Friday 20 February 2015

প্ৰেম ভালপোৱা আৰু জৈৱৰসায়ন

প্ৰেম ভালপোৱা আৰু জৈৱৰসায়ন

প্ৰেম, সকলোৰে জীৱনলৈ সংগোপনে নামি অহা এক মধুৰ অনুভৱ ৷ প্ৰেমত ফুলিছে শতদল,
প্ৰেমত ঘুৰিছে ভূমন্ডল ৷ সৃষ্টিৰ আদিৰ পৰা বৰ্তমানলৈকে কিমান কাহীনি কিমান উপন্যাস
কিমান গীত সংগীত কবিতা চিত্ৰ সৌধ ইত্যাদি এক মাত্ৰ এই বিষয়টোৰ ওপৰত সৃষ্টি হল তাৰ কোনো হিচাপ নাই ৷ কিমান লেইলা মজনু হীৰ ৰাঞ্জা ৰোমিঅ জুলিয়েট এই প্ৰেমৰ বাবে বিখ্যাত হল, কিমান জন প্ৰেমৰ বাবেই মৃত্যু হল তাৰ হিচাপ নাই ৷ এই প্ৰেমৰ বাবেই ট্ৰয় ধংস হল আৰু এই প্ৰেমৰ বাবেই তাজমহল সৃষ্টি হল৷ প্ৰেম শ্বাশ্বত সত্য সুন্দৰ ঐশ্বৰিক অনুভুতি, যাক ভাষাৰে বুজোৱা কঠিন ৷ কোৱা হয় প্ৰেম অন্ধ, কাক কেতিয়া কেনেকৈ ভাল লাগি যায় কব নোৱাৰি ৷
প্ৰেম কৰা নাযায় হৈ যায় ৷ প্ৰেমৰ কথা কৈ ওৰ নপৰে ৷ পিছে আজি প্ৰেমৰ বৈজ্ঞানিক বিশ্লেষণ কৰিম ৷

হয়, প্ৰেম এক অনুভুতি পিছে এই অনুভুতি সৃষ্টি আৰু নিয়ন্ত্ৰিত
হয় কিছুমান জৈৱৰসায়নিক পদাৰ্থৰ বাবে ৷ এই পদাৰ্থ সমুহে আকৰ্ষণ আবেদন
আৰু দীৰ্ঘস্থায়ী সম্বন্ধ সৃষ্টি কৰাত বিশেষ ভূমিকা গ্ৰহন কৰে ৷ সঠিক সময়ত সঠিক
পৰিমানত দেহত এই ৰসায়নিক পদাৰ্থসমুহ সৃষ্টি হোৱাতো এটা সম্বন্ধৰ সৃষ্টি স্থিতি
আৰু ধংস হোৱাতো বিশেষ ভাবে নিৰ্ভৰ কৰে ৷

বৈজ্ঞানিক সকলৰ মতে অক্সিটচিন নামৰ হৰমন বিধেই মৰম ভালপোৱা আৰু সম্বন্ধ
স্থাপন হোৱাৰ প্ৰাৰ্থমিক জৈৱযৌগ৷ এই হৰমন বিধ প্ৰস্থ পিটুইটেৰী গ্ৰন্থীৰ পৰা নিৰ্গত
হয় ৷ মাক আৰু শিশুৰ মৰমৰ দীৰ্ঘস্থায়ী বন্ধনৰ কাৰনো প্ৰসৱকালত সৃষ্টি হোৱা
এই হৰমন বিধেই ৷ এপলক ভালপোৱা গৰাকীৰ চকুৰ মিলনে দেহত অক্সিটচিন
সৃষ্টি কৰি মৰমৰ গভীৰতা বঢ়াই তুলিব পাৰে ৷ ইয়াৰ উপৰিও স্পৰ্ষ, শব্দ গন্ধ সকলো
পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা প্ৰভাৱিত হয় এই হৰমন বিধ ৷
দৈহিক পৰিশ্ৰমৰ বা ব্যায়ামৰ ফলত আমাৰ দেহত ডপামাইন সৃষ্টি হয় ৷ এই ডপামাইনে
অনুভুতি সৃষ্টি কৰে ৷ টাইৰ'চিন নামৰ এমিন এচিড বিধৰ পৰা এই ডপামাইন সৃষ্টি হয়৷
পুৰুষ মহিলাৰ ফেৰমন আৰু সুগন্ধী দ্ৰব্যই দেহত এন্ডৰ্ফিন সৃষ্টি কৰে যিয়ে সুখৰ
অনুভুতি প্ৰদান কৰে ৷
অক্সিটচিন ভেচপ্ৰেচিন টেষ্টষ্টেৰন ইত্যাদি হৰমনৰ বাবেই মৰম ভালপোৱা অটুট
থাকে ৷
গতিকে এই ৰসাযনিক যৌগ সমুহৰ সৃষ্টি নিয়ন্ত্ৰন আৰু সুপৰিচালন দেহত কৰি
ৰাখিব পৰাটোৱেই মৰম ভালপোৱা সম্বন্ধ ৰক্ষাৰ মুল চাবি কাথি ৷

No comments:

Post a Comment