Wednesday 25 October 2017

ফটা পষ্টাৰ নিকলা হিৰ'


২০০০ চন মানৰ কথা, গুৱাহাটি বিশ্ববিদ্যালয়ত পঢ়ি আছো৷ এদিন হঠাৎ উদ্ভিদ বিজ্ঞান বিভাগৰ সন্মুখত চিনেমাৰ চুটিংৰ যো জা চলিল৷ আমিও চুটিং চাবলৈ ওলায় আহিলো৷ সন্মুখত ছিগাল থিয়েটাৰ গোষ্ঠিৰ প্রতিষ্ঠাপক বাহাৰুল ইচলামদেৱে সকলোকে কিবা বুজাই আছে৷ হঠাৎ মোক আৰু মোৰ লগৰ চাৰিজনক একাশৰীয়াকৈ মাতি নিলে৷
চিনেমাত ওলাবা? তেখেতৰ প্ৰশ্ন৷
নোলোৱাৰ প্ৰশ্নই নাহে, কাৰ নো নিজকে চিনেমা হ'লৰ ডাঙৰ পৰ্দাত নিজকে চাবলৈ মন নাযাব৷ আমি ক'লো ওলাম৷ তেখেতে ক'লে প্ৰস্তুতি সিফালৰ পৰা অকলে আহি থাকিব, তোমালোক গ্ৰুপটোৱে তাইক দেখি "ৱাও" টাইপ ৰিয়েক্সন দিব লাগিব৷ তাই ৰখি লৈ তোমালোকলৈ চাই এবাৰ ৰাইট আৰু এবাৰ লেফ্টত ঠুমকা দিব তোমালোকে সেইটো চাই মাটিত পৰি দিব লাগিব৷ কথামতে কাম৷ ৰসায়ন বিজ্ঞান বিভাগ আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ মাজৰ শাৰী শাৰী দেৱদাৰু আৰু কৃষ্ণচুড়াৰৰ মাজেদি থকা পথটোৰে প্ৰস্তুতি পৰাশৰ আহিব আৰু আমি উদ্ভিদ বিজ্ঞান বিভাগৰ সন্মুখত ৰৈ কথা পতাৰ দৰে থাকিম৷ বাহাৰুল দেৱে ষ্টেচু হৈ নাথাকি কথা পাতি থাকিবলৈ কৈ কেমেৰাৰ পিচলৈ গ'ল৷
কথা কি পাতিম, এটাৰ প্ৰশ্ন৷ কিবা কিবি পাতি থাক, এনেও আমাৰ কথা ৰেকৰ্ডিং,নহয়, আন এটাৰ উত্তৰ৷ লগৰ এটাই কৈছে যি নহওক লাইফত প্ৰস্তুতিক এবাৰ কাষৰ পৰা চাই জোকাব পাম, আন এটাই কৈছে মোৰ গাৰ্ল ফ্ৰেণ্ডে চুটিং চাই আছে, আজি গালি খালো আৰু ৷ মই চিৰিয়াচ, কাৰন সন্মুখত হেড অফ দা ডিপাৰ্টমেন্ট বৰা চাৰে মোৰ ফালে ট' ট' কৈ চাই আছিল৷ যি নহওক সেই সময়ত কোনো হেড ডাঙৰ নহয় ,লাইফৰ ফাৰ্ষ্ট এক্টিং গতিকে চুটিংত কনচেনট্ৰেট কৰিলো ৷ অলপ বেয়াও লাগিছিল, চেহ ডাইলগ এটাও দিয়া হয়৷ যি কি নহওক এটা সময়ত একচন্ বুলি চিঞৰ শুনা পালো, আমাৰ সকলোৰে চকু লগে লগে ৰসায়ন বিভাগৰ ফালে প্ৰস্তুতিক চাবৰ বাবে৷
কাট্ ৷
বাহাৰুল দেৱে আহি কৈ গ'ল এতিয়াই নুঘুৰিবা, কথা পাতি থাকা নিজৰ মাজত, তাই ওচৰ আহি পালে চাবা৷ চেহ..সকলোৱে তাইক চাই আছে, আমি হে চাব পোৱা নাই ৷
একচন্ ৷
আমাৰ কথা: ড্ৰেচজোৰ চা না টামাম, নেদেখা এটাই কৈছে কি পিন্ধিছে? আনটোৰ উত্তৰ চুটি ড্ৰেচ, লগৰটো ৰখিব নোৱাৰা হ'ল৷ কিমান দুৰ পাইছেহি? এটাৰ প্ৰশ্ন৷ আহিল, আহিল ৷ প্লটত আমাক বুজাই দিয়াৰ দৰে আমি সকলোৱে চালো৷ সন্মুখত প্ৰস্তুতি৷ মিনি স্কাৰ্ট টপ, মুখত মিচিকিয়া হাঁহি ...ৱাও টো নিজেই ওলায় গ'ল৷ মানে নেচাৰেল এক্টিং৷ প্লট মতে এইবাৰ আমাৰ প্ৰস্তুতিৰ ঠুমকা চাই মাটিত বাগৰি পৰা পাল৷
আমাৰ ফালে চাই প্ৰস্তুতিয়ে ঠুমকা দিলে, আমি চাৰিটা মাটিত পৰি গ'লো৷ বিস্বাস কৰক নেচাৰেল এক্টিং৷ মোৰ পিছত থকাটোৰ গাত মই ধাচ কে পৰি দিলো৷ মোৰ কিলাকুটি তাৰ দুই ভৰিৰ মাজত৷ আই ঐ..কে**...তাৰ মুখৰ পৰা নেচাৰেলি ওলায় গ'ল৷
কাট্৷
ভাগ্য ভাল ডায়লগ নাছিল৷ নহ'লে লগৰটোৰ মাতৃভাষাটো ক্ৰিপ্টত নথকা বাবে ৰি টেক হ'ল হয়৷
******
অধিৰ অপেক্ষা ৷প্ৰডিচাৰ ডাইৰেক্টৰতকৈ চিনেমাখনৰ চুটিং কেতিয়া শেষ হ'ব, ৰিলিজ কেতিয়া দিব ইত্যাদি বিষয়ক চিন্তাবোৰে আমাক হে বেছিকৈ আমনি দিব ধৰিলে৷ বিশ্ময়, মায়া, সকলোতে চকু ফুৰাও৷ এখন পেপাৰৰো বিনোদন শিতান বাদ নাযায়৷ এদিন হঠাত কৰবাত পঢ়িবলৈ পালো "বাহাৰুল ইচলামৰ প্ৰযোজনাত অচিৰেই মুক্তি পাব আছেনে কোনোবা হিয়াত"৷ নয়ন নিৰ্বানৰ প্ৰথম চিনেমা৷ কেইদিনমান পিচত জালুকবাৰীৰ কাটিয়া দলংত পষ্টাৰ লাগিল৷ প্ৰস্তুতি বল্ড আৰু আমি পিছফালে ব্লাৰ৷ তথাপি বহু সময় পষ্টাৰত জুপি জুপি পিচৰ কেইটা আমি বুলি নিজকে ৰিক'গ্নাইজ কৰিলো৷ সেইদিনা বুজিলো দুৰৰ পৰাহে পষ্টাৰৰ ফটো ক্লিয়াৰ দেখি, ওচৰৰ পৰা চালে অস্পস্ট৷
********
ধ্ৰুৱই হাতত পেপাৰখন লৈ দৌৰ মাৰি আহিল৷ সি পেপাৰৰ অন্য নপঢ়িলেও গুৱাহাটিৰ কোন হ'লত কি চিনেমা লাগিছে শুকুৰবাৰে পুৱা সদায় মুখষ্ট কৰে৷ আছেনে কোনোবা হিয়াত...উৰ্বশী, ১১ টাৰ শ্ব৷ দৌৰা দৌৰিকৈ সকলো ৰেডি৷ ৬ নং বাছত বহি চিনেমা হ'লত গৈ হাজিৰ৷ তেতিয়ালৈকে দৰ্শক বাদেই টিকট কাউন্টাৰৰ মানুহো বোধ হয় ঘৰৰ পৰা আহি পোৱা নাছিল৷ সময়ত টিকট কাউন্টাৰ খুলিলে, আমি চিনেমাৰ হিৰ' কেইটাই মিলি টিকটৰ পইচা দিলো৷
খেতি পথাৰৰ টেক্টৰ পানীৰ পাম্পৰ বিজ্ঞাপনৰ পৰা শিশুৰ টীকাকৰনৰ , ভিক' টাৰমেৰিকৰ বিজ্ঞাপনলৈকে মোৰ জীৱনত মনোযোগ দি চোৱা সেইখনেই একমাত্ৰ চিনেমা আছিল৷
চিনেমা আৰম্ভ৷ আমাৰ উৎকন্ঠা৷ কাহিনীত মনোনিবেশ দিয়া নাই৷ ধ্ৰুৱই সুধিছে কিমান মিনিটৰ চুটিং আছিল, মই বোলো পাঁচ দহ মিনিটৰ হ'ব৷ তাৰ এক্সপাৰ্ট কমেন্ট "তেন্তে এডিট কৰি মেলি ধৰ দেৰ দুই মিনিট"৷ আমি মনতে খাটিছো যাতে এডিট নকৰক৷ লগৰ এটাই ক'লে ছোৱালী জোকোৱা চিন, যদি ডাইৰেক্টৰে সেইটো চিনৰ লগত ৰাতি হিৰ'ইনক টনা আজোৰা কৰা চিনৰ লগত এডিট কৰি মিলাই দিয়ে৷ অলপ ভয়ো লাগিল৷
হঠাৎ অৰুপৰ চিঞৰ "সৌতো তই....এহ গ'ল"৷ তাৰ চিঞৰ শুনি ভালদৰে চালো৷ মাত্ৰ মোৰ নীলা চুৱেটাৰটো ধুপুচকৈ মাটিত পৰা দেখিলো৷
চেহ ভালকৈ নেদেখিলোৱেই নহয়৷ তথাপি কেতিয়াবা চিনেমাত একেটা চিন দুবাৰ ৰিপিট কৰে৷ ধৰক কিবা ফ্লাচ বেক টাইপ৷ গতিকে আশা এৰা নাই, টুকুৰাটো কাটি নি আকৌ কৰবাত দিয়ে বুলি শেষলৈকে চিনেমাখন চালো৷ নাই ৰিপিট নহ'ল৷ হ'লৰ পৰা ওলাই আহি আকৌ মেটিনি শ্বৰ টিকট কাটিলো৷ টাইমিং মতে আমাৰ চিনটো চিনেমা আৰম্ভ হোৱাৰ ৩৫ মিনিট মানত ওলায়৷ বাহিৰতে পান তামোল খাই ৩০ মিনিটমানৰ চিনেমা শেষ হোৱা পিচত হলত সোমালো৷ এইবাৰ চকুৰ পিৰিকতি পেলোৱা নাই ৷ কাৰন পিৰিকতি পৰা মানে বেলেগ চিন আহি যাব৷ সৌতো....গলি... গলি... গলি...গ'ল৷
বচ নিজক দেখিলো, দিল খুচ৷ হলৰ পৰা ওলাই দিলো৷ পিছত যিমান দিন হ'লত চিনেমাখন চলিল লগৰবোৰৰ লগত আহি চিনেমা আৰম্ভ হোৱাৰ ৩০ মিনিটত হলত সোমাও ৪০ মিনিটত ওলাও৷ চিনেমা দেখাবলৈ নিয়া লগৰ কেইটাই, যি কেইটাই প্ৰথম চিনেমাখন চাবলৈ আহে সিহতে কয় ৰ' তহতে চালি, মইটো চিনেমাখন চোৱা নাই, চাব দে৷ আমি বোলো ধুৰ আমাক দেখিলি যেতিয়া ব'ল এতিয়া৷ আমাক দেখাবলৈ হে আনিছিলো.....

No comments:

Post a Comment