Friday 20 February 2015

শ্ৰীমদ্ভাগৱতগীতা আৰু আহাৰ: :: এক বৈজ্ঞানিক বিশ্লেষণ

শ্ৰীমদ্ভাগৱতগীতা আৰু আহাৰ: :: এক বৈজ্ঞানিক বিশ্লেষণ

মানুহে জীৱন ধাৰনৰ বাবে কেনে আহাৰ খাব লাগে তথা সেই আহাৰ গ্ৰহন কৰাৰ
ফলত দেহত কেনেধৰনৰ বিকাশ ঘটে তাৰ সবিশেষ বৈজ্ঞানিক বিশ্লেষন শ্ৰীমদ্ভাগৱতগীতাত পোৱা যায় ৷
শ্ৰীমদ্ভাগৱতগীতাৰ সপ্তদহ অধ্যায় শ্ৰদ্ধাত্ৰয় বিভাগযোগৰ ৮ -১০ নং শ্লোক মতে

আয়ুঃসত্ববলাৰোগ্যসুখপ্ৰীতিৱিৱৰ্ধনাঃ
ৰস্যাঃ স্নিগ্ধাঃ স্থিৰা হৃদ্যা আহাৰাঃ সাত্বিকপ্ৰিয়াঃ ৷ ৷

অৰ্থাৎ: যি বিলাক আহাৰে আয়ুস, স্থায়িত্ব, বল, স্বাস্থ্য, সুখ আৰু প্ৰীতি বঢ়াই তোলে, যি
বিলাক ৰসাল, পুষ্টিকৰ আৰু তৃৰ্প্তিদায়ক, সেই বিলাক আহাৰেই সত্বগুণী সকলৰ প্ৰিয় ৷

কটুম্ললৱণাত্যুষ্ণ তীক্ষ্ণৰূক্ষৱিদাহিনঃ
আগাৰী ৰাজসস্যেষ্টা দুঃখশোকাময়প্ৰদা ৷ ৷

অৰ্থাৎ: যি বিলাক আহাৰ অতিকৈ তিতা বা টেঙা, নিমখীয়া অত্যন্ত গৰম, অত্যন্ত উগ্ৰ,
শুকান আৰু যি বিলাকে পোৰণীৰ সৃষ্টি কৰে সেইবিলাকেই ৰজোগুণী ব্যক্তিৰ প্ৰিয় ৷
এই আহাৰে দুখ শোক আৰু বেমাৰ আদি আনি দিয়ে ৷

য়াতয়ামং গতৰসং পূতি পৰ্য়ুষিতং চ য়ৎ
উচ্ছিষ্টমপি চামেধ্যং ভোজনং তামসপ্ৰিয়ম ৷ ৷

অৰ্থাৎ: খোৱা সময়তকৈ তিনি ঘন্টাৰ আগতে ৰন্ধা, স্বাদহীন, দুৰ্গন্ধযুক্ত, গেলা,
আনে খাই এৰা আৰু অশুচি খাদ্য বিলাকেই তমোগুণী মানুহৰ প্ৰিয় ৷

আয়ুসৰ বৃদ্ধি, মনৰ বিশুদ্ধতা আৰু শাৰীৰিক শক্তি বৃদ্ধি কৰাটোৱেই আহাৰ খোৱাৰ
উদ্দেশ্য ৷ দুই ইঞ্চি জীভাৰ জুটিৰ বাবে সাত মিটাৰ দীঘল পাকস্থলীৰ বিকাৰ গ্ৰস্ত কৰি
জীৱনটোৰ দৈহিক আনন্দ লোৱাৰ পৰা বঞ্চিত কৰা খাদ্য কেতিয়াও খাদ্য হব নোৱাৰে ৷
সাত্বিক আহাৰে জীৱনলৈ সুস্বাস্থ্য তথা সাত্বিকতা আনে ৷ কাৰন এনে খাদ্য পুষ্টিকৰ
আৰু কেলৰি যুক্ত ৷ আমাৰ দেহৰ হৰমন তথা উৎসেচক সমুহৰ উৎপাদন আৰু
কাৰ্য্য খাদ্য অনুসৰি হয় ৷ কাৰন খাদ্যত থকা কাৰ্বহাইড্ৰেটে শক্তি, প্ৰটিনে দেহৰ
গঠন আৰু লিপিডে শক্তি সঞ্চয়ত সহায় কৰে ৷ ইয়াৰ উপৰিও ভিটামিন খনিজ সনম
সমুহ পুষ্টিকৰ খাদ্যতহে পোৱা যায় ৷ বহুতে কোৱা শুনো মাছ খালে চকু ভাল হয় কিন্তু
এই ভাৰতবৰ্ষতে এনে বহু জাতি আছে যিয়ে সম্পুৰ্ণ নিৰামিষ আহাৰ গ্ৰহন কৰে,
তেনে ব্যক্তিক কিন্তু উজুটিয়াই ফুৰা পৰিলক্ষিত হোৱা নাই ৷ কিন্তু এইটোও সত্য
যে যি সকলে জন্মৰে পৰা আমিষ আহাৰ গ্ৰহন কৰি স্বভাৱত পৰিনত কৰিলে তেনে ব্যক্তিৰ
পক্ষে হঠাতে নিৰামিষ আহাৰ গ্ৰহন কৰাৰ প্ৰচেষ্টা চলালে দেহৰ ক্ষতি হোৱাটো
স্বাভাবিক ৷ বৰ্তমান যুগত ৰসাযনিক সাৰ , কীটনাশক ব্যৱহাৰ কৰা খাদ্য আৰু ভাঙি শ
সদৃশ জীৱজন্তুৰ মাংস যি দৰে ভক্ষন কৰা হয় তাৰ পৰিনাম হিচাপে আসুৰিক
কাৰ্য্যৰ প্ৰতি আৰু ৰোগীয়া স্বাস্থ্যৰ প্ৰতি আগুৱাই গৈছো ৷ এক মাত্ৰ সাত্বিক
আহাৰ খাই বৰ্তমান মই বা আপুনী জীয়াই থাকিব নোৱাৰিম কিন্তু ক্ৰমান্বয়ে
অভ্যাসৰ দ্বাৰা ৰাজসিক আৰু তামসীক খাদ্যৰ ব্যৱহাৰ কমাই আনি দেহ মনক সুন্দৰ
কৰিব পাৰিম বুলি ভাৱো ৷ ইয়াৰ উপৰিও অন্তত খাদ্য গৰমে গৰমে পৰিবেশন কৰি বা গ্ৰহন
কৰি বিভিন্ন বেক্টেৰীয়া ভেকুৰ আদিৰ পৰা খাদ্যক আৰু নিজক ৰক্ষা কৰিব পাৰিম ৷
(পোষ্ট ১)

No comments:

Post a Comment