পূজা গ'ল, নিৰ্মালীও গ'ল, লক্ষ্মীও আহি গুছি গ'ল৷ দীপান্বিতা আহিব আহিব বুলি ঘৰৰ আগফালে "এই বাটেৰে লক্ষ্মী আহিব" বুলি ষ্টেটাছ দিয়া নৱকৃষ্ণই মানে কৃষ্ণৰ নতুন সংস্কৰনজনে আজিও সন্ধীয়া লৈকে কোনো নাহিলেও দীপান্বিতা আহিব বুলি নঙলা খুলি ফেচবুকত ষ্টেটাছ দি ৰৈ আছিল৷ পিছে কোনো এজনীটো নাহিলেই বৰঞ্চ মহন্তৰ ঘৰৰ পৰা অহা ননষ্টপ ফটকাৰ শব্দ শুনি শুনি কান ঘোলা হোৱাত খঙে চুলিৰ আগ পোৱাত বেছেৰা গুজৰি গুমৰি ৰঙা পৰিল৷ পিছে কিবা ক'বলৈকো ভয়৷ মহন্তৰ যিখন হে মুখ, সমগ্ৰ বিয়নী জাতিটোৱেই পাট্টা নাপায়, তাতে যোৰহাটৰ প্ৰীতি মেলৰ ভোজৰো কথা আছে, গতিকে কিবা কম বুলিও ক'ব নোৱাৰে৷ তথাপি চিকটা মহন্তই ইমান ফটকা ফুটুৱা দেখি লটাৰি জাতীয় কিবা লাগিল নেকি বুলি চাবলৈ লুঙীখন কোচাই খোজ দিলে৷ ঘৰ পাই গৈ দেখে বাহিৰত শুকাই খীনাই লেৰেলা চেপেটা লগা হাঁহ চাৰিটামানক মহন্তই পতান খুৱাই আছে৷ ঘৰৰ বাৰাণ্ডাত চাৰিটামান চাউণ্ড বক্স৷ মহন্তনীয়ে ৰেকৰ্ডিং কৰি থোৱা ফটকাৰ শব্দ ৰিউৱাইণ্ড কৰি বজাই আছ
নৱকৃষ্ণই বোলে মহন্ত, মানুহ ইমান কৰাইছ হ'ব নাপাই৷
মহন্তই বোলে আমি পৰিবেশ সচেতন নাগৰিক, ফটকা ফুটাই পৰিবেশ প্ৰদুষণ নকৰো৷
কিন্তু ইমান ডাঙৰকৈ বজাইছে শব্দ প্ৰদুষণ হোৱা নাই জানো?
মহন্তই বোলে নাই হোৱা দেখা নাই মই কাণত কপাহ ভৰাই থৈছো৷
নৱকৃষ্ণই বোলে এই হাঁহ কেইটাক কাজু খোৱাইছে বুলি ফটাঢোল কোবাইছিল দেখোন, পিছে পতান খুৱাই আছে যে?
মহন্তই বোলে চোৱা নৱকৃষ্ণ, সন্ধীয়া মই ধান পতান যি খাব দিও সেইটো মোৰ কথা কিন্তু দিনত মই হাঁহ কেইটাৰ ডিঙিত আধলী এটা বান্ধি পঠিয়াই দিও৷ সিহঁতৰ নিজে যি মন যায় তাকে কিনি খাই৷ তোমাৰ নিচিনা প্ৰেমিকাই দিয়া প্ৰেম পত্ৰ বিক্ৰী কৰি যোৰহাট মিটলৈ বুলি নতুন চোলা কিনা মানুহ মই নহয়৷
নৱকৃষ্ণই বোলে মহন্ত, মইও কলি কালৰ কৃষ্ণ নাম নৱকৃষ্ণ, ৰাস আহি আছে , আগতে ৰাসত ৰাধা বহুত ওলালো পিছে ফেচবুকৰ কচম এইবাৰ যদি কৃষ্ণ ওলাই তোমাৰ খুৰখালী ৰুক্মীনীক যদি ৰাসৰ দিনা হৰণ কৰিব নোৱাৰো মোৰ নাম সলাই দিবা৷
মহন্তই জানো কি ভাবিলে ৷ বাহিৰলৈ চাহ দিব অহা সৰু জনী খুৰখালীক বোলে মানুহ এটা আহিলেই তই চাহ লৈ ওলায় আহ যে? যা ই চাহ নাখায় সন্ধীয়া হলেই গড়মাৰ্কা খাই ৷ যা ভিতৰলৈ৷
নৱকৃষ্ণই আঙুলীৰে আদা বনাই গুছি আহিল৷ এতিয়া ৰাসলৈ অপেক্ষা৷ মহন্তৰ খুৰখালী হৰণ পৰ্ব চাবলৈ বাট চোৱাহে কথা ৷
বাকী সকলোলৈকে হেপ্পী ফটিকা......চৰি হেপ্পী ফটকাৎসৱ
No comments:
Post a Comment