Wednesday 25 October 2017

ফেচবুকাইটিছ


ফেচবুকাইটিছ নামৰ ৰোগ বিধে বৰ্তমান সমাজত বিশেষকৈ অসমত এক ভয়ংকৰ উপসৰ্গ হিচাপে দেখা দিছে৷ বাঘা বাঘা পণ্ডিত সকলে বিভিন্ন পৰীক্ষা নিৰিক্ষা কৰি এই ৰোগৰ কাৰন, লক্ষন তথা নিৰাময় বিষয়ে বহুতো ৰিচাৰ্চ পেপাৰ ইতিমধ্যে নাম গুন নুশুনা আলোচনী কিছুমানত প্ৰকাশ কৰিছে৷ আমাৰ অসমৰো অখ্যাত ফেচবুক বিশেষজ্ঞ শ্ৰী যুত পেলেকচন বৰিয়ে অসমৰ ভালেকেইজন ফেচবুকাইটিচ ৰোগীক গিনিপিগ হিচাপে ব্যৱহাৰ কৰি পৰীক্ষা নিৰিক্ষা চলাই পোৱা তথ্যৰ ভিত্তিত তলত দিয়া সিদ্ধান্ত সমূহত উপনিত হৈছে ৷
ফেচবুকাইটিছ::
ফেচবুকাইটিছ হ'ল এবিধ এনে ৰোগ যিয়ে আন্তঃজালৰ (ইন্টাৰনেট) দ্বাৰা মেৰিয়াই ফেচবুক নামৰ ভাইৰাচৰ দ্বাৰা আক্ৰান্ত কৰি ক্ৰমান্বয়ে আপোনাক জৈবিক সমাজৰ পৰা এখন অদৃশ্য জগতলৈ লৈ যাব৷ যিখন জগতৰ মোহগ্ৰস্থ হৈ আপুনি জীৱজগতত থাকিও কাল্পনীক অশৰীৰী জগতৰ এজন হিচাপে নিজকে পৰিচয় দিয়া আৰম্ভ কৰিব৷
ৰোগৰ সংক্ৰমন:
এই ৰোগ সাধাৰনতে এণ্ড্ৰইড জাতীয় ম'বাইল ব্যৱহাৰ কৰা ব্যক্তিৰ ক্ষেত্ৰত হে বেছিকৈ দেখা পোৱা যায়৷ আন্তঃজালত উপলব্ধ ফেচবুক নামৰ এপচ বিধ ডাউনলড কৰা মাত্ৰকে এইবিধ ভাইৰাচ আপোনাৰ মগজুত প্ৰবেশ কৰে আৰু হাতৰ বুঢ়া আঙুলী, মন তথা চকুক প্ৰথমতে আক্ৰান্ত কৰে আৰু ক্ৰমান্বয়ে আপোনাৰ জীৱনৰ বহুমুলীয়া সময়বোৰ কুটি কুটি খোৱা আৰম্ভ কৰে৷
ৰোগীৰ চিনাক্তকৰন::
যি সকল ব্যক্তিৰ ফেচবুক নামৰ এপচ বিধৰ চাট বস্কৰ সেউজীয়া লাইট টো কাহানীও ফিউজ নহয় তথা নিজৰ ষ্টেটাচ ৰক্ষাৰ বাবে অনবৰতে শাকে পাতে গোবৰে জাবৰে ফটোৰ ষ্টেটাচ পষ্ট কৰি থকা দেখা যায়, সেইসকল ব্যক্তি এইৰোগত আক্ৰান্ত হৈছে বুলি অনুমান কৰিব পৰা যায়৷
ৰোগ নিৰ্ণয়ৰ পৰীক্ষা সমুহ::
১, আন্তঃজাল বা ইন্টাৰনেট সেৱা ব্যাহত কৰি৷
২, মবাইল চাৰ্জ কৰিবলৈ বিজুলী সৰবৰাহ বন্ধ কৰি৷
৩, ৰোগীৰ পষ্টত লাইক কমেন্ট বন্ধ কৰি দি৷
৪, ম'বাইল হাতৰ পৰা কাঢ়ি ৰাখি৷
উপৰুক্ত কাৰ্য সমূহ কৰিলে যদি "উইদ্ৰয়েল চিমপ্তমচ"ৰ দৰে অৰ্থাৎ এলকহলিক এজন ব্যক্তিক যদি সুৰা পান কৰিবলৈ হঠাৎ বন্ধ কৰি দিয়া হয় তেওঁ যি দৰে চটফটাই থাকিব, সেইদৰে ফেচবুকাইটিচ ৰোগী জনেও চটফটাবলৈ আৰম্ভ কৰিলে ব্যক্তিজন সেই ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱা যায়৷
ৰোগৰ লক্ষন::
এই ৰোগৰ বহুতো লক্ষন আছে যি বৰ্তমানেও চিন্তা চৰ্চাৰ বিষয় হৈ আছে, তথাপি কেইটামান লক্ষন বৰ্তমান প্ৰকাশ কৰা হ'ল৷
১, ব্যস্ততাৰ মাজতো অনবৰতে মোবাইল স্ক্ৰীনত ফেচবুক নটিফিকেচন লক্ষ্য কৰি থকা৷
২, ম'বাইল টাৱাৰ নোহোৱা ঠাইলৈ যাবলৈ অমান্তি হোৱা৷
৩, ৰন্ধন প্ৰকৰণত মনোনিবেশ নকৰা৷ চেনীৰ ঠাইত নিমখ আৰু নিমখৰ ঠাইত চেনী দিয়া তথা ব্যক্তি জনক আহাৰ গ্ৰহন কৰিবলৈ বহুবাৰ মাতিব লগিয়া হোৱা৷
৪, ড্ৰাইভিংৰত অৱস্থাতো ফেচবুকৰ নটিফিকেশ্বনৰ শব্দ শুনি গাড়ী চাইডলৈ নি ৰখাই দি ম'বাইল চোৱা৷
৫, পষ্টত ষ্টেটাচৰ লাইক কমেন্টৰ সংখ্যা মনত ৰখা তথা সঘনাই প্ৰফাইল ফটো সলনি কৰা৷
৬, বহু দিনৰ পিছত লগ হৈও দুজন ব্যক্তিয়ে কথোপকঠনতকৈ ম'বাইলত অধিক গুৰুত্ব দিয়া৷
৭, জীৱিত মানুহৰ লগত কথা বতৰা কমাই দিয়া৷
৮, নিজকে চেলিব্ৰেটি হিচাপে গন্য কৰা৷
৯, "মই ফেচবুক এৰিম" বুলি মাহেকে পষেকে দুই তিনিবাৰ ষ্টেটাচ লিখি সহানুভুতি তথা ৰিয়েকচন পৰীক্ষা কৰি পুনৰ ফেচবুকত সক্ৰীয় হোৱা৷
১০, মূৰৰ শিতানত ম'বাইল ৰখা তথা নিশা সাৰ পালেও ফেচবুকৰ নটিফিকেচন পঢ়ি চোৱা৷
ৰোগৰ নিৰাময়::
এই ৰোগ নিৰাময় কৰাতো যথেষ্ট কষ্টকৰ যদিও অসাধ্য নহয়৷ ৰোগীৰ মানসীক অৱস্থা তথা ধৈৰ্য্যৰ ওপৰত ই বহুগুনে নিৰ্ভৰ কৰে৷ তথাপি ম'বাইলৰ ইন্টাৰনেট সেৱা প্ৰথমে 4জি, 3জিৰ পৰা ইন্টাৰনেট স্পীড কমাই 2জি কৰি ল'ব পাৰে৷ কিয়নো তেতিয়া পষ্ট এটা খোল খাওতে বা ফটো আপল'ড কৰোতে যথেষ্ট সময় ল'ব যাৰ বাবে ফেচবুকৰ প্ৰতি ক্ৰমান্বয়ে বিৰাগ জন্মিব আৰু লাহে লাহে এই ভাইৰাচবিধৰ আক্ৰমনৰ পৰা নিজকে ৰক্ষা কৰিব পৰিব৷ ইয়াৰ উপৰিও যিমান পৰা যায় জীৱিত ব্যক্তিৰ লগত কথাবতৰা আহ যাহ কৰা আৰম্ভ কৰি আৰু ম'বাইল পৰাপক্ষত নিজৰ পৰা নিলগত ৰাখি ক্ৰমান্বয়ে এই ভাইৰাচবিধৰ আক্ৰমনৰ পৰা নিজকে ৰক্ষা কৰিব পৰা যায়৷
বি দ্ৰ::
উপৰুক্ত লেখাৰ দ্বাৰা ফেচবুকাইটিছ ৰোগৰ চিনাক্তকৰন তথা উপশম কৰি যদি কোনোৱে সুফল পাই পেলেক চন বৰিৰ নম্বৰত 4জি ৰিচাৰ্জ এটা কৰি দিবলৈ নাপাহৰিব৷ কিয়নো বৰ্তমান তেওঁৱো এই ৰোগতে আক্ৰান্ত৷

No comments:

Post a Comment