Sunday 6 March 2016

দেউতা...poem

দেউতা...
তোমাৰ আঙুলিত ধৰি দিছিলো জীৱনৰ প্ৰথম খোজ
বোকোচাত উঠি পাৰ কৰিছিলো শৈশৱ ৷
তুমি আছিলা এজন নিপুন যোদ্ধা জীৱন সংঘৰ্ষৰ ৷
এজোপা বিশাল বৰ গছ
যাৰ ছাঁয়াত আকাশলৈ মুৰ তুলি চাব পাৰিছিলো আমি ৷
তুমিয়ে সাজি দিছিলা আকাশৰ তলত এখন ছাল
ৰ'দ বৰষুণ নপৰাকৈ যত নিৰ্ভয়ে পাৰ কৰিছিলো
শৈশৱ আৰু যৌৱন ৷
খনিকৰৰ দৰে গঢ়ি তুলিছিলা আমাক
মানুহ হিচাপে
সমাজত খুটি খাব পৰাকে ৷
তুমি আছিলা এজন দক্ষ শিক্ষক
শিকাইছিলা আকাশত উৰিবলৈ
সপোন দেখিবলৈ,
শিকাইছিলা সত্যৰ সন্ধান
জীৱন দৰ্শন ৷
এজন আদৰ্শবান পিতৃ আছিলা তুমি
কৈছিলা নৈতিকতাক বিসৰ্জন নিদিবলৈ,
দুখত বিচলিত নহবলৈ
ভুল পথে নাযাবলৈ
বিবেকৰ ওচৰত হাৰ নামানিবলৈ ৷
যুক্তিবাদি আছিলা তুমি,
ধৰ্মৰ গোৰামী বেয়া পাইছিলা ৷
বেয়া পাইছিলা মৰাক মাৰি কৰা ৰাজনিতি ৷
শোষনৰ বিপক্ষে মাত মাতিছিলা
সময়ত বজ্ৰ কঠিন সিদ্ধান্তও লৈছিলা
অকলেই দুখৰ সাগৰ সাতুৰিছিলা ৷
তোমাৰ গহীনতাৰ মাজত আছিল কোমলতা
এবুকু মৰম আছিল আনে বুজিব নোৱাৰা ৷
দুৰ্বলো আছিলা
ভনী জনিক উলিয়াই দিওতে জানো এসোঁতা কন্দা নাচিলা ...........
অভিজ্ঞতাৰে শিকাইছিলা আমাক জীৱনৰ নেওঁতা ৷
সুখি কৰিবলৈ আমাক তুমি নিজকে দিছিলা বিসৰ্জন
তুমিটো যন্ত্ৰ নাছিলা
তথাপি দৃঢতাৰে দেহাক পানি কৰি কৰিছিলা আৰ্জন ৷
আমাৰ প্ৰয়োজনৰ দিঘলীয়া লিষ্টখন পুৰন কৰি কৰি
তুমি হৈ পৰিছিলা বৃদ্ধ ৷
দেহাত বাহ সাজিছিল ৰোগে
তথাপি হোৱা নাছিলা ক্লান্ত ৷
পাহৰি গৈছিলা লবলৈ দেহাৰ যত্ন
পুৱাই পেটত এমুঠি গুজি
কান্ধত মোনালৈ ওলাই গৈছিলা তুমি
সুখ কিনিবলৈ আমাৰ বাবে
বুকু পাতি লৈছিলা নিজেই সকলো কষ্ট
পৰিয়াল আছিল তোমাৰ বাবে জীৱনৰ সৰ্বস্ব
কুটা কঢ়িয়াই কঢ়িয়াই তুমি কুজা হৈ গৈছিলা
তথাপি এটা সিংহৰ দৰে আজিবন
মুৰ ঠিয় কৰি আছিলা
আমাক জীয়াই থাকিবলৈ শিকাই থৈ গলা ৷
কৃতজ্ঞ আমি
কৃতজ্ঞ তোমাৰ প্ৰতিদান বিহীন
প্ৰতিটো কৰ্মৰ
মৰমৰ
দেউতা
তুমিহীনতাত বুজি উঠিছো আজি
তুমি আছিলা আমাৰ বাবে ইশ্বৰ
হাত মেলিলেই যত পুৰন হৈছিল সকলো সপোনৰ ৷

ৰং ....poem

ৰং ....
@ দেৱজিত শইকীয়া
আকাশ আজুৰি আনিছিলো এমুঠি নীলা
নালাগে দিয়া
নিদিও তোমাক ৷
নীলা ৰং বোলে বেদনাৰে ভৰা ৷
কৃষ্ণচুড়াকে খুজি আনো তাতকৈ অলপ ৰঙা
দিও দিয়া কপালতে তোমাৰ বেলি আঁকি
তুমি যদি সন্মতি দিয়া ৷
সোনাৰুৱে দিলে ৰং হালধীয়া ৷
নালাগে দিয়া নুচুবা
পৌঢ়তা ৷
তাতকৈ
কুঁহি পাতে দিযা ৰং সেউজীয়া
সানি দিও
দুহাত মেলা ৷
মেঘে দিলে শুকুলা ৰং
নিদিও তোমাক
নকৰো অকলসৰীয়া ৷
পলাশক কলো দিয়ানা
তোমাৰ কিঞ্চিত সুমথিৰা
সানিবলৈ মোৰ প্ৰেয়সীৰ গালে মুখে ৷
বেজাৰ বুলিয়া বেঙুনীয়া বোল দিলে
মোক আজাৰ ফুলে ৷
যদি তুমি নাহা মোৰ জীৱনলে
সানি লম দেহে মনে ৷
উতলা ফাগুনে কলে
ৰং সনাৰ বতৰ আজি
দৌলত উৰিছে আবিৰ
সেয়েহে আনিছো বিছাৰি
জীৱনৰ ৰং বোৰ
তোমাকে দিম বুলি ৷
কি ৰঙে শুৱাব তোমাক
আছো তাকেই ভাবি
তুমি যদি কোৱা
সানি দিব পাৰো মই
কলিজা ফালি
এটোপাল ৰঙাৰে
মোৰ জীৱনলৈ অহা পদুলী
তোমাৰ শিৰত আঁকি ৷

তুমিহীনতাত মই .....poem

তুমিহীনতাত মই .....
@ দেৱজিত শইকীয়া
অকলসৰীয়া আজি অসহায়
বতাহ আছে
জোন বেলি তৰা সকলো আছে
বুকুৰ মাজত তুমিও আছা
তথাপি যেন নিৰুপাই ৷
আজি মোৰ বৰকৈ তোমাক চুই চাব মন গৈছে
তোমাৰ কোলাত শুই
নিজকে হেৰুৱাব মন গৈছে ৷
বহুদিন হল
আঙুলী বুলাই নিদিয়া
তুমি মোৰ আউল চুলিত ৷
কিয় বাৰু
তুমি কাষত নহলে
মোৰ সপোনে বাট হেৰুৱাই
জীৱনে অথালিয়ে পথালিয়ে গতি কৰে
দুচকুৱে চাবলৈ বিছাৰে তোমাক ঘনাই ঘনাই ৷
হুমুনিয়াহ মাথো হুমুনিয়াহ
যন্ত্ৰনা
আজি বুজাব নোৱাৰা ৷
দেহত জ্বলিছে কামনাৰ জুই
তৃষ্ণাতুৰ মনত
তোমাক পোৱাৰ বাসনাই গল যে চুই ৷
শুকান মনত বৰষুণ হৈ
আহানা মোৰ বাবে তুমি
হাতে ধুকি পোৱাত
এবাৰ
মাথো এবাৰ ৷
চুই চাই অনুভৱ কৰো
মৰমবোৰ
অকলসৰে নিজানত তোমাৰ মাথো তোমাৰ ৷
জানা ,
তোমাৰ দেহৰ ভাজে ভাজে
থকা মৰম বোৰে
বুকুলে শিতলতা আনে ৷
দিয়ানা বাকি আজি এপিয়লা ৷
কথা দিলো
মৰমৰে ধাৰ শুজিম তোমাৰ সদায
জীৱন থকালৈকে
নিজকে বিলাই ৷

স্পৰ্ষৰ অনুভৱ ...poem

স্পৰ্ষৰ অনুভৱ
@দেৱজিত শইকীয়া
৪৴৩৴২০১৫
আবেগৰ স্পৰ্ষ
হৃদয়ৰ কোনোবা কোনত
হেঙুল হাইতাল আজি মোৰ শুকুলা মনত ৷
উদাসী মনৰ পাপৰিক কি ৰঙে শুৱালে
কৃষ্ণচুড়াৰ ৰং যেন বুকুত বুলালে ৷
ন আশাৰ ঢৌৱে ধুৱালে আতুৰ পৰান
উলাহে নভৰা হিয়াক আজি বুজাবলে টান ৷
আশাৰে গাঠিলো চেনেহৰ বান্ধোন
সপোন সপোন যেন তুমি মোৰ বুকুৰ আপোন ৷
ফৰকাল আজি মোৰ মনৰ আকাশ
নিশাটিও হল যেন জোনাকী জোনাক ৷
মৰমৰে বোল বুলালা তুমি মোৰ প্ৰানত
হেপাহৰ এপাহ পাৰিজাত ফুলি উঠিল যেন মোৰ জীৱনত ৷
ফাগুনৰ দৰেই তুমি উতলা
তোমাক চালেই
তোমাক চুলেই
কিয় বাৰু হও উন্মনা ৷
তুমিয়ে সানিলা
সেউজীয়া আবিৰ মোৰ শুকান ডালত ৷
সৰা পাত আতৰাই মেলিলে
কুঁহি পাত কুমলিয়া মোৰ দেহত ৷
স্নেহাসিক্ত স্পৰ্ষই তোমাৰ
মতলিয়া কৰিলা মোক ৷
তোমাৰ স্পৰ্ষত প্ৰাণ পাই উথিল জীৱন
উতনুৱা হল মোৰ যৌৱন ৷
ৰঙা ৰঙে তোমাৰ মোৰ মন বননিত
ৰঙিন কৰিলে সপোন
ফাগুনৰ দৰেই তুমি নে
তোমাৰ দৰেই ফাগুন
তুমিয়ে কোৱাচোন মোৰ
কিয় বাৰু তুমি মোৰ বুকুৰ আপোন ৷ ৷ ৷ ৷

বেতন .......(poem)

বেতন .......
@দেৱজিত শইকীয়া
৫৴৩৴২০১৫
বেতন
তই মোৰ বাবে পূৰ্ণিমা
প্ৰতিটো মাহৰ পহিলা তাৰিখত পোৱা কিছু শান্তনা ৷
জোনৰ দৰেই কমি আহে তোৰ
দেহৰ আকাৰ
মাহৰ মাজতেই আন্ধাৰ
আকৌ বাঢ়ি আহে আশা
কাঁচি জোনৰ দৰে
পুনৰ যে তোক লগ পাম পূৰ্ণিমাৰ দিনা ৷
তোক চোন মোৰেই ঘাম ঘাম গোন্ধাই
প্ৰতি টোপাল তেজত মোৰ তই আছ যে লুকাই
তোৰ নামতে অৰ্পন জীৱনৰ আধাফাল ৷
পৰিয়ালৰ পৰা সময় কাঢ়ি তোৰ লগত লাগি লাগি
কেতিয়া যে বয়স ভাটি দিয়ে গমকে নাপাই ৷
মাহত এদিন ফুলা ফুল তই
মোৰ মনোবল
দেহাৰ বল হেৰুৱাই আৰ্জন কৰা কষ্টৰ ফল ৷
তোক কামিজৰ পকেটত থবলৈকে ভয়
যিহে ডাঙৰ ফুটা
জানোচা সৰকি যাৱ ৷
জীৱনৰ প্ৰয়োজনীয় দিঘলীয়া সামগ্ৰীৰ লিষ্টখনতকৈ
যদিও তই অলপ তাকৰ
তথাপি জীয়াই থাকিবলৈ জোৰা তাপলি মাৰি
মোৰ বাবে তই সদায় যুঁজি থাক ৷
তই মোক সকলো দিছ ৷
ভোকৰ ভাত
দেহাত কোপোৰ
আকাশ ধকা এখন চাল ৷
আচলতে
মোৰ পৰিয়ালটোক যেন মই নহয়
তই হে জীয়াই ৰাখিছ ৷
মোৰ অবিহনেও তই
সিহতক যে চাবি মই জানো ৷
সেয়ে তই মোৰ বাবে
ৰদৰ তাপত দেই নিয়া দেহা জুৰ পেলাব পৰা
এটা শীতল পূৰ্ণিমা ৷
এটা বিস্বাস
সপোন দেখিব পৰা ৷ ৷ ৷ ৷ ৷

ফাকুঁৱা বুলি দেই (poem)

ফাকুঁৱা বুলি দেই
@দেবজিত শইকীয়া
আকুলি বাকুলি হীযা মোৰ তোমালে বুলি
মন আজি মোৰ
তোমাৰেই আউলী বাউলী চুলি
জ্বলিছো আজি অকলসৰে
অগনি মোৰ দেহে মনে
তোমাৰ সাগৰ নীলা দুচকুত
ডুবি যাব পৰা হলে
বুকুত বুৰ মাৰি
উজাই গলো হয উজনিলে
মৰম বিছাৰি ভটিয়াই গলো হয় নামনিলে ৷
মোৰ জীৱন লুইতৰ
মাজুলী তই
বুকুৰ মাজতে আছো তোক সাবটি লৈ ৷
ৰঙা ৰঙা মন আজি
উতলি উথিছে যৌৱন
দেহতো আজি পলাশৰ ৰং
নীলা নীলা বেদনা নিদিবি আজি
দিয় যদি দে
এবুকু মৰম
গোপনে সানি লম
আবিৰ বুলি
অকলসৰে ৷ ৷ ৷ ৷ ৷

হে নাৰী ...আন্তৰ্জাতিক নাৰী দিৱসত প্ৰতি গৰাকী নাৰীলৈ মোৰ শব্দৰে একাঁজলী শ্ৰদ্ধা নিবেদন .....

আন্তৰ্জাতিক নাৰী দিৱসত প্ৰতি গৰাকী নাৰীলৈ মোৰ শব্দৰে একাঁজলী শ্ৰদ্ধা নিবেদন .....
@দেবজিত শইকীয়া
(8 March)
হে নাৰী
হে নাৰী অপৰুপা অৰ্ধআকাশ
তোমাৰ কোলাতেই হলো যে বিকাশ ৷
তুমি জননি
তুমি মোহিনী
অনুপম সৃষ্টি তুমি সৃষ্টি কৰ্তাৰ ৷
সুকোমল হৃদয়া দেৱীৰূপে বন্দিতা
মাতৃ তুমি
স্নেহ দাতৃ
অমৃতপোষন
পালন
গৰ্ভে ধাৰন কৰ্তা
অনন্যা মা তুমি
তোমাৰ চৰণে তীৰ্থ দৰ্শন ৷
ভগ্নী ৰূপে হে নাৰী তোমাক নমন
ভগাই ললা তুমি মোৰ দোষবোৰ
দেউতাৰ বকনি মাৰ গালি
শৈশৱৰ লগৰি তুমি
হাঁহি আৰু ধেমালীৰে যাঁচিলা স্নেহবন্ধন ৷
সৰু হৈও আইৰ পিছতে তুমি মোৰ বাবে ওৰেটো জীৱন ৷
হে প্ৰেয়সী নাৰী, মোৰ হৃদয়ৰ কোঁহে কোঁহে
প্ৰনয়ৰ জোৱাৰৰে জোকাৰি যোৱা যৌৱনত
এবুকু মৰমৰে তুমিয়েটো কৰিছিলা
মোৰ কলিজাত প্ৰেমৰ অংকুৰন ৷
কৃতজ্ঞ মই
কৃতজ্ঞ মই তোমাৰ প্ৰতিদানহীন মৰমৰ ৷
হে প্ৰিয়তমা পত্নী,
গোত্ৰ চিঙি মোৰ গৃহে অহা লখিমী
বৌ বোৱাৰী আৰু যে কত কি ৰূপে
সজালাহি আহি মোৰ ঘৰখনি ৷
সহযোদ্ধা তুমি মোৰ সুখত সুখী দুখত দুখী
সন্তানৰ সুখ দিলা
ভোকত ভাত মৰমৰ মাত
লাগ বুলিলেই যত যতনাই দিয়া সকলো পাতিলেই হাত ৷
কত যে কষ্ট সহিও হাঁহি মুখে মোক সহ্য কৰা
হে প্ৰিয়তমা নাৰী তোমাক নমন ৷
দুহিতা ৰূপি পিতৃআজ্ঞাকাৰী হে নাৰী
তোমাকো প্ৰণাম ৷
মোৰ গৃহে জন্মি মোক কৃতাৰ্থ কৰিলা তুমি ৷
দেউতা বুলি মতা মৰমৰ মাতষাৰ
আল ধৰা, শ্ৰদ্ধা আৰু যতন
আৰু যে কত কি
তোমাকো কৰো নমস্কাৰ ৷
হে নাৰী শতৰূপা
প্ৰতি ৰূপে অপৰূপা
শক্তিশালী সহনশীলা
ধৈৰ্য্য মমতা আৰু ক্ষমাশীলা
তুমি অনুপমা
তোমাৰ তুলনা নাই ৷
শব্দৰে যাঁচিলো শ্ৰদ্ধা
নতশিৰে কৰিছো তোমাক প্ৰনাম
তোমাক প্ৰনাম ৷ ৷ ৷ ৷ ৷ ৷

মায়া ...(poem)

মায়া
@দেবজিত শইকীয়া
লাহে লাহে মই হেৰাই যাব ধৰিছো
আপোন আপোন লগা জোনাকী মায়াত
সাবটি লৈছো নিজৰ বুলি
পৰিচয় বিহীন অনামী আশাক ৷
আবেগত বিলিন কৰি পেলাইছো নিজকে
ধুৱলী কুঁৱলী যদিও ধুসৰ বাট ৷
পোৱা নোপোৱাৰ আলিদোমোজাত আবদ্ধ
আজি মই তোমাৰ দৃষ্টিৰেই শৰবিদ্ধ
চটফটাই আছো
তথাপি বিছাৰি পাইছো এটা কাৰন
জীয়াই থকাৰ ৷
নিজকে হেৰুৱাই
বিছাৰি পাইছো তোমাক ৷
এটি ঠিকনাৰ পম খেদি
মই যে খোজ দিব লৈছো তোমাৰ বুকুলৈ
মোৰ বুলিবলৈ মাথোন এখন হৃদয় আছে
তোমাক দিবলৈ ৷
নিৰ্ণয় কৰা তুমিয়েই মুল্য
মোক মাথো দি যোৱা বিনিময়ত
তোমাৰ হৃদয়ৰ একোঠালি
জীয়াই থাকিবলৈ ৷
দি যোৱা তোমাৰ বিস্বাস
দুখৰ দিনতো খামুচি লবলৈ
তোমাৰ দুহাত ৷

কবিতাৰ বেদনা .......(poem)

কবিতাৰ বেদনা .......
@দেবজিত শইকীয়া
মোৰ কবিতাই উচুপে নিৰবে
প্ৰেমত পৰিছিল হেনো তাই গোপনে ৷
কোনোবা দুৰনীৰ ৰিনি ৰিনি ভাহি অহা বাঁহীৰ সুৰত
তাই হেনো হৈছিল মতলীয়া ৷
উজাৰী দিছিল তাইৰ কুমাৰী ভালপোৱা ৷
কাৰন সেই সুৰটি আছিল ভাল লগা ৷
পিছে
কও বুলিয়েই জানো কব পাৰি সকলো কথা ৷
লিখো বুলিলেই লিখিব নোৱাৰি যি দৰে কবিতা এটা ৷
তাই
আছিল চঞ্চলা
যৌৱনৰ দুৱাৰ দলিত খোজ দিব গৈ
উজুটিত চিঙিল ভৰিৰ পতা ৷
সেয়ে
আজি তাই উচুপে নিৰবে ৷
নাই ভাষা আজি তাইৰ মৌসনা ৷
শব্দতো ক্ষোভ ৷
সুৰটিটো আছে স্মৃতিয়ে জ্বলোৱা জুইকুৰা ৷
মোৰ কবিতাই
সেয়েহে উচুপে
তাই প্ৰেমত পৰা দিনৰে পৰা ৷ ৷ ৷ ৷ ৷

তোমাক যেতিয়া লগ পাও.......(poem)

তোমাক যেতিয়া লগ পাও.......
@দেবজিত শইকীয়া
আজি এজাক বৰষুণ অহাৰ কথা
বৰষুণৰ শব্দৰে আজি এটা কবিতা লিখিম
লিখিম শুকান পাতৰ যৌৱন হেৰুৱাৰ বেথা ৷
লিখি যাম ধুমুহাই গছকি যোৱা গছৰ হিয়া ভঙা কান্দোনৰ কথা ৷
সেউজীয়াৰ প্ৰতিক্ষাত
প্ৰতিটো দিন প্ৰতিটো পল কিদৰে পাৰ হয়,
পাৰ হয় প্ৰতিটো ধুলিয়ৰী বিষাদ নিশা ৷
লিখিম আজি
শুকান মাটিৰ আনে নুবুজা বেদনাৰ কথা ৷
আজি মোৰ দুখৰ
কামিজটো খুলি থম ৷
উদং বুকুত বৰষুণৰ স্পৰ্ষৰে বলিয়া হম
আচলতে বলিয়াইহে বেদনা বুজি পাই
বলিয়া নহলে জানো কোনোবাই কাৰোবাক ইমান ভাল পাব পাৰে?
আজি প্ৰতি টোপাল পানী মই চুই চাম
অনুভৱ কৰিম মাটি আৰু পানীৰ মৰম
ঠিক মোৰ আৰু তোমাৰ দৰেই ৷
আচলতে কি জানা ?
তুমি বুলিয়েই মই বৰষুণক চুই চাম
কাৰন তুমি বৰষুণৰ দৰেই ,
যাৰ অপেক্ষাত থাকে শুকান পথাৰ
শুকান গছ
আৰু
মোৰ শুকান উদাসী আতুৰ মন ৷ ৷ ৷

১৬/৩/২০১৫

দৰং কলেজৰ নষ্টালজীয়া (poem)

দৰং কলেজৰ নষ্টালজীয়া
@দেবজিত শইকীয়া
মেৰুন চুৰিদাৰ বগা চুৰ্ণী লৈ
চুলি মেলি কলেজ অহা ছোৱালী জনি ৷
কত থাকা বাৰু তুমি আজি কালি ৷
সপোনৰ ৰাজকুমাৰ জন বিছাৰি পালানে ?
বৰকৈ মন গৈছে আজি মোৰ জানিবলে ৷
আচলতে মইও আছিলো এজন
উন্মাদ প্ৰেমিক তোমাৰ হৃদয়ৰ ৷
যদিও কলেজৰ শেষৰ বেঞ্চৰ পৰা তোমালৈ বুলি
দুৰত্ব আছিল এক আলোক বৰ্ষৰ,
নিমিলিল সুত্ৰ তোমাৰ মোৰ আপেক্ষিকতাবাদৰ
তথাপি তোমাৰ প্ৰেমৰ পৰ্য্যাবৃত্ত তালিকাৰ
এটা মৌলৰ দৰে ৰৈ আছিলো
ৰসায়নিক বিক্ৰিয়া এটা হব হব বুলি ৷
হয়তো তুমি আছিলা সম্ভ্ৰান্ত
অথবা মই আছিলো এটা নিস্ক্ৰীয় মৌল ৷
পিটুইটেৰী গ্ৰন্থীত ৰসায়নিক বিক্ৰিয়া নোহোৱাকৈয়ে
সেয়ে বাগৰি গল কলেজীয়া জীৱনৰ তিনিটা বসন্ত ৷
নাপালো বুজি তোমাৰ এপ্লাইড মেট্চৰ প্ৰতিপাদ্য ৷
প্ৰেক্টিকেলৰ চোকা স্কেলপেল খনৰে যদি
কলিজা ফালি দেখুৱাব পাৰিলোহেতেন
সিৰা উপসিৰাইদি বৈ থকা তোমাৰ নাম ৷
কিজানি বুজিলা হেতেন ৷
কেন্টিনত বহি
চিগেৰেট হুপি দেখা সপোনবোৰ
যদি ফলিয়ালে হয় ৷
জেৰক্স কৰা বটানিৰ নোটচৰ মাজত
যদি দিব পাৰিলো হয় এখন চিঠি ৷
অথবা
দিব পাৰিলো হয আৰ্চিচৰ এখন কাৰ্ড বা এটা টেডি গিফ্ট ৷
গীটাৰ বজাই এটা গান গাই শুনাব পৰা হয়
মহাবিদ্যালয় সপ্তাহত এচুকত বহি ৷
চাল্লা, সলনীয়েই হৈ গল হয জীৱন ৷
ধুৰ কি যে হৈ গল ৷
যদিও একোকে নহল দিয়া
কোৱা নহল মনৰ কথা
তথাপি প্লিজ তোমাৰ প্ৰেমিক নাচিলো বুলি নকবা ৷
এতিয়াও যদি লগ পোৱা
মোৰ হাতত চাবা
এ প্লাচ ডি তাহানি লিখা এতিয়াও দেখা পাবা ৷
তুমি আহিছিলা হোষ্টেলত থাকি পঢ়িবলৈ
মই আহিছিলো কলেজলৈ মাথোন তোমাক চাবলৈ ৷
ৰেজিস্টাৰ বহীত চাগৈ এতিয়াও আমাৰ নাম জিলিকি আছে
যদিও এতিয়া তোমাৰ উপাধী সলনি হৈছে ৷
নষ্টালজীয়া কিন্তু এতিয়াও মোৰ একেই আছে ৷ ৷ ৷ ৷ ৷ ৷

দশমিক নজনা শিক্ষক জন ......

দশমিক নজনা শিক্ষক জন ......
@দেবজিত শইকীয়া
দশমিক নজনা শিক্ষকজন আছিল
মোৰ জীৱনৰ প্ৰথম জন শিক্ষক
তেঁও নাজানিছিল
গছৰ পৰা আপেল সৰিছিল নে নিউটন ৷
শুনা নাছিল সেক্সপিয়েৰৰ নাম অথবা নাটক ৷
তথাপি
তেঁওৰ বিশ্বাসে মোক দিছিল দুৰন্ত গতি ৷
যদিও তেঁও নাজানিছিল ত্বৰণ, দ্ৰুতি অথবা
প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰিত মুখি প্ৰতিক্ৰীয়া থাকে বুলি
তথাপি তেঁও শিকাইছিল সৎ কৰ্মৰ সমানে সুফল পাই বুলি ৷
জীৱন নাটৰ মঞ্চ কঁপাই
নিজস্ব শৈলীৰে এটা সংলাপ কৈছিল
"আনৰ বাবে জীয়াই থাক বোপা
জীয়াই থাকিবিহঁত হাঁহিৰে চকুলো ধাকি ৷"
তেঁও নাজানিছিল বাৰংবাৰতাৰ সুত্ৰ
অথবা বীজগণিতৰ তত্ব ৷
তথাপি কৈছিল জীৱনটো এটা সৰল অংক ৷
"জটিল নকৰিবি বোপা উত্তৰ উলিয়াবলৈ বৰ কষ্ট ৷"
তেঁও জনা নাছিল
ৱৰ্টচৱৰ্থ অথবা শ্যেলী প্ৰকৃতি প্ৰেমী কবি আছিল
নে শালী ধানৰ সঁচ ৷
জানিছিল মাথো শাওনৰ পথাৰ
আঘোনৰ মেট মৰা ডাঙৰী ৷
আচৰিত যে
বলধ হালকো তেঁও মানুহৰ দৰেই ভাবিছিল ৷
মাতটোও আছিল তেঁওৰ কৰ্কশ আৰু হুতা ৷
তথাপি কথাবোৰ আছিল অনুভুতি ভৰা যেন একো একোটা কবিতা ৷
পথাৰৰ পৰা চহৰৰ বনিয়াৰ গোলাই আছিল তেঁওৰ ভূগোল ৷
আজু ককা, ককা দেউতাৰ কথাকে ভাবি লৈছিল বুৰ়ঞ্জী ৷
তেঁও কাহানিও বিদ্যালয় দেখা নাছিল
কিন্তু জানিছিল
মাথোন কলা আখৰ বগা কাগজতহে
মানুহ হোৱাৰ সপোন ৰচিব পাৰে ৷
চহাই মৈয়াই শাওনত সোনগুটি সিচাঁৰ দৰে ৷
সেয়ে নিজে হালৰ মুঠিত ধৰি
মোৰ হাতত গুজি দিচিল এডৰা সপোন ৷
সেই সপোন দেখা পিতাইৰ ওচৰত মই কৃতজ্ঞ
তেঁও আছিল মনিষি
জীৱনৰ সত্য শিকাব পৰা এজন প্ৰকৃত জ্ঞানী ৷
যদিও তেঁওৰ জ্ঞানক বছৰৰ শেষত শতাংশৰে জুখিব নোৱাৰি
তেঁও আছিল মোৰ জীৱনৰ প্ৰথমজন শিক্ষক
যাৰ ওচৰত নিজকে মোক এটা দশমিক যেনেই লাগে
এটা দশমিক আৰু পিছত বহুতো শূন্য ৷ ৷ ৷ ৷ ৷ ৷

যন্ত্ৰ মানবৰ সমাজত এটা মানব দেহৰ মৃত্যু হল .........(poem)

যন্ত্ৰ মানবৰ সমাজত এটা মানব দেহৰ মৃত্যু হল .........
কবিতা নহয় @দেবজিত শইকীয়া
মৃত্যুৰ অপেক্ষাত অতদিন জীয়াই থকা
এটা দেহৰ আজি মৃত্যু হল ৷
আচলতে কোনেও গমকে নাপালে
কেতিয়ানো মৃত্যু হল ৷
চকু মেলি চিৰ নিদ্ৰাত থকা দেহাটোৰ
চাগৈ কিমান আশা আশা হৈয়ে ৰ'ল ৷
হোমাগ্নীক সাক্ষী কৰি সাতো জীৱনলে একেলগে
থকাৰ প্ৰতিশ্ৰুতি দিয়া জনেও
দেহাটিত জীৱন থাকোতেই আতৰি গল ৷
যি সপোনৰ বাবে দেহাটিয়ে কষ্ট কৰিলে আজিবন
সেই সপোনেই পুৰনী ঘৰত পেলাই থৈ
লগৰীৰ সৈত্যে নিজে দালান সাজিব গল ৷
ৰুগ্ন শৰীৰ ভগ্ন হৃদয়ৰ অকলসৰে দেহাটি
বহু দিন নমৰাকৈয়ে জীয়াই আছিল ৷
পিছে আজি তেঁও নিজে দেহাটি এৰি থৈ গল ৷
চৌ দিশ নিমাও মাও
কৰবাত যদি কোনোবাই কান্দিছে দেখা নাপাও ৷
জীয়াই থাকোতে মাত এষাৰ দিব নোৱাৰা সকলৰ
আজি কি যে লৰা ধপৰা খবৰ লবলৈ ৷
শুনিছো আজি দেহাটিৰ বিষয়ে দুই এটা ভাল কথা
নাজানো সঁচা নে মিছা ৷
মাজে মাজে শুনিছো তিথি তিলানী আৰু মাহেকীয়াৰ কথা ৷
এজনে সুধি থৈ গল
মুখাগ্নী কোনে কৰিব ?
বিদেশত থকা ডাঙৰ লৰাটো জানো আহি পাব?
অজাতি অনা সৰুটোৱে জানো আমাৰ নিয়মত কাম লব?
যি দেখিছো দেহাটো আজি বাহী শ হব ৷
কাউৰী শিয়ালো নোহোৱা হল
যে পেলাই থৈ আহিলে কোনোবাই খাব ৷
আৰু সমাজ
সমাজ আজি বহুত ব্যস্ত ৷
নিজৰ বাবেই সময় নোলাই কোনে কাৰ খবৰ লয়
সময় বোৰ অবাবত অপচয় ৷
ইমান দিনে থিকেই আচিল ৷
দেহাটিৰ মৃত্যু হৈ হে যেন অসুবিধা হল ৷
দেহাটি চালো
যৌৱনৰ সেই গোলাপী দুগাল আজি ফুট চাই ৷
চালে চকুৰোৱা যেই চকুজুৰি
গাতত আজি মনিবকে নোৱাৰি ৷
যি দেহাৰ সৌন্দৰ্য্যতাৰ বাবে
এই সমাজে ঘুৰি ঘুৰি চাইছিল
ঈৰ্ষাত অথবা এৰাতিৰ বাবে পোৱাৰ আশাত ৷
আজি সহাৰি নাই সময নাই কাৰো বিদায়ি বেলাত ৷
সমাজক কিনো কম
গৰ্ভত জন্ম দিয়া কীট কেইটাও কুটি কুটি খালে জীৱন কালত৷
মৃত্যুত কি সতে বাৰু কান্দিব
দুগালে দুধাৰি চকুলো ওলাব ৷
বীমাৰ ধনৰ আশাত যদিও আহিব
সময়ৰ অভাব বুলি তিনি দিনতে সকলো অতাই আতৰি যাব ৷
আচলতে দেহাটিক মোৰ কব মন যাই ৷
চকু মেলাৰ পৰা মুদালৈ যি পালা
এটা সপোন বুলিয়েই পাহৰি যোৱা ৷
অকলেই আহিছিলা অকলেই যোৱাগৈ ৷
খালি হাতৰেই তোমাক বিদায় ৷
যন্ত্ৰ মানৱৰ সমাজৰ পৰা হে তেজ মঙহৰ মানুহ
তোমাক বিদায় ৷ ৷ ৷ ৷ ৷ ৷ ৷

নীলা চৰাই (poem)

নীলা চৰাই
@দেবজিত শইকীয়া
তুমিটো জানাই মই প্ৰেমিক চৰাই
লৈ যাম এদিন
তোমাক তোমাৰ পৰা উৰুৱাই ৷
থৈ দিম তোমাক ওৰেটো জীৱন
মোৰ বুকুৰ বৰ পেৰাত ভৰাই ৷
সপোনৰ পাখী মেলি দিলে তুমি
কল্পনাৰ আকাশত মোকেই দেখা পাবা ৷
অকলেই ৰৈ আছো
তুমি অহাৰ বাটত ৷
যদিও মই
বিষাদ বৰনীয়া
তোমাৰ বাবেই চিকুনাই থৈছো
মোৰ হৃদয়লে অহা বাট ৷
বাটত ৰৈ শুনিবা
কৰুন বিননিত যাৰ উচুপে দুৰৈৰ তৰাই
বুকুৰ এন্ধাৰৰে কলা হয় যাৰ প্ৰতিটো নিশাই ৷
দুখৰ পজাত
সুখৰ আশাত
ৰৈ আছে তোমালে এখন হৃদয়
সাঁচতিয়া মৰমৰে তোমালে এজন প্ৰেমিক চৰাই ৷ ৷ ৷

পোনা দা....( ইন্দ্ৰ বনিয়া দেৱে অভিনয় কৰ চলচিত্ৰ সমুহৰ নামেৰে তেঁখেতক একাজলী স্ৰদ্ধাঞ্জলী)

পোনা দা............
@দেবজিত শইকীয়া
( ইন্দ্ৰ বনিয়া দেৱে অভিনয় কৰ চলচিত্ৰ সমুহৰ নামেৰে তেঁখেতক
একাজলী স্ৰদ্ধাঞ্জলী)
পোনা দা
সিদিনা শুনিলো হঠাতে তোমাৰ হেনো বৰকৈ অসুখ ৷
ভাবিলো তোমাৰ দৰেই কোনোবাই কৌতুক কৰিছে ৷
ইমান হহুৱাই থকা মানুহটোৱে
জানো আমাক কন্দুৱাই ইমান সোনকালে যাবগৈ পাৰে?
পিছে বহাগৰ দুপৰীয়া বিহুৰ বতৰা লবলৈ তুমি নৰলা
চতৰ শুক্লা ষষ্ঠিৰ নিশা তুমি গলাগৈ ৷
নিদিয়াকৈ কাকো মইনাৰ মৃত্যুৰ সংবাদ ৷
হালধীয়া চৰাই
তুমি গলাগৈ ৷
মোৰ বুকুৰ বাও ধান খাই ৷
আজি তোমাৰ অগ্নিস্নান ৷
খোজ দিলা তুমি দেবতাৰ দেশত ৷
দেখিলা তুমি জীৱন নদীৰ দুটি পাৰ ৷
গলাগৈ তুমি নেদেখা নদীৰ সিপাৰে
আমাক কন্দুৱাই ৷
নাই আজি জাংফাই জোনাক ৷
এইয়াই জোনাক বিহীন জীৱন ৷
পোনা দা,
তুমি যি হে ফুচুৰি
উৰ্বশীক গৈ নকবা আকৌ যৌৱনে আমনি কৰে
মৰমী হবানে লগৰী ৷
পোনা দা,
তুমি হীনতাত
অসমীয়া কথাছবিৰ
সুৰুজ হেৰাল ধ্ৰুৱতৰা লুকাল
পাপৰি সৰিল
জেতুকীৰো আজি উত্তৰকাল ৷
হলধৰৰ হাল
মীমাংসা কৰিবলৈ
নাই আজি তুমি নাই ৷
কান্দিছে আজি মৎসগন্ধাই ৷
মৃত্যু হল অনাঁতাৰৰ
ঘিনাই সাতোলাৰ ৷
হহুৱাই কন্দুৱালা তুমি ৷
বৰকৈ মনত পৰিছে তোমালৈ
মন গৈছে শুনিবলৈ
আকৌ এবাৰ অনাতাৰত তোমাৰ অপৰুপা মাত
মন গৈছে চাবলৈ ৰুপালী পৰ্দাত ৷
পোনা দা
সুখী হোৱা মৃত্যুৰ সিপাৰেও ৷
পাহৰিব নোৱাৰা তোমাক কাহানীও৷
সেন্দুৰ, পূজা, শ্ৰীমতি মহিমাময়ী
আই কত নাই ধুনীয়া তিৰোতাবোৰ,
ৰঙা মদাৰত অভিনয়ৰে আমাক মোহিত কৰা
ইন্দ্ৰ বনিয়া দাই ৷
তোমাক অশ্ৰু অঞ্জলীৰে যাঁচিলো বিদায় ৷
মোৰ কবিতাৰ শব্দৰে তোমালৈ শেষ উপহাৰ

১০ মে মাতৃ দিৱস উপলক্ষে মোৰ মা

১০ মে মাতৃ দিৱস উপলক্ষে মোৰ মা
আৰু পৃথিৱীৰ প্ৰতি গৰাকী মাতৃলৈ উসৰ্গিত মোৰ শব্দৰ দুশাৰী ....
@দেৱজিত শইকীয়া
মই ভুমিষ্ঠ হোৱাৰ দিনা প্ৰথম বাৰলৈ লগ পাইছিলো পিতাইক
বহু বসন্ত পাৰ কৰি পত্নীক আৰু
জীৱনৰ দুকুৰি দহত মোৰ দুহিতাক ৷৷
কিন্তু মা,
তোমাক লগ পাইছিলো জন্ম নহওতেই
দহ মাহ দহ দিন আগতেই ৷
সিদিনাৰ পৰাই তোমাৰ মোৰ সম্বন্ধ ৷
মোৰ আগমনত সিদিনা তুমি বহুত সুখী হৈছিলা ৷
আৰু মই
তোমাৰ দেহত তোমাৰ আপ্যায়নত
লাহে লাহে বাঢ়ি আহিছিলো
যি অবয়ব আজি মোৰ পৰিচয়
সেই অবয়বৰ প্ৰথম আকাৰ পাইছিলো ৷
ভ্ৰণৰ পৰা ভুমিষ্ঠ হোৱালৈ
কেৱল তুমি আৰু মই
অনুভৱ কৰিছিলো
তোমাৰ মোৰ সম্বন্ধ
পৃথিৱীৰ সকলো সম্বন্ধই আৰম্ভ হয়
চকুৰে দেখা হোৱাৰে পৰা ৷
কিন্তু তোমাৰ মোৰ সম্বন্ধ
ইজনে সিজনক নেদেখাৰে পৰা ৷
অনুভৱী সম্বন্ধ ৷
সম্বন্ধ দেহৰ, স্পন্দনৰ, তেজ আৰু মঙহৰ ৷
মা,
তোমাৰ জড়ায়ুৰ পৰাই মোৰ জীৱন আৰম্ভ ৷
মোৰ বুকুৰ ধপধপনি তুমিয়েই প্ৰথম অনুভৱ কৰিছিলা ৷
অনুভৱ কৰিছিলা কিদৰে তোমাৰ দেহাৰ ৰস চুহি
জীয়াই আছিলো মই ৷
মা,
তুমি কমকৈ শুইছিলা
মই শুই যাও বুলি
কমকৈ খাইছিলা
উদৰত যাতে মই বাঢ়িব পাৰো মোৰ দেহাৰ জোখাৰে ৷
মই উজাই গলেই কষ্ট হৈছিল তোমাৰ
উশাহ লবলৈ ৷
তথাপি অনুভৱ কৰিছিলা তুমি সুখ ৷
মা,
সৰুৰে পৰাই মই দুষ্ট আছিলো
কষ্ট দিছিলো
দিছিলো তোমাক বেদনা
প্ৰসৱৰ ৷
তুমি নিৰবে সহিছিলা
সহনশিলা আই
কেনেকৈ বাৰু সহিছিলা তুমি
দেহা ফালি যেতিয়া মই ভুমিষ্ঠ হৈছিলো ৷
দুয়ো কান্দিছিলো
তুমি সুখত
আৰু মই ?
তোমাৰ দেহাৰ আশ্ৰয় হেৰুৱাৰ দুখত ৷
মা,
পৃথিৱীত ভৰি দি বুজিলো
তোমাৰ কোলাই মোৰ স্বৰ্গ ৷
তোমাৰ বুকুতেই অমৃত বই
যি চোহা মাৰি আহাৰ অবিহনে জীয়াই থাকিলো মই ৷
মা,
কিয় বাৰু মই ডাঙৰ হলো
হেৰুৱালো তোমাৰ কোলা
মোৰ মুখত তোমাৰ হাতৰ প্ৰতিটো গৰাহ
হেৰুৱালো হাত বুলাই মোৰ কপালত
তুমি গোৱা নিচুকনী প্ৰতিটো নিশা ৷
মা,
তুমি মোৰ ইশ্বৰ
মোৰ জীৱন দাতৃ জননী তুমি
বিছাৰো তোমাৰ চৰনৰ একাঁজলি ধুলি
কপালত মোৰ চিৰদিন ৷
বহু জনমৰ শত তীৰ্থ দৰ্শন কোটি পুণ্য ফলত
পালো তোমাক
কুশলে থাকা আই
দিবলৈ মোক আজিবন স্নেহাসিশ ৷ ৷ ৷

কবিতাজনি .....

কবিতাজনি .....
@দেবজিত শইকীয়া
আজি বহু দিন হল
তোমাক লগ নোপোৱা
কিবা চাগে বেয়া পালা
বৰ অভিমানী দেই তুমি
ইমান ওফোন্দ পাতা,
আহিবা আহিবা বুলি বাট চাও
ওৰেটো নিশা,
দিনতো থও
মনৰ দুৱাৰ খুলি ৷
কিজানিবা ভুমুকি মাৰাহি
এসোঁপা বিষাদ অথবা
এমোকোৰা হাঁহি মাৰি
খেলিবলৈ দুয়ো মিলি
অনুভুতি ভৰা শব্দৰে
আবেগৰ সৃষ্টিৰ মেলা
আহো বুলিও নাহা
ৰৈ থাকো মই জানা ৷
আজি দেখোন
নমতাকৈয়ে আহিলা ৷
কিবা লাগে হবলা
দিম দিয়া আজি
তোমাৰ নামত এনিশা
গুপুতে মৰম সনা ৷
তুমি আৰু মই
আৰু মৰমে ধুৱাই নিয়া
ওৰেটো নিশা
হৃদয়ৰ উত্তাপ
শব্দ বৰ্ণ ভাষাৰে
কলমেদি নিগৰি অহা ........

প্লিজ.........

প্লিজ.........
@দেবজিত শইকীয়া
প্লিজ
তুমি মোৰ ফালে মিঠা হাঁহি মাৰি নাচাবা
পাৰিলে দুচকু আতৰাই ৰাখিবা ৷
মা কচম কৈছো
দুচকু আতৰাব মন নাযাই জানা ৷
প্ৰেমত পৰি গলে কিন্তু
মোক দোষ নিদিবা ৷
এনেই বলীযা তোমাৰ বাবে
প্লিজ,
পগলা নকৰিবা মোক ৷
নহলে মই পাহৰি যাম
মই কোন
তুমি কোন
আৰু লৈ আনিম তোমাক
তোমাৰ পৰা
মোলৈ ৷
জীৱনলে বুলি ৷
প্লিজ
তেতিয়া কিন্তু নাহো বুলি নকবা ৷
নহলে গোটেই দুনীয়া খনকে খুন কৰি দিম
আদম ইভৰ দৰে
বিন্দাচ
আকৌ প্ৰেমৰে সৃষ্টিৰ পাতনি মেলিম
আৰম্ভনীৰ পৰা ৷
সেয়েহে আতৰাই ৰাখিবা
তোমাৰ দুচকু মোৰ দুচকুৰ পৰা ৷
মিঠা হাঁহি মাৰি
মোৰ পৰীক্ষা নলবা ৷
নহলে কিন্তু কৈ থলো
মা কচম
ভালপাই
লৈ আনিম কেতিয়াবা.....

কাজিৰঙাৰ পথৰ কাষৰ আজাৰ খিনি ......

কাজিৰঙাৰ পথৰ কাষৰ আজাৰ খিনি ......
@দেবজিৎ শইকীয়া
আজাৰক দেখি নকৰো বেজাৰ
বুজো আজাৰৰ দুখ ৷
বিষাদ বৰনীয়া ফুল টোৰ
শুৱাব নোৱাৰ কাৰো মনৰ ফুলনী
মালিনীয়ে নুবুটলে তোক ৷
বেঙেনা বুলিয়া ৰং তোৰ হতাশাৰ ৷
সুৱাস নোহোৱা ফুল ৷
এলাগী হৈয়ে পৰি ৰ তই
অবহেলিত
অপেক্ষাৰত
কোনেনো বুজিব তোক ৷
বহাগৰ শেষত
জেঠৰ তপত
ৰদত ফুলা ফুল তই
পথৰ দাঁতিতেই ফুলি ৰ,
আদৰ নিবিচাৰিবি তই ৷
যদিও তোক দেখি পৰে চকু জুৰ
তথাপি সাবটি নলয় তোক ৷
তোক দেখি নজ্বলে কাৰো হৃদয়ত চাকি
নুঠে প্ৰনয়ৰ জোৱাৰ ৷
তোৰে মোৰে মনৰ একেই অসুখ
একেই বুকুৰ দুখ ৷
সেযেহে এজাৰ
নকৰিবি বেজাৰ
দুখৰ মাজতো হাঁহি মুখে ফুলি থাক
মৰহি নাযাবি
শুকাই যাব নিদিবি
জীৱনৰ ৰং বোৰ ৷
আশা, হতাশা
পোৱা নোপোৱাৰ মাজতো
নিজেকে নিজেই সুখী কৰি ৰাখ ৷

জীৱন.........মোৰ দৃষ্টিত বিজ্ঞান আৰু কবিতাৰ মিলন

জীৱন.........মোৰ দৃষ্টিত বিজ্ঞান আৰু কবিতাৰ মিলন
@দেৱজিৎ শইকীয়া
ৰসায়নিক মৌলৰ দ্বাৰা গঠিত পৃথিৱী খন
পদাৰ্থবিজ্ঞানৰ সুত্ৰৰ দ্বাৰা পৰিচালিত,
গনিতৰ নিয়ম অনুসৰি চালিত হয় জীৱন ৷
যোগ বিয়োগ পুৰন হৰন ৷
পৰিসংখ্যাৰ দ্বাৰা নিৰ্ধাৰিত হয়
সুখ অথবা দুখ ৷
আমি বোৰো মৌলৰ দ্বৰেই
প্ৰতি জনেই অকলসৰীয়া
নিদিষ্ট চৰিত্ৰ বিশিষ্ট
তথাপি পৰ্যায় অথবা গোটত কম বেছি একে ধৰ্ম ৷
ইজনে সিজনৰ লগত বান্ধ খাও
সহযোজী অথবা আয়নিক বান্ধনীৰ দ্বাৰা ৷
ইলেক্ট্ৰন দি অথবা লৈ সুষ্ঠিৰ হবলৈ ৷
দিয়া নিয়া ভাগবতৰা মৌলৰেই ধৰ্ম
আমিও মৌলৰেই গঠিত
মিল নহব কিয়?
জীৱনৰ গতি নিউটনৰ সুত্ৰ দৰেই
তাপগতি বিজ্ঞানৰ
বা গিবছ ৰ মুক্ত শক্তিৰ দ্বৰেই
এটা তন্ত্ৰত কাৰ্যৰত ৷
জীৱন মাথোন শক্তিৰ প্ৰকাশ৷
দেহত শক্তি থকালৈকে জীৱন ৷
শক্তিৰ উৎসও মৌল ৷
দেহত নিসৰিত হয়
জৈৱ ৰসায়নিক পদাৰ্থ হৰমন
যিয়ে নিৰ্ণয় কৰে আমাৰ স্বভাৱ লক্ষন অথবা গঠন ৷
চৰিত্ৰ পৰিবাহিত কৰা ক্ৰমজমো
জৈৱ ৰসায়নিক মৌলৰেই গঠিত ৷
প্ৰেম ভালপোৱা
ইয়াতো হৰমন ৷
আবেগ অনুভুতি উদ্দিপনা
মগজুত ক্ৰিয়া কৰা আয়নিক পৰিঘটনা ৷
হৃদয় বা হৃদপিন্ড ৰক্ত সঞ্চালনৰ পাম্প
কেনেকৈ প্ৰেমৰ উৎস হব পাৰে,
মগজুৰ পিটুইটেৰি গ্ৰন্থি যদি সক্ৰিয় নাথাকে ৷
প্ৰেম প্ৰণয় মৰম ভালপোৱা ভাল লগা
মিছা কথা
মৌলৰ দ্বাৰা গঠিত শৰীৰৰ
হৰমনে সৃষ্টি কৰা মাথো ই এক পৰিঘটনা ৷
আবেগ অনুভুতি
মগজুৰ নিউৰনৰ বৈদ্যুতিক পৰিঘটনা ৷
জন্মৰ ৰহস্যও লুকাই থাকে মৌলত
শুক্ৰানু অথবা ডিম্বানুত ৷
দেহৰ ৰসায়নিক পদাৰ্থই
কিছু ভৌতিক তথা গানিতিক নিয়ম মানি
বিপাকীয় ক্ৰিয়া চলি থকা মানেই
জীয়াই থকা
জীয়াই থকা লৈকেই জীৱন থকা ৷
মৃত্যুৰ পাছতো মৌলবোৰ জীয়াই থাকে ৷
মৃতদেহৰ পৰা ওলাই গৈ
আকৌ এটা দেহা গঠন কৰে বা
জীবিত দেহক পোষন কৰে ৷
গতিকে সাবধান ৷
মোৰ মৃত্যুৰ পিছত, মোৰ দেহৰ মৌল
তোমাৰ আহাৰৰ দ্বাৰা দেহক পুষ্টি দি
শুক্ৰানু বা ডিম্বানুৰ যোগেদি
মোৰেই অংশ সৃষ্টি কৰিব পাৰে ৷
এই জীৱনত যি মৌলৰে দেহা গঠন কৰিছা
এই পৃথিৱীতে এৰি যাবা ৷
তোমাৰ মোৰ বুলিবলে একো নাই
মাথো মৌলৰে গঠিত পৃথিৱীৰ
তুমি মই একো একোটা মৌলিক সংখ্যা ৷
জীৱন মৃত্যু এক ধনাত্মক পৰিঘটনা ৷

পৰিতক্ত বিন্ডি বোৰ.........

পৰিতক্ত বিন্ডি বোৰ.........
তুমি দেখাত শুৱনী হবলৈ কপালত বিন্ডি লোৱা
নে গৌৰৱত
নে কাৰোবাৰ নামত
মই নাজানো ৷
কিন্তু,
টইলেটৰ দুৱাৰত ,
টাইলচত
গড্ৰেজৰ অথবা হোটেলৰ আৰ্চি খনত
লগাই থোৱা গৰাকীবিহিন বিন্ডিটো দেখি ভাৱ হয়
বিন্ডি অথবা বিন্ডিৰ গৰাকী তোমাৰ কিমান আদৰৰ ৷
এঠা কমি গলেও
পেলাব নোৱাৰা
উকা কপালৰ বাবেই সি প্ৰয়োজন নে মাথোন পৰম্পৰা ৷
সঁচা কবলে গলে মোৰ পৰম্পৰা ভাল নালাগে ৷
যদিহে তাত যুক্তি নাথাকে ৷
কপালৰ আয়ুস কি দৰে বঢ়া টুটা হব ৷
বিন্ডি ললেই কি পুৰুষ জাতিটো অমৰ হব?
পৃথিৱীৰ এক চতুৰ্থাংশ নাৰীৰ কপাল উকাই থাকে ৷
সেই নাৰীৰ পুৰুষজনৰ কি আয়ুস নাথাকে?
এদিন জোন নোলোৱালৈকে লঘোন দিলে যদি
আয়ুস বাঢ়ে
হস্পিতালৰ দুৱাৰে দুৱাৰে কিয় যাব লাগে?
গড় আয়ুসত ভাৰতীয় পুৰুষেই কম বছৰ জীয়াই থাকে ৷
হয়তো টইলেটৰ টাইলচৰ বিন্ডিটোৱো
তাৰ এটা কাৰন হব পাৰে ৷
বিবাহিত বুলি যদি বিন্ডি পৰিচয় হব পাৰে
তেনেহলে বাৰু পুৰুষৰ পৰিচয় দিয়াৰ কিয়
কোনো কাৰন নাথাকে ৷
সেয়েহে কও
মোৰ নামৰ বিন্ডি নলগাবা
এনেই যদি নিজকে শুৱনী কৰিব লগাইছা লগোৱা
কিন্তু
প্লিজ
পুৱাই উথি
মোক কপালৰ পৰা এৰুৱাই
টইলেটৰ বেৰত উলমাই নথবা ৷

তিতা সত্য ........

তিতা সত্য ........
দিন জোৰা পৰিশ্ৰমৰ অন্তত
ভাগৰুৱা উভতো
বিশ্ৰামৰ বাবেই ঘৰখন নে
আৰু কিবা বিছাৰো ?
পৰিশ্ৰমৰ মুল্য কি
মাহৰ শেষৰ কেইটামান টকা নে
উপাৰ্জনৰ বাবেই বিসৰ্জন দিছো দেহা ৷
আজিলৈ নুবুজিলো
কৰ্মৰ বাবেই জীয়াই আছো নে
জীয়াই থাকিবলৈকে কৰ্ম কৰি আছো ৷
সৰুতে সকলোৱেই সুধিছিল
ডাঙৰ হৈ কি কৰিবা
উত্তৰ ডাঙৰহৈ বিচাৰি পালো
আকৌ শিশু হব বিচাৰো ৷
দেউতাৰ ধনেই ভাল আচিল
সকলো সপোন সেই টকাৰে কিনিব পাইছিল ৷
নিজৰ ঘটনৰে টো মাথো প্ৰযোজন পুৰ হয় ৷
ভৰি থকা জেপৰে মানুহ চিনিলো ৷
খালি পকেটৰে থাকি আপোন কোন বুজিলো ৷
এই পৃথিৱীত ইচ্চা নাথাকিলেও হাহিব লাগে
কেনে আছা সুধিলে
মিছাকৈয়ে ভালে আছো বুলি কব লাগে ৷
জীৱনৰ নাট ঘৰ এই খন
সকলোৱেই এজন অভিনেতা হব লাগে ৷
ইয়াত জ্বলাবলৈ চলাই নালাগে,
ইৰ্শাৰে ইযাত মানুহ জ্বলে ৷
মন্দিৰত গৈ শিকিলো
শিলৰ মুৰ্তিক মনাবলৈ ইয়াত ফুলৰ বলি দিয়া হয় ৷
দোষ নিবাৰন কৰিব গৈ
আৰু এটা দোষ কৰি অহা হয় ৷
বিজ্ঞানীয়ে মংগল গ্ৰহত জীৱন আচেনে পৰীক্ষা কৰিছে
কিন্তু জীৱনত মংগল আচেনে কোনোৱেই নাজানে
নিদ্ৰা আৰু মৃত্যুৰ মাজত কি পাৰ্থক্য আচে
কবিয়ে কি সুন্দৰ কৈছে
নিদ্ৰা আধা মৃত্যু
আৰু মৃত্যু
পুৰ্ণ নিদ্ৰা ৷
জীৱনটো নিজৰ মতেই চলি থাকে
আনৰ সহায়তটো মৃতদেহ উঠে ৷
পুৱা হয় সন্ধ্যা হয়, দিন বোৰ গৈ থাকে ৷
নিজে কান্দি আনক হহুৱা হয় ৷
হাহিৰে চকুলো ধাকি জীয়াই থকা হয় ৷
কি আচৰিত প্ৰকৃতিৰ নিয়ম
জীয়া মানুহ পানীত ডুবে
মৃতদেহ পানীত উপঙে ৷
কি আচৰিত জীৱন
প্ৰতিদিনেই জীৱনৰ যাত্ৰা কিন্তু
যাত্ৰা কলৈ কোনেও নাজানে ৷

(ৱাটচ আপৰ এটা কথা কবিতাৰ আলমত )

প্ৰিয়ম্বদা ..(স্বৰ্গীয় প্ৰিয়ম্বদা পেটেল হাজৰিকাৰ নামত উসৰ্গিত মোৰ শব্দৰ দুশাৰী)

প্ৰিয়ম্বদা
@দেৱজিৎ শইকীয়া
অটোৱাৰ পৰা মিছিছিপি হৈ লুইতলে বৈ অহা
উৰণীয়া মৌৰ সুৰ্য্যমুখী ফুলপাহ প্ৰিযম্বদা ৷
প্ৰাপ্তি আৰু অতৃপ্তীৰ মাজত ডুলি ৰলা ৷
তোমাৰ মনৰ বিশালতাত
ডুৱি গৈচিল কাহানিবা
গীতে মাতে তোমাক বলিয়া কৰা
যাযাবৰ এজন চফল ডেকা
সকলো এৰি গুছি আহিলা
এটা সুৰৰ পিচে পিচে ৷
পিচে কি পালা
নিজকে বিলাই দি
প্ৰতাৰনা নে পুৰ্নতা?
পিচে তুমি নিজকে তেনেদৰে নাভাবা ৷
নিসংগতাৰ মাজতো
ভালপোৱা জীয়াই ৰাখিলা ৷
তোমাৰ আচলত যদিও
প্ৰিয়জনে দিছিল বাকি
তুমি নিবিচৰা ভাগবতৰা
নাচিল কোনো অনুকম্পা ৷
এটা কৰুণ সুৰ
গুনগুনাই কটালা সাবটি নিসংগতা ৷
তথাপি প্ৰিয়ম্বদা তুমি স্বাধিনতা ৷
মুক্ত আকাশৰ তলতো অকলেই
ধমনীৰ তেজক বুকুত বান্ধি
দুখৰ সাত সাগৰ তেৰ নদী সাঁতুৰিলা ৷
মই যেতিয়া এই জীৱনৰ মায়া এৰি গুছি যাম বুলি ঠেহ ধৰা
আপোনজনৰ চিতাৰ কাষত
এটুপি চকুলোৰে যাচিলা মৰমৰ দাম ৷
এতিয়া বুজিছো
মই আৰু মোৰ ছাঁ
কিয় দুয়ো অকলসৰীয়া ৷
দুৰে দুৰে থাকিও দুয়ো দুয়োৰে লগৰীয়া
প্ৰিয়ম্বদা
তুমি উচ্চ
আনে চুব নোৱাৰা ৷
তুমি বৈধ্য
প্ৰিয়জনৰ নামৰ সৈতে চিৰদিন জীয়াই থাকা ৷

(স্বৰ্গীয় প্ৰিয়ম্বদা পেটেল হাজৰিকাৰ নামত উসৰ্গিত মোৰ শব্দৰ দুশাৰী)

আজিৰ দিনটো

প্ৰতিদিনেই মোৰ জন্ম
প্ৰতি নিশাই মৃত্যু হয় মোৰ ৷
পুৱা মোৰ ল'ৰালী
আদহীয়া আবেলী ৷
জীৱনৰ দৌৰাদৌৰিত
কত হেৰাই যৌৱন ধৰিবকে নোৱাৰি ৷
প্ৰতি দিনেই এক নতুন জীৱন
আজিৰ দিনটো
নতুন জীৱনটো
নতুন আশা
নতুন উদ্দিপনাৰে উপভোগ কৰো ৷
কোনে জানে অহাকালি
সাৰ নাপাওৱেই বা কিজানি?

আজিৰ দিনটো
নতুন জীৱনটো সুন্দৰ হওক তাৰেই কামনাৰে কবিতাৰ দুশাৰী ....

সপোন

সপোন
@দেবজিৎ শইকীয়া
সপোন দেখা মানুহৰ মগজুত
গোপনে সুপ্ত হৈ থাকে এটা বিশেষ সপোন ৷
কাৰোবাৰ পুৰণ
কাৰোবাৰ হৰণ
সপোনৰ ভাগফল
জীৱনৰ ভাগশেষ
দুয়ে দুয়ে পাচ অথবা শুন্য ৷
তথাপিও সপোন দেখে
সপোনৰ পিচত দৌৰে
খালি চকুৰ সপোন
অথবা উজাগৰী নিশাৰ সপোন ৷
মৃত্যুশয্যাত জীয়াই থকাই সপোন
ফুলসয্যাৰ সপোন
যি জীৱনতকৈও আপোন ৷
সপোন এক উৎসাহ এক প্ৰেৰণা
সপোন আৰু বাস্তবৰ মাজৰ দুৰত্ব মাথো দুখোজৰ ৷
দৃঢতাৰে এখোজ
আত্মবিস্বাসৰ আনখোজ দুৰৈত থাকে
মনে বিছৰা সপোন ৷
এটা কথাই সপোনক অসম্ভৱ কৰি তুলে .....
হাৰি যোৱাৰ ভয় .....
উজাগৰি নিশা সপোন দেখা জনেহে
দোকমোকালিত প্ৰথম সুৰ্য্যোদয় দেখা পাই ৷
সেযেহে মই সপোন দেখাজনক ভালপাও
সপোন যদি নাথাকে দিঠকৰ মুল্যই বা কি
সপোন নেদেখাজন মোৰ বাবে মৃত
জীৱন আছে বাবেহে জীয়াই আছে
প্ৰকৃততে তেঁওৰ কাহানিবাই মৃত্যু হৈছে
মোৰ মতে তেঁও বঠাহীন নাও .....
ডেউকা ভঙা পক্ষী .......
সাঁতুৰি পাবলৈ সিপাৰ
উৰিবলৈ বিশাল আকাশ .......

জীমনিৰ দেউতাকলৈ লিখা চিঠি খন .......

জীমনিৰ দেউতাকলৈ লিখা চিঠি খন .......
@দেৱজিৎ শইকীয়া
মৰমৰ দেউতা
মৰম লবা
আশাকৰো কুশলে আছা
মোৰ নো কি কম?
মাৰ ভালেই,
মাজে মাজে বিষটো উজাই আহে
পিছে আচলৰে চকুলো মুচি
আমাক দেখুৱাই ঠিকে আছো বুলি হাহিটো মাৰে ৷
দাদা বৌ ভনী জনিৰো ভালেই
দাদা আজি কালি বৌৰ লগত চহৰত থাকে
হওক, চহৰতোটো নিজৰ বুলিবলে এখন ঘৰ লাগে ৷
গোহালিটো ভাঙি পেলালো
তুমি যোৱাৰে পৰা গৰুবোৰো নাইকীয়া হল৷
আধিৰ ধানৰ কথা কিনো কম
পথাৰত পানী নাই পানীয়ে মাৰিলে বুলি
দুমোনত এমোন দিয়ে
তেনেকৈয়ে চলি আছে ৷
দেউতা ,
চৰকাৰী পইচাখিনি পালো
নতুনকৈ টিনপাত লগালো
আৰু দাদাকো চহৰত ঘৰ সাজিবলে অলপ দিলো ৷
জীৱন বীমাত পইচাৰ সলনী তোমাৰ জীৱনটো পোৱা হয়
সুখী হলো হয় কিজানি ৷
ভনীয়ে মাজে মাজে তোমাৰ ফটো খন চাই কান্দে
সৰু যে , নুবুজে
আবেলি স্কুলৰ পৰা আহি
চাইকেলখন থৈ সৰুমা বুলি মাতষাৰ দিবা বুলি
আশাৰে বাট চাই থাকে ৷
অ দেউতা ,
বৰ মন যাই অ
এবাৰ মাতিবলৈ
সেই দিনটো আজিও মনত পৰিলে
অকলে আনেনেদেকাকৈ হিয়া ধুকি কান্দো
বিহুৰ বজাৰ কৰিম বুলি ওলাই যে গলা
আৰু ঘুৰি নাহিলা ৷
নিয়তি যে ৰৈ আছিল তোমাৰ বাবে গমকে নাপালা
অকালতে এৰি গলা
অকলসৰীয়া আজি
তোমাৰ জী মনি তোমাৰ কলিজা
নিষ্ঠুৰ নিয়তিয়ে তোমাক
আমাৰ পৰা কাঢ়ি নিয়াৰে পৰা ৷
মোৰ সীৰা উপসীৰাই দি বৈ আছা তুমি
তথাপি মই অকলসৰীয়া
তোমাৰ মৰমৰ মাতষাৰ
মৰমবোৰ বোৰ হেৰুৱালো
মোৰ বিয়াৰ বাবে তুমি কৰা যোগাৰ খিনিতকৈ
তুমিহে বেছি প্ৰয়োজন আচিলা ৷
বৌ গাত আছে,
তুমিয়েই আহিবা বুলি
আইয়ে আশা কৰি আছে
আহিবানে?
অ , আৰু এটা কথা
তোমাক আলিবাটত খুন্দীয়াই যোৱা কলেজিয়া লৰাটোক
দেউতাকে বোলে আকৌ এখন নতুন মটৰচাইকেল কিনি দিলে
ভগৱানক কবাচোন
তাকো যাতে কোনোবাই মহতিয়াই নিয়ে ৷
নালাগে দিয়া
ঘৰৰ মানুহে কষ্ট পাব ৷
আজিলৈ আহো
তুমিটো জানাই
তোমালৈ মনত পৰিলেই
কথা পাতিবলৈ মন গলেই চিঠি এখন লিখো
দিব হে নোৱাৰো
মৃত্যুৰ সীপাৰৰ ঠিকনাটো যে নাজানো

ভালপোৱাৰ কবিতা

ভালপোৱাৰ কবিতা
@দেৱজিৎ শইকীয়া
মোৰ
বুকুত গুজি দিলা
এটা ভালপোৱাৰ কবিতা ৷
দেহৰ সিৰাই সিৰাই এতিয়া
মৌনতাৰ ভাললগা শব্দ ৷
তেজে তেজে মাথো প্ৰণয়ৰ অৰ্থ ৷
এতিয়াটো মই তোমাৰ প্ৰেমত শৰবিদ্ধ ৷
চতফটাই ফুৰিছো বিছাৰি
তোমাক ৷
জীয়াই থাকিবলৈ লাগে মাথো
আজিবন জ্বলি থকা
প্ৰনয়ৰ চাকি গঁচি,
তোমাৰ মৰম
আৰু এবুকু ভালপোৱা ৷
আবৰন খুলি হৃদয় জুৰাবা যিদিনা
মোৰ দুচকুৰ নিলাজ চাৱনীত
সৰি পৰিব চাবা তোমাৰ লাজৰ ওৰনী
সাবটি লব মোৰ বুকুৱে
তোমাৰ বুকুৰ ধপধপনী ৷
তেজ ৰঙা সপোনৰ পম খেদি
উৰি যাম সিদিনা
তোমাৰ আকাশলে ৷
নিজকে বিলাই দি তোমাক পাবলে .......

ফেচবুকত কবিতা লিখা ছোৱালীজনি .....(poem)

ফেচবুকত কবিতা লিখা ছোৱালীজনি .....
@দেৱজিৎ শইকীয়া
ফেচবুকত কবিতা লিখা ছোৱালীজনি ...........
তুমি বাৰু হৃদয়ত কিয় আউল লগোৱা মোৰ
মনৰ আশাবোৰ আবেগৰ ভাষাৰে লিখি লিখি ৷
কবিতাৰ শব্দৰে সুগন্ধী নিবিলাবা চোন
মন যাই জানা
জীৱনৰ ভাগৰ মাৰিবলৈ
তোমাৰ কবিতা শুনি ৷
নিশব্দ শব্দই মোৰ মনক জোকাৰি যাই
কৈ যাই আনে নুবুজা তোমাৰ মনৰ কথা ৷
কিয় বাৰু তুমি অভিমানী
ভাল পাও বুলি জানিও
সুধি থাকা
ভাল পাঁওনে বুলি ৷
ফেচবুকত কবিতা লিখা ছোৱালী জনি..........
ৰবা কৈ দিম কেতিয়াবা চিধা চিধি
তোমাক ভাল পাও বুলি ৷
তোমাৰ কবিতাৰ তুমিজন কোন
কবানে আজি
কৈ দিয়ানা
ময়েই সেইজন বুলি ৷
লাজ লাগে ন ?
প্ৰেমৰ কথাযে ভালপোৱা জনৰ বাদে আনক কব নোৱাৰি ৷
কিন্তু কবিতাৰে?
নিশব্দ শব্দৰেই বুজাব পাৰি ৷
মৌনতাৰো এটা নিজা ভাষা আছে
ভালপোৱা জনে নোকোৱাকৈয়ে বুজে
ফেচবুকত কবিতা লিখা ছোৱালী জনি ...........
তোমাৰ কবিতাৰ তুমিজন হব নোৱাৰিলেও
পাঠক কিন্তু মই সদায় হৈ থাকিম
পুৰনা ডায়েৰিৰ পাতত
ভাল লগা কবিতাবোৰ সদায় টুকি ৰাখিম ৷
যদি পাৰো
এটা জীৱন্ত কবিতা লিখিম তোমাৰ বাবে ৷
কাঠৰোকা চৰাইৰ দৰে খুটি
তোমাৰ হৃদয়ত
বাঁহ সাজিম ৷
ফেচবুকত কবিতা লিখা ছোৱালীজনি ........
মোৰ কলিজালে কবিতাৰে বাট পোনালে
মাথো শিৰোনামত তিনিটা ডট দিবা
মোৰ বাবেই সেই কবিতাটো বুলি
তেতিয়াহে বুজিম.......

অপেক্ষা (poem)

অপেক্ষা ..........
@দেৱজিৎ শইকীয়া
এইয়াটো জোনাক চোৱাৰ বতৰ নহয়
খিড়িকি মেলি
বুকুত তোমাক সাবটি ৷
আৰু কিছু বেলি
সাবটি ৰাখিব পৰা হয় তোমাক
মোৰ দেহাৰে ঢাকি
সুখি হলো হয় কিজানি ৷
পুৱাৰ বেলিত
হালি জালি তোমাৰ আচল
গামোচাৰে চুলি বান্ধি
কাষলৈ অহা হয়
আকৌ এবাৰ
আকৌ এবাৰ
সাবটি চুমা দিলো হয় কিজানি ৷
এতিয়াটো আউসীৰ এন্ধাৰ
উজাগৰি নিশা মাথো মৌনতা
তুমি নাই .....
জোনাকো নাই ৷
বাহুত মুৰ থৈ
কিবা এটা কোৱাচোন বুলি কবলৈ
মোৰ জোন জোনাক তুমি নাই......
খেপিয়াই ফুৰিছো মাথো
তোমাক বিছাৰি
মনৰ খিড়িকি খুলি
তোমাৰ দেহাৰ সুবাস বিছাৰি
তুমি নাই ৷
আকাশ শুলে
জোনটিও শুলে
মই মাথো ৰৈ থাকিলো
তোমাৰ বাবে
বুকুৰ মাজত তোমাক লৈ
আকৌ এটা ৰাতি
উজাগৰে শুবলে ......

মৰহা মৰম (poem)

মৰহা মৰম.....
তোমাৰ বুকুত গজা
মোৰ নামৰ গোলাপী ভালপোৱা জোপা
চিৰসেউজীয়া হৈ থকা হয়
আজি নিলিখিলো হয় দুখৰ লঠঙা কবিতা .......
নিশাৰ জোনটি চাই ভাবো
জোনৰ দৰেই তুমি, তোমাৰ ভালপোৱা
কাষ চাপি আহিছিলা পুৰ্ণিমাৰ দৰে
মিছা পোহৰত
মোৰ দেহৰ প্ৰতি বিন্দুত ঢৌ তুলিবলে
আতৰি গৈ যাচিলা অমানিশা
শেলুৱা এন্ধাৰত
মোৰ মন সাগৰত
আনিবলে হতাশাৰ জোৱাৰ ভাটা .....
পুৰ্ণতা আৰু শুন্যতাৰ মাজত
জ্বলি জ্বলি মাথো শেষ হয়
মোৰ অন্তহীন আশা ৷
কিমান বেদনা বুকুত জমা হলে
নেদেখা বিষৰ বন্যাত নুবুজা চকুলো বয়
অবুজন মনত ধুমুহা হৈ
নিসংগতাই সাবটি লয়
তুমি জানো জানা
জনা হলে ৰদ বৰষুণতো ফুলিল হেতেন
হেপাহৰ খৰিকাজাই তোমাৰ বুকুত
মোৰ জীৱনত আজিবন সুৱাস বিলাবলে

সেউজীয়াৰ অপেক্ষাত (poem)

সেউজীয়াৰ অপেক্ষাত
@Debajit Saikia
এদিন সেউজীয়া বিছাৰি
এখন অৰন্যত প্ৰবেশ কৰিছিলো
আৰু হেৰুৱাই পেলাইছিলো নিজকে
সেউজীয়াৰ আঁৰত ...........
পিছে সেই অৰন্যত
জুৰাবলে মোৰ বাবে ছাঁ নাচিল
আছিল মাথোন
এটা এন্ধাৰত হেৰাই যোৱা বাট
মই খোজ দিবলৈ .......
শীতৰ শেষৰ পৰা
গ্ৰীষ্মৰ প্ৰখৰ ৰদলৈ
মাথো আগুৱাই গলো ......
সেই অপেক্ষাৰ শেষত বসন্ত নাচিল
আছিল মাথো উশাহ আৰু জীৱনৰ বিচ্ছেদৰ একুৰা জুই
চেঁচা পৰা মৰমে লঠঙা কৰিলে বুকু
ধুমুহাত ভাঙিল সপোন
কাঁইটিয়া বননিত বাগৰি এতিয়া
অপেক্ষা মাথো অন্তিন ক্ষন.
আশাৰ কলি নুফুলি শুকাল
জোনাকো নজ্বলি নুমাল
তথাপি বাট চাম
সেউজীয়া তোমালে
আবেগৰ এপাহি ৰজনিগন্ধা বিছাৰি তোমাৰ পৰা
মোৰ বুকুত গুজি দিবানে
যৌৱনৰ এই বিয়লি বেলা
এবাৰ হলেও
মনত সানিবলে সেউজীয়াৰ বোল?
যদি নোৱাৰা
তোমাৰ হৃদয়ৰ সঠিক ঠিকনাটোকে দিবা
লিখি থৈ যাবলৈ
তোমাৰ নামত
মোৰ জীৱনে তোমালে বুলি
অতদিনে সাচি ৰখা
অনুৰাগ অভিমান অনুভুতি মৰম ভালপোৱাবোৰ
জাৰজ সপোনবোৰে মোৰ কান্দিলে
তুমি নাহাহিবা ৷
মৃত্যুমুখী ইচ্চাক
শেষ বাৰলৈ দুৰনিত ৰৈ হলেও এবাৰ চাবলৈ আহিবা
হুমুনিয়া বোৰে কোৱা কথাবোৰ যদি পাৰা শুনিবা
সেউজীয়া বিছাৰি বলিয়া হোৱা
জীৱনটোৰ পৰা আতৰি গলেও
যোৱাৰ পৰত
এবাৰ সাবটি
মোৰ হৃদয়খন ঘুৰাই দি যাবা ৷

হুমুনিয়া (poem)

হুমুনিয়া ......
@Debajit Saikia
এদিন সেউজীয়া বিছাৰি
এখন অৰন্যত প্ৰবেশ কৰিছিলো
আৰু হেৰুৱাই পেলাইছিলো নিজকে
সেউজীয়াৰ আঁৰত
পিছে সেই অৰণ্যত মোৰ বাবে ছাঁ নাছিল
আছিল এন্ধাৰত হেৰাইযোৱা এটা বাট
উভতি আহিব নোৱাৰা
শীতৰ শেষৰ পৰা গ্ৰীষ্মৰ প্ৰখৰ ৰদলৈকে
মাথো আগুৱাই গলো
পিছে বসন্তৰ সেউজীয়া খুজিও নাপালো ৷
চেঁচা পৰা মৰমে লঠঙা কৰিলে বুকু
দুচকুত মাথো ধুসৰতা
কাঁইটিয়া বননিত বাগৰি
সাবটি ললো শূন্যতা
আশাৰ কলিটি নুফুলি শুকাল
জোনাকো নজলি নুমাল
তথাপি বাট চাই ৰলো সেউজীয়া তোমালে
দিবাহিনে আবেগৰ এপাহ ফুল
দেহে মনে সানিবলে সেউজীয়া বোল
যৌৱনৰ বিদায় পৰত ৷
সপোনৰ মৃত্যুৰ আগত
তোমাৰ হৃদয়ৰ সঠিক ঠিকনাটো দিবা
লিখি থৈ যাবলৈ
অত দিনে সাচি ৰখা
মোৰ মৰম আবেগ অনুৰাগ ভালপোৱাবোৰ
তোমাৰ নামত ৷
জাৰজ সপোনবোৰে কান্দিলেও কান্দক
কেৱল মোৰ
মৃত্যুমুখী ইচ্চাক
শেষ বাৰলৈ চাবলৈ আহিবা
হুমুনিয়া বোৰে কোৱা কথাবোৰ শুনিবা
সেউজীয়া বিছাৰি বলিয়া হোৱা
জীৱনটোৰ পৰা আতৰি গলেও
যোৱাৰ পৰত
মোৰ হৃদয়খন ঘুৰাই দি যাবা ৷

তেজে ধোৱা কবিতা.

তেজে ধোৱা কবিতা......

লিখিম বুলিও নোৱাৰিলো লিখিব এটা সুখৰ কবিতা ৷
যিটো কবিতাৰ প্ৰতিটো অনুভৱী শব্দই চুই যাব তোমাৰ হৃদয় ৷
অব্যক্ত বেদনাৰে সিক্ত
মোৰ জীৱনৰ ধুসৰিত পৃষ্ঠাত
লিখিম এটা তেজে ধোৱা কবিতা ৷
বুজিবা সিদিনা কিমান বেদনা বুকুত বৈ জীয়াই আছো মই ৷
অপুৰ্ণ আশাবোৰ ভাষা হৈ নিগৰিব
উজাগৰি নিশাৰ সপোনে
শাৰীয়ে শাৰীয়ে তোমাৰ কথাকে কব ৷
কলিজাত গোট মৰা
তোমাৰ বাবে থকা মোৰ মৰমে
তোমাৰ হৃদয়ত হৈ আশাৰ কবিতা
যদিহে জ্বলালে হয় প্ৰনয়ৰ শলিতা
কিজানি সুখী হলো৷ ৷ ৷

হেপ্পী বিহু (comic)

উৰুকাৰ নিশা টেটুৰ গুৰিলৈকে এসোপা খাই বিহুৰ দিনা দুপৰলৈকে
শুই আছিলো ৷ হঠাতে ৰুমলৈ টেটুফালি শ্ৰীমতি সোমাই আহিল ৷
ভুমিকম্প নেকি বুলি খকমক কৰি বিচনাখন লৰিছে নেকি চালো ৷
নাই নহয় হবই নোৱাৰে ভুমিকম্প হলে জীৱনে মৰনে একে লগে
থাকিম বুলি হুমৰ গুৰিত সাত শপত খোৱা মোৰ শ্ৰীমতিয়ে
বিচনাতে মোক এৰি দৰ্জা খুলি বাহিৰলৈ দৌৰিব কিন্তু তেঁও
ৰুমলে সোমাই হে আহিছে গতিকে ভুমিকম্প নহয়,
মোৰ শ্ৰৱনপ্ৰাচ নোখোৱাকৈয়ে ষ্মাৰ্ট হোৱা ডিমাগটোৱে লগে লগে
কৈ দিলে ৷ পিছে হেৰা হেৰা হেৰা শব্দ কেইটা আনদিনাতকৈ
অলপ ডিফাৰেন্ট ৷ লেপৰ তলৰ পৰাই ও ও কলো ৷ শ্ৰীমতিয়ে
লেপ ডাঙি কানত মবাইলটো লগাই দিলে ৷মই ভাবিলো
শাহুআইৰ ফোন চাগৈ ৷ বিহু খাব মাতিছে ৷ আমাৰ শাহু
মানে মোৰ শাহুৱে আকৌ অকেজন বোৰত বৰ আনটাইমলি ফোন
কৰে ৷ মই আকৌ শাহু বুলি গাৰুত কান গুজি শুব ধৰিলো ৷ কিন্তু
মাতটো শাহুৰ নহয় ৷ কত শুনিছো কত শুনিছো ৷ ইচচচচ ৰাম
সন্ধিয়া সাতত শুনি থকা মাত দেখোন ৷ মোৰ ষ্মাৰ্ট ডিমাগে কিবা
কোৱাৰ আগতেই মবাইলত সিফালৰ পৰা কৈয়েই দিলে নহয়
মই তৰুন গগৈ , ভোগালী বিহুৰ শুভেচ্চা ডট ডট ডট ৷ ইচ ৰাম
মই চাৰ বুলি কৈ বিচনাৰ পৰা একে জাপে নামিক মাটিত বহি দিলো ৷
মোৰ গালত কানখন লগাই শ্ৰীমতি ৷ আইয়ৈ কিমান দিনৰ মুৰত যে
শ্ৰীমতিয়ে গালত গালখন লগালে অ ৷ হলেও মই পাট্টা নিদিলো,
আফ্টাৰ অল চাৰৰ ফোন ৷ মই বোলো চাৰ আপোনালৈও
বিহুৰ শুভেচ্চা থাকিল ৷ মোৰ নাম্বাৰটো কেনেকৈ পালে ৷ চাৰ মানে
আন নউন নাম্বাৰ কাৰনে চিনি পোৱা নাচিলো ৷ আৰু কি কম নকম
ভাবি থাকোতেই লাইনটো কাট খাই গল ৷ মাটিত
লেপেটা খাই বহাৰ পৰা উথি শ্ৰীমতিক শুনাই মই বুকু ফিন্দাই
কানত মবাইলটো লৈ কৈ গলো চাৰ আমাৰ ভালেই গৌৰৱৰ ভালনে?
বোৱাৰিৰ খবৰ কি? বিহুৰভোজ কিহৰে খালে ইত্যাদি ইত্যাদি
পিছে তেনেতে আহক এয়াৰ চেলৰ গান শুনোৱা কলটো ৷ মোতকৈও
স্মাৰ্ট শ্ৰীমতিয়ে পোন্দোৱাকৈ চাই ৰুমৰ পৰা ওলাই গল ৷ যি কি নহওক
সৰ্বাদাৰ বিহুৰ শুভেচ্চাৰ মেচেজটো দেখাই শ্ৰীমতিয়ে যি দীঘল দীঘল
এৰি আছিল মোলৈ কৰা চাৰৰ ফোনটোৱে অকন সকাহ দিলে ৷ হক
তেঁও ৷ যি কি নহওক ঘৰত বিহুৰ দিনা নিৰ্বাচনী বতাহ মানে ধুমুহা
এজাক বৈ আহিল ৷ উৰুকাৰ পাৰ্টি একেলগে খালো যদিও বিহুৰ
দিনাই শ্ৰীমতি মোৰ পাৰ্টি চেঞ্জ হৈ থাকিল ৷ আকৌ বা কাৰ
ফোন আহে ৷ এই কথাই কথা নহয় ফেচবুকত ষ্টেটাচ এটাই দি দিও ৷
ফিলিং অবাক্টেড .......

হেপ্পী বিহু
দেৱজিত শইকীয়া

ভোগালীৰ ইটো সিটো (comic)

ভোগালীৰ ইটো সিটো
স্নেপ স্বট ১
উৰুকাৰ পুৱা ৷ শ্ৰীমতিযে হাতত বজাৰৰ মোনা আৰু গাড়ীৰ চাবিটো
হাতত দি বোলে বলা ৷ মই বোলো কলৈ? এও বোলে চিনেমা চাই
আহো ৷ মই বোলো বজাৰৰ চটি বস্তাৰ মোনালৈ চিনেমা চাব
যাবানে? তেঁও বোলে তেনেহলে সুধিছা কেলই? বলা, সোনকাল কৰা ৷
মই বোলো হেৰা বজাৰ হে যাবা, এই নতুন চাদৰখননো কেলই পিন্ধিলা
লেটেৰা হব ৷ এও বোলে নহয় বলা ৷ মনতে ভাবিলো সদায় কুৰ্টি
পিন্ধি স্কুটি চলাই ফুৰা আই গোসানী আজি চাদৰ মেখলা পিন্ধি মোৰ
লগত বজাৰলৈ ওলাইচে, কথা কি ৷ আকৌ সুধিলো হেৰা, বজাৰৰ
পৰা বাহিৰে বাহিৰে মন্দিৰ বা কৰবাত সোমাবা নেকি?
এও বোলে হেই মাছ বজাৰৰ পৰা আহি কোনোবাই মন্দিৰ সোমাই নেকি?
বলা মাছ কিনিম আৰু চিধা ঘৰ আহিম ৷ অ তেতিয়াহে মোৰ ব্ৰেইনটোৱে
মাত দিলে , অ বজাৰ নহয় আজি শ্ৰী মতিয়ে বজাৰত ডাঙৰ ডাঙৰ ৰৌ
বৰালী চিতলৰ কাষত চেলফি উথিব ৷ মানে ফিলিং ভোগালী বজাৰ৷

স্নেপ স্বট ২
ডাঙৰ বৰালী দুটা দুহাতে ডাঙি হনুমানে পাহাৰ ডঙা দি দুটামান পজ
দিলে, মই ক্লিকাই দিলো ৷ দেখিলো মোৰ দৰে ফটোগ্ৰাফাৰে বজাৰত
ভিৰ লাগিছে ৷ হওক তেঁও শ্ৰীমতিক বলিয়ামি নকৰিবা বুলি এনেই
কলো আইয়ু ৷ ফটো উঠি হলত শ্ৰীমতি মাছ তাতে এৰি গাড়ীত ৷
মই বোলো হেৰা ইমান সোপা মাছৰ পিচ কোনে খাব কোনে ভাজিব?
এও বোলে, বাহিৰতে জুই অকন ধৰি অলপ পিছৰ পৰা ভজা
আৰম্ভ কৰি দিবা, মই আজি নাভাজো, বৃহস্পতি বাৰ মোৰ ফাস্টিং৷
মোৰ চকু কপালত উথোতেই যেনিবা তেঁওৰ এষাৰ কথাই মনটো
ভাল লগাই দিলে বোলে হাজৰিকাক মাতি দিবা আৰু লগত কিবা
এটা লৈ লবা, মাছো ভজা হব আৰু তোমালোকে চুৰকৈ কৰা কামটোও
কৰা হব ৷ মইও বোলো পিছতদেৱী আইৰ ডিচিচন চেঞ্জ হোৱাৰ আগতেই
হাজৰিকালে ফোন লগোৱাই ভাল ৷
স্নেপ স্বট ৩
ঘৰৰ যিমান কেইটা চাউন্ড বস্ক আছিল চব ওলাইজোৰা দিলো, হনী সিংৰ
গান এটা লগাই অলপ দুৰ খোজ কাঢ়ি ওলাই গৈ শুনি আহিলো ৷
গৈছে, চাউন্ড বস্কৰ মাত প্ৰায় দহ পোন্ধৰ ঘৰ পাৰ হৈছে ৷ মনটো
ভাল লাগিল ৷ গান কোনে অকলে শুনে, গান হৈছে আনক শুনোৱা
বস্তু ৷ মানুহে শুনি কব লাগিব যে শইকীয়াৰ বিহু লাগিছে, তেতিয়াহে ৷
বিহুৰ দিনা যদি আনৰ টোপনীয়েই ক্ষতি নকৰো, কিহৰ বিহু পাতিলো ৷
লগাই দিলো বাপ্পেকে ইয় ইয় হনী সিং ৷ কি গাইছে সিয়েই জানে আৰু
হাজৰিকা মই মুঠতে ডেঞ্চ ৷
স্নেপ স্বট ৪
হাজৰিকাই বোলে খৰি শেষ, মেজিটোকে জ্বলাই দিও ৷ মই বোলো
পুৱা অগ্নী সেৱা কত কৰিব ৷ হাজৰিকাৰ পাচ নম্বৰ গিয়েৰ, মোৰ
চাৰি নম্বৰ ৷ মই পিক আপেই লব পৰা নাচিলো ৷ বেটাই চাঞ্চ পাই
মোক অভাৰটেক কৰি বুজাই দিলে বোলে " অগ্নী ইচ অগ্নী ৷ হোৱেদাৰ
ইট ইচ মেজি অৰ গেচৰ স্টভ ৷ ৱানচ আপন এ টাইম ডেয়াৰ ৱাজ
ন গেছ ৷ উই ইউজড কাঠৰ চৌকা, চ' অল দা গাৱলীয়া পিপল বাৰ্ন
মেজীএন্ড প্ৰে অগ্নী দেৱতা ৷ নাও ইটচ গেচৰ জামানা ৷ উই হেভ টু
প্ৰে গেচ দেৱতা ৷ চ' বাৰ্ন ডা মেজী ৷ মৰ্নিং উই উইল প্ৰে অগ্নী দেৱতা
ইন গেছৰ স্টভ ৷ কবলে হে পালে, ৰাতি বাৰতাটো
মেজি জ্বলাই দিলে বাপ্পেকে ৷ মই মেজীৰ কেইডাল মান খৰী চাইড
কৰি থৈ দিলো জুই পুৱাবলে ৷ সকলোৱে চিঞৰি উথিল " হেপ্পী বিহু"

হনুমান চালিচাত পৃথিৱীৰ পৰা সুৰ্য্যৰ দুৰত্ব

হনুমান চালিচাত পৃথিৱীৰ পৰা সুৰ্য্যৰ দুৰত্ব :::::::::
অৱধী ভাষাত গোস্বামী তুলসী দাস ৰচিত হনুমান চালিচাত পোৱা
যায়
" যুগ সহষ্ট্ৰ যোজন পৰ ভানু
লিল্য তাহি মধুৰ ফল জানু "
যাৰ অৰ্থ হল যে মধুৰ ফল বুলি ভাবি হনুমানে যুগ সহষ্ট্ৰ যোজন
দুৰত্বত থকা ভানু বা সুৰ্য্যক গিলিব গৈছিল ৷
এতিয়া কথা হল যে
1 যুগ = 12000 বৰ্ষ
1 সহষ্ট্ৰ = 1000
1 যোজন = 8 মাইল
য়ুগ X সহষ্ট্ৰ X যোজন = 12000 X 1000 X 8 = 96000000 মাইল

1 মাইল = 1.6 km
9600000 X 1.6 = 1536000000 km
NASA মতে পৃথিৱীৰ পৰা প্ৰায় 1530000000 km দুৰত্বত সুৰ্য্য
অৱস্থিত ৷
প্ৰেৰণা: এখন নতুন হিন্দী বোলচবি "Hawaizada" যত Sivkar
Bapuji Talpare চৰিত্ৰটো উপস্থাপন কৰা হৈছে ৷ তেঁও ৰবাৰ্ট
ভাত্ৰৃদ্বয়ে বিমান আবিস্কাৰ কৰাৰ 8 বছৰ আগত অৰ্থাৎ 1895 চনত
প্ৰথম খন বিমান সাজি উৰুৱাইছিল ৷
Ref :
https://www.quora.com/Why-How-Hanuman-Chalisa-became-one-of…
https://en.m.wikipedia.org/wiki/Shivkar_Bapuji_Talpade
দেৱজিত শইকীয়া

আধাৰশিলা (poem)

আধাৰশিলা....

হৃদয়ৰ কোনোবাখিনিত
এতিয়াও আছে এটা আধাৰশিলা ৷
জহিখহি গলেও
শিলালিপিত খোদিত আছে
অপুৰ্ণ সপোন
কিছু অজুহাত
আৰু সময়ৰ হাতোৰাৰে
কলিজাত তুমি গঢ় দিযা
এটা নিৰ্মম আঘাট ৷
চৌব্বিশ বহাগ যৌৱনৰ একৈশটা বসন্ত
শুকুৰবাৰ,
তুমি আহিচিলা ৷
কিছু প্ৰতিশ্ৰুতি
কিছু আশা কিছু সপোনক
বাস্তবৰ তুলিকাত আকিবলৈ
এখন সৰুঘৰ
এখন বাগিছা
আৰু বাগিছাত
তুমি মই আৰু আমাৰ ভালপোৱা ৷
পিছে ......
মই এতিয়াও অকলসৰীয়া ৷
হৃদয়ত আছে মাথো
এদিন তুমি সাজিথৈ যোৱা
জহি খহি যোৱা আধাৰশিলা ৷

@দেৱজিত শইকীয়া

বিষাদৰ দুশাৰী.....(poem)

বিষাদৰ দুশাৰী.....
উদং দেহাত
এতিয়া মোৰ বহুতো আঘাট
বাগৰ সলালেই গৰজি উথে যত
শূন্য হৃদয়ৰ শব্দহীন বিলাপ ....

এতিয়া দিকহাৰা সপোনে
অথালি পথালিয়ে গতি কৰে
নাজানো কত যে হেৰুৱালো
জীৱনৰ সমান্তৰাল বাট়....
মোৰ বুকুৱেদিও বৈ আচিল
হৃদয়ৰ পাৰ ভাঙি আবেগৰ নৈ
এতিয়া পিছে মৰা সুতিঁ
মৃত সপোন
কবৰস্থ আশা
বাস্তবৰ শ্মাশানশালীত .......
@ দেৱজিত শইকীয়া