Sunday 6 March 2016

তোমাক যেতিয়া লগ পাও.......(poem)

তোমাক যেতিয়া লগ পাও.......
@দেবজিত শইকীয়া
আজি এজাক বৰষুণ অহাৰ কথা
বৰষুণৰ শব্দৰে আজি এটা কবিতা লিখিম
লিখিম শুকান পাতৰ যৌৱন হেৰুৱাৰ বেথা ৷
লিখি যাম ধুমুহাই গছকি যোৱা গছৰ হিয়া ভঙা কান্দোনৰ কথা ৷
সেউজীয়াৰ প্ৰতিক্ষাত
প্ৰতিটো দিন প্ৰতিটো পল কিদৰে পাৰ হয়,
পাৰ হয় প্ৰতিটো ধুলিয়ৰী বিষাদ নিশা ৷
লিখিম আজি
শুকান মাটিৰ আনে নুবুজা বেদনাৰ কথা ৷
আজি মোৰ দুখৰ
কামিজটো খুলি থম ৷
উদং বুকুত বৰষুণৰ স্পৰ্ষৰে বলিয়া হম
আচলতে বলিয়াইহে বেদনা বুজি পাই
বলিয়া নহলে জানো কোনোবাই কাৰোবাক ইমান ভাল পাব পাৰে?
আজি প্ৰতি টোপাল পানী মই চুই চাম
অনুভৱ কৰিম মাটি আৰু পানীৰ মৰম
ঠিক মোৰ আৰু তোমাৰ দৰেই ৷
আচলতে কি জানা ?
তুমি বুলিয়েই মই বৰষুণক চুই চাম
কাৰন তুমি বৰষুণৰ দৰেই ,
যাৰ অপেক্ষাত থাকে শুকান পথাৰ
শুকান গছ
আৰু
মোৰ শুকান উদাসী আতুৰ মন ৷ ৷ ৷

১৬/৩/২০১৫

No comments:

Post a Comment