Friday 20 February 2015

:::::::::বিলুপ্তিৰ পথত প্ৰকৃতিৰ চাফাই কৰ্মী:::::::

:::::::::বিলুপ্তিৰ পথত প্ৰকৃতিৰ চাফাই কৰ্মী:::::::
(এটা অনুৰোধ পোষ্টটো সময় উলিয়াই এবাৰ পঢ়ক আৰু আনকো জনাওক)
হয়, মই ৰামায়নত সীতাহৰনৰ বাতৰি দিওঁতা জটায়ু পক্ষী বা আমাৰ চিনাকী আকাশৰ ৰজা শগুণৰ কথাকে কব লৈছো ৷ ,৮০ ৰ দশকত প্ৰায় ৪ কোটিতকৈও অধিক শগুণ পোৱা গৈছিল কিন্তু বৰ্তমান এই চৰাই বিধৰ সংখ্যা কমিগৈ ৪হাজাৰত ৰৈছেগৈ ৷ যি আমাৰ পৰিবেশ তথা মানৱ জাতিৰ বাবে ক্ষতিকাৰক ৷ শগুনৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা থোৰতে জনাই থব বিছাৰিছো৷
1/ ভাৰতত মুঠ ৯ টা প্ৰজাতিৰ শগুণ পোৱা যাই তাৰে অসমত ৬ টা প্ৰজাতি আছে আৰু ইয়াৰে বগা পীঠিয়া আৰু লাহী ঠুতীয়া শগুণৰ প্ৰজাতি দুটা বিলুপ্তিৰ পথত ৷
2/ শগুণে গেলা পচা মৰাশ খাই পৰিবেশ চাফা কৰি ৰখাই নহয়, চবকা, টেটুৱা, জলাতংক আদি ৰোগৰ বিজানু বিয়পাত বাধা দিয়ে ৷
3/ ক্ষিপ্ৰ গতিত শগুণ নাইকীয়া হোৱাৰ মুল কাৰন 2004 চনত পক্ষী বিশেষজ্ঞ সকলে চিনাক্ত কৰিছে যে পশু চিকিৎসাত বিষ নাশক হিচাপে ব্যৱহাৰ কৰা " ডাইক্লফিনাক" মুল কাৰক ৷
4/ এশটা মৰাশৰ ভিতৰত যদি এটা মৰাশটো এক মাইক্ৰমিলিগ্ৰাম এই ঔষধ থাকে তেনে মৰাশ খাই শগুণ মৃত্যুমুখত পৰিব পাৰে
5/ 2006 চনত ভাৰত চৰকাৰে ডাইক্লফিনাকৰ উৎপাদন, বিক্ৰী আৰু ব্যৱহাৰ পশু চিকিৎসাত বন্ধ কৰিছে কিন্তু দুৰ্ভাগ্যৰ কথা মানুহৰ বিষ নাশক ঔষধকে পশু চিকিৎসাত বৰ্তমানেও ব্যৱহাৰ হৈ আছে ৷
6/ এই পক্ষীবিধৰ কৃটিম প্ৰজনন আৰু সংৰক্ষনৰ বাবে হাৰিয়ানাৰ পিঞ্জৰ, পশ্চিমবংগৰ বাস্কা আৰু অসমৰ ৰাণীত কেন্দ্ৰ আছে যত প্ৰায় 300 টা শগুণ কৃটিম প্ৰনালীৰে প্ৰজননৰ ব্যৱস্থা কৰা হৈছে ৷ ৰাণীত মুঠ 64 শগুণ আছে ৷
7/ শগুণে বছৰত এটাহে কণী পাৰে ৷
8/ জাৰ কালি আকাশত দেখা শগুণবোৰ পৰিভ্ৰমি হে, যি আকৌ কিছুদিন পিছত হিমালয়লৈ গুছি যায় ৷
9/ শগুণ কমি যোৱা বাবে কাউৰী কুকুৰ ইত্যাদিয়ে মৰাশ ভক্ষন কৰা হৈছে কিন্তু শগুণৰ দৰে সিহতে ৰোগৰ বিজানু হজম কৰিব নোৱাৰে যাৰ বাবে সেই কাউৰী কুকুৰৰ মল মুত্ৰৰ দ্বাৰা মানুহৰ দেহালৈকো বিভিন্ন ৰোগ সংক্ৰমন হৈছে ৷
10/ ৰাণীৰ এই শগুণ কেইটাক প্ৰাকৃতিক পৰিবেশত মুক্ত বিচৰন কৰিবৰ বাবে অহা দুই এবছৰৰ ভিতৰত এৰি দিয়া হব ৷ তাৰ বাবে তিনি হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল এটা বাচি লোৱা হৈছে ৷ এই অঞ্চল সামৰি লোৱা জিলা কেইখন হল শিৱসাগৰ, যোৰহাট, গোলাঘাট, উত্তৰ লক্ষিমপুৰ ধেমাজী, নগাঁও, ডিব্ৰুগড় শোনিতপুৰ আৰু কাৰ্বি আংলং ৷ গতিকে এই জিলা কেইখনৰ লোক সকলে এই নিৰিহ চৰাই বিধৰ সংৰক্ষনৰ ক্ষেত্ৰত কিছু সহায় বৈজ্ঞানিক সকলক কৰিব লাগিব ৷ তেতিয়াহে এই প্ৰজেক্ট সফল হব ৷

::::::আমাৰ কৰনীয়::::
1/ পশু চিকিৎসাৰ বাবে ডাইক্লফিনাকৰ পৰিবৰ্তে মেলক্সিকেম ব্যৱহাৰ কৰিব লাগিব তথা আনকো জনাব লাগিব ৷
2/ ওখ গছ যেনে চতিয়না শিমলু আদি কটাৰ পৰা বিৰত থাকিব লাগিব
3/ মৰাশত যাতে বিহ দিয়া নহয় আৰু বহুদিন ৰোগত আক্ৰান্ত হৈ থকা গৰু মহ আদি যাতে পুতি পেলোৱা হয় ৷
4/ শগুনৰ পোৱালী, আঘাট প্ৰাপ্ত বা মৃত শগুন দেখা পালে তৎক্ষনাত যাতে বন বিভাগত খবৰ দিয়ে ৷
5/ আহক নিজেও এই সংৰক্ষণৰ অংশিদাৰ হঁও আৰু আনকো সজাগ কৰো ৷

No comments:

Post a Comment