Wednesday 25 October 2017

মহিষাসুৰৰ সংবাদ (পূজা স্পিচিয়েল)


দূৰ্গা পূজা মণ্ডপত ৰাতি শুই থকা বিশ্ব দেউৱে সৰুপানী চুবলৈ গৈ ঘূৰি আহি দেখে মণ্ডপত মহিষাসুৰ দেখোন নাই । চকুদুটা ভালদৰে মোহাৰি চাই দেখে হয়তো, এইয়া কি হ’ল ? পূজা কমিটিৰ ল’ৰা কেইটাই পানীৰ লগত কিবা মিহলাই দিয়া নাছিলটো ? পেটে পেটে অলপ ভয়ও খাইছিল পিছে যিমান বোৰ ভগৱানৰ নাম দেউৱে জানে সকলোৰে নাম লৈ ইফালে সিফালে মহিষাসুৰক বিচাৰিব লাগিল ।
এনেতে দেখিলে খালি গা, হাফপেন্ট পিন্ধি মহিষাসুৰ দেউৰ আগত হাজিৰ । ভাগ্য ভাল দেউৱে অলপ আগত সৰুপানি চুই আহিছিল, ন’হলেতো ???
দেউৱে কিবা কোৱাৰ আগতেই মহিষাসুৰে মাত ল’গালে “বোলে দেউ ভয় নাখাবা” । মই তোমালোকে ভবাৰ দৰে ইমান বেয়া নহয় । দেৱতা বোৰৰ লগত মোৰ অলপ মতানৈক্য আছে সেইবোৰ আমাৰ পাৰ্চনেল প্ৰ’ব্লেম । আৰু মতানৈক্য ক’ত নাই দিছপুৰতো আছে, আমাৰ স্বৰ্গতো আছে । এইবোৰ কন্টিনোৱাছ প্ৰছেচ । মই সেই বুলি কাকো বেয়া বুলি কোৱা নাই, ডেট ইচ অলচ’ ইম্পৰটেন্ট মেটাৰ । মানুহক আমি ইমান বেয়া নাপাঁও, বিশেষকৈ কলি যুগৰ মানুহক আৰু তাতে আচামৰ মানুহক ।
বিশ্ব দেউৱে এইবাৰ সঁচাকে কনফিউছড হৈ গ’ল । এনেকুৱা ডাইলগটো আমাৰ পুৰনা চাৰেহে কৈছিল । কিবা সুধাৰ আগতেই মহিষাসুৰে ক’লে হাঃ হাঃ হাঃ দেউ তুমি মোৰ কথাবোৰ শুনি আচৰিত হৈছা, নহয় জানো ? যোৱা ইমান বছৰে অসমত আহি কামৰ নামত কেৱল চৰকাৰী ডাইলগেই শুনি আছো, এইবোৰ শুনি শুনি এতিয়াটো মোৰো কথা বতৰা সলনিয়েই হৈ গৈছে ।
এইবাৰ দেউৰ অলপ মনতো পাতল পাতল লাগিল । মহিষাসুৰ মাটিতে বহি ক'বলৈ আৰম্ভ কৰিলে বোলে দূৰ্গা মেডামৰ জহতে প্ৰত্যেক বাৰ অসম অহাৰ সৌভাগ্য ঘটে ৷ আচলতে আমাৰ মাজত এটা আন্দাৰষ্টেণ্ডিং আছে । তেওঁ ভালদৰে জানে যে মোক প্ৰদৰ্শন নকৰিলে তোমালোকে তেখেতৰ শক্তিৰ ওপৰত সন্দেহ কৰিবা । তোমালোকে নহলেনো দেৱীমাক এৰি অলৌকিক ভণ্ড বাবাৰ ভক্ত হোৱাগৈনে? যদি প্ৰতিবাৰ মোৰ মোৰ নিধন হয়, প্ৰতিবাৰেই মা দূৰ্গা অকলে কিয় নাহে মৰ্ত্যলৈ, মোকো যে লৈ আহে , ভাবি চাবাচোন ৷
এটা কথা তোমালোকে নাজানা যে মেডামে মোক কেতিয়াও বেয়া নাপায় । তেঁও আনক দেখুৱাই হে ত্ৰিশুল পাত দি মোক অকণ মান আঘাত কৰে, কিন্তু মই দেখোন দা জোকাৰি ৰখিয়ে থাকো ? আৰু ৰাইজে পূজা কৰোতেও ফুল-তুলসী মেডামৰ গাত নপৰি মোৰ গাত হে পৰে, তুলসীৰ লগতে কলপতুৱাৰো মুক্তি দৰে । হাঃ হাঃ হাঃ এতিয়া তুমিয়েই কোৱাচোন মইনো মৰো কি দৰে ? তোমালোকেই চোন মোক জীয়াই ৰাখিছা ।
দেউৱে ভাবিলে ঠিক ঠিক, হয়তো কথাটো ৷ মহিষাসুৰে আকৌ মাত দিলে, বোলে বুজিছা দেউ, দেৱী পূজা হাজাৰ পাতক, নাৰীক দেৱীৰ লগত হাজাৰ তুলনা কৰক পিছে এই মৰ্ত্যত মহিষাসুৰৰ মৃত্যু নহয় নিতৌ কৰবাত নহয় কৰবাত দেৱীৰহে মহিষাসুৰৰ হাতত মৃত্যু হৈ থাকে৷ সেয়ে এইবাৰ পূজাত সকলোকে কোৱা যাতে দেৱী পূজা কৰিলেই নহয় প্ৰতি গৰাকী নাৰীৰ গাত দূৰ্গাৰ শক্তি আহে যাতে মানুহৰূপী মোৰ দৰে মহিষাসুৰ নিধন কৰিব পাৰে ৷
মহিষাসুৰে বোলে আৰু এটা কথা লক্ষ্য কৰিবা আমাৰ মাজতো বিসম্বাদী বহুত আছে । মেডাম আৰু মোৰ বাহিৰে বাকী সকলক বিশ্বাসত ল’ব নোৱাৰি কিয়নো আমাৰ লগত তেওঁলোক থাকিও বিনা কাৰণত নিজৰ নিজৰ পূজাভাগ লবলৈ লক্ষ্মী, সৰস্বতী, গনেশ, কাৰ্তিক সকলোৱে অকলে অকলে আকৌ মৰ্ত্যলৈ আহে । তেঁওলোকক বিসম্বাদী নকৈ কি ক’ম দেউ তুমিয়ে কোৱাচোন ?
আমাৰ গনেশ ইমানেই খকুৱা যে কেইদিন মান আগত বুণ্ডিয়া লাডু এগালমান খাই গৈ আকৌ মাকক কয় “ নাই মা মই আকৌ যাম প্লিজ, প্লিজ, প্লিজ মোৰ হেল্থটো চোৱা, ভালদৰে খাবলৈকে পোৱা নাই” ।
লক্ষ্মীৰ টো কথাই নকও, পূজাৰ এমাহ হ’বলৈকে নাপাই আকৌ অকলশৰে আহে । আৰু সৰস্বতীটো এখোপ চ’ৰা, কণ কণ লৰা-ছোৱালীবোৰৰ মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰি পৰীক্ষাৰ আগত ভয় দেখুৱাই পূজা এভাগ দকচি খাই যায়হি ।
কাৰ্টিকৰ কথা নকও, ধূনীয়া ল’ৰা, এনাৰজেতিক ল’ৰা, এনেও বেচেৰাক কোনেও বেলেগে পূজা পাতল নিদিয়ে, গতিকে এই চেগতে মেডামৰ লগতে অলপ চাল(দেহ-ৰূপ) দিবলৈ আহে, সেয়ে বেয়া নাপাও।
কিন্তু কি ক’ম দুখৰ কথা পূজা খাই মেলি যেতিয়া আমাক ভাষানত লৈ যায় তেতিয়া জীৱটো কেলধোপ কেলধোপ কৰি থাকে । ঠিক ৰাজনীতিত নিৰ্বাচনৰ কাউন্টিংত হোৱা অবস্থাৰ দৰে । ৰাইজে কোনে কাক কেতিয়া কেনেকৈ ভাষানত বিসৰ্জন দিয়ে বা মোৰ লেঙুটিখন টান মাৰি দিয়ে সেয়া ভাবি ভয়েই লাগে ।
ইমানপৰে মহিষাসুৰে বহু কথাই কলে । আমাৰ বিশ্ব দেউৱে কিবা এটা সুধিম বুলি ভাবি ৰৈ গ’ল, মহিষাসুৰক কি বুলি সম্বোধন কৰিব ভাবিকে নাপালে । প্ৰভু বুলি মাতিলেও লাগিব দেৱতাৰ জগৰ আৰু অসুৰ বুলি কলেও যদি জাঙুৰ খাই উঠে ? সেয়ে বহু ভাৱি চাৰ বুলিয়ে মাতি দিলে, এনেও চাৰ বুলি মাতিলে সকলোৱেই ভাল পায় ।
বিশ্ব দেউৱে বোলে চাৰ আপুনি এইদৰে হঠাৎ মোৰ আগত প্ৰকত হ’ল যে ? মহিষাসুৰে বোলে ন’হম কিয় হে ? এম এল এ, মিনিষ্টাৰে যদি হ’কে বিহকে সকলোতে বিনা কাৰণত নিউজ চেনেলত প্ৰকত হৈ যি ইচ্ছা বকি থাকিব পাৰে আমি কিয় নোৱাৰিমহে ?
আৰু তোমালোকে আজিকালি আমাতকৈ তেঁওলোককহে বেছি গুৰুত্ব দিয়া । নিজে পূজা দিব নাহি লাইভ টিভিতে পূজা কৰা, পূজাৰ ৰিল কাটি কাটি পূজা দিয়া, তাৰ প্ৰতিবাদ কৰিবলৈকে মই প্ৰকট হৈছো । লাগিলে মই আন্দোলন কৰিম, তোমালোক অসমীয়া কেইটাই হে কেবল হকে বিহকে আন্দোলন কৰিব জানা নেকি ?
বিশ্ব দেউৱে বোলে হয় চাৰ আপোনালোকৰ লীলা অপাৰ পিছে দেৱতা অসুৰৰ যুদ্ধত আমাৰ নৰমনিচ বোৰৰহে বৰ বেয়া অবস্থা হয় ।
মহিষাসুৰে বোলে বহু হ’ল আজিলৈ এৰিছো, কোন সময়ত নিউজ চেনেলৰ মানুহ আহি যায় ঠিক নাই, ন’হলে কালিলৈ আমাৰ পূজা এৰি সকলোৱে ব্ৰেকিং নিউজ চাইহে থাকিব, দেউ তুমিও যোৱা সাউতকৈ গাটো তিয়াই আহি পূজাত বহা । মইও মেডামৰ ওচৰলৈ যাঁও ।
বিশ্ব দেউৱে সেৱা এটা ল’বলৈ খোজোতেই জানো কি হ’ল ইলেক্চনত জয়হৈ এম এল এ, এম পি অন্তৰ্ধ্যান হোৱাৰ দৰে মহিষাসুৰ অদৃশ্য হৈ গ’ল .....
(পূজা প্ৰায় আহি পালেহি ৷ শেৱালী ফুলিছে, কুৱঁলীও দুই এটোপাল সৰিছে, দুৱৰীত পুৱাৰ নিয়ৰ, কবলৈ গ'লে শাৰদী ৰাণীৰ আগমন হৈছেই লগতে আৰম্ভ হৈছে ফটাঢোল আলোচনীৰ পূজা সংখ্যাৰ কাম কাজ ৷ আগতিয়াকৈ পূজাৰ নতুন ধুনীয়া কাপোৰজোৰ কিনাৰ প্লেনিংৰ লগতে যেন সকলোৱে গোটৰ মাহেকীয়া আলোচনীৰ বাবে নতুন ধুনীয়া হাস্যৰসৰ লেখা আগতিয়াকৈ দিয়ে তাকেই চকীয়াই কামনা কৰিছে ৷ আশাকৰো সকলোৱে পূজা সংখ্যাৰ আলোচনীৰ বাবে সোনকালেই নানা ৰঙী লেখা গোটত প্ৰকাশ কৰিব ৷ পুনৰ ধন্যবাদেৰে, চকীয়া )

No comments:

Post a Comment