Friday 20 February 2015

নৱবৰ্ষ, আৰ্চিচ গ্ৰীটিংছ কাৰ্ড আৰু ------

নৱবৰ্ষ, আৰ্চিচ গ্ৰীটিংছ কাৰ্ড আৰু ------

স্কুলত পঢ়ি থকা কালৰ কথা ৷ শৈশৱৰ খেলা ধুলাৰ লগৰি দুই এজনীক
কিবা আগতকৈ বেলেগ যেন লগা হৈ পৰিল ৷ সচাঁ কথাত কবলৈ গলে
আগতকৈ অলপ বেচিকৈ ভাল লাগিব ধৰিলে ৷ কিয় এই পৰিবৰ্তন বুজা
নাছিলো যদিও দুই একৰ মুখৰে প্ৰেম নামৰ শব্দ এটা শুনিছিলো আৰু চিঠি
পত্ৰও দিয়া দেখিছিলো ৷ মোৰো এগৰাকী বৰ ভাল লগা হৈ পৰিল ৷ পিছে মোৰ
ক্ষেত্ৰত কথাতো অলপ আনতকৈ পৃথক আছিল ৷ তাই আছিল কনভেন্ট
স্কুলৰ ছাত্ৰী, অংক টিউচনত হুচেইন চাৰৰ ঘৰত আমাৰ অসমীয়া মাধ্যমৰ
গ্ৰুপটো শেষ হোৱাৰ পিছত সিহঁতৰ টিউচন থাকে ৷ আমি ওলাও, সিহঁত সোমাই
৷ বহীত অংক কৰো আৰু ডেস্কত যোগ বিয়োগ অৰ্থাৎ ডি প্লাচ কে, কে মাইনাচ
জি টাইপৰ অংক ৷ অলপ সময়ৰ বাবে টিউচনৰ পৰা ওলাওতে দেখা পাঁও ৷
তাইক দেখিলে মোক সদৰ কেইতাই জোকাই, তাইৰ গাল মুখ ৰঙা পৰে ৷
কথা পাতিবলৈ সাহসৰ অভাৱ ৷ লগৰ কেইটাই বুদ্ধি দিলে বোলে নতুন
বছৰ আৰম্ভ হৈছে তই গ্ৰিটিংছ কাৰ্ড এখনকে দি মনৰ কথা খুলি ক ৷
আইদিয়াটো বেয়া নালাগিল ৷ সেই সময়ত আৰ্চিচ কাৰ্ডৰ খুব ডিমান্ড ৷
"ফৰ ইউ" নামৰ এখন দোকান তেজপুৰৰ ট্ৰিবেণী হ'লৰ কাষত নতুনকৈ
খুলিছিল ৷ স্কুলৰ পৰা অহাৰ সময়ত দুই এক বন্ধুৰ
পৰামৰ্শমতে এখন কাৰ্ড পচন্দ কৰিলো ৷ সেই সময়ত দুই প্ৰকাৰৰ কাৰ্ড
পোৱা গৈছিল , এখনৰ ভিতৰত এখন কাগজ থাকে যত এসোপামান
ইংৰাজী ভাষাত ভাল ভাল ডাইলগ লিখা থাকে গতিকে তলত নিজৰ
নামটো লিখি দিলেই হ'ল ৷ এইখনৰ দামটো অলপ বেচি, আৰু আনখনৰ
দাম কম ,কাগজৰ কোৱালিটি বেয়া আৰু ডাইলগ কম আৰু মাজৰ
পাতটো নাথাকে ৷ কাৰ্ড পচন্দ কৰাটো বিয়াৰ বাবে ছোৱালী পচন্দ কৰাৰ
লেখিয়া টান কাম, পিছে লগৰ এটাই এখন কাৰ্ড দেখুৱাই ক'লে এইখন ল ৷
কাৰ্ডৰ ফটোখন চালো বিদেশী যুৱক এজনে ছোৱালী এজনীক সাৱটি আছে আৰু ছোৱালী জনীৰ হাতত এসোপামান ৰঙা গোলাপ ৷ মোৰো পচন্দ হ'ল ৷ কাৰ্ডখন যিহেতু
ধুনীয়া গতিকে ডাইলগ বোৰো চাগৈ ভালেই হ'ব ৷ জোটাই জোটাই
সেইসোপা পঢি থকাতকৈ কিনিয়ে পেলালো ৷ কাৰ্ডৰ ওপৰত প্ৰেয়সীৰ
নামটো লিখোতে বুকুত যেন নামঘৰৰ ডবাহে বাজিছিল, আৰু তলত
নিজৰ নামটো লিখোতে হাত কঁপনি বেমাৰ থকা মানুহৰ দৰে কঁপিচিল ৷
পিচে কাৰ্ড খন দিম কেনেকৈ সেইটোহে চিন্তাৰ কাৰন হৈ পৰিল ৷ কাৰন নিজে
দিবলৈ সাহসৰ অভাৱ ৷ শেষত আমাৰ লগৰে এটাই তাৰ ঘৰৰ ওচৰত থকা
এগৰাকীৰ হতুৱাই কাৰ্ডখন মোৰ গৰাকীক দিয়াৰ দায়িত্ব ললে ৷ মনটো কিবা
প্ৰশান্তিৰে ভৰি পৰিল ৷ লগতে তাইৰ পৰা জীৱনৰ প্ৰথম গ্ৰীটিংচ খন পাম
বুলি আশাৰে বাট চাই ৰলো ৷

দিন পাৰ হল ৷ এদিন দুদিন, এনেদৰে জানুৱাৰী পাৰেই হল ৷ লগৰটোক সুধিলো
বোলো তই দিলিনে? লগৰজনীক সুধিবিচোন তাই কি কলে ৷ সিও গা এৰা
দিব ধৰিলে ৷ মনটো কিবা টেঙাই গল ৷ ইমান অহংকাৰী নে সেইজনী কিবা
খঙেই উথিল ৷ জানুৱাৰীত নতুন টিউচন আৰম্ভ হল ৷ গ্ৰুপ বোৰ আৰু সময়বোৰ
সলনী হল ৷ গতিকে সেইগৰাকীক লগো নোপোৱা হলো ৷ আমাৰ নতুন গ্ৰুপলৈ
অহা আন এখন স্কুলৰ দুই এজনৰ মুখেৰে যি গম পালো কথা শুনি চকু কপালত
উথিল ৷

কথাটো হল মই লগৰটোক কাৰ্ডখন দিলো হয় ৷ সি কিন্তু বেটাই কাৰ্ডখনৰ মাজৰ
মোৰ নাম লিখা কাগজখিলা এৰুৱাই তাৰ নাম লিখি তাৰ ভালপোৱা গৰাকীক
নিজ হাতেৰে দি দিলে ৷ পিছে গন্ডগোল লাগিল সেইখিনিতেই ৷ কাৰ্ড খন পিছ
দিনা বোলে তাৰ প্ৰেয়সীয়ে আহি ঘুৰাই থৈ গল আৰু কলে বোলে " যি জনী
ঘৈনিয়ৰে তোক এইখন দিছে তাইকে দেগৈ " ৷ সিও অবাক্টেড ৷ কথা কি? কাৰ্ডখনত টো
কি লিখা আছিল আমি পঢ়া নাছিলো, সিও পঢ়া নাছিল ৷ লিখা আছিল
হেপ্পী নিউ ইয়েৰ টু মাই হাব্বী "

No comments:

Post a Comment