'ল৷

কি হ'ল? মনে মনে থাকিলি যে? লগৰটোৰ প্ৰশ্ন৷

নাই ভাবিছো৷ কি গিফ্ট দিলে ভাল হ'ব? আঙুঠি এটাকে দিও নেকি? পিছে দাম বহুত পৰিব৷

উম, আঙুঠি নালাগে, ফাৰ্ষ্ট তাই ইয়েছ কৈ লওঁক৷ বিয়া বাৰুলৈ সময় পাবি৷

ধুৰ মই এংগেজমেন্ট ৰিংৰ কথা কোৱা নাই৷

অ' ৷ মই ভাবিলো তই বিয়াৰ আঙুঠি আৰু প্ৰপ'জেলৰ আঙুঠি এটাই দি খৰচ কমাবি বুলি৷

বেলেগ ভাল গিফ্ট আৰু কি দিব পাৰি? মোৰ প্ৰশ্ন৷

শাৰী এখন দি দে টামাম লাগিব তাইক শাৰী পিন্ধিলে৷ লগৰটোৱে ক'লে৷

তাই শাৰী পিন্ধিলে ভাল লাগিব বুলি তই কেনেকৈ জানিলি?

নাই আইডিয়া কৰি কৈছো, তোৰ যাতে শুনি ভাল লাগে৷ আগতে এজন দাদা আমাৰ ঘৰত ভাড়া লৈ আছিল৷ দাদাৰ গাৰ্ল ফ্ৰেণ্ডজনী ধুনীয়া বুলি ক'লে মোক কিবা কিবি খুৱাইছিল৷

এনেই ধুনীয়া নাছিল নেকি?

ধুৰ কিবা আছিল দেখিবলৈ৷

তাৰমানে তইও শাৰী পিন্ধিলে ভাল লাগিব বুলি এনেই ক'লি৷

ধেই ইমান ওল্টাই পুল্টাই মোক সুধি নাথাকিবি, মই কনফিউজড হৈ যাও৷

বাৰু ঠিক আছে কিন্তু শাৰীখন গিফ্ট দিলেইটো নহ'ব লগত মেখলা আৰু ব্লাউজো দিব লাগিব৷ আৰু মই.....

লগৰটোৱেও অলপ কিবা ভাবিলে৷ বহু সময় ভৱা পিছত সি মাত দিলে৷ শাৰীৰ লগত মেখলা পিন্ধে নেকি বে?

মই বোলো নিপিন্ধে নেকি? কি পিন্ধে তেন্তে?

নহয় ব্লাউজ পিন্ধে বাৰু কিন্তু মেখলা শাৰী লগত পিন্ধা মন কৰা নাই৷

বাদ দে এইবোৰ ঝেং হ'ব৷ আকৌ শাৰীৰ লগত মিলাই ব্লাউজ৷ মোৰ দ্বাৰা নহ'ব৷ বেলেগ কিবা ভাৱ৷

এটা কাম কৰিলে কেনে হয়?

ক'৷

এইবোৰ গিফ্টৰ লাফৰা কৰি থকাতকৈ মই হোষ্টেলত গৈ ডাইৰেক্ট তোৰ হৈ তাইক প্ৰ'পজ দি দিও৷ মানে তোৰ মনৰ কথাবোৰ কৈ দিও৷ কাৰন তাইক ক'বলৈ তোৰ হে ভয়৷ মইটো বিন্দাজ ক'ব পাৰিম৷

তাৰ গালত টপককৈ চুমা এটা খাই বোলো তই মোৰ ৰিয়েল ফ্ৰেণ্ড হয় দোষ্ট.....তোৰ এই এহচান মই জিন্দেগী ভৰ নাপাঢ়ৰো৷

সি বোলে দোষ্টি মে এহচান কিচ বাট কা?
ব'ল চিগেৰেট এটা খোৱা৷ ফিল্টাৰ খুৱাবি কিন্তু
৷ আজি তোৰ কথা তাইক কৈ ইয়েছ লৈ হে আনিম৷

চিগেৰেটটো হুপি সি দাৰ্শনিকৰ দৰে ভাবিবলৈ লাগিল৷

মই বোলো কি ভাবিছ?

নাই কেনেকৈ ক'ৰ পৰা কথাবোৰ আৰম্ভ কৰিম মনতে জুকিয়াই লৈছো৷

মই গম পালো এইবাৰহে ই কিবা এটা কামত অহা কাম কৰিব৷ মোৰ বুকুখনেও ধান বনাদি বানিব ধৰিলে৷

পেলুৰ পান দোকানৰ পান ভিজাই থোৱা পানীৰ বাল্টিংৰ পৰা পানী এচলু লৈ সি চুলি খিনি তিয়াই আঙুলিৰেই আছুৰি ল'লে৷

মই আহি আছো, পাৰ্টি ৰেডি ৰাখ৷

মই পেলুৰ পৰা চিগেৰেট আৰু এটা কিনি ল'লো৷ মেটাৰনিটি ৱাৰ্ডৰ বাহিৰত পাইচাৰি কৰি থকা হ'ব লগিয়া বাপেকটোৰ দৰেই মইও চিন্তাতে পাইচাৰি কৰি থাকিলো৷

বহু সময় পাৰ হ'ল৷ এনেতে দেখিলো লগৰটো আহিছে৷ মোৰ উৎকন্ঠাৰ সীমা নাই৷ পৰীক্ষা দি ওলায় অহা ছাত্ৰ ছাত্ৰীৰ মুখখনলৈ চাই পৰীক্ষা কেনেকুৱা হ'ল আইডিয়া কৰিব পৰা নিচিনাকৈ মইও তাৰ মুখখনলৈ চালো কিবা উত্তৰ পঢ়িব পাৰো নেকি? নাই, তাৰ যিখন হে মুখ হঁহাৰ এক্সপ্ৰেশ্চ্যন দিলেও কন্দা যেন আৰু কান্দিলেও হঁহা যেন হে লাগে৷ একো আইডিয়া কৰিব নোৱাৰিলো৷

সি আহিয়েই বোলে কিবা খোৱা৷

মই গম পালো, ইয়েছ কৈছে, নহ'লেও এটলিষ্ট ভাবি চাম কৈছে৷ নহ'লে সি নিগেটিভ উত্তৰ আনি আহিয়েই কিবা খুৱাবলৈ নকয়৷

পেলুৰ হোটেলত পৰঠা আৰু চাহৰ অৰ্ডাৰ দিলো৷

বহুদিন খাবলৈ নোপোৱা মানুহৰ দৰে গো গ্ৰাসে সি পৰঠা ওপৰলৈ মুৰ তুলি নোচোৱাকৈ খাই গ'ল৷ মই একো নুসুধিলো, বোলো খাই লওঁক৷

আৰু পৰঠা লাগিব নেকি? হোটেলৰ বয়টোৰ প্ৰশ্ন৷ আধা টুকুৰ পৰঠা মুখত ভৰাই লগৰটোৱে মোৰ ফালে চালে৷ চোৱাৰ অৰ্থটো এনে লাগিল যেন দিয় যদি খাও আৰু এখন৷

মই বয়টোক ক'লো দি দে৷

লগৰটোৱে নতুনকৈ লোৱা পৰঠাখনো টানি চিঙি মুখত ভৰাব ধৰিলে৷ মাজে মাজে মিঠাই বোৰলৈ চালে৷ মই বয়টোক মাতি বোলো ইয়াক গোল্লা এটা দে আৰু মোকো চাহ একাপ দে৷

লগৰটোৰ ভক্ষন পৰ্ব ইতিমধ্যে শেষ হৈছিল৷ হাতৰে মুখখন মুছি সি ক'লে টামাম জ্বলা চব্জি বে, গোল্লাটো খাওতেহে জ্বলা কমিছে৷

মই বোলো ক' এতিয়া কি ক'লে৷

সি ক'লে ৰ' ইমান সময় তোৰ কথা পেকপেকাই আহিছো৷ মুখ বিষায় গ'ল৷ চিগেৰেট এটা টানি লও৷

মই একো নক'লো৷ কিন্তু ধৈৰ্য্যৰ বান্ধ লাহে লাহে খুলি আহিছিল৷ ইমানো মানুহে ধৈৰ্য ধৰিব নোৱাৰে৷ একমাত্ৰ মই বুলি হে৷

ধোঁৱা খিনি আকাশলৈ এৰি দি সি বোলে তই তাইক পাহৰি যা৷

মই বোলো কি?

তাই এংগেজড৷

মই বোলো চাল্লা কুকুৰ তই এই দুটা কোৱাৰ আগত হোটেলত সেইসোপা ভৰাই লৈছিলি কিয়?

সি বোলে চা দোষ্ট মই জানো তই এইখিনি কোৱা পিছত মোক কেতিয়াও নুখোৱাও, আৰু মোৰ টামাম ভোক লাগিছিল৷

মই ভৰিৰ চেণ্ডেলজোৰলৈ চালো....
*********

প্ৰেম নজমেহে নজমে (ষষ্ঠ খন্ড)



দিল দিৱানা
বিন চজনি চজনি চজনি ....

এজনিয়েই নাই তাতে যেই চজনি চজনি বুলি ক'ব ধৰিলে টেপটোৰ কেছেট ভৰোৱা ঢাকনীখন খুলি টুকুৰা কাগজত থু অকন লগাই অন কৰি হেডটো চাফা কৰি ল'লো ৷

দিল দিৱানা
বিন চজনিকে ....মানে না...
ইয়ে পগলা হে, চমঝানেছে চমঝে না......

গানটো লগাই বিছনাত বাগৰি দিলো ৷ কাগজৰ টুকুৰাটোত লিখি দিয়া তাইৰ ফোনৰ নম্বৰটোৰ আখৰ কেইটা বাৰে বাৰে চালো, ক'বলৈ গলে আখৰ কেইটাও ভাল লাগিব ধৰিলে ৷
ইফালে ৰাতি বাৰটা বজাত দিল দিৱানা গান লগোৱা শুনি দেউতাই ৰূমৰ পৰাই "ফলা খড়ি চিনি পাও..পঢ়া শুনাত মন নাই, লগৰ ল'ৰাই ...ডট ডট ডট " বুলি ৰেগুলাৰ পূৱা গধুলী বজা কেছেট খন ৰাতিও বজাব ধৰাত টেপটো বন্ধ কৰি থলো ৷ চকুহাল মুদি ফ্লেচ বেকলৈ গ'লো ৷ মই ষ্টেজৰ পৰা নমাৰ পিছত তাই আহি কোৱা কথাখিনি ফ্লাচবেকত বাৰে প্ৰতি ৰিৱাইণ্ড কৰি কৰি অনুভৱ কৰিলো ৷

তুমচে মিলনে কি তমন্না হে
প্যাৰ কা ইৰাদা হে
অউৰ এক ৱাদা হে জানম
জৌ কভি হম মিলে তৌ
জমানা দেখেগা অপনা প্যাৰ
অ মেৰে য়াৰ ....অ মেৰে য়াৰ

পুৱাই দেউতাৰ ASD 4773 বাজাজ চুপাৰখন বাৰাণ্ডাৰ পৰা নমাই দুই তিনিবাৰ বেকা কৰি কিক মৰাৰ ইতিহাস ৰচিলো ৷ এটা সময়ত মোৰ অপ্ৰাণ চেষ্টাৰ ওচৰত হাৰ মানি ঘেৰেৰেৰ ঘেৰেৰ কৰি কলা ধোঁৱা এসোপা এৰি ইঞ্জিনটো গৰজি উথিল যেন " শুই আছিলো, কিয় জগালি" বুলি গালি হে দিলে ৷ ইফালে স্কুটাৰৰ শব্দ শুনি গাধোৱা ঘৰৰ পৰা চাবোন সনা গাৰেই তিয়নি পিন্ধি দেউতাই চোঁচা লৈ আহিল ৷ মই পিচলৈ নাচাই যি এক্সেলেটাৰ ডবালো চিধা গৈ গাৰ্ল্চ হোষ্টেলৰ সন্মুখত ব্ৰেক মাৰিলো ৷ স্কুটাৰৰ লুকিং গ্লাছখনত চুলি খিনি এবাৰ ফনিয়াই, স্কুটাৰখন ষ্টেণ্ড কৰি তাই অহাৰ অপেক্ষাত বহি থাকিলো ৷

আজ উনচে পেহলি মুলাকাত হৌগি
ফিৰ আমনে চামনে বাট হৌগি
ফিৰ হৌগা কিয়া
কিয়া পটা কিয়া খবৰ.....

তাই আজি ঘৰ যাম কৈছিল, গতিকে পুৱা এবাৰ দেখা পোৱাৰ আশাতেই বহ্ম পুৱাতেই উথি চকু মোহাৰি মোহাৰি ফেচকুৰি গুচাই ষ্টেণ্ড কৰা স্কুটাৰত বোন্দা পৰ দি বহি থাকিলো ৷ পিছে

ইন্টেহা হৌ গয়ি ইন্টেজাৰ কি
আই না কুছ খবৰ মেৰে য়াৰ কি .....

সুদীৰ্ঘ দুঘন্টাৰ অপেক্ষাৰ পিছত হোষ্টেলৰ গেট খুলি তাইক অহা দেখা পালো ৷ মেলি থোৱা চুলি ৰঙাবগা চুৰিদাৰ জোৰত খুব ধুনীয়া লাগিছিল ৷ স্কুটাৰৰ পৰা নামি পিছৰ চিটটো স্কুটাৰ মোছা কাপোৰখনৰে এবাৰ মুছি তাইৰ ফালে আগুৱাই যাব লওতেই দেখিলো ভিলেইনৰ এন্ট্ৰি অৰ্থাৎ কেমেষ্ট্ৰী ডিপাৰ্টমেন্টৰ চিনিউৰটো বাইকলৈ আহি গেটত হাজিৰ ৷ মই স্কুটাৰৰ বনেটখন খুলি প্লাক চাফা কৰাৰ চলেৰে চাই থাকিলো ৷ তাই বাইকত বহি কাষেৰে পাৰ হৈ গ'ল ৷ মা কচম দুখেই লাগিছিল নে খঙেই উথিছিল ধৰিব নোৱাৰিলো ৷

পত্থৰ কে চনম তুজে হমনে
মোহব্বত কা খুদা জানা
বড়ি ভুল হুয়ি অৰে হমনে
ইয়ে কিয়া চমঝা, ইয়ে কিয়া জানা

স্কুটাৰ ষ্টাৰ্ট কৰি চিধা লগৰটোৰ ঘৰ পালোহি ৷ সি বেটা উথাই নাছিল ৷ গোৰ এটা মাৰি বোলো তোৰ বৌয়েৰ ভিলেইনৰ লগত বাইকত বহি গ'ল আৰু তই ফষ্টি মাৰি শুই আছ? সি চকু দুটা মোহাৰি বোলে কালি ফোন নম্বৰ দিছিল হে? মই বোলো বাদ দে ট্ৰেজেদি গান আছে যদি লগা ৷ সি বোলে আইডিয়া , তই বৌক ভাল ট্ৰেজেদী গান কেইটামানৰ সৈত্যে চিঠি এখন দি মনৰ কথাবোৰ কৈ নিদিয় কিয়? দেখিলো, আইডিয়া বেয়া নহয় ৷ লগে লগে পকেটৰ পৰা টকা পঞ্চাশটা উলিয়াই ক'লো বোলো ব্লেংক কেছেট এখন কিনি ৰফিকৰ টাত ভাল ভাল ট্ৰেজেদী গান বাছি বাছি ৰেকৰ্ডিং কৰি আনিবি ৷ সি ক'লে তই চিন্তাই নকৰিবি, এনেকুৱা ট্ৰেজেদী গান আনি দিম তাই শুনিলেই ফিদা হৈ যাব, তই মাত্ৰ চিঠিখন ভালকৈ লিখিবি, গানৰ টেনচনেই নলবি ৷

লিখে যৌ খত তুজে
ঔ তেৰি য়াদ মে
হাজাৰৌ ৰংগ কে
নজাৰে বন গয়ে.....

কথামতে কাম ৷ ঘৰত আহি পঢ়া টেবুলত বহি চিঠি লিখা আৰম্ভ কৰিলো ৷ নাই কলম হাতত ল'লে দেখোন কথা ওলায়ে নাহে ৷ হাজাৰৌ ৰংগ কে নজাৰে বাদ দিয়ক কাগজ ফালি ফালি বহীৰ মাজৰ পাত শেষ হ'ল কিন্তু চিঠি লিখা নহ'ল ৷ বাদ দিলো ৷ কলেজ খোলা দিনা লগৰটোৱে কেছেটটো দিলে মইও চেগ বুজি তাইক দিলো ৷ লগতে ক'লো যে মোৰ ফেভাৰেট গান ৷ শুনি লৈ জনাবা, তোমাৰ লগত অলপ কথা আছে ৷ তাই ক'লে এতিয়াই ক'ব পাৰা ৷ মই বোলো নহয়, মোৰ মনৰ কথাবোৰ গানবোৰতে পাবা, শুনি লোৱা, তাৰ পিচত ক'ম ৷ তাইও হ'ব ক'লে ৷

কৰৱতে বদলটি ৰ'হে
চাৰি ৰাত হম ...আপকি কচম
গম না কৰৌ দিন জুদাই কি বহুত হে কম
আপকি কচম ...আপকি কচম

পিছে পিছদিনা কোনো ৰিয়েকচন নেদেখিলো শেষত অফ পিৰিয়ডত নিজেই সুধিলো, গান কেইটা শুনিলা ? তাই ক'লে ভাল লাগিল ৷ পিছে দুখ লাগিল, এতিয়া কোৱা কি কম কৈছিলা ৷ মনতো ভাল লাগি গ'ল, তাইক ক'লো আবেলি হোস্টেল আহিম, তেতিয়া কম ৷

কেহ দু তুম্হে ইয়া চুপ ৰ'হো
দিল মে মেৰে আজ ক্যা হে.....

পেলুৰ দোকানৰ পিছফালে চিগেৰেট টানি থকা লগৰটোক আহি লগে লগে জনালো ৷ সি ক'লে মই কৈছিলো নহয় চকু পানী ওলাই যাব ৷ এতিয়া তই বিনদাচ মনৰ কথা কৈ দে ৷ মই বোলো কি কি গান দিছিলি, অলপ ক, কি গান দিছিলি মই গমেই নাপালো নহয়, সুধিলে কি কম? সি বোলে কেইটা মান হে মনত আছে বাকী পাহৰিলো, এটা "বাবুল কি দোৱায়ে লেটি জা.............এ মেৰে বতন কি লগৌ................দৌষ্ট দৌষ্ট না ৰহা আৰু এটা হাতি মেৰা চাথিৰ নফৰত কি দুনিয়াকো চৌৰ ..কে .............

*********

প্ৰেম নজমেহে নজমে ( পঞ্চম খণ্ড)



তু প্যাৰ হে কিচি অউৰ কা,
তুঝে চাহতা কৌই অউৰ হে....

ৱাহ সঁচাইটো, তাৰ বিৰেন নাই বুলি মই এনেই ভাবি আছিলো, মৰমতে সাৱটি ল'ব মন গৈছিল তাক ৷ যি কি নহওক তু প্যাৰ হে কিচি অউৰ কা তুঝে চাহতা কৌই অউৰ হে ....সুন্দৰ চিটুৱেচনেল গান, মোৰ লগত মিলি গৈছে ৷
গানটো ফিলিপচৰ টেপটোত দুই তিনিবাৰ ৰিৱাইণ্ড ফৰৱাৰ্ড প'জ কৰি কৰি লিখি পেলালো ৷ মুঠতে গামেই ৷ লগৰ দুটামানে ক'লে পাৰিবি জানো? চা ভাই ষ্টেজত আজিলৈকে তই উঠি পোৱা নাই, তাতে তই গানো নাগাৱ ৷ মই বোলো চালামি চিনেমাৰ ডাইলগ টো মনত নাই জানো? .... ইয়ে ইস্ক নেহি আচান, আগ কি দৰিয়া হে অউৰ ডুব কে জানা হে..... চিন্তা নকৰিবি দোষ্ট, গানটো গামেই আৰু তাইকো শুনাম ৷
আৰম্ভ কৰিলো প্ৰেকটিচ ৷এটা হাতেৰে টেপটো কানৰ কাষত ধৰি আনটো হাতেৰে গান লিখা কাগজখন লৈ চিঞৰি চিঞৰি গাব আৰম্ভ কৰিলো ৷ কিন্তু প্ৰব্লেমটো হ'ল যে কেতিয়াবা কুমাৰ চানুৱে মোতকৈ আগতে গাই দিয়ে আৰু কেতিয়াবা মই কুমাৰ চানুতকৈ আগত ধৰো ৷ ভাবিলো কাগজত লিখি লৈ গোৱা বাবে হৈছে ৷ পাৰিম কিয় নোৱাৰিম, জীৱনত প্ৰথম গান জাতীয় কিবা গাইছো, অলপ হ'বই ৷ নিজকে শান্তনাও দিলো আৰু উৎসাহিতও কৰিলো ৷
কমেও এশ ডেৰশ বাৰ টেপৰ লগে লগে গোৱাৰ পিছত কুমাৰ চাণু আৰু মোৰ অলপ তাল মিল আহিল, আই মিন দৈত্য কন্ঠৰ পৰা সমবেত অৱস্থালৈ আহিল ৷ কনফিডেঞ্চ লেভেল বাঢ়িব ধৰিলে ৷ মাজতে দেউতাইও দুবাৰ মান আওৰালে ৷ মায়ে ঘোপাকৈ চোৱাত যেনিবা মনে মনে থাকিল ৷ বুজিলো মোৰ একেটা শাৰীকে বাৰম্বাৰ কৰা ৰেয়াজ শুনি শুনি দেউতাৰো গানটো মুখস্থ হ'লগৈ ৷ যি নহওঁক "ভালেই গাইছ, অলপ শুৱলাকৈ গাবি" বুলি কোৱা দেউতাৰ কথাষাৰক সিমান এটা ৰিয়েকচন নিদিলো ৷
ৰেয়াজ চলি থাকিল ইফালে নৱাগত আদৰণী সভাও চমু চাপি আহিল ৷ কালচাৰেল চেক্ৰেটেৰিক বহু কষ্ট কৰি জিকাই থৈছো, গতিকে ফ্ৰেচাৰ্চত মোৰ গান গাবলৈ পোৱাটো কনফাৰ্ম ৷ ঠান্ডা পানী খোৱা বন্ধ, চিগাৰেট বন্ধ, বাইচেঞ্চ চৰ্দি জাতিয় কিবা লাগি যাব পাৰে বুলি দুদিনমান গা ধোৱাও বৰ্জন কৰিলো ৷
চিন্তা হ'ল ষ্টেজত পিন্ধিম কি? টাইট জিন্চ লেডাৰ জেকেট, ডিঙিত এডাল শিকলী টাইপ চেইন ৷ ওহো,ভাল নালাগিব, ফৰ্মেল পিন্ধিম, ব্লু পেন্ট হোৱাইট টি চাৰ্ট ৷ নাই হাতৰ বাহু দুটা ক্ষীন, টি চাৰ্ট পিন্ধিলে আইনাত মন কৰিছো মোক খেতিৰ মাজত চৰাই খেদিবলৈ টেকেলীটোক চাৰ্টটোৰ সৈতে পিন্ধাই থোৱা মুখ পোৰক টোৰ দৰে লাগে ৷ মিঠুন চক্ৰৱৰ্তীৰ ভক্ত লগৰটোৱে ক'লে গীটাৰ লৈ যদি তই চাৰ্ট আৰু পেন্টত লাইট জ্বলা ড্ৰেচ কৰ' ষ্টেজ হিলি যাব , আৰু মাইক্ৰফ'নৰ শিলৰ মুৰ্তি টাইপ নাথাকিবি, অলপ হাত ভৰি হিলাই থাকিবি ৷ মই বোলো তই "তু প্যাৰ হে কিচি অউৰ কা গানৰ লগত মিলা ডে়ঞ্চ এটাকে প্ৰেকটিচ কৰ,তেতিয়ালৈ মই গানটো হে়ঞ্চৰ লগত ফাইনেল ৰিহাচেল কৰো ৷
কিবৰ্ডত বিকাশ, ড্ৰামত বাবু, গীটাৰত প্লাবন ....ৰিহাচেল চুৰু ৷ ৱান দু ট্ৰি ফ'ৰ ষ্টাৰ্ট ...তু প্যাৰ হে কিচি অউৰ কা.......
ষ্টপ,
প্লাৱনে ৰখাই দিলে,
বোলে অফ বিট কিয় ধৰ', বিটৰ লগত গা ৷
মই থোলোকে বিট কি অফ বিট কি বুজি পালেহে ৷
চা ৰে গা মা পাই নে চাৰে গাই নাপাই তাকেই নাজানো ৷ তথাপি গাম, প্ৰেকটিচ মেকচ এ মেন পাৰফেক্ট, নিজকে ক'লো পাৰিবি তই ৷
ৱান দু ট্ৰি ফ'ৰ ষ্টাৰ্ট ......তু প্যাৰ হে কিচি অউৰ কা...
ষ্টপ,
এইবাৰ কি হ'ল? মোৰ প্ৰশ্ন
বিটটো ধৰ, বিটতো ধৰ, প্লাৱনে চিঞৰি থাকিল ৷
মই বোলো এই বিটটো থাকে ক'ত ? তাক ক'ত ধৰিব লাগে গম পালেহে ধৰিম মই ?
প্লাবনে মূৰটো খজুৱাই বোলে এনেকৈ নহ'ব, এটা কাম কৰ, তই ক'ত ধৰিব লাগিব মই ইংগিত এটা দিম , তই ষ্টাৰ্ট কৰিবি ৷
ৱান দু ট্ৰি ফ'ৰ ষ্টাৰ্ট ...টিং, টিং টিং তিনি নম্বৰ টিং টোত তই তু টো ষ্টাৰ্ট কৰিবি ৷ কথা মতে কাম ৷ টিং টিং, টিং ....তু প্যাৰ হে কিচি অউৰ কা ৷ প্লাবনে ক'লে বঢ়িয়া, এইবাৰ বিটত পৰিছে ৷ মনটো ফৰকাল লাগিল ৷ হওঁক তেওঁ ক'তো গান গাবলৈ নিশিকাকৈ, বিট কি বস্তু নুবুজাকৈ যে বিটত গাব পাৰিছো ৷
টিং টিং, টিং ....তিনি নম্বৰ টিং...তু প্যাৰ হে কিচি অউৰ কা ...দিনটো প্ৰেকটিছ কৰি কৰি আই মিন বেবাই বেবাই আবেলিলৈ কোৱাৰিৰ কিনাৰেদি বগা থু ওলাব ধৰিলে ৷ প্লাবনে লগৰ কেইটা লগত কিবা এটা ডিচকাচ কৰি ক'লে বোলে হ'ব আমি তোৰ লগত ৰিডম মিলাম, তই মুঠতে গাই যাবি ৷ অলপ মিউজিকৰ চাউণ্ড বেছি দিব লাগিব, ড'ন্ট ৱ'ৰি আমি মিলাম, তই কেৱল মাইক্ৰফ'নটোৰ পৰা অলপ মুখ খন দূৰৈত ৰাখি গাবি ৷
প্ৰেকটিছ শেষ হ'ল, ৰাতি বিচনাতো কিবা লাইন খেলি মেলি হ'ব পাৰে বুলি মনতে আওৰালো ৷ নাই সকলো ঠিকে ঠাকে আছে ৷ এতিয়া গালেই হ'ল ৷
ফ্ৰেচাৰ্চৰ দিনা পুৱাৰে পৰা ঘনাই বাহিৰলৈ যোৱাৰ টেণ্ডেছিটো দেখি অকন প্ৰেচাৰটো বহা যেন লাগিল ৷ যি কি নহওঁক গ্ৰীণৰুমত নিজকে কুল ৰাখিলো ৷ মনতে আওৰাই থাকিলো তু প্যাৰ হে কিচি অউৰ কা ৷ নাই চব ঠিকে আছে ৷ এইবাৰ মঞ্চত আমি নিমন্ত্ৰন জনাইছো প্ৰথম বাৰ্ষিকৰ ছাত্ৰ....
নিজৰ নামটো শুনিবলৈ হে পালো ....

গানটো কি আছিল ?....

তু প্যাৰ কা অউৰ কা কিচি কা হে ...

তু কিচ কা প্যাৰ হে .........

তু অউৰ কা প্যাৰ হে .....

ধেই কিবা খেলি মেলি লাগিব ধৰিলে ......

গিটাৰ টুং টুং টুং......

হাত নে ভৰি কঁপিছে নে ষ্টেজটো কঁপিছে ঠিক আইডিয়া কৰিব নোৱাৰিলো......
ষ্টেজত মই,
মাইক্ৰফ'নটোৰ ষ্টেণ্ড ডাল অলপ ওখ কৰি মোৰ মুখৰ আগত এটাই লগাই দি গ'ল ৷ সন্মুখত প্ৰতিটো মানুহৰ দুটাকৈ চকু হ'লেও কমেও হাজাৰ বাৰশ চকুৱে মোৰ মুখলৈ চাই থকা যেন লাগিল ৷
মই এবাৰ কাগজ খন চালো, গানটো লিখি অনাখন আকৌ হয়নে নহয়, ইয়াত চোন একো লিখা নাই ৷
টেনচনত প্লাৱনলৈ চালো
টিং, টিং,টিং,তিনি নম্বৰ টিং
কঁপনি ধৰা হাতেৰে কাগজ খন লুটিয়াই চালো , দেখিলো গানটো আছে....
টিং টিং,টিং
সন্মুখৰ শাৰীতে দেখোন তাই ........কাষত কেমেষ্ট্ৰী ডিপাৰ্টমেন্টৰ চিনিঅৰটো ৷ উমি উমি জ্বলি থকা অন্তৰৰ জুই কুৰা দাউ দাউ কৈ জ্বলিব লাগিল ৷ মিউজিকলৈ নৰখিলোৱেই ...তু প্যাৰ হে কিচি অউৰ কা, তুঝে চাহতা কৌই অউৰ হে .....
কন্ঠত বেদনা, সুৰ তাল মান সকলো নাজানো কিবাকৈ মিলি পৰিল ৷ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি ৷ নিজকে সেই মুহুৰ্তত আমিৰ খান যেনেই লাগিছিল ৷
সন্মুখলৈ চালো, তাইক নেদেখিলোঁ, ভিলেইনটোও নাই ৷ ষ্টেজৰ পৰা নামি আহিলোঁ ৷ "খুব ধুনীয়া গালা, ভাল লাগিল" .......গ্ৰীনৰূমৰ ভিতৰত মোৰ বাবে ৰৈ থাকি মোক হাত আগবঢ়াই শুভেচ্ছা দিয়া গৰাকী আন কোনো নহয়, তাই আছিল ৷ "পূজাত মই ঘৰত থাকোতে তুমি বোলে আমাৰ ঘৰৰ নম্বৰ বুলি বহুতলৈ ৰং নম্বৰ লগালা, তোমাৰ লগৰ জনে ক'লে ৷ এইটো লোৱা, কালিলৈ পুৱা মই ঘৰলৈ যাম ৷ ফোন কৰিবা"
হাত টো আগবঢ়াই দিলো ৷ হাঁহি এটা মাৰি তাই আতৰি গ'ল ৷ পিছফালৰ পৰা লগৰটোৱে আহি মোক গবা মাৰি ধৰিলে.........
ষ্টেজত কোনোবাই গাবলৈ আৰম্ভ কৰিছিল ...
তু মিলে....
দিল খিলে ...
অউৰ জিনে ক' কিয়া চাহিয়ে............

********

প্ৰেম নজমেহে নজমে (চতুৰ্থ খণ্ড)


আগৰ খিনি একেই ৰাখ, মাত্ৰ শেষৰ সংখ্যাতো সলনি কৰি কৰি চা চোন ডায়েল কৰি ৷এবাৰ ০, এবাৰ ১ এনেকৈ ৯ লৈকে ৷ তাইৰ ঘৰত চিঅ'ৰ এটাত লাগিবই লাগিব মই জানো ৷ আগৰ খিনি নম্বৰ কাৰেক্টেই আছে, হয়তো লাষ্ট নাম্বাৰটো কিবা ভুল কৰিলো লিখোতে ৷ লগৰটোৰ কথামতে ট্ৰাই কৰিলোঁ ৷ নাই সকলোৰে কেবল এটাই উত্তৰ "ৰং নাম্বাৰ" ৷
"এইবাৰ শেষৰ সংখ্যাৰ লগত তাৰ আগৰ সংখ্যাবোৰো সলনি কৰি ট্ৰাই কৰ", লগৰটোৰ উপদেশ ৷ কথাষাৰ শুনিয়েই তাৰ কানৰ তলত প্ৰকাণ্ড কানতলীয়া এটা মাৰি দিব মন গৈছিল কিন্তু হাজাৰ হওঁক দোষ্ট হয়, সম্বৰণ কৰিলো ৷
সি আকৌ টুপুককৈ মাত দিলে "তোৰ লাকি নম্বৰ কিমান" ? মই বুজিলো সি মোৰ লাকি নম্বৰ ট্ৰাই কৰি ফোন নম্বৰ বনাব ৷ খংটোৱে চুলিৰ আগ পাইছিল গৈ, পিছে উশাহটো দীঘল কৈ লৈ নমাই আনিলো ৷ মই বোলো থ, মগজুটোক তোৰ ইমান কষ্ট নিদিবি, কুকুৰ গৈ পানীত পৰা আইডিয়াৰ ভৰ সহিব নোৱাৰি কুটুক কৈ মগজুটো তোৰ ডিঙিৰ পৰা খহি পৰিব কোনোবা দিনা ৷

পূজাৰ বন্ধ তেনেকৈয়ে পাৰ হ'ল ৷ কলেজো খুলিলে কিন্তু মোৰ পেৰেম কাহিনী ঠেলিলেও আগ নবঢ়া হ'ল ৷ মাজতে ভুতৰ ওপৰত দানৱ পৰা দি ক'ৰ পৰা কেমেষ্ট্ৰী ডিপাৰ্টমেন্টৰ চিনিয়অৰ এটাই "ডৰ" চিনেমাৰ চাহৰুখ খানৰ দৰে " যাদু তেৰি নজৰ, খুচবু তেৰা বদন, তু হা কৰ য়া না কৰ ...তুহে মেৰি কিৰন, তুহে মেৰি কিৰন " টাইপত ভিলেইনৰ দৰে অনাধিকাৰ প্ৰবেশ কৰিলে নাজানো, মই প্ৰেমৰ প্ৰস্তাব দিম দিম বুলি মুখ মেলি থাকোতেই গ'ল ৷
লগৰটোৱে ক'লে তোৰ দ্বাৰা নহ'ব, আগত মহাবিদ্যালয় সপ্তাহ আহি আছে , তাৰ আগতে কিবা এটা কৰ ৷ কথাটো শুনিয়েই "আজ কলেজ কা আখৰি দিন হে ......গীটাৰ লৈ আমিৰ খানে গোৱা "পাপা কেহতে হে বৰা নাম কৰেগা" শীৰ্ষক গীতটোলৈ মনত পৰি গ'ল ৷ গানটোত আমিৰৰ কাৰনে কলেজৰ ছোৱালীবোৰে পগলাৰ দৰে চিঞৰা খিনি কানত বাৰে প্ৰতি বাজিব ধৰিলে ৷
কলেজ ফাংচনত গান গাম ৷ মই লাহেকৈ ক'লো৷
চকু দুটা বহল কৈ মেলি, কি???? বুলি লগৰটোৱে জোখতকৈ বেছিকৈ মুখ খন মেলি দিলে ৷ তই আৰু গান? ?? তই স্কুলৰ প্ৰাৰ্থনাটোও সুৰত গাই নাপালি গানটো দুৰৈৰ কথা আৰু ষ্টেজত গান গাবি?
মই বোলো চাই থাক, ষ্টেজ হিলাই দিম, তহঁতে মাত্ৰ তলৰ পৰা আৰু এটা আৰু এটা চিঞৰিবি, বাকী মই মেনেজ কৰিম ৷
কিন্তু গাবি কি? লগৰটোৰ প্ৰশ্ন
মই বোলো জুবিনৰ "দুৰে দুৰে থাকিবা কিমান আৰু....গীতটো নতুনকৈ মাৰ্কেটত আহিছে আৰু হিট' হৈছে, সেইটোৱেই গাম ৷
কথা মতে কাম, কলেজৰ পৰা আহোতে টাউনৰ পানীঘৰৰ কাষত থকা ৰফিকৰ দোকানৰ পৰা জুবিনৰ "দুৰে দুৰে গানটো ব্লেংক কেচেটত ৰেকৰ্ডিং কৰাই আনিলো ৷ আহিয়েই ঘৰত ৰিয়াজ ষ্টাৰ্ট ৷ দুৰে দুৰে নামৰ প্ৰথম শাৰীটো পাঁচ ছয় বাৰ গোৱাৰ পিছত টেটুটো কিবা চেৰচেৰাই গ'ল ৷ ইম্মান টান বুলি ভৱাই নাচিলো ৷ অনামিকা আৰু মায়াও দুই এবাৰ গাই চালো, নাই, মায়া বুলি টানিব ধৰিলে মাতটো শেষৰ ফালে নুফুটা হৈ যায় ৷ গানটোৰ বহু ঠাইত উশাহ ঘুৰাই নাপাই মৰি যাম যেন লাগে ৷
লগৰটোৱে বোলে হেৰৌ এই বোৰ হ'ল হাই পিটচ গান, তোৰ টেটুৱে ল'ড লব নোৱাৰিব ৷ তই "মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে, ভাবিব কোনেনো কোৱা " গীতটো টো এবাৰ ট্ৰাই মাৰ, তোৰ চিটুৱেচন লগতো মিলিব ৷ এফালৰ পৰা কিশোৰ, মঃ ৰফিৰ গানবোৰো মনত পেলালো ৷ নাই মোৰ মাতত চুইট নকৰে ৷ লগৰটোৱে বোলে তোৰ চিটুৱেচন মিলা গান পাই গ'লো, আমিৰ খানে গোৱা , টামাম মিলিব ৷
তু প্যাৰ হে কিচি অউৰ কা, তুঝে চাহতা কৌই অউৰ হে..........
*********

প্ৰেম নজমেহে নজমে ( তৃতীয় খন্ড)



প্ৰেম পত্ৰ আৰু আৰ্চিচ কাৰ্ডৰ আইডিয়া ফ্লপ হোৱাৰ পিছত লগৰটোৰ কানত ধৰি কচম খালো যে আৰু কাহানিও প্ৰেমত নপৰো ৷ পিছে দিল হে কি মানতা নেহি ....."চাচৌ কি জৰুৰত হে জেইছে জিন্দেগী কি লিয়ে....বছ, এক চনম চাহিয়ে আচিকি কে লিয়ে"...জাতীয় প্ৰেম মুলক গানবোৰ শুনাৰ পিছত আকৌ জৌচ উঠি যায় ৷ ট্ৰেজেদীত চকুপানী বৈ যোৱা কমেও তিনি কুৰি দহটা কবিতাৰ জন্ম দিয়াৰ পিছত ভাবিলো নাই এই কথাই কথা নহয় এই বাৰ হয় ৰঙা মাটি নহয় গুৱাহাটী৷ পাওঁক সেইখিনি সময়তে "ফুল অউৰ কাঁটে" চিনেমাৰ "জিছে দেখ মেৰা দিল ধৰকা, জান তৰপ তি হে, কৌই জন্নত কি বহুৰ নেহি, মেৰি কলেজ কি এক লড়কি হে" গানটো ৰিলিজ ৷ দিল টো এনেও পাগল, তাতে পাঁচ বছৰকৈ ল'ৰা স্কুলত পঢ়ি কলেজত নাম লগাইছো ৷ চেম্পু কৰি মেলি যোৱা দীঘল চুলি, বতাহত উৰি যোৱা চুৰ্ণী, ডালিমগুটিয়া দাঁতৰ মাজেৰে মিচিকীয়া হাঁহি ৷ মুঠতে দিল , বিৰেন একোৱেই কাম নকৰা হ'ল ৷ আফগানিস্থানৰ মৰুভুমিৰ পৰা নি যেন কোনোবাই গোৱাৰ সাগৰৰ পাৰত হে মেলি দিলে ৷ ফিলিং লেন্ডিং অন অমৰাৱতি ৷ বেক পকেটত বহিখন জাপ কৰি ভৰাই পেলুৰ দোকানৰ সন্মুখত চিগেৰেট হুপি যেতিয়া ৰৈ থাকো নিজকে অনিল কাপুৰ, চঞ্জয় দত্ত যেন লগা হ'ল ৷ অ' ৰ'ব, বাকি হিৰো বাদ দি এই দুজনৰ নাম ল'লো যে কাৰনটো কৈ দিও ৷ চুলিৰ পাং ৷ নাই বুজা চাগে নহয় নে? বাৰু, কথাতো হ'ল সেই সময়ত বগা জোটা, আহল বহল জীনচ পেন্ট আৰু নীলা জীনচৰ জেকেটৰ জামানা আছিল ৷ চাজন চিনেমাৰ সঞ্জয় দত্তৰ দৰে পিছফালে বৈ পৰা দীঘল চুলি, অনিল কাপুৰৰ দৰে ব্ৰেক ব্ৰাছ কৰি মাজে মাজে হাতেৰে পাং, বলেত' ঝাকাচ ৷ যি কি নহওঁক, চিনেমা মাফিক খুন্দা খাই কিতাপ খহি পৰা আৰু মই বুটলি দিওঁতে চকুৱে চকুত পৰাত লাজ কৰি তাই দৌৰি যোৱা, আৰু দৌৰি গৈ নদীৰ পাৰত চকু চাঁত মাৰি যোৱা ৰঙা চাৰ্ট বগা পেন্টৰ সৈত্যে ....ধক ধক কৰনে লগা, মেৰা জিয়াৰা ডৰনে লগা টাইপ ৰোমাঞ্চ নহ'ল যদিও ক্লাছৰ এগৰাকীক দেখিলেই "এক লড়কি কো দেখা ত' এইচা লগা, যেইছে" ...গানটো বেকগ্ৰাউন্ডত বাজি থকা হ'ল ৷ নিজৰ ৰোল নম্বৰ পাহৰি দুই এদিন তাইৰ ৰোল নম্বৰতো ইয়েছ চাৰ কোৱা ৰেকৰ্ড বনি গ'ল ৷ বান্দৰ সেনাই মানে লগৰ বোৰে ক'লে প্ৰপ'জ নিদিয় কিয়? কথা মতে কাম ৷ মহাভৈৰৱ মন্দিৰত সেৱা এটি কৰি এদিন মৰনত শৰণ দি চিনাকী হ'লো ৷ পিছে হ'ব কি চিনাকী হে হ'লো ৷ চিনেমাৰ ইন্টাৰভেল ৷ মানে পূজাৰ বন্ধ ৷ হোষ্টেল পৰা কেতিয়া ঘৰ গ'ল গমকে নাপালো ৷ বেকগ্ৰাউন্ডত বাজি থাকিল "জান তেৰে নাম" বোলচবিৰ এই গীতটি ...."কল কলেজ বন্ধ হ' জায়েগা, তুম অপনে ঘৰ ত' জাওগে..ফিৰ এক লড়কা, এক লড়কি চে মিল নেহি পায়েগা"....লগৰ এটাই কিবা কৰি তাইৰ ঘৰৰ লেন্ড লাইন নম্বৰটো আনি দিলে ৷ নিজৰ ঘৰৰ আঙুলি ভৰাই ডায়েল কৰা যন্ত্ৰটোত এচ টি ডি সুবিধা নাই ৷ পিছে সৌভাগ্য ক্ৰমে অসম মুলুকত সেইখিনি সময়ত নতুনকৈ পি চি অ' নামৰ সুবিধাটো নতুনকৈ গঢ় লৈ উঠিছিল ৷ কাগজত নম্বৰটো লিখি নি আবেলি এদিন পিচিঅ বুথত সোমাই ডায়েল কৰিলো
০৩৭১২-২২৩৭২ ৷
ক্ৰিং ক্ৰিং ক্ৰিং ...
সিফালৰ পৰা গলগলিয়া পুৰুষ কন্ঠ ৷
হ'ব লগা শহুৰৰ মাত শুনি ভয়তে ৰিচিভাৰ ষ্টেণ্ডত থেকেচ....
কেৰেচ কেৰেচ কৈ বিলৰ কাগজখন ওলাল ...
সাত টকা ৷
কিছু পৰ ৰৈ উশাহটো ঘনাই টানি আকৌ বুটাম টিপিলো ...
ক্ৰিং ক্ৰিং ক্ৰিং ....
সিফালৰ পৰা একেই গলগলিয়া পুৰুষ কন্ঠ ...
কোনে কৈছে, নাম নকয় কিয়?
সেপটো গিলি মই বোলো খুড়া ৰক্তিম আছেনে?
কোন ৰক্তিম? কোনো ৰক্তিম চক্তিম নাই ৷ ৰং নম্বৰ ...
মই মনতে বোলো হেৰৌ জানো, ৰক্তিম বুলি যে কোনো নাই ৷ ভয়ত কিবাকৈ যে নাম এটা ওলাল সেইটোৱেই বহুত, আৰু ৰং নম্বৰ নহয়, ঠিকেই লগাইছো পিছে কওঁ কেনেকৈ যে মই হ'ব লগা জোৱায়েকে ফোন লগাইছো ? যি হে অমৰীশ পুৰি হেন মাত ৷ তথাপি ডাবৰ শ্ৰৱণপ্ৰাচ নোখোৱাকৈয়ে তেজ মোৰ ডিমাগে ক'লে কিবা সঁচাই ভুল হ'ল নেকি? শ্ৰীদেৱী হেন ছোৱালীৰ বাপেকৰ ওম পুৰি হেন মাত ৷ তাতে ইনফৰমেচন মতে শহুৰৰ নাম ডম্বৰু বৰা , ডম্বৰুৰ মাত ডবাৰ দৰে যে? অলপ ডিমাগটো খটুৱাই পিচিঅ'ৰ ল'ৰা জনক ক'লো দাদা এই নম্বৰটো ডাইৰেক্টৰিত চাই কৈ দিয়কচোন ডম্বৰু বৰাৰ হয়নে?
পাত লুটিয়াই বগৰাই ল'ৰাটোৱে ক'লে ...ৰঙামাটি পুলিচ চকীৰ ......পিছৰ খিনি শুনিবলৈ আৰু ধৈৰ্য ন'হল ৷ পিচিঅ'ত বিলটো দি লগৰটোৰ টেটুৰ জোখটো আৰু চুলি কোচা মনত পেলাই পিচিঅ' পৰা ওলাই আহিলো ......

*********

প্ৰেম নজমেহে নজমে (দ্বিতীয় খণ্ড)



ভুলুৰ তেজৰে লিখা ফাৰ্ষ্ট লাভ লেটাৰখন , আই মিন প্ৰেম খুজি লিখা সমুহীয়া আবেদন পত্ৰখনৰ আইডিয়া ফ্লপ মৰা পিছত কিন্তু অমুকা হাৰি যোৱা নাছিল ৷ বাজীগড় চিনেমাৰ সেই বিশেষ ডাইল'গটো " কভি কভি জিতনে কে লিয়ে কুচ হাৰনা ভি পৰটা হে, অউৰ হাৰ কৰ জিতনে ৱাল' ক' বাজিগড় কেহতে হে" শুনি বুকু ফিন্দাই দুগুন উৎসাহৰে মনোযোগ দিলো ৷
স্কুলত পঢ়ি থকা কালৰ কথা ৷ শৈশৱৰ খেলা ধুলাৰ লগৰি দুই এজনীক কিবা আগতকৈ বেলেগ যেন লগা হৈ পৰিল ৷ সচাঁ কথাত কবলৈ গ'লে আগতকৈ অলপ বেচিকৈ ভাল লাগিব ধৰিলে ৷
"পাগল দিল মেৰা কিউ ইয়ে কেহ ৰহা,
অব ত' তেৰে বিনা ৰহা যায়ে না"
মোৰো এগৰাকী বৰ ভাল লগা হৈ পৰিল ৷ পিছে মোৰ ক্ষেত্ৰত কথাতো অলপ আনতকৈ পৃথক
আছিল ৷ তাই আছিল কনভেন্ট স্কুলৰ ছাত্ৰী, অংক টিউচনত হুচেইন চাৰৰ ঘৰত আমাৰ অসমীয়া মাধ্যমৰ গ্ৰুপটো শেষ হোৱাৰ পিছত সিহঁতৰ টিউচন থাকে ৷ আমি ওলাও, সিহঁত সোমাই ৷ বহীত অংক কৰো আৰু ডেস্কত যোগ বিয়োগ অৰ্থাৎ ডি প্লাচ কে, কে মাইনাচ জি টাইপৰ অংক ৷ অলপ সময়ৰ বাবে টিউচনৰ পৰা ওলাওতে দেখা পাঁও ৷ তাইক দেখিলে মোক
লগৰ কেইতাই জোকাই, তাইৰ গাল মুখ ৰঙা পৰে ৷ আৰু মোৰ বুকুত ধম ধম কৈ নামঘৰৰ ডবাৰ কোব বাজে ৷ কথা পাতিবলৈ সাহসৰ অভাৱ ৷ বুদ্ধি দিয়াত উস্তাদ লগৰ কেইটাই আইডিয়া দিলে বোলে নতুন বছৰ আৰম্ভ হৈছে তই গ্ৰিটিংছ কাৰ্ড এখনকে দি মনৰ কথা খুলি ক ৷ আইদিয়াটো বেয়া নালাগিল ৷ সেই সময়ত আৰ্চিচ কাৰ্ডৰ খুব ডিমান্ড ৷ "ফৰ ইউ" নামৰ এখন দোকান তেজপুৰৰ ট্ৰিবেণী হ'লৰ কাষত নতুনকৈ
খুলিছিল ৷ স্কুলৰ পৰা অহাৰ সময়ত দুই এক বন্ধুৰ
পৰামৰ্শমতে এখন কাৰ্ড পচন্দ কৰিলো ৷ সেই সময়ত দুই প্ৰকাৰৰ কাৰ্ড পোৱা গৈছিল , এখনৰ ভিতৰত এখন কাগজ থাকে যত এসোপামান ইংৰাজী ভাষাত ভাল ভাল ডাইলগ লিখা থাকে গতিকে তলত নিজৰ
নামটো লিখি দিলেই হ'ল ৷ এইখনৰ দামটো অলপ বেচি, আৰু আনখনৰ দাম কম ,কাগজৰ কোৱালিটি বেয়া আৰু ডাইলগ কম আৰু মাজৰ পাতটো নাথাকে ৷ কাৰ্ড পচন্দ কৰাটো বিয়াৰ বাবে ছোৱালী পচন্দ কৰাৰ লেখিয়া টান কাম, পিছে লগৰ এটাই এখন কাৰ্ড দেখুৱাই ক'লে এইখন ল ৷ কাৰ্ডৰ ফটোখন চালো বিদেশী যুৱক এজনে ছোৱালী এজনীক সাৱটি আছে আৰু ছোৱালী জনীৰ হাতত এসোপামান ৰঙা গোলাপ ৷ মোৰো পচন্দ হ'ল ৷ কাৰ্ডখন যিহেতু ধুনীয়া গতিকে ডাইলগ বোৰো চাগৈ ভালেই হ'ব ৷ ইংৰাজী ভাষাৰ ভো ভো পন্ডিত অমুকাই জোটাই জোটাই সেইসোপা পঢ়ি থকাতকৈ কিনিয়ে পেলালো ৷ কাৰ্ডৰ ওপৰত প্ৰেয়সীৰ
নামটো লিখোতে বুকুত যেন নামঘৰৰ ডবাহে বাজিছিল, আৰু তলত নিজৰ নামটো লিখোতে হাত কঁপনি বেমাৰ থকা মানুহৰ দৰে কঁপিচিল ৷ পিছে কাৰ্ড খন দিম কেনেকৈ সেইটোহে চিন্তাৰ কাৰন হৈ পৰিল ৷ কাৰন নিজে দিবলৈ সাহসৰ অভাৱ ৷ শেষত আমাৰ লগৰে এটাই তাৰ ঘৰৰ ওচৰত থকা এগৰাকীৰ হতুৱাই কাৰ্ডখন মোৰ গৰাকীক দিয়াৰ দায়িত্ব ললে ৷ মনটো কিবা প্ৰশান্তিৰে ভৰি পৰিল ৷ লগতে তাইৰ পৰা জীৱনৰ প্ৰথম গ্ৰীটিংচ খন পাম বুলি আশাৰে বাট চাই ৰলো ৷
দিন পাৰ হল ৷ এদিন দুদিন, এনেদৰে জানুৱাৰী পাৰেই হল ৷ লগৰটোক সুধিলো বোলো তই দিলিনে? লগৰজনীক সুধিবিচোন তাই কি কলে ৷ সিও গা এৰা দিব ধৰিলে ৷ মনটো কিবা টেঙাই গল ৷ ইমান অহংকাৰী নে সেইজনী কিবা খঙেই উথিল ৷ জানুৱাৰীত নতুন টিউচন আৰম্ভ হল ৷ গ্ৰুপ বোৰ আৰু সময়বোৰ সলনী হ'ল৷ গতিকে সেইগৰাকীক লগো নোপোৱা হলো ৷ আমাৰ নতুন গ্ৰুপলৈ অহা আন এখন স্কুলৰ দুই এজনৰ মুখেৰে যি গম পালো কথা শুনি চকু কপালত উথিল ৷ কথাটো হল মই লগৰটোক কাৰ্ডখন দিলো হয় ৷ সি কিন্তু বেটাই কাৰ্ডখনৰ মাজৰ মোৰ নাম লিখা কাগজখিলা এৰুৱাই তাৰ নাম লিখি তাৰ ভালপোৱা গৰাকীক নিজ
হাতেৰে দি দিলে ৷ পিছে গন্ডগোল লাগিল সেই খিনিতেই ৷ কাৰ্ড খন পিছ দিনা বোলে তাৰ প্ৰেয়সীয়ে আহি ঘুৰাই থৈ গল আৰু কলে বোলে " যি জনী ঘৈনিয়েৰে তোক এইখন দিছে তাইকে দেগৈ, মাজৰ পাত এৰুৱাই সেইখনকে মোক দিবলৈ তোৰ লাজ নালাগিল? " ৷ সিও অবাক্টেড ৷ কথা কি? কাৰ্ডখনত নো কি লিখা আছিল
আমি পঢ়া নাছিলো, সিও পঢ়া নাছিল ৷ লিখা আছিল......

"হেপ্পী নিউ ইয়েৰ টু মাই হাব্বী "

*********

প্ৰেম নজমেহে নজমে (খণ্ড:1)




মাই এইম ইন লাইফ লিখাৰ বয়সত শ্ৰেনী কোঠাৰ শেষৰবেঞ্চত বহি, খৰচি মাৰি আৰু দুই এবছৰ একেটা শ্ৰেনীতে পঢ়ি লও বুলি ভবা আমাৰ এটা চাৰিজনীয়া গ্রুপ আছিল ৷ ভাল বেয়া সকলো কামতে ইয়ে দোষ্টি হম নেহি তোৰেংগে টাইপ পিছে মাৰ খাব লগিয়া হ'লে দোষ্ট দোষ্ট না ৰহা হৈ যায়।
গ্ৰুপত বিবেক ভোলা ৰাহুল আৰু শান্ত শিষ্ট ক্ষিন মিন মহাদুষ্ট মই।বিবেক আৰু মই স্কুল সদায় একে লগে যাঁও।এদিন আমি স্কুল গৈ থাকোতে হঠাৎ সি কলে সখা পথৰ দাঁতিত চকু দিয়া ।দেখিলো সাইলাখ মাধুৰী ডিক্সিত কান্ধত বেগ উলোমাই সমনীয়াৰ লগত স্কুল গৈ আছে ৷ কলডিলিয়া হৃদয় খনৰ আধা ফাল যেন মৰককৈ কোনোবাই খাই পেলালে
তেনেকুৱা লাগিল।পিছে লেঠা লাগিল সেই খিনিতেই ।বিবেকৰ বিবেকে কাম নকৰা হল বন্ধুৰ ভাল লগা গৰাকী তাৰো ভাল লগা হৈ পৰিল। কথাতো গ্রুপৰ আন দুগৰাকীক নো নোকোৱাকে থাকো কি দৰে ?কবলেহে
পালো পিছদিনা আমি সঠিক সময়ত গৈদেখো….. কথা গুৰুতৰ…. আন দুই বন্ধু আমাতকৈও আগতেইগৈ যুদ্ধ ক্ষেত্ৰত উপষ্ঠিত।
চুলিমেলি পাৰ্বতী যেই আমাৰআগত দেখা দিলে ফাঁট মেলাবসুমতি পাতালে লুকাও…..বাকি দুজনৰো হৃদয়ত ডম্বৰু বাজিল ডুম ডুম ডুমডুম…..বাজীকৰৰ পিচে পিচে পোকৰ হিলাই খেল দেখু্ৱা বান্দৰ কেইটাৰ দৰে আমি চাৰিটাইও হাফ পেডেল মাৰি মাৰি পিচ
ললো।
প্ৰেম কি নাজানো কিন্ত মাধুৰীক পঢ়া টেবুলৰ কিতাপৰ ক’লা আখৰ বোৰৰ মাজতো ১২ ৩ গানৰ তালে তালে নাচি থকা দেখা পোৱা হলো।সঘনাই স্কুল ক্ষতিকৰাৰ ৰেকৰ্ড থকা আমিবোৰৰ উপষ্ঠিতি ৰেকৰ্ড ব্ৰেক কৰি বাঢ়নী পানী বঢাদি বাঢ়িব ধৰিলে,লগতে বাঢিল চাৰিটাৰ মাজত বৰষি মৰাৰ প্ৰেকট্ৰিছ অৰ্থাৎ কোনে প্ৰথমে চেঙেলী জনি ধৰিব পাৰে।
ভোলাই এটা পৰামৰ্ষ দিলে…..বোলে যিহেতু এইটো সৰ্বজনবিদিত যে আমি একেটা ঘাটতে পানী খাবলৈ মনষ্ঠ কৰিছো গতিকে আমাৰ মাজত প্ৰতিযোগিতা কৰাতকৈ সয়ম্বৰৰ দৰে তাইকে দায়িত্ব দিয়া যাওক, যাৰ ডিঙিতে মালা পিন্ধাব সিয়েই হ'ব তাইৰ আচলি হিৰো ৷ আমি হয়ভৰ দিলো আৰুচিঠি এখনৰ দাৰা মনৰ কথাবোৰ জনোৱাৰ সিদ্ধান্ত ললো।
আমি আছিলো কুৰবাণ, খুন ভৰি মাংগ চিনেমা চাই মেইনে প্যাৰ কিয়া কৰিবলে মন মেলা মানুহ গতিকে চিঠিখন তেজৰে লিখাৰ বাবে মনন্থ কৰিলো ।কথা মতে কাম……… এদিন ৰাহুলৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ সকলো তাৰ ঘৰত উপষ্ঠিত হলো ।পিছে গন্দগোল লাগিল সেইখিনিতেই……….তেজ দিবলৈ ভয়ত কোনো এজনো ৰাজি নহল উপায় নাপায় ৰাহুলৰ ঘৰৰ বন কৰা ভুলুক আমাৰ বাবে এক চিৰিঞ্জ ৰক্তদান কৰিবলৈ আনোৱাৰ হ'লত অনিল কাপুৰৰ ৰাম লক্ষন চিনেমা দেখাম বুলি উৎকোচ দি যেন তেন সন্মত কৰিলো।

ছুটি বিছাৰি প্ৰধান শিক্ষকলৈ লিখা আবেদন খনো লগৰ চোকা টেকেলা বন্ধু কেইটাৰ দ্বাৰা লিখাব লাগে তেনে স্থলত প্ৰেম পত্ৰনো নিজে লিখো কেনেকৈ ? বহু কিতাপ মেলি পাত পাত কৰিও যেতিয়া এখনো প্ৰেমপত্ৰ ধৰ্ম সিংহ ডেকাৰ ৰচনা বিচিত্ৰা বা দাস আৰু ভূঞা সম্পাদিত সহায়িকাত বিচাৰি নাপালো অৱশেষত আমাৰ কেইটাৰ ভিতৰত আতাইতকৈ ইন্টেলিজেন্ট বুলি খ্যাত ভোলাই কিবা এখন বিচাৰি আনিলে । লিখা হল আমাৰ জীৱনৰ প্ৰথম প্ৰেমপত্ৰ বা এককথাত কবলৈ গ’লে প্ৰেম খুজি সমুহীয়া আবেদন পত্ৰ।

শ্ৰী প্ৰজাপতেয় নমঃ

প্ৰতি

শ্ৰীমতী, নাম নজনা মৰমৰ মানুহজনি,

জয়জয়তে সমুহ বন্ধু্ বৰ্গৰ তৰফৰ পৰা তোমালৈ মোৰ আন্তৰিক মৰম যাছিলো ।
সবিনয় নিবেদনএইযে তোমাক দেখাৰ পৰা মোৰ ৰাতিৰ টোপনি দিনৰ বেচেইনি নোহোৱা হইছে৷ তোমাক বৰ ভাল লাগে নেদেখিলে এদিনো থাকিব নোৱাৰো । কিমান হাফ পেডেল মাৰিম ।সোনকালে কিবা এটা সিদ্ধান্ত লৈ মোক জনাবা…
অ.. আৰু এটা কথা,মোৰ বাহিৰেও তোমাক মোৰ বাকি তিনিজন বন্ধু্ৱেও ভালপায় পিছে তুমি আমাৰ সকলোলৈকে চাই মিচিকিয়াকৈ হাঁহা, গতিকে আমি নাজানো প্ৰকৃততে তুমি কাক ভাল পোৱা ।গতিকে চিঠিখন পো্ৱাৰ পিচত যিটোকে ভাল লাগে সেইটোৰ নামত অহা ১৫ জেঠ বুধবাৰে(ইংৰাজী 30 মে ৱেডনেছ ডে)ডেকা চাৰৰ টিউচন যাওতে উত্তৰটো সহ এখন্তেক দেখাদি কৃতার্থ কৰা যেন ।

স্থান: ৰেলগেট

সময়: পূৱা ৬ বজাৰ পৰা ৮বজালৈ

বি:দ্ৰ: ঘৰত নকবা কিন্ত মোৰে শপত । আই লাভ ইউ

শেষত বিনয়াবনত

ভোলা (চচমা পিন্ধাজন)

ৰাহুল (অলপ চাপৰকৈ ৰেঞ্জাৰচাইকেল চলোৱাজন)

বিবেক (কলা, কেকুৰা চুলিৰ,ডিঙিত ৰুমাল বান্ধে যে সেইজন) আৰু বাকি থকা জন মই

(প্ৰিয় পাঠক সকল, চেগ বুজি এদিন আমি চিঠি খন
দিলো কিন্ত অধিৰ অপেক্ষাৰ পিছতো উত্তৰ নাহিল । পিছে এদিন স্কুলত প্ৰথম পিৰিয়ডতে পিয়নজনে হেড
চাৰৰ ৰুমলে আমাক নিমন্ত্ৰণ জনোৱা পত্ৰ এখন লৈ আহিছিল । সুদিৰ্ঘ এঘন্টা গালি, পিটন আৰু কানত ধৰি আঠুকঢাৰ পিছতহে পিয়নৰ মুখত গম পাইছিলো…..
ভুলুৰ তেজৰে লিখি জীৱনৰ প্ৰথম প্ৰেমপত্ৰ দিয়া চুলি মেলি স্কুল যোৱা ছোৱালী জনি আন কোনো নহয়…..
নতুনকৈ বদলি হৈঅহা আমাৰ স্কুলৰ প্ৰধান শিক্ষকৰহে ছোৱালী আছিল)

************