Friday 10 November 2017

অস্তাচলত ভালপোৱাৰ 
ডুবু ডুবু বেলি
স্মৃতিৰ দাবানল
হুৰাহুৰে আহিছে নামি ৷
পদূলিত সোঁৱৰণী৷
সী লৈছো দুখৰ কামিজ৷
ভালেই কৰিলা,
মলিয়ণ পোচাকযোৰ সোলোকাই থ'লা......

Wednesday 25 October 2017

মৰ্ণিং ৱাক উইথ সঞ্জীৱ কুমাৰ


ৰ'ব ৷ সঞ্জীৱ কুমাৰ বুলি কওঁতে সাউতকৈ আপুনি আকৌ শ্বোলেৰ হাত কটা ঠাকুৰলৈ মনত পেলাই নিদিব ৷ এই জন সঞ্জীৱ কুমাৰ অকন মান বেলেগ , ক'বলৈ গ'লে ব্লু বাৰ্ড , মানে বিয়া পতাৰ পিছতো নিজৰ নামত কুমাৰ লিখি চিৰকুমাৰৰ দৰে ইম্প্ৰেশ্বন জমাই চিৰ দিন চেনি দিয়া খোৱাত বিস্বাসী স়ঞ্জীৱ কুমাৰ ৷ মোৰ ঘৰৰ একেবাৰে কাষতে ঘৰ ভাড়া কৰি আছে ৷ মৰমতে আমি বোৰে চঞ্জু দা বুলি মাতো ৷
চঞ্জু দা, মানুহজনৰ বয়স ৫০ৰ উৰ্দ্ধত,
শীৰ্নকায় চেহেৰাটোৰ সৈতে বীৰৰ দৰে বুকু
ফিন্দাই,কপালত ৰঙা ফোট লৈ, কলা চচমা,
জিনচ কুৰ্টা যোৰ পিন্ধি মটৰচাইকেল
চলাই যেতিয়া আপোনাৰ কাষেদি পাৰহৈ
যাব,আপুনি "পাম যোৱা সঞ্জয় দত্ত" বুলি নকৈ নাহাঁহি পাৰেনে?
চঞ্জু দাই আচলতে যৌৱনত ছোৱালীতকৈ সঞ্জয় দত্তৰ চিনেমা বেচিকৈ চালে আৰু দীঘলকৈ চুলি ৰাখি এখন কানত ফুলি পিন্ধি পিচফালৰ পৰা এক প্ৰকাৰ জিনচ পিন্ধা সুন্দৰ ছোৱালীয়ে হৈয়ে পৰিল ।
আপুনি চাগৈ ভাবিছে মই তেওঁৰ বিষয়ে কিয় ইমান বৰ্ণনা দি আছো । আছে কথা আছে ।চঞ্জুদাই এটা সময়ত মোৰ অনিচ্ছা স্বত্তেও বডি
বনাবলে কম লোহা সোপা দাঙিব দিছিলে নে ।আজি বোলে ৫ পাউন্ড কালিলৈ বোলে ৭ পাউন্ড । পাউন্ড হে বাঢ়িল , শৰীৰৰ কিন্ত মঙহ এপোৱাও নাবাঢ়িল ।
মই বোলো ইশ্বৰৰ ইচ্ছা চঞ্জুদা বহুত হ'ল আৰু মোৰ দাৰা নহ'ব । বাবাৰ প্রসাদকণ নাকে মুখে এৰি দি কলে তঁহত বোৰ একেবাৰে হেল্থ কনচিয়াচ নহয় । মোক চা এই বয়সতো মই কিমান ফিট । এই বুলি টেকটেকিয়া নীলা চাৰ্টটো খুলি দি দীঘলকৈ উশাহ ভিতৰলৈ টানি মুখখন বন্ধ কৰি যিহে এটা পজ দিলে গাঁতত সোমাই থকা পেটতো আমাৰ ফালে বেলুনটোৰ দৰে বাঢ়ি আহিল লগতে বিপৰিত দিশৰ পৰা এটা প্ৰকান্ড গোন্ধযুক্ত
শব্দ ।
বচ সেইযে চঞ্জুদাৰ জিম এৰিলো আজিলৈকে আৰু ডাম্বেল দাঙি পোৱা নাই । মাজে মাজে ফেচবুকত দেখো, পডিয়ামত ভেজা দি যেন তেন ঠিয় হৈ থকা প্ৰফাইল পিকচাৰ দিয়া আছে ৷ মানুহটো সলনি হোৱা নাই, চাৰ্ট, চেহেৰা, কানফুলি একেই আছে ৷
বিয়াৰ পিচত চঞ্জুদাই প্ৰায় মোৰ লগ এৰিয়েই পেলালে, পিচে হঠাৎ যোৱা এসপ্তাহ মানৰ পৰা আকৌ আহি লম্ভিলহি । এইবাৰ প্ৰাতঃভ্ৰমন মানে মৰ্নিংৱাক । শ্ৰীমতীৰ আগত প্ৰাতঃভ্ৰমনৰ যিমান খিনি উপকাৰৰ কথা বখানিলে, মোৰ বাহিৰে পৃথিৱীৰ সকলোকে জ্ঞানী বুলি ভবা, মোৰ সুখৰ চকুচৰহা শ্ৰীমতীয়ে চঞ্জুদাৰ কথা শুনি পিছ দিনাই গৈ বগা হাফ পেন্ট আৰু বগা কাপোৰৰ জোটা এযোৰ কিনি আনিলেগৈ ।
আৰু চঞ্জুদা, বেটাই কাউৰী মৰ্নিংতে আহি হাজিৰ। মোক বিচনাতে বিদায় দি শ্ৰীমতীয়ে ফষ্টি মাৰি শুই থাকিল । প্ৰথমতে চঞ্জুদাই লাহে লাহেই খোজ দিছিল, পিচে পুৰিয়াকন খাই চাৰ্জ হোৱাৰ পিচতেই যি বেগ দিলে মই এক প্ৰকাৰ দৌৰিবলৈ বাধ্য হলো ।এবাৰ চঞ্জুদা আগবাঢ়ে এবাৰ মই । পিছে পুৰিয়াৰ নিচা কমি অহাৰ ফলত শেষলৈ চঞ্জুদাৰ খোজৰ অবস্থা বহু বছৰ পিছত গোহালীৰ পৰা ওলায় অহা যাৰ্চি গৰু জনীৰ খোজৰ দৰে অত এটা তত এটা হ'বলৈ ধৰিলে ৷ তথাপি আত্মসন্মান বুলিওতো এটা বস্তু আছে চঞ্জুদাই হাৰ নামানিলে ৷
মইও বোলো খুৱ মোৰ বডিৰ কথা কোৱা বেটাক আজি এসেকা দি হে এৰিম ৷ এনেদৰে কিছু দুৰ যোৱাৰ পিছত বাটত বন্দিতা গগৈবৰুৱা বাইদেউক ভটুৱা চাৰিঠেঙিয়া এটাক ডিঙিত নাৰিকল ৰচীৰে বান্ধি চোচৰাই আহ ইয়াত কৰ আহ, আহ ইয়াত কৰ আহ কৈ টানি থকা দেখা পালো ৷ ভটুৱাক টানিলেও ভটুৱাই বিজয়া বাইদেউৰ ঘৰৰ পদুলি এৰি নহা হ'ল ৷ এনেতে মই গৈ পালো, বন্দিতা বাইদেউৱে বোলে বৰুৱা গুৱাহাটি গ'ল সেয়ে মইয়েই ডনক ফুৰাব লৈ আহিলো ৷ বিজয়া বাইদেউৰ ঘৰৰ পদুলি আগৰ পৰা ডন কিয় আতৰিব নোখোজে সেইটোহে অলপ চিন্তাৰ বিষয় বুলি বন্দিতা বাইদেউৰ মনত ইনজেকচনটো দি অলপ ভাবিবচোন বুলি কৈ মইও আগবাঢ়িলো ৷
দেখিলো চঞ্জুদা ভালেমান দুৰ আগবাঢ়িল ৷ অলপ আগত গৈ দেখো দেখা পালো কমেও ১৫ জন মান মানুহে হাত এবাৰ তললৈ এবাৰ ওপৰলৈ কৰি খুব জোৰে জোৰে হাঁহি আছে। ওচৰলৈ যাব অলপ ভয়ো লাগিল ৷ তথাপি দুৰৈৰ পৰা মন কৰি প্ৰণিতা বাইদেউক দেখা পালো ৷ যি কি নহওক প্ৰণিতা বাইদেউৰ ডিঙি বেকা ডিপিৰ কাৰনটো আজি গম পালো । সিৰিক কৈ মাৰিছিল চাগৈ ৷
আৰু অলপ আগত দুজনমানে ৰাষ্টাৰ দাঁতিৰ চাহ বিস্কুট খাই ডায়েবেটিছ ৰোগ উপষমৰ সুন্দৰ বত্তৃতা দি থকাও শুনা পালো । মাতটো শুনি পিছফালৰ পৰা বৰুৱা আৰু কাকতি দা যেন লাগিল ৷ পিছে বৰুৱাক দেখি ভয়তে মাত নিদিলো ৷
ইতিমধ্যে ভৰি কেইটাই কিমান দুৰ পোৱালেগৈ নাজানো কিন্ত হঠাৎ "চকীয়া বচোৱা" বুলি চিঞৰ এটা শুনিলো ৷ ইফালে সিফালে চাই দেখো ভাদ মহিয়া মালিকৰ হাতৰ এৰাল এৰি প্ৰেমিকা বিছাৰি দৌৰ মৰা চাৰিঠেঙিয়া এটা আৰু ৰাষ্টাৰ এপাল একে প্ৰজাতিৰ চাৰিঠেঙিয়াই চঞ্জুদালৈ চোঁচা লৈছে ৷ মই বাটলু গুটি বিচাৰো মানে চঞ্জু দা একে জাঁপে ৰেল ক্ৰচিংৰ লোহাডালত উঠি দিলে । চঞ্জুদাৰ চাৰিও ফালে তলত এটা দুটাকৈ এপাল মান গোট খালে ৷
মই বোলো পাৰিলে বখলিয়াইয়ে পেলাওক, এইটোৱে সুযোগ , খুব বডি বনোৱা আৰু মৰ্ণিং ৱাকৰ গুন গাইছিলে নহয়, বেটা চঞ্জুৱে পাওক মজা, মই নেদেখা ভাও ধৰি ঘুৰি দিলো, পিচে খোজ দিবলৈ চাও ভৰি লৰ চৰেই নকৰেই । লগালো শ্ৰীমতীলৈ ফোন বোলো মোৰ ভৰি দুখন বেহুছ হৈ গল স্কুটি খন লৈ সোনকালে আহা …

আংকোল মহন্ত সংবাদ


হেকা মহন্ত সংবাদ (১)
যোৱা বহাগৰ কথা ৷ মহন্তই হেকাক বিহু খাবলৈ নিমন্ত্ৰন কৰিলে ৷ এনেই মহন্ত অলপ বৰকথিয়া বুলি হেকাই জানে তথাপি ফুল প্ৰিপিয়াৰেচনত গৈছিল, বোলে আজি মহন্তই যি ক'ব তাতকৈ দুগুন ওপৰত দিম ৷ কথা মতে কাম, গৈ দেখে মহন্ত পদুলীৰ পুখুৰীটো পাৰত বহি ম'বাইল টিপি আছে ৷
হেকাই বোলে আৰম্ভ কৰা যাওক, এই বুলি মাত দিলে বোলো, মহন্ত পুখুৰীটো কিমান দ জুখি আছা নেকি?
মহন্তৰ খাৰাংখাচ উত্তৰ "নহয় অ এই হাঁহ কেইটা কিয় ডুবা নাই তাকে গুগুলত চাই আছিলো ৷
হেকা নিমাত ৷
ভাত খাই থাকোতে হেকাই বোলে বুজিছা মহন্ত ভাত খালেই মোৰ শাহুৱে আঠমঙলাত বনোৱা বৰালী মাছৰ জোল খনলৈ মনত পৰে ৷ কি জুটি আছিল, উফ উফ ৷ আজি বিয়া হোৱা চল্লিছ বছৰেও জিভাত লাগিয়েই আছে ৷
মহন্তই বোলে খুড়া মোৰো সেই আঠমঙলাই বুজিছে ৷ তেৰই ছয়ে মোৰো হওঁতে ঊনৈশ বছৰেই হ'ল দিয়কচোন ৷ মই আগতে গান গাইছিলো নহয় ৷ টিলিকি বজায় বজায় কিমান গান গাই ছোৱালীৰ অন্তৰ খাইছিলো ৷ পিছে শাহুৱে যি এঠা দৈ খুৱালে, এইয়া চাওকচোন টিলিকি বজাবলৈ আঙুলিৰ এঠা নুগুছাই হ'ল ৷ এইয়া টিলিকি নাবাজেই ৷
হেকা নিমাত ৷
হেকাই বোলে আজি জোলত মাছৰ পিচটো চাই দেখিলো মাছৰ চাইজবোৰ তোমালোকৰ ফালৰ মানুহবোৰৰ দৰে একেই ৷
মহন্তই বোলে, আমি আলহিৰ চাইজ চাইহে মাছৰ পিচ কৰো ৷ এইটো যোৱাকালি মই জাল মাৰি অনা ৷ জাল মাৰি আনি মাছটো চোতালত পেলাই দিলো ৷ মানুহজনীয়ে ভুমিকম্প বুলি বাহিৰলৈ দৌৰ মাৰি আহিল ৷ মই বোলো চাকিটো লৈ আন মাছ আনিছো ৷ তাই বোলে আপুনী ক'ত? মই বোলো তই মাছৰ সিটো ফালে থাকি মোক ক'ত দেখিবি, চাকিটো লৈ এই ফালে আহ, মই মাছৰ ইটো ফালে আছো ৷
হেকা নিমাত ৷
হেকাই বোলে হওঁক বিহু বুলিনো কি আশিৰ্বাদ দিম ৷ মুৰৰ চুলি চিঙি আশিৰ্বাদ দিছো হাই কাজিয়া নোহোৱাকৈ দুইটা কুশঁলে থাকা ৷
মহন্তই বোলে আপোনাৰ তালুখন চাই আশিৰ্বাদ দিয়া যেন নালাগিল ৷ খং ডাল উঠাই নল'ব ৷ যোৱা কালিৰ কথা, শ্ৰীমতিয়ে আঞ্জাত নিমখ নিদিলে, খং উঠি কাঁহিখন দলিয়াই দিলো ৷ দুৱাৰেদি কাঁহি ওলাই গৈ পিছফালৰ তিনি বিঘা কুঁহিয়াৰ গুৰিতে কাটি পেলালে ৷ সেই কুঁহিয়াৰ পেৰি ষাঠি টিং গুড় পালো ৷ আজি দৈ লগত দিয়া গুড় খিনিৰ কথা কৈছো ৷
হেকা নিমাত ৷
হেকাই চাহপানী খাই ওলাই আহি দেখিলে মহন্তই লেৰেলা চেপেটা লাও পুলি এটা খুচৰি আছে ৷ হেকাই বোলে "লাওৰ সঁচটো ভাল, একদম তোমাৰ পেটটো লেখিয়া পানী লাও লাগিব, অলপ গোৱৰ চোৱৰ দিবা ৷
মহন্তৰ ইনষ্টেন্ট উত্তৰ "গোৱৰ দিয়াত কৈ হেকা কাই মই ভাবিছো গৰুৰ পোকৰটটোকে কাটি দি দিও নেকি?
হেকা নিমাত ৷
হেকাই বোলে নাই ইয়াক নোৱাৰি ৷ ঘৰলৈ বুলি চাইকেল খনত উঠি বোলে নাই লাষ্ট চাঞ্চ এটা ট্ৰাই কৰো ৷ হেকাই বোলে মহন্ত, জপনাখন গাঠি এটা মাৰি থবা, এনেও তোমাৰ তাতটো আলহি নাহেই ৷
মহন্তই বোলে মাৰিয়েই থও ৷ পুৱা হে খুলি দিছো ৷ যোৱা কালি ৰাতি জপনা বন্ধা ৰচি ডাল নাপাই কল মগুনা এডালকে মেৰিয়াই থৈছিলো ৷ পুৱা আপুনী অহাৰ আগত জপনাৰ ৰচী খুলিব গৈ শ্ৰীমতিয়ে চিঞৰ বাখৰ কৰিলে ৷ মই গৈ দেখো ক'লা ফেঁটি সাপ এডাল ৷ ৰাতি কল মগুনা বুলি ফেঁটি সাপ এডালকে বান্ধি থ'লো ৷ মই বোলো ৰ' চিঞৰ বাখৰ নকৰিবি এই বুলি সাপৰ গাঠিটো খুলি চেই চেই কৰি আপুনি আহিব বুলি জপনাখন খুলি থৈছিলো ৷
হেকা নিমাত ৷ 
এতিয়াও মাতটো ওলোৱা নাই ৷ কিবা ফুঁ ফুঁ জাতীয় শব্দহে ওলায় আছে ৷
============


পুৱাই পুৱাই মহন্তনীয়ে টেটু ফালি হায়ৈ বিয়ৈ কৈ চিঞৰিব লাগিল ৷ মহন্তনীৰ মুখত বিয়ৈ বুলি শুনিবলৈ হে পালে ৷ মহন্ত ৰূপি কলিৰ কৃষ্ণৰ সখী, পৰম বান্ধৱ উদ্ধৱ মানে আমাৰ অৰ্জুন আংকল লৰালৰিকৈ তিয়নি খনকে ককালত মেৰিয়াই উধাতু খাই দৌৰি আহি ধাচ কৈ মহন্তনীৰ চোতালত পৰি দিলেগৈ ৷
কি হ'ল, বিয়নী, কি হ'ল? ইমান কিয় কান্দিছা, মই আছো নহয় ৷
মহন্তনীয়ে বোলে অ' মোৰ মানুহটোক এই বুঢ়া বয়সত কিহে পালে ঐ?
আংকোলে বুলি কিবা পৰকিতি চৰকিতি ল'ৰিল নেকি?
মহন্তনীয়ে বোলে এই বয়সত ল'ৰিব লগিয়া বস্তুবোৰ ল'ৰা হ'লেও ভাল আছিল ৷ পিছে সৰু সৰু ল'ৰা বোলে খেলি থকা খেল বোৰ হে খেলিছে ৷
আংকোলে বোলে, কি খেল খেলিছে? প্ৰেম চ্ৰেম নহয়টো ?
মহন্তনীয়ে বোলে সেই বোৰ মোৰ লগতেই যি তেৰ বছৰ খেলিলে অ', তাৰ পিছত আনকি মোৰ ভয়ত গাঁৱৰ ছোৱালী বোৰৰ লগত ফাঁকু খেলাও বাদ দিছিল মানুহটোৱে ৷
তেনেহ'লে খেলিছে কি, সোনকালে কওঁক ৷ আপোনাৰ কান্দোন দেখি মোৰ অন্তৰে, হিয়াই, কলিজাই, বুকুৱে সকলোবোৰে ৰাউচি ধৰি কান্দিব ধৰিছে ৷
অ' মোৰ সোনামোৱা টো অ', নেখেলিবি অ' সোন, কাকতি দা, বৰুৱাদা হঁতৰ শপত মই আৰু কেতিয়াও তোমাক পেটুৱা বুলি নাহাঁহো আৰু ৷
আংকোলে বোলে বিয়নি আপোনাৰ গাত কি এক্টা কাপুৰৰ ভুত সোমাল নেকি? এটা কথাকে ইমান টানি আছে?
ভুতেই সোমাইছে পিছে মোৰ তাত নহয়, মোৰ মানুহটোৰ গাত হে টিমি মাছৰ ভুত সোমাল অ' ৷ ৰাতি ৰাতি মোবাইল পিটিকি থাকে, মই ভাবিছিলো, ফটাঢোলৰ খুলখালী কেইজনীলৈ চাগৈ মেচেজ দি থাকে ৷ সেয়ে একো কোৱা নাছিলো ৷ কিন্তু মিছা, কাকো মেচেজ নিদিয়ে ৰাতি ৰাতি ব্লু হোৱেল খেলি থাকে অ', মোৰ কি হ'ব এতিয়া ৷
আংকোলে বোলে, আঠুৱাৰ মহ মাৰিব ভয় কৰা মহন্তই ব্লু হোৱেল খেলিছে? মোৰ বিস্বাস নহয় ৷
মহন্তনীয়ে বোলে, খেলিছে খেলিছে, আজি কাকো মুখৰে নমতা টাস্ক পৰিছে ৷ মোকো ৰাতিপুৱাৰে পৰা মতা নাই অ, মই ক'তে যাও, কি কৰো ?
অৰ্জুন আংকোলে বোলে অহ, লেভেল ফাইভ ৷ চিন্তা নকৰিবা বিয়নি ৷ মোক ট্ৰাই কৰিব দিয়া ৷ মই যদি মহন্তৰ মুখৰ মাত উলিয়াব নোৱাৰো, তুমি মোৰ নামত যি পুহা পুহি ল'বা ৷
মহন্তনীয়ে বোলে যি কৰা কৰা মুঠতে মোৰ মানুহটোৱে মুখৰে মাতষাৰ মাতিলেই হ'ল আৰু ৷
অৰ্জুন আংকোলে বোলে মহন্ত, সোনকালে মুখৰে মাতা, নহ'লে তোমাৰ লিলিমাই বোৰ খণ্ড খণ্ডকৈ মহন্তনীৰ আগত বেকত কৰিম ৷
নাই মহন্তৰ মুখৰ মাত নাই ৷ অৰ্জুন আংকোলে বুলে মহন্তই মুখৰে মাতিব নোৱাৰা হৈ থাকোতেই মহন্তনীৰ আগত মহন্তৰ নেমেলা পুৰান মেলি দিয়াই ভাল এই বুলি আংকলে বোলে মহন্ত যোৱাবাৰ মাৰ্চ এণ্ডিংৰ ৰাতি যে অফিচত কাম আছে বুলি ......
ক'বলৈহে পালে, মহন্ত বাথৰুমৰ পৰা দৌৰি আহি বোলে মো...মু..মা....নো....সু...লৈ ...তই.....চা.....মো....ঘ....ভা......আ....কে....চা.....ল.....তো...
অৰ্জুনে বোলে কি কৈছা সখী ভাল কৈ কোৱা ৷
মহন্তই বোলে কে...এ....স....চে....আ....
অৰ্জুনে বোলে, বিয়নী কিবা কাগজ এখন আনি দিয়ক, কথাতে কয় নহয়, আনলৈ বুলি হুল পুটি নিজে মৰে ফুটি ৷ চকীয়াৰ মুখত দিয়া বলটো ধুই মেলি মুখত ভৰাওতে মহন্তৰ ডিঙিত লাগি ধৰিল চাগৈ ৷ যাওক যাওক সাউতকৈ কাগজ কলম আনক ৷
মহন্তনীয়ে কাগজ কলম আনি দিলে ৷ মহন্তই লিখি অৰ্জুনক পঢ়িব দিলে ৷
হেৰৌ মোৰ মানুহজনীয়ে দিনটো মোক পেক পেক কৰি থাকে ৷ সেয়ে পুৱা তাই সাৰ পাই উঠা আগত কুইক ফিক্সটো ওঠত লগাই দিম বুলি কালি কিনি আনিছিলো পিছে পুৱা পাঁচ টকীয়া কুইকফিক্সৰ ধাকনীটো খুলিব নোৱাৰি মুখৰে কামুৰি ঘুৰালো, কুইকফিক্স ফাটি মোৰ ওঠত লাগিল.....

মিছন চীনা জোক


১৯৬২ চন ৷ ভাৰত আৰু চীনৰ মাজত ভীষন যুদ্ধ চলি আছে ৷ চীনা সৈন্যৰ ভয়ত সকলোৱে এফালৰ পৰা পলাইছে ৷ কোৰ্ট কাছাৰি , হস্পিতাল, স্কুল
সকলো খালি ৷
এনেতে কটকি পৰিয়ালত দৌৰা দৌৰি লাগিল মানে পুৰ্ৱী পৃথিৱীত আহিবলৈ দৌৰা দৌৰি লগাব ধৰিলে ৷ উপাই নাপাই ওচৰৰে তিনিখন বিচনাযুক্ত হস্পিতাল খনতে ভৰ্তি কৰাই দিয়া হ'ল ৷ পিছে ভৰ্তি কৰালে কি হ'ব ডাক্টৰ নাই ৷ এনেতে ৰেড ক্ৰচৰ ডাক্টৰৰ এপ্ৰন পিন্ধি চীনাৰ ভয়ত পলাবলৈ ওলোৱা বিজয়া বাইদেউক পুৰ্ৱীৰ মোমায়েকে পাই লৈ আনিলে ৷
বিজয়া বাইদেউ জানো কম ৷ চিং মিং পিং পাং পোং পোং পাং নিং নাং নোং জাতীয় অবাস্তৱ চীনা ভাষা কিছুমান মাতি মোমায়েকক ভয় খুৱাৱ খুজিছিল, কিন্তু মোমায়েকে বোলে বাইদেউ আপুনি বৰ বেয়া এক্টিং কৰে, এপ্ৰনৰ তলফালে ঘৰত বোৱা মেখলা চাদৰ খন ওলমি আছে ৷ সোনকালে আহক ৷
এই বুলি পুৰ্বীৰ মোমায়েকে বিজয়া বাইদেউক টানি মেলি মেটাৰনিটি ৰূমলৈ লৈ আহিল ৷ ৰূমত সোমাই বিজয়া বাইদেউ প্ৰায় বেহুচ হওঁ হওঁ ৷ বোলে মই ডক্টৰ নহয় অ' বোপাই , মোমায়েকে বোলে আৰু এক্টিং কৰিব নালাগে, এই বুলি ৰিপৰ্ট বোৰ বিজয়া বাইদেউক দি ৰূমৰ পৰা ওলাই আহিল ৷
কি কৰো কি নকৰো অৱস্থাত কিবা বুজি পাওৱেই বা বুলি ভাবি ৰিপৰ্ট বোৰকে জোটাই জোটাই উৰাই ঘুৰাই পঢ়িব ধৰিলে ৷ একো মাথা মুণ্ড বুজি নাপালেও এটা কনফাৰ্ম হ'লে যে বেবী আছে ৷ ইফালে পুৰ্বীৰ পৃথিৱীত লেণ্ড কৰাৰ বাবে তীব্ৰ প্ৰচেষ্টা অব্যাহত ৷ মাকে বোলে কোন এইজনী কাম নোহোৱা বেকাৰ ডাক্টৰনীৰ হাতত মোক গটাই থৈ গ'ল?
এনেতে গাৱঁৰ পৰা লগত যোৱা বুঢ়ী এগৰাকীয়ে বোলে মই চাইছিলো কেঁচুৱা নাই দেখোন ৷ বিজয়া বাইদেউ বোলে ভাল দৰে চালে নে? বুঢ়ীয়ে বোলে চাইছো নাই ৷
তেনেতে বিজয়া বাইদেউৱে দেখিলে সৰু চীনা জোকৰ নিচিনা কিবা এটা হাতৰ গ্লোবচত পিৰ পিৰাই আছে ৷ বুঢ়ীক কৈ নিমখ অকন দি চাই দেখিলে লৰ চৰ কৰিছে ৷ মেগনিফ্লাইং গ্লাচ লৈ চাই দেখিলে পুৰ্বীয়ে ওৱে ওৱে কৰিছে ৷ বিজয়া বাইদেউৱে বোলে মিছন চাইনা চাকচেচ, ক্ষমা কৰিব অপাৰেছন চাকচেচ......
মোবাৰক হ ৷ আপোনালোকৰ ছোৱালী হৈছে ৷
বি:দ্ৰ:
পুৰ্বীৰ আহিব লগীয়া ৫৬তম জন্মদিনৰ দিনা শুভেচ্ছা নজনোৱাকৈ নাথাকিব ৷
লগতে অহা ৮ তাৰিখে বহু প্ৰত্যাশিত মৰমৰ শিল্পী জুবিন গাৰ্গৰ অশেষ পৰিশ্ৰম তথা ত্যাগৰ ফলত জন্ম লাভ কৰিব লগিয়া "মিচন চাইনা" ক সকলোৱে আদৰি আশিৰ্বাদ দিব বুলি আশা কৰিলো ৷

বৰলাৰ বিয়া


বিধিয়ে দিলেও বিধতাই নিদিয়া এজন মোৰ বন্ধুৰ কথা ক'বলৈ ওলাইছো ৷ কথাটো হ'ল প্ৰায় তিনি কুৰি দুই ডজন ছোৱালীয়ে বন্ধুৰ তেজক পানী কৰি কৰা প্ৰেমক প্ৰত্যাখান কৰি বেলেগৰ পাণি গ্ৰহন কৰি সকলো কষ্ট পানী কৰি তাক ঢোকাঢোকে পানী খুৱোৱাৰ পিছত ঘৰৰ সকলোৱে তাক পানী পানী কৰি বুজাই দিলে যে তোৰ দ্বাৰা আৰু ন'হব ৷
বহু সময়, টকা পইচা প্ৰেমৰ নামত পানী কৰাৰ পিছত মামা মামী পেহা পেহী খুড়া খুড়ী, মুঠতে সকলো মিলি পাত্ৰী বিচৰা অভিযানত নামিল ৷ ক'বলৈ গ'লে মাছ নাপালেও পানী ঘোলা কৰিহে এৰিব টাইপ ৷ দুই এজন সম্বন্ধীয়ই পানী জৰাইও আনিলে , দুজনমানে মন্দিৰৰ পৰা অনা শান্তি পানীও চটিয়ালে ৷ নাই কামত নাহিল ৷
অবশেষত যেন তেন এজনী তাৰ বাবে যেনিবা ওলালগৈ ৷ ছোৱালীৰ বাপেক আছিল অসমীয়া বিভাগৰ শিক্ষক ৷ হ'ব লগিয়া শহুৰক ইম্প্ৰেছ কৰিবলৈ সি খাটি বিশুদ্ধ অসমীয়া শিকি এদিন তেওঁলোকৰ ঘৰ পালেগৈ ৷
পিছে পাণি গ্ৰহন কৰিবৰ বাবে পচন্দ হ'ল তাৰ সৰু জনীহে ৷ সি পানী চালি ফুৰা মানুহ নহয় যদিও অসমীয়া ভাষাত শহুৰতকৈও বেছি জনাতো দেখাবলৈ ডাইৰেক্ট কৈ দিলে বোলে মই আপোনাৰ সৰুপানীহে গ্ৰহন কৰিব হে বিচাৰো ৷
তাৰ পিছত আৰু কি হ'ব আৰু হ'ব লগা শহুৰে একেচাতেই দুৱাৰখন দেখাই দি বোলে ৰাষ্টাৰ কাষত ৰৈ কৰি ল'বা এনে অসমীয়ালৈ মোৰ ছোৱালী বিয়া নিদিও বুলি কোৱাত বেচেৰাই চকুপানী টুকি গুচি আহিল ৷
তাৰ পিচত কি হ'ব, বানপানীত ক'কবকাই থকা মানুহৰ দৰে সিও পাণি গ্ৰহন কৰিবলৈ ছোৱালী বিচাৰি ক'কবকাই ফুৰিলে ৷ মুঠতে বৰলা জীৱন পানীত হাঁহ নচৰা অৱস্থা হ'ল ৷ পানী এটোপা খা বুলি কবলৈ, গৰমপানী অকন পুৱা গধূলি দিবলৈকো, পানীদুনি অকন যাচিবলৈকো আনকি মৰিলে মুখত পানী টুপি দিবলৈকো তাৰ ঘৰত কোনো নাই ৷ কাৰো পানী খোৱা পুখুৰীত বিহ ঢালি পোৱা নাই যদিও ঈশ্বৰে তালৈ এজনী কিয় নপঠালে সি আজিলৈকে নুবুজিলে ৷
বহু ঠাইত ছোৱালী বিচাৰি চেণ্ডেল চোচৰাই চোচৰাই গৈ গৈ ভৰিত শেষত তাৰ পানীজোলা বান্ধিলেগৈ ৷ এনে দৰে পানী কোবাৰ পিছত এদিন পানীপোতাত আমন জীমনকৈ নাকৰ পানী চকুৰ পানী একাকাৰ কৰি বহি থাকোতে কোনে জানো আহি তাক উপদেশ দিলেহি বোলে
পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত
খোদা ৰছুল লোকাই আছে মোমিনৰ আৰত
পানীত থাকি পিয়াহত মৰ কেলই? ফেচবুক একাউন্ট এটা খোল তাৰ পিছত চা ৷ এনেও অসমীয়া ল'ৰাই বিদেশী ছোৱালীক বোৱাৰী কৰি আনি ৰেকৰ্ড গঢ়ি তুলিছে ৷ কথামতে কাম , একাউন্ট খুলিলে ৷ ভালৰ ভাল ফটো কেইখনমান এডিট কৰি প্ৰফাইলত দিলে আৰু ডাইৰেক্ট ছোৱালী চোৱা ব্যৱস্থাক পানী এচলু দি ফেচবুকত ছোৱালী বিচৰাত লাগিল ৷ তাৰ পিছত কি হ'ল? ??
অলপ পদ্য আকাৰতে পঢ়ক ৷
ফেচবুকৰ চেলিব্ৰেটি আমাৰ বৰলাকাই,
চেলিব্ৰেটি হলেও কিন্তু তেৰাৰ অকনো ভেম নাই৷
সন্ধীয়া হ'লে অকনমান গড়মাৰ্কা খাই,
পিছে নলাত পৰি থকা ৰেকৰ্ড আজিলৈকে নাই৷
দেখাক দেখি বডি বনাই ,
জিমলৈকো যাই,
হাড়ে চালে লগা দেহাত মঙহ হে নহ'ল হায়
গাৰ বৰন কিনো কম যেন ফুট চাই,
ৰঙা লংপেন্ট নিলা স্পৰ্টিং আৰু পিন্ধে টাই ৷
জীৱনভৰ ছোৱালী বিছাৰি এজনিও নাপালে পাই,
বৰলা হৈ সেয়ে আজি কালি নিজে ৰান্ধি মেলি খাই৷
ফেছবুকত ছোৱালী এতিয়াও বিছাৰি চাই
বিবাহিত বোৰক দেখিলেহে তেৰাৰ খং উথি যায়
বৰলাকাইৰ কথা কৈ নপৰে ওৰ,
সিদিনাখনৰ কথা এটা আজি মনত পৰিল মোৰ
বৰলা সংস্থাৰ মিটিংত
কাই আছিল ফিটিংত
যা তা বকি দিলে মাইকৰ স্পিকাৰত ৷
ৰাইজ আছিল টেম্পাৰত
পাব্লিক ধুলাই পৰি গল স্তেজত৷
কাইক উথাই স্ট্ৰেচাৰত
পোৱাই দিলে হস্পিটালৰ কেবিনত ৷
হাত ভৰি ভাঙিল পিটনত
জোৰা আৰু নালাগ এইটো মনুষ্য জীৱনত
লাখ টকা গ'ল ট্ৰিটমেন্টত
কাইয়েও বৰলাহৈ নাথাকো বুলি লৈ ললে চেলেঞ্জত ৷
ভঙা হাতৰেই বুটাম টিপিলে মোবাইলত,
বিয়া পাতিম বুলি আপডেট দিলে স্টেটাচত ৷
বহুকেইটা প্ৰপ'জেল আহিল ফেচবুকৰ ইনবস্কত৷
তাৰে এজনীৰ প্ৰফাইল চাই বুক কৰিলে ফটাফট ৷
মাতি পথালে ডেটিংত ৷
ফুৰ্তিতে কাইয়ে বাইক চলালে স্পীডত,
ব্ৰেক মাৰিলে কিটিপত ৷
চিটিকি পৰিল নেহেৰু পাৰ্কৰ ভিতৰত ৷
প্ৰেয়সীক বহাই ললে ওচৰত,
পুখুৰীটোৰ কিনাৰত৷
সাবটি ললে আন্ধাৰত
চুমা এটা খাই দিলে কপালত ৷
প্ৰেয়সীয়েও সাবটি ললে চেনেহত ৷
নিচাৰ কোবত দিছিল চুমা খাই
দাড়ীয়ে বিন্ধাত হে হুচ আহিল ছোৱালী নহয় ভাই ৷
সেইজন আছিল সিবিধ, মতা মাইকী চিন চাব নাই,
ডিঙিত গবা মাৰি ধৰি নেৰা হ'ল কাইক ৷
বিছাৰি মেলি কাইক পিছৰদিনা জোপোহাৰ তলত পালো যায়,
বেহুচ হৈ পৰি আছিল মাত বোল নাই ৷
মই বোলো কি হল বৰলাকাই ৷
কালিৰে পৰা দেখোন অনলাইন নাই?
মোক বোলে নকবি ইজ্জত আৰু মোৰ নাই ৷
আজি কালিৰ আপা গিলা আপীৰ দৰে ভাই ৷
কানফুলি নাক ফুলি আৰু লাম্বা চুলি আছিল তাইৰ ৷
ফেক একাউন্তৰ পাল্লাত পল্লু যাই,
ফেচবুকৰ প্ৰফাইল ফটোত আৰু বিশ্বাস মোৰ নাই

পাতালপুৰিলৈ আপোনাক স্বাগতম.......


সকলোৱে গুৱাহাটি, যোৰহাটলৈ নিমন্ত্ৰন জনাই আছে, গতিকে মইনো মোৰ পাতাললৈ সকলোকে কিয়নো নিমন্ত্ৰন নিদিম৷ ৰ'ব পাতাল বুলি কওঁতে ভয় খাব নালাগে৷ অহাৰ আগতে পৌৰাণিক চৰিত্ৰ কেইটামানৰ লগত চিনাকি কৰি দিও ৷ ব্ৰহ্মাৰ পৰাই আৰম্ভ কৰিছো ৷
ব্ৰক্ষ্মাৰ পুত্ৰ মৰিচি
মৰিচিৰ পুত্ৰ কাশ্যপ ৷
কাশ্যপ আৰু দিতিৰ পুত্ৰ হিৰন্যকশিপু ৷
হিৰন্যকশিপুৰ পুত্ৰ ভক্ত প্ৰহ্লাদ ৷
প্ৰহ্লাদৰ পুত্ৰ বিৰোচন
বিৰোচনৰ পুত্ৰ বলিৰজা ৷
বামন অৱতাৰ হিচাপে বলিৰজাৰ পৰা তিনি পদ ভুমি বিছাৰিলে ৷ প্ৰথম পদত বামনৰুপি বিষ্ণুৱে স্বৰ্গ, দ্বিতীয় পদত মৰ্ত্য লৈ ললে ৷ তৃতীয় পদত একো বাকি নথকাত বলি ৰজাই নিজৰ মুৰ পাতি দিলে ৷ বামন অৱতাৰি বিষ্ণুৱে তেঁওৰ মুৰত ভৰি থৈ পাতালপুৰি পোৱালে ৷ কিন্তু বলি ৰজাৰ দানত সন্তুষ্ট হৈ বিষ্ণুৱে বলিৰজাক পাতালৰ অধিপতি পাতিলে আৰু তেঁওৰ পাতাল ৰক্ষা কৰি থাকিম বুলি প্ৰতিশ্ৰুতি দিলে ৷
বলি ৰজাৰ পুতেক বাণ বা বাণাসুৰ ৷ বাণাসুৰ আৰু কাণ্ডালাৰ জীয়ৰি উষা ৷ আৰু আগলৈ নাযাও৷ কথা হ'ল পিতৃৰ ৰাজ্যত পুতেক ৰজা হয় ৷ পাতালৰ অধিপতি বলিৰ পুতেক বাণ পাতালৰ ৰজা হল ৷ ৰাজধানী তেজপুৰ ৷ আপোনালোক সকলোকে প্ৰাগ- ঐতিহাসিক চহৰ পাতাললৈ স্বাগতম ৷ মোৰো ঘৰ ইয়াতেই ৷ পাতাললৈ এপাক আহক, লগ পাম ৷ হৰি হৰ যুদ্ধত সকলো অসুৰ তথা দৈত্যৰ মৃত্যু হ'ল,গতিকে নিৰ্ভয়ে আহক ৷
ইয়াত মাতাল হ'ব পৰাকৈ প্ৰকৃতিৰ সৌন্দৰ্য্য আছে, লগতে হাঁহি হাঁহি পগলা হৈ যাম বুলি কোৱা সকলোলৈকো চিকিৎসাৰ সু-ব্যৱস্থা আছে৷ কাৰেঙৰ লিগিৰীৰ পৰা কুৱঁৰী লৈকে সকলোৰে স্মৃতি বিজৰিত হৈ আছে৷ লুইতৰ পানী ইয়াতো বয়৷ তাৰ কাষতে থকা "পৰজনমৰ শুভলগনৰ" ৰচোঁতা জনৰ সমাধিত বহি আড্ডা দিম, নটসুৰ্যৰ পোহৰৰে আলোকিত হোৱা ৰংগমঞ্চত ক্ষন্তেক জিৰাম৷ অগ্নিযুগৰ ফিৰিঙতিৰ ঘৰৰ কাষেদি পাক এটা মাৰি জোনাকী যুগৰ ইতিহাস বিছাৰি "পকী"ত ভূমুকি মাৰিম৷ প্ৰাগ-ঐতিহাসিক যুগৰ হৰি-হৰ যুদ্ধৰে তেজৰে ৰাঙলী হোৱা উষা-অনিৰুদ্ধৰ প্ৰেমৰ কথা শুনি অগ্নিগড়ত বহি কবিতা ৰচিম অথবা দ্বিতীয় শতিকাৰ গুপ্তযুগৰ গংগা যমুনাৰ মুৰ্ত্তি চাই তৃপ্তি লভিম৷ পাৰিলে আহিব, হৰিবিলাস মুভিজৰ জয়মতীৰ প্ৰথম প্ৰদৰ্শনীৰ "জোনাকী" টকিজত বহিম অথবা বামুনী পাহাৰৰ শিলত বহি সুৰ্য্যাস্ত উপভোগ কৰিম৷ প্ৰকৃতিয়ে পৰিস্কাৰ কৰি থৈছে সৰু ঠাইকন, যদি পাৰে শীতৰ কুৱঁলী ফাঁলি পাতাললৈ বুলি আহি প্ৰকৃতিৰ বুকুত সকলো মিলি বনভোজ এটাৰ আয়োজন কৰক৷ সকলোলৈকে স্বাগতম জনালোঁ৷

মহিষাসুৰৰ সংবাদ (পূজা স্পিচিয়েল)


দূৰ্গা পূজা মণ্ডপত ৰাতি শুই থকা বিশ্ব দেউৱে সৰুপানী চুবলৈ গৈ ঘূৰি আহি দেখে মণ্ডপত মহিষাসুৰ দেখোন নাই । চকুদুটা ভালদৰে মোহাৰি চাই দেখে হয়তো, এইয়া কি হ’ল ? পূজা কমিটিৰ ল’ৰা কেইটাই পানীৰ লগত কিবা মিহলাই দিয়া নাছিলটো ? পেটে পেটে অলপ ভয়ও খাইছিল পিছে যিমান বোৰ ভগৱানৰ নাম দেউৱে জানে সকলোৰে নাম লৈ ইফালে সিফালে মহিষাসুৰক বিচাৰিব লাগিল ।
এনেতে দেখিলে খালি গা, হাফপেন্ট পিন্ধি মহিষাসুৰ দেউৰ আগত হাজিৰ । ভাগ্য ভাল দেউৱে অলপ আগত সৰুপানি চুই আহিছিল, ন’হলেতো ???
দেউৱে কিবা কোৱাৰ আগতেই মহিষাসুৰে মাত ল’গালে “বোলে দেউ ভয় নাখাবা” । মই তোমালোকে ভবাৰ দৰে ইমান বেয়া নহয় । দেৱতা বোৰৰ লগত মোৰ অলপ মতানৈক্য আছে সেইবোৰ আমাৰ পাৰ্চনেল প্ৰ’ব্লেম । আৰু মতানৈক্য ক’ত নাই দিছপুৰতো আছে, আমাৰ স্বৰ্গতো আছে । এইবোৰ কন্টিনোৱাছ প্ৰছেচ । মই সেই বুলি কাকো বেয়া বুলি কোৱা নাই, ডেট ইচ অলচ’ ইম্পৰটেন্ট মেটাৰ । মানুহক আমি ইমান বেয়া নাপাঁও, বিশেষকৈ কলি যুগৰ মানুহক আৰু তাতে আচামৰ মানুহক ।
বিশ্ব দেউৱে এইবাৰ সঁচাকে কনফিউছড হৈ গ’ল । এনেকুৱা ডাইলগটো আমাৰ পুৰনা চাৰেহে কৈছিল । কিবা সুধাৰ আগতেই মহিষাসুৰে ক’লে হাঃ হাঃ হাঃ দেউ তুমি মোৰ কথাবোৰ শুনি আচৰিত হৈছা, নহয় জানো ? যোৱা ইমান বছৰে অসমত আহি কামৰ নামত কেৱল চৰকাৰী ডাইলগেই শুনি আছো, এইবোৰ শুনি শুনি এতিয়াটো মোৰো কথা বতৰা সলনিয়েই হৈ গৈছে ।
এইবাৰ দেউৰ অলপ মনতো পাতল পাতল লাগিল । মহিষাসুৰ মাটিতে বহি ক'বলৈ আৰম্ভ কৰিলে বোলে দূৰ্গা মেডামৰ জহতে প্ৰত্যেক বাৰ অসম অহাৰ সৌভাগ্য ঘটে ৷ আচলতে আমাৰ মাজত এটা আন্দাৰষ্টেণ্ডিং আছে । তেওঁ ভালদৰে জানে যে মোক প্ৰদৰ্শন নকৰিলে তোমালোকে তেখেতৰ শক্তিৰ ওপৰত সন্দেহ কৰিবা । তোমালোকে নহলেনো দেৱীমাক এৰি অলৌকিক ভণ্ড বাবাৰ ভক্ত হোৱাগৈনে? যদি প্ৰতিবাৰ মোৰ মোৰ নিধন হয়, প্ৰতিবাৰেই মা দূৰ্গা অকলে কিয় নাহে মৰ্ত্যলৈ, মোকো যে লৈ আহে , ভাবি চাবাচোন ৷
এটা কথা তোমালোকে নাজানা যে মেডামে মোক কেতিয়াও বেয়া নাপায় । তেঁও আনক দেখুৱাই হে ত্ৰিশুল পাত দি মোক অকণ মান আঘাত কৰে, কিন্তু মই দেখোন দা জোকাৰি ৰখিয়ে থাকো ? আৰু ৰাইজে পূজা কৰোতেও ফুল-তুলসী মেডামৰ গাত নপৰি মোৰ গাত হে পৰে, তুলসীৰ লগতে কলপতুৱাৰো মুক্তি দৰে । হাঃ হাঃ হাঃ এতিয়া তুমিয়েই কোৱাচোন মইনো মৰো কি দৰে ? তোমালোকেই চোন মোক জীয়াই ৰাখিছা ।
দেউৱে ভাবিলে ঠিক ঠিক, হয়তো কথাটো ৷ মহিষাসুৰে আকৌ মাত দিলে, বোলে বুজিছা দেউ, দেৱী পূজা হাজাৰ পাতক, নাৰীক দেৱীৰ লগত হাজাৰ তুলনা কৰক পিছে এই মৰ্ত্যত মহিষাসুৰৰ মৃত্যু নহয় নিতৌ কৰবাত নহয় কৰবাত দেৱীৰহে মহিষাসুৰৰ হাতত মৃত্যু হৈ থাকে৷ সেয়ে এইবাৰ পূজাত সকলোকে কোৱা যাতে দেৱী পূজা কৰিলেই নহয় প্ৰতি গৰাকী নাৰীৰ গাত দূৰ্গাৰ শক্তি আহে যাতে মানুহৰূপী মোৰ দৰে মহিষাসুৰ নিধন কৰিব পাৰে ৷
মহিষাসুৰে বোলে আৰু এটা কথা লক্ষ্য কৰিবা আমাৰ মাজতো বিসম্বাদী বহুত আছে । মেডাম আৰু মোৰ বাহিৰে বাকী সকলক বিশ্বাসত ল’ব নোৱাৰি কিয়নো আমাৰ লগত তেওঁলোক থাকিও বিনা কাৰণত নিজৰ নিজৰ পূজাভাগ লবলৈ লক্ষ্মী, সৰস্বতী, গনেশ, কাৰ্তিক সকলোৱে অকলে অকলে আকৌ মৰ্ত্যলৈ আহে । তেঁওলোকক বিসম্বাদী নকৈ কি ক’ম দেউ তুমিয়ে কোৱাচোন ?
আমাৰ গনেশ ইমানেই খকুৱা যে কেইদিন মান আগত বুণ্ডিয়া লাডু এগালমান খাই গৈ আকৌ মাকক কয় “ নাই মা মই আকৌ যাম প্লিজ, প্লিজ, প্লিজ মোৰ হেল্থটো চোৱা, ভালদৰে খাবলৈকে পোৱা নাই” ।
লক্ষ্মীৰ টো কথাই নকও, পূজাৰ এমাহ হ’বলৈকে নাপাই আকৌ অকলশৰে আহে । আৰু সৰস্বতীটো এখোপ চ’ৰা, কণ কণ লৰা-ছোৱালীবোৰৰ মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰি পৰীক্ষাৰ আগত ভয় দেখুৱাই পূজা এভাগ দকচি খাই যায়হি ।
কাৰ্টিকৰ কথা নকও, ধূনীয়া ল’ৰা, এনাৰজেতিক ল’ৰা, এনেও বেচেৰাক কোনেও বেলেগে পূজা পাতল নিদিয়ে, গতিকে এই চেগতে মেডামৰ লগতে অলপ চাল(দেহ-ৰূপ) দিবলৈ আহে, সেয়ে বেয়া নাপাও।
কিন্তু কি ক’ম দুখৰ কথা পূজা খাই মেলি যেতিয়া আমাক ভাষানত লৈ যায় তেতিয়া জীৱটো কেলধোপ কেলধোপ কৰি থাকে । ঠিক ৰাজনীতিত নিৰ্বাচনৰ কাউন্টিংত হোৱা অবস্থাৰ দৰে । ৰাইজে কোনে কাক কেতিয়া কেনেকৈ ভাষানত বিসৰ্জন দিয়ে বা মোৰ লেঙুটিখন টান মাৰি দিয়ে সেয়া ভাবি ভয়েই লাগে ।
ইমানপৰে মহিষাসুৰে বহু কথাই কলে । আমাৰ বিশ্ব দেউৱে কিবা এটা সুধিম বুলি ভাবি ৰৈ গ’ল, মহিষাসুৰক কি বুলি সম্বোধন কৰিব ভাবিকে নাপালে । প্ৰভু বুলি মাতিলেও লাগিব দেৱতাৰ জগৰ আৰু অসুৰ বুলি কলেও যদি জাঙুৰ খাই উঠে ? সেয়ে বহু ভাৱি চাৰ বুলিয়ে মাতি দিলে, এনেও চাৰ বুলি মাতিলে সকলোৱেই ভাল পায় ।
বিশ্ব দেউৱে বোলে চাৰ আপুনি এইদৰে হঠাৎ মোৰ আগত প্ৰকত হ’ল যে ? মহিষাসুৰে বোলে ন’হম কিয় হে ? এম এল এ, মিনিষ্টাৰে যদি হ’কে বিহকে সকলোতে বিনা কাৰণত নিউজ চেনেলত প্ৰকত হৈ যি ইচ্ছা বকি থাকিব পাৰে আমি কিয় নোৱাৰিমহে ?
আৰু তোমালোকে আজিকালি আমাতকৈ তেঁওলোককহে বেছি গুৰুত্ব দিয়া । নিজে পূজা দিব নাহি লাইভ টিভিতে পূজা কৰা, পূজাৰ ৰিল কাটি কাটি পূজা দিয়া, তাৰ প্ৰতিবাদ কৰিবলৈকে মই প্ৰকট হৈছো । লাগিলে মই আন্দোলন কৰিম, তোমালোক অসমীয়া কেইটাই হে কেবল হকে বিহকে আন্দোলন কৰিব জানা নেকি ?
বিশ্ব দেউৱে বোলে হয় চাৰ আপোনালোকৰ লীলা অপাৰ পিছে দেৱতা অসুৰৰ যুদ্ধত আমাৰ নৰমনিচ বোৰৰহে বৰ বেয়া অবস্থা হয় ।
মহিষাসুৰে বোলে বহু হ’ল আজিলৈ এৰিছো, কোন সময়ত নিউজ চেনেলৰ মানুহ আহি যায় ঠিক নাই, ন’হলে কালিলৈ আমাৰ পূজা এৰি সকলোৱে ব্ৰেকিং নিউজ চাইহে থাকিব, দেউ তুমিও যোৱা সাউতকৈ গাটো তিয়াই আহি পূজাত বহা । মইও মেডামৰ ওচৰলৈ যাঁও ।
বিশ্ব দেউৱে সেৱা এটা ল’বলৈ খোজোতেই জানো কি হ’ল ইলেক্চনত জয়হৈ এম এল এ, এম পি অন্তৰ্ধ্যান হোৱাৰ দৰে মহিষাসুৰ অদৃশ্য হৈ গ’ল .....
(পূজা প্ৰায় আহি পালেহি ৷ শেৱালী ফুলিছে, কুৱঁলীও দুই এটোপাল সৰিছে, দুৱৰীত পুৱাৰ নিয়ৰ, কবলৈ গ'লে শাৰদী ৰাণীৰ আগমন হৈছেই লগতে আৰম্ভ হৈছে ফটাঢোল আলোচনীৰ পূজা সংখ্যাৰ কাম কাজ ৷ আগতিয়াকৈ পূজাৰ নতুন ধুনীয়া কাপোৰজোৰ কিনাৰ প্লেনিংৰ লগতে যেন সকলোৱে গোটৰ মাহেকীয়া আলোচনীৰ বাবে নতুন ধুনীয়া হাস্যৰসৰ লেখা আগতিয়াকৈ দিয়ে তাকেই চকীয়াই কামনা কৰিছে ৷ আশাকৰো সকলোৱে পূজা সংখ্যাৰ আলোচনীৰ বাবে সোনকালেই নানা ৰঙী লেখা গোটত প্ৰকাশ কৰিব ৷ পুনৰ ধন্যবাদেৰে, চকীয়া )

কেমিকেল লঔচা


কেইদিনমান আগৰ কথা৷ ঘৰৰ সকলো সম্বন্ধীয় এজনৰ বিয়াত গ’ল৷ মোৰ পিচদিনা জৰুৰি এক কাম থকা বাবে যোৱা নহ’ল৷ ঘৰত কেৱল কাঞ্চা আৰু মই৷ কাঞ্চা আমাৰ ঘৰতে সৰুৰে পৰা ডাঙৰ হোৱা৷ বয়সত মোতকৈ দহ বছৰ মান ডাঙৰ৷ সন্ধিয়াতে সি ভাত পানী ৰান্ধি ৰেডি৷ কাৰণটো? শ্ৰীমতী আজি ঘৰত নাই বুলি কওঁতেই অনুমান কৰিছেই চাগৈ৷ গতিকে পলম নকৰি ৰঙাকৈ ভজা মূৰ্গীৰ ঠেং আগত সজাই লৈ বিলাটি চিচাৰ মাজুজনক আগত লৈ পকাতে বহি ল’লো৷
এই স্বাধীনতা বছৰত কাৎচিৎ হে আহে৷ গতিকে স্বাধীনতাৰ সম্পূৰ্ণ সুযোগ সোৱাদ লোৱাত ব্যস্ত হৈ পৰিলো৷ এনেই হ’লে এই সময়ত “চিৰিয়েল কিলাৰ“ শ্ৰীমতীৰ হাতৰ পৰা ৰিম’ট টো আনিবই নোৱাৰো, গতিকে টিভিটো লগাই হেঁপাহ পলুৱাই ৰিম’টটোকে খঙতে টিপি টিপি সোপাকে চেনেল এফালৰ পৰা পকাই গ’লো৷
লগে ৰহৌ মুন্না ভাই চিনেমাত সঞ্জয় দত্তক বোলো লগে ৰহৌ বুলি কৈ নিজেও কুটুক কুটুক কৈ দি গ’লো৷ কিমান গ’ল নাজানো, চিনেমাও শেষ হ’ল আৰু ইফালে কাঞ্চাইও নিচা আৰু নিদ্ৰাদেৱীৰ আশিৰ্বাদত মাটিতে লাং খাই ধলি পৰিল৷ মই বোলো আকৌ বা কেতিয়ালৈ এই সুযোগ পাও গতিকে তলিলৈকে উদং কৰি মাটিতে পাটিখন পাৰি তাৰ কাষতে বাগৰি দিলো৷ কেতিয়া টোপনি আহিল ধৰিব নোৱাৰিলো৷
পিছে কোনোবাই বাহুত ধৰি জোকাৰি দিয়া যেন অনুভৱ হ’ল৷ জোৰ কৈ চকু দুটা মেলি দেখো মোৰ ককা মহেন্দ্ৰ নাথ শইকীয়া ওৰফে বাপুকন, গান্ধী বাদী নেতা, সম্পুৰ্ন গান্ধীৰ বেশভুষাত৷ টিভি থকা ৰূমৰ বেৰত ফুলৰ মালা দি আঁৰি থোৱা এবাৰ ককাৰ ফটোখন আৰু এবাৰ কাষতে বহি থকা ককাক দেখি অলপ ভয় খালো যদিও গিয়েৰত থকা বাবে কনফিডেঞ্চ তুংগত আছিল৷ এই সময়ত ভূত কি বনৰ ৰজা বাঘ আহিলেও কেয়াৰ নকৰো৷ মই মনতে বোলো অলপ আগতে লগে ৰহৌ মুন্না ভাই চাইছো তাৰে ইফেক্ত নহয়টো?
মই মাত দিলো বোলো আপুনি মোক কিন্তু মুন্না ভাই বুলি নাভাবিব৷ মোৰ কোনো কেমিকেল লৌচা হোৱা নাই৷ চিধা চিধি কওঁক আপুনি কোন? কাৰণ মোৰ ককা মৰি ভূত হোৱা বহুত বছৰ হল৷ সকলো বুঢ়াই মোৰ ককা নহয় আৰু চুলি খুড়ালেই গান্ধী নহয়৷ চুলি আজি কালি ফেশ্চনতো খুড়াই আৰু প্ৰতিবাদ কৰিবলৈও৷
ককাই মোচৰ তলত অলপ হাঁহি ক’লে “বোপা বিলাটি নিচাত নিজৰ দেশ আৰু জাতিকটো পাহৰিলিয়েই, নিজৰ ককাৰকো পাহৰিলি৷ “
মই বোলো ককা আজি শ্ৰীমতী আই মিন আপোনাৰ নাতী বোৱাৰিও ঘৰত নাই সেয়ে অলপ স্বাধীনতাৰ সুযোগ ল’লো৷ ককাই আৰম্ভ কৰিলো বোলে আমি ভাবিছিলো দেশ স্বাধীন হ’ব, ৰামৰাজ্য হ’ব৷ বিলাটি বস্তু দেশৰ জনতাই ত্যাগ কৰিব, সুৰা নিষিদ্ধ হ’ব কিন্তু তহঁতে দেখোন স্বাধীনতাৰ সংজ্ঞাই সলনি কৰি দিলি৷
মই বোলো ককা, অযোধ্যাও আছে আৰু ৰাম নহলেও হাততে ঢুকি পোৱাকৈ সকলোতে ৰম আছেই ৷ আৰু ৰামৰাজ্যও চলি আছে ককা, দেশত দেখোন আশাৰাম, ৰামৰহিম সকলোতে দেখোন ৰামৰেই ৰাজত্ব৷ ৰাম নহলেও ৰম চৰকাৰে ১০০ মিটাৰ দুৰত্বত বিক্ৰী কৰিব দিছে৷ সুৰাই এক মাত্ৰ ঈশ্বৰ প্ৰাপ্তিৰ পথ নহয় বুলি বেনাৰ মাৰিছে, কাকতত ডাঙৰ ডাঙৰ হৰফেৰে বিজ্ঞাপন দিছে৷ তাৰ অৰ্থই হ’ল ৰাম নাম বাদ দি ৰম নাম ভজা৷ ৰমো ঈশ্বৰ প্ৰাপ্তিৰ পথ৷
ককাই বোলে তহঁতে প্ৰতিবাদ নকৰ কিয়? এনেই দেখোন হকে বিহকে প্ৰতিবাদ কৰ তহত অসমীয়া কেইটাই৷ গান্ধীৰ দৰে অহিংসা আন্দোলন কৰ৷
মই আৰম্ভ কৰিলো, বোলো ককা, গান্ধী এতিয়া ক'লা টকা হিচাপে বিদেশৰ কোনোবা বেংকৰ কুঠৰিত বন্ধ৷ দেশৰ বহুতো জনতাই গান্ধী দিৱস মানে বন্ধৰ দিন আৰু ড্ৰাই ডে বুলিহে জানে৷ আজি কালি তেওঁক “ জানতে ত' চব হে পৰ মানতে কিতনে হে? “ জাতিৰ পিতা নামাকৰনত প্ৰশ্নবোধক চিহ্ন লগাটো দুৰৈৰে কথা বহুতে তেওঁক ধূৰ্ত বেপাৰীয়েই আখ্যা দি পেলালে৷ বাৰু ৰাজনৈতিক ইচ্ছ্যু বাদ দিলো৷ ড্ৰাই ডে? মিছা কথা৷ আনদিনা কেৱল সুৰাৰ দোকানত সুৰা পোৱা যায় পিছে ড্ৰাই ডে’ত সকলোতে পায়, আনকি গেলামালৰ দোকানতো৷
ককাই বোলে তহত দেশৰ নতুন প্ৰজন্মই কেৱল দিনৰ দিনটো ফেচবুকত ষ্টেটাচ দি থাক৷ দেশ কি উন্নতি হ'ব৷ গনতন্ত্ৰ দিৱস হ’ওক, ফেচবুকত৷ গান্ধী দিৱস, হওক সকলো ফেচবুকত৷
মই বোলো ৰ'ব ককা আপোনাৰ কথাখিনি ফেচবুকত ষ্টেটাচ এটা দিয়েই দিও৷ আমি প্ৰতিবাদ, ধৰ্ণা, বিতৰ্ক, আলোচনা, সমালোচনা যি কৰো সকলো ফেচবুকতেই কৰো৷
কবলৈ হে পালো ককাই অহিংসা ত্যাগ কৰি দিলে প্ৰকাণ্ড গোৰ এটা মাৰি৷ খক মক কে উঠি দেখো ককা গায়ব, কাঞ্চাৰ লুঙি মুৰৰ ওপৰত, মই তাৰ ভৰি পথানত৷ হে ৰম....তাৰ মানে ৰাম ৰম চিনেমা চব মিলি মোৰ মুৰত কেমিকেল লৌঔচা হ'ল , ,

ফেচবুকাইটিছ


ফেচবুকাইটিছ নামৰ ৰোগ বিধে বৰ্তমান সমাজত বিশেষকৈ অসমত এক ভয়ংকৰ উপসৰ্গ হিচাপে দেখা দিছে৷ বাঘা বাঘা পণ্ডিত সকলে বিভিন্ন পৰীক্ষা নিৰিক্ষা কৰি এই ৰোগৰ কাৰন, লক্ষন তথা নিৰাময় বিষয়ে বহুতো ৰিচাৰ্চ পেপাৰ ইতিমধ্যে নাম গুন নুশুনা আলোচনী কিছুমানত প্ৰকাশ কৰিছে৷ আমাৰ অসমৰো অখ্যাত ফেচবুক বিশেষজ্ঞ শ্ৰী যুত পেলেকচন বৰিয়ে অসমৰ ভালেকেইজন ফেচবুকাইটিচ ৰোগীক গিনিপিগ হিচাপে ব্যৱহাৰ কৰি পৰীক্ষা নিৰিক্ষা চলাই পোৱা তথ্যৰ ভিত্তিত তলত দিয়া সিদ্ধান্ত সমূহত উপনিত হৈছে ৷
ফেচবুকাইটিছ::
ফেচবুকাইটিছ হ'ল এবিধ এনে ৰোগ যিয়ে আন্তঃজালৰ (ইন্টাৰনেট) দ্বাৰা মেৰিয়াই ফেচবুক নামৰ ভাইৰাচৰ দ্বাৰা আক্ৰান্ত কৰি ক্ৰমান্বয়ে আপোনাক জৈবিক সমাজৰ পৰা এখন অদৃশ্য জগতলৈ লৈ যাব৷ যিখন জগতৰ মোহগ্ৰস্থ হৈ আপুনি জীৱজগতত থাকিও কাল্পনীক অশৰীৰী জগতৰ এজন হিচাপে নিজকে পৰিচয় দিয়া আৰম্ভ কৰিব৷
ৰোগৰ সংক্ৰমন:
এই ৰোগ সাধাৰনতে এণ্ড্ৰইড জাতীয় ম'বাইল ব্যৱহাৰ কৰা ব্যক্তিৰ ক্ষেত্ৰত হে বেছিকৈ দেখা পোৱা যায়৷ আন্তঃজালত উপলব্ধ ফেচবুক নামৰ এপচ বিধ ডাউনলড কৰা মাত্ৰকে এইবিধ ভাইৰাচ আপোনাৰ মগজুত প্ৰবেশ কৰে আৰু হাতৰ বুঢ়া আঙুলী, মন তথা চকুক প্ৰথমতে আক্ৰান্ত কৰে আৰু ক্ৰমান্বয়ে আপোনাৰ জীৱনৰ বহুমুলীয়া সময়বোৰ কুটি কুটি খোৱা আৰম্ভ কৰে৷
ৰোগীৰ চিনাক্তকৰন::
যি সকল ব্যক্তিৰ ফেচবুক নামৰ এপচ বিধৰ চাট বস্কৰ সেউজীয়া লাইট টো কাহানীও ফিউজ নহয় তথা নিজৰ ষ্টেটাচ ৰক্ষাৰ বাবে অনবৰতে শাকে পাতে গোবৰে জাবৰে ফটোৰ ষ্টেটাচ পষ্ট কৰি থকা দেখা যায়, সেইসকল ব্যক্তি এইৰোগত আক্ৰান্ত হৈছে বুলি অনুমান কৰিব পৰা যায়৷
ৰোগ নিৰ্ণয়ৰ পৰীক্ষা সমুহ::
১, আন্তঃজাল বা ইন্টাৰনেট সেৱা ব্যাহত কৰি৷
২, মবাইল চাৰ্জ কৰিবলৈ বিজুলী সৰবৰাহ বন্ধ কৰি৷
৩, ৰোগীৰ পষ্টত লাইক কমেন্ট বন্ধ কৰি দি৷
৪, ম'বাইল হাতৰ পৰা কাঢ়ি ৰাখি৷
উপৰুক্ত কাৰ্য সমূহ কৰিলে যদি "উইদ্ৰয়েল চিমপ্তমচ"ৰ দৰে অৰ্থাৎ এলকহলিক এজন ব্যক্তিক যদি সুৰা পান কৰিবলৈ হঠাৎ বন্ধ কৰি দিয়া হয় তেওঁ যি দৰে চটফটাই থাকিব, সেইদৰে ফেচবুকাইটিচ ৰোগী জনেও চটফটাবলৈ আৰম্ভ কৰিলে ব্যক্তিজন সেই ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱা যায়৷
ৰোগৰ লক্ষন::
এই ৰোগৰ বহুতো লক্ষন আছে যি বৰ্তমানেও চিন্তা চৰ্চাৰ বিষয় হৈ আছে, তথাপি কেইটামান লক্ষন বৰ্তমান প্ৰকাশ কৰা হ'ল৷
১, ব্যস্ততাৰ মাজতো অনবৰতে মোবাইল স্ক্ৰীনত ফেচবুক নটিফিকেচন লক্ষ্য কৰি থকা৷
২, ম'বাইল টাৱাৰ নোহোৱা ঠাইলৈ যাবলৈ অমান্তি হোৱা৷
৩, ৰন্ধন প্ৰকৰণত মনোনিবেশ নকৰা৷ চেনীৰ ঠাইত নিমখ আৰু নিমখৰ ঠাইত চেনী দিয়া তথা ব্যক্তি জনক আহাৰ গ্ৰহন কৰিবলৈ বহুবাৰ মাতিব লগিয়া হোৱা৷
৪, ড্ৰাইভিংৰত অৱস্থাতো ফেচবুকৰ নটিফিকেশ্বনৰ শব্দ শুনি গাড়ী চাইডলৈ নি ৰখাই দি ম'বাইল চোৱা৷
৫, পষ্টত ষ্টেটাচৰ লাইক কমেন্টৰ সংখ্যা মনত ৰখা তথা সঘনাই প্ৰফাইল ফটো সলনি কৰা৷
৬, বহু দিনৰ পিছত লগ হৈও দুজন ব্যক্তিয়ে কথোপকঠনতকৈ ম'বাইলত অধিক গুৰুত্ব দিয়া৷
৭, জীৱিত মানুহৰ লগত কথা বতৰা কমাই দিয়া৷
৮, নিজকে চেলিব্ৰেটি হিচাপে গন্য কৰা৷
৯, "মই ফেচবুক এৰিম" বুলি মাহেকে পষেকে দুই তিনিবাৰ ষ্টেটাচ লিখি সহানুভুতি তথা ৰিয়েকচন পৰীক্ষা কৰি পুনৰ ফেচবুকত সক্ৰীয় হোৱা৷
১০, মূৰৰ শিতানত ম'বাইল ৰখা তথা নিশা সাৰ পালেও ফেচবুকৰ নটিফিকেচন পঢ়ি চোৱা৷
ৰোগৰ নিৰাময়::
এই ৰোগ নিৰাময় কৰাতো যথেষ্ট কষ্টকৰ যদিও অসাধ্য নহয়৷ ৰোগীৰ মানসীক অৱস্থা তথা ধৈৰ্য্যৰ ওপৰত ই বহুগুনে নিৰ্ভৰ কৰে৷ তথাপি ম'বাইলৰ ইন্টাৰনেট সেৱা প্ৰথমে 4জি, 3জিৰ পৰা ইন্টাৰনেট স্পীড কমাই 2জি কৰি ল'ব পাৰে৷ কিয়নো তেতিয়া পষ্ট এটা খোল খাওতে বা ফটো আপল'ড কৰোতে যথেষ্ট সময় ল'ব যাৰ বাবে ফেচবুকৰ প্ৰতি ক্ৰমান্বয়ে বিৰাগ জন্মিব আৰু লাহে লাহে এই ভাইৰাচবিধৰ আক্ৰমনৰ পৰা নিজকে ৰক্ষা কৰিব পৰিব৷ ইয়াৰ উপৰিও যিমান পৰা যায় জীৱিত ব্যক্তিৰ লগত কথাবতৰা আহ যাহ কৰা আৰম্ভ কৰি আৰু ম'বাইল পৰাপক্ষত নিজৰ পৰা নিলগত ৰাখি ক্ৰমান্বয়ে এই ভাইৰাচবিধৰ আক্ৰমনৰ পৰা নিজকে ৰক্ষা কৰিব পৰা যায়৷
বি দ্ৰ::
উপৰুক্ত লেখাৰ দ্বাৰা ফেচবুকাইটিছ ৰোগৰ চিনাক্তকৰন তথা উপশম কৰি যদি কোনোৱে সুফল পাই পেলেক চন বৰিৰ নম্বৰত 4জি ৰিচাৰ্জ এটা কৰি দিবলৈ নাপাহৰিব৷ কিয়নো বৰ্তমান তেওঁৱো এই ৰোগতে আক্ৰান্ত৷

চৌদিশে এতিয়া এটাই শব্দ "পানী"


পানী ...পানী.... পানী ৷ মুঠতে চাৰিওফালে পানী ৷ ৰ'ব পানী পানী বুলি মই য়ৌ য়ৌ হনী সিংৰ গানটো গাব খোজা নাই ৷ অসমৰ গোটেইসোপা পানী একেলগ কৰি কিবা এটা লিখিবহে ওলাইছো ৷ ক'ৰবাত যদি বানপানী আৰু চকুপানী ক'ৰবাত আকৌ জিভাৰ পানী আৰু ঘৰিয়ালৰ চকুপানী ৷ মুঠতে পানী আৰু পানী ৷
বাৰু, আমি জানো যে পানীয়েই জীৱৰ প্ৰাণ ৷ ৰ'ব ৰ'ব, পানী বুলি কওঁতে আকৌ মই সন্ধিয়াৰ ফুৰ্টি পানীকনৰ কথা হে ক'ব ওলাইছো দেই ৷ যি কন নাখালে বহুতৰে প্ৰাণ বায়ু উৰি যাব যেন লাগে সেইকনৰ কথাহে , নৰ্মেল পানী মানে টিউবেল, কুঁৱা, পুখুৰী এইবোৰ পানীৰ কথা কোৱা নাই ৷ বানপানীৰ কথাটো মুঠেও নকওঁ কাৰন বানপানী আমেৰিকাতো হয় ৷ সেইটোনো কি ডাঙৰ কথা ৷
যিয়েই নহওঁক কিয় পানী পানীয়েই, লাগিলে সি কলহৰ পানীকনেই হওঁক বা বিলাতি পানীকনেই হওঁক৷ বিলাতি পানীৰ কথা ওলাল যেতিয়া বহুতৰে যে জিভাৰ পানী ৰখাব নোৱাৰা অৱস্থা হৈছে অমুকাইও বুজিব পাৰিছো ৷ সন্ধিয়া হ'লে যে আড্ডাত নৰ্মেল পানীৰ লগত বিলাতি পানী মিক্স হৈ ডিঙি পাৰ হোৱাৰ পিছতেই পাক খোৱা জিভাৰ কথাই জাতিয়তাবাদ- ৰাষ্ট্ৰীয়তাবাদৰ পৰা ডাইৰেক্ট গৈ হোৱাইট হাউচ পাইগৈ সেইটো নক'লেও সকলোৱেই জানে ৷
সঁচা কবলৈ অসমত এই পানীকনেই এনে এক বস্তু যাৰ কাহানিও সমস্যা হোৱা নাই ৷ প্ৰতিটো চাৰিআলিত কিম্বা দুইৰ পৰা দহ কিলোমিটাৰ ভিতৰত ফাৰ্মাচি নাপালেও ফুৰ্টি পানীৰ দোকান যে আপুনি পাব গেৰান্টি ৷ শইকীয়াৰ দিনৰ পৰা বুলি আমাৰ মহন্তদেউৰ দিনলৈকে অসমত যিমান ফুৰ্টি পানীৰ দোকানৰ লাইচেঞ্চ দিলে আৰু চৰকাৰে যিমান ৰাজহ এই পানীকনৰ পৰাই সংগ্ৰহ কৰে, চাবলৈ গ'লে অসমত যে কাহানিও ফুৰ্টিপানীৰ সমস্যা নহয় সেইটো ধুৰুপ ৷
যি কি নহওক বিহাৰৰ দৰে পানীৰ সমস্যাত জুৰুলা হোৱা ৰাজ্যইও ফুৰ্টিপানী বন্ধ কৰাৰ পৰিবৰ্তে আমাৰ অসমৰ বোকাপানীত ফুলা নতুন চৰকাৰে ড্ৰাই ডে কমাই আনি অতিৰিক্ত চাৰিশ কোটি টকা পানীকনৰ পৰাই ৰাজহ আদায় কৰাৰ যি পৰিকল্পনা কৰিলে সিও লেখত লবলগীয়া ৷
"সুৰাই একমাত্ৰ ইশ্বৰ প্ৰাপ্তিৰ পথ নহয়" বুলি দিয়া বিজ্ঞাপনকো বহু চকু চৰহাই আকৌ বুজিয়েই নাপালে ৷ প্ৰকৃততে বুজাব বিচাৰিছিল যে সুৰাই এক্সিডেন্টলি ভায়া জি এন আৰ চি হৈ ডাইৰেক্ট ঈশ্বৰ প্ৰাপ্তি কৰিব পাৰে বা দীৰ্ঘদিনীয়া সুৰা ভক্তিৰ ফলত ভায়া ভেলোৰ হৈ ঈশ্বৰ প্ৰাপ্তি ঘটাব পাৰে ৷
যি কি নহওঁক "ভিতৰৰ অফিচাৰ জনক জগাই তোলক"ৰ বিজ্ঞাপনৰ দৰে পানী এটুপি ধৰি বহুতৰে সন্ধিয়া হ'লেই যে ভিতৰৰ মতা মানুহটো জাগি উঠে আৰু ইংৰাজী ভাষা আখৈ ফুটাদি ফুটে সেইটো সৰ্ব্বজন বিদিত ৷ পানী কেঁচুৱা এটাইও জানে যে অসম পানীতে ডুবি থাকে ৷ এই ধৰক বানপানী, চাহপানী, সাজপানী, লাওপানী ইত্যাদি ইত্যাদি ৷ বিশেষকৈ গৰমৰ বন্ধত অসমৰ আধাফাল ডুবি থাকে বানপানীত আৰু আনফাল এক'লেণ্ডৰ পানীত ৷ বিচিত্ৰ জীৱন বিচিত্ৰ মন ৷
আটাতকৈ ডাঙৰ কথা যে পানীয়ে কেতিয়াবা হাঁহিৰ খোৰাকো যোগায় ৷ উদাহৰন স্বৰূপে পানীৰে পৰিপূৰ্ণ অসমৰ এল পি স্কুলবোৰত বৰষুনৰ পানী সংৰক্ষন কৰাৰ নামত লাখ লাখ টকা চৰকাৰে পানীত পেলোৱা কাণ্ড কাৰখানা বোৰ দেখি অথবা বছৰৰ পিছত বছৰ ধৰি ব্ৰহ্মপুত্ৰ কন্ট্ৰল বৰ্ড আৰু গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা সমাধানৰ নামত সাধাৰন মানুহক জোলোকা জোলোকে পানী খোৱাৰ কথাবোৰ দেখি শুনি কেতিয়াবা ভাবো এই পানীত পৰা মানুহবোৰক দেখি ঘৰিয়ালৰ চকুপানী টুকা নেতা সকলোটো কম অভিনেতা নহয় ৷
চৰাই মৰে ৰৈ মানুহ মৰে কৈ ৷ আৰু এবিধ পানীৰ কথা ক'বলৈ পাহৰিছিলোৱেই ৷ মানে পাণি গ্ৰহন কৰা কথা ৷ এই বিধ পাণি আকৌ ইমান এভেলভেল নহয় ৷ যি কোনো এজন বৰলাক সোধক গম পাব যে পাণি গ্ৰহন কৰিবলৈ ছোৱালী বিচৰাটো কিমান কষ্টকৰ ৷ আতুৰে পানী পাই যাব পাৰে কিন্তু বৰলাই পাণি গ্ৰহন কৰিবলৈ ছোৱালী পোৱাটো ভাগ্যৰ কথা ৷

টিভিৰ চাবি.....


ঊনৈছশ অষ্টাশী চন,
অসমত আছিল তেতিয়া এজিপি শাসন
আৰম্ভ হৈছিল টিভিত মহাভাৰতৰ ৰণ ৷
নিজৰ ঘৰতো টিভি এটাৰ বৰকৈ হৈছিল প্ৰয়োজন
টি ভি লাগিবই বুলি অমুকাই কৰি দিলো অনশন
উপায়ন্তৰ হৈ পিতায়ে ভাঙিব লগা হ'ল গাঁঠীৰ ধন ৷
ঘৰলৈ ঘটিল প্ৰথমটো ক'লা বগা টিভিৰ আগমন ৷
হাঁহি ফুৰ্তিৰে উপচি পৰিল কুমলীয়া মন ৷
স্লাইডিং দৰ্জাত চাবি থকা টিভি নাম তাৰ আপট্ৰন ৷
নেদেখা নুশুনা বহু বস্তু প্ৰথমবাৰ দেখি ধন্য হ'ল জীৱন
পঢ়া শুনা গছত উঠিল বন্ধ হ'ল খাৱন শোৱন
কবলৈ গ'লে টিভিৰ সন্মুখতে জীৱন যাপন
অৱশেষত পিতায়ে দিলে বৈদ্য জাৰন
বন্ধ কৰিলে চোৱা মোৰ দুৰদৰ্শন ৷
মাটিত বাগৰি বাগৰি কৰিলো ক্ৰন্দন
পিচে কামত নাহিল মোৰ বিলাপ বচন
চাইহে এৰিম বুলি মইও বাপৰ বেটাই কৰিলো পণ
টিভিৰ দৰ্জা খোলাৰ কৰিলো বিভিন্ন যতন
পুৰণি চাবিৰে ঘুৰাই পকাই খুলি টিভি কৰিলো অন
পিছে থাকক ভাঙি তাত চাবিৰ টুকুৰা অকন
পাঁচ বজাত পিতাই কামৰ পৰা অহাৰ ক্ষণ
মাৰিব পৰা নাই নহয় পিছে দৰ্জাখন
মায়েও দিছে গালি মুঠতে চাৰিওফালে টেনচন
তেনেকৈ পেলাই পঢ়া টেবুললৈ কৰিলো গমন
আহক আকৌ টিভি চাবলৈ পিতাইৰ বন্ধু এজন
চাবি খুলিব গৈ পিতাইৰ খং উঠিল ভীষন
টিভি ভাঙি গুৰা কৰিম বুলি কৰিলে তৰ্জন গৰ্জন
ভয়তে মই সৰু পানী কৰিলো বিসৰ্জন
ভৰি হালত ধৰি গালো অপৰাধ বিনাশন
বাঘ ঢকা, কানতলীয়া আৰু পৰিল পিতন
মহাভাৰতৰ ভাওনা ঘৰতে হ'ল পিতাই ভীম মই দুশাসন
চিত্ৰহাৰ, চিনেমা চোৱা কৰিলো বৰ্জন
পঢ়া শুনাত দিলো মন
দেওবাৰে এঘন্টাৰ বাবে পালো টিভি চোৱাৰ অনুমোদন
ধৰি ল'লো তাকে সৌভাগ্য বুলি কপালত সেইকন
নাছিল তেতিয়া আজিৰ দৰে এসোপা বিজ্ঞাপন
একেলগে বহি সকলোৱে চাব পৰা আছিল পৰিবেশন
ৰিম'টো নাছিল, দিব লগিয়াও নহৈছিল মাহেকীয়া ধন
এতিয়া মাথোন সোঁৱৰণ
তাহানিৰ আমাৰ দিনৰ সেই টেলিভিচন ........

প্ৰেট পৰীক্ষা (PRET Test)


কেইদিন মানৰ পৰা অফিছটো তেনেই সাৰ সুৰ নোহোৱা হৈ আছে ৷ দিনৰ দিনতো চাধা মোহাৰি ,চাহ তামোল খাই পুৱা এঘাৰ বজাৰ পৰা তিনি বজালৈকে নাযায় নোপোৱাই সময় বোৰ পাৰ কৰা শইকীয়া, দত্ত, কলিতা হঁতে নিজা টেবুলবোৰতে বহি হামিয়াই হিকতিয়াই দিন বোৰ পাৰ কৰিছে ৷
সঁচা কবলৈ গ'লে এই বাতৰিৰ বিসম্বাদৰ দৰে বিশেষ সম্বাদবোৰ নাইকিয়া হোৱাৰে পৰা আড্ডা বোলা বস্তুটো একেবাৰে নজমা হৈ পৰিল ৷ নিউজ চেনেল কেইটাও কিবা নিৰস নিৰস লগা হ'ল ৷ সচাঁকৈ কবলৈ হ'লে কিবা মজাই নাইকিয়া হ'ল লাইফত ৷ নিউজ চেনেলবোৰেও কিবা "আজি এই কেইটাহে বাতৰি জাল মাৰি পালো, তাকে নিমখ অকন দি সিজাই দিছো, যাৰ মন আছে খাই লব" ধৰনে পৰিবেশন কৰা যেন লগা হ'ল ৷
মুঠতে আগৰ নিউজ বুলি ক'লেই যি এক এন্টাৰটেইন্টমেন্ট আছিল, শেষৰ বাতৰিটোলৈকে যি এক চাচপেঞ্চ আছিল আৰু মাজে মাজে ব্ৰেকিং নিউজৰ যি থ্ৰিল সকলো নাইকিয়া হ'ল ৷
নিউজ চেনেলৰ এডিটৰ বোৰৰো ৰাতি চিন্তাত টোপনী নধৰা হ'ল ৷ সিদিনা দিনতে এচি ৰুমত বহি ভাত ঘুমটি মাৰি থাকোতেই হঠাৎ ঘটনাটো ঘটিল ৷ ফটা লাইভৰ অসমীয়া ভাষাৰ "এইচি কি তেইচি " কৰা জিকিৰ হুচেইনৰ ৰুমলৈ ডিঙিৰ বিয়েৰিংৰ প্ৰব্লেম থকা মন্ত্ৰী জন হঠাৎ সোমায় আহিল ৷ জিকিৰে আগত হঠাৎ কালান্তক দেখি একে জাপে বহাৰ পৰা উঠিল ৷ জিকিৰলৈ চাই ডিঙিটো বাওফাললৈ দুবাৰ বেকা কৰি চকু টিপ দুটা মাৰি টেবুল খনত নিজে বহি ল'লে ৷
জিকিৰ: চাৰ, নমামী
মন্ত্ৰী : নমামী
জি: ইউ ন চাৰ... কিবা এটা কৰক, এক্সুৱেলি এনেকৈ চেনেল চলাব নোৱাৰি আৰু... মানে... মানে ...মই ...মিন টু চে যে আপুনি মাজে মাজে বিতৰ্কিত মুলক কিবা নহয় কিবা এটা কৈ বা কৰি নাথাকিলে নিউজ নচলে ৷ আৰু বিতৰ্ক নহ'লে ফেচবুকত আপডেট নাহে ৷ ফেচবুক গৰম নহলে সন্ধিয়াৰ আলোচনা নজমে ৷ সন্ধিয়া আলোচনাত ডিঙিৰ সিৰ ফুলাই নিচিঞৰিলে আকৌ পিচদিনা অফিচ কলেজৰ আড্ডা নজমে, নাঙল গগৈৰ প্ৰেচ কনফাৰেঞ্চ নজমে ৷ মুঠতে ইউ ন, চাৰ, আই মিন টু চে সকলো কিবা নিৰস নিৰস হৈ যায় ৷
মঃ বুজিছো ৷ সেয়ে ষ্টুডিঅত মই নিজে আহিছো ৷
জিঃ চাৰ বিসম্বাদ জাতীয় কিবা এটা কৰক ৷ টি আৰ পি আকাশ চুব ৷
মঃ নাই সেইটোলৈ অলপ দেৰি আছে ৷ প্ৰচেচ টো আৰম্ভ হৈছে, ধৈৰ্য্য ধৰা ৷ এতিয়া সদ্যহতে বেলেগ এটা কথাহে ভাবিছো , মানে পৰিবৰ্তন ৷ টেট টামাম হিট হৈছিল ৷ তাৰ পিছৰ পৰা সকলো প্ৰায় ফ্লপ হৈয়ে আহিছে, নমামী ফ্লপ, ধুটি ফ্লপ, সংস্কৃত ফ্লপ, মাজতে সকলোৰে ক্লাচও ল'লো, সেইটোও দুদিনমান হে চলিল ৷ ধিনদয়াল অলপ চলপ চলি আছে গুনোৎসৱো চলিব ৷ পিছে টামাম হিট হোৱা নাই৷
জি: চাৰ পাঁচ বছৰিয়া কন্ট্ৰেকচুৱেল সকলৰ বাবে কিবা ভাবিছে নেকি?
মঃ হেৰা, আমাৰ চাকৰিও কন্ট্ৰেকচুৱেল, পাঁচ বছৰীয়া ৷ আমিতো পাৰমানেন্ট কৰিবলৈ কাহানিও ধৰ্ণা দিয়া নাই ৷
জিঃ ৰাইট চাৰ ৷ চাৰ আপোনালোকৰ দিনত ৰাইজে পৰিবৰ্তন আশা কৰিছিল ৷ কিবা পৰিবৰ্তন হ'বনে?
মঃ প্ৰেট পৰীক্ষা
জিঃ টেবুলৰ আগত থকা গিলাচৰ পানীৰ খিনি সাউতকৈ গিলি বোলে চাৰ ভুতৰ পৰীক্ষা ?
মঃ নহয় নহয়, “প্ৰেট পৰীক্ষা” অৰ্থাৎ “পাব্লিক ৰিপ্ৰেজেন্টেটিভ ইলিজিবিলিটি টেষ্ট”। আমাৰ এম এল এ ( এবাৰ মন্ত্ৰীপদ লৈহে এৰিম) সকল কিমান দক্ষ তাৰ পৰীক্ষা পাতি গুনোৎসৱৰ দৰে ৰাইজক দেখাম ৷ আৰু ইয়াৰ পৰাই আৰম্ভ হ'ব বিসম্বাদৰ সুত্ৰপাত ৷
জিঃ চাৰ, ইউ আৰ জিনিয়াচ চাৰ ৷ আই ৰিয়েলি মিন ইট ৷ ক’তো কাহানিও নোহোৱা নোপোজা কাম কৰি মানুহৰ চকু কপালত উঠাব পৰা শক্তি আপোনাৰ বাহিৰে কাৰ আছে চাৰ ৷ চাও চাৰ চৰন যুগল আগবঢ়াই দিয়ক ৷
মঃ মোৰ ঠেং দুখন দিল্লীলে বুলি ডাঙি থোৱা থাকে মানুহটোহে ইয়াত থাকো ৷
জিঃ আপুনি মহান চাৰ
মঃ জানো ৷ মই পৰিবৰ্তনশীল ৷ আৰু সেয়ে মই এই সাপো মৰক লাঠিও নাভাঙকৰ দৰে যুগান্তকাৰী পৰিবৰ্তন এটা লৈ আনিছো ৷
জিঃ বাট হাও মানে কেনেকৈ, আই মিন কি ধৰনে পতা হ'ব প্ৰেট পৰীক্ষা?
মঃ "প্ৰেট পৰীক্ষা”ৰ বাবে অন-লাইন প্ৰ-পত্ৰৰ অচিৰেই বিজ্ঞাপন প্ৰকাশ কৰা হ’ব। সকলো এম এল এই পৰীক্ষা দিবই লাগিব ৷ পৰীক্ষাত বহিবৰ বাবে বয়সৰ উচ্চতম সীমা নাই ৷ শিক্ষাগত অৰ্হতাৰ কোনো প্ৰয়োজন নাই যদিও পি…এ..ই লিখি দিয়া কাগজত চহী কৰিব পৰা সামৰ্থ থাকিব লাগিব ।
বিষয় নিৰ্দ্ধাৰন এতিয়ালৈকে হোৱা নাই যদিও সকলোৰে সুবিধালৈ চাই “ ভাষন তথা তৈলমৰ্দন" আৰু " কমিচন তথা আঁচনি প্ৰনয়ন" নামৰ দুখন প্ৰশ্ন কাকত থাকিব ৷
জিঃ কিবা ৰিলাকচেচন?
মঃ মোক মেনেজ কৰিব পৰা অৰ্হতা থকা প্ৰাৰ্থীক চকুত ক’লা কাপোৰ বান্ধি নম্বৰ দিয়া হ’ব আৰু উৰ্তিন্ন প্ৰাৰ্থিয়ে ৫ বছৰ পৰ্য্যন্ত কোনো ধৰনৰ ব্যক্তিগত চেনেলত তথা প্ৰেছৰ কেমেৰাৰ সন্মুখত মোৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিব বুলি বাপেক মাকৰ শপত খাই এখন চুক্তি পত্ৰত সাক্ষৰ কৰিব লাগিব ৷
জিঃ এইয়া আপোনালোকে চৰাই উৰা আগত কনী উৰা আমাৰ চেনেলত সম্পুৰ্ন লাইভ দেখিব আৰু শুনিব পালে যে অসমত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'ব প্ৰেট পৰীক্ষা ৷
ক্ৰিং ক্ৰিং ক্ৰিং
খক মক কৈ ফোনৰ ৰিংটন টোত সাৰ পাই জিকিৰ হুচেইনে নিউজ এডিটৰক মাতি বোলে অসমত প্ৰেট পৰীক্ষা হ'ব জাষ্ট সপোনত দেখিলো ৷ মই চাৰক আইডিয়াটো দিয়েই দিও, টামাম হিট হ'ব.......

স্বাধীনতা আহি আছে


ৰ'ব, ৰ'ব স্বাধীনতা নামৰ ছোৱালী বা মহিলা অহাৰ কথা কোৱা নাই ৷ দিৱসৰ কথাহে কৈছো ৷
সৰুৰে পৰা অমুকাই স্বাধীনতা দিৱস বুলিলে চৰকাৰী, বেচৰকাৰী বা বিভিন্ন দল সংগঠন সমূহে ঘোষনা কৰা এটা বন্ধৰ দিন বুলিয়েই ভাবি আহিছিলো ৷ কিয়নো অমুকাৰ শৈশৱ আলফা, বিদেশী খেদা আন্দোলন, তিৰাশীৰ নিৰ্বাচন , নব্বৈ দশকৰ বজৰং, ৰাইন' অপাৰেচন তথা এবাৰ হাত, এবাৰ হাতী পাৰ্টিৰ চৰকাৰ গঠন, তাৰ মাজে মাজে ৰাষ্ট্ৰপতি শাসন ইত্যাদি দেখি শুনি পাৰ কৰা যৌৱন ৷ বিশ্বাস কৰক স্বাধীনতা কি পাহৰিয়েই থাকিলো ৷
ঘৰৰ পৰা ওলাবলৈকো ভয়, ক'ত বা গ্ৰেনেড এডাল দৌৰ মাৰি আহি ধমহ কৈ ফুটি অমুকাৰ স্বাধীনতা চাৰিজনৰ কান্ধত উঠে ৷ সেয়ে ঘৰতে বহি পুৱাই টিভি নামৰ বাকচটো খুলি পতাকা উত্তোলনৰ কাৰ্যসূচী চাই ডাঙৰ ডাঙৰ নেতা সমুহৰ ব্যক্তিগত সচিব সমুহে প্ৰস্তুত কৰা আৰু নেতা পালি নেতা সমূহৰ দ্বাৰা পৰিবেশন কৰা ভাষণ নামৰ অখাদ্য সমূহ কানেৰে গুজি দুপৰীয়া দেশপ্ৰেম মূলক চিনেমা এখন উপভোগ কৰো ৷ আচৰিত কথা যে আজিলৈ যিমান হিন্দী চিনেমা চালো শত্ৰুদেশ কিন্তু সদায় চুবুৰীয়া দেশ পাকিস্থান হে হয় ৷ ইয়াৰ পিছত আকৌ চৰকাৰে কয় দুয়োখন দেশৰ মাজত সম্বন্ধ স্থাপন কৰিবলৈ চেষ্টা কৰিব লাগে ৷
যি কি নহওক আমাৰ দেশৰ সৈনিকে চহিদ বৰন কৰি দেশক উদ্ধাৰ কৰে গতিকে মনতো গৰ্বিত হয় আৰু সেইদিনা ইমান দেশপ্ৰেম জাগ্ৰত হয় যে কোনোবা দিনা নিজেই সৈনিক হৈ গোটেই শত্ৰু দেশখনকে যেন গুলিয়াই গুলিয়াই ফুটা চালনী বনাই দিম তেনেকুৱা লাগে ৷
কিন্তু, পিছ মুহুৰ্ততে ভাবো অহিংসাৰ পূজাৰী জাতিৰ পিতা গান্ধীজীয়ে বেয়া পাব ৷ পালেও পাওঁক আজি কালি তেওঁক " জানতে টো চব হে পৰ মানতে কিতনে হে? " জাতিৰ পিতা নামাকৰনত প্ৰশ্নবোধক চিহ্ন লগাটো দুৰৈৰে কথা বহুতে টো ধূৰ্ত বেপাৰীয়েই আখ্যা দি পেলালে ৷ বাৰু ৰাজনৈতিক ইচ্ছ্যু বাদ দিলো ৷
মুঠতে গান্ধী এতিয়া ক'লা ধন হিচাপে চুইচ বেংকৰ কোনোবা কুঠৰীত বন্ধ ৷ তেওঁক ঘুৰাই আনিব বুলি দেখা পৰিবৰ্তনৰ ৬০ দিনীয়া সপোনটোৰো ম্যাদ উকলিবলেই হ'ল ৷ বিলাতী বস্তু বিসৰ্জন, মদ বিসৰ্জন কৰিব দিয়া গান্ধীজীক তেওঁৰ হাঁহি থকা ফটো সন্নিবিষ্ট টকাৰে হলিউদৰ চিনেমা চাই, ইম্পৰটেড ড্ৰেচ পিন্ধি বিলাতী সুৰা কিনাত ব্যস্ত আজি দেশৰ জনগন ৷
বাৰু সেইবোৰো বাদ দিলো ৷ কি কৰিব, এই বিদেশী জুকাৰবাৰ্গজনৰ কৃপাতে চাঞ্চ পালেই ফটা লেকচাৰ মৰা আৰু হকে বিহকে বিতৰ্ক কৰি টাইম পাচ কৰা এটা অভ্যাসেই হৈ গৈছে আৰু ৷
বাৰু আকৌ টপিকলৈ আহো ৷ জনা শুনা হোৱাৰে পৰা স্বাধীনতা মানে এটাই শব্দ মনলৈ আহে আৰু সেইটো হ'ল "চেকিং" ৷ এক আগষ্ট মানৰ পৰাই আপুনি বাইক চলাওতে হেলমেট পৰিধান কৰিব ( বাকী দিনত ইমান কথা নাই বাৰু) লাইচেঞ্চ, পলিউচন, ৰেজিষ্ট্ৰেচন ,ভোটাৰ কাৰ্ড, আই কাৰ্ড পাৰিলে ৰেচন কাৰ্ড সকলোবোৰ টোপোলা এটাত বান্ধি ডিঙিত ওলমাই লৈ ফুৰিব লাগিব ৷ নহ'লে কোন সময়ত আপোনাৰ মানিবেগ পাতলহৈ যাব টলকিবই নোৱাৰিব ৷
গাড়ী নিলেতো হ'লেই আৰু ৷ কৰবাত ফুৰিবলৈ যাবলৈকো টোপোলা টাপলি নিবলৈকো ভয় ৷ শাওণ মাহৰ বলবম শেষ হলেও " ব'ল' বম কাহা হে " বুলি আপোনাৰ টোপোলা খুলি খুলি হাজাৰবাৰ চেকিং কৰিব ৷
বাছত যাম বুলি সপোনতো ভৱা অনুচিত, কিমান ঠাইত বাছৰ পৰা নমাই খোজ কাঢ়িব লাগিব ঠিক নাই ৷ এতিয়া সেই দিনবোৰ মনত পৰিলে ভাবো, স্বাধীনতা বাৰু সঁচাই আমাৰ জন্ম চৰ্ত অধিকাৰ নে ?
অ' আৰু এটা কথা কবলৈ পাহৰিয়েই গৈছিলো আপুনি বা আপোনাৰ পত্নীক যদি ড্ৰাইভিং শিকাব মন কৰিছে আজিৰ দিনতটোতকৈ ভাল দিন আৰু উদং ৰাজপথ আপুনি কাহানিও নাপাব ৷ এই ক্ষেত্ৰত কিন্তু স্বাধীনতাৰ মজা লওক ৷ পাৰিলে ক্ৰিকেট বেট খনো ওলিয়াই লব পাৰে, ৰাজপথতকৈ ভাল ফিল্ড ক'ত পাব?
বাৰু পুৰণি কথা বাদ দিলো, স্বাধীনতাৰ কথা কওঁতে মনত পৰিল স্বাধীনতা বুলি কিবা এটা যে বস্তু আছে বিবাহিত সকলে যেন ভুলতেও নাভাবে দেই, কৈ থ'লো ৷ কাৰন বিবাহ নামৰ জাকজমকীয়া অনুষ্ঠান পাতি সেই দিনাই আপুনি ৰাজহুৱা ভাবে স্বাধীনতাক ত্যাগ কৰিলো বুলি ঘোষনা কৰি থৈছে ৷
তথাপিও যদি আপোনাৰ বৰকৈ স্বাধীনতাৰ সোৱাদ ল'বলৈ মন কৰিছে শ্ৰীমতিৰ পৰা বিশেষ জৰুৰি কালিন পাৰমিচন লৈ লগৰ কেইজনমানৰ লগত ঘৰৰ চাদত বহি তিন পাত্তি, জ্বলা চানা আৰু আগতিয়াকৈ যোগাৰ কৰি থোৱা পানীয়কনৰ সোৱাদ ল'ব পাৰে ৷ আগতিয়াকৈ আনি থোৱা নাই যদি এতিয়া গৈ লৈ আনক ৷ ড্ৰাই ডে? ধেৎ আনদিনা কেৱল সুৰাৰ দোকানত সুৰা পোৱা যায় পিছে ড্ৰাই ডে'ত সকলোতে পায়, আনকি গেলামালৰ দোকানতো ৷
পিছে ফূৰ্টি পানীকন ডিঙিত পেলাই পত্নীৰ ওচৰত বৰমতা নোলাব ৷ আজিও আগৰ দৰে মেওঁ হৈয়ে থাকিব কিন্তু, নহলে কোন সময়ত আপোনাৰ পত্নীৰ গাত গোঁসানী লম্ভিব আৰু আপোনাৰ স্বাধীনতা গৈ গছত উঠিব আপুনি তলকিবই নোৱাৰিব ৷ গতিকে সাৱধান ৷ পিছত অমুকাক দোষ নিদিব ৷
আপুনি ভাবিছে এই দিনতো মই কেনেকৈ উদযাপন কৰো ৷ মোৰ নো আৰু কি, দেশৰ সাধাৰন এজন নাগৰিক হিচাপে দেশৰ বাবে যি কৰিব লাগে ফেচবুকতেই কৰো ৷ পুৱাই উঠি কোনো নুঠাৰ আগতেই গুগুলৰ পৰা বিচাৰি তিৰংগাৰ ফটো এখন ডাউনল'ড কৰো আৰু ভাল কেপচন এটা দি ফেচবুকত পোষ্ট কৰো ৷ তাৰ পিছত গালত শ্ৰীমতিয়ে ফেব্ৰিক কৰিবলৈ অনা ৰঙৰ টেমা কেইটা খুচৰি এখন গালত তিৰংগা আঁকি চেল্ফী দিও ৷ বচ হৈ গ'ল মোৰ দেশ প্ৰেম ........

ট’ইলেট .......এখন বিয়াৰ কথা

ট'ইলেট, এক প্ৰেম কথা নামৰ সত্য ঘটনাৰ ওপৰত প্ৰতিস্থিত চিনেমাখনৰ দৰে মোৰো ট'ইলেট সম্বন্ধীয় সত্য কাহিনী এটা মনত পৰি গ'ল ৷ কাহিনীৰ সময়কাল অসমত মিনাৰেল ৱাটাৰৰ বটল আবিৰ্ভাৱ হোৱাৰ আগৰ ৷ 
বাৰু সময় অনিষ্ট নকৰি কাহিনীলৈ আগবাঢ়ো ৷ এৰাব নোৱাৰা পৰিস্থিতিত, সম্বন্ধীয় এজনৰ বিয়াত দেখা এটা দিবলৈ এবাৰ মই আৰু মোৰ লগৰ এজন গাওঁলৈ বুলি ওলালো ৷ দুদিন মানৰ পৰা পেটৰ লগত মোৰ টামাম বিসম্বাদ চলি আছিল যদিও মনৰ জোৰত বিয়া ঘৰ পালোগৈ। গৈ পোৱা মানে বৰযাত্ৰী ওলালেই । গতিকে দৰাৰ মাহী-পেহী দুজনীমানক গাড়ীৰ পিছ চিটত ল’ড কৰি চিধা কইনাঘৰ পালোগৈ ।
কইনা ঘৰৰ ভোজত দৰাৰ খুলখালীয়ে দেখুৱা মৰমৰ অত্যাচাৰত মাছে মঙহে দকচি দিলো ৷ দুই ইন্সি দীঘল জিভাৰ জুতিত অসন্তুষ্ট হৈ সাত মিটাৰ দীঘল পাকস্থলীয়ে গিৰ গিৰ গুৰগুৰ কৰি জাঙুৰ খাই উঠিল ।মই বোলো পেটৰ কথা পেটতে থাকক,
আনে শুনাৰ আগতেই যি ল'ড কৰিলো ইয়াতেই আনল'ড কৰি যোৱাই মঙ্গল হব । ইমানদুৰ বাট তাতে ৰাতিৰ কথা । লগৰ জনক ক'লো বোলো পিছফালে যাব লাগিছিল ৷ সি ক'লে পাৰিবি জানো ? মই কলো কিয় নোৱাৰিম, মইতো অকলেই
কৰো । সি বোলে কোনোবা এজনক সুধি ল’ও ৰ’। মই বোলো নালাগে নিজেই বিছাৰি যাঁও ব’ল ।
বিয়াঘৰৰ পিছফালেদি বিচাৰি গৈ গৈ বাহঁনিৰ তলত কোনোমতে আবিস্কাৰ কৰিলোগৈ ।লগৰটোৱে ক’লে মালতো কেছা দেখোন, মই বোলো কেছা পকা যিয়েই নহওক টিপা মাৰি ৰাখিব নোৱাৰিছো আৰু ।
চকু ফুৰাই দেখিলো বস্তুটো বাঁহৰ কামিৰে বনোৱা চাঙী এখন, মাজত চাৰিচুকীয়াকৈ কটা আছে, যি ফালেদি তলৰ গাঁতটো দেখা পোৱা যায় ৷ বেৰ বুলিবলৈ শুকান কল মগুনাৰে ঢকা ৷ দৰ্জা বুলিবলৈ চটি বস্তা এখন পৰ্দাৰ দৰে ওলমি আছিল ৷ লগৰজনে হালধীয়া মুখ কটা গেলেন এটাত পানী যোগাৰ কৰি দি গ’ল । সি বোলে তই কৰ, তেতিয়ালৈ মইও অকন গাড়ীতে বহি ডিঙিটো তিয়াই লওগৈ ৷ মই সময় অনিষ্ট নকৰি পজিছন মিলাই বহি দিলো ।
বহিব হে পালো ফুটাতোৱেদি হো হোৱাই শব্দ কৰি অহা মাইকি মহৰ জাকে মোৰ গোপনীয় অংগকে ধৰি দেহৰ সকলো অংশতে বেজি দিব ধৰিলে । মহ মাৰি মাৰি মাজে মাজে মহৰ উৎপাতত উঠা বহা কৰি মই কামফেৰা কৰি আছো, এনেতে শুনিলো বাহিৰত নাৰী কন্ঠ, মই বোলো হে হৰি কি কৰা যায়?
দৰ্জা বুলিবলৈ নাই, তাতে পোহৰ বুলিবলৈও নাই ৷ মহিলা গৰাকী যদি ঘোপ মৰা অন্ধকাৰত কোনো নাই বুলি সোমাই আহে আৰু মোক এই অৱস্থাত দেখে মুৰ্চা গৈ যে মোৰ কোলাতে লাং পৰিব সেইটো খাটাং ৷ তাতে বিয়াঘৰৰ মানুহে যদি দৌৰি আহি বাঁহনি তলত মোক এনে অৱস্থাত মহিলা গৰাকীৰ লগত একেটা পাইখানাতে দেখে কি হব? হে প্ৰভু বৰ বেয়া বেয়া চিন্তাবোৰ মনলৈ আহিব ধৰিলে ৷ কি কৰা যায় ভাবি লৰালৰিকৈ মই দুটা মান গ'ল হেকাৰি দি "ভিতৰত মানুহ আছো দেই" বুলি ক'লো কাৰন হঠাত গলহেকাৰি শুনি ভুত প্ৰেত বুলি ভয় খাবও পাৰে ৷
যি কি নহওঁক আৰু অলপ সময় বহি সম্পুৰ্ণ সুখ কন লোৱাৰ পৰা বঞ্চিত হ'লো ৷ শেষ ৰ কামফেৰা কৰিবলৈ গেলেনটো ডাঙি চাই দেখো অলপ পাতল পাতল লাগিছে । হে হৰি ফুটা আছিল তাৰমানে? ?????
মহিলা কেই গৰাকীও আঁতৰি নাযায় মইও ওলাব নোৱাৰা পৰিস্থিতি । মৌনতা ভাঙি কিছু সময় পিচত সিঁহতে মাত দিলে বোলে মৰিলে নেকি আকৌ ভিতৰত থকাতো নে গাঁতত পৰিল ওলাই নাহে যে ? মই আকৌ গ'ল হেকাৰি মাৰি জীয়াই থকাৰ প্ৰমাণ দিলো ৷ সিঁহতে কলে অ' আছে আছে মৰা নাই এজনিয়ে কৈছে খুব খালে চাগৈ আনজনিয়ে কৈছে নহয় পেট খালি কৰি লৈছে আকৌ খাবগৈ চাগে । মই মনতে বোলো যি ক'ব খোজে কৈ থাকক , কিন্তু মই যি বহিলো বহিলো, উঠাত নাই ৷
ইফালে মহৰ উৎপাতৰ পৰা বাছিবলৈ বিভিন্ন ভংগীমা আৰু মুদ্ৰাত উঠা বহা খন কৰি নিজৰো আমনি লাগিছিল পিছে উপাইও নাই ৷ এগৰাকীয়ে হয়তো আৰু ধৈৰ্য ধৰিব নোৱাৰিলে আৰু গতিকে উপায়ন্তৰ হৈ মাত দিলে "হেৰি ওলাই নাহে কিয় , কি পুথি পঢ়ি আছে , সোনকাল নকৰে কিয়? আমিও যাব লাগে নহয় ৷" মই বোলো গেলেনটো
ফুটা আছিল পানী নাই , হেৰি ধোৱা কাম ফেৰা নকৰাকৈ কি দৰে ওলাম ? সিঁহতে ক'লে আমি কি ৰৈ থাকিম,নেকি? যি কৰে সোনকালে কৰক ৷ মই বোলো মই একো কৰিব নোৱাৰো, ইমান ইমাৰজেঞ্চি যদি বাঁহনিৰ তলতে কৰা ৷ কবলৈহে পালো, যি কেইটা হে গালি দিলে । মইও কৈ দিলো বোলো গালিলৈ অমুকাই কেয়াৰ নকৰো, নোলাও বুলিছো নোলাও ।
কিছু সময় পিছত কিছু সময় বাঁহনি তল খন নিতাল মাৰিলে ৷ ঝিলি দুটামানে কেৱল টেটুফালি চিঞৰি আছিল, মাজে মাজে এডাল বাঁহে আন এদালৰ গাত ঘঁহনি খাই হোৱা ভয়ানক শব্দ কিছুমান ৷ জয়াল পৰিবেশটোত বাহিৰত থকা দুজনিৰো মাতবোল নোহোৱা হ'ল ৷ হয়তো গুছি গ'ল কিন্তু পেটে পেটে অলপ ভয়ো লাগিল বাঁহনিৰ তল তাতে ৰাতিৰ কথা ডাইনী যখিনি নহয়টো? মই এফালৰ পৰা যিমান বোৰ ভগৱানৰ নাম সৰুৰে পৰা শুনি আহিছো এফালৰ পৰা ডাঙৰ ডাঙৰ কৈ মাতিব ধৰিলো । চটি বস্তাৰ পৰ্দা খনৰে ফাঁক কৰি ইফালে সিফালে চালো ইশ্বৰৰ ইচ্ছা খেৰৰ মেজিটোত চকু পৰিল । ঈশ্বৰক হাজাৰ ধন্যবাদ জনাই দৌৰা দৌৰিকৈ গাড়ী পালোহি ৷ লগৰটোক কথাখিনি ক'লো ৷
সি ক'লে অৱস্থা কেনেকুৱা?
মই বোলো শৌচনীয় ৷
বাটত লগাৰ সম্ভাৱনা?
মই বোলো সম্পুৰ্ণ ৷
ধোৱাৰ উপায়?
মই বোলো নিৰুপাই ৷
দুৰ্ভাগ্য বশত, মই যি সময়ৰ কথা লিখিছো অসমত প্লাস্টিকৰ বটল তথা মিনাৰেল ৱাটাৰৰ আবিৰ্ভাৱ হোৱা নাছিল ৷ গাড়ী স্টাৰ্ট দিলো ৷ কিছু দুৰ অহাৰ পিছত লগৰজনে দোকান এখন দেখি হঠাৎ ৰখাব ক'লে ৷ সি দৌৰ মাৰি গৈ টোপোলা এটাত কিবা কিনি আনিলে ৷ মই বোলো কি কিনিলি? টিভিত দিয়া বিজ্ঞাপনটোৰ দৰে সি ক'লে " মেংগ' ফ্ৰুটি, ফ্ৰেচ এণ্ড জুইছি " ৷ পিছে খাবলৈ নহয়, বাটত ......
(বুজাই বুজক, নুবুজাই ছমাহলৈকে যুঁজক)

ফটা পষ্টাৰ নিকলা হিৰ'


২০০০ চন মানৰ কথা, গুৱাহাটি বিশ্ববিদ্যালয়ত পঢ়ি আছো৷ এদিন হঠাৎ উদ্ভিদ বিজ্ঞান বিভাগৰ সন্মুখত চিনেমাৰ চুটিংৰ যো জা চলিল৷ আমিও চুটিং চাবলৈ ওলায় আহিলো৷ সন্মুখত ছিগাল থিয়েটাৰ গোষ্ঠিৰ প্রতিষ্ঠাপক বাহাৰুল ইচলামদেৱে সকলোকে কিবা বুজাই আছে৷ হঠাৎ মোক আৰু মোৰ লগৰ চাৰিজনক একাশৰীয়াকৈ মাতি নিলে৷
চিনেমাত ওলাবা? তেখেতৰ প্ৰশ্ন৷
নোলোৱাৰ প্ৰশ্নই নাহে, কাৰ নো নিজকে চিনেমা হ'লৰ ডাঙৰ পৰ্দাত নিজকে চাবলৈ মন নাযাব৷ আমি ক'লো ওলাম৷ তেখেতে ক'লে প্ৰস্তুতি সিফালৰ পৰা অকলে আহি থাকিব, তোমালোক গ্ৰুপটোৱে তাইক দেখি "ৱাও" টাইপ ৰিয়েক্সন দিব লাগিব৷ তাই ৰখি লৈ তোমালোকলৈ চাই এবাৰ ৰাইট আৰু এবাৰ লেফ্টত ঠুমকা দিব তোমালোকে সেইটো চাই মাটিত পৰি দিব লাগিব৷ কথামতে কাম৷ ৰসায়ন বিজ্ঞান বিভাগ আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ মাজৰ শাৰী শাৰী দেৱদাৰু আৰু কৃষ্ণচুড়াৰৰ মাজেদি থকা পথটোৰে প্ৰস্তুতি পৰাশৰ আহিব আৰু আমি উদ্ভিদ বিজ্ঞান বিভাগৰ সন্মুখত ৰৈ কথা পতাৰ দৰে থাকিম৷ বাহাৰুল দেৱে ষ্টেচু হৈ নাথাকি কথা পাতি থাকিবলৈ কৈ কেমেৰাৰ পিচলৈ গ'ল৷
কথা কি পাতিম, এটাৰ প্ৰশ্ন৷ কিবা কিবি পাতি থাক, এনেও আমাৰ কথা ৰেকৰ্ডিং,নহয়, আন এটাৰ উত্তৰ৷ লগৰ এটাই কৈছে যি নহওক লাইফত প্ৰস্তুতিক এবাৰ কাষৰ পৰা চাই জোকাব পাম, আন এটাই কৈছে মোৰ গাৰ্ল ফ্ৰেণ্ডে চুটিং চাই আছে, আজি গালি খালো আৰু ৷ মই চিৰিয়াচ, কাৰন সন্মুখত হেড অফ দা ডিপাৰ্টমেন্ট বৰা চাৰে মোৰ ফালে ট' ট' কৈ চাই আছিল৷ যি নহওক সেই সময়ত কোনো হেড ডাঙৰ নহয় ,লাইফৰ ফাৰ্ষ্ট এক্টিং গতিকে চুটিংত কনচেনট্ৰেট কৰিলো ৷ অলপ বেয়াও লাগিছিল, চেহ ডাইলগ এটাও দিয়া হয়৷ যি কি নহওক এটা সময়ত একচন্ বুলি চিঞৰ শুনা পালো, আমাৰ সকলোৰে চকু লগে লগে ৰসায়ন বিভাগৰ ফালে প্ৰস্তুতিক চাবৰ বাবে৷
কাট্ ৷
বাহাৰুল দেৱে আহি কৈ গ'ল এতিয়াই নুঘুৰিবা, কথা পাতি থাকা নিজৰ মাজত, তাই ওচৰ আহি পালে চাবা৷ চেহ..সকলোৱে তাইক চাই আছে, আমি হে চাব পোৱা নাই ৷
একচন্ ৷
আমাৰ কথা: ড্ৰেচজোৰ চা না টামাম, নেদেখা এটাই কৈছে কি পিন্ধিছে? আনটোৰ উত্তৰ চুটি ড্ৰেচ, লগৰটো ৰখিব নোৱাৰা হ'ল৷ কিমান দুৰ পাইছেহি? এটাৰ প্ৰশ্ন৷ আহিল, আহিল ৷ প্লটত আমাক বুজাই দিয়াৰ দৰে আমি সকলোৱে চালো৷ সন্মুখত প্ৰস্তুতি৷ মিনি স্কাৰ্ট টপ, মুখত মিচিকিয়া হাঁহি ...ৱাও টো নিজেই ওলায় গ'ল৷ মানে নেচাৰেল এক্টিং৷ প্লট মতে এইবাৰ আমাৰ প্ৰস্তুতিৰ ঠুমকা চাই মাটিত বাগৰি পৰা পাল৷
আমাৰ ফালে চাই প্ৰস্তুতিয়ে ঠুমকা দিলে, আমি চাৰিটা মাটিত পৰি গ'লো৷ বিস্বাস কৰক নেচাৰেল এক্টিং৷ মোৰ পিছত থকাটোৰ গাত মই ধাচ কে পৰি দিলো৷ মোৰ কিলাকুটি তাৰ দুই ভৰিৰ মাজত৷ আই ঐ..কে**...তাৰ মুখৰ পৰা নেচাৰেলি ওলায় গ'ল৷
কাট্৷
ভাগ্য ভাল ডায়লগ নাছিল৷ নহ'লে লগৰটোৰ মাতৃভাষাটো ক্ৰিপ্টত নথকা বাবে ৰি টেক হ'ল হয়৷
******
অধিৰ অপেক্ষা ৷প্ৰডিচাৰ ডাইৰেক্টৰতকৈ চিনেমাখনৰ চুটিং কেতিয়া শেষ হ'ব, ৰিলিজ কেতিয়া দিব ইত্যাদি বিষয়ক চিন্তাবোৰে আমাক হে বেছিকৈ আমনি দিব ধৰিলে৷ বিশ্ময়, মায়া, সকলোতে চকু ফুৰাও৷ এখন পেপাৰৰো বিনোদন শিতান বাদ নাযায়৷ এদিন হঠাত কৰবাত পঢ়িবলৈ পালো "বাহাৰুল ইচলামৰ প্ৰযোজনাত অচিৰেই মুক্তি পাব আছেনে কোনোবা হিয়াত"৷ নয়ন নিৰ্বানৰ প্ৰথম চিনেমা৷ কেইদিনমান পিচত জালুকবাৰীৰ কাটিয়া দলংত পষ্টাৰ লাগিল৷ প্ৰস্তুতি বল্ড আৰু আমি পিছফালে ব্লাৰ৷ তথাপি বহু সময় পষ্টাৰত জুপি জুপি পিচৰ কেইটা আমি বুলি নিজকে ৰিক'গ্নাইজ কৰিলো৷ সেইদিনা বুজিলো দুৰৰ পৰাহে পষ্টাৰৰ ফটো ক্লিয়াৰ দেখি, ওচৰৰ পৰা চালে অস্পস্ট৷
********
ধ্ৰুৱই হাতত পেপাৰখন লৈ দৌৰ মাৰি আহিল৷ সি পেপাৰৰ অন্য নপঢ়িলেও গুৱাহাটিৰ কোন হ'লত কি চিনেমা লাগিছে শুকুৰবাৰে পুৱা সদায় মুখষ্ট কৰে৷ আছেনে কোনোবা হিয়াত...উৰ্বশী, ১১ টাৰ শ্ব৷ দৌৰা দৌৰিকৈ সকলো ৰেডি৷ ৬ নং বাছত বহি চিনেমা হ'লত গৈ হাজিৰ৷ তেতিয়ালৈকে দৰ্শক বাদেই টিকট কাউন্টাৰৰ মানুহো বোধ হয় ঘৰৰ পৰা আহি পোৱা নাছিল৷ সময়ত টিকট কাউন্টাৰ খুলিলে, আমি চিনেমাৰ হিৰ' কেইটাই মিলি টিকটৰ পইচা দিলো৷
খেতি পথাৰৰ টেক্টৰ পানীৰ পাম্পৰ বিজ্ঞাপনৰ পৰা শিশুৰ টীকাকৰনৰ , ভিক' টাৰমেৰিকৰ বিজ্ঞাপনলৈকে মোৰ জীৱনত মনোযোগ দি চোৱা সেইখনেই একমাত্ৰ চিনেমা আছিল৷
চিনেমা আৰম্ভ৷ আমাৰ উৎকন্ঠা৷ কাহিনীত মনোনিবেশ দিয়া নাই৷ ধ্ৰুৱই সুধিছে কিমান মিনিটৰ চুটিং আছিল, মই বোলো পাঁচ দহ মিনিটৰ হ'ব৷ তাৰ এক্সপাৰ্ট কমেন্ট "তেন্তে এডিট কৰি মেলি ধৰ দেৰ দুই মিনিট"৷ আমি মনতে খাটিছো যাতে এডিট নকৰক৷ লগৰ এটাই ক'লে ছোৱালী জোকোৱা চিন, যদি ডাইৰেক্টৰে সেইটো চিনৰ লগত ৰাতি হিৰ'ইনক টনা আজোৰা কৰা চিনৰ লগত এডিট কৰি মিলাই দিয়ে৷ অলপ ভয়ো লাগিল৷
হঠাৎ অৰুপৰ চিঞৰ "সৌতো তই....এহ গ'ল"৷ তাৰ চিঞৰ শুনি ভালদৰে চালো৷ মাত্ৰ মোৰ নীলা চুৱেটাৰটো ধুপুচকৈ মাটিত পৰা দেখিলো৷
চেহ ভালকৈ নেদেখিলোৱেই নহয়৷ তথাপি কেতিয়াবা চিনেমাত একেটা চিন দুবাৰ ৰিপিট কৰে৷ ধৰক কিবা ফ্লাচ বেক টাইপ৷ গতিকে আশা এৰা নাই, টুকুৰাটো কাটি নি আকৌ কৰবাত দিয়ে বুলি শেষলৈকে চিনেমাখন চালো৷ নাই ৰিপিট নহ'ল৷ হ'লৰ পৰা ওলাই আহি আকৌ মেটিনি শ্বৰ টিকট কাটিলো৷ টাইমিং মতে আমাৰ চিনটো চিনেমা আৰম্ভ হোৱাৰ ৩৫ মিনিট মানত ওলায়৷ বাহিৰতে পান তামোল খাই ৩০ মিনিটমানৰ চিনেমা শেষ হোৱা পিচত হলত সোমালো৷ এইবাৰ চকুৰ পিৰিকতি পেলোৱা নাই ৷ কাৰন পিৰিকতি পৰা মানে বেলেগ চিন আহি যাব৷ সৌতো....গলি... গলি... গলি...গ'ল৷
বচ নিজক দেখিলো, দিল খুচ৷ হলৰ পৰা ওলাই দিলো৷ পিছত যিমান দিন হ'লত চিনেমাখন চলিল লগৰবোৰৰ লগত আহি চিনেমা আৰম্ভ হোৱাৰ ৩০ মিনিটত হলত সোমাও ৪০ মিনিটত ওলাও৷ চিনেমা দেখাবলৈ নিয়া লগৰ কেইটাই, যি কেইটাই প্ৰথম চিনেমাখন চাবলৈ আহে সিহতে কয় ৰ' তহতে চালি, মইটো চিনেমাখন চোৱা নাই, চাব দে৷ আমি বোলো ধুৰ আমাক দেখিলি যেতিয়া ব'ল এতিয়া৷ আমাক দেখাবলৈ হে আনিছিলো.....

গান্ধী চিটৰ অভিজ্ঞতা


অসম বন্ধ..বিশেষ কাৰনত গুৱাহাটি যাব লাগে ৷ যেন তেন ৰঙা বাছ এখন পাই জপিয়াই উঠি দিলো । চিট আছিল পিছে চিট বোৰত মানুহবোৰ বহি আছিল । ভাল মেনেজ কৰিব জানো বুলি মোৰ এটা নাম আছে ।কন্ডাক্তৰ জনক কানে কানে কিবা এটা ক'লো….তেঁও মোৰ চেহেৰাটোলৈ ভালদৰে দুবাৰমান লক্ষ কৰি ক'লে…আহঁক। মানুহৰ বেগ বোৰৰ ওপৰেদি বগলীৰ দৰে ঠেং অ'ত এটা ত'ত এটা দি গান্ধী চিট পালোগৈ।ভদ্ৰ মহিলা দুগৰাকীয়ে হেহুকা পিচোৱা কৰি ৬ ইঞ্চিমান ঠাই উলিয়াই দিলে । মইও বহিবলৈ ব্যৱহাৰ কৰা দেহৰ অংশটো ঠেলি হেচি…. এডজাষ্ট কৰি ল'লো। পিছে যি পাত হে ড্ৰাইভাৰে গাড়ীখন চলাইছিল…নক'ব আৰু….ডলাৰ ধান জৰাদি জাৰি জাৰি গৈ থাকিল আৰু মইও এটলিষ্ট যি কেইজন মান দেৱ দেৱতাৰ নাম সৰুৰে পৰা মুখষ্ট কৰি ৰাখিছিলো বা জানো মনতে আওৰাই গৈ থাকিলো ৷ মাজে মাজে স্পীড ব্ৰেকাৰত যি হে একোটা ব্ৰেক মাৰে….মোৰ ইচ্ছাৰ বিৰুদ্ধে দেহাটো ২ ফুট মান টেক অফ কৰাই …বায়ুত কিছু সময় ৰাখি মহিলা দুগৰাকীৰ কোছত লেন্ডিং কৰাই দিয়ে।
নাপাই দেই, নাপাই, শেষৰ চিটৰ মাজৰ অংশত বহিব নাপায়। যি কি নহওঁক দুবাৰ মানটো দেহাটো ক'ত উফৰি পৰে ঠিক নাই বুলিয়েই নেকি ….টেক অফ কৰাৰ আগতেই উমান পাই মহিলা দুগৰাকীয়ে মোৰ দুয়ো ফালে হাত দুখনত টানি ধৰি ৰাখিলে।
মই এটা কথা লক্ষ কৰিলো…জোকাৰনিত সকলো মানুহ বা বস্তু প্ৰায় নিজৰ জেগাতে থাকে…মইহে উফৰি পৰো….নিজৰ দেহাটো নহয় যেন টেনিছ বল হে ৷ এবাৰ দুইটা ভৰিৰে আগচিটত তলৰ লোহা দুডালত জোৰৰে হেচি হাতৰে দুইফালে থকা আগৰ চিট দুটাৰ পিঠিত খামুচি ধৰিলো ৷ নাই জোকাৰনীয়ে মোৰ সকলো চেষ্টা প্ৰচেষ্টাক পাট্টাই নিদিয়ে ৷ এবাৰটো মই জোকাৰিব পাৰে এতিয়া বুলি ভবাৰ আগতেই অহা জোকাৰনীত একো নাপাই আগচিটৰ মানুহজনৰ চুলিত ধৰিবলৈ হে বাকী থাকিলগৈ ৷
যি কি নহওঁক মোৰ দেহাটো আৰু দুৰ্দশা দেখি খিড়িকীৰ কাষত থকা জনে ক'লে…. বোলে বাইদেউ তেখেতৰ কোচত গধুৰ বেগ জাতীয় কিবা এটা দি দিয়ক হে অলপ জাৰ্কিংটো কমিব…..….শেষৰ বাৰটো এনেকুৱা ব্ৰেক মাৰিলে….মানুহ বহা চিটবোৰৰ মাজৰ বেগ পলিথিন সকলোৰে ওপৰেদি গাড়ীতকৈও বেগত জপিয়াই আহি দৰজামুখ পালোহি….
অসমৰ ৰাষ্টাত গাঁত বা গাঁততটো অলপ হ'লেও ৰাষ্টা থাকিবই….সেই বুলিয়েই সি বেটা ড্ৰাইভাৰে ইমান জোকাৰিব লাগেনে কওঁকচোন….গাড়ীখন ৰখাই লৈও টো সি ব্ৰেক মাৰিব পাৰে…………

গাওঁবুঢ়া কাইটিৰ চন্দ্ৰ যাত্ৰা


সৰুৰে পৰা বৈজ্ঞানিক হ'ম বুলি মনতে আশা পুহি ৰখা গাওঁবুঢ়া কাইটিয়ে অৱশেষত নিজৰ আশা হৰণ কৰিলে ৷ ৰ'ব, আশা মানে "মন হিৰা দৈ চাইকেল নহয় টিলিঙা" শীৰ্ষক গীতটো গাই যি গৰাকীৰ পিছফালে হাফ পেডেল মাৰি মাৰি শেষত চাইকেলৰ কেৰিয়াৰত বঢ়াই বিহু দেখাবলৈ নিম বুলি ঘৰ পোৱালেহি, সেইগৰাকীৰ কথা কৈছো ৷ আই মিন আমাৰ বৌৰ কথা ৷ বৌ নমস্কাৰ দেই ৷
বাৰু যি কি নহওঁক বৌক হৰণ কৰি অনাৰ পিছত ফটা ঢোল কোবাই সকলোকে কৈ দিলে নহয় বোলে আমি হনিমুনত চন্দ্ৰ যাম ৷ বৌৱে উচপ খাই উথিল বোলে চন্দ্ৰত ষ্টাৰ হোটেল নাই গতিকে মই নাযাও ৷ কাইটিয়ে বোলে হেৰৌ কাঁচি জোনৰ কাষৰ ষ্টাৰটো দেখা নাই নেকি, তাতে থাকিম আমি ৷ দাৰ্জিলিং , কাশ্মীৰ চুইজাৰলেন্ড সকলো যায়, আমি বৈজ্ঞানিক মানুহ যেতিয়া অলপ আনকমন ঠাইত যাওঁ ৷ মুঠতে হনিক মুন নিবলৈ দাদা সাজু ৷ সৰুৰে পৰা দেৱালীত নুফুটা ফটকা বোৰ পুৱাই গোটাই থোৱা দাদাৰ এটা সৰুকালৰে পৰা স্বভাৱ আছিল ৷ তাৰে ভলুকা বাঁহৰ আগত ৰকেট বান্ধি দুই এবাৰ দহ বিশ ফুট উপৰলৈ উৰি দুই এক সফল পৰীক্ষাও কৰি থৈছে ৷ যি কি নহওক পূৰ্ণীমাৰ দিনা চাইকেল খনৰ আগচকা চন্দ্ৰপৃষ্ঠলৈ টোৱাই পিছফালে ৰকেট সমুহ বান্ধি দিয়া হ'ল ৷ ৰেইনকোট, হেলমেট আদি পিন্ধি দুয়ো সাজু ৷ ৰকেটৰ নেগুৰত জুই দিবলৈ চম্পাদকক কোৱা হ'ল আৰু হনিমুন যাত্ৰাৰ লাইভ টেলিকাষ্ট কৰাৰো সম্পুৰ্ণ ব্যৱস্থা কৰা হ'ল ৷ পৃথিৱীৰ সকলো নিউজচেনেল পেপাৰত ডাঙৰ ডাঙৰ হৰফৰে নিউজ ওলাল " অসমৰ প্ৰখ্যাত বিজ্ঞানী হনিমুনৰ বাবে চন্দ্ৰলৈ" ৷ লাজতে ৰঙাপৰা আমেৰিকাৰ ৰাষ্ট্ৰপতীয়ে চন্দ্ৰ পৃষ্ঠৰ সবিশেষ জনাবলৈ গাওবুঢ়া কাইটিৰ লগত নাচাৰ দুজন মান বৈজ্ঞানিকো লগতে পঠোৱাৰ ব্যৱস্থা কৰিম বুলি কৈছিল যদিও হনিমুনৰ গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত সেই প্ৰস্তাৱ পোন চাতেই গাওঁবুঢ়া কাইটিয়ে নাকচ কৰিলে যদিও সবিশেষ খবৰ ফেচবুকত লাইভ দেখুৱাম বুলি প্ৰতিশ্ৰুতি দিলে ৷ অৱশেষত খোবাহিৰ দিনা ৰাতি দুয়ো চাইকেলত বহি চন্দ্ৰপৃষ্ঠলৈ যাবলৈ সাজু হ'ল ৷ ৰকেটৰ নেগুৰত জুই দিয়াৰ কিছু সময় পিছতে সকলো ধুৱলি কুঁৱলী হ'ল ৷ দুই একে আকাশলৈ বুলি কিবা এটা উৰি যোৱা দেখি ঈশ্বৰৰ কিবা লীলা বুলি সেৱাও কৰিলে ৷ অলপ পিছতে ফেচবুকত ষ্টেটাছ আহিল "চেফ্টলি লেন্ডেড অন মুন " ৷ লাইক আৰু কমেন্টৰ বাবে ফেচবুক চাৰ্ভাৰ হেং মাৰি যোৱাত পুৰ্ণিমা নিশা কি ঘটিলে খবৰ পোৱা ন'গল ৷ পিছ দিনা পুৱা বৈজ্ঞানিক গাওবুঢ়া কাইটি আৰু বৌক লাইভ দেখা গ'ল ৷ সকলোকে চন্দ্ৰ পৃষ্ঠৰ বৰ্ণনা দিব ধৰিলে ৷
সকলোৰে প্ৰশ্ন : চন্দ্ৰপৃষ্ঠৰ বৰ্তমান পৰিবেশ কেনেকুৱা ৷ অভাৰ টু গাওবুঢ়া কাইটি
গাওবুঢ়া কাইটি: পুৱা চাৰি মান বজাতে ইয়াত সুৰ্য্য উদয় হয় ৷ অসমৰ লগত পৰিবেশ প্ৰায় একেই ৷ খাল ডোং হাবি বন জংঘলৰে ভৰ্তি ৷ আৰু সকলোকে জনাও যে চন্দ্ৰত মানুহ জন্তু বায়ু পানী নাই বুলি কোৱা কথাবোৰ সম্পুৰ্ণ ভিত্তিহীন মিছা কথা ৷ আমি দুয়োৱে এশিঙীয়া গড় দেখিব পাইছো তথা নিলা লুঙী বগা টুপি পিন্ধা কেইজনমানক পুৱাই হাতত ঘটি লৈ জোপোহাৰ মাজত বাহি কাম কৰাও দেখিবলৈ পাইছো ৷ এই কথাই অবৈধ বাংলাদেশী চন্দ্ৰ পৃষ্ঠতো আছে বুলি প্ৰমানিত হৈছে ৷
লাইভ টেলিকাষ্ট দেখি প্ৰায় সকলো বেহুছ হ'ল যদিও নাছাৰ বৈজ্ঞানিক কেইজনমানে চেটেলাইট যোগে জি পি এচ পৰিক্ষন কৰি গ'ম পালে যে কাইটিৰ ৰকেট গৈ 26.5775° N, 93.1711° E ত লেন্ডিং কৰিলে অৰ্থাৎ আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ লগে লগে তেওঁলৈ ঘৰৰ মানুহে ৱাটচ আপত মেচেজ কৰিলে বোলে বোপাই তিনিটা বজাত এ এচ টি ছি খন চন্দ্ৰৰ পৰা গুৱাহাটি আহে, তাতে বহি বোৱাৰীক লৈ ঘৰৰ ল'ৰা ঘৰলৈ আহ বোপাই ৷

গনধোৱন



হঠাৎ ,এদিন ফটাঢোলত স্ৰয়ং ভগৱান প্ৰকট হৈ বোলে "মৰমৰ লেডিছ সকল আৰু মতা কেইটা" আজি তোমালোকৰ মনৰ আশা এটা পূৰন কৰিবৰ বাবে মই প্ৰকট হৈছো৷মৰমৰ ধুনীয়া লেডিছ সকল "তোমালোকৰ সদায় সদায় এটা কমন কপ্লেইন পাই থাকো যে আমাৰ এখেত এনেকুৱা হে আমাৰ তেখেত তেনেকুৱা হে, মুঠতে হাজাৰটা কমপ্লেইন ৷ সেয়ে আজি তোমালোকৰ কথা মানি মই সুবিধা দিছো যে তোমালোকে মনৰ পচন্দ মতে এজন পুৰুষ বাছি ল'ব পাৰিবা ৷ চিন্তা নকৰিবা, তোমালোকক মোৰ টাইম মেছিনত ভৰাই বিয়াৰ আগৰ দিনবোৰলৈ পঠাই দিম৷ এতিয়া সকলোৱে নিজৰ নিজৰ পচন্দৰ মানুহজনৰ নাম কোৱা ৷
প্ৰনীতা বা: নালাগে ঈশ্বৰ মোৰ বৰ্তমানৰ জনেই ভাল৷ লাগ বুলিলেই তামোলখন কাটি আনি হাততে যোগাৰ দিয়ে, এনেকুৱা মানুহ এজন ক'ত পাম, মোক নালাগে দেই এইটো অফাৰ৷
বন্দিতা: ইয়ে পাই নালাগে দেই বিয়া হৈ অহা পৰা মই খেনা বনায়ে পোৱা নাই৷ সদায় মানুহজনেই খেনা বনাই খুৱাই আছে, মই যদি এইবাৰ খেনা বনাব নজনা আৰু খৈনী খোৱা এটা পাও মোৰ কি হ'ব? নাই মোক নালাগে৷
পৰী: পৰী হু মে, অ' ভগৱান মোৰ মানুহজনে মোৰ বাৰ্থডেট ইমান ধুনীয়া গিফ্ট দিয়ে যদি কঞ্জুচ এটা পাও মোৰ কেৰালাত কৈ গুটি দীঘল হ'ব, নাই মোকো নালাগে৷
বৰ্ণালী: মোৰ প্লাষ্টিকৰ পোৰা কপাল ভাবিছে নেকি যিজন পাইছো সেইজন মই সাধি সাধি পাইছো,কেইটাই মানুহজনীৰ হেল্থৰ বাবে ফ্ৰেচ চব্জী খেতি কৰি খুৱাই, মোক নালাগে দেই৷
জীমনি: ন ৱে, মোৰ ঘৰৰ বাহুৱলীজনেই ভাল পাই ৷ মোকো নালাগে৷
জাহ্নৱী: নাই নাই, মোৰ ইমান হেনচু হাবি টো থাকোতে যে বেলেগ নলও দেই৷
এইদৰে সকলো ফটাঢোলৰ নাচনীয়ে ভগৱানৰ প্ৰপজেলটো পোনচাতেই নাকচ কৰি দিলে৷
ভগৱানে এইবাৰ ফটা ঢুলীয়া কেইজনক চাঞ্চটো দিলে আৰু ক'লে তোমালোকৰ মনৰ পচন্দৰ নাৰী গৰাকীৰ নাম লিখি দিয়া ৷ বৰলা কেইটাইও নাম দিব পাৰিবা৷ পূজা বুলি অফাৰ দি দিছো ৷
ফটা ঢুলীয়া সকলৰ আনন্দৰ সীমা নোহোৱা হ'ল৷ পিছে এসপ্তাহ গ'ল, এমাহ পাৰ হ'ল কোনো দেখা দেখি নাই৷ অৱশেষত ভগৱান আকৌ প্ৰকট হৈ ক'লে যে কি হ'ল, তোহঁতকো নালাগে নেকি? নাম দিয়া নাই যে ?
মহন্তই বোলে নহয় ভগৱান, ডিচিচন হে ল'ব পৰা নাই, বহীত এজনীৰ নাম লিখো, আকৌ বেলেগ এজনিলৈ মনত পৰি আগৰজনীৰ নামটো কাটি দিও, এজনী যদি মাতে কথাই ভাল আনজনী দেখিবলৈ ভাল, মুঠতে টুটেলি কনফিউজড৷
ভগৱানে বোলে হ'ব নাম খিনি দে মই তাৰ ভিতৰৰ পৰাই এজনি বাছি দিম৷ মাত্ৰ নামৰ কাষে কাষে কাক কিয় ভাল লাগে লিখি দিবলৈ নাপাহৰিবি৷
বৰুৱা দাই মনৰ পচন্দৰ নাৰীৰ নাম লিখা ক্লাচমেটৰ বহী দুখন আগবঢ়াই দিলে৷
হেকা দাই বোলে চাৰ, পেনড্ৰাইভটোতে দিছো,মাইক্ৰচপ্ট এক্সেলত টাইপ কৰা ফাইল তিনিটা চালেই হ'ল৷
মহন্তই বোলে চাৰ আপোনাক মই ৰাতিলৈ মেইল কৰি দিম আৰু অলপ ভৰাব আছে৷
উৎপল দাই বোলে সময় বৰ কম দিলে, বহুত থাকিয়ে গ'ল, যা যি ভাগ্যত আছে আৰু দেৰশ গৰাকীৰ নাম হে মনলৈ আহিল, তাৰ ভিতৰতে বাছি দিব৷
তালুকদাৰ দাই বোলে মোৰ কলেজৰ লগৰ আপী কেইজনীৰ নাম পাহৰি গেলো নহয়৷ যি মনত পৰল্লাক এই খাটা খনতে লিখি দিছু দক৷
দিম্পল, সোনটো আৰু যাজ্ঞই বোলে চাৰ আমাৰ চিলেকচন একেই, লাগে যদি জেৰক্স কৰি তিনিটা কপি দি দিও,
ভগবানে বোলে সকলোৰে পচন্দৰ নাম বোৰ লোৱা পিছত অন্তৰ্ধ্যান হ'ল৷ আকাশবানী এটা শুনা গ'ল৷ "তোমালোকৰ পচন্দৰ গৰাকী নিৰ্বাচন কৰিবলৈ মই বহী, পেনড্ৰাইভ সকলো তোমালোকৰ নিজৰ পত্নী সকললৈ পঠাই দিছো"
অলপ পিছতে সকলোৰে ম'বাইলত পত্নীৰ ফোন৷ কথাষাৰ পিছে একেই " হেল্লো... তোমাৰ লগত অলপ কথা আছে৷ আশা কৰো সোনকালে ঘৰ আহিবা" টট...... টট
শুনা মতে বৰুৱা দা নিৰুদ্দেশ, সন্যাস ল'লে৷
হেকা দা হস্পিতালত
মহন্তই পত্নীৰ ওচৰলৈ মৰ সাহ কৰি গৈ বৰ্তমান বিছনাৰ কাষত পেং লৈ শৰ্য্যাগত
উৎপল দাৰ বৰ্তমান ভালকৈ কাৰোবাক চাবলৈকো চচমা জোৰ বৌয়ে বাজেয়াপ্ত কৰিলে৷
তালুকদাৰ দাই ভ্ৰম বকি ফুৰিছে বোলে "ভগৱানৰ ওপৰত বিস্বাস উঠি গ'ল ৰে বাবা"
দিম্পল হঁতে বৰ্তমান যাকেই ফোন কৰিছে " দিজ নাম্বাৰ দাজ নট একজিষ্ট শুনিছে"
বিদ্ৰ: মই সম্পাদনাৰ কামত ব্যস্ত আছিলো৷

ঔম জপ


আজি পূৱা কলেজলৈ বাছতে আহিলোঁ৷ সাধাৰনতে ভাল চিট পালে সোনকালে উথিব লগিয়া হোৱা বাবে পূৱা বিচনাত এৰি অহা টোপনীকন মাৰি লওঁ৷ আজি গান শুনিবলৈ হেডফোন ডালো অনা নহ'ল৷ চকু দুটা জপাই টোপনীয়াবলৈ চেষ্টা কৰিলোঁ৷ মোৰ কাষৰ চিটত বৰাদা ৷ তেওঁ বোকাখাতৰ এটা বেংকত কাম কৰে৷ ঘৰ তেজপুৰতে৷ আমি প্ৰায় একেলগে অহাযোৱা কৰা বাবে চিনাকী হৈ পৰিছো৷ দাদাইও কথা কম কয়৷
মই টোপনীয়াব চেষ্টা কৰিলোঁ৷ কিন্তু আমাৰ পিছৰ চিটৰ পৰা ভাঁহি অহা এগৰাকী মহিলাৰ কথাই মোক গায়ক শংকৰ মহাদেৱনৰ "ব্ৰেথলেচ" গীতটোলৈ মনত পেলাই দিলে৷ কথা বুলি কলে আচলতে ভুল হ'ব, সঁচা কবলৈ কোনোবা দৰ্জীয়ে চিলাই মেছিনত কিবা চিলাই থকা যেন হে অনুভৱ হ'ল৷ মোৰ টোপনী পলাই পত্ৰং দিলে৷ অনিচ্ছা স্বত্বেও মহিলা গৰাকীৰ কথা মোৰ কৰ্ণপতহত খুন্দিয়াবলৈ ধৰিলে৷ মনতে ভাবিলো, চকু মুদিলে একো নেদেখাৰ দৰে ঈশ্বৰে কাণখনক তেনে এক ব্যৱস্থা নিদি বৰ ডাঙৰ টেকনিকেল ভুল কৰিলে৷
উপায় বিহিন ভাবে মই শুনিবলৈ বাধ্য হোৱা মহিলা গৰাকীৰ কথাৰ মুল বিষয় সমুহ, পাকঘৰ, পাৰ্লাৰ তথা দেহাৰ যতনৰ উপযোগীতা, দেওৰেকৰ শহুৰৰ ঘৰৰ ভিতৰুৱা কথা, তেখেতৰ বিয়াৰ ইতিবৃত্ত, হস্পিতাল ডক্টৰ সমুহৰ কাণ্ডকাৰখানাৰ নিৰ্মোহ বিশ্লেষণ, বিভিন্ন প্ৰকাৰৰ কাপোৰৰ ডিজাইন সম্বন্ধে তেখেতৰ জ্ঞানৰ চমু পৰিচয়, সন্তানৰ গুনানুকীৰ্তন, স্বামীদেৱতাক তেখেতে বিভিন্ন বিষয়ত কৰা জ্ঞান দৰ্শন, ঘৰুৱা কামৰ পাৰদৰ্শিতাৰ থুলমুল বিবৰন তথা কাষৰ চিটৰ মহিলা গৰাকীলৈ বিভিন্ন প্ৰকাৰৰ বনামূলীয়া দিহা, ইত্যাদি ইত্যাদি৷
তেজপুৰৰ পৰা বোকাখাতলৈ বুলি গাড়ীৰ চকাৰ লগত সমান দ্ৰুতিত চলি অহা তেখেতৰ কথা কোনো স্পিড ব্ৰেকাৰতো থমকি নৰ'ল যি মোৰ বাবে ব্লু হোৱেল গেমৰ এটা টাস্ক যেনেই লাগিছিল৷ মাজতে বৰাদাৰ সৰু মন্তব্য "বেংকৰ ন'ট কাউন্টিং মেছিনতকৈও ফাষ্ট হে শইকীয়া"৷ মই লাহেকৈ বৰাদাক ক'লো "দাদা কথা কোৱা গৰাকীত কৈ কথা ক'বলৈকে সুবিধা নোপোৱা কাষৰ গৰাকীলৈ মন কৰক"৷ দাদাই মোৰ ফালে চালে৷ মই বোলো "প্ৰতিটো কথাত তেওঁ সহাৰি দিবলৈ যিমান বাৰ ওম জপ কৰিলে, মেডিটেচন কৰা হয় সমাধী ল'ব পাৰিলে হয়......

ধনং দেহি ,ৰূপং দেহি, গুণং দেহি


যোৱাবাৰ পূজাৰ কথা ৷ এওঁ বোলে হেৰা ব’লা শৰাইখন দি আহোগৈ ।ঘৰৰ গৰাকী দুৰ্গামাই ফৰমান দিলে যেতিয়া এতিয়া স্বয়ং গৌৰী আহি মানা কৰিলেও যাবই লাগিব ।বহু দিনৰ মূৰকত ছুটি পাইছো গতিকে ভাল দৰে অলপ দেৰীলৈকে শুই ল’ম বুলি ভাবিছিলো, কিন্তু ন’হল । শ্ৰীমতীৰ ফৰমানৰ ক্ৰমিক নং অনুসৰি গা পা ধুই কলপাত, নাৰিকল সকলো কাটি মেলি তৈয়াৰ হৈ শৰাইখন লৈ পূজা থলি পালোগৈ ।
>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>
মানুহৰ ভিৰ , ঠেলা হেচাত মই এফালে এও এফালে । পূজাৰীয়ে মাইকত সেৱা এটা ল'ব লাগে বুলি ক'বলৈহে পালে ,ঠেলা হেচাই চুড়ান্ত ৰূপ পালে । নিজৰ দেহাটো ভিৰত এৰি দিলো, লগতে মহিলা সকলক অলপ নিজেই চাইড উলিয়াই দিলো পিছে অলপ পিছত লক্ষ্য কৰিলো পিছফালৰ পৰা মানুহৰ ভিৰ এটাই ঠেলি নি মোক কোনোবা ধুবুৰী পোৱালেগৈ । মোৰ পৰা দেৱী দুৰ্গা আৰু মোৰ গৰাকী কমেও বিশফুট দুৰত । নাই এই কথাই কথা নহয়, এই বাৰ মইও মান সন্মান কাটি কৰি মানুহ ফালি আগ বাঢ়িব ধৰিলো । এটা সময়ত সকলো মানুহ বহি দিলে, মইও ককালটো হেচুকি মেলি অলপ এডজাষ্ট কৰি চকুহাল জপাই সেৱা কৰাত লাগিলো ।মাজতে মোৰ পজিশ্যনটো ঠিকেই আছে নে নাই চাবলৈ বুলি চকু মেলিলো । দেখিলো মোৰ সন্মুখত প্ৰকাণ্ড তপিনা এটা, মানুহ গৰাকীৰ গেৰুৱা ফটা ভৰিত মোৰ মূৰটো লাগি আছে ।আৰু অলপ মূৰটো ডাঙিলো, নাই তপিনাটোৰ বাহিৰে একো নেদেখি, এই কথাই কথা নহয়, দেৱীয়ে মোক নেদেখিলে আশীৰ্বাদ দিব কেনেকৈ ? গতিকে দেৱীয়ে মোক দেখা পোৱাকৈ আঠু কঢ়াৰ দৰে অলপ উঠি দিলো ।দেখিলো মোৰ চৌ দিশে দেখোন কেবল মহিলাই মহিলা, হে হৰি মানে মই ঠেলি হেচি মহিলাৰ মাজত সোমালোগৈ ।ডিঙিত লোৱা গামোচা খনৰে মূৰটো সাউতকে ঢাকি আকৌ তপিনাটোৰ পিছফালে নিজকে লুকুৱাই দিলো ।
>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>
দেৱী মাক ফৰমাইচ দিম বুলি যি কেইটা কথা ভাবি আহিছিলো সকলো পাহৰিলো ।যোৱাবাৰ পূজাৰীয়ে মন্ত্ৰ মাতি থাকোতে মনৰ কল্পনা বোৰ দেৱী মাৰ আগত ভাবি ভাবি ক’ব লগিয়া হৈছিল যাৰ বাবে আধা খিনি কবলৈ থাকোতেই পূজাৰীয়ে মন্ত্ৰ মতা শেষ কৰিছিল । এই বাৰ ভাবিছিলো পূজাৰীয়ে মন্ত্ৰ মাতি থাকোতেই সকলো কম ,গতিকে দুবাৰমান ঘৰতে আওঁৰাইও আহিছিলো বোলো “আই এইবাৰ গ্ৰেন্ড আই টেন এখন লবলৈ এওঁ খুব কৈ আছে গতিকে বাহিৰা দুপইচা যাতে ঘটিব পাৰো তাৰ বাবে ফুকনৰ টেবুলখনলৈ প্ৰমোশ্চনটো কৰি দিবা আৰু যেনে তেনে ।
ল’ৰাটো পঢ়াত ভাল নহয় জানাই তাতে এইবাৰ মেট্রিক দিব গতিকে ৰিজাল্টৰ দিনা যাতে ফোনটো বিজি কৰি থব লগিয়া নহয় তাৰ বাবে কিবা এটা মিৰাকল কৰিবা ।বেচিকৈ নোৱাৰিলেও চেকেন্ড ডিভিজনকে দিয়াই দিবা , মানুহক কৈ দিম আৰু বোলো পৰীক্ষাৰ আগত তাৰ অলপ গা বেয়া আছিল গতিকে ফাৰ্ষ্ট ডিভিজনলৈ দুই মাৰ্কচ কমিল ।
অ’ আৰু এটা কথা এওঁৰ আজি কালি মেক আপত বহুত টকা খৰছ হয়, মানে অলপ ৰিংকল পৰিছেটো , গতিকে হে ৰূপৰ অধিষ্টাত্ৰী দেৱী মোৰ এওঁক অলপ বিনা মেক আপত ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা কৰি দিব নোৱাৰানে ?
এই বাৰো আগফালৰ সেই বৃহৎকায় বস্তুটো দেখি সকলো পাহৰি থাকিলো, একো নোলাল মনৰ পৰা , তপিনাটোকে সেৱা এটা কৰি গুচি আহিলো । মানুহজনী বাৰু সেৱা কৰি উঠিব কেনেকৈ, মইয়ে ডাঙি দিব লাগিব চাগৈ এই বোৰ ভাবি থাকোতেই পূজাৰীৰ মন্ত্ৰ শেষ হ'ল ৷ দেৱীয়ে কি ভাবিলে নাজানো ৷
>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>
গামোছাখন মুৰতে ওৰণী দৰে লৈ ওলাই আহিছোহে এনেতে মাকৰ চাদৰৰ আচলত ধৰি থকা সৰু পুত্ৰই দেৱী গোসানিলৈ আৰু মোলৈ বহুসময় দাৰ্শনিকৰ দৰে নিৰীক্ষন কৰি এক প্ৰকাৰ চিঞৰি চিঞৰি মাকক কলে মা মা দেৱীৰ তলত ক'লা ৰঙৰ খালি গাৰে যে আংকলটো আছে আমাৰ দেতা নিচিনা ন' ৷ মা কচম সেইষাৰ কথা শুনা পিছত মাক জেগাতে অন্তৰ্ধ্যান হ'ল ৷ মইও কোবাকুবিকৈ পোৱালীৰ এটা হাতত ধৰি চোচৰাই ঘৰ পালোহি ৷
।।।।।।সৰ্ব মঙ্গল্য মঙ্গলায়ে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্রায়েমবাকু গৌৰী নাৰায়নী নমস্তুতে।।।।।