Monday 23 February 2015

জ্বলি জ্বলি শেষ হল

জ্বলি জ্বলি শেষ হল
কামনাৰ জীয়া জুই
দুচকুত হেৰাল সপোন ৷
শুকান শুকান হল আশাৰ পথাৰ ৷
উদাস উদাস মোৰ দুচকু ৷
ৰৈ ৰৈ তোমালে শুকালে জীৱনৰ নৈ
বেথাৰে ভৰিল বুকু ৷

তুমিটো মোৰ কাহনিও নোহোৱা
তথাপিও আছিলো ৰৈ
মৰমৰ সাগৰ সাঁতুৰি চাবলৈ
অকলেই আছিলো বৈ ৷
এতিয়া হেঁপাহৰ গোলাপ
নুফুলি শুকাল ৷
মৰহিল কল্পনাৰ কলি ৷
তুমি নাই
কোনো খেদ নাই ৷
স্মৃতিটো থাকিব সদায় ৷
উকা হব মন
উদাস জীৱন
উদং বুকু
তথাপি থাকিম জীয়াই
সজীৱ কৰি ৰাখিম তোমাৰ স্মৃতি
আধৰুৱা হলেও
মোৰ আকাশ
মোৰ পৃথিৱী

No comments:

Post a Comment