Friday 20 February 2015

::::::পানী আৰু প্ৰথম কীৰ্তন:::::

::::::পানী আৰু প্ৰথম কীৰ্তন:::::

প্ৰথমে প্ৰণামো ব্ৰক্ষ্ম ৰূপি সনাতন ৷
সৰ্ব অৱতাৰৰ কাৰন নাৰাযন ৷ ৷
তজু নাভী কমলত ব্ৰক্ষ্মা ভৈলা জাত ৷
যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত ৷ ৷

আপুনি উপৰুক্ত কীৰ্তনৰ প্ৰথম অধ্যায়ৰ প্ৰথম পদ ভাগৰ অৰ্থ কি ভাঙনী কৰে নাজানো
কিন্তু মোৰ বোধৰে এনে ধৰনৰ ৷

প্ৰথমে প্ৰণামো ব্ৰক্ষ্মৰূপি সনাতন
অৰ্থাৎ: প্ৰথমে প্ৰণাম কৰো ব্ৰক্ষ্ম বা শক্তিৰ এটা ৰূপ যি সনাতন নিৰাকাৰ আৰু চিৰস্থায়ী

সৰ্ব অৱতাৰৰ কাৰন নাৰায়ন
অৰ্থাৎ: সৰ্ব বা সকলো অৱতাৰ বা জীৱৰ উৎপত্তিৰ কাৰন বা আধাৰ নাৰাযন
বা পানী ৷

তজু নাভী কমলচন্দ্ৰ ব্ৰক্ষ্মা ভৈলা জাত
অৰ্থাৎ: তজু মানে তোমাৰ নাভী বা কেন্দ্ৰত ব্ৰক্ষ্মা বা জীৱ ভৈলা জাত বা জন্ম হয় ৷

যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত
অৰ্থাৎ: বিভিন্ন সময়ত বিভিন্ন জীৱৰ উৎপত্তি হয় ৷

এতিয়া দেখা যায় যে
জীৱ পানী অবিহনে সৃষ্টি হোৱাটো অসম্ভৱ আৰু পানী থকা বাবেই এই পৃথিৱীত
জীৱ আছে ৷ দেহৰ কোষৰ পৰা পানী বাহিৰ হৈ গলে কোষৰ মৃত্যু হয় ৷ পানীতেই সকলো
বিপাকীয় পদাৰ্থ দ্ৰৱীভূত হয় অৰ্থাৎ সাৰ্বজন্নিন দ্ৰাৱক ৷ খাদ্য নোখোৱাকৈ মাহ
পৰ্য্যন্ত জীয়াই থাকিব পাৰি কিন্তু পানী অৱিহনে নোৱাৰি ৷ বিবৰ্তনৰ মত অনুসৰি
প্ৰথম সাগৰৰ পানীতেই জীৱৰ সৃষ্টি হৈছিল ৷ পানীৰ কোনো নিজা আকাৰ নাই ৷
আৰু পানী ব্ৰক্ষ্ম বা শক্তিৰ উৎস ৷ সনাতন বা প্ৰাচীন কাৰন পানী সৃষ্টি হোৱাৰ পৰাহে জীৱ
সৃষ্টি হৈচে ৷ গতিকে নিৰাকাৰ নাৰাযন বা পানীক প্ৰথম প্ৰণাম কৰা হৈছে ৷

তজু নাভীকমলত ব্ৰক্ষ্মা ভৈলা জাত বা দেহৰ নাভী বা কেন্দ্ৰ অংশত জৰায়ুৰ পদুমৰ
দৰে ফুল বা অপৰাৰ ভিতৰত থকা পানী বা এমনিয়তিক ফ্লুইডতে সন্তান জন্ম
হয় ৷

বিবৰ্তনবাদৰ মতে সকলো জীৱ পৃথিৱীত একে সময়তে সৃষ্টি হোৱা নাই ৷ সৰল জীৱৰ
পৰা ক্ৰমান্বযে জটিল আৰু জটিলতম জীৱ পৰ্য্যায়ক্ৰমে সৃষ্টি হৈছে ৷ অৰ্থাৎ যুগে যুগে অৱতাৰ
ধৰা অসংখ্যাত ৷

No comments:

Post a Comment