Wednesday, 25 October 2017

টিভিৰ চাবি.....


ঊনৈছশ অষ্টাশী চন,
অসমত আছিল তেতিয়া এজিপি শাসন
আৰম্ভ হৈছিল টিভিত মহাভাৰতৰ ৰণ ৷
নিজৰ ঘৰতো টিভি এটাৰ বৰকৈ হৈছিল প্ৰয়োজন
টি ভি লাগিবই বুলি অমুকাই কৰি দিলো অনশন
উপায়ন্তৰ হৈ পিতায়ে ভাঙিব লগা হ'ল গাঁঠীৰ ধন ৷
ঘৰলৈ ঘটিল প্ৰথমটো ক'লা বগা টিভিৰ আগমন ৷
হাঁহি ফুৰ্তিৰে উপচি পৰিল কুমলীয়া মন ৷
স্লাইডিং দৰ্জাত চাবি থকা টিভি নাম তাৰ আপট্ৰন ৷
নেদেখা নুশুনা বহু বস্তু প্ৰথমবাৰ দেখি ধন্য হ'ল জীৱন
পঢ়া শুনা গছত উঠিল বন্ধ হ'ল খাৱন শোৱন
কবলৈ গ'লে টিভিৰ সন্মুখতে জীৱন যাপন
অৱশেষত পিতায়ে দিলে বৈদ্য জাৰন
বন্ধ কৰিলে চোৱা মোৰ দুৰদৰ্শন ৷
মাটিত বাগৰি বাগৰি কৰিলো ক্ৰন্দন
পিচে কামত নাহিল মোৰ বিলাপ বচন
চাইহে এৰিম বুলি মইও বাপৰ বেটাই কৰিলো পণ
টিভিৰ দৰ্জা খোলাৰ কৰিলো বিভিন্ন যতন
পুৰণি চাবিৰে ঘুৰাই পকাই খুলি টিভি কৰিলো অন
পিছে থাকক ভাঙি তাত চাবিৰ টুকুৰা অকন
পাঁচ বজাত পিতাই কামৰ পৰা অহাৰ ক্ষণ
মাৰিব পৰা নাই নহয় পিছে দৰ্জাখন
মায়েও দিছে গালি মুঠতে চাৰিওফালে টেনচন
তেনেকৈ পেলাই পঢ়া টেবুললৈ কৰিলো গমন
আহক আকৌ টিভি চাবলৈ পিতাইৰ বন্ধু এজন
চাবি খুলিব গৈ পিতাইৰ খং উঠিল ভীষন
টিভি ভাঙি গুৰা কৰিম বুলি কৰিলে তৰ্জন গৰ্জন
ভয়তে মই সৰু পানী কৰিলো বিসৰ্জন
ভৰি হালত ধৰি গালো অপৰাধ বিনাশন
বাঘ ঢকা, কানতলীয়া আৰু পৰিল পিতন
মহাভাৰতৰ ভাওনা ঘৰতে হ'ল পিতাই ভীম মই দুশাসন
চিত্ৰহাৰ, চিনেমা চোৱা কৰিলো বৰ্জন
পঢ়া শুনাত দিলো মন
দেওবাৰে এঘন্টাৰ বাবে পালো টিভি চোৱাৰ অনুমোদন
ধৰি ল'লো তাকে সৌভাগ্য বুলি কপালত সেইকন
নাছিল তেতিয়া আজিৰ দৰে এসোপা বিজ্ঞাপন
একেলগে বহি সকলোৱে চাব পৰা আছিল পৰিবেশন
ৰিম'টো নাছিল, দিব লগিয়াও নহৈছিল মাহেকীয়া ধন
এতিয়া মাথোন সোঁৱৰণ
তাহানিৰ আমাৰ দিনৰ সেই টেলিভিচন ........

No comments:

Post a Comment