Tuesday 6 March 2018

আকৌ কুৰুক্ষেত্ৰ খণ্ড ৭


সন্ধিয়া লগাৰ লগে লগে স্কুলৰ মুকলি অডিটৰিয়ামত ইতিমধ্যে দুই এজনকৈ আহি পাৰি থোৱা তিৰ্পালত বহিছিল হে৷ কাওবয় কেপ , বাৰ্মুডা পেন্ট আৰু কলা টিচাৰ্ট পৰিহিত ডাইৰেক্টৰ ভাস্কৰ দাস আহি গপাগপ কাঠৰ চকীখনত বহি দিলেহি ৷ সকলোৰে লক্ষ ভাস্কৰৰ হাতত থকা কাগজখনলৈ৷ মনত উচপিচ ডাইৰেক্টৰ মহাজনে কাক বা কি ৰ'ল দিয়ে৷ সকলোৱে ভাস্কৰ বহি থকা চকীৰ চাৰিওফালে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টচিট চাবলৈ অহা ছাত্ৰ ছাত্ৰীৰ দৰে জুম বান্ধি ধৰিলেহি৷ ভাস্কৰে বোলে এতিয়ালৈ কাকো ৰ'ল দিয়া নাই৷ মই দুদিনমান সকলোকে নিৰিক্ষন কৰি লৈহে ৰ'ল ভাগ বতৰা কৰিম৷ আপোনালোক নিজৰ নিজৰ ঠাইত বহকগৈছোন৷
এনেতে ভাস্কৰৰ একেবাৰে কাষতে ঠিয় হৈ থকা উত্তৰা শৰ্মাই হাতৰ টিপতে তামোল এখন ভাস্কৰক দি বোলে মোৰ ননদজনীয়ে তোমাৰ কথা কৈয়েই থাকে নহয়৷
ভাস্কৰে ইফালে সিফালে ঘৈনীযেক ওচৰত আছে নেকি চাই হাঁহি এটা মাৰি বোলে কি কয় বৌ?
উত্তৰাঃ- ই তোমাৰ কথা আমাৰ ঘৰত টিভিটো খুলিলেই ওলায় বোলে ভাস্কৰদাৰ ভিচিডিবোৰ চাই ইমান ভাল লাগে৷ ভাস্কৰদাই চিনেমা বনোৱা হয় খাটাং অস্কাৰ পালে হয়৷
ভাস্কৰে মুখত থকা তামোলৰ পিকখিনি সাউতকৈ গিলি বোলে আপুনি নাটকত পাৰ্ট ল'বলৈ নাম দিছেনে? উত্তৰা শৰ্মাই বোলে দিছো দিছো, স্কুলত থাকোতে যে কিমান নাটক কৰিলো৷ তোমাৰ ভিনদেউক সেই নাটক কৰোতেহে লগ পোৱা৷ ডায়লগ এটা কৈ অলপ দেখাও চাবা নেকি? ভাস্কৰে বোলে এতিয়াই নালাগে, মই কাষ্টিংখিনি মানুহবোৰ চাই মেলি কৰি লও৷
এনেতে জেউৰা খৰি এডাল হাতত লৈ "ঐৰে পাপিষ্ঠ" বুলি চিঞৰি চিঞৰি হিমাংশু ভাগৱতি ভাস্কৰৰ ফালে চোঁচা মাৰি আহিল৷
ভাস্কৰে উত্তৰা শৰ্মাৰ গিৰিয়েক আহিছে বুলি একে জাপে বহি থকা চকীৰ ওপৰত জাপ মাৰি উঠিল৷
জেউৰাদালৰে মাটিত দুকোব মাৰি পুনৰ কান্ধত গদাৰ দৰে লৈ এখোজ আগুৱাই দুখোজ পিচুৱাই খঙত দাঁত মুখ কৰচি কঁপি কঁপি ভাস্কৰলৈ আঙুলী টোৱাই হিমাংশুৱে বোলে
ঐৰে পাপিষ্ঠ...নৰাধম ভীম দুষ্ট দুৰাচাৰ
যদি পাৰ ৰক্ষা কৰহ তুহো হামাৰ গদাৰ প্ৰহাৰ৷৷
আজি যুদ্ধে তোহাৰ নাহিকে নিষ্টাৰ৷
তোহাক মাৰিয়া আজি হামু কৰিব সৎকাৰ
.......হু ...হু ....হাঃ ....হাঃ.... হাঃ... হাঃ.... হাঃ
...কেনাই ?
ভাস্কৰে বোলে বঢ়িয়া, ফাটাফাটি এক্সেলেন্ট পিছে এনে চোঁচা মাৰি আহিলে মানুহ গদাৰ কোৱত নমৰিলেও হাৰ্টফেইল হৈ জৰুৰ মৰিব৷
হিমাংশুৱে বোলে " নাটক কৰলি, নাটক কৰা হেন কৰবা নাল্গে৷ কেৰেক্টাৰত সুমে গেলি এক্টিং নিজে ওলেই৷
ভাস্কৰে বোলে বুজিলো তোমাক যুদ্ধৰ ভাও দিব নোৱাৰি নহ'লে কেৰেক্টাৰত সুমে গেলি ভাওৱৰীয়া হস্পিতাল পাবগৈ৷
এনেতে হাফ পেন্ট গেন্জী পিন্ধি থকা কংকন বৰাই মুৰত গামোচাখন বান্ধি দাঁত মুখ কৰচি হিমাংশুক ঠেলা এটা মাৰি ককালত হাত থৈ বোলে.....
" ঐৰে নৰাধম জ্ঞাতি শত্ৰু দুশাঃসন
হামাৰ গদাৰ প্ৰহাৰে তোম্হাক কৰিবো দমন
তোহাৰ ৰক্তে কৰিব পাঞ্চালীৰ কেশ স্নান
আঠু লৈয়া ভিক্ষা কৰহ যদি লাগে প্ৰাণ দান৷৷
ভাস্কৰে বোলে কুল ডাউন গদাধাৰী ভীম কুল ডাউন৷
ইমান ফোঁপাইচা, পানী এগিলাচ খাই লোৱা৷ হেৰৌ ভীমৰ ভাও তুমি নালাগে, গদাৰ ওজন আছে৷ তাতে গদা ঘুৰাই কেৰেক কৈ হাতদুটা ভাঙি নলবা৷
কাকতি দা দৌৰাদৌৰিকৈ আহি ভাস্কৰক বোলে ভাত কেইটা বহাই মেলি আহোতে অলপ পলম হ'ল হে৷ ৰিহাচেল আৰম্ভ কৰিলাই নেকি? ভাস্কৰে বোলে নাই কৰা দাদা৷ কিবা এটা নিয়ম কৰি মেলি নাটখন ধৰিলে ভাল আছিল৷ এনেতে সোনটোৱে বোলে শইকীয়া মাষ্টৰে নামঘৰতে শৰাই এভাগ আগবঢ়োৱা কথা কৈ আছিল৷
বিজয়ঃ- ঠিকে আছে কালিলৈ সন্ধিয়া নাট মেলাৰ প্ৰসাদ এমুঠি দি ৰিহাচেল ষ্টাৰ্ট কৰো নে কি কয় ৰাইজে?
সমবেত সকলোৱে হয় ভৰি দি বোলে তাকে কৰা হওঁক৷
ভাস্কৰে বোলে কালিলৈ প্ৰসাদ মুঠি লৈ নামঘৰৰ পৰা সকলো ইয়ালৈকে আহিব৷ কালিৰ পৰা "আকৌ কুৰুক্ষেত্ৰ" নাটকৰ ৰিহাচেল চুৰু৷ প্ৰথমতে মই সকলোকে ৰ'ল বোৰ নিদিও৷ এটা বা দুটা দৃশ্যহে এদিনত শিকাম আৰু সেইদিনাই পিছৰ দিনা কাৰ কি ৰ'লৰ ৰিৰাচেল হ'ব জনাম আৰু ডায়লগ সমূহ দিম৷ গতিকে কোনো নহাকৈ নাথাকিব৷ যি নাহিব, ৰ'ল কিন্তু নাপাই কৈ দিছো৷
এনেতে চাওখোন শিৱ ডেকাই বোলে অন্তত কালিলৈ প্ৰথম ৰিহাচেল কাৰ কাৰ হ'ব কৈ দিয়ক আজিয়েই৷
ভাস্কৰে নাটখন লুটিয়াই বোলে কালিলৈ কৃষ্ণ আৰু সত্যভামা আৰু সত্ৰাজিতৰেই আৰম্ভ কৰো৷ কথা হ'ল কৃষ্ণৰ ভাওটো মোৰ মতে ৰিন্টুমনি দত্তক দিয়া হওঁক৷ সত্যভামা পল্লৱী কলিতা, ৰুক্মিনী মন্দিৰা শৰ্মা , আৰু সত্ৰাজিৎৰ বাবে মই অভিজিত কলিতাক চিলেক্ট কৰিছো৷ কাৰোবাৰ কিবা আপত্তি আছে নেকি?
কোনেও আপত্তি নকৰিলে যদিও, বেৰত আউজি চাধা মলি থকা আদিত্য জ্যোতি বৰঠাকুৰ, শংকৰ বৰা, প্ৰাঞ্জল গগৈ, জ্যোতি মনি বৰা আদিয়ে বোলে গম পালা? সৱ ফিটিং হৈ আছে কাক কি ৰ'ল দিব৷ এইবোৰ আমাৰ আগত দেখুৱাইহে নাটক কৰি আছে৷ সঞ্জীৱ কুমাৰ ভট্টাচাৰ্যই বোলে নাটকখনত ৰ'ল কেইটা আছে তাকেই গম নাপাও নহয়৷
দেৱজিত শৰ্মাই বোলে ৰ'ল যদি নাপাও নৱকৃষ্ণৰ ঘৰত ভাড়ালৈ দিয়া যি ড্ৰেচেই পাও পিন্ধি ষ্টেজত ওলায় যাম নহয়৷ তাৰ পিছত চাম ডাইৰেক্টৰে কেনেকৈ মিলাই৷ ধ্ৰুৱজ্যোতি অৰ্জুনে বোলে মই ধনুকাড় বনায়ে থৈছো৷ একো নাপালে যুদ্ধ লাগি থাকোতেই ধনু কাড় লৈ আহি ষ্টেজত যুদ্ধ কৰি থাকিম বাপ্পেকে৷
এনেতে একান্ত মনে নাটখন পঢ়ি থকা কাকতি দাই মাজতে বোলে ৰাইজ সন্ধিয়া ৰিহাচেলত কিন্তু কালিৰে পৰা লালচাহ বিস্কুটৰ যোগাৰ কৰিব লাগিব৷ যি সকলে ভাও পাইছে বা পাব সকলোৱে ৰাইজক এদিন এদিন চাহ বিস্কুট খোৱাব লাগিব৷
এনেতে লখিমী হাজৰিকাই হাতত কেটলি এটা লৈ স্টেজ পাইহি, পিছে পিছে পুৰৱী, পাৰবিন আৰু কংকনা বাইদেউ৷ সোনটোৱে ট্ৰে এখনত মেৰিগল্ড বিস্কুটৰ পেকেট কেইটা ফালি দি জোনমনি বৰুৱাক বিলাবলৈ দিবলৈ আগবঢ়াই দিয়ে৷
লখিমী হাজৰিকাই ডাইৰেক্টৰ ভাস্কৰৰ হাতত চাহ বাকী থাকোতে চকুলৈ চাই বোলে চাহ এনেই খুৱোৱা নাই ৰ'ল এটা দিব৷ ভাস্কৰে বোলে ৰাধে ৰাধে......লখিমীয়ে হাঁহি এটা মাৰি বোলে কৃষ্ণ কোন? ভাস্কৰে বিস্কুটখন কামোৰ এটা মাৰি ৰিন্টুদাৰ ফালে দেখুৱাই চকুৰে ইংগিত দিয়ে৷
আগলৈ....

আকৌ কুৰুক্ষেত্ৰ খণ্ড ৬

হেল্লো... হেল্লো.... চেক... চেক... ৱান.... টু ....থ্ৰী ৱান ....টু ....থ্ৰী
"হেই বাজিছে হে, শুনা নোপোৱা নেকি? গুছি আহা৷" কাকতিদাই বিজয়ক ধমক দি বোলে কাৰ্যসূচীখন দিয়া৷
আজি নাট মেলিবৰ বাবে বুলি দিয়া প্ৰথম ৰাজহুৱা মিটিং৷ সকলোৰে সুবিধা হোৱাকৈ স্কুলঘৰৰ বাকৰিতে মিটিংখন পতা হৈছে৷ কংকন বৰা আৰু ৰাজুকুমাৰ নাথ ৰাতিপুৱাৰ পৰা মিটিংৰ কামত লাগি আছে৷ স্কুলঘৰৰ বেঞ্চত মতা মানুহখিনি বহাৰ দিহা কৰিছে৷ প্ৰনিতাবা, কংকনা বা, পলাবা, সম্পাদিকা পূৰৱী আদি কেইজনী মানৰ বাহিৰে আন মহিলা সকল স্বইচ্ছাই মাটিত তিৰপালৰ ওপৰত বহিছে৷ দায়েচত সভাপতি কাকতি দা, পূৰনি সভাপতি জ্যোতিৰূপম দত্ত , সোমেশ্বৰ দা, সদা খুড়া, বায়ন ললিতাদিত্য দাদা,নতুনকৈ গায়নৰ বাব লোৱা নৱজ্যোতি বৈশ্য, চিদানন্দ বৰা ঠিকাদাৰ, মানস শইকীয়া প্ৰমুখ্যে গণমান্য ব্যক্তিসকল৷ মহিলা সকলৰ কেইজনীমানৰ কোঁচত অহা কেইটাৰ ৰাউচি আৰু উপস্থিত সকলৰ ভূনভুননিৰ মাজতে কাকতিদাই সভাৰ কাম আৰম্ভ কৰিলে,
"শ্ৰদ্ধেয় ৰাইজ, আইমাতৃ সকল তথা গাঁৱৰে উঠি অহা যুৱক যুৱতী সকল৷ আমি সকলোৱে জানো যে সমূহ ৰাইজে মিলি এখন নাট অহা দৌল উৎসৱত পাতিবলৈ মনস্থ কৰিছো৷ সেই উপলক্ষে এইখন প্ৰথম ফৰমেল মানে আনুষ্ঠানিক সভা৷ গতিকে, ৰাইজ সকলে সভাৰ সৌষ্ঠৱ ৰাখি সহযোগিতা কৰিব৷ এতিয়া মই সভাৰ কাৰ্যসূচীখন গাই দিছোঁ-
কাৰ্যসূচীঃ-
১/ সভাপতিৰ আসন গ্ৰহণ, এইটো হলেই বাৰু,
২/সভাৰ উদ্দেশ্য ব্যাখ্যা
৩/ নাটৰ স্থান নিৰ্বাচন,
( বিজয়ৰ কাণে কাণে 'এইটো কিয় দিলা৷’ বিজয়ে প্ৰস্তাৱ লব লাগিব নহয় বুলি কৈ খনীন্দ্ৰক প্ৰচেদিং লিখিবলৈ কাগজ এখন দিবলৈ উঠি গ’ল৷)
৩/ নাট নিৰ্বাচন,
৪/ নাটকৰ পৰিচালক আৰু ব্যৱস্থাপনা সম্পৰ্কে
(মাষ্টৰ আছেই দেখোন, বেয়া পাব নেকি,কাকতিদাই ফুচফুচাই সোধাত বিজয়ে কিবা এটা কলে৷)
৫/নাট মেলা আৰু দিন নিৰ্ধাৰণ,
(এইটো ঠিক হলেই দেখোন, প্ৰস্তাৱ ললেই হ’ল৷ আলোচনা কেলেই? কাকতিদাৰ প্ৰশ্নত বিজয়ে ঠাৰে ঠিয়াৰে কিবা এষাৰ ক’লে)
৬/ভাও বিতৰণ,
৭/ অন্যান্য,
৮/সভাপতিৰ মন্তব্য আৰু
৯/সভাভংগ৷
এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব আমাৰ নতুন সম্পাদকে৷"
কথাকেইটা কৈ কাকতিদাই নিজেই হাততালি দিলে৷ ৰিণ্টুমণি দাই কঁপা কঁপা মাতেৰে বোলে মোৰ মাইক দেখিলেই জ্বৰ উঠে৷ এইডাল নোহোৱাকৈয়ে বিজয়ে লিখি দিয়া খিনি পাঠ কৰিব লৈছো....মানে মোৰ কথাখিনি ক'ব লৈছো৷ সকলোৱে হাত তালি দিয়াত ৰিন্টুদাই একো নোকোৱাকৈয়ে ধন্যবাদ জনাই বহি দিলে৷
বিজয়ে ৰিন্টুদালৈ পোন্দোৱাকৈ চাই হাতৰ পৰা কাগজখন নি মহিলাৰ অংশগ্ৰহণক দোহাই দি নাটখন ষ্টেজত পতাৰ বিষয়ে অৱগত কৰোতেই সদানন্দ দত্তই বহাৰ পৰা উঠি লৈ বোলে এইখিনিতে ৰাইজ মোৰ ক'বলগীয়া আছে৷ ৰামানুজ গোঁসায়ে সিদিনা নামঘৰত ভাওনা পতাৰ কথাহে কৈছিল৷ আমাৰ পূৰণি সভাপতি দত্ত খোদ তাত উপস্থিত আছিল৷ ভাওনা পতাৰ কথা আছিল নামঘৰত৷ এতিয়া নামঘৰৰ ঠাইত ষ্টেজত আকৌ নাট মেলাৰ কথা ক'ৰ পৰা আহিল? সাতামপুৰুষীয়া নিয়ম ভংগ কৰি ভাওনা ষ্টেজত কিয় পাতিব৷ সোমকান্ত খুড়ায়ো কথাষাৰ হয়বৰ দি ক’লে বোলে ভাওনাক মাটিৰ পৰা উঠাই নি ষ্টেজত কৰাটো যুগুত নহব৷
এনেতে, বেঞ্চত বহি থকা ভাস্কৰজ্যোতি মানে ভাস্কো মহাজনে উপায়টো উলিয়াই কলে বোলে "খুড়াদেউ, আমি ভাওনা মাটিতে কৰিম, কিন্তু নামঘৰত নহয়৷ এই ফিল্দতে পেন্দেল সাজি কৰিম৷ মাত্ৰ প্ৰৱেশ আদি কিছু নাচবাগ ৰাসৰ দৰে মঞ্চত হ’ব৷ হয়নে ৰাইজ?" বুলি চকু টিপিয়াই পিছত বহি থকা ৰাইজলৈ চালে৷ পিছফালৰ সকলোৱে হ'ব হ'ব , বঢ়িয়া বুলি কওতেই ইতিমধ্যে মেনেজ কৰি থোৱা প্ৰণিতা গোস্বামীয়ে মই ভাস্কৰৰ প্ৰস্তাৱটো সাদৰৰে সমৰ্থন কৰিলো বুলি মুখনি মাৰিলে৷ কাকতিদাই বোলে খনিন্দ্ৰ প্ৰচিডিঙত লিখি থোৱা৷ সদানন্দ দত্তই ইপালে সিফালে চাই বহি থাকিল
কাকতিদাই মাইকটো নিজৰ ফালে টানি নি বোলে," এতিয়া আহো নাট নিৰ্বাচনৰ কথালৈ৷ এই ক্ষেত্ৰত মই মাষ্টৰৰ লগত কথা পাতিছিলোঁ৷ মহিলা পুৰুষ সকলোৰে সমান পাৰ্ট থকা তথা অলপ ফাইটিং মানে যুদ্ধ তুদ্ধ থকাৰ দৰে কিবা এখন হ'লে ভাল আছিল৷ পিছে মহিলা ৰোল বেছি থকা নাট আমাৰ পূৰ্বপূৰুষ সকলে কিয় লিখি থৈ নগ'ল নাজানো৷ মহিলাৰ প্ৰতি এনে মনোভাৱক আমাৰ গাঁৱৰ ৰাইজে সদায় নচাৎ কৰি আহিছে৷ সেয়ে, আমি বিজয়ক দায়িত্ব দিছিলোঁ, কাৰোবাৰ হতুৱাই কাল্পনিক হলেও নাট এখন লিখি উলিয়াবলৈ৷ বিজয় কিবা কোৱাহে৷"
সুবিধাটো পাই বিজয়ে মাত লগালে,
"আমাৰ নাট ৰেদি৷ দেৱজিতদাৰ লগত কথা পাতিলোঁ৷ দেৱজিতদা এই কেইদিনতে ছুটিত ঘৰলৈ আহিব৷ মোক নাট দিয়েই পঠাইছে, নাম 'আকৌ কুৰক্ষেত্ৰ’৷ বৰ ভাল নাট৷ মই পঢ়িলোঁ৷ দেৱজিতদাই লিখা৷"
বিজয়ৰ কথাত সকলোৱে মত দিলে৷
প্ৰনিতা বাইদেৱে হাতচাপৰি মৰাৰ লগতে কলে বোলে আমাৰ মহিলা সকলৰ ফালৰ পৰা সকলো সহযোগিতা আগবঢ়াম৷ মাষ্টৰ অলপ সেমেনা সেমেনি কৰিলেও খেলখন কি হয় চাওঁ মনোভাৱত ৰ’ল৷
সভাপতিয়ে নাটকৰ পৰিচালনা আৰু ব্যৱস্থাপনা সম্পৰ্কে আলোচনা বুলি কওতেই শংকৰে উঠি বোলে যিহেতু নাটকখন আধুনিক টাইপত হ’ব গতিকে নতুন এজন মানে ভাস্কো মহাজনকে পৰিচালনাৰ দায়িত্ব দিলে কেনে হয়?
জ্যোতিৰূপম দত্তই বোলে গোৱা-বোৱাবোৰ মাষ্টৰ নহলে কোনে শিকাব? মোৰ বোধৰে আমাৰ শইকীয়া মাষ্টৰ আৰু দেৱজিতক এচিচ্‌টেণ্ট কৰি দিয়ক৷ বিজয়হঁতৰ মাষ্টৰক লোৱাৰ মন নাছিল যদিও প্ৰাক্তন সভাপতিৰ প্ৰস্তাৱটো মানি লোৱাটোৱেই ভাল হব বুলি হয়বৰ দিয়াত হাতচাপৰিৰে প্ৰস্তাৱ গৃহীত হ’ল৷
আগতেই ফিটিং দি ৰখা ইণ্ডিমাই বোলে বাকী ব্যৱস্থাপনাৰ ভিতৰত ভাস্কৰ বৰডেকাই য’তে ত’তে লাইট মাইকৰ দিহা কৰিয়েই থাকে যেতিয়া দুপইচা বাচিব বৰডেকাকে দিলে কেনে হয়? ৰাইজে ভাৱকচোন৷ ইণ্ডিমাৰ প্ৰস্তাৱত সকলোৱে সহমত দিলে৷ লগতে,নৱক দ্ৰেছৰ দায়িত্ব দিয়াৰ কথা ক’লে৷
এনেতে বিজয় সগৌৰৱে ঘোষণা কৰিলে,
"ৰাইজ, এটা ভাল খৱৰ৷ আমাৰ নতুন সম্পাদকে ষ্টেজ,চকীৰ আদিৰ লগতে মিউজিকৰ খৰচটো দিয়াৰ কথা মোক ঘোষণা কৰিবলৈ কৈছে৷ ৰাইজ, তেখেতৰ কাৰণে এটা বহল হাত চাপৰি৷"
সকলোৱে হাত চাপৰি মাৰি ৰিণ্টুমণিক বাঃ বাঃ দিলে৷ কাকতিদাই ৰিণ্টুক খোচ এটা মাৰি কলে,"হেৰা উঠি নমস্কাৰ দিয়া৷" ৰিণ্টুমণিয়ে উঠি হাতযোৰ কৰি থেংকুই থেংকুই কৈ থকাত কাকতি দাই বোলে হৈছে,বহা এতিয়া৷
দেৰিকৈ আহি দায়েচত বহি থকা পাৰ্থ সাৰথি ডাক্তৰে উঠি গম্ভীৰ ভাৱে কলে,
"ৰাইজ, মই ভাওনাৰ পেইণ্টাৰৰ খৰচটো দিম বুলি ভাৱিছোঁ৷ (বিজয়লৈ চাই) বিজয়, তুমি হিচাপটো কৰি পইচাটো মোৰ চেম্বাৰৰ পৰাই লৈ আহিবা ৷" ৰাইজে হাত চাপৰিৰে ডাক্তৰক ধন্যবাদ দিলে৷ এনেতে, চিদানন্দ ঠিকাদাৰে উঠি কলে,
" ৰাইজ সকল, সেইকেইদিনৰ খানা-পিনাৰ খৰচ মোৰ৷ কংকন, তুমি যি য’ত লাগে মাৰোৱাৰী গোলাৰ পৰা লৈ আহিবা৷"
হাতচাপৰিৰ লগতে,পিছফালৰ পৰা কোনোবাই মাত লগালে বোলে আজিৰ পৰা এইজনে ঠিকাদাৰৰ ঘৰতে খোলা পাতিব৷ ধ্ৰুৱজ্যোতি অৰ্জুনে বোলে "এই দুজনক খাদ্য উপসমিতিৰ সভাপতি সম্পাদক পাতি দিয়ক ৰাইজ৷" সকলোৱে গিৰ্জনি মাৰি হাঁহি দিলে৷
ইয়াৰ পিছতেই কাকতি দাই আগৰ সম্পাদক শেখৰজ্যোতি বৰা আৰু তেওঁৰ পত্নী হিমাশ্ৰীকে মিউজিকৰ দায়িত্ব দিয়াৰ পৰামৰ্শ দিয়াত, কস্তুৰীয়ে বোলে শেখৰ দাই জুগু কাশ্যপৰ গানো মিউজিক দিছে৷ ঘৰতে এনে এজন মিউজিক ডাইৰেক্টৰ থাকোতে বেলেগত কেলেই বিচাৰিব লাগে৷ শেখৰে আৰ্টিষ্টৰ তাও এটা দেখুৱাই ব্যস্ততাক দোহাই দি না কৰিব বিছাৰিছিল যদিও শেষত মান্তি হ’ল৷
কাকতিদাই এইবাৰ আকৌ আৰম্ভ কৰিলে,
"ৰাইজ আৰু আইমাতৃ সকল ভাওনাখন দৌলোৎসৱতে পতা হওক৷ সিদিনা নামঘৰত প্ৰায় থিকেই হৈছিল৷ ফৰমেল প্ৰস্তাৱ এটা ললেই হ’ল৷ খনীন্দ্ৰ লিখাহে৷ বাকী অহা সপ্তাহত ৰামানুজ গোঁসাইক কৈ ভাল দিন এটা চাই নাটখন মেলা হওঁক৷ নে ৰাইজে কি কয়? ললিত বায়নে বোলে নাট ভঙাৰ পিছদিনাৰ পৰাই ৬ বজাৰ পৰা আখৰা হওক৷ ল’ৰাহঁতে বোলে ইমান সোনকালে আখৰাত উপস্থিত হব নোৱাৰি৷ ৰাইজে ৮ বজামানত আখৰাৰ সময় থিক কৰক৷ লৰাহঁতৰ কথাত মহিলা সকলে আপত্তি কৰিলেও নৰজিল৷
ইয়াৰ পিছৰ কাৰ্যসূচী ঘোষণা কৰাৰ লগে লগে লাগিল নহয় পয়মাল৷ সকলোকে ভালৰ ভাল ভাওখন লাগে৷ লাহে লাহে পৰিস্থিতি সভাপতি, বিজয়, প্ৰাক্তন সভাপতি সকলোৰে আয়ত্বৰ বাহিৰত গ’ল৷ বিজয়হঁতে অৱশ্যে সেইটোকেই বিছাৰিছিল৷ তেনেতে সোমেশ্বৰ দাইটিয়ে মাইক্ৰ’ফোনটো কাকতিদাৰ পৰা কাঢ়ি লৈ প্ৰস্তাৱ দিলে,"আজিৰ সভাত ভাও বিতৰণ কৰিব নালাগে৷ ভাওৰ ভাগ-বতৰাৰ বাবে এখন কমিটি বনোৱা হওঁক৷" ৰাইজ বিশেষকৈ মহিলাসকল কিছু শান্ত হোৱাত কাকতিদাই বোলে বৰাই সজ কথাই কৈছে৷ এখন সাতজনীয়া কমিটি গঠন কৰা হওক৷ কমিটিৰ সিদ্ধান্তই চুড়ান্ত হ’ব৷ এতিয়া কমিটিৰ সদস্য বাচনি কৰক৷
কাকতিদাৰ কথামতেই সাতজনীয়া কমিটি গঠন কৰা হ’ল৷ কমিটিত সভাপতি, সোমেশ্বৰ বৰা, মানস শইকীয়া মাষ্টৰ, ভাস্কো মহাজন, দেৱজিত শইকীয়া, প্ৰণিতা আৰু কংকনা বাইদেউক ৰাইজৰ ফালৰ পৰা নিৰ্বাচন কৰিলে৷ নাট মেলাৰ দিনাই ভাও আৰু বচন বিলোৱাৰ সিদ্ধান্ত লোৱা হ’ল৷ ভাস্কো মহাজনে বোলে "ৰাইজে এই অভাজনক নাট পৰিচালনাৰ দায়িত্ব দিলেই যেতিয়া কোনে কোনে ভাও লব নামবোৰ মোক দিয়ক৷ খণীন্দ্ৰ তুমি নামবোৰ লিখি লোৱা৷"
সদৌ শেষত, কাকতিদাই আগৰদৰে সেই একেখিনি কথা (যিটোক বিপৰীত পক্ষই একেখন ৰেকৰ্ড বজোৱা বুলি কয়) কৈ সভাপতি মন্তব্য সামৰাৰ লগে লগে সভা সেইদিনালৈ ভংগ হ’ল৷
আগলৈ

আকৌ কুৰুক্ষেত্ৰ খণ্ড ৫


বাপ্পা ঐ যেন তেন তিৰিমখাক কিবি কিবি কৈ সৈমান কৰি আহিছো দিয়া৷ গোটেই সোপাই বাগৰাই লৈ মোক বখলিয়াব লৈছিল৷ পিছে মইও হেমন্ত কাকতি কম বস্তু নহয়৷ এনাই পাঠ পঢ়ালো একে আষাৰে সৱ সৈমান হৈ গ'ল৷ পিছে বুজিছা মাষ্টৰ সোপাকে নাটকত ৰ'ল লাগে৷ ৰ'ল নাপালে কিন্তু মই দিনতে ৰাষ্টাত ওলাব নোৱাৰিম৷ এই বিজয়ে টেটুত এইখন কি লগালে নাজানো কিবা এটা কৰা হে বাপ্পাহাৰে৷
মানস শইকীয়াই বোলে আমাৰ গাঁৱত যিমান মহিলা আছে ব্যাস দেৱৰ মহাভাৰততো দেখোন সিমান মহিলা ৰ'ল নাই৷
কাকতিঃ- ৰামায়নৰ পৰা দুটামান ৰ'ল টানি আনিব নোৱাৰিনে?
মানস শইকীয়াঃ- কি কয় হে কাকতিদা, ৰামায়নৰ লগত মহাভাৰত আকৌ কেনেকৈ লেতিয়াব৷
কাকতিঃ- মই সেইবোৰ নাজানো বুজিছা, লাগিলে ৰামায়ন, মহাভাৰত, বেদ-পূৰাণ, উপনিষদ সকলো মিলাই কিবা এখন বনোৱা৷ তাতো যদি নহয়গৈ চাহজাহান, মমতাজ, আকবৰ, টিপু চুলটান সৱকে টানা৷ মুঠতে লাগিলে মোকেই ৰ'ল নালাগে কিন্তু তিৰিমখাৰ কথা ৰাখা, নহলে মোৰ সভাপতিৰ চকী নাথাকিব৷ বাপ্পা ঐ কেনে জকি আছে তুমি দেখা নাই বুলিহে৷ মাতেই মাতবা পৰা নাই মই, কিবা কলিয়ে ঘেং কে মাতে৷ তুমি হোৱা হয় ধুটি খুলি দাউৰিলা হয়৷
শইকীয়াদা আছেনে বুলি বিজয় পোনচাতেই দ্ৰয়িং ৰুমলৈ সোমাই আহিল, লগতে ৰিন্টুমনি দত্ত, সোনটো আৰু ভাস্কৰ বৰ ডেকাও সোমায় আহিল৷
ৰিন্টুমনি দত্তঃ- কাকতিদা কিবা মেনেজ হ'ল নে?
কাকতিঃ- এহ, মই গৈছো যেতিয়া মেনেজ নহবনে?
বিজয়ঃ- পিছে নাট কি মেলিব?
মানসঃ- তাকেই বোলো আলোচনা কৰো, সেয়ে তোমালোকক ফোন কৰি মতাই আনিলো৷ কথাহ'ল মহিলা পাৰ্টি ফায়াৰ৷ সিহঁতক মহিলাৰ ৰ'ল লাগিবই৷ পিছে এতিয়া ইমান সোপাকে মহিলাৰ ৰ'ল থকা নাটক পাবা ক'ত?
বিজয়ঃ- একো নাই দৰকাৰ পৰিলে দ্ৰৌপদীৰ স্কুলত পঢ়ি থকা দিনৰ বান্ধৱী বুলিয়েই ৰ'ল বনাই দিব৷
ৰিন্টুমনি দত্তঃ- তেনে নাটক নাপালে কাৰোবাৰ হতুৱাই এখন লিখিব লাগিব আৰু নহ'লে কি কৰিব?
ভাস্কৰ বৰ ডেকাঃ-- পিছে ইমান সোনকালে তেনে নাটক কোনে লিখি দিব হয়নে?
সোনটোঃ- মই কথা এটা কওঁনে? আমাৰ দেৱজিত শইকীয়াদাক লিখিবলৈ কৈ দিয়ক৷ মানুহটোৱে ফেচবুকত যা তা কিবা কিবি লিখি থাকে৷ গাঁওৰ কাৰনে কিবা এখন লিখিবলৈ ক'লে নিলিখাকৈ নাথাকে৷
কাকতিঃ- সোনটোৱে ঠিকেই কৈছে৷ মই আজি ফোন কৰি কম ৰ'বা৷
বিজয়ঃ- নালাগে, মই নিজে গৈ সকলো বুজাই আহিম৷ মই ক'লে না নকৰে৷ লগতে ভাল ৰ'ল এটা নিজে লৈ ল'ব ক'লে খাটাং লিখিব৷ এনেও মানুহটোৰ এইবোৰত বৰ চখ৷
ৰিন্টুমনি দত্তঃ- বাৰু দেৱজিতে লিখে যদি নাটক হৈ যাব পিছে ডাইৰেকচন কোনে দিব?
বিজয়ঃ- কিয় আমাৰ ভাস্কৰজ্যোতি দাস মানে ভাস্কো মহাজন আছেই দেখোন৷ গাঁৱৰ ল'ৰা বুলি সি বনোৱা গানৰ ভিচিডিবোৰ আমি পাট্টা নিদিলে কি হ'ল বাগান এৰিয়াবোৰত কিন্তু সি ডাইৰেকচন দিয়া ভিচিডিবোৰৰ তামাম ডিমাণ্ড৷
সেই যে নতুন অসমীয়া গানটো ওলাইছে
"শ্ৰীদেৱী মৰিল বুলি ফেচবুকত দেখিলো,
গধূলি এবটল গিলি লৈ ইনাই বিনাই কান্দিলো"
অসমীয়া চেনেল কেইটাত দিনটোত বিশবাৰ দেখাই থাকে, সেইটো সি ডাইৰেকচন দিয়া হে"৷
সোনটোঃ- ভাস্কৰদাকে ডাইৰেকচন দিব দিয়ক৷ সি দিলে দুটামান এক্টৰ এক্ট্ৰেচকো ফকটিয়াকৈ আনিব পৰা যাব৷
কাকতিঃ- তেনেহ'লে ঠিক আছে৷ বিজয়ে দেৱজিতৰ লগত কথা পাতা আৰু ৰিন্টুৱে ভাস্কৰক মেনেজ কৰা৷ বাকী লাইট, মিউজিক আৰু কষ্টিউমৰ কি হ'ব?
ভাস্কৰ বৰ ডেকাঃ- লাইট মই যোগাৰ কৰিম৷ কষ্টিউম আমাৰ নৱকৃষ্ণদাক চিলাবলৈ কওঁক৷ বাকী মিউজিক বা এতিয়া কাক দিয়ে৷
ৰিন্টুমনি দত্তঃ- মিউজিক আমাৰ শেখৰ আৰু হিমাশ্ৰীক দিয়া৷ গাঁৱতে আমাৰ মিউজিকৰ পৰা ডাইৰেক্টৰলৈকে সকলো আছেই, বেলেগত বিছাৰি যোৱাৰ কি দৰকাৰ৷
বিজয়ঃ- পিছে শেখৰক যোৱাবাৰ বিহুত গান গোৱাৰ পইচা কাকতিদাই আজিলৈকে দিয়া নাই৷ সি কৰিব জানো?
ৰিন্টুমনি দত্তঃ- মোক যদি ভাল ৰ'ল এটা ৰাইজে দিম বুলি কয় তেন্তে মিউজিক আৰু ষ্টেজ চকী এইবোৰৰ খৰচ মোৰ ফালৰ দিম বুলি কথা দিলো৷
সোনটোঃ- তেন্তে হৈয়ে গ'ল৷ বিজয়, দেৱজিতদাক কওঁতে ৰিন্টুদাৰ বাবে স্পিচিয়েল ৰ'ল এটা লিখিব কৈ দিব৷
কাকতিঃ- তেনেহ'লে সকলো মেনেজ হ'লেই, মাত্ৰ এতিয়া আমাৰ বয়োজেষ্ঠ কেইজনক কনভিঞ্চ কৰিব পৰাটোহে কথা৷ ভাওনাৰ ঠাইত নাটক তাকো ষ্টেজত৷ কোনোবাই আকৌ তাকে নিচিঞৰিলেই হ'ল বোলে সংস্কৃতি বিকৃত কৰিছে বুলি৷
বিজয়ঃ- আৰে, সেইটো কি কথা, যি সকলে সংস্কৃতি ৰক্ষা কৰাৰ কথা কয় কেৱল মাইকৰ আগত গামোচা পিন্ধি বিশিষ্ট অতিথিৰ ভাষনত হে কয়৷ যদি নিমন্ত্ৰন দি গাড়ীত উঠাই আনি মিটিংত গামোচা দি দিয়ে সকলো ঠিক হৈ যায় আৰু যদি নিদিলে বদনাম গোৱা চুৰু৷
সোনটোঃ- আৰু এটা কথা নহয়, আমি চাঁদা তোলাৰ পৰা আৰ্টিষ্ট মতাৰ পৰা, মঞ্চলৈকে সকলো দিন ৰাত একাকাৰ কৰি এই বিহু, উৎসৱ পাৰ্বনবোৰ পাতি আছো৷ মাইকৰ আগত চিঞৰা কেইজনে আগ ভাগ লৈ কেইটা অনুষ্ঠান পতা দেখিছে হে? কেৱল টেটুৰ সীৰ ফুলাই বৰ বৰ কথা কয়৷ কেতিয়াবা এনে খং উঠে বিহু নাপাতোৱেই যাচোন চাও সংস্কৃতি ৰক্ষা কৰা কেইটাই গামোচা নাপালে আৰু মাইকৰ আগত ভাষণ দিব নাপালে কেনেকৈ সংস্কৃতি ৰক্ষা কৰে৷ আমিও চাম৷
কাকতিঃ- হ'ব দিয়া৷ মিটিংত এইবোৰ নিচিঞৰিবা৷ যেন তেন মিলাই মিলি অনুষ্ঠানটো মুঠতে পাতিব লাগে৷
ভাস্কৰ বৰ ডেকাঃ- পিছে খৰচ বোৰৰ কালেকচনৰ কথা কি ভাবিছে?
কাকতিঃ- মিটিংতে কিবা এটা সিদ্ধান্ত ল'ম কিমানকৈ উঠোৱা যায়৷ তেন্তে ৰিন্তু, তুমি অহা শনিবাৰে ৰাজহুৱা মিটিং এখন দি দিয়া৷ নাটক যদি আহি যায় তেন্তে সকলোৰে ৰ'ল বোৰ সেইখন মিটিঙতে ভগাই দিম৷ সময় হাতত নায়েই৷
আগলৈ......

আকৌ কুৰুক্ষেত্ৰ খণ্ড ৪

বিজয়ে সোনটো আৰু কলিতা ইঞ্জিনিয়াৰক বিদায় দি কাকতিদাৰ ঘৰলৈ বুলি আগবাঢ়িল৷ অলপ দূৰ গৈয়েই কাকতিদা খৰ খোজেৰে আহি থকা দেখা পাই ৰখাই সুধিলে বোলে কাকতি দা, ইমান বেগাই কলৈ যায়৷
কাকতিঃ- প্ৰনিতাই এইমাত্ৰ মেচেজ পঠাইছে, মহিলাবোৰ হেনো জকি আছে৷ কিবা এটা কৰকহি৷
বিজয়ঃ-ইফালে বোলে প্ৰনিতাবাৰ লগত আপোনাৰ কাজিয়া৷ তাৰ মাজতে এইবোৰ মেচজা-মেচিজি কিহৰ?
কাকতিঃ- এহ, বিজয়৷ সেইবোৰ ৰাজহুৱা কথাতহে৷ তুমিতো জানাই মই আপোনভোলা মানুহ৷ সেইবোৰ খেয়ালা-খেয়লি নাই বুজিছা৷ পিছে, তুমিনো কলৈ যোৱা?
বিজয়ঃ- আপোনাৰ ঘৰলৈকে ওলাইছিলোঁ৷
কাকতিঃ- এহ ময়ো ওলাই আহিলোঁ নহয়৷ ইফালে বৌৱৰো ফায়াৰ৷ চাহ অকণ দিয়া মানুহো নাই৷
বিজয়ঃ- চাহ-তাহৰ কথা বাদ দিয়কহে৷ প্ৰনিতাবাই খৱৰ এটা দিবলৈ কৈছিল?
কাকতিঃ-(আগ্ৰহেৰে) কি খৱৰ পঠাইছে?
বিজয়ঃ-খৱৰ মানে, খৱৰটো আপুনি পালেই দেখোন, মেচেজত৷ মিছামিছি এইখন৷ (খঙেৰে) আপুনি গৈ থাকক৷ বৰ ভোক লাগিছে৷ ঘৰত গৈ খিছিৰি অকণকে বনাই খাওঁগৈ৷
এইবুলি কৈয়েই চাইকেল ঘূৰাই বিজয়ে কোবৰে আঁতৰিল৷ কাকতিদাই অলপ দূৰ আহিয়ে কেকুঁৰিটো ঘূৰিয়েই বৰ্নালী ফুকন, জিমি, পৰিস্মিতা গগৈ, জিনা, অনিমা, ৰূপা বনীয়াহঁতক লগ পাই সুধিলে,"পূৰৱীৰ ঘৰলৈ যোৱা নে?" বৰ্নালী ফুকনে হয় বুলি কোৱাত কথা পাতি পাতি সকলোৱে পূৰৱীৰ ঘৰলৈ আগবাঢ়িল৷
বৰ্নালীঃ- দাদা, আপোনালোকে ভাওনা পাতিব বুলি গম পালোঁ৷ আমিও তেনে কিবা এটা কৰিম বুলি পূৰৱীৰ ঘৰতে মিটিং এখন দিছোঁ৷
ৰূপাঃ- দাদা, আপোনালোকে সদায় আমাক খটুৱাই কামবোৰ হাচিল কৰে, এইবাৰ আমি কিন্তু সুদাই নেৰোঁ৷
কাকতিঃ-ৰবাহে, ভাওনাৰ কথাটো ৰামানুজ গোঁসায়ে সিদিনা উলিয়াইছেহে৷ সিদ্ধান্ত একো হোৱাই নাই নহয়৷ আৰু এটা কথা তোমালোকৰ ওজৰ-আপত্তি, দুখ-দুৰ্দশাৰ কথা শুনিবলৈ, তোমালোকৰ এই কাকতি দাদা এতিয়াও জীয়াই আছো নহয়৷(অলপ মৰম সানি কথাষাৰ ক’লে)
জিমিঃ- সেইটো নহয় দাদা৷ আপোনাক আমি বেয়া নাপাওঁ নহয়৷ সেই বিজয় দাদাটোহে আমাক এলাইবাদু বুলি ভাৱে৷
পৰিস্মিতাঃ- বিজয়ে হাঁহিটোৱেই কাৰোবাক ঠগো ঠগোকৈ মাৰে৷ বন্দিতাজনীৰ মুখলৈ চাই সহ্য কৰি আছোঁ৷ কেতিয়াবা কিবা খং উঠিব বাই পেলাম৷
এনেদৰে, কথা পাতি পাতি আহি পূৰৱীৰ ঘৰ পাই কাকতিদাই সেই চিৰন্তন হাঁহিটো মাৰি শিল্পাশ্ৰীয়ে উঠি দিয়া চকীখনত বহি পৰিল৷
কস্তুৰিয়ে প্ৰণিতাবাক বোলে মইটো শ্বিলং পৰা ভাওনাটোকে কৰিবকেনে আহিছো , মোকে একটা ৰুলটো লাগিবই লাগিব৷
ইফালে পল্লৱীবৌয়ে বোলে ৰ'লটো মোকো লাগিব, মই উমৰাংচু পৰা গাড়ী চলাই কিনে এনেই আহিছো নেকি? মা কচম কেনেকা বেয়া ৰ'ডত ড্ৰাইভিং কৰি আহিছো অনলি মই জানো৷ যেনেকা ৰ'ডত গাড়ী চলাইছো নহয় তালৈ যালে আপোনালোকে গম পাব, কিমান ডেঞ্জাৰাচ ৰ'ড৷ এনিৱে একৰডিং টু মি জোনে জোনে পাৰ্ট ল'ব, তেওঁলোকেও হেন্দচ আপ কৰক, ইভেন কোনোবাই যদি পাৰ্ট নলয় তেহাতিও হেন্দচ আপ কৰক৷ হিচাপ কৰি কিনে টোটেল ৰ'ল আৰু পাৰ্টলোৱা মেম্বাৰ যিমান আছে কাউন্ট কৰি পাৰ্ট বোৰ পাৰ্ট পাৰ্ট কৰি দিয়ক৷
ইমান পৰে বৰ কষ্টৰে কথাখিনি বুজাবলৈ চেষ্টা কৰি থকা কাকতিদাই বোলে "ৰ'বা চোন ৰ'বা, চিন্তা নকৰিবা, মই আছো নহয়, সকলোৱে ৰ'ল পাবা৷ ৰামায়ণ মহাভাৰত বুলি কি আছে, দুইখন মিলাই কিবা এখন লিখি মিলি জুলি সকলোৱে কৰিলেই হ'ল৷ লাগিলে ৰামায়ণ মহাভাৰত দুয়োখন একেলগ কৰি মইয়েই কিবা এখন লিখি হ'লেও তোমালোকক ৰ'ল দিম৷ কিন্তু তাৰ আগতে মোৰ কথাবোৰ শুনি লোৱাচোন৷" অলপ ৰৈ কাকতিদাই সেপ ঢুকি আকৌ কবলৈ ধৰিলে-
"গাঁওবোৰ আজি কালি ইটো খেল সিটো খেল এইবোৰ কাৰনতেই হ'ব ধৰিছে৷ একো একোখন গাঁওত একেলগে থকা মানুহবোৰৰে মনৰ মিল নথকাত সৰু সৰু গোট হৈ দুটা তিনিটাকৈ নামঘৰ সাজিছে৷ এই ভাওনাখনলৈ আমাৰ গাওঁৰ মতা মাইকী দুটা খেল হোৱাটো ভাল কথা হোৱা নাই৷ এনেকৈ হ'লে গাঁৱত যে দুদিন পিছত ঘৰে ঘৰেও যে দুটাকৈ চৰু হ'বগৈ সেইটো খাটাং৷ কাৰন গিৰিয়েকে মহাভাৰত মেলিব, ঘৈনিয়েকে ৰামায়ণৰ ৰাৱন বধ কৰিব, এই চানা পোনা বোৰৰ কি হ'ব?"
ইমান পৰে মনে মনে থকা বৰ্ণালী পূজাৰী আৰু অসমী গগৈ বাইদেউৱে বোলে সদায় আমি মহিলা সকলেই কিয় সকলো ক্ষেত্ৰতে কম্প্ৰমাইজ কৰিব লাগে? এডজাষ্টমেন্ট কেৱল কি মহিলাসকলেই কৰিব লাগিব বুলি কথা আছে নেকি?
কাকতিদাই বোলে ,"বাপ্পাহাৰে! কোনেও কম্প্ৰমাইজ কৰিব নালাগে৷ সৱ কথা মাৰ গুলি, গাঁওৰ সকলোৱে মিলি এখন নাটক কৰো, মহিলাই মহিলাৰ ৰ'ল আৰু পুৰুষে পুৰুষৰ ৰ'ল৷ সকলোকে সমান চাঞ্চ দিয়া হ'ব৷ নাটক ষ্টেজত হ'ব৷ লাইট ডেকৰেচন, কষ্টিউম, মিউজিক সকলো আপ টু ডেট৷ পাৰিলে দুজনমান অসমীয়া ভিচিডি গানৰ এক্টৰ এক্ট্ৰেচকো স্পিচিয়েল পাৰ্ট দিম৷ মুঠতে বিগ বাজেটৰ এখন নাটক পাতি সকলোকে হিলাই দিম৷"
প্ৰণিতাবাই সকলোৰে ফালে চাই বোলে কাকতিয়ে কথাটো বেয়া কোৱা নাই৷ তোমালোকে অলপ চিন্তা কৰি চোৱা৷ কিন্তু এটা কথা যে মহিলা সকলোৱে এটা ৰ'ল পাবই লাগিব৷
মহিলা সকলে ইগৰাকীয়ে সিগৰাকীৰ লগত কথা পাতি প্ৰণিতাবাৰ কথাত সন্মত হয় যদিও কস্তুৰিয়ে বোলে মোক সীতা ৰ'ল লাগিব৷ মন্দিৰাই বোলে মোক কিন্তু দ্ৰৌপদী বা ৰাধাৰ ৰ'ল লাগিব৷ চাহিনে বোলে নাই ৰাধাৰ ৰ'ল মোক লাগিব৷ মন্দিৰাই বোলে তুমি সৰু হৈ আছা উত্তৰাৰ ৰ'ল লোৱা৷ তামোলৰ পিক খিনি সাউতকৈ গিলি উত্তৰা শৰ্মাই বোলে মোৰ নামেই উত্তৰা, উত্তৰাৰ ৰ'ল মোক লাগিবই৷ কংকনাবায়ে বোলে হেৰৌ, অভিমণ্যুৰ ঘৈনীয়েকজনী অকনমান বয়সত সৰু হ'লে হে চাজিব৷ অসমী গগৈ বাইদেউৱে বোলে বয়সৰ কথা ক'ৰ পৰা আহিল ,মেক আপ কৰিলে তিনিকুৰি বয়সো মহিলাই দুকুৰি কৰি দেখাব পাৰে৷ নকৰো বুলিহে৷
পানী দুগিলাছ ঘোট ঘোট কৈ গিলি কাকতিদাই বোলে হ'ব৷ সকলোৱে যি বিচৰা সেইটো ৰ'লেই পাবা৷ মুঠতে এইটো ফাইনেল হ'ল যে মহিলা পুৰুষ সকলোৱে মিলি এখনেই নাটক কৰিম৷ কথাটো ফাইনেল বুলি ধৰোঁ নে?
প্ৰণিতাবাই বোলে "ফাইনেল৷ কিন্তু আমাৰ চৰ্তখিনি মানি ল'বই লাগিব৷ কাকতিদাই বোলে, "ডান৷ পূৰৱী তুমি ফেচবুকত ষ্টেটাচ এটা দি দিয়া যে মহিলা সমিতিৰ মিটিংত প্ৰস্তাৱ লোৱা হ'ল যে সকলোৱে মিলি এখন নাটক কৰা হ'ব আৰু সকলোৰে সহযোগিতা বিছৰা হ'ল৷ মই কালিলৈ শইকীয়া মাষ্টৰৰ লগত বহি কোনখন নাটক কৰিলে ভাল হ'ব আলোচনা কৰি সকলোকে জনাই আছোঁ..........."
আগলৈ

আকৌ কুৰুক্ষেত্ৰ খণ্ড:৩


"সেইয়া দেখিছা, মই কৈছিলোনে? ভাওনা পাতিম বুলি শুনাৰ লগে লগেই মহিলা সমিতিয়ে বিসম্বাদ আৰম্ভ কৰিলেই৷" ৰিন্টুমনি দত্তই বিজয়ক উদ্দেশি কৈ গ'ল৷ "এই বিসম্বাদ বস্তুটো অসমত এতিয়া ঘৰে ঘৰে৷ এসময়ত জিন্দাবাদ শুনিলো, তাৰ পিছত যাক জিন্দাবাদ কৈছিল সিহঁতকে আকৌ মূৰ্দাবাদ কোৱা শুনিলো৷ জিন্দাবাদে জাতীয়তাবাদ কৰি লাভৰ মূখ নেদেখাত ৰাষ্ট্ৰীয়তাবাদ চিঞৰিব ধৰিলে৷ মাজতে বিসম্বাদে একনায়কত্ববাদ কৰি সংবাদ মাধ্যম গৰম কৰি আকৌ সকলো বৰবাদেই কৰি পেলালে৷"
বিজয়ে বোলে ৰিন্টুদা আপুনি হ'লে কি কৈ আছে মই একো বুজা নাই৷
ৰিন্টু:: ক'ত বুজিবা? দেশ দুনিয়াৰ খবৰ হ'বলা ৰাখা? গাওঁৰ সকলো মহিলা মিলি নাটক পাতিম কৈছে৷ বোলে মতাবোৰে ভাওনা কৰে কৰি থাকক আমি নাটক কৰিম৷
বিজয়:: কিনো ভুল? আমি যদি মতাবোৰে ঘৰত ভাওনা দেখাও, সিহঁতেও চকুপানী উলিয়াই ডেইলি কমখন নাটক কৰেনে?
ৰিন্টু:: হেৰা কথা সেইটো নহয়৷ পুৱাৰে পৰা বৌয়েৰে চাহ একাপ দিয়া নাই৷ কাকতিদাক বোলে যোৱাকালিৰ পৰা বৌয়ে মাতবোলো কৰা নাই৷
বিজয়:: কিয়?
ৰিন্টু:: বিসম্বাদ আকৌ৷ সকলো মহিলাই অসহযোগ কৰিছে আৰু কৈছে যি গৰাকী মহিলাই ঘৰৰ পুৰুষজনক মহিলা পাৰ্টিৰ ফলিয়া কৰিব নোৱাৰিব সেই গৰাকীক এঘৰিয়া কৰিব৷ আজি পুৱাই তোমাৰ শ্ৰীমতীও আহিছিল৷ যোৱা সোনকালে ঘৰ যোৱা, ভাত খাব মন আছে যদি কিবা বনাই খোৱাগৈ, মই হ'লে বনাব মেলিবও নাজানো, গতিকে মই হ'লে মহিলা পাৰ্টিৰ ফলিয়া হম বুলি পুৱা অহা পাৰবিন, পূৰৱী, শিল্পাশ্ৰী, কংকনাবা, উৎপলাবা সকলোকে জনাই দিলো৷ মহিলাৰ বিৰুদ্ধে মাত মতাৰ মোৰ হ'লে সাহ নাই৷
বিজয়:: ৰ'বচোন ৰ'ব৷ মন পেলাই নিদিব৷ মই আছো নহয়৷ মোক কওঁক বিসম্বাদ ক'ৰ পৰা আৰম্ভ হৈছে? সেইকেইগৰাকীক ভাল ৰ'ল দি দিলেই চাব বিসম্বাদ পলাই পত্ৰং দিব৷
ৰিন্টু::হেৰা বিজয়৷ মহিলা সকল আমাৰ এম এল এ, মিনিষ্টাৰৰ দৰে নাভাবিবা হে৷ মোৰ হ'লে মহিলা বুলিলেই ভয় লাগে৷
বিজয়ে ৰিন্টুদাৰ কথা শুনি চিধাই চাইকেলত উঠি পূৰৱী কটকীৰ ঘৰ পালেগৈ৷ পূৰৱীৰ ঘৰৰ চোতালত ওচৰৰে গোটেই কেইকগৰাকী বহি মেল মৰাত ব্যস্ত৷ বিজয়ক দেখি সভানেত্ৰী প্ৰণিতাবাৰ ওকণি চাই থকা জীমনিয়ে বোলে 'ভাৱৰীয়া বিনা মেক আপত এইখিনি পালেহি যে? মহিলাৰ ড্ৰেচ বিছাৰি আহিছা যদি কিন্তু নেচেল৷ ফটাকানি এডোখৰো নিদিওঁ৷'
ইফালে তামোল খুন্দি থকা উত্তৰা শৰ্মা বৰুৱাই বোলে আমাৰ সহকাৰী সম্পাদকলৈ চকী এখন আনা হে কোনোবাই৷ পূৰৱীয়ে বহি থকা মূঢ়াটো বিজয়লৈ আগবঢ়াই দি বোলে বিজয়দাৰ বৌক মানিছো দেই একে নিশাই শিৱিৰ সলনি কৰাই দিলে৷ ইয়াকে কয় মহিলা শক্তি৷ সকলোৱে কওঁক " মহিলা শক্তি কি জয়"৷ সকলোৱে জয় জয় চিঞৰিব ধৰিলে৷ বিজয়েও মুখৰ ভিতৰতে জয় বুলি কৈ ৰজনীগন্ধাৰ পেকেটটো তুলসী জৰ্দাৰ লগত মিলাই ডম্বৰো বজোৱা দি হাতত লৈ জোকাৰিব ধৰিলে৷
ইমান পৰে মনে মনে থকা পৰী পাৰবিনে বোলে বিজয় মহিলা সকলক এৰি তোমালোকে সদায় কামবোৰ কৰা৷ ঘৰে পৰে সকলোতে ডিচিছন এটা ল'লে তোমালোক মতা মানুহবোৰেই লোৱা৷ এই লিংগ বৈষম্যবোৰ সদায় তোমালোকে পুৰুষ সকলে সৃষ্টি কৰা৷ চাবা দেই আমি হ'লে তাহানিৰ সেই কেঁচুৱা জন্মদিয়া যন্ত্ৰটোৱেই হৈ থকা নাই৷ সকলো ক্ষেত্ৰতে আমাৰ মহিলা সকল আগবাঢ়িছে৷ এতিয়াৰ পৰা আমাক পিছ দি কিবা কৰিলে কোনো ক্ষেত্ৰতে সহাৰি নাপাবা৷ বিজয়ে মুখত ৰজনীগন্ধাখিনি ভৰাই বোলে আপোনালোকক লগত নোলোৱাকৈনো আমি ভাওনা কেনেকৈ পাতিম?
প্ৰণিতাবাইদেউৱে বোলে চোৱা বিজয়, তোমালোকে মহাভাৰত মেলি থাকা আমি কিন্তু নাৰী সৱলী কৰণৰ বাবে ৰামায়ণৰ নাট হে মেলিম৷ সীতাৰ দৰে অৱলা এগৰাকী নাৰীক পুৰুষ সমাজে কি দৰে শোষণ কৰিছিল দেখাম৷
কংকনাবাই বিজয়ক ধমক দি বোলে গম পালাটো৷ হেৰৌ ভাওনা পাতিছা পাতি থাকা, আমিও মহিলা সমিতয়ে "সীতা হৰণ বালি বধ" নাট কৰিম৷পাৰ্ট লোৱা যদি কোৱা, খাৰাংখাচ কথা, বাকী কথা শুনিবলৈ নাই৷
পূৰৱীয়ে বোলে কংকনাবা "বালি বধ নে ৰাৱন বধ" ? সীতাক ৰাৱনে হে হৰণ কৰিছিল৷ বালিক আকৌ মিছাতে কিয় বধ কৰিব৷
উত্তৰা শৰ্মাই বোলে হেৰৌ সীতাক হওঁতে ৰাৱনেই হৰণ কৰিছিল, কিন্তু বালিকো ৰামে বধ কৰিছিল৷
পূৰৱীয়ে বোলে কথাটো কনফিউজিং, মোৰ মতে ৰাৱনেহে বধ কৰিছিল ৷ প্ৰণিতাবায়ে বোলে হেৰৌ মৰতি ,তই ৰামায়ণ পঢ়ি ফালিব নালাগে, নাটৰ নামটো ভালকৈ মনত ৰাখ৷ কালি ধৰিত্ৰী শৰনীয়াই ফেচবুকত আমাৰ নাটক " সীতা হৰণ সুত্ৰধাৰী বধ" চাবলৈ আহিব বুলিয়েই ষ্টেটাচ আপলড কৰিছিল৷ ভাগ্যে মই দেখিলো বুলিহে৷
এনেতে, ইণ্ডিমা,অঞ্জলীবাইদেউ, ৰাস্না বাইদেউ, জাহ্নৱী গগৈ,পৰী, চুমু, ৰশ্মি, ফৰিজা, বিষ্মিতাকে ধৰি কেবাগৰাকী মহিলা পূৰৱী কটকীৰ ঘৰ পালেহি৷ লগত বন্দিতাক দেখি বিজয়ে ধমক মৰাদি কলে,
"ঘৰৰ কাম বন এৰি এতিয়া নাটক কৰিবানে ভাওনা কৰিবা?"
বন্দিতা:: ঘৰৰ কাম বন পিছত৷আগতে আমাৰ ভাওনাৰ মিটিং৷ যেতিয়ালৈকে তুমি আমাৰ ফলীয়া হৈ আমাক সহযোগ নকৰা ঘৰৰ কথা ভাৱিবলৈ নাই৷
বিজয়:: সেইবোৰ সৱ হৈ যাৱ৷ আমিবোৰে মিলাম নহয়৷
"কি মিলাবা হে বিজয়? আমি মিলোৱা মিলিত নাই৷"ইণ্ডিমাই বিজয়ৰ মুখতে ধৰিলে৷
ৰাস্নাবাই বোলে বিজয় আমাক সদায় ঠগি ঠগি তোমালোকে কামবোৰ কৰাই লোৱা৷ নামগোৱাত মতাসোপাৰ কলপাত কটাটোকো গামোছা পিন্ধোৱা৷ আমাৰ বোৰকতো মানটো বাদেই ভালদৰে মাত এষাৰো দিবলৈ সময় নাই৷ এইবোৰ নেচেল দেই৷ বিষ্মিতাই বোলে মোৰ জনকো ফোন কৰি কৈ দিছোঁ, এইবাৰ এৰাত নাই৷ বালিলৈ যিপাত সুগ্ৰীৱলৈও সেইপাত৷
"হেৰা,শুনাচোন৷ এইবোৰ বাদ দিয়া৷ ঘৰৰ কাজিয়া ঘৰতে ভাঙিম দিয়াচোন"- কলিতা ইঞ্জিনিয়াৰে আগে আগে আহি থকা পল্লুবৌক কথাখিনি কৈ কৈ সেইখিনি পালেহি৷ পল্লুবৌৰ মুখ ভোৰভোৰনিতে গম পোৱা যাই, এখুন্দা লাগি আহিছে৷ বিজয়ক সন্মুখত দেখি কলিতাই বোলে বিজয়, এইবোৰ কিহত সোমালা হে মহিলাবোৰে আমাক নমনাই হ’ল৷ বিজয়ে কিবা কোৱাৰ আগতেই পিছফালৰ পৰা বহীৰ নিচিনা এখন জোকাৰি বন্দিতা গগৈ বৰানী পূৰৱী কটকীৰ ঘৰ পাই ক’লে,
"আইসকল, সীতা হৰণ নাটক আনিলোঁ৷ এতিয়া কোনে কি ভাও গাব ঠিক কৰি আখৰা কৰাহে কথা৷"
পল্লৱী বৌয়ে বোলে মই কিন্তু আগতেই কৈছো, সীতাৰ পাৰ্ট হ'লে মই নলও৷ এজোৰ বগা কাপোৰৰ ড্ৰেছতে গোটেই নাটকখন কৰিব লাগিব৷ মোৰ দ্বাৰা নহ'ব৷
ইণ্ডিমাই বোলে ইয়ে ৰাম, মইও সীতা নহও পায়৷
জাহ্নৱীয়ে বোলে মই হ'লে ৰাণীৰ কিবা পাৰ্ট দিলে হে লম৷ নাটকত পাৰ্ট লম বুলি ফ্লিপ কাৰ্টত তিনিযোৰ বেনাৰসী পাটৰ কাপোৰ অৰ্ডাৰ দিলোৱেই৷ মোৰ কথা বাদ দিয়ক জীমনি বাইদেউৱে কাপোৰৰ ৰঙৰ লগত মিলা নেইল পলিছ, লিপষ্টিক সকলো অৰ্ডাৰ দিলেই৷ বিস্মিতাবৌয়েটো গহনালৈকে গোটালে৷
বিজয়ে দেখিলে কথা বিষমেই৷ অলপ নৰম সুৰত ক’লে,
"আইসকল, এষাৰ কথা কওঁ৷ আপোনালোকে ভাওনা কৰে যদি, ভালহে কথা৷ মাইকী মানুহে কি মতা মানুহৰ দৰে পোন্ধ মাৰি ভাও কৰিব৷ গতিকে, আমাৰ ভাওনা খনতে ভাও লওঁক৷ মাইকী ভাওকেইটা আপোনালোকৰ মাজত ৰওক আৰু মতা ভাওবোৰ পুৰুষে লওক৷ তাৰোপৰি ভাওনা ষ্টেজত হব যেতিয়া,বুঢ়ামেঠা সকলে আপত্তি কৰাৰ কথাই নাই৷"
"বোলে শাস্ত্ৰত এনেই কোৱা নাই নহয়,'তিৰীয়ে মুনিহে হৈবা এক মতি,তেহে সিজিব হৰিত ভকতি'৷ গতিকে,গোস্বামী বাইদেউ বিজয়ৰ কথাটোৱেই থাওক৷" কথাষাৰ কৈ কলিতা ইঞ্জিনিয়াৰে পল্লুবৌলৈ চালে৷
ইতিমধ্যে সোনটো আহি বিজয়ৰ কানে কানে কিবা ক'লে৷ বিজয়ে বোলে মই নকও, বন্দিতা এনেই জকি আছে৷ তইয়ে ক'৷
সোনটোৱে বোলে মই মাজতে কথা এটা কওঁ৷ "সীতা হৰণ বালি বধ" সুন্দৰ নাটক৷ ইয়াত মেইন ৰ'ল কেইটা আছে হনুমান, জাম্বুৱান, সুগ্ৰীৱ, বালি, জটায়ু, শূপৰ্ণশা৷ এতিয়া কথা হ'ল, এই পাৰ্ট কেইটা যি কেইগৰাকীয়ে ল'ব নিজৰ নাম কেইটা ড্ৰেছৰ ওপৰত লিখি লবলৈ নাপাহৰিব৷ কাৰন ভালুক, বান্দৰ, জটায়ু ইহতৰ ড্ৰেছ আৰু মুখাতটো আপোনালোকৰ মেক আপ , বানৰসী শাৰী কোনেও দেখাও নাপাব৷ আনকি ভাবি চাওঁক লিপস্টিকৰ ৰংটোও নেদেখিব৷
সোনটোৰ কথা শুনি অভিজিত কলিতাই সোনটোৰ পিঠিত চপৰিয়াই বোলে হ'ব দে সোনটো, তেওঁলোকে কৰিব খুজিছে কৰক৷ বিনা মেক আপত বান্দৰ ভালুকৰ ৰ'ল ফুটাই তুলিব পৰাটোও এটা কলা৷ আমি কাষৰ গাওঁৰ মহিলা কেইজনীমানকে আমাৰ দ্ৰোণ পৰ্বৰ মহিলা ভাওঁৰ বাবে কথা পাতোগৈ ব'ল৷ এৰা মহাভাৰতৰ ৰাজৰাণীৰ ভাও, কি গৰ্জিয়াছ ড্ৰেছ আৰু মেক আপ হ'ব৷ ভালেই পাব সিহঁতে কৰিবলৈ পালে৷
সোনটোৰ কথাখিনি শুনি কাঁহ পৰি জীন যোৱা মহিলা সকলৰ মাজত কাণে কাণে কথাৰ ফুচফুচ শুনা গ'ল৷
প্ৰনিতা বাই কিবা এটা ভৱাৰ দৰে ক’লে,
" বিজয়, তোমালোক এতিয়া যোৱা৷ আমাৰ মহিলা সকলে আজিৰ মিটিংত কিবা এটা সিদ্ধান্ত লম৷ তুমি, নালাগে কাকতিদাকে সন্ধ্যা এপাক মাতিছোঁ বুলি কবা৷"
প্ৰনিতাবাৰ লগত বহুদিন একেলগে ৰাজহুৱা কাম কৰা বিজয়ে প্ৰনিতা বায়েকৰ কথাত কিবা এটা বুজি পোৱাৰ দৰে হাঁহি এটা মাৰি সোনটো আৰু কলিতা ইঞ্জিনিয়াৰৰ লগত পূৰৱী কটকীৰ ঘৰৰ পৰা ওলাই আহিল.......
আগলৈ
******

আকৌ কুৰুক্ষেত্ৰ খণ্ড: 2

"ভাওনা হিচাপে নালাগে বুজিছা বিজয়৷ ভাওনা পতাটো ইমান সহজ কথা নহয় আৰু যোৱাবাৰ মহিলা সমিতিৰ সভানেত্ৰী প্ৰণিতাবাইদেউৱে কথা শুনায়ে থৈছে বোলে অহাবাৰৰ পৰা যিয়েই নকৰক মহিলা সকলকলৈহে কৰিব"
- সম্পাদক ৰিন্টুমনি দত্তই আৰম্ভ কৰিলে৷
কাকতিঃ- কথাটো কিন্তু ৰিন্টুৱে ঠিকেই কৈছে বিজয়৷ ভাবি চোৱা৷ ভাওনা বুলিলে মহিলা সকলে পাৰ্ট ল'ব নোৱাৰিব৷ তাতকৈ কিবা অলপ বেলেগ ভাবা৷
বিজয়ঃ-এটা কাম কৰিলে কেনে হয়৷ সাপো মৰক লাঠিও নাভাঙক৷
দত্তঃ- কি কাম?
বিজয়ঃ- অলপ মডাৰ্ণ ভাওনা পাতো৷ মহিলাকো ভাও দিও৷
কাকতিঃ- হেৰা, মানুহ মাৰিব খুজিছা? মহিলাক ভাও দিব গ'লে নিউজ চেনেল কেইটাত তোমাৰ মুখখন গোল এটাৰ ভিতৰত সুমুৱাই কাড় চিন মাৰি মাৰি দেখুওৱাটো বাদেই; ফেচবুকৰ ৱালে ৱালে তোমাৰ নামত যিমান গুৱালগালি পৰিব; তোমাৰ নিজৰে ভাওনা বাহিৰ হৈ যাব৷ এই গছত গৰু উথা কথা নকবা৷
গিলাচটো আগুৱাই দি কাকতিয়ে বোলে চাও ৰিন্টু পানী অকণ ঢালা৷
বিজয়ঃ- আপোনালোকে বুজা নাই৷ ভাওনা হিচাপত নহয়৷ নাট হিচাপে কৰক,তাকো নামঘৰত নহয়৷ আমাৰ স্কুলৰ পথাৰতে ষ্টেজ পাতি কৰোঁ৷ ডাবল ষ্টেজ একদম থিয়েটাৰৰ দৰে৷ মিউজিক, লাইট চব দি একদম নতুন ষ্টাইলত৷ মাত্ৰ নাটখন হে কৰ্ণ পৰ্ব বা দ্ৰোন পৰ্ব নিচিনা কিবা এখন লম৷ কষ্টিউমো নতুন৷ চাব, মানুহ দৌৰি দৌৰি আহিব৷
কাকতিঃ- আইডিয়া বেয়া নহয়৷ এনেকৈ হ'লে দুপইচা খৰচ কৰিও ভাল লাগিব৷ মানুহে অৰিজিত ভট্টাচাৰ্য্যৰ থিয়েটাৰ চাব যোৱাদি দৌৰি আহিব, কিন্তু৷ যি কি নহওক, মানুহক এন্টাৰ্টেইনমেন্টহে লাগে৷
দত্তঃ- বেয়া নহয়৷ পাৰিলে, দুজনমান চিৰিয়েল বা চিনেমাৰ হিৰ'ক পাৰ্ট ল'বলৈ যোগাৰ কৰিব পাৰিলে আৰু জমি যাব৷
বিজয়ঃ- আৰে আইডিয়া কাৰ? লগতে গায়ন বায়ন, সুত্ৰধাৰী যোগাৰ কৰা টেনচনটোও কমিব৷
দত্তঃ- পিছে, ৰাইজ মান্তি হ'ব জানো? ৰাইজক ভাওনাহে লাগে৷
কাকতিঃ- হে থোৱা হে৷ ভাওনাই পাতিছো, মাত্ৰ অলপ মডাৰ্নাইজ কৰা হৈছে৷ আজি কালি দেখোন সকলোতে ফিউজনৰ জমানা৷ বিহু গৈ বিহুসুৰীয়া গীত হ'ল৷ গছৰ তলৰ বিহু গৈ ষ্টেজত হ'ল৷ লোকগীত কীবৰ্ড,দ্ৰামছেট নহলে গাব নোৱাৰা হ'ল, মাঘ বিহুত চেনেলে চেনেলে বহাগ বিহুৰ দৰে ফাংচন পতা হ'ল, কোনেও দেখোন মাত নামাতে৷ আমি সংস্কৃতি জীয়াই ৰাখিবলৈ হে কৰিছোঁ৷ মানিবই লাগিব৷
বিজয়ঃ- মই চম্ভালি লম নহয়৷ চিন্তা নকৰিব৷ মহিলা সকলক কেৱল অলপ জেক দি দিলেই হ'ল৷ বাকী চিন্তা নাই৷ আজি নামঘৰত মুকুট ভট্টাচাৰ্যই শৰাই দিছে৷ বলক, তালৈকে যাওঁ৷ কথাখিনিও পাতোগৈ৷
কাকতিয়ে বোলে মতাত মোকো মাতিছিল৷ পিছে এওঁ নাই, কৰবাত বোলে পাৰ্টি আছে, ভাত কেইটা মইয়েই গৈ ৰান্ধিব লাগিব৷ তুমিয়েই যোৱা৷ দত্তইও বোলে বিজয়েই যোৱা মই আজি খেল নেৰো দেই৷ ইন্দিয়া শ্ৰীলংকাৰ খেল বুলিলে জানাই মোক৷ বিজয়ে সকলোৰে পৰা বিদায় লৈ ঘৰত ধূতিখন পিন্ধি নামঘৰ পালেহি৷
পুথি তিনি অধ্যায় পঢ়াৰ পাছত ৰাজহুৱা দেউৰী দ্বিজেন তামুলী দাই মাহপ্ৰসাদৰ প্ৰথম পাতখন মূলৰ পাঠক ৰামানুজ গোঁসাইলৈ আগবঢ়াই দিওঁতেই,গোঁসায়ে কথাটো উলিয়ালে-
"বোলো, ৰাইজ ভাওনাখনৰ কথা কি ভাৱিলে?"
ৰামানুজ গোঁসাই মূলত বহা মানুহ৷ তেওঁৰ কথা সকলোৱে মানো কৰে৷ ভাওনাৰ কথা ওলালত সোমেশ্বৰ বৰাই মাত লগালে,
"মই ল’ৰা হঁতক কেবাদিনো কৈছোঁ৷ এইবাৰ দৌলৎসৱতে পাতিলে কেনে হয়?"
"থোৱাহে, লৰাহঁতৰ কথা৷ সন্ধ্যা লাগিলেই ক’ত পানীটুপি পাই, কাৰ ঘৰত গাভৰু ছোৱালী আছে, চাই ফুৰোতেই যায়৷ আৰু সেইডাল ফেচবুক নে কি আছেই নহয় টিপি থাকিবলৈ“ -সদা খুড়াই মাত লগালে৷ ইমান সময় একো নমতাকৈ থকা সোমকান্ত দাইটিয়ে সদানন্দ দত্তই মুখতে ধৰিলে-
"ৰবাহে মিতা, লৰালুৰিৰ কথা বাদেই দিয়া৷ গাঁওখনৰ আমি বুঢ়াবোৰো কম নহয়৷ নামঘৰলৈ ওলাই আহিবলৈ বেমাৰে ব্যাধিয়ে হেঁচা মাৰি ধৰে৷ কিন্তু, বোৱাৰী- জীয়াৰীৰ লগত শাৰী পূৰাই টিভিৰ চিৰিয়েল চাবলৈ ভাল৷ হেৰা, লজ্জাবোধ নোহোৱাই হ’ল হে গোটেইসোপাৰ৷"
ভাওনা আদিত আগৰণুৱা পুৰণি সভাপতি জ্যোতিৰূপম দত্তই বোলে-
"হয় হে, গাওঁখনত ভাওনা নপতা পাঁচ বছৰ মানেই হ’ল দেখোন৷ সেইবাৰ পিচল মানুহ ওলাওতেই দ্ৰোণপৰ্ব খন মেলা৷ এতিয়ালৈকে অতখন ৰাইজ মিলি গাব নোৱাৰাটো কম কথানে? মই সভাপতি থাকোতেই মেলা৷ নতুন সভাপতি, সম্পাদকে কি কৰি আছে নাজানো আৰু৷ এইবাৰ ধৰিব লাগে দেই ৰাইজ৷"
গাঁওখনত নতুনকৈ আহি বহা গৌৰি তালুকদাৰ দাদাই ৰাইজৰ কথাতে হয়বৰ দি ক’লে,
"পাতবো লাগেতো ভাওনাখান৷ মই অহাৰ পা ভাওনা দেখাই পৱা নাই, এনাই হলি মই আৰ্মিত আচলো যদিও কিন্তু গাৱঁত ভাওনা পাতছি বুলি গম পালে তিৰি চলিৰ বেমাৰ বুলি কৈও আহি ভাওনাত পাৰ্ট লৈছল্লো দক৷"
মাজতে সোমকান্ত দাদাই বোলে সভাপতি- সম্পাদকৰ দেখোন দেখা দেখিয়েই নাই৷ গাঁওখনৰ এল পি স্কুলখনৰ মাষ্টৰ মানস শইকীয়ালৈ চাই ক’লে," হেৰি নহয় মাষ্টৰ, এইবাৰ নাটখন সেই জামুগুৰি চতিয়াৰ ফালৰ দৰে ব্ৰজাৱলীত কৰিলে কেনে হয়?"
"পাৰি অৱশ্যে৷ যোগাৰ কৰিব লাগিব৷" মাষ্টৰৰ কথা শুনি ইমান সময় খুটাৰ কাষত তামোল চোবাই বহি থকা অভিজিত কলিতা ইঞ্জিনিয়াৰে বিষয়টো আনফালে টানি আৰম্ভ কৰিলে,
" ৰাইজসকল, কথা এটা মন কৰিছেনে? আজিকালি নামঘৰলৈ অহা মানুহ কমিছে৷ মিটিং দিলেও আমি কেইটাই৷ গতিকে, ভাওনা পাতিবলৈ হলে সকলোৱে হাত উজান দিব লাগিব, কিন্তু৷"
"বোলো আজি দহবছৰ মান আগলৈকে আমি গাঁৱৰ মানুহ আছিলোঁ সত্তৰ ঘৰ৷ মাটিৰ দালাল বোৰে টিকা-টুকলি, ফৰিংতলী, লাহিতলী বোৰ কম পইছাতে কিনি প্লটিং কৰি বিক্ৰী কৰিবলৈ লোৱাত এঘৰ দুঘৰকৈ মানুহ বাঢ়ি আজি ডেৰশৰো ওপৰ হ’ল৷ মানুহ বাঢ়িল কিন্তু, নামঘৰ বা ৰাজহুৱা কামবনত মতি গতি থকা মানুহ নোহোৱা হ’ল৷ মাটিৰ ব্যৱসায় কৰিয়েই ধুৰ্জোতি আৰু অলকেশ বোলাতো কোটিপতি হ’ল৷ আমাৰ গাঁৱৰ ৰিণ্টুমণি, আদিত্য হঁতেও কেইটকামান গোটালে৷ বিজয়, তুমিও এইক্ষেত্ৰত পিছ পৰা নহয় অৱশ্যে৷ ধ্ৰুৱ জ্যোতিয়ে ল’ৰাহঁতক লগত লৈ ওজৰ-আপত্তি কৰাতহে ৰাইজে দুই-এপইছা পালে৷ তাৰোপৰি নতুনকৈ অহাসকলৰ নামঘৰত দপদপনিত পুৰণিখিনিৰ পাত্তাই নোপোৱা হ’ল৷ এনেবোৰ কাৰণতেই মানুহবোৰ নামঘৰলৈ অহা বাদেই দিছে৷ খোদ সম্পাদকেই আজিৰ দিনটোত উপস্থিত নাই"
-মাষ্টৰে বিজয়লৈ চাই কাট মাৰি ক’লে৷ মাষ্টৰৰ সুবিধা পালেই বিজয়ক খোচ এটা মৰাতো পুৰণি স্বভাৱ৷ সৰুকণৰ মাটিকণ বেচা-কিনাত বিজয়ে কিবা এটা দিয়াই দিম বুলি কৈয়ো ফুটাকড়ি এটা নিদিয়াত মাষ্টৰৰ ৰোষ বিজয়ৰ ওপৰত৷ পিছফালৰ পৰা কোনোবাই মাত লগালে বোলে এখেতৰ আৰম্ভ হলেই লেকচাৰ৷ মাষ্টৰে শুনিও নুশুনাৰ ভাও জুৰিলে৷ এনেতে, দেউৰীয়ে প্ৰসাদ ধৰিবলৈ কবলৈ আঠু লোৱাত 'অ’ আ হৰি অ’ আ ৰাম' বুলি সকলোৱে প্ৰসাদ খাৱলৈ ললে৷ বিজয়ৰ পেটে পেটে খং উঠিছিল যদিও ক্ৰোধ সামৰি আৰম্ভ কৰিলে,
"ৰাইজ মই সভাপতি সম্পাদকৰ লগত কথা পাতিলোঁ৷ দুইজনৰে আজি এৰাব নোৱাৰা ব্যস্ততা৷ ভট্ট দাক জনাইছেই বোলে৷ কথাটো হ'ল যে ভাওনা হ'ব৷ কিন্তু নতুন ৰূপত৷ থিয়েটাৰৰ দৰে ষ্টেজত পাতিম আৰু দুই এজন প্ৰখ্যাত শিল্পীকো মাতিম৷"
বুঢ়ামেথাই গেঙেৰি মাৰি ধৰিলত বিজয়ে মেনেজ কৰি ৰখা লংপেন্ট পিন্ধি অহা বাবে মূল নামঘৰৰ বাহিৰ ফালে ৰৈ মিটিং শুনি থকা ডেকা মখাই বোলে বিজয়দাৰ প্ৰস্তাৱটো আমি সমৰ্থন কৰিছো৷ আমি ডেকাবোৰ নহলে আপোনালোকে ভাওনা পাতিব যিহেতু নোৱাৰে গতিকে, আমাৰ মতেই হ'ব লাগিব৷ দুই এজনে কিবা ক'ব ধৰিছিল যদিও দিম্পল, যাজ্ঞ, সোনটো, ৰুপম, নৱকৃষ্ণ, সকলোৱে বোলে নাই আমাৰ মতেই হ'ব৷ মুঠতে এইবাৰ ভাওনা ষ্টেজত হ'ব৷ বিজয়ে লাহেকৈ সোনটোৰ ফালে চাই চকুটিপ মাৰিলে.....
(আগলৈ....)

আকৌ কুৰুক্ষেত্ৰ খণ্ড:১


নামঘৰত নালাগে বুজিছা বিজয়, মিটিংখন দত্তৰ ঘৰতে দিয়া৷ নামঘৰত মোৰ মাটিত বহিবলৈ অলপ প্ৰব্লেম হয়, জানাই নহয়৷ কাকতিদাই বিজয়ক কথাষাৰ কৈ দত্তলৈ মানে ৰিন্টুমনি দত্তলৈ ফোন লগালে৷ ৰিন্টুমনি দত্ত, গাঁৱৰ উন্নয়ন সমিতিৰ সম্পাদক৷ সম্পাদক মানে হাতে কামে একোটো নায়েই, ৰাজহুৱা মেল মিটিঙতো ছাঁটোকে দেখা পোৱা নাযায়৷সহকাৰী সম্পাদক বিজয়েই সকলো কৰিব লগা হয়৷ যোৱাবছৰ নতুন কমিতি গঠন কৰাৰ আগে আগে নামঘৰ উন্নয়নৰ বাবে পঞ্চাশ হাজাৰ টকাৰ দান আৰু নামঘৰৰ বাটচ'ৰাটো ককাকৰ নামত দিম বুলি কাৰোবাৰ আগত কোৱাৰ পিচতেই ৰাইজে একে ৰাতিয়েই গামোচা পিন্ধাই মিটিঙ পাতি তেওঁক সম্পাদক পাতি দিলে৷
অৱশ্যে দত্ত সম্পাদক হোৱাত হেমন্ত কাকতি মানে পুৰণি সভাপতিৰো অলপ হাত নথকা নহয়৷ কাকতিয়ে যোৱা বছৰৰ খৰচৰ বাৰ্ষিক প্ৰতিবেদন আজিলৈ দাখিল কৰিব পৰা নাই৷ জনাত সকলোৱে জানে যে গাৱৰ বাটটো নিৰ্মানৰ বাবে বিধায়ক পূঁজীৰ পৰা অহা ধনৰ সৎব্যৱহাৰ হোৱা নাই৷ তথাপি তেওঁৰ ওপৰত মাত মতা মানুহ গাঁৱত দ্বিতীয়জন নাই, সকলো জানিও কাকতিৰ বিৰুদ্ধে মাত মাতিবলৈ কাৰো সাহ নাই৷
পুৱাই বিজয়ে সভাপতি কাকতিৰ ঘৰ গৈ ৰাইজে ফাগুনৰ দৌল উৎসৱ বুলি ভাওনা এখন পতাৰ কথা মনস্থ কৰিছে বুলি অৱগত কৰে৷ পোনচাতেই কাকতীয়ে বোলে হেই ভাওনা কিয় হে, তাতকৈ বিহু আহি আছে এইবাৰ ভাল দামি আৰ্টিষ্ট এজন মাতি ফাংচন এখনহে পতাৰ কথা চিন্তা কৰিব লাগিছিল৷ আৰু যদি পৰা যায় বিহু বুলি বাম্পাৰ প্ৰাইজৰ লটাৰী এখন পতাৰ কথা ভাবা৷ বিজয়ে বোলে আজি কালি মানুহবোৰ অলপ সলনি হৈছে৷ যোৱাবাৰ বিহু ফাংচনৰ হিচাপ আপুনি নিদিয়াই বহুতে এইবাৰ মাঘ বিহুত পতা ভোগালী উৎসৱত দুই এজনে চাঁদা দিবলৈও অমান্তি হৈছিল৷ কাকতিদাই বোলে কিহৰ হিচাপ হে, হস্ত মেলা আৰু পিঠাপনাৰ গোটেই কালেকচন তোমাকে লবলৈ চাঞ্চ দিছিলো দেখোন, তাৰটো মই ভাগেই নাপালো৷ বিজয় মহন্তইবোলে সেই বাবেইটো কথাবোৰ যেন তেন মিলাই মিলি দিলো৷
এনেতে সিফালৰ পৰা ফোনত সম্পাদক দত্তই বোলে কাককতি দা কওঁক৷
কাকতি:::ৰিন্টু সন্ধিয়া ফ্ৰী থাকিবানে সৰুকৈ আলোচনা এটাও আছিল আৰু বহুদিন দুইটা একেলগে বহাও নাই৷
দত্ত:: পাৰি বহিব৷ ভাওনাৰ কথা চাগে৷ বিজয়ে কৈ আছিল কিবা৷
কাকতি:: তাকেই হে৷ সি মোৰ তাতেই বহি আছে৷ কিবা ভাওনা পাতে বোলে৷ নামঘৰতে মিটিংখন দিম ভাবিছিলো৷ পিছে তাৰ আগত বোলো আমি কেইটা বহি অংকটো অলপ মিলাই লও৷
দত্ত:: নামঘৰত নিদি ভালেই কৰিলে৷ মোৰো ধুটি ক'ত সোমায় আছে বিছাৰিব লাগিব৷ তাতে যোৱাবাৰ লংপেন্ট পিন্ধি নামঘৰ যাওতে মানস শইকীয়াই যিটো পোন্দোৱাকৈ চালে দেখা নাই৷
কাকতি:: থোৱা হে শইকীয়াৰ কথা যোৱাবাৰ দুৰ্গা পূজাত লংপেন্ট পিন্ধিয়েই বৰন ললে দেখোন৷ আমি সেইবোৰ নধৰো বুলিহে৷
দত্ত:: আৰু কোন কোন আহিব?
কাকতি: বেছি মানুহ নালাগে, মই বিজয়ক কৈছো, গায়নক মই মেনেজ কৰিব পাৰিম৷ বায়নক মেনেজ কৰিবলৈ বিজয় আছেই৷ আমি কেইটাই প্লেনিংটো কৰি পিছত সৰুকৈ মিটিং এখন পাতি থম ভাবিছো৷
দত্ত:: গোস্বামী বাইদেউক ক'লে ভাল আছিল নেকি? মহিলা সমিতিখন তেওঁৰ মতেই যিহেতু চলে৷
কাকতি:: গোস্বামী মানে প্ৰণিতা? আজি নালাগে৷ মই কালিলৈ এপাক তেওঁৰ তাত গৈ কম৷ আজি লগ পাইছিলো, কৰবাৰ বনকৰা ছোৱালী এজনীক মালিকে চৰিয়ালে নে কি, তাৰেই বাবে কিবা সমদল উলিয়াই ধৰ্ণা দিয়াৰ প্ৰস্তুতি কৰি আছে৷
দত্ত: বাৰু হ'ব৷ তেন্তে সন্ধিয়া আহক৷ মইও অলপ বজাৰত যাও৷
এনেতে বিজয়ে কাকতিক কিবা কবলৈ লয়৷ কাকতিয়ে দত্তক বোলে ৰিন্টু ৰ'বা বিজয়ে কিবা কয় বোলে৷
বিজয়:: ৰিন্টুদা, ভাওনাৰ কথাটো ফেচবুকত ষ্টেটাচ এটা দিও নেকি?
দত্ত:: তুমি চৰাই উৰাৰ আগত কনী উৰাই নুফুৰিবা ৰ'বা, সন্ধিয়া কথা পাতি লও৷
কাকতিদাক ফোনটো দি বিজয়ে বোলে, ভাওনাখন নামঘৰত নাপাতি ষ্টেজত পাতিলে কেনে হয়? কাকতি দাইবোলে আইডিয়া বেয়া নহয়৷ পাৰিলে দুই এটা ষ্টাৰ আনিলেও বেয়া নহয়৷ দেখা নাই আজি কালি ৰাসত চিনেমা একট্ৰেছ সকলক ৰাধা নাচিবলৈ মাতে৷ বিজয়ে বোলে মজা আইডিয়া৷ এনেই কথাটো উলিয়াই দিও নেকি যে এইবাৰ আমাৰ ভাওনাত যতিন বৰুৱাই ভিস্মৰ ভাও আৰু প্ৰস্তুতি খনিকৰে সীতাৰ ভাও ল'ব৷ কাকতিদাই বোলে তোমাৰ ধৈৰ্য বৰ কম হে, নাট কোনখন মেলিবা ঠিক কৰাই নাই যতিন প্ৰস্তুতিক ভিস্ম আৰু সীতাৰ ভাও দিলাই৷ মোৰ মতে নতুন এক্টৰ ল'ব লাগে৷ এই নতুন হিট অসমীয়া গান এটা যে আহিছে কিবা " ম'বাইলতে চুমা দিলো, ডাৰ্লিং তোমালোকক দেখিলে মোৰ দিলে কয় ইল্লু ইল্লু" , তাত পাৰ্ট লোৱা হিৰ'টো কিন্তু ভাল লাগিছে৷ তাক ক'ব পৰা যায়৷ বিজয়ে বোলে বঢ়িয়া হ'ব৷
আগলৈ........