Thursday 6 November 2014

মই গেছ চিলিন্ডাৰে কৈছো

মই গেছ চিলিন্ডাৰে কৈছো ৷
দুৰ্গা পূজাৰ দুদিন মান আগৰ কথা ৷ পুৱাই শ্ৰী মতিয়ে ৰঙা চাহৰ গিলাচটো
বিচনাৰ কাষতে থেকেচকৈ থৈ কৈ দিলে নহয় বোলে সোনকালে উথক আৰু
কত কেনেকৈ কি বনাই বনাওকগৈ, গেছ শেষ ৷
গেছ শেষ বুলি কথাষাৰ শুনিবলৈ হে পালো, গেছ বেলুনৰ দৰে ফুলা শ্ৰীমতিৰ
মুখ খনলৈ চাই একান্ত বাধ্য ছাত্ৰৰ দৰে পাকঘৰ পালোগৈ ৷ হয়টো, যোৱা মাহৰ
৮ তাৰিখেই লগোৱা, হিচাপ এটা কৰি দেখিলো এমাহ দুদিন গল ৷ ধ্যেত এই
পূজাটো সৰকি যোৱা হলে, খংটো গেষ্ট্ৰিক বঢ়াদি বাঢ়ি আহিল ৷এও লোকে গেছটো হিচাপ কৰি
চলাব নাজানে ৷গেছৰ ওপৰত পানী উঠাই বৰুৱানীৰ লগত " আমাৰ যে এও"
শিৰ্ষক আড্ডা মাৰি থাকোতে কেতিয়া পানী শুকাই শেষ হয় গমকে নাপাই ৷
কেৰাহী বহাই চব্জী কটা মানুহ হে ৷ দুআষাৰ মান শুনাবলৈ মন আছিল বাপ্পেকে
পিছে শুনাবলৈ গলে মোক যে একে ফৰ্টি চেভেন মুখৰে থকা সৰকা কৰিব জানি
শুনিয়েই একো নকলো ৷
দোষটো মোৰেই ২১ দিনৰ পিছতো চিলিন্ডাৰ বুক কৰিবলৈ
পাহৰি থাকিলো, তাতে আনটো চিলিন্ডাৰ সিদিনা দত্তনিয়ে খোজাত দি দিলো ৷
দত্তনীয়ে বোলে শইকীয়া দা আমাৰ চিলিন্ডাৰ শেষ হল, কালিলৈহে পাম, আজি
যেন তেন চলিবলৈ দিয়ক বুলি কলে, মইও এওক নুসুধাকৈ দি দিলো ৷ এঁওক
কোৱাত বোলে আপোনাৰ স্বভাৱটোও আজি কালি ভাড়াঘৰ চিৰিয়েলৰ কেঁওতৰ
নিচিনা হৈছে ৷
মবাইল ফোনটোলৈ ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ সকলোলৈকে ফোন
লগালো ৷ সকলোৰে এটাই উত্তৰ " ইচ শইকীয়া ,যোৱাকালি নতুনটো লগাইছোহে"
দত্তনীয়ে বোলে দাদা এজেঞ্চিত ইমান ফোন কৰি আছো গেছৰ গাড়ী অহা নাই বুলি
কৈ আছে ৷
পুৰনা ষ্টভটো উলিয়াই চালো তেল নাই ৷ ইনদাকচন কুকাৰটোৱেও আইছি ইউথ
মানে মেকানিকৰ তাত পৰি আছে ৷ আগতে জেউৰা ভাঙিও এষাজ যেন তেন
বনাইছিলো, পকী ৱাল দিয়াৰ পৰা সেইটোৰো মুদা মৰিল ৷ কি কৰা যাই ৷ এনেতে
দেখিলো লৰা ছোৱালী কেইটাক কাপোৰ কানি পিন্ধাই এও ৰেডি ৷ বোলে ঘৰলৈ
যাও, গেছ পালে মাতি দিবা ৷ তুমি এই কেইদিন দত্তনীৰ ঘৰতে খাবা ৷ মই খড়ীত
ফুৱাই ভাত বনাব নোৱাৰো ৷ ধোৱা লাগিলে এলাৰ্জী হয় তাতে যোৱাকালিহে
পাৰ্লাৰৰ পৰা আহিছো ৷ মই মনতে বোলো হব দেৱী দুৰ্গা যোৱা পূজা বুলি দুদিন
মান মাৰাৰ ঘৰতে থাকি আহা, মই হোতেলতে মাছে মঙহে দকহি খাম ৷
চিলিন্ডাৰটো বাইকৰ পিছত চাইকেলৰ টিউবৰে ভালদৰে বান্ধি এজেঞ্চী পালোগৈ ৷
দোকান খোলাই নাই ৷দোকানৰ আগত চিলিন্ডাৰৰ দিঘলীয়া শাৰী যেন মিলিটেৰীত
নাম ভৰ্তিৰ বাবেহে লাইন কৰি আছে ৷ মোৰটো চিলিন্ডাৰ এশ ছয় নম্বৰত পৰিল৷
চিলিন্ডাৰটো চাই কি কৰিম আৰু দাৰ্শনিক চিন্তা কিছুমানকে কৰিব ধৰিলো ৷
চিন্তা নম্বৰ ১,
গেছৰ চিলিন্ডাৰ নোহোৱাৰ আগলৈকে মানুহৰ গেছ অৰ্থাৎ গেষ্ট্ৰিকো নাছিল ৷
কেৰাহীৰ দাইলৰ ফেন কাঢ়ি পেলাই দিছিল যি বোৰ কুকাৰৰ হোৱাৰ পৰা পেটলৈ
যোৱা হল ৷
চিন্তা নম্বৰ ২,
গেছৰ চিলিন্ডাৰ নোহোৱাৰ আগলৈকে মানুহৰ ডায়েবেটিছো ইমান নাছিল ৷
চৰুৰ নিসনী কঢ়া ভাত খাইছিল ৷
চিন্তা নম্বৰ ৩,
গেছৰ চিলিন্ডাৰ নোহোৱাৰ আগলৈকে মানুহৰ ককালৰ বিষ, বাত বিষ পেটৰ
প্ৰব্লেমো সিমান নাছিল কাৰন তলত বহি জুইৰ কাষত ভাত বনাইছিল ৷
চিন্তা নম্বৰ ৪,
আগতে চৰু সকলোকে চুব দিয়া নহৈছিল ৷ ধৰ্ম বৰ্তি আছিল ৷ এতিয়া কাৰ
ঘৰৰ পাকঘৰৰ চিলিন্ডাৰ কাৰ ঘৰৰ পাকঘৰত সোমাই থিক নাই ৷ জাত পাত
নাইকীয়া হল ৷ সকলোৰে চৰু এক হল ৷ কবলৈ গলে গ্লবেলাইজেচন হল ৷
চিন্তা নম্বৰ ৫,
চিলিন্ডাৰ নোহোৱাৰ আগলৈকে পুৰুষ পাকঘৰত সোমোৱা নাছিল ৷ এতিয়া
পুৰুষ মহিলা সকলোৱে ভাত ৰন্ধা হল ৷ মতা মাইকীৰ পাৰ্থক্য নাইকীয়া হল ৷
নাৰীয়ে সম মৰ্য্যদা পালে ৷
চিন্তা নম্বৰ ৬,
চিলিন্ডাৰ হোৱাৰ পৰা জুহাল নোহোৱা হল, সময় কম লগা হল, গৃহীনিয়ে
টিভিৰ সন্মুখত বহিব পৰা হল ৷ আৰামত আলাসতে গৃহীনিৰ চেহেৰা চিলিন্ডাৰৰ
চেহেৰাৰ পাৰ্থ্যক্য নোহোৱা হল ৷
চিন্তা নম্বৰ ৭,
গৃহীনিৰ পৰা সুখৰে এষাজ খাই থাকিবলৈ হলে সময় মতে চিলিন্ডাৰৰ যোগান
ধৰক ৷

Sunday 2 November 2014

চিগেৰেট টো জ্বলাই ললো ৷ চিগেৰেটৰ কুন্ডলী পকোৱা ধোঁৱাৰ মাজত প্ৰায়ে
মই বিচাৰি পাও  জীৱনৰ বিবৰ্নময সময়সতেজ মাদকতা ৷ সেয়ে সি মোৰ প্ৰিয় সংগী ৷ যাৰ
মৰমৰ অত্যাচাৰত এদিন চিগেৰেট এৰিছিলো তেঁৱেই এদিন মোক এৰি গুছি
গল জীৱনৰ পৰা, সেইদিনা তেঁওৰ শপত ভাঙি পুনৰ ওঠত তুলি লৈছিলোঁ চিগেৰেট
এটা ৷ খংত ক্ষোভত ৷ হোষ্টেললৈ প্ৰথম অহাৰ দিনাই জীৱনত প্ৰথমবাৰৰ বাবে
অনিশ্চাস্বত্বেও ৰেগিং নামৰ অখাদ্যৰ লগত চিগেৰেট সেৱন কৰিব লগিয়া হৈছিল ৷
অন্তঃদন্দত ভুগিছিলো, কান্দিছিলো ৷ এতিয়া ভাবিলে হাঁহি উথে ৷ হোষ্টেলৰ পৰা
প্ৰথমবাৰ মাঘৰ বিহুত ঘৰলৈ যাওতে লগৰ বিদ্যুত আৰু জীৱন হঁতলৈ এপেকেট
চিগেৰেট কিনি নিছিলো ৷ বিহুঘৰৰ পিছফালে ডিম্বেশ্বৰ কাইটি হঁতৰ বাঁহৰ তলত
লুকাই গোটেই কেইটাই তৃপ্তিৰে ধোঁৱা উৰাইছিলো ৷ পিছলৈ মই গলেই সিহতে
সোধে দলংৰ খুটা আনিছোনে? আনিছো বুলি কলেই কই সন্ধীয়া গজাল অৰ্থাৎ
জুইশলাই লৈ গৈ আছো, দিব্যহঁতৰ দোকানৰ পিছফালে ৷ ঘৰৰ পৰা পথোৱা সামান্য
পইচা কেইটাৰে চিগেৰেট কিনি খাবলৈ নুজুৰে আৰু বিবেকে বাধা দিয়ে ৷ দুটামান
টিউচন গোটাই লৈছিলোঁ পকেট খৰচৰ বাবে ৷ পুহমহীয়া টিউচন কৰি ৰাতি
নিযৰত তিতি পাতল হাফ চুৱেটাৰটো পিন্ধি কপি কপি যেতিয়া আহো গাটো গৰম
কৰিবলৈ চিগেৰেট এটা জ্বলাই
লও ৷ 

Tuesday 23 September 2014

আহিন আহিল

আহিন আহিল

শেৱালী ফুলিল
নিয়ৰ সৰিল
কহুৱা বনত
কুঁৱলী নামিল ৷
অশান্ত মন মোৰ
দুৱৰীৰ দলিচাত
বুকু পাতি ৰৈ থাকিল
তোমাৰ বাবে ৷
জোনাকী নিশাৰ
প্ৰান্তৰে প্ৰান্তৰে ৷
মাথো তোমাৰ বাবে ৷
তুমিহীনতাত মোৰ আহিন নাহে
আনে নেদেখাকৈ
দুটোপাল মাথো
চকুৰ লোটক সৰে ৷ ৷ ৷ ৷

Sunday 14 September 2014

গীতা

প্ৰথম অধ্যায়
বিষাদ যোগ
শ্লোক ১
ধৃতৰাষ্ট্ৰ উৱাচ
ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমাৱেতা য়ুয়ুৎসৱ ৷
মামকাঃ পাণ্ডৱাশ্চৈৱ কিমকুৰ্ৱত সঞ্জয় ৷৷
অৰ্থ;: ধৃতৰাষ্টই কলে হে সঞ্জয় যুদ্ধ কৰাৰ মানসৰে তীৰ্থভুমি কুৰুক্ষেত্ৰত সমৱেত হোৱাৰ পাছত মোৰ পুত্ৰ সকল আৰু পাণ্ডুৰ পুত্ৰ সকলে কি কৰিলে ?

তাৎপৰ্য্য:  যুদ্ধ ধৰ্মভুমি কুৰুক্ষেত্ৰত হৈছিল ৷ গতিকে ধৰ্মক্ষেত্ৰত যে অধৰ্মিৰ পৰাজয় নিশ্চিত সেই কথা জানিও আধ্যাত্মিক ভাবে জন্মান্ধ ধৃতৰাষ্টই ব্যাস পুত্ৰ সঞ্জয়ক এই প্ৰশ্ন কৰাটোৱে সুচায় যে লোভ মোহ ইত্যাদি ৰিপুৱে এজন মানুহক কি দৰেগ্ৰাস কৰিব পাৰে ৷ মোৰ পুত্ৰ আৰু পাণ্ডু পুত্ৰ বুলি কোৱা মানে ইযেই সুচায় যে সহোদৰৰ পুত্ৰ সকলক তেঁও কাহানিও নিজৰ বুলি জ্ঞান কৰাই নাছিল ৷ আধ্যাত্মিক ভাৱে আমি ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰক নিজৰ দেহা,  প়ঞ্চ পাণ্ডৱক পঞ্চ ইন্দ্ৰিয় 

শ্ৰীমদ্ভাগৱত আৰু আধুনিক বিজ্ঞান

ভ্ৰূণবিদ্যা হল জীৱবিজ্ঞানৰ এনে এক বিষয় যত জনন কোষৰ মিলনৰ ফলত সৃষ্টি হোৱা যোজন কোষৰ  উৎপত্তি তথা বিকাশৰ  দ্বাৰা ভ্ৰূণ গঠন হোৱাৰে পৰা জীৱৰ জন্ম হোৱালৈকে সকলো পৰিঘটনাৰ বিষযে বৈজ্ঞানিক ভাৱে অধ্যয়ন কৰা হয় ৷ জীৱবিজ্ঞানৰ এই বিষয়টোৰ জনক হিচাপে গ্ৰীক দাৰ্শনিক সকল বিশেষকৈ এৰিষ্টটলক জনা যায়৷ কিন্তু ভাৰতীয় পুৰান সমুহ অধ্যয়ন কৰি জনা গৈছে যে শ্ৰীমদ্ভাগৱতত উল্লেখিত কপিলমুনিয়েহে এই কৃত্বিত্ব পোৱাৰ যোগ্য ৷ জ্যোতিৰ্বিদ সকলে গননা কৰি ঠাৱৰ কৰিছে মহাভাৰতৰ সৃষ্টিকাল যিচুখৃষ্টৰ জন্মৰ ৫৫৬১ বছৰ পুৰ্ব আৰু শ্ৰীমদ্ভাগৱত ১৬৫২ খৃষ্টপুৰ্ব ৷ যি সময়ত প্ৰাশ্চত্য পণ্ডিত সকলে জড় পদাৰ্থৰ পৰা জীৱৰ নিজে নিজে উৎপত্তি হোৱা বা বিস্বাস কৰিছিল বা সন্তান ইশ্বৰৰ ইচ্চাত সৃষ্টি হয় বুলি ধাৰনা কৰিছিল তাৰ বহু আগতেই ভাৰতীয় ঋষি মুনি সকলে স্ত্ৰীৰ ৰজ আৰু পুৰুষৰ ৰেত মিলনৰ ফলত কললা সৃষ্টি হোৱাৰ ধাৰনা আমাক দি গৈছে ৷

শ্ৰীমদ্ভাগৱতৰ তৃতীয় স্কন্ধৰ সপ্তত্ৰিংশ অধ্যায়ৰ মানৱ জন্ম তামসী গতিত কপিল মুনিয়ে মাতৃ দেৱাহুতিক কৈছিল:  হে মাতৃ,  জীৱই পুৰ্ব জন্মৰ কৃতকৰ্মৰ ফল ভোগ কৰিবলৈ পুৰুষৰ মনৰ সহায়ত উদৰত প্ৰবেশ কৰে৷ সেই পুৰুষে পত্নীৰ লগত শৃঙ্গাৰ কৰা সময়ত বীৰ্য্য ৰুপে নাৰীৰ শোনিতৰ লগত মিলি নাৰীৰ গৰ্ভত প্ৰবেশ কৰে ৷ এনিশাৰ ভিতৰত অৰ্থাৎ ১২ ঘন্টাৰ ভিতৰত একেলগ হয় ৷ পাঁচ নিনিশী বৰ্তুলকাৰ বা ঘুৰনীয়া হয় ৷ দহ দিনত বগৰী ফলৰ দৰে হয় ৷ দুমাহত শিৰ বাহু আদি ভিন ভিন অংগ হয় ৷ চাৰি মাহত নোম নখ আৰু লিঙ্গৰ চিহ্ন হয়৷ পঞ্চম মাহত সেই গৰ্ভস্থিত সন্তানৰ ক্ষুদ্ধা তৃষ্ণাৰ উৎপন্ন হয় ৷ ছয় মাহত সেই সন্তানৰ দেহত জালৰ দৰে ছালৰ উৎপন্ন হয় আৰু মাতৃৰ দক্ষিন বা সোঁফালে উদৰত ক্ৰমে লৰচৰ কৰি বাঢ়িব ধৰে ৷
হে মাতৃ সেই গৰ্ভস্থিত সন্তানে মাতৃৰ আপ্যায়নী নামৰ নাড়ীৰ সৈতে সংল্গ্ন হৈ থাকে ৷ সেই নাড়ীৰ সহায়ত মাতৃয়ে যি অন্ন খায় সেই অন্নৰ ৰস সন্তানেও পান কৰি থাকে আৰু ক্ৰমাত বাঢ়ি গৈ থাকে ৷

আধুনিক বিজ্ঞানৰ মতেও ডিম্ব নিসৰনৰ ১২ঘন্টাৰ ভিতৰতে নিষেচন হয় আৰু শ্ৰীমদ্ভাগৱতৰ 3/31/2 শ্লোকত যি পাঁচ দিনত বৰ্তুলাকাৰ আৰু দহ দিনত বগৰী ফলৰ দৰে হয বুলি কৈছে 11 দিনৰ ভ্ৰূণৰ ছবিত সি প্ৰমানিত হৈছে ৷ দুমাহত শিৰ ৩২ দিনৰ চনগ্ৰাফীৰ সহায়ত আৰু তৃতীয় মাহত লিংগ সৃষ্টি হোৱাটোৰ সত্যতা প্ৰতিপন্ন হৈছে ৷ পঞ্চম মাহত ভোক পিয়াহ সৃষ্টি হোৱাটো ভ্ৰূনৰ ডুৱডেনামৰ পৰা ৰেক্টামলৈ জমা হোৱা ফেইকেল মেটাৰেই প্ৰমান কৰে ৷ সেই বাবেই হয়তো হিন্দু পৰম্পৰাত পঞ্চম মাহত পঞ্চামৃত খোৱোৱাৰ নিযম অতিজৰে পৰা চলি আহিছে যি পাৰ্শ্বত্য সমাজত দেখা নাযায় ৷ বিজ্ঞানে এইটোও প্ৰমান কৰিছে যে ক্ষুদ্ৰান্তই পঞ্চম মাহৰ পৰা এমনিয়টিক ফ্লুইড হজম কৰিব পৰা সামৰ্থ হয় ৷ যি পঞ্চম মাহত ক্ষুদ্ধা তৃষ্ণাৰ সৃষ্টি হোৱাৰ সত্যতা প্ৰমানিত কৰে ৷
অষ্টম পাৰাগ্ৰাফত কপিলমুনিয়ে কৈছে যে ভ্ৰূণে স্বসন নকৰে ৷ শুদ্ধ কিয়নো এমনিযটিক ৰসত ব্যাপন পক্ৰিয়াৰে অক্সিজেনৰ আদান প্ৰদান হয় ৷
ভাগৱতৰ 2/10/26 শ্লোকৰ মতে শিশ্ন পাযুতকৈ প্ৰথমে সৃষ্টি হয়,  আধুনিক বিজ্ঞানেও সত্য বুলি প্ৰমানিত কৰিছে ৷ ভাগৱতৰ 2/10, 3/6 আৰু 3/26 শ্লোকত কৈছে হৃদযন্ত্ৰ 2 -3 মাহত উৎপন্ন হয় ৷ এইটো 1972 ডক্টৰ এইচ পি ৰবিনচনৰ ডপলাৰ পক্ৰিয়াৰ দ্বাৰা প্ৰমানিত হৈছে ৷ যি 1652 BC  +1972= 3624 বছৰ আগতেই কপিল মুনিয়ে কৈ গৈছে ৷

(সহায় লৈ)












Saturday 13 September 2014

সোঁৱৰণী মোৰ সোনালী দিনৰ

সোঁৱৰণী মোৰ সোনালী দিনৰ,,,,,,,
তেতিয়া আমি ষষ্ঠমান শ্ৰেনীৰ ছাত্ৰ ৷ আমি পঢা বিদ্যালয় খনৰ দাঁতিতে বৰ্তমানৰ ক'ল পাৰ্ক বা চিত্ৰলেখা উদ্যান ৷ আম লিচু আদিৰে মোক খা মোক খা কৰি থকা পাৰ্কথন আমাৰ টিফিনৰ সময়ৰ খেলা ধুলাৰ সুন্দৰ স্থান ৷ লেজাৰ হোৱাৰ লগে লগে গৈ গছৰ ওপৰত ৷ এদিনাখন লিচু পাৰিবলৈ গছত উথিছোহে, কিয় নাজানো ছুটিৰ বেল চকিদাৰে বজাই দিলে ৷চুটিৰ বেলৰ শব্দতো লেজাৰৰ বেলতকৈও সুমধুৰ ৷ যি য'তেই আছিল বেগ লৈ ঘৰলৈ যাবলৈ দৌৰ মাৰিব ধৰিলে ৷ তেতিয়াও গছৰ ওপৰত মই, বিবেক আৰু কটিয়া ভোলা ৷ মই যেন তেন নামিলো আৰু মোৰ পিছত বিবেক ৷ কিন্তু হঠাৎ কি হ'ল জানো বিবেকৰ এটা হাত গছৰ পৰা এৰি পৰিব ধৰিলে ৷ মৰাৰ সময়ত কুটা দালকে ধৰাৰ দৰে বিবেকেৰে কিবা এটাত ধৰি চুচঁৰি তলত ধেপেচকৈ পৰিল ৷৷মই তাক ঊধাব গৈ দেখো তাৰ বাও হাতত বগা ইউনিফৰ্মৰ হাফপেন্ট এটা ৷ গছৰ ওপৰলৈ চাই দেখো দিগম্বৰ ভোলাই খোপা কুবিকৈ আকৌ গছত উথিছে ৷৷ তাক পেন্টটো দিবলৈ ভাল দৰে চাই দেখো বকলেচ আৰু চেইনটো নায়েই, তল খনো জৰাসন্ধ দুফালে হোৱাৰ দৰে ৷ ভোলাগুৰি বোলো তই আৰু ওপৰত উথ আমি পেন্টটো চিলাই আনোৱাৰ তই মুঠতে নানানিবি ৷ বৰ বিস্বাসত সিও মান্তি হ'ল ৷ কিন্তু জীৱনৰ তিনিঘন্টা সময় গছৰ ওপৰত দিগম্বৰ হৈ থাকিল ৷ আচল নামটো নিদিলোগৈ নহলে ডক্টৰ বোপাৰ ইজ্জত তেতিয়া নগলেও এতিয়া যাব,

টিলিঙাকাই

অসমীয়া গোটৰ চেলিব্ৰেটি আমাৰ টিলিঙাকাই,
চেলিব্ৰেটি হলেও কিন্তু তেৰাৰ অকনো ভেম নাই৷
চাধা, চিগেৰেট , বাবা আৰু গেলা খাই,
নলাত পৰি থকা ৰেকৰ্ড পিছে তেঁওৰ আজিলৈকে নাই৷
দেখাক দেখি বডি বনাই , জিমলৈকো যাই,
পিছে হাড়ে চালে লগা দেহাত মঙহ নহল হায়৷
গাৰ বৰন কিনো কম যেন এসোপা ফুট চাই,
ৰঙা লংপেন্ট নিলা স্পৰ্টিং আৰু পিন্ধে টাই ৷
গোটেই জীৱন ছোৱালী বিছাৰি এজনিও নাপালে পাই,
বৰলা হৈ আজি কালি নিজে ৰান্ধি মেলি খাই৷
ফেছবুকত বুঢ়া তিৰি এতিয়াও বিছাৰি থাকে ভাই,
বিবাহিত পুৰুষবোৰক দেখিলে দাদাৰ খং উথি যায়৷


টিলিঙাকাইৰ কথা কৈ নপৰে ওৰ,
সিদিনাখনৰ কথা এটা আজি মনত পৰিল মোৰ ৷
বৰলা সংস্থাৰ মিটিংত
কাই আছিল ফিটিংত
যা তা বকি দিলে মাইকৰ স্পিকাৰত ৷
ৰাইজ আছিল টেম্পাৰত
পাব্লিক ধুলাই পৰি গল স্তেজৰ ওপৰত৷
কাইক উথাই স্ট্ৰেচাৰত
পোৱাই দিলে হস্পিটালৰ কেবিনত৷
হাত ভৰি ভাঙিল পিটনত
কাইয়ে ভাবিলে জোৰা নালাগে আৰু এই জীৱনত
লাখ টকা গল ট্ৰিটমেন্টত
কাইয়ে বৰলাহৈ নাথাকো বুলি লৈ ললে চেলেঞ্জত ৷
ভঙা হাতৰেই বুটাম টিপিলে মোবাইলত,
বিয়া পাতিবলৈ ছোৱালী লাগে বুলি আপডেট দিলে স্টেটাচত৷
বহুকেইটা প্ৰপজেল আহিল ফেচবুকৰ ইনবস্কত৷
তাৰে এজনীৰ প্ৰফাইল চাই বুক কৰিলে ফটাফট৷
মাতি পথালে ডেটিংত৷
ফুৰ্তিতে কাইয়ে বাইক চলালে ইচপিডত,
ব্ৰেক মাৰিলে কিটিপত৷
চিটিকি পৰিল নেহেৰু পাৰ্কৰ ভিতৰত ৷
প্ৰেয়সীক বহা৷ই ললে ওচৰত,
পুখুৰীটোৰ কিনাৰত৷
সাবটি ললে আন্ধাৰত
চুমা এটা খাই দিলে কপালত ৷
প্ৰেয়সীয়েও সাবটি ললে চেনেহত ৷

পিছে
নিচাৰ কোবত দিছিল চুমা খাই
দাড়ীয়ে বিন্ধাত হে হুচ আহিল ছোৱালী নহয় ভাই ৷
সেইজন আছিল সিবিধ, মতা নে মাইকী চিন চাব নাই,
ডিঙিত গবা মাৰি ধৰি নেৰা হ'ল কাইক ৷
বিছাৰি মেলি কাইক পিছৰদিনা জোপোহাৰ তলত পালো যাই,
বেহুচ হৈ পৰি আছিল মাত বোল নাই ৷
মই বোলো কি হল বৰলা টিলিঙা কাই ৷
মোক বোলে নকবি ইজ্জত আৰু মোৰ নাই ৷
আজি কালিৰ আপা গিলা আপীৰ দৰে ভাই ৷
কানফুলি নাক ফুলি আৰু লাম্বা চুলি আছিল তাইৰ ৷
ফেক একাউন্তৰ পাল্লাত পৰল্লু যাই,
ফেচবুকৰ প্ৰফাইল ফটোত আৰু বিস্বাস মোৰ নাই ৷

পাতাল পুৰিলৈ আপোনাক স্বাগতম

ৰব পাতললৈ অহাৰ আগত
আপোনাসৱক শ্ৰীমদ্ভাগৱতৰ কিছুমান
চৰিত্ৰৰ লগত চিনাকি কৰি দিu.
ব্ৰক্ষ্মাৰ পুত্ৰ চাৰি সিদ্ধ
ক্ৰমে সনত সনাতন সদানন্দ আৰু সনত
কুমাৰ এবাৰ নাৰায়নক লগ কৰিব গ'ল
৷ পিছে দুৱাৰ ৰখিয়া জয়
বিজয়ে অপদষ্ট কৰাত
চৰিসিদ্ধি শাপ
দিলে যাতে দৈত্যযোনিত জন্ম লয় ৷
নাৰায়নক কাকুতি মিনতি কৰাত
সন্তুষ্ট হৈ নাৰায়নে কলে যে মোৰ
হাতত তোমালোকৰ মৃত্যু হব যাৰ
বাবে পুনৰ বৈকুন্ঠত আহিব পাৰিবা ৷
ব্ৰক্ষ্মাৰ পুত্ৰ মৰিচি আৰু মৰিচিৰ
পুত্ৰ কাশ্যপ ৷ কাশ্যপ আৰু দিতিৰ
গৰ্ভত হিৰনাক্ষ আৰু হিৰন্যকশিপু
হিচাপে জয় বিজয় জন্ম পালে আৰু
বৰাহ অৱতাৰে হিৰনাক্ষক আৰু
নৰসিংহ অৱতাৰে হিৰন্যকশিপুক বধ
কৰিলে ৷
হিৰন্যকশিপুৰ পুত্ৰ ভক্ত প্ৰহ্লাদ ৷
প্ৰহ্লাদৰ পুত্ৰ বিৰোচন আৰু বিৰোচনৰ
পুত্ৰ বলিৰজা ৷ বলি ৰজা অত্যন্ত
শক্তিশালী আৰু দানি আছিল ৷
বামন অৱতাৰ হিচাপে বলিৰজাৰ
পৰা তিনি পদ ভুমি বিছাৰিলো ৷
প্ৰথম পদত বামনৰুপি বিষ্ণুৱে স্বৰ্গ,
দ্বিতীয় পদত মৰ্ত্য লৈ ললে ৷
তৃতীয় পদত একো বাকি নথকাত তেঁও
নিজৰ মুৰ পাতি দিলে ৷ বামন
অৱতাৰি বিষ্ণুৱে তেঁওক পাতাল
পুৰি পোৱালে ৷ কিন্তু তেঁওৰ দানত
সন্তুষ্ট হৈ পাতালৰ
অধিপতি পাতিলে আৰু তেঁওৰ
পাতাল ৰক্ষা কৰি থাকিম
বুলি প্ৰতিশ্ৰুতি দিলে ৷
বলি ৰজাৰ পুতেক বান বা বানাসুৰ,
বানাসুৰ কাণ্ডালাৰ জীয়ৰি উষা ৷
ৰব ৰব আৰু আগলৈ নাযাও৷ কথা হল
পিতৃৰ ৰাজ্যত পুতেক ৰজা হয় ৷
পাতালৰ অধিপতি বলিৰ পুতেক বান
পাতালৰ ৰজা হল ৷ ৰাজধানি তেজপুৰ
৷ আপোনালোক সকলোকে প্ৰাক
ঐতিহাসিক চহৰ পাতাললৈ স্বাগতম
৷৷৷
( মোৰ নিজা চিন্তা, হয়তো হিমালযক
স্বৰ্গ, হিমালয়ৰ পাদদেশক মৰ্ত্য আৰু
চৌদিশে পাহাৰ পৰ্বতৰ মাজত
থকা অসমক পাতাল
বুলি ঋষি মুনি সকলে বুজাব
বিছাৰিছিল ৷ আৰু এটা প্ৰমান হল
কৈলাসৰ পৰা আহি থকা অৱস্থাত
দেৱী দুৰ্গাক অৰুনাচল পাহাৰত
মহিষাসুৰে লগ পাই আৰু যুদ্ধ হয় ৷
অসুৰ দৈত্য এই স্থানত আছিল আৰু
ত্ৰিপুৰা সুন্দৰী ত্ৰিপুৰাৰ ৷
চিন্তা কৰক আৰু পাতাললৈ এপাক
আহক, লগ পাম ৷ বৰ্তমান বানাসুৰৰ
পিছত হৰি হৰ যুদ্ধত সকলো অসুৰ
তথা দৈত্যৰ মৃত্যু হল,
গতিকে নিৰ্ভয়ে আহক)

বিবাদ মুণ্ডন আৰু অমুণ্ডন

পিতৃ মাতৃৰ বিয়োগত এক শৰন নাম ধৰ্মত শৰন লোৱা ভকত সকলে কিয় চুলি নুখুৰাই? এই প্ৰশ্ন বহুতে কৰা দেখিছো কিন্তু শাস্ত্ৰ সম্বলিত প্ৰকৃত উত্তৰ বহুতেই হয়তো নাজনে বা জনাৰ ইচ্ছা প্ৰকাশ নকৰে ৷ যি সকল ব্যক্তিৰ জনাৰ ইচ্ছা প্ৰকাশ কৰে তেঁওলোকৰ ববে এই লেখ প্ৰস্তুত কৰিলো৷ ইচ্ছুক জনে পঢ়ি চাব পাৰে আৰু ইয়াত যি যুক্তি দাঙি ধৰিছো বিজ্ঞজনক সুধি সঁচা মিছা প্ৰতিপন্ন কৰি লব পাৰে ৷
এতিয়া আহো পিতৃ-মাতৃৰ বিয়োগত কোনে মুণ্ডন কৰিব কোনে নকৰিব ৷ কৰ্মকাণ্ডৰ বিধিৰ কিছু মন্ত্ৰ উদ্ধৃতি দি কৰনীয় নে অকৰনীয় বিবেচনাৰ বাবে ডাঙি ধৰিলো ৷
মৰাশ চিতাত তুলি দি গোৱা মন্ত্ৰ
ওঁ কৃতাতু দুস্কৃতং কৰ্ম জানাতা ব্যাপ্য জানাতা ৷
মৃত্যু কালবসং পাপ্য নৰং পঞ্চত মাগতং ৷৷
ধৰ্ম ধৰ্ম শমাযুক্ত লোভ মোহ সমাবৃতং ৷
দাহয়ে সৰ্ব গাত্ৰানি দিব্যান লোকান সগচ্ছতু ৷৷
যশাত্তম জাতোহশি ওদয় জায়তা পুনঃ ৷
ধুমো অশৌ স্বৰ্গয়ে লোকান স্বাহা ৷৷
অৰ্থাৎ:
জন্মা বিধি জানি বা নাজানি কৰা কৰ্ম ধৰ্ম অধৰ্ম লোভ মোহৰ শৰীৰটো পুৰি পেলোৱা হৈছে ৷ দেহৰ লোভ মোহ এৰিব নোৱাৰা জীৱ দেহটো পুৰি পেলোৱা কাৰনে ধোৱাৰ লগত স্বৰ্গলোকলৈ যোৱাগৈ আৰু যদি কেতিয়াবা আহিব খোজা মোতকৈ উত্তম হৈ জন্ম ধৰিবাহি ৷
ইয়াত জীৱদেহটো পুৰি পেলোৱা হৈছে মানে জীৱিত মানুহ পোৰা হৈছে আৰু জীৱৰ স্বৰ্গলৈ পথোৱা হৈছে তথা পুনৰ আহিলে ক্ৰিয়াধাৰিতকৈ উত্তম জন্ম লাভ কৰিলেহে আহিব পৰা কথা কোৱা হৈছে ৷
উদক ক্ৰিয়া বা তপতে তপতে দিয়া মন্ত্ৰ
ওঁ ক্ৰিয়া বিণাৰ্যায়ে জানানোজ্য ব্ৰাক্ষ্মানানা পুচ্ছেৎ
অৰ্থ:
কৰ্মত বিপৰ্য্যয় ঘটোৱা হৈছে পুৰুহিতে লাহেকৈ সুধিব ৷
দোৰোলা বা খোল এটাত পানীলৈ পুৰুহিতে কব
ওঁ নমঃ উদকং কৰিষ্ম্যাহে
অৰ্থ: তুমি পানী লাহেকৈ লৰাই দিছানে?
ক্ৰিয়াধাৰিয়ে কব: কুৰু স্বেতি ব্ৰাক্ষ্মণ ব্ৰজ
অৰ্থাৎ: লৰাই দিলো ৷
পুৰুহিতে কব: কুৰু ধংস চৈবং পুৰ্ণৰুপ্য সদ্বৰ্ষে প্ৰেতভাতা
অৰ্থ: পানী আলোড়ন কৰি দিলা যেতিয়া মৃতক এশ বছৰলৈ প্ৰেত হল ৷ অৰ্থাৎ নৰকত পৰিল এতিয়া পিণ্ড দি থাকিবা ৷
এতিয়া চাওক কৰ্মত বিপৰ্য্যয় ঘটাই মন্ত্ৰৰ দ্বাৰা চিতাত তোলাৰ সময়ত স্বৰ্গত পথোৱা জীৱক প্ৰেত সজাই নৰকক ৰখা হল পিণ্ড খাবৰ বাবে ৷ মৃতক যদি ভাল কৰ্মফলৰ বাবে শৰতত পৰা নাছিলো পুতেক হতে দশ পিণ্ডৰ বাবে নৰকত স্থান দিলে ৷ গতিকে পিতৃমাতৃক নৰকত স্থান দিয়া তেনে পুত্ৰক সচাকৈয়ে মুণ্ডন কৰাব লাগে ৷
এই খিনিতে দহখন নৰকৰ নামো কৈ থও: ৰৌ ৰৌ নৰক, যোনিপুংস, মহাৰৌ ৰৌ, তামিশ্ৰ, মহা তামিশ্ৰ, সম্ভ্ৰম অমেধাকৃৰ্মিপুৰ্ণ, গুভক্ষন, স্বমাংস ভক্ষন আৰু কুম্ভিপাক ৷
মৃত পিতৃমাতৃক পুৰুহিতৰ মন্ত্ৰৰ দ্বাৰা কোনখন নৰকত স্থান দিলে চাও আহক:
" কুম্ভিপাক নাম নৰকোৰ্ত্তাৰনায় তৃপ্ত অক্ষুৎ পিপাসানিস্পত্তাথং দশম দিন নিমিত্তকং পুৰক পিণ্ডদানংমহং কৰিষৎ"
অৰ্থাৎ:
দশম দিনা কুম্ভিপাক নামৰ নৰকৰ পৰা তুলিবলৈ আৰু তৃপ্তি ভোক পিয়াহ আদি পুৰ্ণ হবলৈ দশম দিনত দিব লগিয়া দশম পিণ্ডটো দিছো ৷
আকৌ পিণ্ড বিধি প্ৰথাত ভূত প্ৰেত কাউৰি কুকুৰৰো দৰকাৰ ৷ বিস্বাস হোৱা নাই যদি তলৰ মন্ত্ৰ কেইফাঁকি চাও আহক:
প্ৰথম দিৱসীয় পিণ্ডদান সময়ে পিণ্ডদানাৎ প্ৰাকথম সং কথনাৰ্থং কাকেভ্যো বলিৰং নমঃ কৃতাঞ্জলিঃ যমদুতোৎসি বায়সোৎসি মহাত্ননঃ অএপিণ্ডং ময়া দত্তং কথ্যাতং যমৰাজতঃ
অৰ্থাৎ:
প্ৰথম দিনৰ পিণ্ডদানৰ আগতে মৃতকক খবৰ দিবলৈ কাউৰীক স্তুতি কৰিব লাগে, ,,,,,,
তাৰ পিছত কাউৰীক ৰক্ষা কৰি নিবৰ বাবে কুকুৰৰ পূজা:
পিণ্ডদানাৎ প্ৰাক পথিৰক্ষাণৰ্থ শ্বাভ্যা ( কুকুৰ) বলিৰয়ং নমঃ ৷
কৃতাঞ্জলি পাঠেৎ - ওঁ দ্বৌ শ্বানৌ শ্বেত সৱলৌ বৈৱস্বতুক লোদ্ভবৌ তাভ্যাং পিণ্ডং প্ৰযচ্ছামি ৰক্ষেথাঃ প্ৰেতকং পথি শ্বাভ্যাং বলিৰয়ং নমঃ এৱমহৰহুঃ
অৰ্থাৎ:
প্ৰথম দিনা পিণ্ড দিয়াৰ আগতে বাট়ত ৰক্ষা কৰি প্ৰেতক ( মানে মৃত পিতৃমাতৃক) যমৰ ওচৰলৈ নিবৰ কাৰনে শ্ৰেত আৰু সৱল নামৰ কুকুৰ দুটাক পূজা কৰি লৈ কুকুৰৰ কাৰনে আগবঢ়োৱা বস্তুখিনি সেৱা জনাব পিছত কৃতাঞ্জলী কৰি কুকুৰক পিণ্ড খাবলৈ দিব লাগিব ৷৷ ( মৃতকৰ বাবে পিণ্ড তাৰমানে কুকুৰে খালে,,,,, হায় সংস্কৃত মন্ত্ৰৰ অৰ্থ নজনা বা জানিব নুখোজা শিক্ষিত সমাজ)
এই মন্ত্ৰ সমুহ সঁচা নে মিছা তথা ইয়াৰ অৰ্থ সঁচাকৈয়ে ওপৰত উল্লেখিত ধৰনে হয় নে নহয়, বিজ্ঞ মৃতকৰ পিণ্ডদানকৰা পুৰুহিতক সুধি সত্যতা প্ৰতিপন্ন কৰি লব পাৰে ৷
ক্ৰমশ ( পিছৰ পৰ্য্যায়ত মুণ্ডন কিয় কৰে তাৰ বাখ্যা আগবঢ়াম)
বিতুপন দত্তৰ প্ৰশ্নৰ আঁত ধৰি আৰু জানিবলৈ ইচ্ছুক ভাস্বতি ভূঞা তথা মোৰ সহকৰ্মি গণিত বিজ্ঞান বিভাগৰ ডঃ বিদ্যুত বৰুৱাৰ হাতত এই লেখ তুলি ধৰিলে ৷
( তথ্য সংগৃহিত আৰু প্ৰমাণিত)
 Bitupon Dutta
মোৰ কেইটামান প্রশ্ন আছে।শ্রদ্ধাৰ দেৱজিত দাৰ পৰা উত্তৰ আশা কৰিলোঁ।
১।পঞ্চ মহাপাপ কি কি?এই পাপৰ পৰা মুক্তি পোৱাৰ উপায় কি? ২।একশৰণীয়া ভকতে কর্মকাণ্ড কৰা উচিত নে অনুচিত?
৩।পিতৃ মাতৃৰ বিয়োগত পুত্রই মুণ্ডন কৰাৰ যুক্তি যুক্ততা আছেনে?
  
প্ৰশ্ন কেইটাৰ প্ৰাসংগিকতা আছে কাৰন এই প্ৰশ্নকেইটাৰ উত্তৰ বিছাৰি একালত মইও হাবাথুৰি খাইছিলো ৷ মোৰ সম্যক জ্ঞানৰে যি জানিলো বা বুজিলো তাকেই উত্তৰ হিচাপে দিবলৈ যত্ন কৰিম ৷ প্ৰথমেই কওঁ এই উত্তৰ কেইটা মোক প্ৰশ্ন সোধা বাবেহে দিছো, কোনো ব্যক্তিৰ নিজস্ব ধৰ্ম বা পৰম্পৰাক আঘাত দিবৰ বাবে নহয়৷ তথা শাস্ত্ৰ সন্মত বিতৰ্ক গ্ৰহন কৰিম ৷

১/ হিন্দু শাস্ত্ৰ মতে পঞ্চ মহাপাপ হল ব্ৰক্ষ্ম বধ, গো বধ, সুবৰ্ণ হৰন, অগম্য গমন আৰু পৰস্ত্ৰী হৰন ৷ এই পঞ্চ মহা পাপত পাতকীক মুণ্ডন কৰি যথাচিত নিয়ম মতে প্ৰায়চিত্ত কৰা হয় ৷ ই পাপ খন্ডনৰ প্ৰথম পৰ্য্যায় ৷হে মাথোন ৷
গুৰু জনাইও বৈকুন্ঠৰ শাস্ত্ৰ শ্ৰীমদ্ভাগৱত শাস্ত্ৰ মন্থন কৰি লিখিছে
ব্ৰক্ষ্ম বধ, পিতৃ বধ সুৰাপান
অগম্য গমন কৰে ৷
গৰু তিৰী মাৰে সুৱৰ্নক হৰে
মিত্ৰৰ দ্ৰোহ আঁচৰে
সংসাৰত য়ত আনে অসংখ্যাত
আছে মহা পাপী গন
সবাৰো এহিসে মুখ্য প্ৰায়শ্চিত
হৰিৰ নাম কীৰ্তন ৷ ৷ ৷

 ২/ এক শৰনৰ অৰ্থ হল এক দেউ এক সেউ এক বিনে নাই কেউ ৷ অৰ্থাত এক ইশ্বৰত শৰন লোৱা ৷ শ্ৰীমদ্ভাগৱত গীতাত স্ৰয়ং শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে
মণ্মনা ভৱ মদ্ভক্তো মদযাজী মাং নমস্কুৰু
মামেবৈষ্যসি সত্যং তে প্ৰতিজানে প্ৰিয়োহসি মে ৷

সৰ্বধৰ্ম্মান পৰিত্যজ্য মামেকং শৰনং ব্ৰজ
অহং ত্বাং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ (১৮ নং অধ্যায় ৬৪ নং শ্লোক)
অৰ্থাত
তুমি একমাত্ৰ মোতেই চিত্ত ৰাখা, মোৰ ভক্ত হোৱা, মোৰ পূজা কৰা, মোকেই নমস্কাৰ কৰা, মই সত্য প্ৰতিজ্ঞাৰে কৈছো তুমি মোকেই পাবা, কিয়নো তুমি মোৰ প্ৰিয় ৷
সকলো ধৰ্ম পৰিত্যাগ কৰি তুমি এক মাত্ৰ মোৰেই শৰণ লোৱা ৷ মই তোমাক সকলো পাপৰ পৰা
মুক্ত কৰিম ৷ শোক নকৰিবা
ইয়াৰ পিছতো যদি কৰ্মকান্ড কৰে তেওক কি কম?

 ৩/ পিতৃ মাতৃৰ মৃত্যুত মুন্ডন কৰাত যুক্তি দিবলৈ মই পঢ়া বৰ্তমানলৈকে কোনো শাস্ত্ৰত পোৱা নাই ৷ যদি কিয় মুন্ডন কৰা হয় বা কিয় কৰিব নালাগে বুলি সুধিলাহেতেন উত্তৰ নিশ্চয় দিলো হয় ৷

দত্তৰ জন্ম ৰহস্য

দত্তৰ জন্ম ৰহস্য: ::::
দত্তক যিখন হস্পিতালত জন্মৰ কাৰনে ভৰ্তি কৰাইছিল সেইখন হস্পিতালৰ ডক্টৰ আছিল কলিতা ৷ কলিতাই চন'গ্ৰাফী ৰিপৰ্ট চাই বেহুচ ৷ বোলে কালি মই চেক আপ কৰিছো বেবী আছে ৷ আজি চনগ্ৰাফী ৰিপৰ্টত বেবী নাই যে? ভাল দৰে মনত পেলাওকচোন কালি মোৰ চেম্বাৰৰ পৰা যোৱাৰ পিছত সন্তান প্ৰসৱ কৰা নাইটো? মাকে বোলে হেৰৌ মই পোৱালী জন্ম দিলো নে নাই মই গম নাপাম ৷ তই কি ডক্টৰ ওলাইছ অ ৷ কলিতা ডক্টৰে বোলে মই ডাইনচৰৰ দিনৰ পৰা ডক্টৰী কৰি আছো, এনে কাহিনী শুনা নাই ৷
তেনেতে ডক্টৰ কলিতাই দেখিলে সৰু চীনা জোকৰ নিচিনা কিবা এটা হাতৰ গ্লোবচত পিৰ পিৰাই আছে ৷৷ নাৰ্চক কৈ নিমখ অকন দি চাই দেখিলে লৰ চৰ কৰিছে ৷ মেগনিফ্লাইং গ্লাচত দেখিলে দত্তই ওৱে ওৱে কৰিছে ৷ কলিতাই বোলে অপাৰেছন চাকচেচ ৷৷৷৷
মোবাৰক হ ৷ আপোনালোকৰ লৰা হৈছে ৷




বহু দিনৰ আগৰ কথা ৷ আমাৰ বুন্দীয়া দত্তৰ ঘৈনীয়েকৰ ডাঙৰ ল'ৰাটোৰ জন্মৰ সময়ৰ কথা ৷ ঘৈনীয়েকৰ ল'ৰা জন্ম হ'ল বুলি শুনাৰ লগে লগে দত্তই গোটেই গাঁওখনৰ মানুহকে মাতি বৰ ভোজৰ আযোজন কৰিলে ৷ কাকডোঙাৰ বৰালী ,ভৰলীৰ শিলঘৰীয়া, শালপতি শৰ্মাৰ ঘৰৰ পাথা ছাগলী দুটাৰে মুঠতে ভোজ আৰু ৷ সকলোকে মাতিলে পিছে আমাৰ কৃৰ্পন দত্তৰ ল'ৰা ছোৱালী ঘৈনীয়েক কেইজনীৰ সৈতে এপাল মান মানুহ, এসোপাকৈ খাব বুলি নিমন্ত্ৰন নিদিলে ৷ বৈৰাগী, ভুপাল কলিতা সকলো ভোজ ৰন্ধাত ব্যষ্ট ৷ কৃৰ্পন দত্ত আকৌ বৰ টেঙৰ মানুহ ৷ মনতে পাঙিলে বোলে ৰ' বৰ ভোজ খুৱাই আছো ৷ এই বুলি সৰুটো লৰাক মাতি কলে বোলে বাচা তই মৰাৰ ভাও যোৰ ৷ কথামতে কাম ৷ দত্তই বুকুত চপৰীয়াই চপৰীয়াই হাঐ বিঐ কৈ ৰাউচি যোৰাত লাগিল ৷ ৰাইজে দেখিলে কথা সৰ্বনাশ ৷ গাঁওৰে এজন ধুকাল যেতিয়া সকলোৱে ভোজ ভাত পেলাই হাত ধুই পেলালে ৷ দত্তৰ ঘৰ গৈ দেখে দত্তই লৰাৰ লগত চোতালতে বিৰিং গুতি খেলি আছে ৷
কলিতা বৈৰাগী সকলোৰে খং চুলিৰ আগ পালেগৈ ৷ আৰু দত্তৰ গোচৰলৈ গাওবুঢা শইকীযাৰ ওচৰ পালেগৈ ৷ শইকীয়াই কথাবোৰ চালি জাৰি চাই টেটোন দত্তক গোটেই ৰাইজ খনকে এসাঁজ খুওৱাৰ আদেশ দিলে ৷ টেটোনে বোলে আমি হলো দুখীয়া মানুহ 200 বিঘাৰ চাহ বাগান এখন চলাই যেন তেন চলি আছো, মাছে মঙহে গোটেই ৰাইজক কেনেকৈ খুৱাম ৷ শইকীয়াই বোলে হব " সুদাই নিকাই " এসাঁজ খুৱালেই হল ৷
কথামতে কাম, নিদিষ্ট দিনা ৰাইজ গৈ দত্তৰ ঘৰত হাজিৰ ৷ পৰুৱা বৰুৱা, আৰু পেন পেন লহকৰে বোলে সোনকালে দিয়ক দত্ত পেতে কাউত কাউত মাতিছে ৷ দত্তই পাত পাৰিলে পাত খিনি ধুনীয়াকে ধুইও দিলে আৰু ৰাইজক কলে, ৰাইজ খাওক ৷ ৰাইজে বোলে কি খাম পাতত দেখোন একোৱেই নাই ৷ টেটোন দত্তই বোলে মোক শইকীয়াই সুদাই নিকাই হে খুৱাব দিছিল ৷৷ মইও সুদা পাত নিকাকৈ ধুই দিছো খাওক ৷
ৰাইজৰ এইবাৰ খঙ তুংগত ৷ শইকীয়াৰ ওচৰত আকৌ গোচৰ তৰিলেগৈ ৷ শইকীয়াও খঙত ৰাইজক কলে বোলে যাওক আপোনালোকে দত্তৰ চোতালত হাগিথৈ আহকগৈ, দত্তৰ এয়েই শাষ্টি হওক ৷ ৰাইজেও এজন এজন কৈ দত্তৰ ঘৰ পালেগৈ ৷ কলিতা বৈৰাগী শালপতি শৰ্মা আগে আগে ৷ দত্তৰ ঘৰ গৈ দেখে দত্তই চোতালৰ মাজত মুঢা এটাত বহি হাতত কপি দা খন লৈ বহি আছে ৷ বৈৰাগীয়ে বোলে দত্ত আতৰ হওক আমি গাওবুঢা দাইতিৰ কথামতে আপোনাৰ চোতালত হাগিব আহিছো, আপুনি বহি থাকিলে হাগিম কেনেকৈ? ৷
দত্তই তামোলখাই কলা কৰা দাত দুপাৰী নিকতাই বোলে কেনেকৈ হাগা তোমালোকৰ কথা কিন্তু শইকীয়া দাইতিয়ে কিন্তু তোমালোকক মোৰ চোতালত হগাৰ হে পাৰমিচন দিছে, মুতাৰ নহয় ৷ গতিকে কোনোবাই যদি হাগোতেও চিৰিককৈ অলপ হলেও মুতে বা মুত ওলাই, কপি দাৰ শপত চুচু কাতি দুচেও কৰিম ৷ তাকে চাবলৈ মই বহি আছো৷ কথা শুনি বৈৰাগী আৰু বৰুৱা বহিছিল হে, কলিতাই পোন বান্ধিবকে পাহৰিলে আৰু শৰ্মাই চুৰিয়া দত্তৰ চোতালতে এৰি পিছলৈ নাচাই যে পলাল এতিয়াও দেখা দেখি নাই ৷

বৈৰাগী তামুলী সংবাদ

বৈৰাগী তামুলী সংবাদ
বৈৰাগী তামুলী দুয়ো লেংতাহুড ফ্ৰেণ্ডচ ৷ আই মিন কাপোৰ নিপিন্ধা দিনৰ পৰা চাইল্ডহুড ফ্ৰেণ্ডছ ৷
দুয়োয়ে গাঁওৰে সৰুকন দত্তৰ ভনীয়েক চেপেটিক আকৌ বৰ ভাল পাই ৷ মৰমতে চেপটিক বুলি মাতে ৷ বৰষি পুঙাই থকা বহু দিন হল যদিও চেলেকনা জনি কিন্তু এটাৰো বৰষিত লগা নাই ৷ চেপেটিয়ে বোলে অল্পবুদ্ধী দুটা গিফ্ট চিফ্ট নিদিয়ে, কনজুছ মাখিচুচ কেইটাক কোনে পাত্তা দিব তাতকৈ পেটুৱা দত্তই ভাল অন্তত ছোৱালীৰ মন বুজে ৷ পৰুৱা বৰুৱালৈ বিয়া হৈ নোজোৱালৈকে পেটুৱাৰ লগতে অলপ লিলিমাই কৰি থাকিম ৷
কথাটো গম পাই তামুলীয়ে বোলে বৈৰাগী এই কথাই কথা নহয় ৷ এই বাৰ পূজাত চেপেটিক গিফ্টো দিম আৰু পলুলাইও আনিম ৷ বৈৰাগীয়ে বোলে আমি আজি লৈকে চাধা কনো লোকৰ পৰা খাওঁ, গিফ্ট কেনেকৈ দিম ৷ তামুলীয়ে বোলে গাঁওত ভাওনা সৰুকন খোল বজাব যাব, বাকী বোৰে ভাওনা চাবলৈ, গতিকে সকলোৰে বাৰীৰ তামোল চুৰ কৰিম বাপ্পেকে ৷
কথা মতে কাম ৰাতিৰ আন্ধাৰত তামুলী তামোল চুৰি কৰিবলৈ নাৰিকল গছত উথিল ৷ তলত বৈৰাগী ৷
তামুলী : বৈৰাগী অ ডাঙৰ জাতৰ, সোপাকে পাৰি দিও বুজিছ ৷ তই মুৰটো আতৰাই ৰাখ ৷ মুৰত পৰিলে কিন্তু লাওখোলা দুফাল হব ৷
বৈৰাগী: মুৰটো আতৰাই লুঙি পাৰি দিছো ৷ টাৰগেট কৰি লুঙীত পেলাবা ৷ মাটিত নেপেলাবা ৷ শব্দ হলে টিলিঙা শৰ্মা সাৰ পাই যাব ৷

তামুলীয়ে টাৰগেট থিকেই কৰিছিল পিছে, ওপৰৰ পৰা পৰা নাৰিকলে চৈয়েব আখতাৰ স্পীডত আহি মিডিল স্টাম্প উঘালি দিলে ৷শহা কনিয়া টিলিঙা শৰ্মাই ডিম ভঙাৰ দৰে কুটুক কৈ শব্দ এটা পাই লাখুটি লৈ খেদি আহিল ৷ বৈৰাগীয়ে বোলে দেউ মোক এৰক, মই আৰু ছোৱালীক বিয়াৰ আগত আৰু বিয়াৰ পাছত ঘৈনিক তামোল বেছি গিফ্ট দিব পৰা অৱস্থাত নাই ৷ বৈৰাগী হৈ আপোনাৰ চৰন সেৱিম, মোৰ এই অৱস্থা কৰা গছত উথি থকা জনক ধৰক ৷
টিলিঙা বুৰাই ডাৰ বাৰি ডালৰে দিলে খুচি ৷ এনেকুৱা জেগাত খোচন পৰিল তামুলী ডাৰ বাৰিতে লাগি আহিল ৷
এতিয়া এজনৰ আগফালে কাম নকৰে আৰু আনজনৰ পিছফালে ৷


নিপোতল বৈৰাগীৰ কথাকে কৈছো, তেঁও হঠাতে ডেকা হৈ পৰা ৰাজ টো আপুনালোকৰ আগত আজি ফাদিল কৰিম: :::::
ৰব ৰব মই ফিউজ লাইভ নহয় যে বিৰতিৰ পিছত কম ৷ শুনক সকলোৱে, বৈৰাগী আচলতে এজন আলৰ বুঢা ৷ দাঁত চুলিটো নাইয়েই লাখুটি ডালো থৰক বৰক ৷ চিধা হৈ নাথাকেই ৷ এবাৰ শিলাজিৎ নামৰ এটা শক্তিবৰ্ধক কোম্পানীয়ে বিজ্ঞাপনৰ বাবে তেনে বুঢা এটা বিছাৰি আছিল ৷ দৈবাৎ কোম্পানীৰ চকু পৰিল নিপোতল বৈৰাগীৰ ফেচবুক প্ৰফাইলত ৷ লগত লগত বৈৰাগীক চাঙীত তুলি লৈ গল ছুটিং চেটলৈ ৷ ক্লিক ক্লিক :::::: ফটো চেচন কৰিলে, ,,,, শিলাজিৎ খুৱালে, এবটল, দুবটল, ,,,,,নাই কাম অহা নাই৷ এমাহ মান গেলেনে গেলেনে শিলাজিৎ খুৱালে, হিমালয়ৰ পৰা তাবিজ আনি পিন্ধালে, গড়ৰ খৰ্গৰ পৰা চীনত বনোৱা মেডিচিন খুৱালে ৷ নাই কাম নাই ৷ পিচত ছানি লিঅনক মাতিলে অলপ জাৰি দিবৰ বাবে ৷ ছানি লিঅনে বিহলঙনীৰে এনেকুৱা জাৰিলে, এনেকুৱা জাৰিলে 92 বচৰীয়া নিপোতল বৈৰাগী চিধাই 29 বছৰীয়া হৈ পৰিল ৷ আৰু এড জগতত প্ৰবেশ কৰিলে
মে পেহলে ডুবলা পাতলা থা ৷ মেৰে বডি কা কই পাৰ্ত কাম নেহি কৰতা থা ৷ মে থক গয়ি থি ঔৰ জিনা নেহি চাহতা থা ৷ মেৰে তিনো বিবি মুঝে চৌৰ কে দত্ত কলিতা ঔৰ বৰুৱাকে চাথ ভাগ গেয়া থা ৷ ফিৰ মুঝে শৰ্মাজীনে শিলাজীৎ কে বাৰে মে বটায়া ৷ মে পেহলে বিস্বাস নেহি কিয়া থা, ফিৰ মেৰে গাৰ্ল ফ্ৰেন্ড ছানিনে বটায়া ৷ অৱ মুঝে বহুত আট্ছা লগতা হে ৷ মেৰে চভি বিবি ফিৰ আগয়ি ৷ আপ ভি অভি অৰ্ডাৰ দিজিয়ে ৷ ঔৰ জিন্দেগী কি মজা লিজিয়ে ৷

ভূতৰ কথা

ভূতৰ কথা কম, যি সকলৰ ধাতু দুৰ্বল অনুগ্ৰহ কৰি নপঢ়ে যেন আৰু কম ধতুৱা সকলে বিচনাৰ কাষত চৰিয়াটো লবলৈ নাপাঢ়ৰে যেন ৷
কথাখিনি মোৰ নহয় ৷ শ্ৰদ্ধাৰ শিক্ষাগুৰু স্বৰ্গীয় চন্দ্ৰ শৰ্মা চাৰৰ ৷
চাৰ দৰং মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা উপাধক্ষ্য আছিল ৷ আমি কেইজন মান ছাত্ৰই তেখেতৰ ওচৰত টিউচন কৰিছিলো, ,৯৪ চনত ৷ চাৰ ১৯৪৮ চনত কলিকতা বিশ্ববিদ্যালয়ত এম এছ ছি কৰিছিল আৰু ৫২ চন মানত দৰংমহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰিছিল ৷ আমি তেখেতৰ ওচৰত পঢ়াৰ সময়ত বয়স ৭০ ৰ উৰ্ধত ৷ চাৰ পদাৰ্থ বিজ্ঞানৰ বাবে আমি ভুতৰ বিষয়ে শুধিছিলো ৷ চাৰে কৈছিল:
আমি তেতিয়া কলিকতা বিশ্ববিদ্যালয়ত, উপাচাৰ্য্য তিনকড়ি গুহ ৷ বৰ কাঢ়া মানুহ ৷ আমাক যিটো হোষ্টেলত থাকিব দিছিল, অসমীয়া আমি ৪ জন আছিলো ৷ দুজন উজনীৰ , মই আৰু আনজন নামনীৰ ৷ আমাৰ হোষ্টেলৰ কাষেদি এটা ৰাষ্টা আছিল ৷ পুৱা গধুলী হাত ভৰি ধুলাৰ সময়ত এজন দেউ সেই ৰাষ্টাৰে মন্দিৰলৈ যায় ৷ সদায় দেখো, সুন্দৰকৈ মাতবোল কৰো ৷ প্ৰায় আপোন হৈ পৰিল ৷
গৰমৰ বন্ধত ঘৰলৈ আহিলো ৷ বিশেষ অসুবিধাৰ বাবে মোৰ যোৱা পলম হল ৷ লগৰ কেইজন গলগৈ ৷ কলিকতা গৈ আগৰ দৰে পঢ়া শুনাত ব্যস্ত হৈ পৰিলো ৷ দেউক প্ৰায় লগ নোপোৱা হলো ৷ এদিন কিবা পৰিক্ষা থকাৰ বাবে সোনকালে চাৰে তিনি বজা মানত উথিলো ৷ হাত মুখ
ধুৱলৈ গৈ দেখো দেউ ৰাস্তাৰে পাৰ হৈ গৈছে ৷ মই মাত দিলো কিন্তু মোলৈ ঘুৰিকে নাচালে ৷ মই তেখেতে নাই শুনা বুলি ৱালৰ কাষলৈ গৈও মাতিলে, কিন্তু সহাৰি নাপালো ৷ বৰ খং উথিল ৷ হাত মুখ ধুই ৰুম পালোহি ৷ লগৰ জন তেতিয়াও উথা নাছিল যদিও খঙতে ভোৰভোৰাই কলো, দেউৰ বৰ বাহাদুৰি হৈছে, ইমান মাতিলো মাত এষাৰ নিদিলে ৷ মোৰ লগৰ জন বিচনাৰ পৰা লুতি খাই পৰিল ৷ মুৰত পানি চতিয়াই দিয়াত হুচ আহিল, হুচত আহিয়েই প্ৰথম প্ৰশ্ন: কোন দেউ, আমি আহি পোৱাৰ দিনাই দেউ ধুকাইছিল, নিজে শ্মশান গৈ আহিছো ৷ তোমাক কবলৈকে পাহৰি আছিলো ৷ এই বাৰ মোৰ বেহুচ হোৱাৰ পাল আছিল ৷ ৷ ৷ ৷ ৷

ভগৱান দৰ্শন

আপুনি বাৰু ভগৱান বিশ্বাস কৰেনে? যদি কৰে ভগৱান দেখিছেনে? ৰঙা কাপোৰৰে মেৰিয়াই থপনাত থোৱা শাস্ত্ৰ ভাগত বা মাটিৰে বা মাৰ্বলৰে নিৰ্মিত মুৰ্ত্তিত ভগৱান আছেনে? নাজানে নহয় জানো? মইও নাজানো কিন্তু বিশ্বাস কৰো, নহয় জানো? বাৰু আহকচোন আজি ভগৱানক দৰ্শন কৰো ৷
ৰ'ব প্ৰথমে আমি ভগৱান শব্দটোৰ অৰ্থ বুজিবলৈ চেষ্টা কৰো ৷
ভ= ভূ বা ভূমি
গ= গগন বা আকাশ
ব= বায়ু
অ= অগ্নি
ন = নীৰ বা পানী
অৰ্থাৎ পৃথিৱী, আকাশ, বায়ু, অগ্নি, আৰু পানী এই প়ঞ্চ তত্বৰে সকলো সৃষ্টি গঠিত হৈছে ৷
সংস্কৃত ভাষাত "ভগ" মানে ঐচৰ্য্য আৰু "ৱান" মানে অধিকাৰি বা স্বামী ৷ অৰ্থাৎ সকলো ঐচ্ৰৰ্য্যৰ অধিকাৰী ভগৱান ৷ এই পঞ্চতত্বৰ অধিকাৰী ভগৱান আৰু এই পঞ্চ তত্বৰে আপোনাৰ মোৰ সকলো জীৱ জড়ৰ দেহ গঠিত ৷
গীতাত স্ৰয়ং শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে
মম য়োনিৰ্মহদ ব্ৰৰ্ক্ষ্ম তশ্মিন গৰ্ভং দধাম্যহম ৷
সম্ভৱঃ সৰ্বভূতানাং ততে ভৱতি ভাৰত ৷৷
অৰ্থাৎ হে অৰ্জুন সমুহ জড় পদাৰ্থৰ সমষ্টিয়েই হ'ল ব্ৰক্ষ্ম আৰু ব্ৰক্ষ্মই হল মোৰ গৰ্ভাধানৰ স্থান ৷ সেই ব্ৰক্ষ্মতেই মই মোৰ বীজ নিক্ষেপ কৰো আৰু তাৰ পৰাই সকলো জীৱই জন্ম লাভ কৰাতো সম্ভৱ হয় ৷
অৰ্থাৎ অজৈৱ যৌগত ভগৱানে বীজ বা জীৱনি শক্তি প্ৰদান কৰে আৰু জীৱৰ সৃষ্টি হয় ৷ বিজ্ঞানেও কৈছে জীৱ আৰু জড়ৰ দেহ একে খিনি মৌলৰেই গঠিত ৷
গীতাত পুনৰ শ্ৰীকৃষ্ণই কৈছে
য়ত প্ৰবৃত্তিৰ্ভূতানাং য়েন সৱমিদং ততম
স্বকৰ্মাণা তমভ্যৰ্চ্য সিদ্ধিং ৱিন্দতি মানৱঃ৷৷
অৰ্থাৎ যাৰ পৰা সকলো প্ৰাণীৰে উৎপত্তি হৈছে , যি জন এই সকলো বস্তুতে ব্যাপি আছে সেই ভগৱানৰ হকে কৰ্মৰ দ্বাৰা সেৱা আগবঢ়ালেহে সিদ্ধি লাভ কৰিব পাৰি ৷
ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশেহৰ্জুন তিষ্ঠতি ৷
ভ্ৰাময়ন সৰ্বভূতানি য়ন্ত্ৰাৰূহানি মায়ায়া ৷৷
অৰ্থাৎ হে অৰ্জুন ভগৱান প্ৰতিজন জীৱৰে হৃদযত বা আত্মাত বাস কৰে ৷ জড় শক্তিৰ বা মাযাৰ দ্বাৰা নিৰ্মিত এটা যন্ত্ৰত জীৱক বহুৱাই সিহঁতক ঘুৰাই লৈ ফুৰাইছে ৷
গুৰুজনাই কৈছে " কুক্কুৰ শৃগাল গৰ্ধৱৰো আত্মাৰাম জানিয়া সৱাকো কৰিবা প্ৰণাম" ৷ সৰ্ব ব্যাপি ইশ্বৰ, কেনেকৈ আৱাহন কৰিবা ক'ত বিশৰ্জন কৰিবা? মাধৱ গুৰু জনাই ঘোষাত লিখিছে " নাজানোহো আৱাহন নাজানোহো বিসৰ্জন, পূজা মন্ত্ৰ নাজানোহো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰনত " ৷

আপুনি যদি ভাবিছে ভগৱানৰ চাৰি খন হাত, দহটা মুৰ আছে, স্বৰ্গত বাস কৰে তেনেহলে আপুনি ভূল কৰিছে ৷ কিয় ভগৱানক চাৰিবেৰৰ মাজত আৱদ্ধ মুৰ্ত্তিত বিছাৰি আছে? প্ৰতিটো জীৱৰ দেহত বিছাৰক, আত্মাত বিছাৰক, বিছাৰি নিশ্চয় পাব ৷ তেঁওৰ পৰা কিয় অলৌকিকতা কামনা কৰিছে? মৃত্যুৰ দুলাৰদলিত থকা জীৱটোৰ দীৰ্ঘায়ু কামনা কৰিছে, পৰিক্ষাত সফল হবলৈ শৰাই দিছে, নিজৰ পাৰ্থিব সুখৰ বাবে ভগৱানে অলৌকিকতাৰে আপোনাৰ কথা শুনি আপোনাৰ সমস্যা শুনি আপোনাক উদ্ধাৰ কৰিব বুলি ভাবিছে? মই পানি একাজলি দি পূজা কৰিছো আৰু আপুনি লিটাৰে লিটাৰে গাখীৰ ধালিছে, কাৰ ইচ্ছা বাৰু ভগৱানে পূৰন কৰিব? ভগৱান ইমান স্বাৰ্থপৰ নে?
এই শুকান মাটিত এটা গছৰ গুটি কেনেকৈ এজোপা গছ হয়? নিৰ্জীৱ পদাৰ্থত জীৱনী শক্তি কেনেকৈ লাভ কৰে? এই বাযু হিছাপে কোন বৈ আছে যি বায়ু নহলে আমি জীয়াই থাকিব নোৱাৰো ৷ পানী হিচাপে কোনে আমাৰ পিয়াহ দুৰ কৰিছে , যাৰ অবিহনে জীৱন অসম্ভৱ ৷ এই সকলো ব্যাপি ভগৱান আছে, প্ৰকৃতিক প্ৰেম কৰক, দেখিব সকলোতে ভগৱান আছে ৷ ৷ ৷ ৷

গণিত আৰু ধৰ্মৰ সমিলমিল

চাৰি যুগ ক্ৰমে সত্য,ত্ৰেতা , দ্বাপৰ আৰু কলি যুগ ৷
চাৰি বৰ্ণ ক্ৰমে ব্ৰাক্ষ্মন, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ ৷
চাৰিখন আশ্ৰম ক্ৰমে ব্ৰক্ষ্মচৰ্য্য, গ্ৰাহস্থ্য, বানপ্ৰস্থ আৰু সন্যাস ৷
চাৰি বেদ ক্ৰমে ঋকবেদ , যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ ৷
চাৰি পুৰুষাৰ্থ ক্ৰমে ধৰ্ম, অৰ্থ, কাম আৰু মৌক্ষ ৷

বৰ্তমান বৰাহকল্প চলি আছে, এই কল্পৰ মুঠ বৰ্ষ হ'ল 423000000
এই কল্পৰ চাৰি যুগৰ সমযকাল হল
সত্যযুগ: 1728000
ত্ৰেতাযুগ : 1296000
দ্বাপৰ যুগ: 864000
কলিযুগ: 432000 ( কালপুৰুষ পঞ্জিকাত বৰ্ষৰ হিচাপটো পাব)
বাৰু এতিয়া সংখ্যাবোৰ যোগ কৰো আহকচোন:
বৰাহকল্প 423000000 = (4+2+3= 9)
সত্য যুগ 1728000 = (1+7+2+8=18 = 1+8 = 9)
ত্ৰেতাযুগ 1296000 = (1+2+9+6= 18 = 1+8 = 9)
দ্বাপৰযুগ 864000 = (8+6+4= 18 =1+8 = 9)
কলিযুগ 432000 = (4+3+2 = 9)
বাৰু এতিয়া কলি যুগৰ বৰ্ষৰে সত্যযুগক হৰণ কৰক
1728000 / 432000 = 4
কলি যুগৰ বৰ্ষৰে ত্ৰেতাযুগক হৰণ কৰক
1296000 / 432000 = 3
কলিযুগৰ বৰ্ষৰে দ্বাপৰক হৰন কৰক
864000 / 432000 = 2
আৰু কলি কালৰ বৰ্ষত কলিকালৰে হৰণ কৰক
432000 / 432000 =1
সত্যযুগত ধৰ্মৰ চাৰিটা খুটি বা ধৰ্ম নামৰ গৰুজনীৰ 4 টা ভৰি আছিল বুলি ভাগৱতত লিখা আছে, ত্ৰেতাত 3 টা হল, দ্বাপৰত 2 টা আৰু কলিকালত 1 টা ভৰিত ধৰ্ম টিকি আছে বুলি উল্লেখ আছে ৷
সেই মতে সত্যযুগত বিষ্ণুৱে 4 টা অৱতাৰ লৈছিল ক্ৰমে মৎস্য কুৰ্ম , বৰাহ আৰু নৰসিংহ ত্ৰেতাযুগত 3 টা অৱতাৰ ক্ৰমে বামন, পৰশুৰাম আৰু ৰাম
দ্বাপৰ যুগত 2 টা অৱতাৰ ক্ৰমে কৃষ্ণ আৰু বলোৰাম বা হলিৰাম
কলিযুগত 1 টা অৱতাৰ কল্কি অৱতাৰ
অলপ গণিত আৰু ধৰ্মৰ সমিলমিল চিন্তা কৰিছো ৷ কি লুকাই আছে বাৰু নে কেৱল কাকতলিয়

ল' ৰালী

সুমধুৰ কি সেই দিন আছিল
আইৰ কোলা পিতাইৰ বোকোচা ৷
মাটি বালিৰে ঘৰ সজা
লুকা ভাকু
কইনা দৰা ৷
আকৈ বাকৈ
আইচ বাইছ
,,,,,,,ধপ্পা ৷
অলং দলং কৰিছে ৰজা ৰানী আহিছে ৷
ৰঙা নীলা চিলা
বাহ বাহ
বৰলৰ টোপ, নলৰ পুঙা
লাগ বুলিলেই খুচুৰা পইচাৰ বাহৰ চুঙা ৷
ক'ত গল মোৰ ৰঙা জীঞা
বটলত ভৰাই থোৱা জোনাকী পৰুৱা ৷
সাচতীয়া বিৰিং গুটি
বেগত ভৰাই বাটলুগুটি
আম জাম লিচুলৈ ফৰমুটি ৷
কাবাদি কাবাদি কাবাদি কাবাদি
ৰুমাল চুৰি
ঘৰিয়াল পানি
উথা বহা
চকু বান্ধী টেকেলী ভাঙা ৷
বল আমাৰ ৰাবাব টেঙা ৷
আজি মাথো সোঁৱৰণী
জীৱনৰ আলিত পাক এটা মাৰি ঘুৰি যাব পৰা হলে
উভতি গৈ আকোঁৱালী ললো হয় ল'ৰালী ৷ ৷ ৷ ৷ ৷

মা

কি যে সুদিন আছিল
আইৰ কোলা, পিতাইৰ বোকোচা ৷
নাছিল কোনো উপাৰ্জনৰ কথা
ভৱিষ্যতৰ সপোন ৷
এতিয়া মাথো অহা কালিৰ বাবে চিন্তা
আধৰুৱা সপোনৰ পিছত দৌৰাৰ প্ৰতিযোগিতা ৷
উভতি চাই দেখো অকলসৰীয়া
আগত সপোন, দুৰৈত আপোন ৷
লক্ষ্যৰ সন্ধানত মাথো আগুৱাই গলো
কিয় বাৰু আমি ডাঙৰ হলো ৷
দিনৰ দিনতো বোজা কঢ়িয়াই যেতিয়া ঘৰলৈ ওভতো
দেউতাই সুধে কিমান উপাৰ্জন কৰিলো
পত্নীয়ে সুধে ভৱিষ্যতলে কিমান সাঁচিলো
লৰাই সুধে সিহঁতলে কি আনিলো
মাথো দুচকুলৈ চাই আইয়ে সুধে
দিনত মই কিবা খালো নে নাখালো ৷ ৷ ৷ ৷ ৷ ৷

Tuesday 19 August 2014

কেমিকেল লঔচা ,,,দিমাগ কা দহি


আজিৰ পৰা কেইবছৰমান আগৰ কথা ৷ আমাৰ ঘৰত থকা কাঞ্চা আৰু মই জোনাকী হ'লত চেকেন্ড শ্ব চিনেমা চাই আহি গৰমতে মাটিত পাটিখন পাৰি শুই গলো ৷ কেতিয়া টোপনী আহিল ধৰিবকে নোৱাৰিলো ৷অলপ পিছতে দুৱাৰত টকৰ মৰা শুনি ওলাই গলো ৷ দেখো বাপুকন ককা মানে মোৰ ককা মহেন্দ্ৰ নাথ শইকীয়া, গান্ধী বাদি নেতা, সম্পুৰ্ন গান্ধীৰ বেসভুসাত ৷মোক দেখিয়েই সাবত মাৰি ধৰিলে ৷ মই তলকিবই নোৱাৰিলো, তেঁও চিধাচিধি আহি মোৰ কাষতে মাটিত লেপেতা কাঢি বহি দিলে ৷ মই মনতে বোলো অলপ আগতে লগে ৰহ' মুন্না ভাই চাই আহিছো তাৰে ইফেক্ত নেকি? মই মাত দিলো বোলো ককা আপুনি মোক কিন্তু মুন্না ভাই বুলি নাভাবিব ৷ মোৰ কোনো কেমিকেল লৌচা হোৱা নাই ৷ চিধাচিধি কঁওক আপুনি কোন? কাৰন মোৰ ককা মৰি ভুত হোৱা আঠষষ্টী বছৰ হল ৷ সকলো বুঢাই মোৰ ককা নহয় আৰু সকলো তকলাই গান্ধী নহয় ৷ ককাই বোলে হিন্দী মে ব'ল' বেটা, হিন্দী হামাৰি ৰাষ্ট্ৰ ভাছা হে ৷ মই বোলো তেৰে মা কি আখ, তুম কৌন হৌ, ঔৰ ইমান ৰাত ক' মেৰে ঘৰ মে কিয়া মতলব চে আয়ে হ' ? ককাই মোৰ হিন্দী শুনি মোচৰ তলত অলপ হাঁহি কলে " লোগ মুঝে মামু কে নাম চে জানতি হে লেকিন মেৰা নাম হে মহেন্দ্ৰ নাথ পুৰা নাম মহেন্দ্ৰ নাথ চইকীয়া পিতা কা নাম গাথি ৰাম চইকীয়া ,,,অয়ে ৷  মই বোলো একটিং ট' ফাটা ফাটি কৰ লেতে হ', পৰ মুঝে উল্লু মত বনায়িং ৷ প্ৰমান দ' প্ৰমান ৷ ককাই বোলে কিয়া তুম মেৰে চেহৰা নেহি পেহচান্তে ৷ মেৰে নালায়ক নিকম্মা ধৰতিকা বজ বেটা নে কিয়া মেৰে তচবিৰ তুমহে নেহি দিখায়া ৷ হয় হয় মোৰ অগ্নী শৰ্মা দেউতাক এই দৰে গালি দিব পৰা মাইকে লাল ককাক বাহিৰে আন কোনো পেদাই হোৱা নাই গতিকে ককাই হয়৷ ককাৰ ফটো খন মনত পৰি গল একদম গান্ধীজীৰ নিচিনা আছিল ৷ মই লাহেকৈ তকলা মুৰটোত হাত ফুৰালো, হয় অৰিজিনেল ৷ চুলি এডালো নাই ৷ মুখখনত হাত বুলাই চাই দেখো মোচ কোচাও অৰিজিনেল ৷ হয় ককাই হয় ৷ মই বোলো ককা হম ক' মাফ কৰ দ', হম আপক' চিন্তা হাই মগৰ পৰন্তু হঠাত দেখকে ঠত মত খা গেয়া ঔৰ আপক' চন্দেহ কিয়া ৷ ককাই বোলে কই বাত নেহি বৰে বৰে দেছমে এইচে চতে মতে বাত হতি ৰেহতে হে ৷ মই বোলো ককা আপটো ফৰফৰাকে চিনেমাকে ডাইলগ বল লেতে হে ৷ ককাই হাহি মাৰি কলে ইচকো লগা ডালাটো লাইফ জিংগালালা, মেৰে স্বৰ্গ মে টাটা স্কাই হে, জি চিনেমা হে, কালাৰ টিভি হে, তেৰে পাচ কিয়া হে? মই বোলো মেৰে পাচ চানি লিঅন কা ডিভিডি হে, ৷ ককাই বোলে ও মেৰে কুছ কাম কা নেহি ৷ মই বোলো বাকি চব গেযা তেল লেনে, আপ মুঝে বতাইয়ে আপ মেৰে পাছ আয়া কাইক'? ককাই বোলে দেছ মে কৰাপচন বহুত বঢ গেয়া হে, লৰকে ডাৰু পিনে লগ গয়ে হে, নেতা ভ্ৰষ্ট হ' গয়ে হে, তুমলৌগ কুছ কৰতে কিও নেহি? মই বোলো হম কিয়া কৰেগা ? ককাই নিজৰ মুৰটোত মাৰি বোলে আক্কি মাঝা চতকল্লে তুম লোগ অজয় ঔৰ আমিৰ কো দেশ কা নেতা কিউ নেহি চুনতে? মই বোলো বাহ কিয়া আইডিযা হে চাৰজি ৷ অব কি বাৰ সিঁঘম চৰকাৰ ৷ ৰব ককা মই এতিয়াই ফেচবুকত ষ্টেটাচ দিও ৷ কবলৈ হে পালো ককাই প্ৰকান্ড চৰ এটা গালত মোৰ মাৰি কলে তুমলোগ দেশ কি ন জৱান চিৰ্ফ মোভিচ ঔৰ ফেচবুক মে দিন ভৰ লগে ৰেহতে হ' ৷ দেশ কিয়া খাক তৰক্কি কৰেগা? গনতন্ত্ৰ দিৱস হ', ফেচবুক মে, কই ত্যহাৰ হ' ফেচবুক মে, ষ্টেটাচ পে ষ্টেটাচ, ষ্টেটাচ পে ষ্টেটাচ, জৰা ফেচবুক চে ত' নিকলকৰ দেখ দুনিয়া কিয়া কৰ ৰহি হে ৷ হম অংগ্ৰেজ' কা জমানে কা জেইলৰ দেশ কে লিয়ে কিয়া নেহি কিয়া, ঔৰ তুমলোগ হ' কি পুৰা ইজ্জত মিত্তিপে মিলাই দিয়া ৷ হৰে অ কাঞ্চা কিতনি ইনাম ৰখে থে ব্ৰিটিচনে হমপৰ? কাঞ্চাই বোলে হজুৰ পউৰে পাচ টকা৷ মই বোলো চুৱৰ কে ঔলাদ ককা জীয়াই থকা সময়ত  তোৰ বাপেৰো জন্ম হোৱা নাছিল তই কেনেকৈ জানিলি?  সি বোলে মই জন্ম না হলে কি হব অলপ বিৰেনটো মোৰ ভি আঁচে,  হিচাপ লগিয়াই কিনো কহি দিলো নহলে হজুৰ বৈয়া পাব ৷ ককাই  বোলে স্মাৰ্ট বয় মোগেম্বো খুচ হোৱা৷  আৰু কি কি কৈছিল নাজানো মই গম পালো বুঢাই আজি মোক চোবাবলৈ আহিছে,  স্বৰ্গত গৈ বুঢা বেয়া হল ৷ পুৰা বলিউড হিৰ' বনি গল ৷ চিনেমা হলত সোমোৱাৰ আগত ৱেচিচ বাৰত বহি যিকন দিছিলো আৰু নুৰিয়া বনাই যিকন মনিপুৰী ইন্টাৰভেলত দিছিলো চব ফাটি গল ৷ ককাৰ ভৰি হালত ধৰি বোলো মেৰে বাপ কা মৰে হুৱে বাপ মুঝে মাফ কৰ'  ৷ কবলৈ হে পালো দিলে লাট মাৰি, খক মক কে উথি দেখো ককা গায়েব, কাঞ্চাৰ লুঙি মুৰৰ ওপৰত, মই তাৰ ভৰি পথানত৷..............তাৰ মানে ধোৱা পানী চিনেমা চব মিলি মোৰ মুৰত কেমিকেল লঔচা হ'ল আৰু ককাৰ তপলা মুৰটো মানে কাঞ্চাৰ,,,,,,,,,,,,,,,,,,,

Friday 15 August 2014

Lines..not poem


মোক হেৰাই যাব দিয়া
প্ৰেমাস্পন্দিত তোমাৰ হৃদয়ৰ ভাজত
হেৰাই যাব দিয়া মোক মোৰ সৰ্বস্য অৰ্পন কৰা
তোমাৰ দুচকোৰ নিলিমাৰ আঁৰত৷
আজন্ম পথিক মই
বিছাৰি ফুৰিছো প্ৰীতিৰ সুধা ৷
দিয়া মাথো মোক জীৰনী  লবলৈ
তোমাৰ প্ৰেমৰ জীপাল কোলা ৷ ৷ ৷


মোৰ কবিতাই যদি তোমাৰ হৃদয় স্পৰ্ষ কৰে
এতোপাল অশ্ৰু নিদৰে
কবিতাৰ শব্দ হৈ নিচুকাম
সুৰ হৈ সাবটিম তোমাক ৷ ৷



কিমান কঠিন তোমাৰ হৃদয় কোঠাৰ খিড়কি দুৱাৰ?  
প্ৰাচীৰ ভাঙি বুকুৱেদি বোৱাই দিব পাৰো মই
আৱেগৰে প্ৰনয়ৰ প্ৰথম জোৱাৰ ৷ ৷


জীৱনটো বুজাই টান
গধুৰ বাস্তব
স্বপ্নৰ সন্ধান
আৰু যে কত কিমান
খাই যোৱা পিয়লাত বাকি
টোপাল টোপালকৈ
হাঁহি কান্দোন হৰ্ষ বিষাদ ৷
গাই যোৱা মৌনতাৰে
গুনগুনাই জীৱনত পোৱা নোপোৱাৰ গান


এতিয়া
উদং দেহাত মোৰ বহুতো  আঘাট
বাগৰ সলালেই গৰজি উথ্থান যত
শূণ্য হৃদয়ৰ শব্দহীন বিলাপ ৷ ৷ ৷ ৷ 

:::::::চেয়াৰ্চ:::::::

::::::চেয়াৰ্চ:::::::
স্নেপ ১
বহু দিনৰ আগৰ কথা ।এখন জংঘলত এটা ব্যাধে গছ এজোপাৰ তলত ডাঙৰ কেৰাহী এটাত পানী অলপ উতলাই, সাউতকতে কিবা এটা চিকাৰ কৰি আনো বুলি বনত সোমাল ।কিন্তু দুৰ্ভাগ্য দিনটো বিছাৰিও কোনো এটা জন্তু চিকাৰ কৰিব নোৱাৰিলে। এই দৰেই সন্ধিয়া হ’ল । হঠাতে ব্যাধে পূৰনী বন্ধু এজন পালে ।সেইজন ব্যাধেও দিনটো চিকাৰ বিছাৰি পোৱা নাছিল ।দুয়ো বন্ধুৱে নিৰাশ হৈ হতাশ মনেৰে গছজোপাৰ ওচৰলৈ ঘুৰি আহিল ।

স্নেপ ২
ব্যাধে পানী উতলাই থৈ যোৱা কেৰাহীটোৰ ওপৰত থকা গছৰ ডালটোত এহাল মইনা চৰাই আছিল ।দুয়োৱে মৰমতে ধেমালী কৰি থাকোতে, এটা মইনা চৰাই তলৰ উতলি থকা গৰম পানীখিনিত পৰি গ’ল । ডালত থকা আনটো মইনা চৰাইয়ে ভাবিলে, মোৰ মৰমৰ বন্ধুটোৱেই মৰি গ’ল যেতিয়া মইনো জীয়াই থাকি কি কৰিম?এই বুলি আনটো চৰাইয়েও উতঁলা পানী খিনিত জঁপিয়াই দিলে ।
অলপ দুৰৈত গছৰ তলত ব হি মইনা চৰাই হালৰ ৰেহ ৰুপ চাই আপ্লুত হৈ থকা বাঘটোৱে ভাবিলে, বনৰ ৰজা হৈ মই যেতিয়া এই নিৰিহ চৰাই দুটাক বছাব নোৱাৰিলো, মইনো জীয়াই থাকি কি লাভ?এই বুলি বনৰ ৰজা বাঘেও উতঁলা পানী খিনিত জঁপিয়াই দিলে ।
কিছু দুৰৈত ৰৈ আছিল গাহৰী এটা । সি বোলে এই কথাই কথা নহয় । স্বয়ং বনৰ ৰজা যেতিয়া উতঁলা পানী জঁপিয়াই দিলে, মইনো জীয়াই থাকি কি লাভ?এই বুলি গাহৰীটোৱেও উতঁলা পানী খিনিত জঁপিয়াই দিলে

স্নেপ ৩
কিছু সময় পাছত দুয়ো ব্যাধ আহি গছজোপাৰ তল পালেহি । কিন্ত কেৰাহিটোৰ পৰা ওলায় থকা উত্তম গোন্ধ দেখি দুয়ো আচৰিতো হ’ল আৰু এবাৰ চেলেকি সোৱাদ লোৱাৰ লোভো সামৰিব নোৱাৰিলে ।


প্ৰথম বাৰ খাই কি হ’ই গ’ল জানো, দুয়ো বন্ধুৱে ক’বলৈ আৰম্ভ কৰিলে, “দোষ্ট তুমি মোৰ বেষ্ট ফ্ৰেইন্ড ।তোমাৰ কাৰনে মোৰ জান হাজিৰ হে” ।( মইনা চৰাইৰ এফেক্ট)


দ্বিতীয় বাৰ খাই বন্ধুৱে ক’ব ধৰিলে, “জান’ দোষ্ট কোনো মাইকা লালে মোৰ লগত চেলেঞ্জ কৰিব নোৱাৰে ।এবাৰ মোৰ গাঁত তই টাচ কৰি চা না বে ।আই এম দা কিংগ” (বনৰ ৰজাৰ এফেক্ট)


তৃতীয় বাৰ খাই বন্ধুৱে ক’লে “হাঁও ডেয়াৰ ইউ? তই ৫ মিনিট ইয়াত ৰ’ , আই এম কামিং, (এই দৰে মাটিত লুটুৰি পুটুৰি হৈ দুবাৰ মান পৰি দোষ্ট দুটা আতৰি গ’ল ।(গাহৰীৰ এফেক্ট)



চতুৰ্থবাৰ খাই বন্ধু “তই মোক বেয়া পালি ন’ ? তই মোক বেয়া পাইছ’ যদি কৈ দে ।তই বেয়া পাইছ’ মোক ? তই মোৰ নিছা লাগিছে বুলি ভাবিছ’ নেকি ? মোৰ কিন্ত নিছা লগা নাই, নিছাত কৈছো বুলি নাভাবিবি ( মিক্স এফেক্ট) ..............

কথা বা শব্দ কোৱা অভ্যাস

কিছুমান মানুহৰ কথাই প্ৰতি কিবা এটা কথা বা শব্দ কোৱা অভ্যাস । মোৰো আছে যেনে কিবা বুজাই থাকিলে "মানে মানে" শব্দটো বৰকৈ কঁও।মোৰ এজন বন্ধুৱে "আপোনাৰ আপোনাৰ" বুলি কৈ থাকে।আৰু এজন আছে তেঁও "ভাল হৈছে ভাল হৈছে " কয় । এবাৰ দুয়োজন বন্ধু লগ হ'ল, কথা পাতি আছে, পিছে কথা পাতি পাতি মাৰপিট লাগিলগৈ । কাৰনটো কি জানেনে?
প্ৰথম বন্ধু: বন্ধু, ভাল নে খবৰ?
দ্বিতীয় বন্ধু : আপোনাৰ ভাল নহয় বুজিছেনে?
প্ৰথম বন্ধু: ভাল হৈছে ভাল হৈছে । পিছে কিয় বেয়া?
দ্বিতীয় বন্ধু : দুমাহ আগত মানে আপোনাৰ দেউতা ধুকাল ।
প্ৰথম বন্ধু: অহ বৰ দুখৰ কথা। ভাল হৈছে ভাল হৈছে ।বাকি ভাল নে?
দ্বিতীয় বন্ধু : বাকি কি কম আপোনাৰ, সকলো বেয়াই চলি আছে দেখোন? আপোনাৰ মাইকিজনীৰ লগতো মোৰ কাজিয়া লাগি থাকে । আপোনাৰ কালি অফিছ যোৱাৰ পিছত মোলৈ মানে আপোনাৰ মাইকিজনীয়ে ফোন কৰিলে , বোলে আহোতে আমাৰ ল'ৰাটোলে হাগিছ এটা লৈ আনিবা ।মই পাহৰি গ'লো, তাৰপিছত বুজিছেনে আপোনাৰ মাইকীজনীয়ে মোক ইমান গালি দিলে ,ইমান গালি দিলে ...
প্ৰথম বন্ধু: ভাল হৈছে ভাল হৈছে ।
দ্বিতীয় বন্ধু : চালা ইমান বেয়া হৈ আছে আপোনাৰ , ভাল হৈছে ভাল হৈছে ক'বলৈ আহিছ? লাজ নাই তোৰ ? ছালা, দেউতা ধুকাল , আপোনাৰ মাইকীয়ে মোক গালি দিলে, তাৰ পিছতো ভাল হৈছে ভাল হৈছে ক'বলৈ আহিছে কটা নিধক......

গোপিনী কীৰ্তন (ৰস ৰছনা)

গোপিনী কীৰ্তন (ৰস ৰছনা)

প্ৰতি বৃহস্পতি বাৰে আমাৰ নামঘৰত গোপিনী সকলে নাম ধৰে । এই বাৰ তেঁওলোকে বোলে আমাকো মাইক্ৰফোনৰ ব্যৱস্হা কৰি দিব লাগিব । কথা মতে কাম । দুটা মাইক্ৰফোন আনি লগাই দিয়া হ’ল । পিছে দুৰ্ভাগ্য নামতিৰ কাষৰ মাইক্ৰফোনটোৰ বাদেও যে আৰু এটা মাইক্ৰফোন একেবাৰে শেষৰ ফালে কঠ খিনিৰ কাষত থৈ দিয়া আছিল, যিটোৰ হৰ্ণটো বাজে আমাৰ ক্লাব ঘৰত। শেষৰ শাৰীত বহা গোপিনী কেইগৰাকীয়ে গম নাপালে , ফল স্বৰুপে, আমি গোপীনি কিৰ্তনৰ আটাইতকৈ ৰস লগা নাম খিনি উপভোগ কৰাৰ সৌভাগ্য ঘটিল ।

(নামৰ মাজে মাজে কলিতানি আৰু শইকীয়ানীৰ কথোপকথন দেখহ শুনহ আৰু মনে মনে ফিল কৰাহঁক)
নাম : মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি ।হৰি হৰ লীলা শুনা কৰ্ণভৰি ।।
পদ : পৰীক্ষিত ৰাজাত কহন্ত মুনি শুকে । কহো কৃষ্ণ কথা শুনা পৰম উৎসুকে ।।
বৰুৱানি আজি নাহিল যে ?এহ ন’কব, চেইন পৰিল, আজি বোলে তিনিদিন, নাম সামৰনিলৈ আজৰি হ’ব।
বিপৰীত স্ত্ৰী মায়া দেখি মাধৱৰ । শুনা যেন কামাতুৰ ভৈলা হৰ ।।
অৰ্থাৎ নাৰায়নৰ মোহিনী ৰুপ দেখি আমাৰ সদাশিৱৰ অলপ হেৰি উঠিল
এহ মোহিনী ৰুপ নালাগে আমাৰ মাইকী মানুহ এজনীয়ে যদি মিচিক কৈ হাঁহি মাৰি দিয়ে কিমান সদাশিৱ বেহুচ হৈ যাব ।আমাৰজনৰ কথা টো ক’বই নালাগে্
হা হা তেনে আগবাঢিছো দেই কৃষ্ণ
শুনিলন্ত হৰে পাছে কথা বিপৰি্ত ।
তেৰে মস্ত মস্ত দো নেইন, মেৰে লে গয়া দিল কে চেন।
কাৰ ম’ৱাইল বাজিছে, এই হৰি নাম লোৱা সময়কনো চাইলেন্ট কৰি থব নোৱাৰেনে ? কৃষ্ণ প্ৰভু , ক‘ত আছিলো আমি ? অ’ পাইছো পাইছো
শুনিলন্ত হৰে পাছে কথা বিপৰি্ত । স্ত্ৰী ৰুপ ধৰি হৰি হৰিলা অমৃত ।।
অ কলিতানি আমাৰ হালৈৰ জিয়েকৰ কথা গ’ম পাইছেনে নাই?
দেৱক ভুঞ্জাইলা দানৱৰ আশা ভঙ্গ ।
শুনি ত্ৰিনয়নৰ মনত মহা ৰঙ্গ ।।
এহ মই আপোনাক নামঘৰলে আহিলে সুধিম সুধিম ভাবিহে আছিলো ।
ভৃত্য হেন জানি যদি মোক আছে দায়া ।
দেখায়ো আমাক কেনমত তিৰী মায়া ।।
এহ সেই যে সিহঁতৰ ঘৰত আহি থাকে ল’ৰাটো ।
মহা যোগবলে শুদ্ধ কৰি আছো কায়া । ব্ৰক্ষ্মময় দেখো কি কৰিব পাৰৈ মায়া ।।

অৰ্থাৎ শিৱবাবাই ক‘লে যে যোগ কৰি, মানে এই যে ৰামদেৱে কৰে , হয় হয় সেই তেনেকে যোগ কৰি মদনক কন্ট্ৰল কৰি আছো গতিকে চিন্তা নাই ।
দহি আছো মদনক আৰু শঙ্কা নাই । মাধৱে মাতিলা হাসি শংকৰক চাই ।।

ইহ, হালৈৰ ছোৱালীক চিনি পোৱা নাছিলটো সি বেটাই ।তাই তালৈ বিয়া হ’ম হ’ম বুলি সেই গুৱাহাটিৰ ফালৰ এটালৈ পলাই গল ন’হয় ।
দেখাইবো তোক্ষ্মাক আজি সেহি তিৰিৱেশ ।

আজি কেৱল প্ৰসাদেইনে, নে চাহৰ ব্যবস্হা কৰিছে ? অন্য কথা নাই নাম লোৱাৰ পিছত ডিঙিটো তিয়াবলৈ চাহ অকন হ’লে ভাল হয় আৰু নে কি কয়?
এহি বুলি অন্তৰ্ধ্যান ভৈলা হৃষীকেশ ।

শাৰীখনৰ পাৰীটো কিন্তু ভাল লাগিছে দেই, জীতৰ দোকানৰ পৰা লোৱা ন’ ?
নহয়, এঁও আমাৰ দিছে, সিদিনাখন আমাৰ হেৰি মানে এনিভাচাৰি আছিল যে
সবে যোগ ধ্যান গৈল’ কন্যাক মাতিবেক লৈল’
প্ৰানেশ্বৰী চাপ মোৰ পাশ ।
ফুকননী হঁতে ঘৰত হেৰি বহালে নহয়।
কি?
এহ ৰব’ নামটোকে নাহে, এই ডিম্বেশ্বৰৰ সৰু ল’ৰাটোৰ নাম কি আছিল?
কুমুদ
অ’ অ’ হেৰি বাথৰুমতে কুমুদ বহাই লৈছে, হঁওক তেঁও,ৰাম ৰাম ৰাম ঔৱা হৰি ঔৱা ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ

ডেম পেহা, চীনা যুদ্ধ আৰু আন বহুতো ( ৰস ৰচনা,,,,খন্ড ১)

ডেম পেহা, চীনা যুদ্ধ আৰু আন বহুতো ( ৰস ৰচনা,,,,খন্ড ১)

ডেম পেহা, আমাৰ শৈশৱকালৰ পাহৰিব নোৱাৰা চৰিত্ৰৰ ভিতৰত এজন । ডেম পেহাৰ লগত যদিও তেজমঙহৰ সম্বন্ধ নাই তথাপি আমাৰ গাঁওৰ ঘৰখনৰ লগত তেঁওৰ এটা সুকীয়া সম্বন্ধ আছিল ।ডেম পেহাৰ এটা চকু নাই, তাত পাথৰৰ চকু এটা লগোৱা আছিল ।ভালে থকা চকুটো লৰ চৰ কৰে যদিও পাথৰৰ চকুটো টেলেকা হৈ থাকে যাৰ বাবে সৰুটে বৰ ভয় খাইছিলো ।পিন্ধনত গৰমৰ দিনত খাকি ৰঙৰ বহল হাফ পেন্ট আৰু বাহুলৈকে পৰা গেঞ্জি আৰু ঠান্ডা দিনত খাকি লং পেন্ট আৰু খাকি ৰঙৰ চুৱেটাৰ ।আমি পুলিচ বুলিয়ে ভাবিছিলো আৰু মাহঁতেও আমাক তেনেদৰেই কৈছিল ।ডাঙৰ হৈহে গম পাইছিলো তেঁও আচলতে মিলিটেৰিত কাম কৰা মানুহ এজনৰ ঘৰৰ ভাত ৰান্ধনি আছিল আৰু আমাৰ ককা হঁতৰ ঘৰতো ইটো সিটো কামত সহায় কৰি দিছিল ।আটাইতকৈ ডাঙৰ ভয় লগা বিষয়টো আছিল তেঁওৰ মোচ কোছা । মোচৰে মানুহ বান্ধি নিয়ে বুলি এটা প্ৰবাদো শুনিছিলো ।ডিম্বেশ্বৰৰ পৰা ডেম পেহা নাম পোৱাৰ আৰৰ কাহিনিটোৱো আছিল তেঁওৰ মোচকোছা, কাৰন সেই সময়ত তেনে মোচ থকা আন চৰিত্ৰটো আছিল শিশু আলোচনী সফুঁৰাৰ ডেম পেহা ।দুয়োটা চৰিত্রই আমাৰ প্ৰিয় আছিল। যি কি নহওক সৰুতে মাহঁতে ভয় খুৱাবলৈ হ’লে ডেম পেহাক কৈ দিম বুলি কৈ দিলেই সুৰ সুৰকৈ ভাত খোৱাৰ পৰা, গা ধুৱা সকলো কাম নিয়াৰিকৈ কৰি পেলাইছিলো ।অলপ যেতিয়া ডাঙৰ হ’লো তেঁওলৈ ভয়টো কমিল আৰু আমি তেওঁক এটা খুহুটিয়া চৰিত্ৰ বুলিহে ভাবিব ধৰিলো ।

সৰুতে মাঘৰ বিহুত বিহু ঘৰ সাজি আমি যথেষ্ট উৎপাত কৰিছিলো । পথাৰৰ মাজত সজা বিহু ঘৰত কি কৰিছো তাৰ তদাৰক কৰিবলৈ দেউতাহঁতে ডেম পেহাক নিয়োগ কৰিছিল । ভোজ ভাত খোৱাৰ পিছত বয়সীয়াল লোক সকল ঘৰা ঘৰি যোৱাৰ পিছত অৰ্থাৎ মাঘৰ বিহুৰ আটাইতকৈ আমোদজনক চুৰি কাৰ্য্যবোৰ আৰম্ভ কৰাৰ আগত খাকি লং পেন্ট, খাকি ৰঙৰ চুৱেটাৰ এড়ি চাদৰ, হাতত তিনি বেটাৰী টৰ্চ, মুখত ইংৰাজী দৰব বিধৰ মিলমিলিয়া গোন্ধ আৰু টেলেকা চকুটোৰ সৈতে ডেম পেহা আমাৰ বিহু ঘৰত আহি উপস্হিত হয় ।আৰম্ভ হয় তেঁওৰ যৌৱন কালৰ বিৰত্বৰ মনে সজা কাহিনী ।কাহিনিবোৰ সৰুটে সঁচা যেন লাগিছিল যদিও ডাঙৰহৈ অহাৰ লগে লগে বুজি উথিছিলো ।

বিহু ঘৰত দুই এটাই ঘৰৰ পৰা পিঠা আনো বুলি ডেম পেহাক ফাঁকি দি আৰ তাৰ ঘৰৰ দুই এডাল জেউৰা মাজে মাজে সৰকাই আনে, সৰু চাম ব্যস্তহৈ থাকে ডেম পেহাক কথাৰ জালত বান্ধি ৰাখিবলৈ যাতে পিছদিনা গৃহস্হ সকলে কম্পপ্লেইন কৰিলে ডেম পেহাই কব পাৰে যে আমাৰ বিহুঘৰৰ ল’ৰাই চুৰ কৰা নাই কাৰন মোৰ লগতে আছিল ।যি কি নহওক ডেম পেহাৰ আটাইতকৈ ৰসাল কাহানিটো হ’ল চীনা যুদ্ধৰ কাহিনি, যিটো প্ৰতি বছৰ বিহুত আমি শুনিমেই ।কাহিনিটো কবলৈ বহুত কাকুতি মিনতি কৰাৰ পিছত পেহাই এই দৰে আৰম্ভ কৰে ।

“ নাইন্টিন চিক্সটি টু, মই তেতিয়া ইন্দিয়ান আৰ্মিৰ চিখ ৰেজিমেন্টত টেঙ্কৰ ড্ৰাইভাৰ ।
আমাৰ প্ৰশ্ন: “পেহা চিখ ৰেজিমেন্টত বোলে পাঞ্জাৱী মানুহ হে থাকে ?
পেহাই বোলে তঁহতে মোক ডেকা কালত দেখা নাছিলোটো ।মোৰ যি দাড়ি আছিল ভাল ভাল পাঞ্জাৱীৰ মুখটো মই আজিও দেখা নাই ।চুলিও একদম বাহুলৈকে পৰা ।মিলিটেৰি ট্ৰেইনিং মাৰি থকাৰ সময়ত মোৰ কামান্ডাৰে ক’লে “ডিম্বেশ্বৰ তুমক’ দেখটা টো পুৰা পাঞ্জাৱী হায়, তুমক’ হাম চিখ ৰেজিমেন্ট দিয়া” বুজিলি সেই তেতিয়াৰ পৰাই মই চিখ ৰেজিমেন্টত ।
আমাৰ প্ৰশ্ন: কিন্তু পেহা আমিতো সৰুৰে পৰা তোমাক গাঁওতে দেখি আছো, মিলিটেৰিত কেতিয়া আছিলা ?
পেহাৰ উত্তৰ : মই যেতিয়া মিলিটেৰিত আছিলো তই কি তোৰ বাপেৰো জন্ম হোৱা নাছিল, আজি তোৰ ককাৰ জীয়াই থকা হ’লে ক’লে হয় এই ডিম্বেশ্বৰে টেংকলৈ গাঁওলৈ অহা কথা ।যি কি নহওঁক মোৰ তেতিয়া পষ্টিং কাশ্মিৰত, বিহুৰ ছুটিলৈ ঘৰত আছো ।মানিক মহলদাৰৰ ঘৰত তেতিয়া এটা ডাঙৰ মাৰ্ফি ৰেডিঅ’ৰ বাকচ আছিল, মহলদাৰে বাতৰি দিয়াৰ সময়ত মাইকত লগাই গোটেই গাঁওক শুনাই । শুনিলো চীনাই অসম আক্ৰমন কৰিছে ।মোৰ তেজ গৰম হৈ গ’ল, ৰাতিয়েই চহৰত গৈ হেডকোৱাটাৰ পালো, ইফালে লক্ষিন্দৰ বোলা চাপ্রাচিটো দৌৰি আহিছে টেলিগ্ৰাম এখন লৈ ।বৰ চাহাবে দিছে যে “ইয়ৰ ছুটি কেনচেল, কাশ্মিৰ কেনচেল, ফাইট ইন আচাম” ।
লগত লগত হেডকোৱাটাৰৰ পৰা টেংক এখন লৈ ১০ টা মান মিলিটেৰি লগত লৈ বালিপাৰা হৈ তোৰ বমডিলা পাই গ’লো ।ইফালে চীনা আহি বমডিলাত বম দিছে ।
আমাৰ প্ৰশ্ন: সেই কাৰনে নাম বমডিলা নেকি বাৰু পেহা?
পেহাৰ উত্তৰ : নহয় কি? বিশ্ব যুদ্ধৰ সময়ত ৰাচিয়াৰ ৰজা হিটলাৰে আমাৰ নাগালেন্ডত বম দিয়া বাবে এটুকুৰ জেগাৰ নাম নাগাচাকি হ’ল আৰু চীনাই বম দিয়াৰ বাবে বমডিলা (বি দ্ৰ: ভাগ্য ভাল ডেম পেহাৰ এই বোৰ কথা কোনো বুৰঞ্জী বা ভূগোলৰ শিক্ষকে শুনা নাছিল, শুনি আছিলো আমি ভো ভো পণ্ডিত কেইটাইহে) ।
মইও টেংকৰে গুলীয়াই আছো থাই থাই থাই, সিহঁতেও আমাক গুলিয়াই আছে ।
(সৰু পোৱালী কেইটা ভয়ত পেহাৰ আৰু কাষ চাপি গ’ল ।তাৰে এটাই বেচি জনাতো হৈ ক’লে বোলে জান’ পেহাৰ যে চকুটো এই খন যুদ্ধতে গুলি লাগি ফুটিছিল, ন’ পেহা ?একদম গুলী চকুৱেদি সোমাই পিচফালে ওলাই গুছি গৈছিল । আন এটাই বোলে ধ্যেৎ তই বেছি জান’ সেইখন মানৰ যুদ্ধহে আছিল ।এটাই বোলে মানৰ যুদ্ধ নাইন্টিন ফৰ্টি টুত হে হৈছিল, আন এটাই বোলে ধ্যেৎ নাইন্টিন ফৰ্টি টুত ভাৰতৰ স্বাধিনতা আন্দোলনহে, নাইন্টিন চেভেনটি টুত পাকিস্হান আৰু ভাৰতৰ যুদ্ধতহে পেহাৰ চকু ফুটিছিল । পেহাও কনফিউজড হৈ গ’ল, কাক বা কোনখন যুদ্ধ ক’লো , তথাপি কথাটো তাতে ব্ৰেক মাৰি পেহাই বোলে কোনোবা এটা টু আছিল পাহৰিলো ৰ' তাৰ পিছত কি হ'ল শুন । এটা গুলী আহি আমাৰ টেংকৰ ড্ৰাইভাৰ কৰম সিং বোলাটোৰ গাত যেই লাগিল মোৰ তোৰ খঙে চুলিৰ আগ পালেগৈ, টেংকৰ পৰা নামি দুই নলীয়া বন্দুকটোলৈ গ’লো খেদি ।সোপাকে পলাল, তাৰে এটাক ধৰিলো পিছ ফালৰ পৰা চোলাত খামুচি ।সি বোলে হামাক চোৰ দ’ , হামাক চোৰ দ’ ।
মই বোলো বেটা তোক বেটা চৰি দিব লাগে, দিলো কানতলিয়া চৰ দুটা ।
আমাৰ প্ৰশ্ন: পেহা পেহা চীনা মানুহে চীনা ভাষাথে কথা পাতে, তোমাৰ লগত হিন্দীত কথা কেনেকৈ পাতিলে?
পেহাৰ উত্তৰ :ৰ’ চোন মাজত মাতি নাথাক,মই এতিয়া মানুহটো তঁহতৰ ডেম পেহা নহয়, নাইন্টিন চিক্সটি টুৰ জোৱান ডিম্বেশ্বৰ কলিতা, যুদ্ধ কৰি থকাৰ সময়ত দিগদাৰ নকৰ । অ ৰ’ ক’ত আছিলো, অ’ চৰটো মাৰি টেটুটোত চেপিব লৈছো আৰু, তাৰ মুখ খন দেখিটো মোৰ বেয়া লাগি গ’ল, একদম আমাৰ গাঁওৰ ইন্দ্ৰেশ্বৰৰ সৰু ল’ৰা বোধেনৰ লগত সাইলাখ একে । এতিয়া বোধেনক মই কোচতলৈ ডাঙৰ কৰা, তাৰ নিচিনা একে চেহেৰাৰ ল’ৰাটোকনো মাৰো কি দৰে ? আৰু তই যে অথনি সুধিছিলি চীনাই হীন্দী কেনেকৈ কয়? তই অসমৰ বাহিৰত গ’লে অসমীয়া কবি নে হিন্দী কবি? চীনা বোৰেও ভাৰতলৈ অহাৰ আগত হিন্দী শিকি লৈছিল, বুজিলি গৰু ।অ’ তাৰ পাছত তাক মৰমতে মনে মনে আমাৰ কেম্পলৈ লৈ আহিলো । মোৰ কাপোৰজোৰ পিন্ধাই দি ক’লো এতিয়া তোক মাৰিব নালাগে যদি আমাক ইনফৰমেশ্চন দে ।সি দিয়া ইনফৰমেশ্চন মতে আমি বহুত চীনা মাৰিলো ।ভাৰত জিকিল আমি আকৌ ছুটিত আহিলো । আহিবৰ সময়ত সি বোলে দাদা মইও আপোনাৰ ঘৰ যাম ।লৈ আনিলো তাক, প্ৰায় দুবছৰ মান ইন্দ্ৰেশ্বৰ কাইটিৰ ঘৰত হালোৱা হৈ থাকিল ।পিছত মোৰো বেয়া লাগিল, হাজাৰ হঁওক সিও এখন দেশৰ সৈনিক, তাৰ গাত নো কি দোষ? সিও এদিন মোক ক’লে বোলে ককাইদেউ ঘৰলৈ বৰ মনত পৰিছে, মই বোলো যা গৈ যা, টকা পইছা অলপ দি অৰুনাচল পাহাৰহৈ পথিয়াই দিলো। (আচলতে ডেম পেহাই যি জন মিলিটেৰিৰ ঘৰত আছিল, তেঁওলোকৰ মুখত শুনা কথাবোৰেই আমাক ইফাল সিফালকৈ মিলাই একোটা কাহানি কৰি শুনাইছিল ।ডেম পেহাৰ গাজা আৰু আছে , আজিলৈ ইমানেই, ক্ৰমশ)

তোমাৰ দুচকুৰ বাবে.......

তুমি দৃষ্টি নিক্ষেপ নকৰিবা মোলৈ
মেৰ দৃষ্টি নিবন্ধ হব
তোমাৰ দুচকোৰ গভীৰতাৰ জোখ লবলৈ কাহানিও বিছৰা নাই মই
কাৰন মই জানো ডুবি যাম ৷
তোমাৰ দুচকুৰ মাদকতাক পিয়লাত বাকি
নিচা লগাবলৈও বিছৰা নাই
কাৰন মই জানো সেই ৰাগীত মই হেৰুৱাম নিজকে৷
কিন্তু
মোৰ দৃষ্টিত ধৰা পৰা নাছিল এনে এক দৃষ্টি
যাক দেখিলেই কথাও কবিতা হৈ বয়
তোমাৰ চকুযুৰিয়ে তাকে কয়
লিখিবলৈ হাজাৰটা কবিতা তোমাৰ নামত ৷
সেয়ে আতৰাই ৰাখিবা তোমাৰ দুচকু মোৰ দুচকুৰ পৰা ৷
নহলে মই শিথিল হৈ পৰিম
আৰু ইচ্ছা কৰিম
ডুবিবলৈ
মাদকতা লবলৈ
আৰু লিখিবলৈ
হাজাৰটা কবিতা তোমাৰ নামত
আজিৰ দৰে তোমাৰ দুচকুৰ বাবে

শীতৰ শেতা জোনাকৰ আভা সানি.....

শীতৰ শেতা জোনাকৰ আভা সানি
বালিচৰত বহি কটাম এটা দীঘল ৰাতি
তুমি আৰু মই, মই আৰু তুমি ৷

মৌনতাৰে পাতিম 
নোকোৱাকে বুজি উথা 
হৃদয়ৰ গোপন কোনত 
অত দিনে সাঁচি ৰখা
অভিমানী মনৰ বেথা
ইটো সিতো বহুতো কথা ৷

মোৰ বুকুত মুৰথৈ তুমি
তোমাক দুবাহুৰে বুকুত সাৱটি
আঙুলী বুলাম তোমাৰ অবাধ্য চুলিত

আকুলতা ভৰা হিয়াৰ মৰম
জোনাকী মায়াত জোৱাৰৰ দৰে উথিব উথলি
মিলি যাম আমি
তুমি আৰু মই
মই আৰু তুমি
ঘন কুঁৱলীৰ আৱৰন খুলি
জোন আৰু জোনাকৰ দৰে
আকাশৰ নীলা চাদৰ উৰি বালিচৰৰ বিশাল পাটিত
শীতৰ শেতা জোনাকৰ আভা সানি
বালিচৰত বহি সেই দীঘল ৰাতি ৷

বেবেৰিবাংৰ স্বাধীনতা


15 আগষ্ট বুলিলে চৰকাৰী, বেচৰকাৰী বা বিভিন্ন দল সংগঠন সমুহে ঘোষনা কৰা বন্ধৰ দিন বুলিয়েই জানো ৷ পুৱাই টিভি নামৰ মুৰ্খৰ বাকছটো খুলি দি পতাকা উত্তোলনৰ কাৰ্য্যসূচী চাই ডাঙৰ ডাঙৰ নেতা সমুহৰ ব্যক্তিগত সচিব সমুহে প্ৰস্তুত কৰা আৰু নেতা পালি নেতা সমুহৰ দ্বাৰা পৰিবেশন কৰা ভাষন নামৰ অখাদ্য সমুহ কানেৰেগুজি দুপৰীয়া দেশপ্ৰেম মুলক চিনেমা এখন উপভোগ কৰো ৷ চিনেমাখনত দুচমন সদায় চুবুৰীয়া দেশ পাকিস্থানৰ হয় আৰু আমাৰ দেশৰ জোৱানে  ছহিদ বৰন কৰিও দেশক উদ্ধাৰ কৰে ৷ মনতো গৰ্বিত হয় আৰু কেতিয়াবাটো সৈনিক হৈ গোটেই দুচমন দেশখনকে যেন গুলিয়াই ফুটা চালনী বনাই দিম তেনেকুৱা লাগে ৷ আকৌ৷ পিছ মুহুৰ্ততে ভাবো গান্ধীজীয়ে বেয়া পাব ৷ পালেও পাওক আজি কালি তেঁওক " জানতে টো চব হে পৰ মানতে কিতনে হে? "

গান্ধী এতিয়া ক'লা ধন হিচাপে চুইচ বেংকৰ কোনোবা কুঠৰীত বন্ধ ৷ বিলাটি বস্তু বিসৰ্জন মদ বিসৰ্জন কৰিব দিয়া গান্ধীজীক তেঁওৰ হাঁহি থকা ফটো সন্নিবিসিষ্ট টকাৰে বিলাটি সুৰা  কিনাত ব্যস্ত দেশৰ জনগন ৷ গান্ধীজীয়ে ভাৰতলৈ ব্যবসায় কৰিবলৈ অহা এটা ব্ৰিটিচ কোম্পানীয়ে দেশখন নিজৰ অধীন কৰি লোৱা দেখি আৰু সাধাৰন জনগনৰ নিজৰ অধিকাৰ খিনি কাঢি নিয়া দেখি আন্দোলন কৰিছিল ৷ কিন্তু তেনেকুৱা হাজাৰটা বিদেশীকোম্পানীয়ে দেখোন স্বাধীনতাৰ পিছতো আমাক লুটি পুটি খাই আছে আৰু দেশৰ চৰকাৰো তেনে কোম্পানীৰ মতে দেশ চলাই আছে ৷ তাতকৈ ডাঙৰ কথা আমি দেখোন দেশৰ টকা স্কলাৰচিপ হিচাপে লৈ পঢিশুনি আকৌ তেনে কোম্পানীত গোলাম হব ইচ্ছা  কৰো ৷ গতিকে আচলতে দুচমন কোন? চুবুৰীয়া দেশখনক সদায় দুচমন সজাই কি লাভ? নে ইয়াতো বগা চালৰ কিবা চাল আছে?

বাৰু সেইবোৰ বাদ দিলো,  15 আগষ্ট মানে মই জানো এই তাৰিখৰ দহ দিন মান আগৰ পৰা আপুনী বাইক চলাওতে হেলমেট পৰিধান কৰিব, লাইচেঞ্চ লগত লৈ ফুৰিব আৰু পলিউচন, ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেট আদি টোপোলা এটাত বান্ধি দিঙিত ওলমাই লৈ ফুৰিব ৷ নহলে কোন সময়ত আপোনাৰ মানিবেগ পাতলহৈ যাব আপুনি টলকিবই নোৱাৰিব ৷

কৰবাত ফুৰিব যাব? টোপোলা টাপলী বেছি নিনিবি ৷ কেইদিনমান আগতে বলবম শেষ হৈছে যদিও ," ব'ল'  বম কাহাহে " বুলি আপোনাক টোপোলা খুলাই চেকিং কৰিব পাৰে ৷ বাছত যাম বুলি মুঠেও নাভাবিব ৷ ফুল বডি ইঞ্চুৰেঞ্ছ আছে যদি বাৰু কথা নাই ৷ অ আৰু এটা কথা আপুনি যদি ৰাজপথত ড্ৰাইভিং শিকিব মন কৰিছে আজিৰ দিনতটোতকৈ ভাল দিন আৰু উদং ৰাজপথ আপুনি নাপাব ৷
স্বাধীনতাৰ মজা লওঁক ৷

 বিশেষ দ্ৰষ্টব্য এইযে স্বাধীনতা বুলি কিবা এটাযে বস্তু আছে বিবাহিত সকলেযেন ভুলতেও নাভাবে ৷ কাৰন বিবাহ নামৰ জাকজমকীয়া অনুষ্ঠান পাতি সেই দিনাই আপুনি ৰাজহুৱা ভাবে স্বাধীনতাক ত্যাগ কৰিলো বুলি ঘোষনা কৰি থৈছে ৷ তথাপিও যদি এই দিনটোত আপুনাৰ বৰকৈ স্বাধীনতাৰ সোৱাদ লব মন কৰিছে শ্ৰীমতিৰ পৰা বিশেষ জৰুৰিকালিন পাৰমিচন লৈ লগৰ কেইজনমানৰ লগত ঘৰৰ চাদত বহি  তিন পাত্তি, জ্বলা চানা আৰু আগতিয়াকৈ যোগাৰ কৰি থোৱা পানীয়কনৰ সোৱাদ লব পাৰে ৷ আগতিয়াকৈ আনি থোৱা নাই যদি এতিয়া গৈ লৈ আনক ৷ ড্ৰাই ডে?  ধ্যেৎ আনদিনা কেবল সুৰাৰ দোকানত সুৰা পায় আৰু ড্ৰাই ডেত সকলোতে পাই, আনকি  গেলামালৰ দোকানতো ৷
পিছে ফুৰ্টি পানিকন ডিঙিত পেলাই পত্নীৰ ওচৰত বৰমতা নোলাব আজিও আগৰ দৰে মেঁও হৈয়ে থাকিব নহলে কোন সময়ত আপোনাৰ পত্নীৰ গোঁসানী লম্ভিব আৰু আপোনাৰ স্বাধীনতা গছত উথিব আপুনি তলকিবই নোৱাৰিব ৷ গতিকে সাৱধান ৷ পিচত অমুকাক নুদুষিব ৷

আপুনি ভাবিছে এই দিনতো মই কেনেকৈ উদয্যাপন কৰো ৷ হে হে মোৰ নো আৰু কি,  দেশৰ
নাগৰিক হিচাপে দেশৰ বাবে যি কৰিব লাগে ফেচবুকতে কৰো আৰু হে হে হে নে কি কয়?







Thursday 14 August 2014

অনলাইন ফেকবুক ৰিটাৰনচ্

অনলাইন ফেকবুক ৰিটাৰনচ্
দেবুদাৰ দুই নম্বৰ সম্পত্তি জুৰিয়ে মেট্ৰিকত কম্পিউতাৰ পোৱাৰে পৰা বৌক কোনে পাই ৷ আগৰ কেবল দেবুদাই হে ফেচবুক কৰিছিল এতিয়া বৌয়েও নিজৰ লেপটপত কৰিবপৰা হ'ল ৷ দেবুদাই অফিছৰ পৰা আহি তিতা দাহে পি চিৰ সন্মুখত বহে আৰু বৌয়ে দেবুদা অফিছত যোৱাৰ পাছত ৷ তাতোকৈ ডাঙৰ কথা দুয়োৰে ফেচবুক একাউন্ট এটাই আছিল অৰ্থাৎ দেবুদাৰ ভাষাত জইন্ট একাউন্ট ৷ গিৰীয়েক ঘৈণীয়েকৰ মাজতনো কি চিক্ৰেট পাচৱৰ্ডৰ কথা থাকে হে?

দিন পাৰ হ'ল, বন্ধুত্বৰ সংখ্যা বাঢিল ৷ মনে মিলা বন্ধু পাবলৈ ধৰিলে ৷ লাহে লাহে টিভিত নিজৰ ভাল লগা প্ৰগেমৰ কাৰনে ৰিম'টক লৈ টনা আজোৰা কৰ দেবুদা হতে এতিয়া পিচি আৰু ফেচবুক লৈ যুদ্ধ কৰা আৰম্ভ কৰিলে ৷ একাউন্ট বেলেগ হ'ল,  পাচৱৰ্ড চেঞ্জ হ'ল আৰু লগতে প্ৰফাইল পিকচাৰ ৷
এতিয়াটো পি চি ও দুটা হ'ল ৷ এতিয়া চৰু দুটা হবলৈহে বাকী আছেগৈ ৷ হাজাৰ হঁওক প্ৰাইভেছি বুলি বস্তু এটা আছেটো ৷

আগতে বৌয়ে দিনত এড কৰা ফ্ৰেন্ডবোৰক লাহে লাহে নিজৰ একাউন্টলৈ নিমন্ত্ৰন কৰা আৰম্ভ কৰিলে ৷ বিসম্বাদী শিৱিৰৰ বা হাতি পাৰ্টিৰ পৰা এজন এজনকৈ ফালৰি কটাৰ দৰে বহুতে দেবুদাৰ একাউন্ট ত্যাগ কৰিব ধৰিলে ৷ দেবুদাৰ কিন্তু ভুক্ষেপ নাই, হাজাৰ গোপীৰ মাজত যি কেইগৰাকী ৰাধা বাচি লৈছে তেওঁলোকৰ লগতে মেচেজ মেচেজ লীলা কৰি থাকে ৷ বৌৰ  কথাতো পিছে সুকীয়া, যি কেইজনে তেওঁৰ ফটো বা ষ্টেটাছত লাইক কমেন্ট মাৰে তেওঁলোক বৌৰ ফেভেৰেট ৷ আচলতে এই ফেচবুক ৰাজ্যত প্ৰবেশ কৰাৰ পিছত হে গম পাইছে যে পৃথিৱীত সচাঁকৈয়ে ৰোমান্টিক, মনৰ কথা বুজি পোৱা, মৰম দিব পৰা মানুহ আছে ৷ দেবুদালৈ বিয়া হৈ অহাৰ পিছত পুৰুষ সকলৰ প্ৰতি যি এক বিৰাগ জন্মিছিল ফেচবুকে নোহোৱা কৰি পেলালে ৷ সচাঁকৈয়ে বৌহঁত পঢি থকা দিনত এই ফেচবুক ওলোৱা হ'লে যে বৌ দেবুদালৈ বিয়া নহৈ ফেচবুকৰ পি পি কলিতাৰ দৰে এফ বি ফ্ৰেন্ড এজনৰ লগতেই যে বিয়া হ'ল হেতেন খাটাং ৷ আজিকালি সেয়ে জীয়েক জোনমনিয়ে ফেচবুক কৰি থাকিলেও বৌয়ে গালি নাপাৰে, বোলে মোৰ জীৱনটো গ'লেই তাইয়ে ফেচবুকৰ পৰা ভাল  এটা বাচি লঁওক ৷ আৰু দেবুদাই গালি দিলে ওলোটা ফেপেৰিহে  পাতি আহে বোলে " ফেচবুকত প্ৰেম  কৰিছে কৰক, কথাহে পাতিছে আপোনাাৰ দৰেতো মোক ভালপোৱাৰ নামত ফুটগধুলীতে মোৰ ঘৰলৈ আহি দাদা মা নোহোৱাৰ সুযোগলৈ হাতে পাতে চুই থকা নাই, ৰাতি বাচন ধুবলৈ যাওতে কচুৱনীৰ মাজত লুকাই চুমা লবলৈ আপোনাৰ দৰে চাঞ্চ বিচৰা নাই ৷

এতিযা মুঠতে দেবুদাৰ ঘৰৰ সকলো এনিটাইম অনলাইন থাকে,  তাতোকৈ ডাঙৰ কথাটো হ'ল যে দেবুদা বৌ জোনমনি ফেচবুকত এজনো আনজনৰ ফ্ৰেন্ড নহয় ৷ সকলোৰে এখন নিজা ৰাজ্য আছে,  অশৰীৰি ৰাজ্য পিছে মনে মিলা মানুহৰ ৰাজ্য,  নিজে ৰজাৰ দৰে যি মন যাই তাকে লিখি আনক জনাই দিব পৰা ৰাজ্য ৷ সুখ দুখত লাইক কমেন্টৰে সহানুভুতি পোৱা ৰাজ্য ৷ এজনে দ্ৰয়িং ৰুমৰ পৰা, এগৰাকী পাকঘৰৰ পৰা আৰু আনগৰাকীয়ে পঢাটেবুলৰ পৰা সেই  ৰাজ্যত প্ৰবেশ কৰি ৰাজ্য চলাই থাকে ৷ বিশেষ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দাদাবৌয়েও গোটৰ পৰা আৰু ছিট ফান্ডৰ পৰা ধাৰ লৈ নিজাববিয়াকৈ দুটা ফেচবুক কৰিব পৰা মবাইলো ইতিমধ্যে যোগাৰ কৰি লৈছে ৷ গতিকে কাৰেন্ট থাকক বা নাথাকক, পেটত ভাত পৰত বা নপৰক ফেচবুক কিন্তু নহলে নহব ৷

যোৱা কেইদিন মানৰ পৰা বৌৰ মনত এটা বুুদ্ধি খেলাই আছিল ৷ বুঢাক মানে দেবুদাক অলপ কি দৰে জ্বলোৱা যাই ৷ এনেও মাইকী মানুহ, সন্দেহবাদী মন, দেবুদাইনো ফেচবুকত ৰাতি ৰাতি মেচেজ দি কি কৰে তাকে চাবলৈ বৌয়ে এটা ফেক একাউন্ট খুলিলে ::::::প্ৰেৰনা বৰা, নট ইয়েট ৱৰ্কিং, বি এ, প্ৰফাইলত এজনী সৰু মৰম লগা ছোৱালীৰ ডাউনলডেড ফটো ৷ প্ৰথম ফ্ৰেন্ড ৰিকুৱেষ্ট পথালে বৌৰ দিৱানা পি পি কলিতালৈ,  আৰু বৌৰ পুৰনি বন্ধু এসোপামানলৈ ৷ লগে লগে এছেপ্টেড ৷ কেইদিনমান ফেক একাউন্টৰ পৰা কথা পাতিহে বৌয়ে গম পালে যে আচলতে পি পি বৰুৱা হে ফেক ৷ মক্কেলটো কৰবাৰ, সকলোকে চালা বেটাই একে সোপা চলাহী কথাকে পাগুলী থাকে ৷ ধেইট ইমানদিনে মনৰ মাজত এইতোক এনেই পুহি ৰাখিছিলো, এই ফাঁকিদাচ টোতকৈ মোৰ মতাটোৱেই ভাল,  বৌয়ে মনতে ভোৰভোৰালে ৷ দেবুদাক ফেক একাউন্তৰে এসেকা দিয়াৰ আইডিয়াটোও বাদ দিলে ৷ কিন্তুু নিজা একাউন্টটো বাদ দি নতুন একাউন্তৰে মানুহবোৰক চিনিবলৈ আৰম্ভ কৰিলে ৷

বিচনাত দেবুদা আৰু বৌ দুয়ো দুয়োলৈ পিঠি দি বাগৰি আছে,  হাতে হাতে চাইলেন্ট মোবাইলআৰু মোলাইলত ফেচবুক ৷ প্ৰেৰনা বৰালৈ নতিফিকেশ্বন: :1ফ্ৰেন্ড ৰিকুৱেষ্ট  প্ৰৱাল দাস ৷ বৌয়ে  প্ৰফাইলৰ এবাউত বুটামটো টিপি , তন্ন তন্নকৈ সকলো নঠি পত্ৰ ঠিকে আছেনে নাই  পৰিক্ষা কৰিএছেপ্ত বুটামটো টিপি দিলে ৷
প্ৰবাল: থেংক ইউ
ফেকপ্ৰেৰনা বৌ:  ৱেলকাম
প্ৰ: কি কৰি আছা?
প্ৰে: তোমাৰ লগত কথা পাতি আছো ৷
প্ৰ: হা  হা হা তোমাৰ কিন্তু চেঞ্ছ অফ হিউমাৰ মানিছো ৷
প্ৰে: থেংকছ
প্ৰ:  কিবা কোৱা
প্ৰে: কি কম
প্ৰ: যি কোৱা
প্ৰে: আলু কচু ভোটজলকীয়া
প্ৰ: হা হা হা বাৰু তোমাৰ বিষয়ে কোৱাচোন
প্ৰে: কি কম , তুমিহে ৰিকুৱেষ্ট পঠাইছা তুমি প্ৰথম জনোৱা ৷
প্ৰ: অ কে, তুমি বৰ ষ্ট্ৰেট ফৰৱাৰড, আৰু হহুৱাবও জানা, আই লাইক ইট ৷
প্ৰে: মই ডিফেঞ্চ আৰু মিড ফিল্ডাৰো লগতে কন্দুৱাবও জানো
প্ৰ: হা হা বাৰু হব ৷ মই চিম্পল মানুহ, সৰু চাকৰী এটা কৰো, তেজপুৰত ঘৰ,  লৰা এটা ছোৱালী দুজনী আৰু ৱাইফ ৷ বছ ইমানেই তুমি কোৱা এতিয়া
প্ৰে: গুড,  মোৰো একেই, হাউছ ৱাইফ হয়, ছোৱালী দুজনী লৰা এটা আৰু মানুহজন ৷
প্ৰ: বাহ আমাৰ মাজত ইমান মিল আছে ৷ উইল ইউ বি মাই ফ্ৰেন্ড
প্ৰে:: অকে, বাৰু তোমাৰ তেজপুৰৰ ঘৰ কোনখিনিত?
প্ৰ: ৰুপকনগৰত,  তোমাৰ কত,?
প্ৰে: মোৰোতো তাতেই ঘৰ ৷ মোৰ হাজবেন্ডৰ নাম দেবজিত বৰা , দেবুদা বুলি  মাতে সকলোৱে

দেবুদাই লাহেকৈ মোবাইলটো বন্ধ কৰি শুৱাৰ ভাওজুৰিলে ৷
বৌয়েও প্ৰৱাল দাসৰ ছাত হস্তত সেউজীয়া লাইটটো নুমাই থকা দেখি মোৱাইল অফ কৰি শুব ধৰিলে ৷ দাস উপাধিৰ কোন আছে ভাবিব লওতেই দেবুদাই মাত দিলে: কিবা কোৱা
বৌয়েও হাঁহি হাঁহি ক'লে আলু কচু ভোটজলকীয়া,,,,,,,,,

আজি বহু দিনৰ মুৰত দেবুদা আৰু বৌক ৰাতি হাঁহি ফুৰ্টি কৰি কথা পতা শুনিছো, আৰু দিগদাৰনিদিও দিয়ক ৷ এই ফুৰ্তিতে লাইক বা কমেন্ট এটা দিয়ক মই পুৱাতেই দেবুদাক দি দিম ৷ ধন্যবাদ, সময় উলিয়াই পঢা বাবে























ৰকৰক