Friday 20 February 2015

তুমি তোমাৰ দৰেই......

তুমি তোমাৰ দৰেই......
তুমিটো নোহোৱা আনৰ দৰে
তুমি মোৰ প্ৰেয়সী মোৰ কল্পনাৰ দৰেই ৷
তুমিতো নহয় ৰজনীগন্ধা
শয়ন কোঠা শুৱনী কৰা এনিশাৰ বাবে,
তুমি ৰক্তজৱা
হৃদয়ত ফুলা এপাহ গোলাপৰ দৰে ৷
তুমিটো নহয় সময়ে সলনি কৰা ঋতুৰ দৰে
অথবা আনে কল্পনা কৰা প্ৰেমিকা জোনৰ দৰে ,
পূৰ্ণিমাত হৃদয় জুৰাই অমানিশাত আতৰি যোৱাৰ দৰে ৷
তুমিটো মোৰ জীৱনৰ প্ৰতিটো পুৱাৰ সুৰুজ,
চিৰনতুন এক উৎসাহৰ দৰে ৷
তুমিটো নহয় এচাতি বতাহৰ দৰে,
গ্ৰীষ্মত দেহ জুৰাই শীতত দেহা কঁপোৱা সমীৰৰ দৰে ৷
তুমিটো মোৰ উশাহৰ দৰে,
জীৱনত যাৰ প্ৰয়োজন জীয়াই থকাৰ বাবে ৷

তুমিটো মোৰ ছাটোও নহয়........
আন্ধাৰত হেৰাই যোৱা বা
পোহৰত খোজ দিযা কাষে কাষে ৷
তুমিটো মোৰ ৰঙা তেজ,
ধমনী আৰু সিৰাই সিৰাই বৈ থকা জীৱন থকালৈকে ৷
তুমি নোহোৱা মোৰ প্ৰেমৰ বেদীৰ প্ৰতিমা,
যাক দলিয়াই দিয়া হয় এদিনা,
তুমি মোৰ হৃদয়ৰ মনিকুটত সজাই থোৱা প্ৰেমৰ থপনা .........

No comments:

Post a Comment