Monday 23 February 2015

জ্বলি জ্বলি শেষ হল

জ্বলি জ্বলি শেষ হল
কামনাৰ জীয়া জুই
দুচকুত হেৰাল সপোন ৷
শুকান শুকান হল আশাৰ পথাৰ ৷
উদাস উদাস মোৰ দুচকু ৷
ৰৈ ৰৈ তোমালে শুকালে জীৱনৰ নৈ
বেথাৰে ভৰিল বুকু ৷

তুমিটো মোৰ কাহনিও নোহোৱা
তথাপিও আছিলো ৰৈ
মৰমৰ সাগৰ সাঁতুৰি চাবলৈ
অকলেই আছিলো বৈ ৷
এতিয়া হেঁপাহৰ গোলাপ
নুফুলি শুকাল ৷
মৰহিল কল্পনাৰ কলি ৷
তুমি নাই
কোনো খেদ নাই ৷
স্মৃতিটো থাকিব সদায় ৷
উকা হব মন
উদাস জীৱন
উদং বুকু
তথাপি থাকিম জীয়াই
সজীৱ কৰি ৰাখিম তোমাৰ স্মৃতি
আধৰুৱা হলেও
মোৰ আকাশ
মোৰ পৃথিৱী

E - love

E - love
যদি delete কৰিব পাৰিলো হেতেন তোমাৰ memory,
Refresh কৰিব পাৰিলো হেতেন mind ৷
Format কৰিব পৰা হলে heart ,
Install কৰি ললো হেতেন
জীয়াই থকাৰ এটা নতুন programme ৷
Reboot কৰিম বুলি ভাবিলেও নোৱাৰো
Hang মৰা heart তোমাৰ বাবে ৷
Antivirus নহলো scan কৰি পাবলৈ,
তোমাৰ hard disc ত save কৰিছানে মোক চাবলৈ ৷
Control alter delete মাৰি উৰুৱাই দিলা মোৰ মৰম,
Recycle bin টো নাৰাখিলা
Restore কৰি পাবলৈ মনত পৰিলে মোলৈ ৷
এতিয়াও search কৰো মই তোমাৰ profile,
কিজানি বা online পাও,
দিবলৈ বুকুৰ মৰম
Whats up নতুবা messenger ত ৷
তুমি যদি কৰা on bluetooth for unknown device
Pare কৰি send কৰিম মোৰ বুকুৰ file ৷
আজি connection falied,
তথাপি আছো যে জীয়াই
Wi-fi on কৰি জানোছা তোমাৰ signal পাই ৷
Windows file নহলো delete নকৰিবলৈ
Password ও নহলো মই মনত ৰাখি থবলৈ ৷
Virus বুলি block কৰি পেলালা
Corrupted file বুলি delete তুমি কৰিলা,
তোমাৰ বাবে মোৰ কিমান GB মৰম আছিল এবাৰো ভাবি নাচালা ৷
তুমি মোৰ RAM আছিলা
মোৰ motherboard ৰ processor হিচাপে
জীয়াই থকাৰ speed বঢ়াইছিলা ৷
এতিয়া যে সকলো মিছা ৷
এতিয়াটো মই এটা unrecognized file
এটা System error
এখন Unsupported disc বা file
তুমিটো কাহানিও মোক download য়েই নকৰিলা ৷
Install কৰাটো দুৰৈৰ কথা ৷
দলিয়াই দিলা মোক তোমাৰ network coverage ৰ পৰা ৷
বতাহত Send কৰি থাকিলো প্ৰেম
Message ত দেখুৱাই থাকিল মাথোন data sending failed.
এতিয়াটো মই out of coverage
Weak signal
battery about to die ...
তথাপি তোমাক redial কৰি থাকিম ওৰেটো জীৱন
Save কৰি থম তুমি দিয়া সেই কেই Mb স্মৃতি কন ৷ ৷ ৷

Saturday 21 February 2015

তুমি তোমাৰ দৰেই......

তুমি তোমাৰ দৰেই......

তুমিটো নোহোৱা আনৰ দৰে
তুমি মোৰ প্ৰেয়সী মোৰ কল্পনাৰ দৰেই ৷
তুমিতো নহয় ৰজনীগন্ধা
শয়ন কোঠা শুৱনী কৰা এনিশাৰ বাবে,
তুমি ৰক্তজৱা
হৃদয়ত ফুলা এপাহ গোলাপৰ দৰে ৷
তুমিটো নহয় সময়ে সলনি কৰা ঋতুৰ দৰে
অথবা আনে কল্পনা কৰা প্ৰেমিকা জোনৰ দৰে ,
পূৰ্ণিমাত হৃদয় জুৰাই অমানিশাত আতৰি যোৱাৰ দৰে ৷
তুমিটো মোৰ জীৱনৰ প্ৰতিটো পুৱাৰ সুৰুজ,
চিৰনতুন এক উৎসাহৰ দৰে ৷
তুমিটো নহয় এচাতি বতাহৰ দৰে,
গ্ৰীষ্মত দেহ জুৰাই শীতত দেহা কঁপোৱা সমীৰৰ দৰে ৷
তুমিটো মোৰ উশাহৰ দৰে,
জীৱনত যাৰ প্ৰয়োজন জীয়াই থকাৰ বাবে ৷

তুমিটো মোৰ ছাটোও নহয়........
আন্ধাৰত হেৰাই যোৱা বা
পোহৰত খোজ দিযা কাষে কাষে ৷
তুমিটো মোৰ ৰঙা তেজ,
ধমনী আৰু সিৰাই সিৰাই বৈ থকা জীৱন থকালৈকে ৷
তুমি নোহোৱা মোৰ প্ৰেমৰ বেদীৰ প্ৰতিমা,
যাক দলিয়াই দিয়া হয় এদিনা,
তুমি মোৰ হৃদয়ৰ মনিকুটত সজাই থোৱা প্ৰেমৰ থপনা .........

Friday 20 February 2015

তুমি দৃষ্টি নিক্ষেপ নকৰিবা মোলৈ

তুমি দৃষ্টি নিক্ষেপ নকৰিবা মোলৈ
মেৰ দৃষ্টি নিবন্ধ হব
তোমাৰ দুচকোৰ গভীৰতাৰ জোখ লবলৈ কাহানিও বিছৰা নাই মই
কাৰন মই জানো ডুবি যাম ৷
তোমাৰ দুচকুৰ মাদকতাক পিয়লাত বাকি
নিচা লগাবলৈও বিছৰা নাই
কাৰন মই জানো সেই ৰাগীত মই হেৰুৱাম নিজকে৷
কিন্তু
মোৰ দৃষ্টিত ধৰা পৰা নাছিল এনে এক দৃষ্টি
যাক দেখিলেই কথাও কবিতা হৈ বয়
তোমাৰ চকুযুৰিয়ে তাকে কয়
লিখিবলৈ হাজাৰটা কবিতা তোমাৰ নামত ৷
সেয়ে আতৰাই ৰাখিবা তোমাৰ দুচকু মোৰ দুচকুৰ পৰা ৷
নহলে মই শিথিল হৈ পৰিম
আৰু ইচ্ছা কৰিম
ডুবিবলৈ
মাদকতা লবলৈ
আৰু লিখিবলৈ
হাজাৰটা কবিতা তোমাৰ নামত
আজিৰ দৰে তোমাৰ দুচকুৰ বাবে

শীতৰ শেতা জোনাকৰ আভা সানি

শীতৰ শেতা জোনাকৰ আভা সানি
বালিচৰত বহি কটাম এটা দীঘল ৰাতি
তুমি আৰু মই, মই আৰু তুমি ৷

মৌনতাৰে পাতিম
নোকোৱাকে বুজি উথা
হৃদয়ৰ গোপন কোনত
অত দিনে সাঁচি ৰখা
অভিমানী মনৰ বেথা
ইটো সিতো বহুতো কথা ৷

মোৰ বুকুত মুৰথৈ তুমি
তোমাক দুবাহুৰে বুকুত সাৱটি
আঙুলী বুলাম তোমাৰ অবাধ্য চুলিত

আকুলতা ভৰা হিয়াৰ মৰম
জোনাকী মায়াত জোৱাৰৰ দৰে উথিব উথলি
মিলি যাম আমি
তুমি আৰু মই
মই আৰু তুমি
ঘন কুঁৱলীৰ আৱৰন খুলি
জোন আৰু জোনাকৰ দৰে
আকাশৰ নীলা চাদৰ উৰি বালিচৰৰ বিশাল পাটিত
শীতৰ শেতা জোনাকৰ আভা সানি
বালিচৰত বহি সেই দীঘল ৰাতি ৷

আৱেগৰ স্পৰ্ষ

আৱেগৰ স্পৰ্ষ হিয়াৰ কোনোবা কোনত
হেঙুল হাইতাল আজি মোৰ শুকুলা মনত
আশাৰ পাপৰিক কি ৰঙে শুৱালে
কৃষ্ণচূড়াৰ বোল যেন মোৰ বুকুত বুলালে
তোমাৰ স্নেহ স্পন্দনে ধুৱালে মোৰ আতুৰ পৰান
চৌ দিশে আজি যেন ৰুন জুন গুন গুন জুনুকাৰ গান

বিষন্ন হৃদয়,

বিষন্ন হৃদয়,
ভাগৰুৱা দেহা,
নিৰাপত্তাহীন দিন আৰু বিমুৰ্ত মোৰ নিশা ৷
চৌদিশে প্ৰয়োভৰ এন্ধাৰৰ ৷
তাৰ মাজতেই খেপিয়াই ফুৰিছে বিছাৰি,
এখন হৃদয়,
সতেজ মৰমৰ ৷
কিজানিবা বিছাৰি পাঁও,
অলপ মৰম ৷
তিমিৰ নিশাবোৰ পোহৰাবলৈ
চন্দ্ৰাৱলী নহলেও,
জলঙাই দি সোমাই অহা অলপ পোহৰ ৷

মোক হেৰাই যাব দিয়া

মোক হেৰাই যাব দিয়া
প্ৰেমাস্পন্দিত তোমাৰ হৃদয়ৰ ভাজত
হেৰাই যাব দিয়া মোক
মোৰ সৰ্বস্য অৰ্পন কৰা
তোমাৰ দুচকুৰ নীলিমাৰ মাজত
আজন্ম পথিক মই
ফুৰিছো বিছাৰি প্ৰীতিৰ সুধা
দিয়া মাথো মোক জিৰণি লবলৈ
তোমাৰ প্ৰেমৰ জীপাল কোলা

তুমি নজনাকৈয়ে

তুমি নজনাকৈয়ে
সংগোপনে
কলিজাৰ উমত
সযতনে
মোৰ বুকুত বাহ বান্ধিছিল এটা সপোনে
দেখিবলে থিক তোমাৰ দৰে ৷

আশাৰ জানো ভাষা থাকে
প্ৰকাশৰ জানো প্ৰয়োজন থাকে
দুচকুৱে জানো মিছা মাতে

কেতেকিওটো বহু কথা গোপনে ৰাখে
নিৰবতাইও জানো নকয়
হৃদয়ত আউল লগোৱা বহু কথা প্ৰনয়ৰ,
গোপনতাত থাকে হৃদযৰ মেৰপাক
উঘাত মেৰুৱাৰ দৰে ৷

দুচকুত চকুথৈ চোৱাচোন
বুকুত কান পাতি শুনাচোন
তোমাৰ দৰে ধুনীযা সপোন নে
সপোনতকৈয়ো ধুনীয়া তুমি
তথাপি যদি নুবুজা
দাপোন খনতে চোৱা
মোৰ সেই সপোন কোন ৷ ৷ ৷

তুমিহীন়তাত

তুমিহীন়তাত আজি
বিষাদে ভৰা প্ৰতি পল
সজল দুনয়নত
অঁকা নাই কাজল
উকা মন ডাঁৱৰে ধকা
ৰদো নাই
বৰষুণো নাই
নাই বতাহ ৷
উশাহত নাই উছাহ
ফুলা নাই আজি হেপাহৰ ফুলনিত কৃষ্ণচূড়া ৷৷
নিসংগতা মাথো নিসংগতা ৷ ৷

স্তব্ধিত কলিজা

স্তব্ধিত কলিজাৰ ৰঙা সপোনে
স্পন্দন বিছাৰি হাহাকাৰ কৰে

এৰাবাটত এৰি অহা প্ৰতিটো খোজত
উজুটিত ছিঙিলি ভৰিৰ পতা
বহু দিন হল গোৱা নাই মন কাননত বহি
শীতৰে সেমেকা নিশা
শূন্যক শূন্যৰে পুৰন কৰি শূন্য পোৱাৰ দৰে
জীৱনৰ প্ৰতি পল অবাঞ্ছিত
নাজানো যাযাবৰ নে
বতাহত লাগি উৰা কমোৱা তুলা ৷
পিছে
ভগ্নিত হৃদয়ত নজ্বলাও আৰু স্মৃতিৰ লেলিহান শিখা
জীয়াই থাকিবলৈ লাগে মাথো এবুকু আশা
মৃদুমন্দ সুৰেৰে বাজক কলিজাৰ তানপুৰা

আকৌ কুৰুক্ষেত্ৰ

আকৌ কুৰুক্ষেত্ৰ

আকৌ এখন কুৰুক্ষেত্ৰ হব ৷
ধৰ্ম ৰক্ষাৰ নামত ধৰ্ম যুদ্ধ হব ৷

কৌৰব পান্ডব কোন হব সময়ে কব ৷
তথাপিও এই ধৰ্মক্ষেত্ৰত অভিমণ্যু বধ হব ৷

ৰাষ্ট্ৰ নেতা ধৃতৰাষ্ট্ৰই হব
ক্ষমতা লোভত ৰজা অন্ধ হব ৷

দ্ৰৌপদিৰ নিতৌ বস্ত্ৰ হৰণ হব ৷
কৃষ্ণৰ দৰে সাৰথিৰ অভাব হব ৷

শকুণিৰ প্ৰতিশোধ পুৰণ হব ৷
এখন নতুন মহাভাৰতৰ সুচনা হব ৷

:::::::মা::::::::

:::::::মা::::::::

কি যে সুদিন আছিল
আইৰ কোলা, পিতাইৰ বোকোচা ৷
নাছিল কোনো উপাৰ্জনৰ কথা
ভৱিষ্যতৰ সপোন ৷
এতিয়া মাথো অহা কালিৰ বাবে চিন্তা
আধৰুৱা সপোনৰ পিছত দৌৰাৰ প্ৰতিযোগিতা ৷
উভতি চাই দেখো অকলসৰীয়া
আগত সপোন, দুৰৈত আপোন ৷
লক্ষ্যৰ সন্ধানত মাথো আগুৱাই গলো
কিয় বাৰু আমি ডাঙৰ হলো ৷
দিনৰ দিনতো বোজা কঢ়িয়াই যেতিয়া ঘৰলৈ ওভতো
দেউতাই সুধে কিমান উপাৰ্জন কৰিলো
পত্নীয়ে সুধে ভৱিষ্যতলে কিমান সাঁচিলো
লৰাই সুধে সিহঁতলে কি আনিলো
মাথো দুচকুলৈ চাই আইয়ে সুধে
দিনত মই কিবা খালো নে নাখালো ৷ ৷ ৷ ৷ ৷

শ্ৰীমদ্ভাগৱতগীতা আৰু আহাৰ: :: এক বৈজ্ঞানিক বিশ্লেষণ

শ্ৰীমদ্ভাগৱতগীতা আৰু আহাৰ: :: এক বৈজ্ঞানিক বিশ্লেষণ

মানুহে জীৱন ধাৰনৰ বাবে কেনে আহাৰ খাব লাগে তথা সেই আহাৰ গ্ৰহন কৰাৰ
ফলত দেহত কেনেধৰনৰ বিকাশ ঘটে তাৰ সবিশেষ বৈজ্ঞানিক বিশ্লেষন শ্ৰীমদ্ভাগৱতগীতাত পোৱা যায় ৷
শ্ৰীমদ্ভাগৱতগীতাৰ সপ্তদহ অধ্যায় শ্ৰদ্ধাত্ৰয় বিভাগযোগৰ ৮ -১০ নং শ্লোক মতে

আয়ুঃসত্ববলাৰোগ্যসুখপ্ৰীতিৱিৱৰ্ধনাঃ
ৰস্যাঃ স্নিগ্ধাঃ স্থিৰা হৃদ্যা আহাৰাঃ সাত্বিকপ্ৰিয়াঃ ৷ ৷

অৰ্থাৎ: যি বিলাক আহাৰে আয়ুস, স্থায়িত্ব, বল, স্বাস্থ্য, সুখ আৰু প্ৰীতি বঢ়াই তোলে, যি
বিলাক ৰসাল, পুষ্টিকৰ আৰু তৃৰ্প্তিদায়ক, সেই বিলাক আহাৰেই সত্বগুণী সকলৰ প্ৰিয় ৷

কটুম্ললৱণাত্যুষ্ণ তীক্ষ্ণৰূক্ষৱিদাহিনঃ
আগাৰী ৰাজসস্যেষ্টা দুঃখশোকাময়প্ৰদা ৷ ৷

অৰ্থাৎ: যি বিলাক আহাৰ অতিকৈ তিতা বা টেঙা, নিমখীয়া অত্যন্ত গৰম, অত্যন্ত উগ্ৰ,
শুকান আৰু যি বিলাকে পোৰণীৰ সৃষ্টি কৰে সেইবিলাকেই ৰজোগুণী ব্যক্তিৰ প্ৰিয় ৷
এই আহাৰে দুখ শোক আৰু বেমাৰ আদি আনি দিয়ে ৷

য়াতয়ামং গতৰসং পূতি পৰ্য়ুষিতং চ য়ৎ
উচ্ছিষ্টমপি চামেধ্যং ভোজনং তামসপ্ৰিয়ম ৷ ৷

অৰ্থাৎ: খোৱা সময়তকৈ তিনি ঘন্টাৰ আগতে ৰন্ধা, স্বাদহীন, দুৰ্গন্ধযুক্ত, গেলা,
আনে খাই এৰা আৰু অশুচি খাদ্য বিলাকেই তমোগুণী মানুহৰ প্ৰিয় ৷

আয়ুসৰ বৃদ্ধি, মনৰ বিশুদ্ধতা আৰু শাৰীৰিক শক্তি বৃদ্ধি কৰাটোৱেই আহাৰ খোৱাৰ
উদ্দেশ্য ৷ দুই ইঞ্চি জীভাৰ জুটিৰ বাবে সাত মিটাৰ দীঘল পাকস্থলীৰ বিকাৰ গ্ৰস্ত কৰি
জীৱনটোৰ দৈহিক আনন্দ লোৱাৰ পৰা বঞ্চিত কৰা খাদ্য কেতিয়াও খাদ্য হব নোৱাৰে ৷
সাত্বিক আহাৰে জীৱনলৈ সুস্বাস্থ্য তথা সাত্বিকতা আনে ৷ কাৰন এনে খাদ্য পুষ্টিকৰ
আৰু কেলৰি যুক্ত ৷ আমাৰ দেহৰ হৰমন তথা উৎসেচক সমুহৰ উৎপাদন আৰু
কাৰ্য্য খাদ্য অনুসৰি হয় ৷ কাৰন খাদ্যত থকা কাৰ্বহাইড্ৰেটে শক্তি, প্ৰটিনে দেহৰ
গঠন আৰু লিপিডে শক্তি সঞ্চয়ত সহায় কৰে ৷ ইয়াৰ উপৰিও ভিটামিন খনিজ সনম
সমুহ পুষ্টিকৰ খাদ্যতহে পোৱা যায় ৷ বহুতে কোৱা শুনো মাছ খালে চকু ভাল হয় কিন্তু
এই ভাৰতবৰ্ষতে এনে বহু জাতি আছে যিয়ে সম্পুৰ্ণ নিৰামিষ আহাৰ গ্ৰহন কৰে,
তেনে ব্যক্তিক কিন্তু উজুটিয়াই ফুৰা পৰিলক্ষিত হোৱা নাই ৷ কিন্তু এইটোও সত্য
যে যি সকলে জন্মৰে পৰা আমিষ আহাৰ গ্ৰহন কৰি স্বভাৱত পৰিনত কৰিলে তেনে ব্যক্তিৰ
পক্ষে হঠাতে নিৰামিষ আহাৰ গ্ৰহন কৰাৰ প্ৰচেষ্টা চলালে দেহৰ ক্ষতি হোৱাটো
স্বাভাবিক ৷ বৰ্তমান যুগত ৰসাযনিক সাৰ , কীটনাশক ব্যৱহাৰ কৰা খাদ্য আৰু ভাঙি শ
সদৃশ জীৱজন্তুৰ মাংস যি দৰে ভক্ষন কৰা হয় তাৰ পৰিনাম হিচাপে আসুৰিক
কাৰ্য্যৰ প্ৰতি আৰু ৰোগীয়া স্বাস্থ্যৰ প্ৰতি আগুৱাই গৈছো ৷ এক মাত্ৰ সাত্বিক
আহাৰ খাই বৰ্তমান মই বা আপুনী জীয়াই থাকিব নোৱাৰিম কিন্তু ক্ৰমান্বয়ে
অভ্যাসৰ দ্বাৰা ৰাজসিক আৰু তামসীক খাদ্যৰ ব্যৱহাৰ কমাই আনি দেহ মনক সুন্দৰ
কৰিব পাৰিম বুলি ভাৱো ৷ ইয়াৰ উপৰিও অন্তত খাদ্য গৰমে গৰমে পৰিবেশন কৰি বা গ্ৰহন
কৰি বিভিন্ন বেক্টেৰীয়া ভেকুৰ আদিৰ পৰা খাদ্যক আৰু নিজক ৰক্ষা কৰিব পাৰিম ৷
(পোষ্ট ১)

:::::সপ্তাহৰ বাৰ কেইটাৰ উৎপত্তি: ::::

:::::সপ্তাহৰ বাৰ কেইটাৰ উৎপত্তি: ::::

সপ্তাহৰ বাৰ কেইটা যে গ্ৰহৰ নাম আৰু ভাৰতীয় সকলে যে জ্যোত্যিৰবিদ্যা সম্বন্ধে
যথেষ্ঠ জ্ঞান আহৰন কৰিছিল সেই কথা তৈত্ৰাত্ৰেয় সংহিতাত পোৱা যায় ৷ তাত
উল্লেখ কৰা মতে প্ৰতি দিনেই দিক্ষিত সকলে গ্ৰহ তুষ্ট কৰিবলৈ ছয় দিন নিয়মিয়াকৈ
যজ্ঞ কৰিব আৰু এটা দিন বিৰতি দিব ৷ ঋকবেদত উল্লেখ কৰা মতে সকলো গ্ৰহৰ উৎপত্তি
একে সময়তেই হৈছিল যদিও সুৰ্য্যৰ উৎপত্তি প্ৰথম, সেই বাবে প্ৰথম সুৰ্য্যৰ বা কবিৰ
যজ্ঞ, তাৰ পিছত চন্দ্ৰ আৰু ক্ৰম অনুসৰি অন্য গ্ৰহ সমুহ ৷

আচৰিত কথা এইয়ে যে বাকী গ্ৰহ সমুহৰ যজ্ঞৰ ক্ৰমটোৱে গোটেই সৌৰজগতৰ
গ্ৰহৰ অৱস্থান সম্পৰ্কে বেদ শ্ৰষ্টাৰ জ্ঞান থকাতো প্ৰতিপন্ন কৰে ৷ ৰবি আৰু চন্দ্ৰৰ
পিছত এবাৰ পৃথিৱী আৰু সুৰ্য্যৰ মাজত তথা এবাৰ পৃথিৱীৰ বাহিৰত থকা গ্ৰহ সমুহৰ ক্ৰম অনুসৰি যজ্ঞ কৰা হৈছিল ৷ চাও আহক

ৰবি
চন্দ্ৰ বা সোম
মঙ্গল ( পৃথিৱীৰ বাহিৰত থকা গ্ৰহ)
বুধ ( পৃথিৱী আৰু সুৰ্য্যৰ মাজত থকা গ্ৰহ)
বৃহস্পতি ( পৃথিৱীৰ বাহিৰত থকা গ্ৰহ)
শুক্ৰ ( পৃথিৱী আৰু সুৰ্য্যৰ মাজত থকা গ্ৰহ)
শনি ( পৃথিৱীৰ বাহিৰত থকা গ্ৰহ)

এই ক্ৰমতেই দিক্ষিত সকলে ছয় দিন ক্ৰমান্বয়ে যজ্ঞ কৰিছিল যি শেষলৈ বাৰৰ নাম
হয়গৈ ৷ ভাৰতীয় সভ্যতাই বৰ্তমানলৈকে জিয়াই থকা আটাইতকৈ পুৰনী সভ্যতা আৰু
ঋকবেদেই পৃথিৱীৰ প্ৰাচীনতম গ্ৰন্থ ৷ এই বেদত উল্লেখ থকা গ্ৰহৰ ক্ৰমেই সপ্তাহৰ
বাৰকেইটাৰ নাম হৈছিল গৈ ৷ কিন্তু পাৰ্শ্চ্যত্যৰ পন্ডিত সকলে কব খোজে যে বাৰ পদ্ধতিটো
কেলেন্ডেঞ্চে খৃষ্টিয়ান যুগত আৰম্ভ কৰে ৷ যিটো সম্ভৱেই নহয় ৷

শক্তিশালী দুৰবীণ আবিস্কাৰৰ বহু পুৰ্বেই ভাৰতীয় সকলে বিজ্ঞানসন্মত সথিক তথ্য
ঋকবেদৰ পৰা আহৰন কৰিছিল ৷ গুৰু বা বৃহস্পতি , গুৰু বা ডাঙৰ, বৃহ অৰ্থাৎ বৃহৎ ,সঁচাকৈয়ে ই সৌৰজগতৰ ডাঙৰ গ্ৰহ ৷ শনিক মাতৃৰ শাপৰ বাবে এটা ভৰি চুটি
আৰু লাহে লাহে গতি কৰে বুলি উল্লেখ আছে ৷ সঁচাকৈয়ে শনি লাহে লাহে পৰিভ্ৰমন কৰে ৷
শুক্ৰ বা উজ্জল হীৰাৰ দৰে বুলি উল্লেখ আছে ৷ আচৰিত কথা শুক্ৰ প্ৰকৃততে উজ্জল আৰু
শীতল ৷
ক্ৰমশ

::::::পানী আৰু প্ৰথম কীৰ্তন:::::

::::::পানী আৰু প্ৰথম কীৰ্তন:::::

প্ৰথমে প্ৰণামো ব্ৰক্ষ্ম ৰূপি সনাতন ৷
সৰ্ব অৱতাৰৰ কাৰন নাৰাযন ৷ ৷
তজু নাভী কমলত ব্ৰক্ষ্মা ভৈলা জাত ৷
যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত ৷ ৷

আপুনি উপৰুক্ত কীৰ্তনৰ প্ৰথম অধ্যায়ৰ প্ৰথম পদ ভাগৰ অৰ্থ কি ভাঙনী কৰে নাজানো
কিন্তু মোৰ বোধৰে এনে ধৰনৰ ৷

প্ৰথমে প্ৰণামো ব্ৰক্ষ্মৰূপি সনাতন
অৰ্থাৎ: প্ৰথমে প্ৰণাম কৰো ব্ৰক্ষ্ম বা শক্তিৰ এটা ৰূপ যি সনাতন নিৰাকাৰ আৰু চিৰস্থায়ী

সৰ্ব অৱতাৰৰ কাৰন নাৰায়ন
অৰ্থাৎ: সৰ্ব বা সকলো অৱতাৰ বা জীৱৰ উৎপত্তিৰ কাৰন বা আধাৰ নাৰাযন
বা পানী ৷

তজু নাভী কমলচন্দ্ৰ ব্ৰক্ষ্মা ভৈলা জাত
অৰ্থাৎ: তজু মানে তোমাৰ নাভী বা কেন্দ্ৰত ব্ৰক্ষ্মা বা জীৱ ভৈলা জাত বা জন্ম হয় ৷

যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত
অৰ্থাৎ: বিভিন্ন সময়ত বিভিন্ন জীৱৰ উৎপত্তি হয় ৷

এতিয়া দেখা যায় যে
জীৱ পানী অবিহনে সৃষ্টি হোৱাটো অসম্ভৱ আৰু পানী থকা বাবেই এই পৃথিৱীত
জীৱ আছে ৷ দেহৰ কোষৰ পৰা পানী বাহিৰ হৈ গলে কোষৰ মৃত্যু হয় ৷ পানীতেই সকলো
বিপাকীয় পদাৰ্থ দ্ৰৱীভূত হয় অৰ্থাৎ সাৰ্বজন্নিন দ্ৰাৱক ৷ খাদ্য নোখোৱাকৈ মাহ
পৰ্য্যন্ত জীয়াই থাকিব পাৰি কিন্তু পানী অৱিহনে নোৱাৰি ৷ বিবৰ্তনৰ মত অনুসৰি
প্ৰথম সাগৰৰ পানীতেই জীৱৰ সৃষ্টি হৈছিল ৷ পানীৰ কোনো নিজা আকাৰ নাই ৷
আৰু পানী ব্ৰক্ষ্ম বা শক্তিৰ উৎস ৷ সনাতন বা প্ৰাচীন কাৰন পানী সৃষ্টি হোৱাৰ পৰাহে জীৱ
সৃষ্টি হৈচে ৷ গতিকে নিৰাকাৰ নাৰাযন বা পানীক প্ৰথম প্ৰণাম কৰা হৈছে ৷

তজু নাভীকমলত ব্ৰক্ষ্মা ভৈলা জাত বা দেহৰ নাভী বা কেন্দ্ৰ অংশত জৰায়ুৰ পদুমৰ
দৰে ফুল বা অপৰাৰ ভিতৰত থকা পানী বা এমনিয়তিক ফ্লুইডতে সন্তান জন্ম
হয় ৷

বিবৰ্তনবাদৰ মতে সকলো জীৱ পৃথিৱীত একে সময়তে সৃষ্টি হোৱা নাই ৷ সৰল জীৱৰ
পৰা ক্ৰমান্বযে জটিল আৰু জটিলতম জীৱ পৰ্য্যায়ক্ৰমে সৃষ্টি হৈছে ৷ অৰ্থাৎ যুগে যুগে অৱতাৰ
ধৰা অসংখ্যাত ৷

প্ৰেম ভালপোৱা আৰু জৈৱৰসায়ন

প্ৰেম ভালপোৱা আৰু জৈৱৰসায়ন

প্ৰেম, সকলোৰে জীৱনলৈ সংগোপনে নামি অহা এক মধুৰ অনুভৱ ৷ প্ৰেমত ফুলিছে শতদল,
প্ৰেমত ঘুৰিছে ভূমন্ডল ৷ সৃষ্টিৰ আদিৰ পৰা বৰ্তমানলৈকে কিমান কাহীনি কিমান উপন্যাস
কিমান গীত সংগীত কবিতা চিত্ৰ সৌধ ইত্যাদি এক মাত্ৰ এই বিষয়টোৰ ওপৰত সৃষ্টি হল তাৰ কোনো হিচাপ নাই ৷ কিমান লেইলা মজনু হীৰ ৰাঞ্জা ৰোমিঅ জুলিয়েট এই প্ৰেমৰ বাবে বিখ্যাত হল, কিমান জন প্ৰেমৰ বাবেই মৃত্যু হল তাৰ হিচাপ নাই ৷ এই প্ৰেমৰ বাবেই ট্ৰয় ধংস হল আৰু এই প্ৰেমৰ বাবেই তাজমহল সৃষ্টি হল৷ প্ৰেম শ্বাশ্বত সত্য সুন্দৰ ঐশ্বৰিক অনুভুতি, যাক ভাষাৰে বুজোৱা কঠিন ৷ কোৱা হয় প্ৰেম অন্ধ, কাক কেতিয়া কেনেকৈ ভাল লাগি যায় কব নোৱাৰি ৷
প্ৰেম কৰা নাযায় হৈ যায় ৷ প্ৰেমৰ কথা কৈ ওৰ নপৰে ৷ পিছে আজি প্ৰেমৰ বৈজ্ঞানিক বিশ্লেষণ কৰিম ৷

হয়, প্ৰেম এক অনুভুতি পিছে এই অনুভুতি সৃষ্টি আৰু নিয়ন্ত্ৰিত
হয় কিছুমান জৈৱৰসায়নিক পদাৰ্থৰ বাবে ৷ এই পদাৰ্থ সমুহে আকৰ্ষণ আবেদন
আৰু দীৰ্ঘস্থায়ী সম্বন্ধ সৃষ্টি কৰাত বিশেষ ভূমিকা গ্ৰহন কৰে ৷ সঠিক সময়ত সঠিক
পৰিমানত দেহত এই ৰসায়নিক পদাৰ্থসমুহ সৃষ্টি হোৱাতো এটা সম্বন্ধৰ সৃষ্টি স্থিতি
আৰু ধংস হোৱাতো বিশেষ ভাবে নিৰ্ভৰ কৰে ৷

বৈজ্ঞানিক সকলৰ মতে অক্সিটচিন নামৰ হৰমন বিধেই মৰম ভালপোৱা আৰু সম্বন্ধ
স্থাপন হোৱাৰ প্ৰাৰ্থমিক জৈৱযৌগ৷ এই হৰমন বিধ প্ৰস্থ পিটুইটেৰী গ্ৰন্থীৰ পৰা নিৰ্গত
হয় ৷ মাক আৰু শিশুৰ মৰমৰ দীৰ্ঘস্থায়ী বন্ধনৰ কাৰনো প্ৰসৱকালত সৃষ্টি হোৱা
এই হৰমন বিধেই ৷ এপলক ভালপোৱা গৰাকীৰ চকুৰ মিলনে দেহত অক্সিটচিন
সৃষ্টি কৰি মৰমৰ গভীৰতা বঢ়াই তুলিব পাৰে ৷ ইয়াৰ উপৰিও স্পৰ্ষ, শব্দ গন্ধ সকলো
পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা প্ৰভাৱিত হয় এই হৰমন বিধ ৷
দৈহিক পৰিশ্ৰমৰ বা ব্যায়ামৰ ফলত আমাৰ দেহত ডপামাইন সৃষ্টি হয় ৷ এই ডপামাইনে
অনুভুতি সৃষ্টি কৰে ৷ টাইৰ'চিন নামৰ এমিন এচিড বিধৰ পৰা এই ডপামাইন সৃষ্টি হয়৷
পুৰুষ মহিলাৰ ফেৰমন আৰু সুগন্ধী দ্ৰব্যই দেহত এন্ডৰ্ফিন সৃষ্টি কৰে যিয়ে সুখৰ
অনুভুতি প্ৰদান কৰে ৷
অক্সিটচিন ভেচপ্ৰেচিন টেষ্টষ্টেৰন ইত্যাদি হৰমনৰ বাবেই মৰম ভালপোৱা অটুট
থাকে ৷
গতিকে এই ৰসাযনিক যৌগ সমুহৰ সৃষ্টি নিয়ন্ত্ৰন আৰু সুপৰিচালন দেহত কৰি
ৰাখিব পৰাটোৱেই মৰম ভালপোৱা সম্বন্ধ ৰক্ষাৰ মুল চাবি কাথি ৷

আহিন আহিল

আহিন আহিল

শেৱালী ফুলিল
নিয়ৰ সৰিল ৷
কহুৱা বনত
কুঁৱলী নামিল ৷
অশান্ত মন মোৰ
দুৱৰীৰ দলিচাত
বুকু পাতি ৰৈ থাকিল
তোমাৰ বাবে
জোনাকী নিশাৰ
প্ৰান্তৰে প্ৰান্তৰে
তুমি অহাৰ বাটলৈ চাই৷
তুমিহীনতাত
মোৰ আহিন নাহে ৷ ৷ ৷ ৷

অনুভৱী শব্দই কবিতা

অনুভৱী শব্দই কবিতা ৷

কবিতা মানেই তুমি
তোমাৰ বাবেই মোৰ হৃদযৰ অনুভৱ ৷
অনুভৱ মানেই কবিতা ৷
কবিতা মানেই শব্দ ৷
শব্দ মানেই শৰ
শৰ মানেই
বুকু ভেদী বৈ যোৱা
পৃথিৱীৰ প্ৰাচীনতম সৃষ্টিৰ অনুভৱ ৷
মোৰ প্ৰতিটো কবিতাৰ শব্দত তুমি
তোমাৰ প্ৰতিশব্দ কবিতা ৷ ৷ ৷

আবেগ অনুভুতি ভালপোৱা
প্ৰেম প্ৰনয় আৰু কিবা
যি নামেই নিদিয়া
তুমি মোৰ হৃদয়ৰ ছন্দে ছন্দে লুকাই থকা
ৰক্তিম এক অনুভৱী কবিতা ৷ ৷ ৷

শূন্যতাৰ বৃত্ত

শূন্যতাৰ বৃত্ত

হেজাৰ বেজাৰ বুকুতে শুকাই
ধুলীয়ৰি বাট মোৰ
জীৱন জোনাক গল যে হেৰাই ৷
তুমিহীনতাত মাথো জীয়াই আছো
গতি হীন সুঁতি হীন
এৰা পৰা নৈ হৈ ৷
তুমি আছিলা
সপোন আছিল
জোনাকী বাটৰে খোজ দিয়াৰ আশা আছিল ৷
হাতে ধুকি পোৱাতে সৰগ আছিল ৷
তেজোদিপ্ত হাজাৰ ঘোৰা
চেকুৰাই আগুৱাই যোৱাৰ হেঁপাহ আছিল ৷
এতিয়া জীৱন মানেই মোৰ
হালধীয়া বসন্ত
কাইটিয়া শীত ৷
শূন্যতাৰ বৃত্তত
তোমাৰ মৰম ৷
দিঠকৰ কোচনীত তোমাৰ স্মৃতি
আৰু চোন মোৰ একোৱেই নাই ৷
দুখৰ বোজা বব মই পৰা নাই ৷
কেনে আছা আতৰি গৈ
মন যাই জানিবলৈ ৷

জীৱন

জীৱন কিয় বাৰু এটা অবুজ সাথঁৰ
যাক বুজি পাবলৈ ইমান কঠিন ৷

জীৱনত যদি কেতিযাবা হাৰিব লগীযা হয়
একো ডাঙৰ কথা নহয় ৷
কাৰন তেওঁহে হাউলিব পাৰে যি জীৱিত
অলৰ অচৰটো মৃতকৰ পৰিচয় ৷

জীৱন জীযাই থকাৰ আছে দুটি বাট
প্ৰথমটো কিবা এটা পাবলৈ চেষ্টা কৰিবলৈ শিকা
আৰু দ্বিতীয়তে যি পালা তাক পচন্দ কৰিবলৈ শিকা ৷

জীৱনটো জীয়াই থকা ইমান সহজ নহয় ৷
সংঘৰ্শ নকৰাকৈ কোনো মহান নহয় ৷
যেতিয়ালৈকে নপৰে হাতুৰীৰ কোব
শিল চতাও কেতিযাও মুৰ্তি নহয় ৷

জীৱনে বহুত কিছুৱেই শিকাই
কেতিয়াবা হহুৱাই কেতিয়াবা কন্দুৱাই ৷
কিন্তু যিয়ে দুখতো হাঁহিব পাৰে
জীৱনেও তেওঁকহে হাৰ মানে ৷

সকলো দুখ লুকুৱাই আনক হহুঁৱাই
হাঁহিৰে চকুলো ধাকি জীৱনত যোৱা আগুৱাই ৷

তাহানিৰ মোৰ স্কুলীয়া দিন

তাহানিৰ মোৰ স্কুলীয়া দিন আৰু আজি মোৰ ছোৱালীৰ স্কুলীয়া দিন

প্ৰায় 6 বছৰ মান বয়সলৈকে মাটি বালিৰে কোৰোকাত সমনীয়াৰ লগত ভাত
দালী খেলা, লুকা চুৰি, ৰবাব টেঙাৰ ফুটবল খেলি পাৰ হোৱাৰ পাচত এদিন
দেউতাই চাইকেলত বহাই স্কুল এখনলৈ লৈ গল ৷ কুমাৰ গাঁও নিম্ন বুনিয়াদি
বিদ্যালয় ৷ প্ৰধান শিক্ষক জনে কিবা কিবি সুধিলে ৷ মইও বিনদাচ উত্তৰ দিলো ৷
তেঁও কলে যে ইয়াক দ্বিতীয় শ্ৰেনীতে নাম লগাই দিও ৷ প্ৰথম শ্ৰেণী পঢ়া নহলেই ৷
ঘৰত মায়েই যি অলপ চাই দিলে ৷ পিছদিনা স্কুলৰ নীলা হাফ পেন্ট বগা চোলাটো
পিন্ধি গগন ফালি কান্দিছিলো ৷ মা মই স্কুল নাযাও অ বুলি ৷ দুপিটন খাই চকু
মোহাৰী দেউতাৰ চাইকেলৰ কেৰিয়াৰত বহি স্কুল পালোগৈ ৷ যাঁওতে সমনীয়া
কেইটাই খেলি থকা দেখি কম দুখ লাগিছিল নে? স্কুলৰ ছুটিৰ বেলটোৰ প্ৰতি
কিবা আচৰিত ভাললগা আছিল ৷ লগত লগত কিতাপ মাটিৰ পেঞ্চিল চিলথ
বেগত ভৰাই ঘৰলৈ দৌৰ মাৰো ৷ বাটত সমনীয়াৰ সৈত্যে খেলি ধুলি আহোতে
এক কিলোমিটাৰ ৰাষ্টা দুঘন্টা লাগে ৷ ঘৰ আহি পাই বেগ দলিয়াই ভাত কেইটামান
নাকে মুখে গুজি আকৌ খেলিবলৈ দৌৰি যাও ৷ সন্ধীয়া মাৰ আচাৰিৰ ভয়
নোখোৱালৈকে খেলো আৰু হাত ভৰি ধুই " তুমি চিত্ত বৃত্তি মোৰ" গাই লেমটো
জ্বলাই জুহালতে মাৰ কাষত বস্তাত বহি নেঁওতা মুখস্ত কৰো ৷ মোৰ নেঁওতা
পঢ়াৰ শব্দ বা এক প্ৰকাৰৰ চিঞৰ গাঁওৰ সিটো মোৰ পাইগৈ ৷ মাজে মাজে
মনে মনে পঢ়ো যাতে গাঁওৰ লগৰ কেইটাই কি চিঞৰি পঢ়িছে শুনা পাও ৷ লগে
লগে চলে চিঞৰি পঢ়াৰ কম্পিডিচন " নিচিনো প্ৰভু কত আছা তুমি আমি এটা সৰু লৰা " বা
শুৱনী আমাৰ গাঁও খনি অতি " ৷ সেই সময়ত আমি বেয়া পোৱা মানুহ জন আছিল
বেনুধৰ শৰ্মা, কাৰন তেঁও লিখা নেঁওতা খন মুখষ্ট কৰি কৰি আৰু মুখষ্ট দিব
নোৱাৰিলে ঘৰত আৰু স্কুলৰ মৌখিকত কম মাৰ খাওঁ নে? কিবা এটা পাঠ
পঢ়িবলৈ ললেই মায়ে কয় খৰচি মাৰি পঢ়, মই মাজৰ পৰা ধৰিম ৷ ফলত দাড়ি
কমালৈকে চকু ফুৰাও ৷ কৰ্ম অভিজ্ঞতাৰ বাবে কম কাগজৰ ঠোঙা, বিচনী, পাচি
খৰাহী বনালোনে? খেলা ধুলাৰ মাজৰে কেতিয়া কিতাপৰ কথা শিকি পেলালে
গমকে নাপালো ৷ কিন্তু যি শিকিলো আনন্দৰে শিকিলো ৷

বাৰু এতিয়া আহো মোৰ ছোৱালীৰ স্কুলীয়া কালৰ কথালৈ ৷ তাইৰ বযস ঢেৰ কি
দুই হওঁতেই সকলোৱে মোক প্লে গ্ৰুপত নাম লগাই দিবলৈ বুজনি দিব ধৰিলে ৷
নহলে পিছত এডমিশ্চন নাপাব, অন্যৰ লগত কমপিট কৰিব নোৱাৰিব ইত্যাদি
ইত্যাদি ৷ ফলত বোকা মাটি খেলা বয়সত তাইৰ ওজনতকৈও গধুৰ বেগ এটা
বান্ধি স্কুললৈ পঠিয়ালো ৷ লাহে লাহে আৰম্ভ হল মিচ সকলৰ হম ৱৰ্কৰ কাম ৷
আবেলি খেলাৰ সময়ত চোটা ভিম চোৱাৰ আশাত হোমৱৰ্কৰ কামত ব্যস্ত হৈ
পৰিল সোনোৱালী শৈশৱ ৷ নেঁওতা নোহোৱা হল ফলত সাতে পাচে কিমান
বহীত আচঁ পাৰি কৰিবলৈ আৰম্ভ কৰিব ধৰিলে ৷ খৰচি মাৰি পঢ়াৰ পৰিবৰ্তে
মিচে পঢ়োৱা ইম্পৰ্টেন্ট বোৰহে গুৰুত্ব দি পঢিব ধৰিলে ৷ মৌখিক নোহোৱা
হল ৷ চিলট মাটি পেঞ্চিলৰ সলনি কাঠ পেঞ্চিল কলম ধৰিলে ৷ মুঠতে শিক্ষাৰ
নামত বোজা কঢ়িওৱা , নিৰশ চাৰি বেৰৰ মাজত , মিছৰ ৰঙা চকুৰ পাকত পাৰ কৰা
এটা ব্যস্ত শৈশৱ ৷ হয়তো শিশুৰ শৈশৱ কাঢ়ি নিয়া এইয়াই আধুনিক শিক্ষা
পদ্ধতি ৷

::::Smile better than to weep:::::

::::Smile better than to weep:::::

Some memories has to be forgotten,
Some memories has to be kept,
Enjoy each and every moment of life,
no matter what you have got
and what you have left......
Beauty of life is to love
and live every day.
No matter you are walking in a stone or in shore,
in a moon light bay or in a sunny day
roses in all the way or may be thorns you say
hope for the best and pray for nothing.
Small or big, tough or weak,
he is there to look after everything.
Paradise is here my friend,
we are the puppet...
of a big stage
show must go on........

নৱবৰ্ষ, আৰ্চিচ গ্ৰীটিংছ কাৰ্ড আৰু ------

নৱবৰ্ষ, আৰ্চিচ গ্ৰীটিংছ কাৰ্ড আৰু ------

স্কুলত পঢ়ি থকা কালৰ কথা ৷ শৈশৱৰ খেলা ধুলাৰ লগৰি দুই এজনীক
কিবা আগতকৈ বেলেগ যেন লগা হৈ পৰিল ৷ সচাঁ কথাত কবলৈ গলে
আগতকৈ অলপ বেচিকৈ ভাল লাগিব ধৰিলে ৷ কিয় এই পৰিবৰ্তন বুজা
নাছিলো যদিও দুই একৰ মুখৰে প্ৰেম নামৰ শব্দ এটা শুনিছিলো আৰু চিঠি
পত্ৰও দিয়া দেখিছিলো ৷ মোৰো এগৰাকী বৰ ভাল লগা হৈ পৰিল ৷ পিছে মোৰ
ক্ষেত্ৰত কথাতো অলপ আনতকৈ পৃথক আছিল ৷ তাই আছিল কনভেন্ট
স্কুলৰ ছাত্ৰী, অংক টিউচনত হুচেইন চাৰৰ ঘৰত আমাৰ অসমীয়া মাধ্যমৰ
গ্ৰুপটো শেষ হোৱাৰ পিছত সিহঁতৰ টিউচন থাকে ৷ আমি ওলাও, সিহঁত সোমাই
৷ বহীত অংক কৰো আৰু ডেস্কত যোগ বিয়োগ অৰ্থাৎ ডি প্লাচ কে, কে মাইনাচ
জি টাইপৰ অংক ৷ অলপ সময়ৰ বাবে টিউচনৰ পৰা ওলাওতে দেখা পাঁও ৷
তাইক দেখিলে মোক সদৰ কেইতাই জোকাই, তাইৰ গাল মুখ ৰঙা পৰে ৷
কথা পাতিবলৈ সাহসৰ অভাৱ ৷ লগৰ কেইটাই বুদ্ধি দিলে বোলে নতুন
বছৰ আৰম্ভ হৈছে তই গ্ৰিটিংছ কাৰ্ড এখনকে দি মনৰ কথা খুলি ক ৷
আইদিয়াটো বেয়া নালাগিল ৷ সেই সময়ত আৰ্চিচ কাৰ্ডৰ খুব ডিমান্ড ৷
"ফৰ ইউ" নামৰ এখন দোকান তেজপুৰৰ ট্ৰিবেণী হ'লৰ কাষত নতুনকৈ
খুলিছিল ৷ স্কুলৰ পৰা অহাৰ সময়ত দুই এক বন্ধুৰ
পৰামৰ্শমতে এখন কাৰ্ড পচন্দ কৰিলো ৷ সেই সময়ত দুই প্ৰকাৰৰ কাৰ্ড
পোৱা গৈছিল , এখনৰ ভিতৰত এখন কাগজ থাকে যত এসোপামান
ইংৰাজী ভাষাত ভাল ভাল ডাইলগ লিখা থাকে গতিকে তলত নিজৰ
নামটো লিখি দিলেই হ'ল ৷ এইখনৰ দামটো অলপ বেচি, আৰু আনখনৰ
দাম কম ,কাগজৰ কোৱালিটি বেয়া আৰু ডাইলগ কম আৰু মাজৰ
পাতটো নাথাকে ৷ কাৰ্ড পচন্দ কৰাটো বিয়াৰ বাবে ছোৱালী পচন্দ কৰাৰ
লেখিয়া টান কাম, পিছে লগৰ এটাই এখন কাৰ্ড দেখুৱাই ক'লে এইখন ল ৷
কাৰ্ডৰ ফটোখন চালো বিদেশী যুৱক এজনে ছোৱালী এজনীক সাৱটি আছে আৰু ছোৱালী জনীৰ হাতত এসোপামান ৰঙা গোলাপ ৷ মোৰো পচন্দ হ'ল ৷ কাৰ্ডখন যিহেতু
ধুনীয়া গতিকে ডাইলগ বোৰো চাগৈ ভালেই হ'ব ৷ জোটাই জোটাই
সেইসোপা পঢি থকাতকৈ কিনিয়ে পেলালো ৷ কাৰ্ডৰ ওপৰত প্ৰেয়সীৰ
নামটো লিখোতে বুকুত যেন নামঘৰৰ ডবাহে বাজিছিল, আৰু তলত
নিজৰ নামটো লিখোতে হাত কঁপনি বেমাৰ থকা মানুহৰ দৰে কঁপিচিল ৷
পিচে কাৰ্ড খন দিম কেনেকৈ সেইটোহে চিন্তাৰ কাৰন হৈ পৰিল ৷ কাৰন নিজে
দিবলৈ সাহসৰ অভাৱ ৷ শেষত আমাৰ লগৰে এটাই তাৰ ঘৰৰ ওচৰত থকা
এগৰাকীৰ হতুৱাই কাৰ্ডখন মোৰ গৰাকীক দিয়াৰ দায়িত্ব ললে ৷ মনটো কিবা
প্ৰশান্তিৰে ভৰি পৰিল ৷ লগতে তাইৰ পৰা জীৱনৰ প্ৰথম গ্ৰীটিংচ খন পাম
বুলি আশাৰে বাট চাই ৰলো ৷

দিন পাৰ হল ৷ এদিন দুদিন, এনেদৰে জানুৱাৰী পাৰেই হল ৷ লগৰটোক সুধিলো
বোলো তই দিলিনে? লগৰজনীক সুধিবিচোন তাই কি কলে ৷ সিও গা এৰা
দিব ধৰিলে ৷ মনটো কিবা টেঙাই গল ৷ ইমান অহংকাৰী নে সেইজনী কিবা
খঙেই উথিল ৷ জানুৱাৰীত নতুন টিউচন আৰম্ভ হল ৷ গ্ৰুপ বোৰ আৰু সময়বোৰ
সলনী হল ৷ গতিকে সেইগৰাকীক লগো নোপোৱা হলো ৷ আমাৰ নতুন গ্ৰুপলৈ
অহা আন এখন স্কুলৰ দুই এজনৰ মুখেৰে যি গম পালো কথা শুনি চকু কপালত
উথিল ৷

কথাটো হল মই লগৰটোক কাৰ্ডখন দিলো হয় ৷ সি কিন্তু বেটাই কাৰ্ডখনৰ মাজৰ
মোৰ নাম লিখা কাগজখিলা এৰুৱাই তাৰ নাম লিখি তাৰ ভালপোৱা গৰাকীক
নিজ হাতেৰে দি দিলে ৷ পিছে গন্ডগোল লাগিল সেইখিনিতেই ৷ কাৰ্ড খন পিছ
দিনা বোলে তাৰ প্ৰেয়সীয়ে আহি ঘুৰাই থৈ গল আৰু কলে বোলে " যি জনী
ঘৈনিয়ৰে তোক এইখন দিছে তাইকে দেগৈ " ৷ সিও অবাক্টেড ৷ কথা কি? কাৰ্ডখনত টো
কি লিখা আছিল আমি পঢ়া নাছিলো, সিও পঢ়া নাছিল ৷ লিখা আছিল
হেপ্পী নিউ ইয়েৰ টু মাই হাব্বী "

কামনাৰ ফুল

কোনোবা দুজনৰ
দেহৰ উত্তাপত
ঘন উশাহ আৰু নিস্বাসত
গোপনে বাঢ়ি আহে
অবাঞ্চিত ৰক্ত বিৰ্য্য ৷
অবৈধ্য
অবহেলিত
অসপুৰ্ন
ৰক্ত বিৰ্য্য ৷
ডাষ্টবিনত নলাত বা নৰ্দমাত
ফুলে কামনাৰ ফুল ৷
অথবা উতি যায় ঘাটত লাগে ৷
বাজৰ ঘৰত নুপজি পুত্ৰ হয় কৰ্ণ ৷
সমাজ বোলে কাৰো ফলিয়া নহয় ৷
দুজনৰ গোপন অভিষাৰৰ
বা
ৰাজপথত দাতিত জন্ম হোৱা পাপৰ ৷
কিন্তু
ধৃতৰাষ্ট পাণ্ডু বা বিদুৰ
কি ই পাপ নহয়?
নহয় ৷
সমাজৰ মুখীয়া বা মুখা পিন্ধা ভদ্ৰ লোকৰ ৷
তেঁওলোকৰ বাবে এইয়া
এতি নিশা বা প্ৰতি নিশাৰ খেল ৷
সমাজ বোলে কাৰো ফলিয়া নহয় ৷
হয
সমাজ ৰজাৰ ফলিয়া ৷
নিয়ম ৰজা ঘৰিয়া ৷ ৷ ৷

কেতিয়াবা আকাশ চাবা

কেতিয়াবা আকাশ চাবা
মোক দেখা পাবা ৷
কেতিয়াবা বতাহ সাবটি লবা ৷
উশাহত মোৰ সুৱাস পাবা ৷
আকাশৰ তৰাটোৱে যদি জিকমিকাই
বুজিবা মই তোমাক চাই জোকাইছো ৷
যদি কলা মেঘে আকাশ উন্দোলাই
বুজিবা মই কান্দিছো
নিৰবে তোমাৰ বাবে ৷
বৰষুণ হৈ নামি আহিম
তোমাৰ দেহা চুবলে ৷
যদি মোক বিচাৰিব মন যাই
মনত এবাৰ ভাবিবা অকলে
সপোন হৈ দুচকুত চুমা দি
আকৌ গুছি যাম দুৰলে ৷
যদি কান্দে তোমাৰ হৃদয়ে
মোক হেৰুৱাৰ দুখে তোমাৰ বুকুত
যদি হে নিগৰে শোক
এটোপাল অশ্ৰু হৈ
বৈ আহিম
তোমাৰ দুগালে ৷ ৷ ৷ ৷

তোমাৰ কথা ভাবিলে

তোমাৰ কথা ভাবিলে
মোৰ মন আকাশত জোনাক নামে ৷
জীৱনে তাৰ অৰ্থ বুজে ৷
অমানিশা আতৰাই সুৰুজে ধল কুৱঁলী ফালে
গতি হীন সপোনে পুৰ্নতা আনে ৷
আশাবোৰে প্ৰান পাই চেকুৰা মাৰে ৷৷

তোমাৰ কথা ভাবিলে
জীযাই থাকি তোমাৰ হোৱাৰ বাসনা জাগে
প্ৰতিশ্ৰুতি আৰু সম্ভৱনাই
অসম্পুৰ্নতাৰ অৱসাদ আতৰাই সম্পুৰ্নতাৰ পৰিধি ভাঙে ৷
নাজানো কিয়
মনে চোন মোৰ মনে মনে প্ৰতি পলে অনুপলে
তোমাৰ কথাকে ভাবে

:::::::::বিলুপ্তিৰ পথত প্ৰকৃতিৰ চাফাই কৰ্মী:::::::

:::::::::বিলুপ্তিৰ পথত প্ৰকৃতিৰ চাফাই কৰ্মী:::::::
(এটা অনুৰোধ পোষ্টটো সময় উলিয়াই এবাৰ পঢ়ক আৰু আনকো জনাওক)
হয়, মই ৰামায়নত সীতাহৰনৰ বাতৰি দিওঁতা জটায়ু পক্ষী বা আমাৰ চিনাকী আকাশৰ ৰজা শগুণৰ কথাকে কব লৈছো ৷ ,৮০ ৰ দশকত প্ৰায় ৪ কোটিতকৈও অধিক শগুণ পোৱা গৈছিল কিন্তু বৰ্তমান এই চৰাই বিধৰ সংখ্যা কমিগৈ ৪হাজাৰত ৰৈছেগৈ ৷ যি আমাৰ পৰিবেশ তথা মানৱ জাতিৰ বাবে ক্ষতিকাৰক ৷ শগুনৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা থোৰতে জনাই থব বিছাৰিছো৷
1/ ভাৰতত মুঠ ৯ টা প্ৰজাতিৰ শগুণ পোৱা যাই তাৰে অসমত ৬ টা প্ৰজাতি আছে আৰু ইয়াৰে বগা পীঠিয়া আৰু লাহী ঠুতীয়া শগুণৰ প্ৰজাতি দুটা বিলুপ্তিৰ পথত ৷
2/ শগুণে গেলা পচা মৰাশ খাই পৰিবেশ চাফা কৰি ৰখাই নহয়, চবকা, টেটুৱা, জলাতংক আদি ৰোগৰ বিজানু বিয়পাত বাধা দিয়ে ৷
3/ ক্ষিপ্ৰ গতিত শগুণ নাইকীয়া হোৱাৰ মুল কাৰন 2004 চনত পক্ষী বিশেষজ্ঞ সকলে চিনাক্ত কৰিছে যে পশু চিকিৎসাত বিষ নাশক হিচাপে ব্যৱহাৰ কৰা " ডাইক্লফিনাক" মুল কাৰক ৷
4/ এশটা মৰাশৰ ভিতৰত যদি এটা মৰাশটো এক মাইক্ৰমিলিগ্ৰাম এই ঔষধ থাকে তেনে মৰাশ খাই শগুণ মৃত্যুমুখত পৰিব পাৰে
5/ 2006 চনত ভাৰত চৰকাৰে ডাইক্লফিনাকৰ উৎপাদন, বিক্ৰী আৰু ব্যৱহাৰ পশু চিকিৎসাত বন্ধ কৰিছে কিন্তু দুৰ্ভাগ্যৰ কথা মানুহৰ বিষ নাশক ঔষধকে পশু চিকিৎসাত বৰ্তমানেও ব্যৱহাৰ হৈ আছে ৷
6/ এই পক্ষীবিধৰ কৃটিম প্ৰজনন আৰু সংৰক্ষনৰ বাবে হাৰিয়ানাৰ পিঞ্জৰ, পশ্চিমবংগৰ বাস্কা আৰু অসমৰ ৰাণীত কেন্দ্ৰ আছে যত প্ৰায় 300 টা শগুণ কৃটিম প্ৰনালীৰে প্ৰজননৰ ব্যৱস্থা কৰা হৈছে ৷ ৰাণীত মুঠ 64 শগুণ আছে ৷
7/ শগুণে বছৰত এটাহে কণী পাৰে ৷
8/ জাৰ কালি আকাশত দেখা শগুণবোৰ পৰিভ্ৰমি হে, যি আকৌ কিছুদিন পিছত হিমালয়লৈ গুছি যায় ৷
9/ শগুণ কমি যোৱা বাবে কাউৰী কুকুৰ ইত্যাদিয়ে মৰাশ ভক্ষন কৰা হৈছে কিন্তু শগুণৰ দৰে সিহতে ৰোগৰ বিজানু হজম কৰিব নোৱাৰে যাৰ বাবে সেই কাউৰী কুকুৰৰ মল মুত্ৰৰ দ্বাৰা মানুহৰ দেহালৈকো বিভিন্ন ৰোগ সংক্ৰমন হৈছে ৷
10/ ৰাণীৰ এই শগুণ কেইটাক প্ৰাকৃতিক পৰিবেশত মুক্ত বিচৰন কৰিবৰ বাবে অহা দুই এবছৰৰ ভিতৰত এৰি দিয়া হব ৷ তাৰ বাবে তিনি হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল এটা বাচি লোৱা হৈছে ৷ এই অঞ্চল সামৰি লোৱা জিলা কেইখন হল শিৱসাগৰ, যোৰহাট, গোলাঘাট, উত্তৰ লক্ষিমপুৰ ধেমাজী, নগাঁও, ডিব্ৰুগড় শোনিতপুৰ আৰু কাৰ্বি আংলং ৷ গতিকে এই জিলা কেইখনৰ লোক সকলে এই নিৰিহ চৰাই বিধৰ সংৰক্ষনৰ ক্ষেত্ৰত কিছু সহায় বৈজ্ঞানিক সকলক কৰিব লাগিব ৷ তেতিয়াহে এই প্ৰজেক্ট সফল হব ৷

::::::আমাৰ কৰনীয়::::
1/ পশু চিকিৎসাৰ বাবে ডাইক্লফিনাকৰ পৰিবৰ্তে মেলক্সিকেম ব্যৱহাৰ কৰিব লাগিব তথা আনকো জনাব লাগিব ৷
2/ ওখ গছ যেনে চতিয়না শিমলু আদি কটাৰ পৰা বিৰত থাকিব লাগিব
3/ মৰাশত যাতে বিহ দিয়া নহয় আৰু বহুদিন ৰোগত আক্ৰান্ত হৈ থকা গৰু মহ আদি যাতে পুতি পেলোৱা হয় ৷
4/ শগুনৰ পোৱালী, আঘাট প্ৰাপ্ত বা মৃত শগুন দেখা পালে তৎক্ষনাত যাতে বন বিভাগত খবৰ দিয়ে ৷
5/ আহক নিজেও এই সংৰক্ষণৰ অংশিদাৰ হঁও আৰু আনকো সজাগ কৰো ৷

:::আজিৰ চিন্তা: ::::

:::আজিৰ চিন্তা: ::::
চাৰি যুগ ক্ৰমে সত্য,ত্ৰেতা , দ্বাপৰ আৰু কলি যুগ ৷
চাৰি বৰ্ণ ক্ৰমে ব্ৰাক্ষ্মন, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ ৷
চাৰিখন আশ্ৰম ক্ৰমে ব্ৰক্ষ্মচৰ্য্য, গ্ৰাহস্থ্য, বানপ্ৰস্থ আৰু সন্যাস ৷
চাৰি বেদ ক্ৰমে ঋকবেদ , যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ ৷
চাৰি পুৰুষাৰ্থ ক্ৰমে ধৰ্ম, অৰ্থ, কাম আৰু মৌক্ষ ৷

বৰ্তমান বৰাহকল্প চলি আছে, এই কল্পৰ মুঠ বৰ্ষ হ'ল 423000000
এই কল্পৰ চাৰি যুগৰ সমযকাল হল
সত্যযুগ: 1728000
ত্ৰেতাযুগ : 1296000
দ্বাপৰ যুগ: 864000
কলিযুগ: 432000 ( কালপুৰুষ পঞ্জিকাত বৰ্ষৰ হিচাপটো পাব)
বাৰু এতিয়া সংখ্যাবোৰ যোগ কৰো আহকচোন:
বৰাহকল্প 423000000 = (4+2+3= 9)
সত্য যুগ 1728000 = (1+7+2+8=18 = 1+8 = 9)
ত্ৰেতাযুগ 1296000 = (1+2+9+6= 18 = 1+8 = 9)
দ্বাপৰযুগ 864000 = (8+6+4= 18 =1+8 = 9)
কলিযুগ 432000 = (4+3+2 = 9)
বাৰু এতিয়া কলি যুগৰ বৰ্ষৰে সত্যযুগক হৰণ কৰক
1728000 / 432000 = 4
কলি যুগৰ বৰ্ষৰে ত্ৰেতাযুগক হৰণ কৰক
1296000 / 432000 = 3
কলিযুগৰ বৰ্ষৰে দ্বাপৰক হৰন কৰক
864000 / 432000 = 2
আৰু কলি কালৰ বৰ্ষত কলিকালৰে হৰণ কৰক
432000 / 432000 =1
সত্যযুগত ধৰ্মৰ চাৰিটা খুটি বা ধৰ্ম নামৰ গৰুজনীৰ 4 টা ভৰি আছিল বুলি ভাগৱতত লিখা আছে, ত্ৰেতাত 3 টা হল, দ্বাপৰত 2 টা আৰু কলিকালত 1 টা ভৰিত ধৰ্ম টিকি আছে বুলি উল্লেখ আছে ৷
সেই মতে সত্যযুগত বিষ্ণুৱে 4 টা অৱতাৰ লৈছিল ক্ৰমে মৎস্য কুৰ্ম , বৰাহ আৰু নৰসিংহ ত্ৰেতাযুগত 3 টা অৱতাৰ ক্ৰমে বামন, পৰশুৰাম আৰু ৰাম
দ্বাপৰ যুগত 2 টা অৱতাৰ ক্ৰমে কৃষ্ণ আৰু বলোৰাম বা হলিৰাম
কলিযুগত 1 টা অৱতাৰ কল্কি অৱতাৰ
অলপ গণিত আৰু ধৰ্মৰ সমিলমিল চিন্তা কৰিছো ৷ কি লুকাই আছে বাৰু নে কেৱল কাকতলিয়

:::::::ল' ৰালী::::::::

:::::::ল' ৰালী::::::::
সুমধুৰ কি সেই দিন আছিল
আইৰ কোলা পিতাইৰ বোকোচা ৷
মাটি বালিৰে ঘৰ সজা
লুকা ভাকু
কইনা দৰা ৷
আকৈ বাকৈ
আইচ বাইছ
,,,,,,,ধপ্পা ৷
অলং দলং কৰিছে ৰজা ৰানী আহিছে ৷
ৰঙা নীলা চিলা
বাহ বাহ
বৰলৰ টোপ, নলৰ পুঙা
লাগ বুলিলেই খুচুৰা পইচাৰ বাহৰ চুঙা ৷
ক'ত গল মোৰ ৰঙা জীঞা
বটলত ভৰাই থোৱা জোনাকী পৰুৱা ৷
সাচতীয়া বিৰিং গুটি
বেগত ভৰাই বাটলুগুটি
আম জাম লিচুলৈ ফৰমুটি ৷
কাবাদি কাবাদি কাবাদি কাবাদি
ৰুমাল চুৰি
ঘৰিয়াল পানি
উথা বহা
চকু বান্ধী টেকেলী ভাঙা ৷
বল আমাৰ ৰাবাব টেঙা ৷
আজি মাথো সোঁৱৰণী
জীৱনৰ আলিত পাক এটা মাৰি ঘুৰি যাব পৰা হলে
উভতি গৈ আকোঁৱালী ললো হয় ল'ৰালী ৷ ৷ ৷ ৷ ৷

শ্ৰীমদ্ভাগৱতত অনু পৰমানুৰ ধাৰনা

শ্ৰীমদ্ভাগৱতত অনু পৰমানুৰ ধাৰনা
শ্ৰীমদ্ভাগৱত পুৰানৰ তৃতীয় স্কন্ধৰ একাদশ অধ্যায়ত কাল নিৰুপনত আধুনিক বিজ্ঞানৰ
অনু পৰমানুৰ সুস্পষ্ট ধাৰনা দিয়া হৈচে ৷
মৈত্ৰেয়ে বিদুৰক কৈছিল " হে বিদুৰ, স্থুল সুক্ষ্ম আদি যিমান কাল আছে সকলো
সুৰ্য়্যৰ গতিৰ দ্বাৰা নিৰ্ণয় কৰা হয়৷ সেয়াই সৰ্ব শাস্ত্ৰ মত বুলি জানিবা ৷ যি বোৰক বিভাগ
কৰিব নোৱাৰি তাক পৰমাণু বোলা হয় ৷ পৰমাণুই সকলো স্থান বিয়পি থাকে ৷
পৰমাণুৰ যি যি স্থানত সুৰ্য্যৰ কিৰণ পৰে সেইবোৰক পৰমাণু কাল বোলা হয় ৷ এতিয়া
স্থুল কালৰ কথা কওঁ শুনা ৷ দুটি পৰমাণু একত্ৰিত হলে তাক অনু বোলা হয় ৷ ৷ ৷ ৷

যি সকলে ভাগৱত পূৰাণ ইত্যাদিক আও পুৰনী ভগৱানৰ পূজাৰ বিধি মন্ত্ৰ লিখা
থাকে বুলি ভাবে, তেওলোকৰ বাবে পৰ্য্যায় ক্ৰমে সকলো বৈজ্ঞানিক ধাৰনা যে
এই পুথি সমুহত সন্নিবিষিষ্ট আছে তাক উল্লেখ কৰিম ৷ নিলচ ব'ৰ, ৰাডাৰফৰ্ড ইত্যাদিয়ে
পৰমানুৰ ধাৰনা, ১৮ শতিকাত মানৱ সমাজত উথ্থাপন কৰাৰ হাজাৰ বছৰ
আগতেই এই শ্ৰীমদ্ভাগৱত পূৰাণত অনু পৰমাণু, সময়, কাল, সময় নিৰুপনৰ
আহিলা ঘড়ী কি দৰে সাজিব পাৰি তাৰ বিষয়ে উল্লেখ কৰি গৈছে ৷

" One Must Imagine Sisyphus Happy "

" One Must Imagine Sisyphus Happy "
চিচিফাছ, এজন গ্ৰীক ভগৱানৰ দ্বাৰা শাপিত ৰজা ৷ যিটো শাপৰ বাবে চিচিফাচে
ওখ পৰ্বত এটাৰ ওপৰলৈ গধুৰ শিল এটা কঢ়িয়াই নিয়ে আৰু পৰ্বত শিখৰ পোৱাৰ
লগে লগে পুনৰ তললৈ পেলাই দিয়ে ৷ পুনৰ আকৌ ওপৰলৈ নিয়ে ৷ বিস্বাস মতে শাপিত
চিচিফাচে বৰ্তমানেও প্ৰতিদিনে ইয়াকে কৰি আছে ৷

আমি কৰ্ম কৰি আছো ৷ ভৱিষ্যৎ কি হব নাজানো ৷ তথাপি কৰ্ম কৰি যাব লাগে ৷
কেতিয়াও এইটো ভৱা উচিত নহয় যে এইটো কৰি কি লাভ ?
শ্ৰীমদ্ভাগৱতৰ সাংখ্যযোগত কৈছে
কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন ৷
মা কৰ্মফলহেতুৰ্ভূৰ মা তে সংগোহস্তকৰ্মণি ৷ ৷ (2/47)
অৰ্থাৎ: কেৱল শাস্ত্ৰ বিহিত কৰ্মসমুহ কৰি যোৱাৰ বাবেহে তোমাৰ অধিকাৰ আছে ৷
কিন্তু সেই কৰ্মফলৰ ওপৰত তোমাৰ অধিকাৰ কেতিয়াও নাথাকে ৷ তুমি কেতিয়াও
নিজকে তুমি কৰা কৰ্মসমূহৰ ফলৰ কাৰন বুলি নাভাবিবা আৰু কেতিয়াও তুমি
তোমাৰ কৰ্তব্য নকৰাকৈ থকা অৱস্থাৰ প্ৰতি আসক্ত নহ'বা ৷
পুনৰ শ্ৰীমদ্ভাগৱতগীতাৰ কৰ্ম যোগত কৈছে
তস্মাদসক্তঃ সততং কাৰ্য়ং কৰ্ম সমাচৰ ৷
অসক্তো হ্যাচৰন কৰ্ম পৰমাপ্নোতি পূৰুষঃ ৷ ৷ (3/ 19)
অৰ্থাৎ: গতিকে কৰ্ম ফলৰ প্ৰতি কোনো আসক্তি নৰখাকৈ কেৱল কৰ্তব্য বুলি ভাবি লৈ
সততাৰে কাম বোৰ কৰি যোৱা ৷
চিচিফাচৰ বিষয়ে হোমাৰৰ ইলিয়াদ ( Book vi) আৰু উদিছিত (Book xi) উল্লেখ
আছে ৷ এলবাৰ্ট কেমাচৰ দা মিথ অফ চিচিফাচ বুলি কিতাপখনৰ এষাৰী উদ্ধৃতিৰে
সামৰিছো ৷
One must imagine Sisyphus Happy as " The struggle itself towards the heights is enough to fill a man's heart"
If you live your life in a state of anticipation, you will Never be satisfied. Learn to enjoy and appreciate the journey, and don' t worry about what will become of all that you are doing in Present.
What' s important is that you work to be happy Now. Leave the rest in the hands of the universe.
-----------and when you want something, all the universe conspires in helping you to archive it. There is only one thing that makes a dream impossible to achieve: the fear of failure. ( Paulo Coelho, The Alchemist)

:::::অভিমান:::::

:::::অভিমান:::::
নকলেও বুজি পাও
তোমাৰ মনৰ কথা ৷
তুমিহে নুবুজা মোৰ
বুকুৰ বেথা ৷
বুজিও নুবুজা হোৱা
অভিমান কৰি ৰং চোৱা
নহয়নে ইয়েই ভালপোৱা?
আৱেগত গধুৰ শব্দটি?
খোজত খোজ দিয়া
শ্ৰদ্ধা কৰি বিস্বাসক
হয় ইয়েই ভালপোৱা ৷ ৷ ৷ ৷

বুকু উজাই দুখ আহে

বুকু উজাই দুখ আহে
সুখ যাই ভটিয়াই
দিন আহে ৰাতি যাই
মাহ বোৰ পাৰ হয়
বছৰো বাগৰি যাই৷
কতেনো গলি হেৰাই
সপোন মোৰ
তোৰ চোন আহৰি নাই
মোৰ বুলিবলৈ
তই নাই ৷ ৷
খবৰ এটা লবি চোন
কেনেকৈনো আছো জীয়াই ৷
গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত
ঋতু আহে ঋতু যাই
তৃষ্ণাতুৰ মনে মোৰ
তোলৈকে বাট চাই
পানী অনা ঘাটলৈ পানী অনাৰ চলেৰে
আকৌ এবাৰ আহচোন
মনৰ কথা খুলি কম
কহুৱা বিৰিনাৰ বালিয়ৰি বাগিছাত
আকৌ প্ৰেমৰ শপত লম ৷
দিখৌ নৈত সাতুঁৰিম
দিছাং মুখত উমলিম
দিহিংৰে পাৰত বহি
তোক অনাৰ কথা দিম ৷

Walking

Walking in a thorny desert
illusion in every step of path....
Asked spring for a shower of rain
Wind to blow away my pain....
gave nothing ...
abandoning me like a leaf of autumn
lost, forgotten and alone ...
You too came to my life
like a sunshine in early dawn ...
But departed again
leaving some memories in my heart and soul.
giving me another pain....
Now its me
a life without meaning
Just going ...going .....and going ..

তুমি তোমাৰ দৰেই......

তুমি তোমাৰ দৰেই......
তুমিটো নোহোৱা আনৰ দৰে
তুমি মোৰ প্ৰেয়সী মোৰ কল্পনাৰ দৰেই ৷
তুমিতো নহয় ৰজনীগন্ধা
শয়ন কোঠা শুৱনী কৰা এনিশাৰ বাবে,
তুমি ৰক্তজৱা
হৃদয়ত ফুলা এপাহ গোলাপৰ দৰে ৷
তুমিটো নহয় সময়ে সলনি কৰা ঋতুৰ দৰে
অথবা আনে কল্পনা কৰা প্ৰেমিকা জোনৰ দৰে ,
পূৰ্ণিমাত হৃদয় জুৰাই অমানিশাত আতৰি যোৱাৰ দৰে ৷
তুমিটো মোৰ জীৱনৰ প্ৰতিটো পুৱাৰ সুৰুজ,
চিৰনতুন এক উৎসাহৰ দৰে ৷
তুমিটো নহয় এচাতি বতাহৰ দৰে,
গ্ৰীষ্মত দেহ জুৰাই শীতত দেহা কঁপোৱা সমীৰৰ দৰে ৷
তুমিটো মোৰ উশাহৰ দৰে,
জীৱনত যাৰ প্ৰয়োজন জীয়াই থকাৰ বাবে ৷

তুমিটো মোৰ ছাটোও নহয়........
আন্ধাৰত হেৰাই যোৱা বা
পোহৰত খোজ দিযা কাষে কাষে ৷
তুমিটো মোৰ ৰঙা তেজ,
ধমনী আৰু সিৰাই সিৰাই বৈ থকা জীৱন থকালৈকে ৷
তুমি নোহোৱা মোৰ প্ৰেমৰ বেদীৰ প্ৰতিমা,
যাক দলিয়াই দিয়া হয় এদিনা,
তুমি মোৰ হৃদয়ৰ মনিকুটত সজাই থোৱা প্ৰেমৰ থপনা .........

সোঁৱৰণী

সোঁৱৰণী এখিলা কাগজৰ দৰে
লুটিয়াই গলেই সৰি পৰে স্মৃতিৰ পাপৰি
এৰি অহা প্ৰতিটো দিনৰ
প্ৰতিটো ক্ষনৰ ৷ ৷ ৷ ৷ ৷
কি যে সুমধুৰ আছিল উমাল মৰম
স্নেহাসিক্ত প্ৰতিটো পুৱা ,
জোনাক সনা কামনাৰে ভৰা সেই উজাগৰি নিশা ,
পাইও আৰু পাবলৈ কিমান যে হেপাঁহ ৷
এতিয়া পিছে হুমুনিয়াহ ৷ ৷ ৷
যদিও তুমি বুকুৰ কাষত
তথাপিও এনে কিয় লাগে যেন হাতেৰে ধুকি নোপোৱা দুৰৈত
মোৰ বাবে তুমি তোমাৰ বাবে ৰৈ আছো মই ৷ ৷ ৷
মিলনৰ ক্ষন গনি পাৰ কৰিছো সময় ৷ ৷ ৷
কাহানিবা জুৰ পৰে হিয়া
এজাক বাৰিষাই ধুৱাব আহি ধুলিয়ৰি বুকুৰ বেদনা ৷ ৷
ফাগুনে উতলা কৰা মনত জগাবহি আহি
বসন্তৰ নতুন প্ৰেৰনা ৷
আবেগৰে আদৰিম
হেৰুৱা দিনৰ ঠিকনা ৷
তোমাৰ বুকুত মুৰ গুজি যেন পাহৰি পেলাম দুখৰ বন্যা ৷
সাৱতি লম দুহাতে অশ্ৰু সিক্ত নয়নে
উচুপি তোমাৰ বুকুত হেৰুৱাই নিজকে ৷ ৷ ৷ ৷
স্পৰ্ষৰে উজাৰিদিম
বুকুৰ সমস্ত ভালপোৱা ৷
অপেক্ষা এতিয়াও মাথো অপেক্ষা ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷