Friday 20 February 2015

শূন্যতাৰ বৃত্ত

শূন্যতাৰ বৃত্ত

হেজাৰ বেজাৰ বুকুতে শুকাই
ধুলীয়ৰি বাট মোৰ
জীৱন জোনাক গল যে হেৰাই ৷
তুমিহীনতাত মাথো জীয়াই আছো
গতি হীন সুঁতি হীন
এৰা পৰা নৈ হৈ ৷
তুমি আছিলা
সপোন আছিল
জোনাকী বাটৰে খোজ দিয়াৰ আশা আছিল ৷
হাতে ধুকি পোৱাতে সৰগ আছিল ৷
তেজোদিপ্ত হাজাৰ ঘোৰা
চেকুৰাই আগুৱাই যোৱাৰ হেঁপাহ আছিল ৷
এতিয়া জীৱন মানেই মোৰ
হালধীয়া বসন্ত
কাইটিয়া শীত ৷
শূন্যতাৰ বৃত্তত
তোমাৰ মৰম ৷
দিঠকৰ কোচনীত তোমাৰ স্মৃতি
আৰু চোন মোৰ একোৱেই নাই ৷
দুখৰ বোজা বব মই পৰা নাই ৷
কেনে আছা আতৰি গৈ
মন যাই জানিবলৈ ৷

No comments:

Post a Comment