কেইদিনমান আগৰ কথা৷ ঘৰৰ সকলো সম্বন্ধীয় এজনৰ বিয়াত গ’ল৷ মোৰ পিচদিনা জৰুৰি এক কাম থকা বাবে যোৱা নহ’ল৷ ঘৰত কেৱল কাঞ্চা আৰু মই৷ কাঞ্চা আমাৰ ঘৰতে সৰুৰে পৰা ডাঙৰ হোৱা৷ বয়সত মোতকৈ দহ বছৰ মান ডাঙৰ৷ সন্ধিয়াতে সি ভাত পানী ৰান্ধি ৰেডি৷ কাৰণটো? শ্ৰীমতী আজি ঘৰত নাই বুলি কওঁতেই অনুমান কৰিছেই চাগৈ৷ গতিকে পলম নকৰি ৰঙাকৈ ভজা মূৰ্গীৰ ঠেং আগত সজাই লৈ বিলাটি চিচাৰ মাজুজনক আগত লৈ পকাতে বহি ল’লো৷
এই স্বাধীনতা বছৰত কাৎচিৎ হে আহে৷ গতিকে স্বাধীনতাৰ সম্পূৰ্ণ সুযোগ সোৱাদ লোৱাত ব্যস্ত হৈ পৰিলো৷ এনেই হ’লে এই সময়ত “চিৰিয়েল কিলাৰ“ শ্ৰীমতীৰ হাতৰ পৰা ৰিম’ট টো আনিবই নোৱাৰো, গতিকে টিভিটো লগাই হেঁপাহ পলুৱাই ৰিম’টটোকে খঙতে টিপি টিপি সোপাকে চেনেল এফালৰ পৰা পকাই গ’লো৷
লগে ৰহৌ মুন্না ভাই চিনেমাত সঞ্জয় দত্তক বোলো লগে ৰহৌ বুলি কৈ নিজেও কুটুক কুটুক কৈ দি গ’লো৷ কিমান গ’ল নাজানো, চিনেমাও শেষ হ’ল আৰু ইফালে কাঞ্চাইও নিচা আৰু নিদ্ৰাদেৱীৰ আশিৰ্বাদত মাটিতে লাং খাই ধলি পৰিল৷ মই বোলো আকৌ বা কেতিয়ালৈ এই সুযোগ পাও গতিকে তলিলৈকে উদং কৰি মাটিতে পাটিখন পাৰি তাৰ কাষতে বাগৰি দিলো৷ কেতিয়া টোপনি আহিল ধৰিব নোৱাৰিলো৷
পিছে কোনোবাই বাহুত ধৰি জোকাৰি দিয়া যেন অনুভৱ হ’ল৷ জোৰ কৈ চকু দুটা মেলি দেখো মোৰ ককা মহেন্দ্ৰ নাথ শইকীয়া ওৰফে বাপুকন, গান্ধী বাদী নেতা, সম্পুৰ্ন গান্ধীৰ বেশভুষাত৷ টিভি থকা ৰূমৰ বেৰত ফুলৰ মালা দি আঁৰি থোৱা এবাৰ ককাৰ ফটোখন আৰু এবাৰ কাষতে বহি থকা ককাক দেখি অলপ ভয় খালো যদিও গিয়েৰত থকা বাবে কনফিডেঞ্চ তুংগত আছিল৷ এই সময়ত ভূত কি বনৰ ৰজা বাঘ আহিলেও কেয়াৰ নকৰো৷ মই মনতে বোলো অলপ আগতে লগে ৰহৌ মুন্না ভাই চাইছো তাৰে ইফেক্ত নহয়টো?
মই মাত দিলো বোলো আপুনি মোক কিন্তু মুন্না ভাই বুলি নাভাবিব৷ মোৰ কোনো কেমিকেল লৌচা হোৱা নাই৷ চিধা চিধি কওঁক আপুনি কোন? কাৰণ মোৰ ককা মৰি ভূত হোৱা বহুত বছৰ হল৷ সকলো বুঢ়াই মোৰ ককা নহয় আৰু চুলি খুড়ালেই গান্ধী নহয়৷ চুলি আজি কালি ফেশ্চনতো খুড়াই আৰু প্ৰতিবাদ কৰিবলৈও৷
ককাই মোচৰ তলত অলপ হাঁহি ক’লে “বোপা বিলাটি নিচাত নিজৰ দেশ আৰু জাতিকটো পাহৰিলিয়েই, নিজৰ ককাৰকো পাহৰিলি৷ “
মই বোলো ককা আজি শ্ৰীমতী আই মিন আপোনাৰ নাতী বোৱাৰিও ঘৰত নাই সেয়ে অলপ স্বাধীনতাৰ সুযোগ ল’লো৷ ককাই আৰম্ভ কৰিলো বোলে আমি ভাবিছিলো দেশ স্বাধীন হ’ব, ৰামৰাজ্য হ’ব৷ বিলাটি বস্তু দেশৰ জনতাই ত্যাগ কৰিব, সুৰা নিষিদ্ধ হ’ব কিন্তু তহঁতে দেখোন স্বাধীনতাৰ সংজ্ঞাই সলনি কৰি দিলি৷
মই বোলো ককা, অযোধ্যাও আছে আৰু ৰাম নহলেও হাততে ঢুকি পোৱাকৈ সকলোতে ৰম আছেই ৷ আৰু ৰামৰাজ্যও চলি আছে ককা, দেশত দেখোন আশাৰাম, ৰামৰহিম সকলোতে দেখোন ৰামৰেই ৰাজত্ব৷ ৰাম নহলেও ৰম চৰকাৰে ১০০ মিটাৰ দুৰত্বত বিক্ৰী কৰিব দিছে৷ সুৰাই এক মাত্ৰ ঈশ্বৰ প্ৰাপ্তিৰ পথ নহয় বুলি বেনাৰ মাৰিছে, কাকতত ডাঙৰ ডাঙৰ হৰফেৰে বিজ্ঞাপন দিছে৷ তাৰ অৰ্থই হ’ল ৰাম নাম বাদ দি ৰম নাম ভজা৷ ৰমো ঈশ্বৰ প্ৰাপ্তিৰ পথ৷
ককাই বোলে তহঁতে প্ৰতিবাদ নকৰ কিয়? এনেই দেখোন হকে বিহকে প্ৰতিবাদ কৰ তহত অসমীয়া কেইটাই৷ গান্ধীৰ দৰে অহিংসা আন্দোলন কৰ৷
মই আৰম্ভ কৰিলো, বোলো ককা, গান্ধী এতিয়া ক'লা টকা হিচাপে বিদেশৰ কোনোবা বেংকৰ কুঠৰিত বন্ধ৷ দেশৰ বহুতো জনতাই গান্ধী দিৱস মানে বন্ধৰ দিন আৰু ড্ৰাই ডে বুলিহে জানে৷ আজি কালি তেওঁক “ জানতে ত' চব হে পৰ মানতে কিতনে হে? “ জাতিৰ পিতা নামাকৰনত প্ৰশ্নবোধক চিহ্ন লগাটো দুৰৈৰে কথা বহুতে তেওঁক ধূৰ্ত বেপাৰীয়েই আখ্যা দি পেলালে৷ বাৰু ৰাজনৈতিক ইচ্ছ্যু বাদ দিলো৷ ড্ৰাই ডে? মিছা কথা৷ আনদিনা কেৱল সুৰাৰ দোকানত সুৰা পোৱা যায় পিছে ড্ৰাই ডে’ত সকলোতে পায়, আনকি গেলামালৰ দোকানতো৷
ককাই বোলে তহত দেশৰ নতুন প্ৰজন্মই কেৱল দিনৰ দিনটো ফেচবুকত ষ্টেটাচ দি থাক৷ দেশ কি উন্নতি হ'ব৷ গনতন্ত্ৰ দিৱস হ’ওক, ফেচবুকত৷ গান্ধী দিৱস, হওক সকলো ফেচবুকত৷
মই বোলো ৰ'ব ককা আপোনাৰ কথাখিনি ফেচবুকত ষ্টেটাচ এটা দিয়েই দিও৷ আমি প্ৰতিবাদ, ধৰ্ণা, বিতৰ্ক, আলোচনা, সমালোচনা যি কৰো সকলো ফেচবুকতেই কৰো৷
কবলৈ হে পালো ককাই অহিংসা ত্যাগ কৰি দিলে প্ৰকাণ্ড গোৰ এটা মাৰি৷ খক মক কে উঠি দেখো ককা গায়ব, কাঞ্চাৰ লুঙি মুৰৰ ওপৰত, মই তাৰ ভৰি পথানত৷ হে ৰম....তাৰ মানে ৰাম ৰম চিনেমা চব মিলি মোৰ মুৰত কেমিকেল লৌঔচা হ'ল , ,
No comments:
Post a Comment