Thursday, 17 October 2013

“অকাল বোধন”…..শ্ৰী ৰামচন্দ্রৰ দুৰ্গা পূজা প্ৰসঙ্গ : এক উদ্দেশ্য প্ৰণোদিত কল্পিত কাহিনী

“অকাল বোধন”…..শ্ৰী ৰামচন্দ্রৰ দুৰ্গা পূজা প্ৰসঙ্গ : এক উদ্দেশ্য প্ৰণোদিত কল্পিত কাহিনী

প্ৰথমতে কেইজনমান বিশিষ্ট ব্যক্তিৰ দৃঢতা পূৰ্ণ উক্তিৰে প্ৰসংগৰ পাতনি মেলিছো ।
কলিকতা বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যপক ড দীনেশ চন্দ্ৰ সেনে ১৯২০ চনত প্ৰকাশিত তেখেতৰ “বঙালী ৰামায়ন” নামৰ গ্ৰন্হত লিখিছে “মূল মহাকাব্য (ৰামায়ন) খনৰ কোনো অংশত নথকা, ৰামে চন্ডীপূজা কৰা বুলি কোৱা কাহানীটো শাক্ত সকলে বৈষ্ণৱসকলৰ মততকৈ তেঁওলোকৰ মতৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰাৰ উদ্দেশ্যৰেই যে ৰামচৰিতত সুমুৱাই দিছে ই স্পষ্ট কথা”

ইস্কনৰ প্ৰতিষ্ঠাপক শ্রীমৎ এ চি ভক্তি বেদান্ত দেৱৰ “ভগৱৎ দৰ্শন” নামৰ পুস্তিকাৰ ২য় বছৰ , ৫ম সংখ্যাৰ ৬২-৬৪ পৃষ্ঠাত লিখিছে “কল্পনা প্ৰবণ কিছু লোক প্ৰচার করে যে শরৎকাল যুদ্ধ জয়ের পক্ষে উপযুক্ত সময় বলে শ্ৰীরামচন্দ্ৰ রাবন বধ করার জন্য এই অসময়ে দুৰ্গাদেৱীর বোধন করেছিলেন । কিন্তু এই ধরনের ইতিহাস শ্ৰীরাম চরিত্ৰের পরম প্ৰামাণিক গ্ৰন্হ বাল্মীকি কৃত মূল রামায়ণে নেই । অপ্ৰামানিক ও আধুনিক কল্পিত কালিকা নামক উপপুরানে ও শাক্ত কৃতিবাসের স্বকপোলকল্পিত রামায়নে ঐ ইতিহাস কেবল বাংলা দেশেই প্রচলিত ।বাংলাদেশের রাজসাহী জেলার অন্তৰ্গত তাহিরপুরের রাজা কংসনারায়ণ ১৫৮০ খৃষ্টাব্দে সর্বপ্ৰথমে এই দুৰ্গোসৎৱ প্ৰচার করেন।……আধুনিক দুৰ্গোৎসৱ সেই রমেশ শাস্ত্রীর (রাজা কংসনারায়ণের পুরোহিত) প্ৰবৰ্ত্তিত, তা কোনেও প্ৰামাণিক শাস্ত্রের দ্বারা অনুমোদিত নয় ।

সাহিত্যৰত্ন হৰিনাৰা্যন দত্তবৰুৱাদেৱে সম্পাদনা কৰা অসমীয়া পদ ৰামায়নৰ মুখবন্ধত কৃতিবাস ৰচিত বাঙ্গালী ৰামায়ন আৰু বাল্মীকি ৰামায়নৰ বিষয়ে স্বৰ্গীয় সোনাৰাম চৌধুৰীদেৱে ১৮৫১ শকৰ (1929 খৃঃ) শাওণ মাহৰ বাঁহীত লিখা এটা প্ৰবন্ধৰ কিছু অংশ আছিল এনেধৰনৰ “কৃতিবাসী ৰামায়নত বহুত পুৰাণ আৰু উপপূৰাণৰ কথা সোমাইছে ।আচলকৈ কবলৈ হ’লে কৃতিবাসে বাম্মীকি ৰামায়নৰ ছাঁহে লৈছে ।কতো নোহোৱা নোপোজা ভালেমান অতিৰঞ্জিত নিজে গঢা কথা সুমুৱাইছে ।দুৰ্গোৎসৱৰ কথাটো পূৰাণৰ ভেজা, কিন্তু বাল্মীকিত নাই …….. বাল্মীকিৰ ৰামায়নত ৰাৱণ বধৰ সময়ত অগ্যস্ত্যৰ কথামতে ৰামৰ আদিত্যস্তৱৰ পাঠ আৰু মাতাঙ্গিৰ কথা মতে ব্ৰক্ষ্ম অস্ত্ৰ মাৰি ৰাৱণ বধ কৰাৰ কথা আছে । কৃতিবাসত হনুমন্তে গনক বেশ ধৰি মন্দোদৰীৰ ওচৰলৈ যোৱা, আৰু মন্দোদৰীৰ পৰা ৰাৱণৰ মৃত্যুবান অনা, মাখি হৈ ৰাৱণৰ চন্ডীপাঠ ভুল কৰা, মৃত্যু কালত ৰাৱণৰ ৰামক ৰাজনীতি শিক্ষা দিয়া কথাও তেনেই অমূলক । ৰাৱণে স্বৰ্গলৈ জখলা সজা কথাও কৃত্তিবাসৰ ৰামায়নথে দেখা যায় । অসমীয়া ৰামায়নত কিন্তু এনে অলীক ঘটনাৰ সমাবেশ নাই”

অতিৰঞ্জিত কাল্পনিক কাহিনিৰ সমাবেশ ঘটাই কিছু লোকৰ স্বাৰ্থ সিদ্ধিৰ বাবে সৃষ্টি কৰা শাৰদীয় “অকাল বোধন” ৰ দৰে অপ্ৰামানিক কাৰ্য্যক উৎসৱৰ ৰুপত মানুহে পালন কৰি আহিছে আৰু বৰ্তমান ধৰ্ম আৰু পৰম্পৰাৰ শাৰীত একাকাৰ হৈ পৰিছে ।লক্ষ লক্ষ টকাৰ শৰাধ পাতি হাজাৰ হাজাৰ পশু-পক্ষীৰ বিনা কাৰনত বলি দি উৎসৱ পাতিছো ।পিচে এবাৰ আমি চিন্তা কৰা উচিত হ’ব যে ভাৰত বৰ্ষৰ দৰে এখন তৃতীয় বিশ্বৰ দেশত ধৰ্মৰ দোহাই দি, ধৰ্ম ভীৰু হৈ, ডাইণী, কবচ, মাদলী, তাবিচ, গা বান্ধনি, ৰঙা সূঁতা বলিবিধান ইত্যাদি অন্ধবিস্বাসে মগজুৰ চিন্তা শক্তিৰ বিপৰেতে ভাৰতীয় বিশেষকৈ বঙ্গ আৰু অসমীয়া লোকৰ মগজুত ক্রিয়া কৰি বৈজ্ঞানিক দৃষ্টি ভংগি আৰু প্রগতিৰ হেঙাৰ হৈ থাকিব কথাটো চিন্তনীয় ।(অকাল বোধন বা শাৰদীয় দূৰ্গা পূজা যে ভিত্তিহীন এই সম্বন্ধে আৰু অধিক তথ্য আছিল পিছে সময়ৰ অভাবৰ বাবে দিয়া ন’হল ।এই লেখাটো ধৰ্মৰ নামত অন্ধ অনুকৰন কৰাৰ বিপৰিতে সত্যৰ অন্বেষনহে মুল বিষয়)

No comments:

Post a Comment