Friday 20 February 2015

বুকু উজাই দুখ আহে

বুকু উজাই দুখ আহে
সুখ যাই ভটিয়াই
দিন আহে ৰাতি যাই
মাহ বোৰ পাৰ হয়
বছৰো বাগৰি যাই৷
কতেনো গলি হেৰাই
সপোন মোৰ
তোৰ চোন আহৰি নাই
মোৰ বুলিবলৈ
তই নাই ৷ ৷
খবৰ এটা লবি চোন
কেনেকৈনো আছো জীয়াই ৷
গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত
ঋতু আহে ঋতু যাই
তৃষ্ণাতুৰ মনে মোৰ
তোলৈকে বাট চাই
পানী অনা ঘাটলৈ পানী অনাৰ চলেৰে
আকৌ এবাৰ আহচোন
মনৰ কথা খুলি কম
কহুৱা বিৰিনাৰ বালিয়ৰি বাগিছাত
আকৌ প্ৰেমৰ শপত লম ৷
দিখৌ নৈত সাতুঁৰিম
দিছাং মুখত উমলিম
দিহিংৰে পাৰত বহি
তোক অনাৰ কথা দিম ৷

No comments:

Post a Comment