Tuesday 27 February 2018

গৰু গাড়ীৰ ড্ৰাইভাৰ



মই জীৱনত প্ৰথম চলাবলৈ শিকা গাড়ীখন আছিল গৰু গাড়ী ৷ সৰুতে চাইকেলৰ টায়াৰ সৰু লাঠি এটুকুৰাৰে মৰিয়াই দৌৰি দৌৰি চলাইছিলো তাৰ পিছত "তলত" চাইকেল শিকিলো, কিন্তু গাড়ী হিচাপে প্ৰথম হাত দিছিলো গৰু গাড়ীত ৷ ককা হঁতৰ ঘৰত পথাৰৰ পৰা ধান আনিবলৈ এখন গৰু গাড়ী আছিল, অৱশ্যে সেই সময়ত প্ৰায় সকলোৰে ঘৰৰ ভৰাঁলৰ কাষত বা পদুলী মুখত এখন গৰু গাড়ী পাৰ্কিং কৰা থাকেই ৷

সৰুতে শান্ত শিষ্ট স্বভাৱৰ বুলি মোৰ এটা বিশেষ নাম আছিল ৷ বন্ধত চহৰৰ পৰা গাঁৱৰ ককাহঁতৰ ঘৰলৈ গ'লে গৈ পোৱা দিনা ককাই বৰ আঠে বেঠে মৰম কৰে, দ্বিতীয় দিনা সামান্য পৰিমানে দুই এটা ধমক দিয়ে কিন্তু তিনি বা খুব বেছি চাৰি নম্বৰ দিনা মা দেউতা সমন্বিতে মোক গালি বৰ্ষণ কৰি কাপোৰ কানি টালি টোপোলাত ভৰাই আইতাৰ হাতত পাৰ্চেল কৰি মোক চহৰলৈ পঠিয়াই দিয়ে ৷
সঁচা কবলৈ হ'লে ককাহঁতৰ তাত যাম বুলি ভাবিলেই নেগুৰ ডাল ঘৰতেই কাটি পেলাই থৈ যাও ৷ নেগুৰ কটা বাঘ, বাঘৰ আগ তেল খোৱা, বাঘৰ নেগুৰৰে কান খজুৱা ইত্যাদি বাঘৰ লগত জড়িত উপমা বোৰৰ বাবেই নেকি নিজকে সেই দিন কেইটাত বনৰ ৰজা বাঘৰ দৰেই অনুভৱ হয় ৷ সাঁতুৰিব নাজানো, কিন্তু গছত উঠি পুখুৰীত জপিয়াও, বাঁহনিত গৈ দুপৰীয়া বাঁহ কাটো, গছত উঠো, কাঁচি চলাব নাজানো কিন্তু নৰা কাটো ইত্যাদি ইত্যাদি সৰু সুৰা নমুনাৰে সৰ্বমুঠ ক'বলৈ গ'লে ককাদেউতাক বাৰুকৈয়ে জ্বলা কলা কৰি মাৰো ৷ সেই তিনি বা চাৰি দিনতে মোৰ বিৰুদ্ধে কমপ্লেইনৰ এক ইতিহাস ৰচনা কৰি অহাতো মোৰ বাবে এক গৌৰৱৰ বিষয় আছিল ৷ মই যোৱা মানেই এজাক ধুমুহাৰ আগমন ৷ কথাতে কয় নহয় শিয়ালৰ এজাক, সিংহৰ এটা, তেনেদৰে ককা আইতাৰ খঙত পকা চুলি গোটেই কেইডাল চৌব্বিশ ঘন্টাই ডাং খোৱাই ৰাখিবলৈ মই এটায়েই যথেষ্ট আছিলো ৷
মোৰ দৰে বিশাৰদ সকলে জানিব যে অঘাইটং কামবোৰ কৰিবৰ বাবে আটাতকৈ সুন্দৰ সময়কন হৈছে দুপৰীয়া ককাহঁতে ভাত ঘুমটি মৰা সময়কন ৷ তেনে এটা দুপৰীয়াতে এদিন লগৰ এটাক লৈ জীৱনৰ প্ৰথম ষ্টেয়াৰিং, ব্ৰেক, ক্লাচ এক্সিলেটাৰ, ইঞ্জিন একোৱেই নোহোৱা গাড়ী খন চলাবলৈ হাত দিছিলো ৷ আগবেলাতেই লগৰ এটাৰ লগত সম্পুৰ্ণ প্লেনিং কৰি থোৱা হৈছিল ৷ মাত্ৰ অসুবিধাটো হৈছিল ককাহঁতৰ গৰু গাড়ী আছিল কিন্তু বলধ নাচিল ৷ গতিকে বলধৰ আশাত লগৰটোক হেন্দিমেন হিচাপে লগত লব লগিয়া হৈছিল ৷ দুপৰীয়া দুয়োয়ে গৰুগাড়ী কোনেও গম নোপোৱাকৈ টানি পকা ৰাষ্টালৈ লৈ যোৱা হ'ল ৷ যুৱলী ডালকো কান্ধত কঢ়িয়াই আনি গৰু গাড়ীত ফিটিং কৰি ল'লো ৷ লগৰটোৰ ঘৰৰ বাৰিৰ পিচফালে থকা পথাৰৰ পৰা যুটি লগাই এৰাল দি থোৱা নতুনকৈ কিনি অনা বলধ দুটাকো খুলি অনা হ'ল ৷ গৰুৱে দুপৰীয়া দানা দিবলৈ অনা বুলি ঘোলনি চেলেকিবলৈ লাগিল ৷ যেন তেন আগে পিছে টানি আজুৰি দুয়োতাই বলধ হালক
যুৱঁলীত লগালো ৷
গৰু গাড়ী ৰেডি ৷ তাক পিছপালে বহিবলৈ কৈ নঙলাৰ দৰে বাঁহ কেইডালত ভালকৈ ধৰি ল'বলৈ ক'লো ৷ মইও ড্ৰাইভিং চিটত বহি পৈনত চাই এচাৰি ডালৰে গৰুৰ টিকাত ভালকৈ দুপিটন দি গাড়ী ষ্টাৰ্ট কৰিলো ৷ গৰুৱেও তপিনাৰ চাটৰ কোৱত তললৈ মূৰ কৰি চোচা লৈ আগবাঢ়িল ৷ এচাৰি ডালেই ক'বলৈ গ'লে স্টেয়াৰিং ৷ সোফালে চাইড ল'বলৈ বাওফালৰ গৰুৰ টিকাত হুৰ হুৰ কৰি চেটেপ কৈ দিয়া আৰু বাওফালে চাইড ল'বলৈ হ'লে সোফালৰ গৰুটোক দুচাট লগাব লাগে ৷ বচ, ইমানেই ৷
সেইখিনি লৈকে ঠিকেই আছিল ৷ কিন্তু তিনিয়ালি পোৱা পিছত গৰুৱে মোৰ অৰ্ডাৰ ফ'ল' নকৰা হ'ল ৷ মোৰ ইচ্ছাৰ বিপৰিত দিশৰ ৰাষ্টাত খোজ কাঢ়ি যোৱা গৰুৱে লাহে লাহে স্পীড নিজেই বঢ়াই দিলে ৷ এটা সময়ত স্পীড ইমানেই বাঢ়িব ধৰিলে যে কাষৰে চলাই যোৱা চাইকেল বোৰো লাহে লাহে পিছ পৰিব ধৰিলে ৷ ইফালে চিট বিহীন গৰু গাড়ীৰ জোকাৰণিত মোৰ টিকাও চেকচেকাব ধৰিলে ৷ উপাই নাপাই দুই ভৰি উঠাই ৰখ গৰু ৰখ...... হ গৰু হ.....ৰঙি ৰখ..... বগি হ ...হ ....বুলি উৰাই ঘুৰাই পিটিবলৈ ধৰিলো ৷ যিমানে পিটো গৰুৰ স্পীডো সিমানে বাঢ়ে ৷ উপাই নাপাই পদুলী মুখত ৰৈ থকা দুই এজন খুড়া বৰদেউতাক "দাদা গাড়ী খন ৰখাই দিয়ক" বুলি কাকুতি কৰিলো , কিন্তু কি হ'ব, মই কি কৈছো মানুহে বুজি পাই মানে গৰুৱে কাষৰ ঘৰৰ পদুলী পাৰ কৰে ৷ এটা সময়ত ব্ৰেক ফেইল হোৱা গাড়ীৰ দৰে নিজকে এৰি দিলো ৷ মোৰ অৰ্থাৎ ড্ৰাইভাৰৰ অৱস্থা দেখি হেন্দিমেনৰ ভয়ত জীৱ যাও যাও ৷ সি বোলে গৰু গাড়ী এক্সিডেন্ট কৰি মৰি জীৱনলৈ লাজ পোৱাতকৈ জপিয়াই দিয়াই ভাল বুলি "জয় চিয়া ৰাম" বুলি কৈ জপিয়াই দিলে ৷
মইও এবাৰলৈ জপিয়াই দিম ভাবিছিলো কিন্তু গাড়ীখনলৈ চিন্তা কৰিলো, লগতে গৰুৰ টিকাত দিয়া পিতন কেইটা যে মোৰ টিকাতো পৰিব ভাবি ৰৈ দিলো ৷ এটা সময়ত গৰুৱে এঘৰ মানুহৰ জপনা ভাঙি সোমাই দিলে ৷ ঘৰৰ মালিকেও অই কোনে জপনা ভাঙিলি বুলি লুঙি কোচাই দৌৰ মাৰি ওলাই আহিল ৷ পিছে আহি ইতিমধ্যে নিউট্ৰেল হোৱা গৰুগাড়ীখন আৰু মোক দেখি কিছু সময় ভেবা লাগি চাই বোলে এইকেইটা দেখোন আমাৰ পৰা পুৰ্ণেশ্বৰে কিনি নিয়া গৰু ৷ বোলে হওঁক বলধৰ পাব লগিয়া টকা কেইটা বিছাৰি গলে সদায় আজি দিম কালি দিম কৰে নহয়, ঘৰৰ গৰু আহি ঘৰ পালেহি, আহক বাপ্পেকে এতিয়া পুৰ্ণেশ্বৰে গৰু নিবলৈ ....

মই মনতে ভাবিলো ডাৰ বাৰীত মেলি দিয়া কাপোৰ কেইটা শুকাল নে নাই বা? চেহ এইবাৰ দুদিন হে থাকিব পালো .....

**************

No comments:

Post a Comment