Wednesday, 9 October 2013

অনলাইন ফেকবুক (খন্ড-৩)

:::::অনলাইন ফেকবুক (খন্ড-৩):::::

এলেন শ্বেলি , দেবুদাৰ ডাঙৰ লৰাটোৰ ফেকবুকিয়া নাম ,এনেই নাম লিলাধৰ শইকীয়া, গাৱত লেবেলজিত বুলিও পৰিচিত, মই মৰমতে লিলাই বুলি মাতো ।ফেচবুকিয়া কবি মানে ই-কবি ।প্ৰফাইল ফটোত কান্ধত ৰঙা বেগ ওলোমাই, ডাঙৰ ফ্ৰেমৰ চচমা যোৰ পিন্ধি যিটোহে প’জত ফটো দিছে দেখিলেই কিবা কবি কবি লাগি যায় ।লিলাইৰ সৰুৰে পৰা কবিতাৰ লগত সম্বন্ধ আছিল । কবিতা মানে কেঁওতৰ সৰুজনী ।কবিতাৰ নামতে লিখিছিল জীৱনৰ প্ৰথমটো কবিতা, শিৰ্ষক আছিল “অ’ কবিতা অ’ কবিতা মোক ভাল নাপাঁও কিয়? সকলোৰে অগোছৰে লিলাইৰ প্ৰতিভা বিকাশ হবলৈ ধৰিলে ।স্কুলত অসমীয়া কবিতা বা কবিতাৰ সাৰাংশৰ “দাস আৰু ভূঞা” ৰ পুৰিয়া বনাই হুবহু পৰিক্ষা বহীত কপি পেষ্ট কৰিছিল আৰু প্ৰেয়সীলৈ লিখা পত্ৰত দেউতাক মানে দেবুদাৰ কলেজীয়া দিনৰ মাকলৈ দিয়া চিঠিৰ মাজৰ কবিতা সমুহ অলপ ইফাল সিফাল কৰি পোষ্ট কৰিছিল ।স্বভাৱে পিছ নেৰিলে । কয় নহয় বোলে অভ্যাস সলনি হলেও স্বভাৱ সলনি নহয় ।লিলাইৰ লিলা অপাৰ, কবলৈ গ’লে শ্ৰীকৃষ্ণৰ সৰু সংস্কৰণ ।মেট্ৰিক পৰীক্ষাৰ এচ এম এচ যোগে ৰিজাল্ট লবলৈ দেউতাকে আনি দিয়া ম’বাইলটোৰ জহত ফেচবুক ৰাজ্যত প্রবেশ কৰিলে ।ফেচবুকৰ এঞ্জেল বোৰ দেখি লিলাই অবাক্টেড, বোলে ইমান দিন ক’ত আছিলো ?ইয়াত দেখোন বুটাম টিপিয়েই গাৰ্ল ফ্ৰেন্ড বনাব পাৰি আৰু বুটাম টিপিয়েই ব্ৰেক আপো কৰিব পাৰি । ইমান সুবিধা ।এনেই মিছাতে গাৱৰ কেইজনিৰ নামত সময় খৰছ কৰিলো ।প্ৰথম অবস্হাত লিলাই আও ভাও পোৱা নাছিল । দুমাহ মানলৈকে ছোৱালী বুলি ফেক একাউন্টৰ ল’ৰা বোৰকে প্ৰপ’জেল দিছিল । লাহে লাহে লিলাই বুজি পোৱা হ’ল ।দেখিলে যে ইয়াত মাছ ধৰাৰ উত্তম উপায় “কবিতা” ।
ডাইৰেক্ট এটেক্ট অন হাৰ্ট ।পিছে ডেইলী কবিতা লিখে কি দৰে ?বহু ভাবি গুনি চৰ্ট কাট আইডিয়া এটা উদ্ভাৱন কৰিলে । চোপ লৈ থাকিব , চোপ লৈ থাকিব যেই কোনোবাই ভাল কবিতা এটা পোষ্ট কৰিব, বচ ডাইৰেক্ট কপি পেষ্ট আৰু লগত লগত কবি জনক আনফ্রেইন্ড আৰু পাৰমানেন্ট ব্লক ।বহুতে “ধৰ কবিতা চোৰক ধৰ বুলি শ্ল’গানো দিছিল পিছে লিলাই কম ভকত নহয় ।এতিয়া ডাইৰেক্ট কপি পেষ্ট নকৰে বা তেনে কৰা মানুহক ভালো নাপায় । আজি কালি লিলাই নিজে লিখে, মানে আনৰ কবিতাত নিজৰ কেইটামান শব্দ বা শাৰি ।আৰু মা কচম এনেকুৱা কবিতা ৰান্ধে মানে লিখে যে প্ৰকৃত কবিজনেও দুখ কৰে , কাচ মই ইমান ধুনীয়া লিখিব পৰা হ’লে ?
মাজতে মই এদিন সুধিলো, বোলো লিলাই, তই কবিতা লিখি ফেচবুকত দিয় যে, কোনোবাই পঢেনে ?মই চোন পেপাৰত দিয়া বোৰেই নপঢো, আৰু কিবা দিনটো পঢি থাকিলেও দেখোন বুজি নাপাও ।সি বোলে দাদা কিছুমান কবিতা মইও নুবুজো, কিন্তু মোৰ ফেচবুকৰ বন্ধুবোৰে বৰ ধুনীয়াকৈ বুজি পাই, বিশেষকৈ ছোৱালী বোৰে ।মোৰ প্ৰফাইল চাবচোন আনৰ ইমান ফ্ৰেন্ডেই নাথাকে মোৰ যিমান ফ’ল’ৱাৰ আছে ।মইও তাৰ কথা শুনি কাগজ, কলম আৰু পূৰনী মেগাজিন কেইখন মান বিছাৰি আনিলো, জানোচা মোৰো ভাগ্যত দুজনী মান আহেই।
বহু কষ্ট কৰি গুৰু লিলাধৰক স্মৰণ কৰি অবশেষত লিখিলো দেই
অমাবষ্যাৰ জোনাক ৰাতি
আকাশেদি উৰি গল এজাক হাতি
হাতিৰ হাতত লেডিছ ছাতি
তাকে দেখি কঁপিলে মাটি
মইও ভয়ত এৰিলো শোৱাপাতি
হলেও অসমীয়া বীৰৰ জাতি
কোনোবাই বজাই দিলে কাঁহি-বাতি
চিঞৰত মোৰ গল নিচা ফাটি
সন্মুখত দেখিলো টাঙোণলৈ শ্ৰীমতি
শাহুআইকো আনিছে মাতি
ভয়ত মোৰ কাপোৰ গল তিতি
শ্ৰীমতিয়ে পাহৰিলে ৰীতি-নীতি
উৰাই ঘুৰাই মোক দিলে পিতি
আজিৰ পৰা আৰু নাযাও ফটিকা ভাতি
যাও যদি দিবি তই মোৰ কান কাটি
সেইদিনাৰ পৰা ভাল হল মোৰ মতি গতি
বাঢিল আমাৰ মিলা-প্ৰিতি
আই লাভ মাই শাহুআইৰ বেটি……
(ক্ৰমশ)

No comments:

Post a Comment