Sunday, 6 March 2016

দেউতা...poem

দেউতা...
তোমাৰ আঙুলিত ধৰি দিছিলো জীৱনৰ প্ৰথম খোজ
বোকোচাত উঠি পাৰ কৰিছিলো শৈশৱ ৷
তুমি আছিলা এজন নিপুন যোদ্ধা জীৱন সংঘৰ্ষৰ ৷
এজোপা বিশাল বৰ গছ
যাৰ ছাঁয়াত আকাশলৈ মুৰ তুলি চাব পাৰিছিলো আমি ৷
তুমিয়ে সাজি দিছিলা আকাশৰ তলত এখন ছাল
ৰ'দ বৰষুণ নপৰাকৈ যত নিৰ্ভয়ে পাৰ কৰিছিলো
শৈশৱ আৰু যৌৱন ৷
খনিকৰৰ দৰে গঢ়ি তুলিছিলা আমাক
মানুহ হিচাপে
সমাজত খুটি খাব পৰাকে ৷
তুমি আছিলা এজন দক্ষ শিক্ষক
শিকাইছিলা আকাশত উৰিবলৈ
সপোন দেখিবলৈ,
শিকাইছিলা সত্যৰ সন্ধান
জীৱন দৰ্শন ৷
এজন আদৰ্শবান পিতৃ আছিলা তুমি
কৈছিলা নৈতিকতাক বিসৰ্জন নিদিবলৈ,
দুখত বিচলিত নহবলৈ
ভুল পথে নাযাবলৈ
বিবেকৰ ওচৰত হাৰ নামানিবলৈ ৷
যুক্তিবাদি আছিলা তুমি,
ধৰ্মৰ গোৰামী বেয়া পাইছিলা ৷
বেয়া পাইছিলা মৰাক মাৰি কৰা ৰাজনিতি ৷
শোষনৰ বিপক্ষে মাত মাতিছিলা
সময়ত বজ্ৰ কঠিন সিদ্ধান্তও লৈছিলা
অকলেই দুখৰ সাগৰ সাতুৰিছিলা ৷
তোমাৰ গহীনতাৰ মাজত আছিল কোমলতা
এবুকু মৰম আছিল আনে বুজিব নোৱাৰা ৷
দুৰ্বলো আছিলা
ভনী জনিক উলিয়াই দিওতে জানো এসোঁতা কন্দা নাচিলা ...........
অভিজ্ঞতাৰে শিকাইছিলা আমাক জীৱনৰ নেওঁতা ৷
সুখি কৰিবলৈ আমাক তুমি নিজকে দিছিলা বিসৰ্জন
তুমিটো যন্ত্ৰ নাছিলা
তথাপি দৃঢতাৰে দেহাক পানি কৰি কৰিছিলা আৰ্জন ৷
আমাৰ প্ৰয়োজনৰ দিঘলীয়া লিষ্টখন পুৰন কৰি কৰি
তুমি হৈ পৰিছিলা বৃদ্ধ ৷
দেহাত বাহ সাজিছিল ৰোগে
তথাপি হোৱা নাছিলা ক্লান্ত ৷
পাহৰি গৈছিলা লবলৈ দেহাৰ যত্ন
পুৱাই পেটত এমুঠি গুজি
কান্ধত মোনালৈ ওলাই গৈছিলা তুমি
সুখ কিনিবলৈ আমাৰ বাবে
বুকু পাতি লৈছিলা নিজেই সকলো কষ্ট
পৰিয়াল আছিল তোমাৰ বাবে জীৱনৰ সৰ্বস্ব
কুটা কঢ়িয়াই কঢ়িয়াই তুমি কুজা হৈ গৈছিলা
তথাপি এটা সিংহৰ দৰে আজিবন
মুৰ ঠিয় কৰি আছিলা
আমাক জীয়াই থাকিবলৈ শিকাই থৈ গলা ৷
কৃতজ্ঞ আমি
কৃতজ্ঞ তোমাৰ প্ৰতিদান বিহীন
প্ৰতিটো কৰ্মৰ
মৰমৰ
দেউতা
তুমিহীনতাত বুজি উঠিছো আজি
তুমি আছিলা আমাৰ বাবে ইশ্বৰ
হাত মেলিলেই যত পুৰন হৈছিল সকলো সপোনৰ ৷

No comments:

Post a Comment