Wednesday, 25 October 2017

ঔম জপ


আজি পূৱা কলেজলৈ বাছতে আহিলোঁ৷ সাধাৰনতে ভাল চিট পালে সোনকালে উথিব লগিয়া হোৱা বাবে পূৱা বিচনাত এৰি অহা টোপনীকন মাৰি লওঁ৷ আজি গান শুনিবলৈ হেডফোন ডালো অনা নহ'ল৷ চকু দুটা জপাই টোপনীয়াবলৈ চেষ্টা কৰিলোঁ৷ মোৰ কাষৰ চিটত বৰাদা ৷ তেওঁ বোকাখাতৰ এটা বেংকত কাম কৰে৷ ঘৰ তেজপুৰতে৷ আমি প্ৰায় একেলগে অহাযোৱা কৰা বাবে চিনাকী হৈ পৰিছো৷ দাদাইও কথা কম কয়৷
মই টোপনীয়াব চেষ্টা কৰিলোঁ৷ কিন্তু আমাৰ পিছৰ চিটৰ পৰা ভাঁহি অহা এগৰাকী মহিলাৰ কথাই মোক গায়ক শংকৰ মহাদেৱনৰ "ব্ৰেথলেচ" গীতটোলৈ মনত পেলাই দিলে৷ কথা বুলি কলে আচলতে ভুল হ'ব, সঁচা কবলৈ কোনোবা দৰ্জীয়ে চিলাই মেছিনত কিবা চিলাই থকা যেন হে অনুভৱ হ'ল৷ মোৰ টোপনী পলাই পত্ৰং দিলে৷ অনিচ্ছা স্বত্বেও মহিলা গৰাকীৰ কথা মোৰ কৰ্ণপতহত খুন্দিয়াবলৈ ধৰিলে৷ মনতে ভাবিলো, চকু মুদিলে একো নেদেখাৰ দৰে ঈশ্বৰে কাণখনক তেনে এক ব্যৱস্থা নিদি বৰ ডাঙৰ টেকনিকেল ভুল কৰিলে৷
উপায় বিহিন ভাবে মই শুনিবলৈ বাধ্য হোৱা মহিলা গৰাকীৰ কথাৰ মুল বিষয় সমুহ, পাকঘৰ, পাৰ্লাৰ তথা দেহাৰ যতনৰ উপযোগীতা, দেওৰেকৰ শহুৰৰ ঘৰৰ ভিতৰুৱা কথা, তেখেতৰ বিয়াৰ ইতিবৃত্ত, হস্পিতাল ডক্টৰ সমুহৰ কাণ্ডকাৰখানাৰ নিৰ্মোহ বিশ্লেষণ, বিভিন্ন প্ৰকাৰৰ কাপোৰৰ ডিজাইন সম্বন্ধে তেখেতৰ জ্ঞানৰ চমু পৰিচয়, সন্তানৰ গুনানুকীৰ্তন, স্বামীদেৱতাক তেখেতে বিভিন্ন বিষয়ত কৰা জ্ঞান দৰ্শন, ঘৰুৱা কামৰ পাৰদৰ্শিতাৰ থুলমুল বিবৰন তথা কাষৰ চিটৰ মহিলা গৰাকীলৈ বিভিন্ন প্ৰকাৰৰ বনামূলীয়া দিহা, ইত্যাদি ইত্যাদি৷
তেজপুৰৰ পৰা বোকাখাতলৈ বুলি গাড়ীৰ চকাৰ লগত সমান দ্ৰুতিত চলি অহা তেখেতৰ কথা কোনো স্পিড ব্ৰেকাৰতো থমকি নৰ'ল যি মোৰ বাবে ব্লু হোৱেল গেমৰ এটা টাস্ক যেনেই লাগিছিল৷ মাজতে বৰাদাৰ সৰু মন্তব্য "বেংকৰ ন'ট কাউন্টিং মেছিনতকৈও ফাষ্ট হে শইকীয়া"৷ মই লাহেকৈ বৰাদাক ক'লো "দাদা কথা কোৱা গৰাকীত কৈ কথা ক'বলৈকে সুবিধা নোপোৱা কাষৰ গৰাকীলৈ মন কৰক"৷ দাদাই মোৰ ফালে চালে৷ মই বোলো "প্ৰতিটো কথাত তেওঁ সহাৰি দিবলৈ যিমান বাৰ ওম জপ কৰিলে, মেডিটেচন কৰা হয় সমাধী ল'ব পাৰিলে হয়......

No comments:

Post a Comment