Thursday, 6 November 2014

মই গেছ চিলিন্ডাৰে কৈছো

মই গেছ চিলিন্ডাৰে কৈছো ৷
দুৰ্গা পূজাৰ দুদিন মান আগৰ কথা ৷ পুৱাই শ্ৰী মতিয়ে ৰঙা চাহৰ গিলাচটো
বিচনাৰ কাষতে থেকেচকৈ থৈ কৈ দিলে নহয় বোলে সোনকালে উথক আৰু
কত কেনেকৈ কি বনাই বনাওকগৈ, গেছ শেষ ৷
গেছ শেষ বুলি কথাষাৰ শুনিবলৈ হে পালো, গেছ বেলুনৰ দৰে ফুলা শ্ৰীমতিৰ
মুখ খনলৈ চাই একান্ত বাধ্য ছাত্ৰৰ দৰে পাকঘৰ পালোগৈ ৷ হয়টো, যোৱা মাহৰ
৮ তাৰিখেই লগোৱা, হিচাপ এটা কৰি দেখিলো এমাহ দুদিন গল ৷ ধ্যেত এই
পূজাটো সৰকি যোৱা হলে, খংটো গেষ্ট্ৰিক বঢ়াদি বাঢ়ি আহিল ৷এও লোকে গেছটো হিচাপ কৰি
চলাব নাজানে ৷গেছৰ ওপৰত পানী উঠাই বৰুৱানীৰ লগত " আমাৰ যে এও"
শিৰ্ষক আড্ডা মাৰি থাকোতে কেতিয়া পানী শুকাই শেষ হয় গমকে নাপাই ৷
কেৰাহী বহাই চব্জী কটা মানুহ হে ৷ দুআষাৰ মান শুনাবলৈ মন আছিল বাপ্পেকে
পিছে শুনাবলৈ গলে মোক যে একে ফৰ্টি চেভেন মুখৰে থকা সৰকা কৰিব জানি
শুনিয়েই একো নকলো ৷
দোষটো মোৰেই ২১ দিনৰ পিছতো চিলিন্ডাৰ বুক কৰিবলৈ
পাহৰি থাকিলো, তাতে আনটো চিলিন্ডাৰ সিদিনা দত্তনিয়ে খোজাত দি দিলো ৷
দত্তনীয়ে বোলে শইকীয়া দা আমাৰ চিলিন্ডাৰ শেষ হল, কালিলৈহে পাম, আজি
যেন তেন চলিবলৈ দিয়ক বুলি কলে, মইও এওক নুসুধাকৈ দি দিলো ৷ এঁওক
কোৱাত বোলে আপোনাৰ স্বভাৱটোও আজি কালি ভাড়াঘৰ চিৰিয়েলৰ কেঁওতৰ
নিচিনা হৈছে ৷
মবাইল ফোনটোলৈ ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ সকলোলৈকে ফোন
লগালো ৷ সকলোৰে এটাই উত্তৰ " ইচ শইকীয়া ,যোৱাকালি নতুনটো লগাইছোহে"
দত্তনীয়ে বোলে দাদা এজেঞ্চিত ইমান ফোন কৰি আছো গেছৰ গাড়ী অহা নাই বুলি
কৈ আছে ৷
পুৰনা ষ্টভটো উলিয়াই চালো তেল নাই ৷ ইনদাকচন কুকাৰটোৱেও আইছি ইউথ
মানে মেকানিকৰ তাত পৰি আছে ৷ আগতে জেউৰা ভাঙিও এষাজ যেন তেন
বনাইছিলো, পকী ৱাল দিয়াৰ পৰা সেইটোৰো মুদা মৰিল ৷ কি কৰা যাই ৷ এনেতে
দেখিলো লৰা ছোৱালী কেইটাক কাপোৰ কানি পিন্ধাই এও ৰেডি ৷ বোলে ঘৰলৈ
যাও, গেছ পালে মাতি দিবা ৷ তুমি এই কেইদিন দত্তনীৰ ঘৰতে খাবা ৷ মই খড়ীত
ফুৱাই ভাত বনাব নোৱাৰো ৷ ধোৱা লাগিলে এলাৰ্জী হয় তাতে যোৱাকালিহে
পাৰ্লাৰৰ পৰা আহিছো ৷ মই মনতে বোলো হব দেৱী দুৰ্গা যোৱা পূজা বুলি দুদিন
মান মাৰাৰ ঘৰতে থাকি আহা, মই হোতেলতে মাছে মঙহে দকহি খাম ৷
চিলিন্ডাৰটো বাইকৰ পিছত চাইকেলৰ টিউবৰে ভালদৰে বান্ধি এজেঞ্চী পালোগৈ ৷
দোকান খোলাই নাই ৷দোকানৰ আগত চিলিন্ডাৰৰ দিঘলীয়া শাৰী যেন মিলিটেৰীত
নাম ভৰ্তিৰ বাবেহে লাইন কৰি আছে ৷ মোৰটো চিলিন্ডাৰ এশ ছয় নম্বৰত পৰিল৷
চিলিন্ডাৰটো চাই কি কৰিম আৰু দাৰ্শনিক চিন্তা কিছুমানকে কৰিব ধৰিলো ৷
চিন্তা নম্বৰ ১,
গেছৰ চিলিন্ডাৰ নোহোৱাৰ আগলৈকে মানুহৰ গেছ অৰ্থাৎ গেষ্ট্ৰিকো নাছিল ৷
কেৰাহীৰ দাইলৰ ফেন কাঢ়ি পেলাই দিছিল যি বোৰ কুকাৰৰ হোৱাৰ পৰা পেটলৈ
যোৱা হল ৷
চিন্তা নম্বৰ ২,
গেছৰ চিলিন্ডাৰ নোহোৱাৰ আগলৈকে মানুহৰ ডায়েবেটিছো ইমান নাছিল ৷
চৰুৰ নিসনী কঢ়া ভাত খাইছিল ৷
চিন্তা নম্বৰ ৩,
গেছৰ চিলিন্ডাৰ নোহোৱাৰ আগলৈকে মানুহৰ ককালৰ বিষ, বাত বিষ পেটৰ
প্ৰব্লেমো সিমান নাছিল কাৰন তলত বহি জুইৰ কাষত ভাত বনাইছিল ৷
চিন্তা নম্বৰ ৪,
আগতে চৰু সকলোকে চুব দিয়া নহৈছিল ৷ ধৰ্ম বৰ্তি আছিল ৷ এতিয়া কাৰ
ঘৰৰ পাকঘৰৰ চিলিন্ডাৰ কাৰ ঘৰৰ পাকঘৰত সোমাই থিক নাই ৷ জাত পাত
নাইকীয়া হল ৷ সকলোৰে চৰু এক হল ৷ কবলৈ গলে গ্লবেলাইজেচন হল ৷
চিন্তা নম্বৰ ৫,
চিলিন্ডাৰ নোহোৱাৰ আগলৈকে পুৰুষ পাকঘৰত সোমোৱা নাছিল ৷ এতিয়া
পুৰুষ মহিলা সকলোৱে ভাত ৰন্ধা হল ৷ মতা মাইকীৰ পাৰ্থক্য নাইকীয়া হল ৷
নাৰীয়ে সম মৰ্য্যদা পালে ৷
চিন্তা নম্বৰ ৬,
চিলিন্ডাৰ হোৱাৰ পৰা জুহাল নোহোৱা হল, সময় কম লগা হল, গৃহীনিয়ে
টিভিৰ সন্মুখত বহিব পৰা হল ৷ আৰামত আলাসতে গৃহীনিৰ চেহেৰা চিলিন্ডাৰৰ
চেহেৰাৰ পাৰ্থ্যক্য নোহোৱা হল ৷
চিন্তা নম্বৰ ৭,
গৃহীনিৰ পৰা সুখৰে এষাজ খাই থাকিবলৈ হলে সময় মতে চিলিন্ডাৰৰ যোগান
ধৰক ৷

No comments:

Post a Comment