অজুহাত অস্ত্ৰৰ যেতিয়া এপাটেও কাম নিদিলে এঁও বোলে অ’কে এতিয়া কাপোৰ পিন্ধক আৰু ব’লক । মই বোলে হেৰা কালিলৈ গ'লে নহয়নে? শ্ৰীমতীয়ে বোলে আনৰ মতাই পূজাৰ বজাৰ কৰিবলৈ হেৰা ওলোৱা, ব’লা যাও বুলি ঘৈণীয়েকক কুটুৰি থাকে কিন্তু আমাৰজনে আকৌ বজাৰলৈ লৈ ব’লকছোন বুলি ক’লে কিন্তু পৰন্তু হাজাৰটা বাহানা । পূজাৰ বজাৰ কৰিবলৈ ঘৈণীয়েকক লগত নিয়া কোন মতা অ’ সেইটো ? এঁও বোলে আন নালাগে আমাৰ দত্ত আৰু কলিতাক চালেই হ’ল । মই বোলে হেৰৌ দত্তৰ বিয়া পতা দুবছৰ হৈছেহে আৰু এটা বছৰ পাৰ হব দিয়া ।আৰু কলিতাৰ নিছিনা টেবুল এখনত বহিব পোৱা হ’লে মই পূজা কি মাহত তোমাক দুবাৰকৈ বজাৰ নিলো হয় । কথাষাৰ ক’বলৈ হে পালো কথা বন্ধ কৰি পালেঙৰ খুটা এটাত ধৰি এঁও একেবাৰে প্ৰস্হৰ মুৰ্তিৰ দৰে ৰৈ দিলে ।মইও কাষতে বহি ল’লো ।এনেদৰে দুয়ো একে লগে দিনদুপৰত বিছনাত ন’বহা কিমান দিন হ’ল মনত পেলাবলৈ চেষ্টা কৰিলো যদিও মনত নপৰিল ।
কিয় জানো ঘৰৰ চিন্তা কৰি কৰি চকুৰ গুৰি ক’লা পেলোৱা মানুহজনীৰ মুখলে চাই কিবা এটা বেয়া লাগি গ’ল । সঁচাকৈয়েটো, বেছেৰী জনীয়ে মাহৰ শেষত আনি দিয়া দৰমহাৰ পইচা কেইটাৰে কম হিচাপ কৰি কৰি ঘৰ খন চলাই আছেনে? বহু দিনৰ মুৰত মানুহ জনীলৈ আকৌ এবাৰ ভাল দৰে চালো । কিবা মৰম মৰম লাগি গ’ল ।লাহেকৈ ওচৰলৈ গৈ টপককৈ চুমা এটা খাব লওতেই মোবাইলটো বাজি ওথিল । ধেৎ এই ম’বাইলবোৰে একদম টাইমিং মিলাই আহে ।চব পন্ড কৰি দিলে । পোৱালী, আলহী আৰু ম’বাইল এইবোৰৰ পৰা একো এটা ভাল কামত আগবাঢিব নোৱাৰি । অলপ সময় আঙুলিৰে ফোনৰ স্পিকাৰটো জোৰৰে টিপা এটা মাৰি বহি থাকিলো ।শইকীয়াৰ ফোন ।আজি চাগৈ কৰবাত কিবা এটা সৰু সুৰাকৈ পূজা বুলি এৰেঞ্জ কৰিছে, ন’হলে ফোন নকৰে ।এফালে এওঁক বজাৰ নিব লাগে । ফাঁকি এটা মনতে ভাবিগুনি ফোনটো ধৰি সকলো মেনেজ কৰি পেলালো ।কথাৰ মাজতে শইকীয়াক “এঁওক অলপ বজাৰলৈ লৈ যাঁও” বুলি কোৱা কথাষাৰত এঁওৰ মনতো অলপ পাতল পাতল লাগিল নেকি ফোনত ব্যস্ত থাকোতেই কোন পলকত চাহ কাপ বনাই আনিলে মই তলকিবই নোৱাৰিলো । মনত পৰিল সেই তাহানিৰ কথাবোৰ ।এঁওক বিয়া পাতি নিয়াৰ দুমাহ পিছতেই পূজা আছিল ।গহপুৰৰ পূৰনী ঘৰত মা, দুজনী ভনী আৰু সৰু ভাইটোটোৰ সৈতে এঁও আৰু মই । বেছ ডাঙৰ পৰিয়াল, দেউতা সৰুতেই ধুকুৱাত, মেট্ৰিক পাছ কৰিয়ে চাকৰিত সোমালো । হেলেম এছ ডি ছি অফিছৰ নিম্ন বৰ্গৰ সহায়ক ।দৰমহাৰ পইচা বুলিবলৈ এশটকীয়া ন’ট খনলৈ এটকা কম ।দৰমহা পোৱাৰ দিনা ঘৰৰ পৰা এটকা লৈ যাও আৰু আহোতে এশটকীয়া ন’ট খন বা কলপাতৰ দৰে ডাঙৰ ডাঙৰ দহ খন দহ টকীয়া খমখমিয়া ন’ট চাৰ্টৰ আগ পকেটত ভৰাই যেতিয়া ঘৰলৈ আহো, নিজকে কিবা ৰজা ৰজা লাগি থাকে ।পূজাত ভাই-ভনী সকলোকে সেই পইছাৰেই কিবা কিবি কিনি শেষত এওৰ বাবে বুধবৰীয়া হাটৰ পৰা খবৰ কাগজৰে নুৰিয়াই অনা ৰঙা পাৰীৰ শাৰীখন আৰু মাইকীমানুহৰ ভিতৰুৱা সাজ কেইবিধ মনে মনে যেতিয়া দিউহি, লাজতে এঁও ভিতৰ সোমায় ।অজানিতে হাঁহি এটা সুলকি পৰিল ।প্ৰথমবাৰ শ্ৰীমতিৰ বাবে অনা দুজনী মানুহ সোমাব পৰা চাইজৰ ব্লাউজটোৰ কথা মনত পৰি গ’ল ।বিয়াৰ প্ৰথম বছৰ ৰামবাবুৰ গোলাৰ পৰা বাকিকৈ কিনি অনা বানাৰসী শাৰীৰ চেট, পিছৰ বছৰ টেটোনবাৰি বাগানত বহা মঙলা বজাৰৰ শাৰী, আৰু ক্ৰমান্বয়ে ভনী দুজনীৰ বিয়া বাৰু দি আজৰি হওগৈ মানে, পূজাই পাৰ্বনে তেঁওক নিয়ম মাত্ৰ কৰি কেৱল এটা ব্লাউজ এটাহে দিব পাৰিছিলো গৈ । তেঁও বুজি পায় গতিকে আপত্তি নকৰে । তেজপুৰলৈ চাকৰি সুত্ৰে বদলি হৈ অহাৰ পাছত ভুঞা ব্ৰাডাৰ্ছৰ পৰা বিহু বা পূজাত কিনি দিয়া শাৰীখন বৰ আগ্ৰহৰে লয় ।নতুনকৈ মাটি কিনি ঘৰ বন্ধা কিমান কষ্টৰ মানুহজনীয়ে জানে ।লাহে লাহে ডাঙৰ হৈ অহা ল’ৰা ছোৱালী কেইটাৰ উৎসৱে পাৰ্বনে বাঢি অহা দীঘলীয়া লিষ্টখন পূৰন কৰিবৰ বাবে বাবে তেঁও নিজৰ বাবে শেষলৈ একো নোলোৱাই হ’লগৈ ।এতিয়া অলপ অৱস্হা ভাললৈ আহিছে । ভাল মানে যোৱাবাৰ পে ৰিভিজন হোৱাৰ পৰা হাতত দুপইা থকা হৈছে ।ল’ৰা-ছোৱালী হালেও মেট্ৰিক পাছ কৰি কলেজত আৰ্টছত পঢিছে গতিকে টিউটন নামৰ মাহেকীয়া খৰছটোও প্ৰায় নাইকিয়া হ’ল বুলিবকে পাৰি ।সিঁহতে নিজকে ডাঙৰ হোৱা বুলি ভাবি গাখীৰো নোখোৱা হ’ল, গতিকে পানী-গাখীৰৰ নামত নেপালীক মাহেকৰ মুৰত দিয়া পইছা কেইটাও ৰাহি হৈছে ।গতিকে বহু বছৰৰ মুৰত এঁও আজি বজাৰ যাম বুলি কৈছে ।মোৰ তেঁওক বজাৰলৈ নিবলৈকে মন কিন্তু ইমান বছৰে একে লগে দুয়ো বজাৰলৈ নগৈ নগৈ কিবা আচহুৱা আচহুৱা লাগিছে ।মনৰ ইচ্ছাৰে মানুহজনীক কাপোৰ কিনি দিয়াৰ সপোনটো হঠাতে আহি পৰাত মই অলপ অপ্ৰস্তুত হৈ পৰিছিলো ।মনে বিছৰাৰ ওলোতা প্ৰতিক্ৰিয়া দেখুৱাই নিজেই যেন সপোনটো ভাঙি পেলালো ।মনে মনে নিজৰ ওপৰত অলপ খঙো উথিল। সঁচাকৈয়ে এঁও মই কোনো কামৰ মানুহ নহয় বুলি এনেই নকয় । ছেহ ইমান খিনি কোৱাৰ পিছত এঁওক এতিয়া বজাৰলৈ বুলি উলাবলৈ সন্মত কৰো কি দৰে । ফ্লাচ বেকৰ পৰা আকৌ বৰ্তমানলৈ বেক কৰিলো ।ভাবিলো বহু দিন ব্যবহাৰ নকৰা চুমাস্ত্ৰ ব্যবহাৰ কৰিয়েই এঁওক মনাব লাগিব । অলপ লাজো লাগিল, পিছে মনত সাহ কৰি ওলালো, নিজকে কিবা প্ৰথম প্ৰপ’জেল দিবলৈ যোৱা চেঙেলীয়া ল’ৰাটো যেন লাগিল । সঁচাকৈয়ে দেই অলপ খুঁট খাঁট লাগি থাকিলেহে মৰমৰ সোৱাদটো বাঢে।বেডৰুমত সোমায় দেখো এও কাপোৰ কানি পিন্ধি ৰেডি । ধ্যেৎ আকৌ টাইমিং নিমিলিল ।
( Part 2)
এ এম ডি 4773 , মোৰ মাৰুটি 800 খন ।তিনিবাৰ ইঞ্জিন ডাউন দিয়া, এবাৰত ষ্টাৰ্ট নহয়।ইমান দিনৰ পিছত এঁওক লৈ বজাৰ যাম, স্কুটাৰত যাম নে ? এই বুলি কাম কৰা ল’ৰা ধনমনিৰ সৈতে দুবাৰমান অগাপিছা কৰি থেলি ষ্টাৰ্ট দিলো । এসোপামান ক’লা ধুঁৱা এৰি ইঞ্জিনটোৱে বিকট শব্দ কৰি গৰজি উঠিল ।ধনমনিয়ে ফুৰ্টিতে ষ্টাৰ্ট হৈ গ’ল ষ্টাৰ্ট হৈ গ’ল বুলি চিঞৰিব লাগিল । মোৰ হাঁহিও উথিল, অলপ খঙো উথিল, মানে ইন্চাল্ট কৰা যেন লাগিলটো । গাড়ী কিনিব পৰা সামৰ্থ মোৰ নাচিল কিন্ত বাধ্যত পৰি ল’ব লগীয়া হ’ল, জীৱনৰ প্ৰথম চাৰিচকীয়াখন ।আচলতে এবাৰ আমাৰ অফিচৰে সকলোৱে পৰুৱা চাৰিয়ালিত একে লগে অলপ মাটি ল’ম বুলি ঠিৰাং কৰিলো । মাটি চালো, পচন্দ হ’ল ।মাটিৰ মালিকৰ অসুখ ভেলোৰ নিব লাগে, কম দামতে মাটিখিনি এৰিব কিন্ত কেচ টকা দিব লাগে ।লগৰ দুই এটাই আশা বাদ দিলে কিন্ত মই বোলো মাটি ল’ম বুলি কলো যেতিয়া ল’মেই ।আনকি ভাড়াঘৰৰ মালিককো কৈ দিলো বোলো আইতা অহা মাহত মই ঘৰটো এৰিম । গতিকে এতিয়া আৰু নিকিনাৰ প্ৰশ্নই নুঠে ।এঁও আৰু মই মাটিৰ মালিকক বহু বুজাই বঢাই মাটিৰ মুঠ দাম এক লাখ ত্ৰিশ হাজাৰত আৰু বইনা ৮০,০০০ ত থিক কৰিলো ।এঁওৰ সোনৰ আ-অলংকাৰ খিনি বন্ধকত থৈ,পবিডেন্ট ফান্ডৰ ৪০,০০০ আৰু দুই এজনৰ পৰা ইফাল সিফাল কৰি গোটাই আনি এসপ্তাহৰ ভিতৰত ৮০,০০০ টকা বইনা দিলো, বাকী খিনি দুমাহ পিছত দিম বুলি কথা দিলো । মালিক ভেলোৰ গ’ল, এমাহৰ পাছতেই সুস্হ হৈয়ো আহিল পিছে, মাটিৰ কথা ওলালেই মুৰ পোলোকা দিয়া হ’ল। এনে দৰেই ছয় সাত মাহ পাৰ হ’ল ।কথাটো ভাড়াঘৰৰ মালিকৰ বাহিৰে আন কাকো জনোৱা নাছিলো যদিও, এঁও এদিন উপায় নাপাই তেঁওৰ সম্বন্ধীয় ককায়েক এজনক কথাটো জনালে ।ককায়েকজন আকৌ জংঘলৰ পৰা মূল সুঁতিলৈ অহা কেইমাহমান হে হৈছিল ।প্ৰথম অবস্হাত মই সন্মত হোৱা নাছিলো যদিও বাধ্যত পৰি সহায়ৰ হাত আগ বঢালো ।এদিন হঠাতে এঁও বোলে দাদাই আপোনাক কালিলৈ ডি টি অ’ অফিছত যাব দিছে । মই বোলো মাটি চাৰ্কোল অফিচত হে নামজাৰি হয়, তোমাৰ ককায়েৰে দেখোন ডি টি অ’ অফিছত মাতিলে? এঁও বোলে নাজানো মুঠতে আপোনাক ১১ বজাত পোৱাকৈ মাতিছে ।পিচ দিনা অফিচৰ পৰা হাফ ডে লৈ ডি টি অ অফিচ গৈ হাজিৰ ।দেখিলো মাটিৰ মালিক আৰু এঁওৰ ককায়েকে কিবা কাগজত চহী কৰি আছে , মই গৈ পোৱাত বোলে ভিনদেউ আপোনাৰ ড্ৰাইভিং লাইচেন্চ খন দিয়ক আৰু ইয়াত চহী কৰক ।মই বোলো ভাবিহে আছো, গাড়ী গুৰা নাই যে সেই বাবে ড্ৰাইভিং লাইচেন্চ খন বনোৱাই নাই ।ককায়েকে বোলে এহ হয় নেকি, আপুনি তেনেহ’লে পাচপৰ্ট চাইজৰ ফটো তিনিকপি উঠি আহক মই বাকি খিনি কৰি আছো ।মইও একো প্ৰশ্ন নকৰাকৈ একান্ত বাধ্য ছাত্ৰৰ দৰে এঁওৰ ককায়েকে যি কৈ গ’ল মই কৰি গ’লো।মাটিৰ মালিকজনে মোৰ ফালে দুবাৰমান কেৰাহিকৈ চাই ৰিক্সাত উঠি গুছি গ’লগৈ । মইও একো নামাতিলো, কাৰন মানুহজনক দেখিয়েই সুঁতৰ বাবদ ইমান দিনে ভৰি থকা পইচা খিনিলৈ মনত পৰি গ’ল ।এটা সময়ত ডি টি অ অফিছৰ সন্মুখত থকা চাহৰ দোকানত বোন্দা পৰ দি থকা মোৰ ওচৰলৈ এঁওৰ ককায়েক আহি বোলে ভিনদেউ এইপাত চাবি আৰু সৌখন গাড়ী ।মই বোলো দাদা গাড়ী নহয় মোক টকা কেইটাহে লাগিছিল । তেঁও বোলে আপুনি কি মানুহ হে মই কেচটো পুৰা ষ্টাডি কৰি দেখিলো, মাটিৰ মালিকে আপোনাক পইচা ঘুৰাব নোৱাৰে আৰু আপোনাক মাটিও দিব নোৱাৰে, কাৰন আপুনী মাটিৰ বাবে বইনা দিয়াৰ আগতেই ডেৰ লাখ টকাত মাটি এজনক বিক্ৰি কৰিয়েই পেলাইছিল , আপোনাৰ নিছিনা বুৰ্বক মানুহ মই দেখা নাই দেই । টিঙিচ কৈ খংটো উঠিছিল যদিও, সম্বৰন কৰিলো ।গাড়ীৰ ওচৰলৈ গৈ দেখো “মাৰুটি ৮০০”ৰঙা ৰঙৰ । মই বোলো “কনা মোমাই ইছ বেটাৰ ডেন নাই মোমাই” ভাল লাগিলে চলাম, ন’হলে বিক্ৰি কৰি পইছা কেইটাকে উলিয়াব পাৰিম ।পিছে এঁওৰ ককায়েকে যেতিয়া গাড়ীৰ ওচৰত গৈ চাবিটো দি চলাওক বুলি ক’লে, লেঠা লাগিল তেতিয়াহে । হাজাৰ হ’লেও প্রেষ্টিজ বুলি বস্তু এটা আছে চলাব নাজানো বুলিনো কঁও কি দৰে ? বহু ভাবি গুনি মই বোলো হেৰি কৰা তুমিয়েই লৈ দিছা যেতিয়া ঘৰলৈকো তুমিয়েই লৈ ব’লা, এঁও ভাল পাব ।ককাইদেৱে চাগৈ বুজিলে এঁওৰ দ্বাৰা ন’হব, নিজেই স্টেৰিংত বহি ৫ মিনিটত ঘৰ পহুচাই দিলে।আহোতে অফিচৰ পিয়ন জনক চাইকেলৰ চাবিটো দি ক’লো অ’ফিচ ছুটি হ’লে চাইকেল খন ঘৰত দি আহিবি ।সঁচাকৈয়ে গাড়ীত বহা আমেজটোৱেই বেলেগ ।তাতে যদি নিজৰ গাড়ী হয় । ফ্ৰন্ট চিটত বহি বাহিৰলৈ বীৰৰ দৰে মুৰটো উলিয়ায় গ’লো, সকলোৱে দেখক বুলি । ঘৰ পাই যেতিয়া ডাঙৰকৈ হৰ্ন দুবাৰ মান বজাই দিলে, কাষৰ কাকতনী হঁতে ভুমুকি মাৰি চোৱা দেখা পালো । অলপ আগলৈকে মনতো অলপ বেয়া লাগি আছিল কিবা জোৰ জবৰদষ্টি গাড়ীখন লোৱা যেন লাগিছিল, পিচে, এঁওৰ হাতত নাৰিকল আৰু ধুপ-ধুনাৰ পাত্ৰ দেখি মনটো সলনি হৈ গ’ল ।পিচদিনাৰ পৰা পূৱা এঘন্টা এঘন্টা বৰুৱাৰ সৰু পুতেকৰ ওচৰত, প’ল’ফিল্ডত গাড়ী চলোৱা প্ৰেকটিছ কৰিলো ।আগতে যেতিয়া গাড়ীৰ ফ্ৰন্ট চিটত ঘৈনিয়েকক বহুৱাই মানুহবোৰে গাড়ী চলাই যাই মনতে ভাৱ হৈছিল, সঁচাই দেই এঁওলোকৰ দৰে সুখি মানুহ পৃথিবীত নাই । পিচে স্টেৰিংত হাত দি গম পালো, ঘৈনিয়েকক আগত বহুৱাই ৰাষ্টাৰ গাঁত, গৰু আৰু চাইড নিদিয়া মানুহক হৰ্ন বজাই গাড়ী চলাই যোৱাতো কিমান আনন্দৰ কাম হ’ব
(Part 3)
হেৰা গাড়ীত তেল কম আছে যেন তেন ডিপু পামগৈ সোনকাল কৰা ।আনৰ কথা নাজানো কিন্তু মোৰ গৰাকিক কৰবাত যাবলৈ হ’লে মই দুঘন্টা আগতিয়াকৈ ক’ব লাগে, তেতিয়াহে সময়ত হয়গৈ ।দুবাৰ মান হৰ্ণ বজাই দিলো ।বেগাবেগিকৈ ওলায় আহিল, আহিয়েই গালি, বোলে “মই সেইকাৰনেই আপোনাৰ লগত নোলাও, কাপোৰজোৰ পিন্ধিবলৈকো শান্তি নিদিয়ে” ।
মই বোলো তুমিটো অথনিয়েই কাপোৰ পিন্ধি মেলি উলাইছিলা?এহ সেইখন খুলি পেলালো, বহুদিন পিন্ধা নাছিলো যে ব্লাউজটো টান হৈ গ’ল, আকৌ হালধীয়া শাৰী খনৰ ফল্চ এৰি আছিল ।মই বোলো তোমাৰ ইমান কাপোৰ আছে সেইকেইখন হে বিছাৰি পালা । শ্ৰীমতীয়ে বোলে আপুনি, সদায় মোৰ কাপোৰ বেছি থকাই দেখে, আমাৰ মাইকীমানুহে আপোনালোকৰ নিচিনা পেন্ট চাৰ্টজোৰ পিন্ধিয়েই সকলোতে যাব নোৱাৰো নহয় । আৰু মোৰ এখন শাৰীৰ যদি একে ৰঙৰ ব্লাউজ নাই, আনখনৰ পেটিকোট নাই ।মই বোলো মাইনিহঁতৰ বিয়াত যে লৈছিলা নীলা শাৰীখন, সেইখনকে পিন্ধি নাহিলা কেলই ? এঁও বোলে সেই খন পাটৰ শাৰী হে, আপুনি কি মানুহ মই এই পূজাৰ বজাৰত পাটৰ শাৰী পিন্ধি যাম নেকি? আৰু আপুনিটো পেন্ট চাৰ্ট পিন্ধি আহি চিধা গাড়ীত বহি দিয়ে, ঘৰৰ লাইট, ফেন, গেচ, ইনভাৰ্টাৰ চুইচ চাই মেলি ঘৰৰ তলা মাৰি আহো মানে অলপটো দেৰি হ’বই ।আৰু নিজৰ গাড়ীহে ভাড়া গাড়ী নহয় নহয় যে মিটাৰ উঠি থাকিব ।মই বোলো হ’লেও অলপ সোনকাল কৰিব লাগে ৰাতি কাপোৰৰ ৰঙ ভালদৰে ধৰিব নোৱাৰি, তাতে আকৌ আহিয়েই ভাগৰত তুমিয়েই ভাত বনাব লাগিব সেইবাবেহে সোনকাল কৰিব কৈছো ।মোৰ কথালে কান নিদি তেঁও ভেনিটি বেগ খুচৰাত লাগিল ।সেইয়া দেখিছে লৰা লৰিত পান তামোলৰ টেমাটো আনিবকে পাহৰিলো ।মই বোলো হ’ব দিয়া তেল লঁওতে তামোল এখন কিনি ল’বা ।
তেজপুৰ মেইন বজাৰখনৰ মাজত তেল ডিপু মাত্র দুটা এফালে চিভিল হস্পিতালৰ কাষত আনটো সিটো মুৰত চাৰ্চ ফিল্ডৰ সন্মুখত । কোনটো ডিপু সোনকালে পামগৈ কেলকুলেশ্চন এটা কৰিলো । নাই চিভিলৰ কাষৰ হিমতসিংকাত যোৱাই ভাল হ’ব, আনফালে ন’এন্ট্ৰি আছে ।যোৱা বাৰ মামনি হঁতৰ বিয়াত যাঁওতেই তেল ফুল টেংকি ভৰাই থৈছিলো, মাজতে গৰম বন্ধত বাবা আহি তেল একেবাৰে তলিলৈকে উদং কৰি থৈ গ’ল ।তাতে সি ইমান ৰাফ চলায় গাড়ী দিবলৈকে ভয়, একমাত্ৰ এঁওৰ কাৰনে দিবলৈ বাধ্য হঁও ।অলপ দুৰ গৈ দেখো ছিভিললৈ যোৱা ৰাষ্টাটো পূজাৰ বাবে ৱান ৱে কৰি থৈছে, অৰ্থাৎ দীঘল পাক এটা মাৰিব লাগিব । হে প্ৰভু যেন তেন ডিপু পোৱাবাগৈ আৰু ।যিমানেই ট্ৰেফিক জামত ব্ৰেক মাৰিব লগিয়া হ’ল সিমানেই খং বাঢি গৈ থাকিল ।এঁও বোলে হেৰি ইমান দিনৰ মুৰত দুয়োজন উলাইছো একেলগে, আপুনি ইমান খঙত চলাই আছে যে, তাতকৈ নহা হ’লেই ভাল আছিল । মই বোলো ৰ’বা হে খঙেই উঠিছে নে প্ৰেছাৰেই উথিছে ধৰিবকে পৰা নাই, তেলৰে ডিপু নাপামগৈ চাগৈ এই দৰে ব্ৰেক মাৰিব হ’লে ।মাজতে গাড়ীখনে দুই এবাৰ হিকটিয়াব লাগিল, গম পালো নাই এই কথাই ন’হব ।পদুম পুখুৰীৰ পাৰত গাড়ীখন চাইড কৰি এঁওক ক’লো বোলো তুমি তামোল এখন খোৱা মই সাউতকতে তেল অলপ লৈ আহো ।এঁওৰ পিনে ঘুৰি চাবলৈ সাহ ন’হল, ডিকিৰ পৰা গেলেন উলিয়াই ৰিক্সা এখনত বহি দিলো ।
ল’ৰাৰ ওপৰত অলপ খঙো উথিছিল পিছে তাৰ মুখ খনলৈ মনত পৰাত আকৌ পাহৰি গ’লো ।নিজৰ ল’ৰা-ছোৱালীলৈ উথা খং বোৰ সকলোৰে এনেকুৱাই হয় নেকি নাজানো, গালি পাৰিবলৈকো মন যায় আৰু মুখ খন দেখিলেই সকলো পাহৰি যোৱা যায় ।গৰম বন্ধত ঘৰলৈ আহি আবেলি আবেলি ক’ত আৰু কাক বহুৱাই গাড়ী দৌৰাইছিল সকলো জানো, পিছে কিবা কম বুলি ভাবিও ক’ব নোৱাৰিলো । অফিচৰ পৰা এদিন আহি থাকোতে ক’ল পাৰ্কৰ কাষত গাড়ী খন পাৰ্ক কৰি থোৱা দেখি মোৰ সন্দেহটো যে মিছা নহয় গম পাইছিলো ।ঘৰলৈ আহি মাকক মনে মনে কথাটো ক’লো এঁও ভেকাহি মাৰিলে ।মই বোলে সদায় তাৰ দোষ খুচৰিহে ভাল পাঁও । শ্ৰীমতিয়ে ক’লে মাজতে জামুগুৰিৰ মুনিন শৰ্মা নামৰ এজন জ্যোতিষীক বাবাৰ কোষ্ঠি দেখুৱাইছিল বোলে ।কিবা ৰাহুৰ দশা চলি আছে আৰু বুধ বোলে তাৰ একেবাৰে বেয়া ।ৰাহুৰ অলপ দান কৰিব দিছে আৰু ছয় সাত কেৰেট মানৰ পান্না এটা সোনৰ আঙুঠিত পিন্ধিব দিছে । নহলে বোলে এইবাৰ ৰিজাল্ট আশা নকৰাই ভাল ।মই বোলো তোমাৰ ল’ৰাৰ ৰাহু কেতু নহয় শৰ্মাৰ সৰুজনীহে লম্ভিছে তুমি যি কৰা কৰিবা এইবাৰ ডিগ্ৰীত যাতে বেক নালাগে, নহলে গুৱাহাটিৰ পৰা আনি তেজপুৰৰ কলেজ এখনতে নাম লগাই দিম ।তুমি তাৰ মেট্ৰিকৰ আগতেও দেখোন কমেও ২০-২৫ খন মান শৰাই দিছিলা ৰিজাল্ট কি হ’ল ?মোৰ তাক গুৱাহাটিলৈ পথোৱা একেবাৰে মন নাছিল যদিও ছোৱালীজনিও তাতে পঢি থকা বাবে তাকো পথিয়াই দিলো । সিহঁতে মাকৰ লগত কি কথা পাতিছে নাজানো পিছে পূজা বুলি কালি পৰহিলৈ মানে আহিব চাগৈ কাৰন গুৱাহাটিতে থকা হ’লে টকা বিচাৰি মোলৈ ফোন এটা কৰিলে হেতেঁন ।টকা দুশৰ তেল গেলেনত ভৰাই গাড়ীৰ ওচৰ পালোহি ।
এঁওৰ মুখখন তেতিয়াও ফুলি আছিল ।তেলখিনি ভৰাই গাড়ী ষ্টাৰ্ট দিলো, এঁও বোলে বজাৰ নাযাও ঘৰলৈকে ব’লা । মই বোলো কি হ’ল আকৌ অকনমান দেৰি হ’ল হওক দিয়া আৰু ঘৰত গৈ ভাত বনাব নালাগে আজি বাহিৰতে খাই যাম দিয়া । শইকীয়াইও অথনি ফোন কৰিছিল, মৌচুমী হোটেলতে ৰাতিৰ সাজটো খোৱা কথা কৈছে ।এঁও বোলে মন যোৱা নাই, ঘৰলৈকে যাঁওগৈ দিয়ক, বাবাই ফোন কৰিছিল সিহঁত পূজাত ঘৰলৈ নাহে বোলে । সিহঁত কেইটাই যদি পূজাত নাহে নতুন কাপোৰ পিন্ধিনো কি ফুৰ্টি কৰিম ? মানুহজনীৰ মুখখনলৈ চালো ক’লা চকুৰ গুৰি খিনি সেমেকি থকা যেন লাগিল ।মোৰো গাড়ীখন আগুৱাব মন ন’গল পিচে মই মনৰ মাজৰ ধুমুহাজাক
তেঁওৰ আগত নেদেখুৱালো । মই বোলো আজিকালি তোমাৰ মোৰ দিনৰ নিচিনা বছৰেকীয়া পৰীক্ষাৰ নিয়ম
নাই, সকলো চেমিষ্টাৰ বুজিছা, পূজাৰ পিছতেই পৰীক্ষা । ভালেই কৰিছে দিয়া আৰু তোমাৰ আঙুঠিয়েও
কাম দিছে চাগৈ ।গাড়ীখন এপাক ঘুৰাই ক’ল পাৰ্কৰ ফালে লৈ গ’লো ।
Sun set love.......it never ends
No comments:
Post a Comment