Thursday 17 October 2013

মতা মানুহ গোপী ওলোৱা ৰাস

মতা মানুহ গোপী ওলোৱা ৰাস

হৰেনৰ দোকানৰ আগত চুচুক চামাক কৰি থকা ইকুক দেখি ৰাজুৱে বোলে তহঁতৰ ঘৰত মতা বুলিবলৈ তয়েই আছ’ ৰাসত গোপী উলাবিনে নাই ? ইকুৱে বোলে তহঁতক এই বাৰ ৰাসৰ দায়িত্ব দিয়েই ভুল কৰিলো বুজিছ ।হেৰৌ মই বাৰু গোপী উলাম কিন্ত গেৰেলা কুমুদ, জীৱন খুড়া আৰু চন্দ্ৰেশ্বৰ দাইটি হতঁৰ কথা ভাৱচোন, গোপী ওলালে কেনেকুৱা লাগিব ? বেচেৰা কুমুদে যোৱা তিনিদিন ধৰি তাৰ চাইজৰ ব্লাউজ বিছাৰি ফুৰি নাপাই শেষত আজি দুই মিটাৰ কাপোৰ আনি দৰ্জিক চিলাব দিছে । ৰাজুৱে বোলে কুমুদ দাক আমি পুতনাৰ ভাও দিছিলো নহয়, নিজে হে ন’ললে, বোলে অসুৰৰ ভাও নিদিলে যেতিয়া গোপীকে ওলাম ।ইকুৱে বোলে প্ৰতি ঘৰৰ পৰা এটা অৰ্থাত এজনী গোপীনি ওলাবই লাগিব, নহলে হাজাৰ টকীয়া ফাইন কথাটো হজম নহল । ৰাজুৱে বোলে গাঁওৰ ডেকামখা চাকৰী সুত্ৰে বাহিৰত আছেগৈ , পূজাৰ ছুটি লৈ দুই এটা আহিছিল যদিও ৰাসত আহিব নোৱাৰে । আৰু যি কেইটা পিলিঙা আছে অকল সিহঁতৰ দ্বাৰা কাম নচলে, গতিকে সকলোকে লগাই দিছো । মুঠতে এই বাৰ ৰাস আমাৰ হিট হবই, বুঢা গোপী চোৱাৰ হেপাঁহ ৰাইজৰ তুঙ্গত । তাতে আমাৰ গাঁওৰ গোপীক মৰনাকুৰী, বহমপুৰ আৰু নন্দিকেশ্বৰ গাঁওৰ ৰাইজেও নিমন্ত্ৰন কৰিছে ।পিছে তই হৰেনৰ দোকানত কি কৰিছ’, আৰু মোচ চিকুনোৱা নাই যে?ধনে বোলে সেই বাবেই ৰৈ আছো মোচ খুড়াবলৈ ব্লেড দুখন মান আৰু বৌক সুধি লিষ্ট এখন বনাই আনিছো ,লিপিষ্টিক, আই লাইনাৰ, বিন্ডি, আলটা এইবোৰৰ, পিছে দোকানত মানুহ নকমাই হ’ল, বস্তু কেইপদ খুজিবলৈকে লাজ লাগিছে ।ৰাজুৱে বোলে বাকী কাপোৰ যোগাৰ হ’লনে নাই ? ইকুৱে বোলে পাচিগাঁওৰ পৰা কালি আনি থৈছো । ৰাজুৱে বোলে হঁওক দে হ’বলগীয়া জনীৰ ঘৰলৈ এই চেগতে দুই এপাক মাৰিব পাৰিবি, পিছে তই ৰাসৰ গোপীহে কৃষ্ণ নহয় গতিকে ৰাসলীলা নকৰিবি আকৌ ।
>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>
পুৱাতে উথি নাৰিকলটো গুচালো কোনে বে-চাইজত কাটি পেলালে ? কুমুদৰ খঙৰ ভমকত বৌয়েকে বোলে প্ৰসাদৰ বাবে মইয়ে ফালিলো ।মুৰ খজুৱাই খজুৱাই কুমুদে বোলে নহয় বৌ মানে আকৌ চাইজৰ নাৰিকল বিছাৰি যাব লাগিব ।এনেতে ভিতৰৰ পৰা ককায়েকে বোলে নালাগে মই আনি থৈছো জীৱনৰ বাবে আনি থোৱা কোৰোকা দুটা তয়েই লবি ।বৌয়েকে ওৰনীৰে মুখখন ধাকি ভিতৰ সোমাল ।
>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>
চেহ, মেখেলা খনহে জোখৰ ন’হল, ঘেৰটো বৰ সৰু ।অকন্তিয়ে বোলে হাফ পেন্ট টো খুলি নলৱ কিয়? ধনে বোলে নাই ভাই ৰিক্স ল’ব নোৱাৰি, জীৱনত এই প্ৰথম মহিলাৰ সাজ পিন্ধিছো, এফালে টানিলে দেখোন আনফালে উলায় থাকে, তাতে যোৱাবাৰ ইন্দ্ৰেশ্বৰ দাইটিৰ কি হৈছিল দেখা নাই ।শংখচূড় ওলায়ে কাইটিৰ ফালে যি চোঁচা ল’লে পলাবলৈ গৈ উজুটি খাই মেখেলা এফালে শাৰী এফালে গ’ল, নীলা হালধীয়া ৰুল ৰুল থকা আন্দাৰ সকলো ৰাইজে দেখিলে, মই সেই ৰিক্স লোৱাত নাই দেই, সেই বাবে পেন্টৰ ওপৰত চুকলী এডালো বান্ধি লৈছো বাপ্পেকে ।তই মাত্র মোক ভালদৰে কোৰোকা দুটা লৰচৰ নকৰাকৈ ফিটিং কৰি দে ।
>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>
শাৰী পিন্ধি চাইকেল চলাব পাৰিবি জানো ? চন্দ্ৰই বোলে পাৰিম, অলপ মেখেলা খন কোচাই ললেই হ’ল, তই চাধা অলপ টেমাত বনাই ল’ নহ’লে ৰাতিখন ক’ত বিছাৰি ফুৰিবি ? ধনে বোলে টেমা ল’বি ক’ত চাদৰ মেখেলাত পকেট থাকে নেকি কৰবাত ? আজিহে বুজিলো মাইকী মানুহে চাধা নাখাই কিয়? আচলতে লৈ ফুৰিবলৈ পকেট নাথাকে যে । চন্দ্ৰই বোলে কোৰোকাৰ মাজত ভৰাই থ’ ।
>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>
খিত তাও
বায়নৰ খোলত প্ৰথম চেও, মোৰ প্ৰবেশ, সোঁ ভৰি আগুৱাই যাঁঠি পাত মাটিত খুচিচো, মাইকী মানুহবোৰ পিছুৱাই গ’ল ।
খিত তাও তেই, দ্বিতীয় খোজ, কেচুঁৱা বোৰে পেঁ
খিত তাও খিতি তাও ধিন তাও ধেই
মানুহৰ ভিৰত বাহিৰলৈ যাম যাম বুলি ভাবি থকা দুজনী মানে জেগাতে এৰিলে,
খিতি তাও, খিতি তাও, খিতি তাও, ধিন তাও ধেই
এবাৰ ককালটো ঘুৰাই সৰু কৈ হাঁহিটো মাৰিছোহে, শুকান খুড়াদেউৱে বুকুত হাত দিছে
মই লাহেকৈ খুড়াদেউৰ কাষলৈ গৈ কবলৈ পালোহে বোলো ভয় নাখাব কংস নহয় মই চন্দ্ৰহে,
খুড়াদেউ বেহুচ
>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>
দৈবকী তোৰ অষ্টম পুত্ৰ মোক দে,
নাই দাদা,
দৈবকী তোৰ অষ্টম পুত্ৰ মোক দে,
নাই দাদা,
দৈবকী তোৰ অষ্টম পুত্ৰ মোক দে, দে বুলিছো দে
নাই দাদা,
বাসুদেব : দি নিদিয় কিয় অ দৈবকী, এইটো খেৰৰে বনোৱাহে, সি বেতাই গমেই নাপায়, আমি আকৌ এটা বনাই ল’ম ।
>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>
ভাওনাৰ মেক আপ ৰুমত কৃষ্ণই গুজৰি গুমৰি আছে বোলে কোন ভঙুৱাক শংখচূড় বনালে । বায়নে বোলে তেজপুৰৰ পৰা হায়াৰ কৰি অনা । কৃষ্ণই বোলে যুদ্ধ কৰি কৰি ভাগৰি গৈছো, ই বেটাই দেখোন মৰিবকে নোখোজে ।বায়নে বোলে উপায় নাই তই যুদ্ধ কৰি থাকোতে কানে কানে কবি বোলে সোনকালে মৰ বাহিৰত বাসুদেবে মনিপুৰিবিধ বনাই আছে ।
>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>
(আজিলৈ ইমানেই, পিছৰ প্লট কেইটা ৰাসলৈ বুলি থলো)

ব্ৰেকিং নিউজ ::::::::::আই লাভ মহিচা চুৰ (ব্যঙ্গ ৰছনা)


  • পূজা থলিত লাইভ দেখুৱাম লাইভ দেখুৱাম বুলি হাতত কেমেৰা লৈ পিন পিনাই থকা ফিউজ লাইভৰ সাংঘাটিক জনক মানে সাংবাদিক জনক দেখি মিচেচ কেকটি অলপ আগবাঢি গ’ল ।
    মিচেচ কেকটি : এচকিুজ মি লাইভ নেকি বাৰু ?
    সাংঘাটিক : হয় হয় এক্স ক্লুচিভ লাইভ ।বাইদেউ আপুনী বাৰু পুজাথলীত কিয় আহিছে ?
    মিচেচ কেকটি : পুজাথলীত কিয় আহিছে প্ৰশ্নটো শুনি চকুদুটা বহলকৈ মেল খাই গৈছিল যদিও শাৰীখন ঠিক ঠাক কৰি কেকটিয়ে বোলে, ইউ ন’ এই খন পূজা থলীত আমি মানে টেন থাউজেন্ড ডনেচন দিছো । আৰু মোৰ এও মানে এটা বাফেল’ (বাকি খিনি ক’বলৈ সুযোগ নিদি সাংঘাটিকে আকৌ প্ৰশ্ন কৰিলে)
    সাংঘাটিক : আপুনী পূজাত কি ল’লে ?
    মিচেচ কেকটি : গ্রেন্ড আই টেন
    (এনেতে কেমেৰা দেখি জীৱনত এবাৰ কেমেৰাৰ আগত থিয় দিবলৈ দূৰ্বাৰ হেপাহ থকা কলিতাও ঠেলা হেচা কৰি ভিৰ ফালি কেমেৰাৰ আগত থিয় হ’ল, আৰু নিজেই মাজে মাজে স্কিপ্ৰত নথকা ডাইলগ মাৰি গ’ল) সাংঘাটিক : নহয় মানে কাপোৰৰ কথা সুধিছো । শাৰীখন কোনে দিলে, আৰু কি কি ল’লে পূজাত ?
    কলিতা : হয় মইও দিছো আমাৰ এওক.............
    সাংঘাটিক : অ বাইদেউক আপূনি দিছে ।
    মিচেচ কেকটি : (মাইক্ৰ ফোনটো নিজৰ ফালে টানি) নহয় নহয় এখেতক মই চিনি নাপাও, এও মোক নাই দিয়া, মোৰ হাবিয়ে মোক গিফ্ট দিছে, ১৮ থাউজেন্ড, ইউ ন’ ,ডিজাইনাৰ কালেকশ্চন, ক্লাচিক বুটিকছৰ পৰা আনিছে ।
    (তেনেতে কেকটিৰ সৰু ছোৱালীজনীয়ে মাকৰ শাৰীখনত টানি ধৰি কবলৈ ধৰিলে) কেকটনিৰ ছোৱালী : মাম্মি মাম্মি দত্তনি আন্টিক টি ভি চাবলৈ কল কৰি দিয়া না.............
    সাংঘাটিক : অ’ মাইনা, তোমাক ধুনীয়া লাগিছে দেই, কোৱাচোন পূজাত তুমি কি চাই ভাল লাগিল ? কলিতা : হয় মোৰ পূজাত আপি চাই……………
    কেকটনিৰ ছোৱালী: (কলিতালৈ ঘোপাকে চাই )মোক সুধিছে মই কম, মই কম, অ’ মোৰ লাইটিং চাই ভাল লাগিছে আৰু মহিচা চুৰটো ভাল লাগিছে । আই লাভ মহিচা চুৰ ইউ ন’? ইমান কিউট, ব্লেক কপ্লেকশ্চনৰ যদিও ফিগাৰটো পূৰা জিম কৰা যেন লাগে । আৰু চিক্স পেকচ বডিটো মাইন্ড ব্লয়িং, একদম আমাৰ পাপাৰ নিছিনা ।
    সাংঘাটিক : এইয়া আমি দেখিবলৈ পাইছো, কন কন শিশু সকলে এইবাৰ পূজা বহুত এনজয় কৰিছে আৰু মহিষাসুৰক বহুত ভাল লাগিছে বুলি কৈছে। ভন্টি তুমি মহিষাসুৰ কোন জানানে?
    কলিতা : হয় হয় মই জানো..................
    কেকটনিৰ ছোৱালী: মাম্মিয়ে কৈছে মহিচা চুৰ এজন ভিলেইন আছিল ।গুদ পিপ’ল বোৰক দিগদাৰ কৰিছিল, বাফেল’ বোৰ চুৰ কৰিছিল, তেতিয়া দূৰ্গা গডে টাইগাৰত বহি ফাইটিং কৰি (এনেতে ষ্টুডিঅ’ৰ পৰা স্নিগ্ধ নিশাই প্ৰশ্ন কৰে)
    স্নিগ্ধ নিশা: সাংঘাটিক শুনিছানে ?
    সাংঘাটিক : হয় স্নিগ্ধ নিশা
    স্নিগ্ধ নিশা: সাংঘাটিক আজি পূজাৰ মহা নবমী, কালিলৈ দশমী । ইমান আগ্ৰহৰে মানুহবোৰে চাই থকা পূজা মন্ডপবোৰ কালিলৈ নিজান পৰিব ।লাইটবোৰ নোহোৱা হব, অফিচ বোৰ আকৌ খোল খাব ।মানুহবোৰ আকৌ দৈনন্দিন কৰ্ম ব্যস্ততাত সোমাই পৰিব । আকৌ আমি এবছৰ অপেক্ষা কৰিব লাগিব । কালিলৈ যে দেৱী বিসৰ্জন দিব তোমাৰ কাষত থকা মানুহ কেইজনক সোধাচোন কেনেকুৱা লাগিব ?
    সাংঘাটিক : হয় হয় স্নিগ্ধনিশা মই ভাল দৰে শুনা নাই, প্ৰশ্নটো আকৌ এবাৰ কৰিবা নেকি ?
    স্নিগ্ধ নিশা: হয় সাংঘাটিক আজি পূজাৰ ……….(দুই মিনিট দীঘল প্ৰশ্নটো আকৌ এবাৰ স্নিগ্ধ নিশাই ৰিপিট কৰে) সোধাচোন কেনেকুৱা লাগিব ?
    সাংঘাটিক : হয় স্নিগ্ধ নিশা, শুনিছো (সাংঘাটিকে কেমেৰালৈ চাই ম’বাইলত ফোন কৰি মাজে মাজে হাঁহি থকা মানুহ এজনৰ মুখত মাইক্ৰফোনটো দি প্ৰশ্ন কৰে) কওকচোন আজি পূজাৰ নবমী, কালিলৈ মহাদশমী । নিজান মন্ডপ বোৰে কালিলৈ পূজা কৰিব ।মানুহবোৰে চাই থকা লাইটবোৰ নোহোৱা হৈ যাব ।ইমান আগ্ৰহৰে অফিচ বোৰ আকৌ খোল খাব ।দেৱীয়ে আকৌ এবছৰ অপেক্ষা কৰিব লাগিব ।দৈনন্দিন কৰ্ম ব্যস্ততাত থকা দেৱীয়ে মোৰ কাষত থকা মানুহ কেইজনক কালিলৈ বিসৰ্জন দিব ।আপোনাৰ বাৰু কেনেকুৱা লাগিব ?
    স্নিগ্ধ নিশা: হয়তো সাংঘাটিকৰ লগত মোৰ ৰিলেশ্চন ব্ৰেক আপ হৈছে, ক্ষমা কৰিব কানেকশ্চন কাট অফ হৈছে ক্ষমা কৰিব (এহ কি যে আছিল লাইনটো)। এতিয়া আমি যাম অথনিৰ পৰা হাতত মাইক্রফোন লৈ মূৰ দুপিয়াই থকা তেজপুৰৰ লাইভ শইকীয়াৰ কাষলৈ ।,,

বিবাহিত আৰু অবিবাহিত

::::::বিবাহিত আৰু অবিবাহিত:::::
#এগৰাকী মহিলাই তেতিয়ালৈকে ভবিষ্যতৰ বাবে চিন্তিত থাকে যেতিয়ালৈকে তেঁও এজন গিৰিয়েক নাপায় ।
#এজন মানুহে তেতিয়ালৈকে ভবিষ্যতৰ বাবে চিন্তিত নহয় যেতিয়ালৈকে তেঁও এগৰাকী ঘৈণীয়েক নাপায় ।
#এজন সফল মানুহ তেঁৱেই যিয়ে তেঁওৰ ঘৈণীয়েকৰ প্ৰয়োজন পূৰন কৰি উথিও ৰাহি হোৱাকে উপাৰ্জন কৰে ।
#এগৰাকী সফল মহিলা তেঁৱেই যিয়ে উপৰুক্ত তেনে এজন গিৰিয়েক পায় ।
#এজন পূৰুষৰ সৈতে সুখি হবলৈ তেঁওক আপুনি তেঁওক অকনমান মৰম কৰিব লাগিব আৰু অধিক বুজি পাব লাগিব ।
#এগৰাকী মহিলাৰ সৈতে সুখি হবলৈ আপুনি তেঁওক বহুত মৰম কৰিব লাগিব আৰু বুজি নাপালেও হ’ব ।
(বুজি পোৱাৰ প্ৰশ্নই নাহে কাৰন স্বয়ং ভগৱানেও বুজি নাপালে গতিকে নাৰীৰ মন বুজিবলৈ আপূনি বা মই কোন ?)
#এগৰাকী মহিলাই এই বুলি ভাবি এজন পুৰুষলৈ বিয়া হয় যে বিয়াৰ পিছত তেঁও সলনি হৈ যাব । দুৰ্ভাগ্য তেঁও সলনি নহয় ।
#এজন পুৰুষে এই বুলি ভাবি এগৰাকী ছোৱালীক বিয়া পাতে যে বিয়াৰ পিছতো তেঁও একেদৰেই দৰেই থাকিব, কেতিয়াও সলনি নহয় । দুৰ্ভাগ্য তেঁও সলনি হৈ যায় ।
#সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ বিবাহিত পুৰুষে অধিক কামনা কৰে যদিও এজন বিবাহিত পুৰুষ অবিবাহিত পুৰুষতকৈ অধিক কাল জীয়াই থাকে ।
#এজন বিবাহিত পূৰুষে তেঁও কৰা ভুলটো মনত নৰখাই ভাল, কাৰন একেটা কথাকে একেখন ঘৰৰ দুজন মানুহে মনত ৰখাৰ কোনো অৰ্থ নাই ( আন গৰাকী তেঁওৰ পত্নীৰ কথা কৈছো)
#যি কোনো তৰ্কৰ শেষ কথাষাৰ পত্নীয়ে কয় ।
#আপুনি যদি তেঁওৰ শেষ কথাষাৰৰ পিছত আকৌ কিবা কয়, তেনেহলে সেইখন আকৌ এখন নতুন তৰ্কৰ সূত্ৰপাত হ’ব।
#পত্নীৰ জন্ম দিন মনত ৰখা আতাইতকৈ সহজ উপায়, তেঁওৰ জন্মদিনটো এবাৰ ভুলবশত পাহৰি চাওক ।
#এবাৰ দেউতাকক পুতেকে সুধিলে “দেউতা, তোমাৰ বিয়াত কিমান খৰচ হৈছিল ?” দেউতাকৰ চিধা চিধি উত্তৰ “ নাজানো বোপাই আজিও খৰচ কৰিয়েই আছো”
"A successful marriage requires falling in love many times, but always with the same person." - Mignon McLaughlin

“অকাল বোধন”…..শ্ৰী ৰামচন্দ্রৰ দুৰ্গা পূজা প্ৰসঙ্গ : এক উদ্দেশ্য প্ৰণোদিত কল্পিত কাহিনী

“অকাল বোধন”…..শ্ৰী ৰামচন্দ্রৰ দুৰ্গা পূজা প্ৰসঙ্গ : এক উদ্দেশ্য প্ৰণোদিত কল্পিত কাহিনী

প্ৰথমতে কেইজনমান বিশিষ্ট ব্যক্তিৰ দৃঢতা পূৰ্ণ উক্তিৰে প্ৰসংগৰ পাতনি মেলিছো ।
কলিকতা বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যপক ড দীনেশ চন্দ্ৰ সেনে ১৯২০ চনত প্ৰকাশিত তেখেতৰ “বঙালী ৰামায়ন” নামৰ গ্ৰন্হত লিখিছে “মূল মহাকাব্য (ৰামায়ন) খনৰ কোনো অংশত নথকা, ৰামে চন্ডীপূজা কৰা বুলি কোৱা কাহানীটো শাক্ত সকলে বৈষ্ণৱসকলৰ মততকৈ তেঁওলোকৰ মতৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰাৰ উদ্দেশ্যৰেই যে ৰামচৰিতত সুমুৱাই দিছে ই স্পষ্ট কথা”

ইস্কনৰ প্ৰতিষ্ঠাপক শ্রীমৎ এ চি ভক্তি বেদান্ত দেৱৰ “ভগৱৎ দৰ্শন” নামৰ পুস্তিকাৰ ২য় বছৰ , ৫ম সংখ্যাৰ ৬২-৬৪ পৃষ্ঠাত লিখিছে “কল্পনা প্ৰবণ কিছু লোক প্ৰচার করে যে শরৎকাল যুদ্ধ জয়ের পক্ষে উপযুক্ত সময় বলে শ্ৰীরামচন্দ্ৰ রাবন বধ করার জন্য এই অসময়ে দুৰ্গাদেৱীর বোধন করেছিলেন । কিন্তু এই ধরনের ইতিহাস শ্ৰীরাম চরিত্ৰের পরম প্ৰামাণিক গ্ৰন্হ বাল্মীকি কৃত মূল রামায়ণে নেই । অপ্ৰামানিক ও আধুনিক কল্পিত কালিকা নামক উপপুরানে ও শাক্ত কৃতিবাসের স্বকপোলকল্পিত রামায়নে ঐ ইতিহাস কেবল বাংলা দেশেই প্রচলিত ।বাংলাদেশের রাজসাহী জেলার অন্তৰ্গত তাহিরপুরের রাজা কংসনারায়ণ ১৫৮০ খৃষ্টাব্দে সর্বপ্ৰথমে এই দুৰ্গোসৎৱ প্ৰচার করেন।……আধুনিক দুৰ্গোৎসৱ সেই রমেশ শাস্ত্রীর (রাজা কংসনারায়ণের পুরোহিত) প্ৰবৰ্ত্তিত, তা কোনেও প্ৰামাণিক শাস্ত্রের দ্বারা অনুমোদিত নয় ।

সাহিত্যৰত্ন হৰিনাৰা্যন দত্তবৰুৱাদেৱে সম্পাদনা কৰা অসমীয়া পদ ৰামায়নৰ মুখবন্ধত কৃতিবাস ৰচিত বাঙ্গালী ৰামায়ন আৰু বাল্মীকি ৰামায়নৰ বিষয়ে স্বৰ্গীয় সোনাৰাম চৌধুৰীদেৱে ১৮৫১ শকৰ (1929 খৃঃ) শাওণ মাহৰ বাঁহীত লিখা এটা প্ৰবন্ধৰ কিছু অংশ আছিল এনেধৰনৰ “কৃতিবাসী ৰামায়নত বহুত পুৰাণ আৰু উপপূৰাণৰ কথা সোমাইছে ।আচলকৈ কবলৈ হ’লে কৃতিবাসে বাম্মীকি ৰামায়নৰ ছাঁহে লৈছে ।কতো নোহোৱা নোপোজা ভালেমান অতিৰঞ্জিত নিজে গঢা কথা সুমুৱাইছে ।দুৰ্গোৎসৱৰ কথাটো পূৰাণৰ ভেজা, কিন্তু বাল্মীকিত নাই …….. বাল্মীকিৰ ৰামায়নত ৰাৱণ বধৰ সময়ত অগ্যস্ত্যৰ কথামতে ৰামৰ আদিত্যস্তৱৰ পাঠ আৰু মাতাঙ্গিৰ কথা মতে ব্ৰক্ষ্ম অস্ত্ৰ মাৰি ৰাৱণ বধ কৰাৰ কথা আছে । কৃতিবাসত হনুমন্তে গনক বেশ ধৰি মন্দোদৰীৰ ওচৰলৈ যোৱা, আৰু মন্দোদৰীৰ পৰা ৰাৱণৰ মৃত্যুবান অনা, মাখি হৈ ৰাৱণৰ চন্ডীপাঠ ভুল কৰা, মৃত্যু কালত ৰাৱণৰ ৰামক ৰাজনীতি শিক্ষা দিয়া কথাও তেনেই অমূলক । ৰাৱণে স্বৰ্গলৈ জখলা সজা কথাও কৃত্তিবাসৰ ৰামায়নথে দেখা যায় । অসমীয়া ৰামায়নত কিন্তু এনে অলীক ঘটনাৰ সমাবেশ নাই”

অতিৰঞ্জিত কাল্পনিক কাহিনিৰ সমাবেশ ঘটাই কিছু লোকৰ স্বাৰ্থ সিদ্ধিৰ বাবে সৃষ্টি কৰা শাৰদীয় “অকাল বোধন” ৰ দৰে অপ্ৰামানিক কাৰ্য্যক উৎসৱৰ ৰুপত মানুহে পালন কৰি আহিছে আৰু বৰ্তমান ধৰ্ম আৰু পৰম্পৰাৰ শাৰীত একাকাৰ হৈ পৰিছে ।লক্ষ লক্ষ টকাৰ শৰাধ পাতি হাজাৰ হাজাৰ পশু-পক্ষীৰ বিনা কাৰনত বলি দি উৎসৱ পাতিছো ।পিচে এবাৰ আমি চিন্তা কৰা উচিত হ’ব যে ভাৰত বৰ্ষৰ দৰে এখন তৃতীয় বিশ্বৰ দেশত ধৰ্মৰ দোহাই দি, ধৰ্ম ভীৰু হৈ, ডাইণী, কবচ, মাদলী, তাবিচ, গা বান্ধনি, ৰঙা সূঁতা বলিবিধান ইত্যাদি অন্ধবিস্বাসে মগজুৰ চিন্তা শক্তিৰ বিপৰেতে ভাৰতীয় বিশেষকৈ বঙ্গ আৰু অসমীয়া লোকৰ মগজুত ক্রিয়া কৰি বৈজ্ঞানিক দৃষ্টি ভংগি আৰু প্রগতিৰ হেঙাৰ হৈ থাকিব কথাটো চিন্তনীয় ।(অকাল বোধন বা শাৰদীয় দূৰ্গা পূজা যে ভিত্তিহীন এই সম্বন্ধে আৰু অধিক তথ্য আছিল পিছে সময়ৰ অভাবৰ বাবে দিয়া ন’হল ।এই লেখাটো ধৰ্মৰ নামত অন্ধ অনুকৰন কৰাৰ বিপৰিতে সত্যৰ অন্বেষনহে মুল বিষয়)

ধনং দেহি ,ৰুপং দেহি, গুনং দেহি

ধনং দেহি ,ৰুপং দেহি, গুনং দেহি

এও বোলে হেৰা ব’লা শৰাইখন দি আহোগৈ ।ঘৰৰ গৰাকী দূৰ্গাই ফৰমান দিলে যেতিয়া এতিয়া স্বয়ং গৌৰী আহি মানা কৰিলেও যাবই লাগিব ।বহু দিনৰ মূৰকত ছুটি পাইছো গতিকে ভাল দৰে অলপ দেৰীলৈকে শুই ল’ম বুলি ভাবিছিলো, কিন্তু ন’হল । শ্ৰীমতীৰ ফৰমানৰ ক্ৰমিক নং অনুসৰি গা পা ধুই কলপাত, নাৰিকল সকলো কাতি মেলি তৈয়াৰ হৈ শৰাইখন লৈ পূজা থলি পালোগৈ ।
>>>>>>>>>>>>>>>

মানুহৰ ভিৰ , থেলা হেচাত মই এফালে এও এফালে । পূজাৰীয়ে মাইকত সেৱা এটা লব লাগে বুলি কবলৈহে পালে ,ঠেলা হেচাই চুড়ান্ত ৰূপ পালে । নিজৰ দেহাটো ভিৰত এৰি দিলো, লগতে মহিলা সকলক অলপ নিজেই চাইড উলিয়াই দিলো পিচে অলপ পিছত লক্ষ্য কৰিলো পিছফালৰ পৰা মানুহৰ ভিৰ এটাই ঠেলি নি মোক কোনোবা ধুবুৰী পোৱালেগৈ । মোৰ পৰা দেৱী দুৰ্গা আৰু মোৰ গৰাকী কমেও বিশফুট দুৰত । নাই এই কথাই কথা নহয়, এই বাৰ মইও মান সন্মান কাটি কৰি মানুহ ফালি আগ বাঢিব ধৰিলো । এটা সময়ত সকলো মানুহ বহি দিলে, মইও ককালটো হেচুকি মেলি অলপ এডজাষ্ট কৰি চকুহাল জপাই সেৱা কৰাত লাগিলো ।মাজতে মোৰ পজিশ্চনটো ঠিকেই আছে নে নাই চাবলৈ বুলি চকু মেলিলো । দেখিলো মোৰ সন্মুখত প্ৰকাণ্ড তপিনা এটা, মানুহ গৰাকীৰ গেৰুৱা ফটা ভৰিত মোৰ মুৰটো লাগি আছে ।আৰু অলপ মুৰটো ডাঙিলো, নাই তপিনাটোৰ বাহিৰে একো নেদেখি, এই কথাই কথা নহয়, দেৱীয়ে মোক নেদেখিলে আশীৰ্বাদ দিব কেনেকৈ ? গতিকে দেৱীয়ে মোক দেখা পোৱাকৈ আঠু কঢাৰ দৰে অলপ উঠি দিলো ।দেখিলো মোৰ চৌ দিশে দেখোন কেৱল মহিলাই মহিলা, হে হৰি মানে মই ঠেলি হেচি মহিলাৰ মাজত সোমালোগৈ ।ডিঙিত লোৱা গামোচা খনৰে মুৰটো সাউতকে ঢাকি আকৌ তপিনাটোৰ পিছফালে নিজক লুকুৱাই দিলো ।
>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>
দেৱী মাক ফৰমাইচ দিম বুলি যি কেইটা কথা ভাবি আহিছিলো সকলো পাহৰিলো ।যোৱাবাৰ পূজাৰীয়ে মন্ত্ৰ মাতি থাকোতে মনৰ কল্পনা বোৰ দেৱী মাৰ আগত ভাবি ভাবি ক’ব লগীয়া হৈছিল যাৰ বাবে আধা খিনি কবলৈ থাকোতেই পূজাৰীয়ে মন্ত্ৰ মতা শেষ কৰিছিল । এই বাৰ ভাবিছিলো পূজাৰীয়ে মন্ত্ৰ মাতি থাকোতেই সকলো কম ,গতিকে দুবাৰমান ঘৰতে আউৰাইও আহিছিলো বোলো “আই এইবাৰ গ্ৰেন্ড আই টেন এখন লবলৈ এও খুব কৈ আছে গতিকে বাহিৰা দুপইচা যাতে ঘটিব পাৰো তাৰ বাবে ফুকনৰ টেবুলখনলৈ প্ৰমোশ্চনটো কৰি দিবা আৰু যেনে তেনে ।
ল’ৰাটো পঢাত ভাল নহয় জানাই তাতে এইবাৰ মেট্রিক দিব গতিকে ৰিজাল্টৰ দিনা যাতে ফোনটো বিজি কৰি থব লগিয়া নহয় তাৰ বাবে কিবা এটা মিৰাকেল কৰিবা ।বেচিকৈ নোৱাৰিলেও চেকেন্ড ডিভিজনকে দিয়াই দিবা , মানুহক কৈ দিম আৰু বোলো পৰীক্ষাৰ আগত তাৰ অলপ গা বেয়া আছিল গতিকে ফাষ্ট ডিভিজনলৈ দুই মাৰ্কচ কমিল ।
অ’ আৰু এটা কথা এওৰ আজি কালি মেক আপত বহুত টকা খৰছ হয়, মানে অলপ ৰিংকেল পৰিচেটো , গতিকে হে ৰূপৰ অধিষ্টাত্ৰি দেৱী মোৰ এওক অলপ বিনা মেক আপত ঘৰৰ বাহিৰলৈ ওলাব পৰা কৰি দিব নোৱাৰানে ?
এই বাৰো আগফালৰ সেই বৃহৎকায় বস্তুটো দেখি সকলো পাহৰি থাকিলো, একো নোলাল মনৰ পৰা , তপিনাটোকে সেৱা এটা কৰি গুচি আহিলো । মানুহজনী বাৰু সেৱা কৰি উঠিব কেনেকৈ, মইয়ে ডাঙি দিব লাগিব চাগৈ এই বোৰ ভাবি থাকোতেই পূজাৰীৰ মন্ত্ৰ শেষ হ'ল” দেৱীয়ে কি ভাবিলে নাজানো আৰু ।


।।।।।।সৰ্ব মঙ্গল্য মঙ্গলায়ে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্রায়েমবাকু গৌৰী নাৰায়নী নমস্তুতে।।।।।।

Wednesday 9 October 2013

চান চেট লাভ ......(গল্প)



অজুহাত অস্ত্ৰৰ যেতিয়া এপাটেও কাম নিদিলে এঁও বোলে অ’কে এতিয়া কাপোৰ পিন্ধক আৰু ব’লক । মই বোলে হেৰা কালিলৈ গ'লে নহয়নে? শ্ৰীমতীয়ে বোলে আনৰ মতাই পূজাৰ বজাৰ কৰিবলৈ হেৰা ওলোৱা, ব’লা যাও বুলি ঘৈণীয়েকক কুটুৰি থাকে কিন্তু আমাৰজনে আকৌ বজাৰলৈ লৈ ব’লকছোন বুলি ক’লে কিন্তু পৰন্তু হাজাৰটা বাহানা । পূজাৰ বজাৰ কৰিবলৈ ঘৈণীয়েকক লগত নিয়া কোন মতা অ’ সেইটো ? এঁও বোলে আন নালাগে আমাৰ দত্ত আৰু কলিতাক চালেই হ’ল । মই বোলে হেৰৌ দত্তৰ বিয়া পতা দুবছৰ হৈছেহে আৰু এটা বছৰ পাৰ হব দিয়া ।আৰু কলিতাৰ নিছিনা টেবুল এখনত বহিব পোৱা হ’লে মই পূজা কি মাহত তোমাক দুবাৰকৈ বজাৰ নিলো হয় । কথাষাৰ ক’বলৈ হে পালো কথা বন্ধ কৰি পালেঙৰ খুটা এটাত ধৰি এঁও একেবাৰে প্ৰস্হৰ মুৰ্তিৰ দৰে ৰৈ দিলে ।মইও কাষতে বহি ল’লো ।এনেদৰে দুয়ো একে লগে দিনদুপৰত বিছনাত ন’বহা কিমান দিন হ’ল মনত পেলাবলৈ চেষ্টা কৰিলো যদিও মনত নপৰিল ।
কিয় জানো ঘৰৰ চিন্তা কৰি কৰি চকুৰ গুৰি ক’লা পেলোৱা মানুহজনীৰ মুখলে চাই কিবা এটা বেয়া লাগি গ’ল । সঁচাকৈয়েটো, বেছেৰী জনীয়ে মাহৰ শেষত আনি দিয়া দৰমহাৰ পইচা কেইটাৰে কম হিচাপ কৰি কৰি ঘৰ খন চলাই আছেনে? বহু দিনৰ মুৰত মানুহ জনীলৈ আকৌ এবাৰ ভাল দৰে চালো । কিবা মৰম মৰম লাগি গ’ল ।লাহেকৈ ওচৰলৈ গৈ টপককৈ চুমা এটা খাব লওতেই মোবাইলটো বাজি ওথিল । ধেৎ এই ম’বাইলবোৰে একদম টাইমিং মিলাই আহে ।চব পন্ড কৰি দিলে । পোৱালী, আলহী আৰু ম’বাইল এইবোৰৰ পৰা একো এটা ভাল কামত আগবাঢিব নোৱাৰি । অলপ সময় আঙুলিৰে ফোনৰ স্পিকাৰটো জোৰৰে টিপা এটা মাৰি বহি থাকিলো ।শইকীয়াৰ ফোন ।আজি চাগৈ কৰবাত কিবা এটা সৰু সুৰাকৈ পূজা বুলি এৰেঞ্জ কৰিছে, ন’হলে ফোন নকৰে ।এফালে এওঁক বজাৰ নিব লাগে । ফাঁকি এটা মনতে ভাবিগুনি ফোনটো ধৰি সকলো মেনেজ কৰি পেলালো ।কথাৰ মাজতে শইকীয়াক “এঁওক অলপ বজাৰলৈ লৈ যাঁও” বুলি কোৱা কথাষাৰত এঁওৰ মনতো অলপ পাতল পাতল লাগিল নেকি ফোনত ব্যস্ত থাকোতেই কোন পলকত চাহ কাপ বনাই আনিলে মই তলকিবই নোৱাৰিলো । মনত পৰিল সেই তাহানিৰ কথাবোৰ ।এঁওক বিয়া পাতি নিয়াৰ দুমাহ পিছতেই পূজা আছিল ।গহপুৰৰ পূৰনী ঘৰত মা, দুজনী ভনী আৰু সৰু ভাইটোটোৰ সৈতে এঁও আৰু মই । বেছ ডাঙৰ পৰিয়াল, দেউতা সৰুতেই ধুকুৱাত, মেট্ৰিক পাছ কৰিয়ে চাকৰিত সোমালো । হেলেম এছ ডি ছি অফিছৰ নিম্ন বৰ্গৰ সহায়ক ।দৰমহাৰ পইচা বুলিবলৈ এশটকীয়া ন’ট খনলৈ এটকা কম ।দৰমহা পোৱাৰ দিনা ঘৰৰ পৰা এটকা লৈ যাও আৰু আহোতে এশটকীয়া ন’ট খন বা কলপাতৰ দৰে ডাঙৰ ডাঙৰ দহ খন দহ টকীয়া খমখমিয়া ন’ট চাৰ্টৰ আগ পকেটত ভৰাই যেতিয়া ঘৰলৈ আহো, নিজকে কিবা ৰজা ৰজা লাগি থাকে ।পূজাত ভাই-ভনী সকলোকে সেই পইছাৰেই কিবা কিবি কিনি শেষত এওৰ বাবে বুধবৰীয়া হাটৰ পৰা খবৰ কাগজৰে নুৰিয়াই অনা ৰঙা পাৰীৰ শাৰীখন আৰু মাইকীমানুহৰ ভিতৰুৱা সাজ কেইবিধ মনে মনে যেতিয়া দিউহি, লাজতে এঁও ভিতৰ সোমায় ।অজানিতে হাঁহি এটা সুলকি পৰিল ।প্ৰথমবাৰ শ্ৰীমতিৰ বাবে অনা দুজনী মানুহ সোমাব পৰা চাইজৰ ব্লাউজটোৰ কথা মনত পৰি গ’ল ।বিয়াৰ প্ৰথম বছৰ ৰামবাবুৰ গোলাৰ পৰা বাকিকৈ কিনি অনা বানাৰসী শাৰীৰ চেট, পিছৰ বছৰ টেটোনবাৰি বাগানত বহা মঙলা বজাৰৰ শাৰী, আৰু ক্ৰমান্বয়ে ভনী দুজনীৰ বিয়া বাৰু দি আজৰি হওগৈ মানে, পূজাই পাৰ্বনে তেঁওক নিয়ম মাত্ৰ কৰি কেৱল এটা ব্লাউজ এটাহে দিব পাৰিছিলো গৈ । তেঁও বুজি পায় গতিকে আপত্তি নকৰে । তেজপুৰলৈ চাকৰি সুত্ৰে বদলি হৈ অহাৰ পাছত ভুঞা ব্ৰাডাৰ্ছৰ পৰা বিহু বা পূজাত কিনি দিয়া শাৰীখন বৰ আগ্ৰহৰে লয় ।নতুনকৈ মাটি কিনি ঘৰ বন্ধা কিমান কষ্টৰ মানুহজনীয়ে জানে ।লাহে লাহে ডাঙৰ হৈ অহা ল’ৰা ছোৱালী কেইটাৰ উৎসৱে পাৰ্বনে বাঢি অহা দীঘলীয়া লিষ্টখন পূৰন কৰিবৰ বাবে বাবে তেঁও নিজৰ বাবে শেষলৈ একো নোলোৱাই হ’লগৈ ।এতিয়া অলপ অৱস্হা ভাললৈ আহিছে । ভাল মানে যোৱাবাৰ পে ৰিভিজন হোৱাৰ পৰা হাতত দুপইা থকা হৈছে ।ল’ৰা-ছোৱালী হালেও মেট্ৰিক পাছ কৰি কলেজত আৰ্টছত পঢিছে গতিকে টিউটন নামৰ মাহেকীয়া খৰছটোও প্ৰায় নাইকিয়া হ’ল বুলিবকে পাৰি ।সিঁহতে নিজকে ডাঙৰ হোৱা বুলি ভাবি গাখীৰো নোখোৱা হ’ল, গতিকে পানী-গাখীৰৰ নামত নেপালীক মাহেকৰ মুৰত দিয়া পইছা কেইটাও ৰাহি হৈছে ।গতিকে বহু বছৰৰ মুৰত এঁও আজি বজাৰ যাম বুলি কৈছে ।মোৰ তেঁওক বজাৰলৈ নিবলৈকে মন কিন্তু ইমান বছৰে একে লগে দুয়ো বজাৰলৈ নগৈ নগৈ কিবা আচহুৱা আচহুৱা লাগিছে ।মনৰ ইচ্ছাৰে মানুহজনীক কাপোৰ কিনি দিয়াৰ সপোনটো হঠাতে আহি পৰাত মই অলপ অপ্ৰস্তুত হৈ পৰিছিলো ।মনে বিছৰাৰ ওলোতা প্ৰতিক্ৰিয়া দেখুৱাই নিজেই যেন সপোনটো ভাঙি পেলালো ।মনে মনে নিজৰ ওপৰত অলপ খঙো উথিল। সঁচাকৈয়ে এঁও মই কোনো কামৰ মানুহ নহয় বুলি এনেই নকয় । ছেহ ইমান খিনি কোৱাৰ পিছত এঁওক এতিয়া বজাৰলৈ বুলি উলাবলৈ সন্মত কৰো কি দৰে । ফ্লাচ বেকৰ পৰা আকৌ বৰ্তমানলৈ বেক কৰিলো ।ভাবিলো বহু দিন ব্যবহাৰ নকৰা চুমাস্ত্ৰ ব্যবহাৰ কৰিয়েই এঁওক মনাব লাগিব । অলপ লাজো লাগিল, পিছে মনত সাহ কৰি ওলালো, নিজকে কিবা প্ৰথম প্ৰপ’জেল দিবলৈ যোৱা চেঙেলীয়া ল’ৰাটো যেন লাগিল । সঁচাকৈয়ে দেই অলপ খুঁট খাঁট লাগি থাকিলেহে মৰমৰ সোৱাদটো বাঢে।বেডৰুমত সোমায় দেখো এও কাপোৰ কানি পিন্ধি ৰেডি । ধ্যেৎ আকৌ টাইমিং নিমিলিল ।



                                 ( Part 2)


এ এম ডি 4773 , মোৰ মাৰুটি 800 খন ।তিনিবাৰ ইঞ্জিন ডাউন দিয়া, এবাৰত ষ্টাৰ্ট নহয়।ইমান দিনৰ পিছত এঁওক লৈ বজাৰ যাম, স্কুটাৰত যাম নে ? এই বুলি কাম কৰা ল’ৰা ধনমনিৰ সৈতে দুবাৰমান অগাপিছা কৰি থেলি ষ্টাৰ্ট দিলো । এসোপামান ক’লা ধুঁৱা এৰি ইঞ্জিনটোৱে বিকট শব্দ কৰি গৰজি উঠিল ।ধনমনিয়ে ফুৰ্টিতে ষ্টাৰ্ট হৈ গ’ল ষ্টাৰ্ট হৈ গ’ল বুলি চিঞৰিব লাগিল । মোৰ হাঁহিও উথিল, অলপ খঙো উথিল, মানে ইন্চাল্ট কৰা যেন লাগিলটো । গাড়ী কিনিব পৰা সামৰ্থ মোৰ নাচিল কিন্ত বাধ্যত পৰি ল’ব লগীয়া হ’ল, জীৱনৰ প্ৰথম চাৰিচকীয়াখন ।আচলতে এবাৰ আমাৰ অফিচৰে সকলোৱে পৰুৱা চাৰিয়ালিত একে লগে অলপ মাটি ল’ম বুলি ঠিৰাং কৰিলো । মাটি চালো, পচন্দ হ’ল ।মাটিৰ মালিকৰ অসুখ ভেলোৰ নিব লাগে, কম দামতে মাটিখিনি এৰিব কিন্ত কেচ টকা দিব লাগে ।লগৰ দুই এটাই আশা বাদ দিলে কিন্ত মই বোলো মাটি ল’ম বুলি কলো যেতিয়া ল’মেই ।আনকি ভাড়াঘৰৰ মালিককো কৈ দিলো বোলো আইতা অহা মাহত মই ঘৰটো এৰিম । গতিকে এতিয়া আৰু নিকিনাৰ প্ৰশ্নই নুঠে ।এঁও আৰু মই মাটিৰ মালিকক বহু বুজাই বঢাই মাটিৰ মুঠ দাম এক লাখ ত্ৰিশ হাজাৰত আৰু বইনা ৮০,০০০ ত থিক কৰিলো ।এঁওৰ সোনৰ আ-অলংকাৰ খিনি বন্ধকত থৈ,পবিডেন্ট ফান্ডৰ ৪০,০০০ আৰু দুই এজনৰ পৰা ইফাল সিফাল কৰি গোটাই আনি এসপ্তাহৰ ভিতৰত ৮০,০০০ টকা বইনা দিলো, বাকী খিনি দুমাহ পিছত দিম বুলি কথা দিলো । মালিক ভেলোৰ গ’ল, এমাহৰ পাছতেই সুস্হ হৈয়ো আহিল পিছে, মাটিৰ কথা ওলালেই মুৰ পোলোকা দিয়া হ’ল। এনে দৰেই ছয় সাত মাহ পাৰ হ’ল ।কথাটো ভাড়াঘৰৰ মালিকৰ বাহিৰে আন কাকো জনোৱা নাছিলো যদিও, এঁও এদিন উপায় নাপাই তেঁওৰ সম্বন্ধীয় ককায়েক এজনক কথাটো জনালে ।ককায়েকজন আকৌ জংঘলৰ পৰা মূল সুঁতিলৈ অহা কেইমাহমান হে হৈছিল ।প্ৰথম অবস্হাত মই সন্মত হোৱা নাছিলো যদিও বাধ্যত পৰি সহায়ৰ হাত আগ বঢালো ।এদিন হঠাতে এঁও বোলে দাদাই আপোনাক কালিলৈ ডি টি অ’ অফিছত যাব দিছে । মই বোলো মাটি চাৰ্কোল অফিচত হে নামজাৰি হয়, তোমাৰ ককায়েৰে দেখোন ডি টি অ’ অফিছত মাতিলে? এঁও বোলে নাজানো মুঠতে আপোনাক ১১ বজাত পোৱাকৈ মাতিছে ।পিচ দিনা অফিচৰ পৰা হাফ ডে লৈ ডি টি অ অফিচ গৈ হাজিৰ ।দেখিলো মাটিৰ মালিক আৰু এঁওৰ ককায়েকে কিবা কাগজত চহী কৰি আছে , মই গৈ পোৱাত বোলে ভিনদেউ আপোনাৰ ড্ৰাইভিং লাইচেন্চ খন দিয়ক আৰু ইয়াত চহী কৰক ।মই বোলো ভাবিহে আছো, গাড়ী গুৰা নাই যে সেই বাবে ড্ৰাইভিং লাইচেন্চ খন বনোৱাই নাই ।ককায়েকে বোলে এহ হয় নেকি, আপুনি তেনেহ’লে পাচপৰ্ট চাইজৰ ফটো তিনিকপি উঠি আহক মই বাকি খিনি কৰি আছো ।মইও একো প্ৰশ্ন নকৰাকৈ একান্ত বাধ্য ছাত্ৰৰ দৰে এঁওৰ ককায়েকে যি কৈ গ’ল মই কৰি গ’লো।মাটিৰ মালিকজনে মোৰ ফালে দুবাৰমান কেৰাহিকৈ চাই ৰিক্সাত উঠি গুছি গ’লগৈ । মইও একো নামাতিলো, কাৰন মানুহজনক দেখিয়েই সুঁতৰ বাবদ ইমান দিনে ভৰি থকা পইচা খিনিলৈ মনত পৰি গ’ল ।এটা সময়ত ডি টি অ অফিছৰ সন্মুখত থকা চাহৰ দোকানত বোন্দা পৰ দি থকা মোৰ ওচৰলৈ এঁওৰ ককায়েক আহি বোলে ভিনদেউ এইপাত চাবি আৰু সৌখন গাড়ী ।মই বোলো দাদা গাড়ী নহয় মোক টকা কেইটাহে লাগিছিল । তেঁও বোলে আপুনি কি মানুহ হে মই কেচটো পুৰা ষ্টাডি কৰি দেখিলো, মাটিৰ মালিকে আপোনাক পইচা ঘুৰাব নোৱাৰে আৰু আপোনাক মাটিও দিব নোৱাৰে, কাৰন আপুনী মাটিৰ বাবে বইনা দিয়াৰ আগতেই ডেৰ লাখ টকাত মাটি এজনক বিক্ৰি কৰিয়েই পেলাইছিল , আপোনাৰ নিছিনা বুৰ্বক মানুহ মই দেখা নাই দেই । টিঙিচ কৈ খংটো উঠিছিল যদিও, সম্বৰন কৰিলো ।গাড়ীৰ ওচৰলৈ গৈ দেখো “মাৰুটি ৮০০”ৰঙা ৰঙৰ । মই বোলো “কনা মোমাই ইছ বেটাৰ ডেন নাই মোমাই” ভাল লাগিলে চলাম, ন’হলে বিক্ৰি কৰি পইছা কেইটাকে উলিয়াব পাৰিম ।পিছে এঁওৰ ককায়েকে যেতিয়া গাড়ীৰ ওচৰত গৈ চাবিটো দি চলাওক বুলি ক’লে, লেঠা লাগিল তেতিয়াহে । হাজাৰ হ’লেও প্রেষ্টিজ বুলি বস্তু এটা আছে চলাব নাজানো বুলিনো কঁও কি দৰে ? বহু ভাবি গুনি মই বোলো হেৰি কৰা তুমিয়েই লৈ দিছা যেতিয়া ঘৰলৈকো তুমিয়েই লৈ ব’লা, এঁও ভাল পাব ।ককাইদেৱে চাগৈ বুজিলে এঁওৰ দ্বাৰা ন’হব, নিজেই স্টেৰিংত বহি ৫ মিনিটত ঘৰ পহুচাই দিলে।আহোতে অফিচৰ পিয়ন জনক চাইকেলৰ চাবিটো দি ক’লো অ’ফিচ ছুটি হ’লে চাইকেল খন ঘৰত দি আহিবি ।সঁচাকৈয়ে গাড়ীত বহা আমেজটোৱেই বেলেগ ।তাতে যদি নিজৰ গাড়ী হয় । ফ্ৰন্ট চিটত বহি বাহিৰলৈ বীৰৰ দৰে মুৰটো উলিয়ায় গ’লো, সকলোৱে দেখক বুলি । ঘৰ পাই যেতিয়া ডাঙৰকৈ হৰ্ন দুবাৰ মান বজাই দিলে, কাষৰ কাকতনী হঁতে ভুমুকি মাৰি চোৱা দেখা পালো । অলপ আগলৈকে মনতো অলপ বেয়া লাগি আছিল কিবা জোৰ জবৰদষ্টি গাড়ীখন লোৱা যেন লাগিছিল, পিচে, এঁওৰ হাতত নাৰিকল আৰু ধুপ-ধুনাৰ পাত্ৰ দেখি মনটো সলনি হৈ গ’ল ।পিচদিনাৰ পৰা পূৱা এঘন্টা এঘন্টা বৰুৱাৰ সৰু পুতেকৰ ওচৰত, প’ল’ফিল্ডত গাড়ী চলোৱা প্ৰেকটিছ কৰিলো ।আগতে যেতিয়া গাড়ীৰ ফ্ৰন্ট চিটত ঘৈনিয়েকক বহুৱাই মানুহবোৰে গাড়ী চলাই যাই মনতে ভাৱ হৈছিল, সঁচাই দেই এঁওলোকৰ দৰে সুখি মানুহ পৃথিবীত নাই । পিচে স্টেৰিংত হাত দি গম পালো, ঘৈনিয়েকক আগত বহুৱাই ৰাষ্টাৰ গাঁত, গৰু আৰু চাইড নিদিয়া মানুহক হৰ্ন বজাই গাড়ী চলাই যোৱাতো কিমান আনন্দৰ কাম হ’ব 


                              (Part 3)


হেৰা গাড়ীত তেল কম আছে যেন তেন ডিপু পামগৈ সোনকাল কৰা ।আনৰ কথা নাজানো কিন্তু মোৰ গৰাকিক কৰবাত যাবলৈ হ’লে মই দুঘন্টা আগতিয়াকৈ ক’ব লাগে, তেতিয়াহে সময়ত হয়গৈ ।দুবাৰ মান হৰ্ণ বজাই দিলো ।বেগাবেগিকৈ ওলায় আহিল, আহিয়েই গালি, বোলে “মই সেইকাৰনেই আপোনাৰ লগত নোলাও, কাপোৰজোৰ পিন্ধিবলৈকো শান্তি নিদিয়ে” ।
মই বোলো তুমিটো অথনিয়েই কাপোৰ পিন্ধি মেলি উলাইছিলা?এহ সেইখন খুলি পেলালো, বহুদিন পিন্ধা নাছিলো যে ব্লাউজটো টান হৈ গ’ল, আকৌ হালধীয়া শাৰী খনৰ ফল্চ এৰি আছিল ।মই বোলো তোমাৰ ইমান কাপোৰ আছে সেইকেইখন হে বিছাৰি পালা । শ্ৰীমতীয়ে বোলে আপুনি, সদায় মোৰ কাপোৰ বেছি থকাই দেখে, আমাৰ মাইকীমানুহে আপোনালোকৰ নিচিনা পেন্ট চাৰ্টজোৰ পিন্ধিয়েই সকলোতে যাব নোৱাৰো নহয় । আৰু মোৰ এখন শাৰীৰ যদি একে ৰঙৰ ব্লাউজ নাই, আনখনৰ পেটিকোট নাই ।মই বোলো মাইনিহঁতৰ বিয়াত যে লৈছিলা নীলা শাৰীখন, সেইখনকে পিন্ধি নাহিলা কেলই ? এঁও বোলে সেই খন পাটৰ শাৰী হে, আপুনি কি মানুহ মই এই পূজাৰ বজাৰত পাটৰ শাৰী পিন্ধি যাম নেকি? আৰু আপুনিটো পেন্ট চাৰ্ট পিন্ধি আহি চিধা গাড়ীত বহি দিয়ে, ঘৰৰ লাইট, ফেন, গেচ, ইনভাৰ্টাৰ চুইচ চাই মেলি ঘৰৰ তলা মাৰি আহো মানে অলপটো দেৰি হ’বই ।আৰু নিজৰ গাড়ীহে ভাড়া গাড়ী নহয় নহয় যে মিটাৰ উঠি থাকিব ।মই বোলো হ’লেও অলপ সোনকাল কৰিব লাগে ৰাতি কাপোৰৰ ৰঙ ভালদৰে ধৰিব নোৱাৰি, তাতে আকৌ আহিয়েই ভাগৰত তুমিয়েই ভাত বনাব লাগিব সেইবাবেহে সোনকাল কৰিব কৈছো ।মোৰ কথালে কান নিদি তেঁও ভেনিটি বেগ খুচৰাত লাগিল ।সেইয়া দেখিছে লৰা লৰিত পান তামোলৰ টেমাটো আনিবকে পাহৰিলো ।মই বোলো হ’ব দিয়া তেল লঁওতে তামোল এখন কিনি ল’বা ।

তেজপুৰ মেইন বজাৰখনৰ মাজত তেল ডিপু মাত্র দুটা এফালে চিভিল হস্পিতালৰ কাষত আনটো সিটো মুৰত চাৰ্চ ফিল্ডৰ সন্মুখত । কোনটো ডিপু সোনকালে পামগৈ কেলকুলেশ্চন এটা কৰিলো । নাই চিভিলৰ কাষৰ হিমতসিংকাত যোৱাই ভাল হ’ব, আনফালে ন’এন্ট্ৰি আছে ।যোৱা বাৰ মামনি হঁতৰ বিয়াত যাঁওতেই তেল ফুল টেংকি ভৰাই থৈছিলো, মাজতে গৰম বন্ধত বাবা আহি তেল একেবাৰে তলিলৈকে উদং কৰি থৈ গ’ল ।তাতে সি ইমান ৰাফ চলায় গাড়ী দিবলৈকে ভয়, একমাত্ৰ এঁওৰ কাৰনে দিবলৈ বাধ্য হঁও ।অলপ দুৰ গৈ দেখো ছিভিললৈ যোৱা ৰাষ্টাটো পূজাৰ বাবে ৱান ৱে কৰি থৈছে, অৰ্থাৎ দীঘল পাক এটা মাৰিব লাগিব । হে প্ৰভু যেন তেন ডিপু পোৱাবাগৈ আৰু ।যিমানেই ট্ৰেফিক জামত ব্ৰেক মাৰিব লগিয়া হ’ল সিমানেই খং বাঢি গৈ থাকিল ।এঁও বোলে হেৰি ইমান দিনৰ মুৰত দুয়োজন উলাইছো একেলগে, আপুনি ইমান খঙত চলাই আছে যে, তাতকৈ নহা হ’লেই ভাল আছিল । মই বোলো ৰ’বা হে খঙেই উঠিছে নে প্ৰেছাৰেই উথিছে ধৰিবকে পৰা নাই, তেলৰে ডিপু নাপামগৈ চাগৈ এই দৰে ব্ৰেক মাৰিব হ’লে ।মাজতে গাড়ীখনে দুই এবাৰ হিকটিয়াব লাগিল, গম পালো নাই এই কথাই ন’হব ।পদুম পুখুৰীৰ পাৰত গাড়ীখন চাইড কৰি এঁওক ক’লো বোলো তুমি তামোল এখন খোৱা মই সাউতকতে তেল অলপ লৈ আহো ।এঁওৰ পিনে ঘুৰি চাবলৈ সাহ ন’হল, ডিকিৰ পৰা গেলেন উলিয়াই ৰিক্সা এখনত বহি দিলো ।

ল’ৰাৰ ওপৰত অলপ খঙো উথিছিল পিছে তাৰ মুখ খনলৈ মনত পৰাত আকৌ পাহৰি গ’লো ।নিজৰ ল’ৰা-ছোৱালীলৈ উথা খং বোৰ সকলোৰে এনেকুৱাই হয় নেকি নাজানো, গালি পাৰিবলৈকো মন যায় আৰু মুখ খন দেখিলেই সকলো পাহৰি যোৱা যায় ।গৰম বন্ধত ঘৰলৈ আহি আবেলি আবেলি ক’ত আৰু কাক বহুৱাই গাড়ী দৌৰাইছিল সকলো জানো, পিছে কিবা কম বুলি ভাবিও ক’ব নোৱাৰিলো । অফিচৰ পৰা এদিন আহি থাকোতে ক’ল পাৰ্কৰ কাষত গাড়ী খন পাৰ্ক কৰি থোৱা দেখি মোৰ সন্দেহটো যে মিছা নহয় গম পাইছিলো ।ঘৰলৈ আহি মাকক মনে মনে কথাটো ক’লো এঁও ভেকাহি মাৰিলে ।মই বোলে সদায় তাৰ দোষ খুচৰিহে ভাল পাঁও । শ্ৰীমতিয়ে ক’লে মাজতে জামুগুৰিৰ মুনিন শৰ্মা নামৰ এজন জ্যোতিষীক বাবাৰ কোষ্ঠি দেখুৱাইছিল বোলে ।কিবা ৰাহুৰ দশা চলি আছে আৰু বুধ বোলে তাৰ একেবাৰে বেয়া ।ৰাহুৰ অলপ দান কৰিব দিছে আৰু ছয় সাত কেৰেট মানৰ পান্না এটা সোনৰ আঙুঠিত পিন্ধিব দিছে । নহলে বোলে এইবাৰ ৰিজাল্ট আশা নকৰাই ভাল ।মই বোলো তোমাৰ ল’ৰাৰ ৰাহু কেতু নহয় শৰ্মাৰ সৰুজনীহে লম্ভিছে তুমি যি কৰা কৰিবা এইবাৰ ডিগ্ৰীত যাতে বেক নালাগে, নহলে গুৱাহাটিৰ পৰা আনি তেজপুৰৰ কলেজ এখনতে নাম লগাই দিম ।তুমি তাৰ মেট্ৰিকৰ আগতেও দেখোন কমেও ২০-২৫ খন মান শৰাই দিছিলা ৰিজাল্ট কি হ’ল ?মোৰ তাক গুৱাহাটিলৈ পথোৱা একেবাৰে মন নাছিল যদিও ছোৱালীজনিও তাতে পঢি থকা বাবে তাকো পথিয়াই দিলো । সিহঁতে মাকৰ লগত কি কথা পাতিছে নাজানো পিছে পূজা বুলি কালি পৰহিলৈ মানে আহিব চাগৈ কাৰন গুৱাহাটিতে থকা হ’লে টকা বিচাৰি মোলৈ ফোন এটা কৰিলে হেতেঁন ।টকা দুশৰ তেল গেলেনত ভৰাই গাড়ীৰ ওচৰ পালোহি ।

এঁওৰ মুখখন তেতিয়াও ফুলি আছিল ।তেলখিনি ভৰাই গাড়ী ষ্টাৰ্ট দিলো, এঁও বোলে বজাৰ নাযাও ঘৰলৈকে ব’লা । মই বোলো কি হ’ল আকৌ অকনমান দেৰি হ’ল হওক দিয়া আৰু ঘৰত গৈ ভাত বনাব নালাগে আজি বাহিৰতে খাই যাম দিয়া । শইকীয়াইও অথনি ফোন কৰিছিল, মৌচুমী হোটেলতে ৰাতিৰ সাজটো খোৱা কথা কৈছে ।এঁও বোলে মন যোৱা নাই, ঘৰলৈকে যাঁওগৈ দিয়ক, বাবাই ফোন কৰিছিল সিহঁত পূজাত ঘৰলৈ নাহে বোলে । সিহঁত কেইটাই যদি পূজাত নাহে নতুন কাপোৰ পিন্ধিনো কি ফুৰ্টি কৰিম ? মানুহজনীৰ মুখখনলৈ চালো লা চকুৰ গুৰি খিনি সেমেকি থকা যেন লাগিল মোৰো গাড়ীখন আগুৱাব মন গল পিচে মই মনৰ মাজৰ ধুমুহাজাক তেঁওৰ আগত নেদেখুৱালো । মই বোলো আজিকালি তোমাৰ মোৰ দিনৰ নিচিনা বছৰেকীয়া পৰীক্ষাৰ নিয়ম নাই, সকলো চেমিষ্টাৰ বুজিছা, পূজাৰ পিছতেই পৰীক্ষা । ভালেই কৰিছে দিয়া আৰু তোমাৰ আঙুঠিয়েও কাম দিছে চাগৈ ।গাড়ীখন এপাক ঘুৰাই ক’ল পাৰ্কৰ ফালে লৈ গ’লো ।  



Sun set love.......it never ends

অনলাইন ফেকবুক (খন্ড-৩)

:::::অনলাইন ফেকবুক (খন্ড-৩):::::

এলেন শ্বেলি , দেবুদাৰ ডাঙৰ লৰাটোৰ ফেকবুকিয়া নাম ,এনেই নাম লিলাধৰ শইকীয়া, গাৱত লেবেলজিত বুলিও পৰিচিত, মই মৰমতে লিলাই বুলি মাতো ।ফেচবুকিয়া কবি মানে ই-কবি ।প্ৰফাইল ফটোত কান্ধত ৰঙা বেগ ওলোমাই, ডাঙৰ ফ্ৰেমৰ চচমা যোৰ পিন্ধি যিটোহে প’জত ফটো দিছে দেখিলেই কিবা কবি কবি লাগি যায় ।লিলাইৰ সৰুৰে পৰা কবিতাৰ লগত সম্বন্ধ আছিল । কবিতা মানে কেঁওতৰ সৰুজনী ।কবিতাৰ নামতে লিখিছিল জীৱনৰ প্ৰথমটো কবিতা, শিৰ্ষক আছিল “অ’ কবিতা অ’ কবিতা মোক ভাল নাপাঁও কিয়? সকলোৰে অগোছৰে লিলাইৰ প্ৰতিভা বিকাশ হবলৈ ধৰিলে ।স্কুলত অসমীয়া কবিতা বা কবিতাৰ সাৰাংশৰ “দাস আৰু ভূঞা” ৰ পুৰিয়া বনাই হুবহু পৰিক্ষা বহীত কপি পেষ্ট কৰিছিল আৰু প্ৰেয়সীলৈ লিখা পত্ৰত দেউতাক মানে দেবুদাৰ কলেজীয়া দিনৰ মাকলৈ দিয়া চিঠিৰ মাজৰ কবিতা সমুহ অলপ ইফাল সিফাল কৰি পোষ্ট কৰিছিল ।স্বভাৱে পিছ নেৰিলে । কয় নহয় বোলে অভ্যাস সলনি হলেও স্বভাৱ সলনি নহয় ।লিলাইৰ লিলা অপাৰ, কবলৈ গ’লে শ্ৰীকৃষ্ণৰ সৰু সংস্কৰণ ।মেট্ৰিক পৰীক্ষাৰ এচ এম এচ যোগে ৰিজাল্ট লবলৈ দেউতাকে আনি দিয়া ম’বাইলটোৰ জহত ফেচবুক ৰাজ্যত প্রবেশ কৰিলে ।ফেচবুকৰ এঞ্জেল বোৰ দেখি লিলাই অবাক্টেড, বোলে ইমান দিন ক’ত আছিলো ?ইয়াত দেখোন বুটাম টিপিয়েই গাৰ্ল ফ্ৰেন্ড বনাব পাৰি আৰু বুটাম টিপিয়েই ব্ৰেক আপো কৰিব পাৰি । ইমান সুবিধা ।এনেই মিছাতে গাৱৰ কেইজনিৰ নামত সময় খৰছ কৰিলো ।প্ৰথম অবস্হাত লিলাই আও ভাও পোৱা নাছিল । দুমাহ মানলৈকে ছোৱালী বুলি ফেক একাউন্টৰ ল’ৰা বোৰকে প্ৰপ’জেল দিছিল । লাহে লাহে লিলাই বুজি পোৱা হ’ল ।দেখিলে যে ইয়াত মাছ ধৰাৰ উত্তম উপায় “কবিতা” ।
ডাইৰেক্ট এটেক্ট অন হাৰ্ট ।পিছে ডেইলী কবিতা লিখে কি দৰে ?বহু ভাবি গুনি চৰ্ট কাট আইডিয়া এটা উদ্ভাৱন কৰিলে । চোপ লৈ থাকিব , চোপ লৈ থাকিব যেই কোনোবাই ভাল কবিতা এটা পোষ্ট কৰিব, বচ ডাইৰেক্ট কপি পেষ্ট আৰু লগত লগত কবি জনক আনফ্রেইন্ড আৰু পাৰমানেন্ট ব্লক ।বহুতে “ধৰ কবিতা চোৰক ধৰ বুলি শ্ল’গানো দিছিল পিছে লিলাই কম ভকত নহয় ।এতিয়া ডাইৰেক্ট কপি পেষ্ট নকৰে বা তেনে কৰা মানুহক ভালো নাপায় । আজি কালি লিলাই নিজে লিখে, মানে আনৰ কবিতাত নিজৰ কেইটামান শব্দ বা শাৰি ।আৰু মা কচম এনেকুৱা কবিতা ৰান্ধে মানে লিখে যে প্ৰকৃত কবিজনেও দুখ কৰে , কাচ মই ইমান ধুনীয়া লিখিব পৰা হ’লে ?
মাজতে মই এদিন সুধিলো, বোলো লিলাই, তই কবিতা লিখি ফেচবুকত দিয় যে, কোনোবাই পঢেনে ?মই চোন পেপাৰত দিয়া বোৰেই নপঢো, আৰু কিবা দিনটো পঢি থাকিলেও দেখোন বুজি নাপাও ।সি বোলে দাদা কিছুমান কবিতা মইও নুবুজো, কিন্তু মোৰ ফেচবুকৰ বন্ধুবোৰে বৰ ধুনীয়াকৈ বুজি পাই, বিশেষকৈ ছোৱালী বোৰে ।মোৰ প্ৰফাইল চাবচোন আনৰ ইমান ফ্ৰেন্ডেই নাথাকে মোৰ যিমান ফ’ল’ৱাৰ আছে ।মইও তাৰ কথা শুনি কাগজ, কলম আৰু পূৰনী মেগাজিন কেইখন মান বিছাৰি আনিলো, জানোচা মোৰো ভাগ্যত দুজনী মান আহেই।
বহু কষ্ট কৰি গুৰু লিলাধৰক স্মৰণ কৰি অবশেষত লিখিলো দেই
অমাবষ্যাৰ জোনাক ৰাতি
আকাশেদি উৰি গল এজাক হাতি
হাতিৰ হাতত লেডিছ ছাতি
তাকে দেখি কঁপিলে মাটি
মইও ভয়ত এৰিলো শোৱাপাতি
হলেও অসমীয়া বীৰৰ জাতি
কোনোবাই বজাই দিলে কাঁহি-বাতি
চিঞৰত মোৰ গল নিচা ফাটি
সন্মুখত দেখিলো টাঙোণলৈ শ্ৰীমতি
শাহুআইকো আনিছে মাতি
ভয়ত মোৰ কাপোৰ গল তিতি
শ্ৰীমতিয়ে পাহৰিলে ৰীতি-নীতি
উৰাই ঘুৰাই মোক দিলে পিতি
আজিৰ পৰা আৰু নাযাও ফটিকা ভাতি
যাও যদি দিবি তই মোৰ কান কাটি
সেইদিনাৰ পৰা ভাল হল মোৰ মতি গতি
বাঢিল আমাৰ মিলা-প্ৰিতি
আই লাভ মাই শাহুআইৰ বেটি……
(ক্ৰমশ)

Saturday 5 October 2013

অনলাইন ফেকবুক (খন্ড-২)

Add caption

হেৰি উথিলেনে ? বাজিবৰে , উথক সোনকালে, ভূঞাই চাগৈগুদ মৰ্নিংষ্টেটাছ দিলেই বৌৰ মাতত খক মককৈ সাৰ পাই দেবুদাই চিধাই গৈ পি চি অন কৰিলেগৈ ফেচবুক অন কৰি দেবুদাই বোলে, হেৰা ঠিকেই হে ভূঞাই দিলেই হাতত দাদাৰ কাৰনে টুথপেষ্ট লগাই অনা ব্ৰাছডাল দি বোলে আপোনাৰ দ্বাৰা হব আৰু আনেগুদ মৰ্নিং, গুদ নাইটদিলে সকলোৱে কমেন্ট দিয়ে আপোনাক কলিতানীজনীৰ বাঢিৰে আন কোনোবাই দিয়েনে?দেবুদাই বোলে হেৰা কলিতানীক মাজলে কিয় টানিছা?বৌয়ে বোলে মই টনা নাই , আপুনিহে টানিবলৈ চেষ্টা কৰি আছে মই জানো নহয় আপুনি ৰাতি দুপৰলৈকে ফেচবুকত কি কৰি থাকে হু হু (চাদৰৰ আচঁলেৰে চকুজুৰি মোহাৰি মোহাৰি) মই ভাবিছিলো মানুহটোৰ ইমান কষ্ট, ৰাতিও অফিচৰ কাম কৰি থাকে, পিছে কালি আপুনি অফিছ যোৱাৰ পিছত, মই আপোনাৰ এফ বি একাউন্টৰ মেচেজবোৰ দেখিহে গম পাইছো কলিতানিৰ লগত ৰাতি ৰাতি কি লিলিমাই কৰি থাকে দেবুদাই বোলে আঁহ নাকান্দিবাচোন, ৰাতিগুদ নাইটমেচেজ দি ১ক বজালৈকে লাইক কমেন্ট আহিব আহিব বুলি বোন্দা পৰ দি থাকো মনিটৰ টোলে চাই চাই ,ৰিফ্ৰেছ মাৰি মাৰি এনেই  কিমান বহি থাকিম? কলিতানিও অনলাইন থাকে সেয়ে টাইমপাচ কৰিবলৈ অলপ কথা পাতো আৰু

টং:
বাথৰুমত থকা বৌক দেবুদাই চিঞৰিলেহেৰা তোমাৰ গা ধুওতে ইমান টাইম লাগেনে ইমান সময়ত মই ১০ বাৰ মান ধুব পাৰিম শাহুৱে মেচেজ এটা দিছে কিবাঅল আচাম ফেচবোক এচচিয়েচনবুলি গ্ৰুপ এটা খুলিছে আমাৰঅনলাইন খাদৈ চূক গ্ৰুপটোৰ সকলোকে এড কৰাই দিব কৈছে এপাক ঘৰে ঘৰে গৈ কৈ আহোগৈ নেকি? বৌয়ে ভিতৰৰ পৰা বোলে যাঁওক যাঁওক, এই চলতে এবাৰ গাঁওৰ মানুহখিনিকো ফেচ টু ফেচ লগ পোৱা যাব, আৰু শুনক হাজৰিকানিক মই কৈছো বুলি বোলে আমাৰহৰি কিৰ্তন কৰো আহকপেজত আজি কালি লাইক কমেন্ট নকৰা যে ? এটা লাইক বা কমেন্ট ১০ টা আশিৰ্বাদ আৰু এটা শ্বেয়াৰ ১০ খন শৰাই দিয়াৰ তুল্য কৈ দিব মানুহজনীয়ে একদম ধৰ্ম কৰ্ম নকৰা বেছি উল্টা পুল্টা লে বোলে আমাৰ ঘৰতো টা একাউন্ট আছে দেবুদাই দিয়া মই সাউতকৈ গৈ আহো বুলি ওলায়

হৰ এক ফ্রেন্ড জৰুৰী তা হে::

দেবুদাৰ বাইলৰ ৰিং নটোৱে মোক ধৰ মোক ধৰ বুলি চিঞৰিব লাগিল সিফালৰ পৰা বৌ বৌয়ে বোলে হেৰা আজি ৰাতিপুৱাৰ ষ্টেটাচটোৰ কাৰেন্ট পজিচন গম পাইছানে নাই ? ১০৫ টা লাইক আৰু ৮০ টা কমেন্ট দাদাই বোলে দেখিছা শাওন মাহ চলি আছে তাতে সোমবাৰ, মই জানি শুনিয়ে শিৱবাবাৰ ফটো দিছিলো, আৰু তাতেদেখতেহি লাইক ৰো নেহিটো পাপে চুয়েগাবুলি এনেই লিখি দিছো নে?পাপে চোৱাৰ ভয়ত সকলোৱে লাইক মাৰিবই, আৰু তুমি কাষৰ ছাট বস্কটো আৰু নটিফিকেশ্চন চাই চাই কোনোবা অনলাইন লেই সকলোৰে কমেন্টবোৰত এটা এটাকৈ লাইক মাৰি দিবা তেতিয়াহে আমাৰ স্টেটাচটো ওপৰত আহি থাকিব আৰু যি কেইটা অনলাইন থাকিও লাইক মৰা নাই সিহঁতক মেচেজ দি দিয়া বৰ ভাল লাগিছে বুজিছা আজি অফিচৰ পৰা যাঁওতে মাংস অলপকেই লৈ যাম দিয়া আৰু মাজে মাজে খবৰটো দি থাকিবা

টং:

ফিলিং নলি…….এফ বি ইছ বৰিং……..ৱান ছাত….. জোনমনি শইকীয়া ইচ ইন হাৰ বেড

টং টং টং টং টং টং টং


মানসদা মোৰ নেট পেক শেষ হৈছে ,পিছত লগ পাম বাই

থেংক কিউ মানসদা, ইউ আৰ চুইট এন্ড কেৰিং

অনিমেষদা ৰাতি কথা পাতিম হা আফটাৰ টেন, বাই (টাৰ্ন অফ ছাট)

কি দা নটি ব, অকলে আছো বিছনাত মানুহে কি কৰে, মই কিন্তু শুওঁহে

বন্দিতা, তোৰ লগত পিছত কথা পাতিম হা, বাই

প্ৰবাল প্লিজ ডন্ট লাই, কালি টিউচনত প্লাবিতাই মোক নিজে কইছে তুমি তাইক প্ৰপজেল দিয়া কথা আৰু প্লিজ মই এনেও তোমাৰ লগত আগতেই ৰিলেশ্চন ব্ৰেক আপ কৰিছো, মই তোমাক তেনেকুৱা বুলি কেতিয়াও ভবা নাছিলো প্লিজ স্পেয়াৰ মি, বাই, এন্ড ডন্ট মেচেজ মি এগেইন

ছৰি হা ৰকি, মেচেজ দিউতে দেৰি হৈ গ, মাৰ লগত চিৰিয়েল এখন চাই আছিলো কিয় তেনেকৈ ভাবা? ইউ আৰ মাই জান ডেয়াৰ আই ৰিয়েলি মিচড ইউ লাভ ইউ লাভ ইউ লাভ ইউ, ধ্যেত নিলাজ বেলেগ কথা পাতানা

নাই মানসদা, লগৰ ছোৱালী এজনীৰ লগত পঢা কথা ডিচকাচ কৰি আছিলো আই এম নট ডেট টাইপ অফ গাৰ্ল মই সেইজাকক দেখিব নোৱাৰো, ১০ টাৰ লগত চেনি খাব, এটাৰ বাইকত ঘুৰিব আকৌ টিনিটামান স্পেয়াৰ বইফ্ৰেন্ড ৰাখি থআৰু জানে মানস দা ঘৰত মাক বাপেকেও জানিও একো নকয় পাই তাকেইটো, মই হব লাগিছিল খুব পিটিলো হয়


অ’ই বন্দিতা “প্ৰিন্স কৃষ্টেল বৰা” বুলি প্ৰফাইলটো চা, সি মোক প্ৰপ’জেল দিছে জান’ ? অই বাই হা সি অনলাইন হৈছে ।বাই

(ক্ৰমশ)