Thursday 17 October 2013

ব্ৰেকিং নিউজ ::::::::::আই লাভ মহিচা চুৰ (ব্যঙ্গ ৰছনা)


  • পূজা থলিত লাইভ দেখুৱাম লাইভ দেখুৱাম বুলি হাতত কেমেৰা লৈ পিন পিনাই থকা ফিউজ লাইভৰ সাংঘাটিক জনক মানে সাংবাদিক জনক দেখি মিচেচ কেকটি অলপ আগবাঢি গ’ল ।
    মিচেচ কেকটি : এচকিুজ মি লাইভ নেকি বাৰু ?
    সাংঘাটিক : হয় হয় এক্স ক্লুচিভ লাইভ ।বাইদেউ আপুনী বাৰু পুজাথলীত কিয় আহিছে ?
    মিচেচ কেকটি : পুজাথলীত কিয় আহিছে প্ৰশ্নটো শুনি চকুদুটা বহলকৈ মেল খাই গৈছিল যদিও শাৰীখন ঠিক ঠাক কৰি কেকটিয়ে বোলে, ইউ ন’ এই খন পূজা থলীত আমি মানে টেন থাউজেন্ড ডনেচন দিছো । আৰু মোৰ এও মানে এটা বাফেল’ (বাকি খিনি ক’বলৈ সুযোগ নিদি সাংঘাটিকে আকৌ প্ৰশ্ন কৰিলে)
    সাংঘাটিক : আপুনী পূজাত কি ল’লে ?
    মিচেচ কেকটি : গ্রেন্ড আই টেন
    (এনেতে কেমেৰা দেখি জীৱনত এবাৰ কেমেৰাৰ আগত থিয় দিবলৈ দূৰ্বাৰ হেপাহ থকা কলিতাও ঠেলা হেচা কৰি ভিৰ ফালি কেমেৰাৰ আগত থিয় হ’ল, আৰু নিজেই মাজে মাজে স্কিপ্ৰত নথকা ডাইলগ মাৰি গ’ল) সাংঘাটিক : নহয় মানে কাপোৰৰ কথা সুধিছো । শাৰীখন কোনে দিলে, আৰু কি কি ল’লে পূজাত ?
    কলিতা : হয় মইও দিছো আমাৰ এওক.............
    সাংঘাটিক : অ বাইদেউক আপূনি দিছে ।
    মিচেচ কেকটি : (মাইক্ৰ ফোনটো নিজৰ ফালে টানি) নহয় নহয় এখেতক মই চিনি নাপাও, এও মোক নাই দিয়া, মোৰ হাবিয়ে মোক গিফ্ট দিছে, ১৮ থাউজেন্ড, ইউ ন’ ,ডিজাইনাৰ কালেকশ্চন, ক্লাচিক বুটিকছৰ পৰা আনিছে ।
    (তেনেতে কেকটিৰ সৰু ছোৱালীজনীয়ে মাকৰ শাৰীখনত টানি ধৰি কবলৈ ধৰিলে) কেকটনিৰ ছোৱালী : মাম্মি মাম্মি দত্তনি আন্টিক টি ভি চাবলৈ কল কৰি দিয়া না.............
    সাংঘাটিক : অ’ মাইনা, তোমাক ধুনীয়া লাগিছে দেই, কোৱাচোন পূজাত তুমি কি চাই ভাল লাগিল ? কলিতা : হয় মোৰ পূজাত আপি চাই……………
    কেকটনিৰ ছোৱালী: (কলিতালৈ ঘোপাকে চাই )মোক সুধিছে মই কম, মই কম, অ’ মোৰ লাইটিং চাই ভাল লাগিছে আৰু মহিচা চুৰটো ভাল লাগিছে । আই লাভ মহিচা চুৰ ইউ ন’? ইমান কিউট, ব্লেক কপ্লেকশ্চনৰ যদিও ফিগাৰটো পূৰা জিম কৰা যেন লাগে । আৰু চিক্স পেকচ বডিটো মাইন্ড ব্লয়িং, একদম আমাৰ পাপাৰ নিছিনা ।
    সাংঘাটিক : এইয়া আমি দেখিবলৈ পাইছো, কন কন শিশু সকলে এইবাৰ পূজা বহুত এনজয় কৰিছে আৰু মহিষাসুৰক বহুত ভাল লাগিছে বুলি কৈছে। ভন্টি তুমি মহিষাসুৰ কোন জানানে?
    কলিতা : হয় হয় মই জানো..................
    কেকটনিৰ ছোৱালী: মাম্মিয়ে কৈছে মহিচা চুৰ এজন ভিলেইন আছিল ।গুদ পিপ’ল বোৰক দিগদাৰ কৰিছিল, বাফেল’ বোৰ চুৰ কৰিছিল, তেতিয়া দূৰ্গা গডে টাইগাৰত বহি ফাইটিং কৰি (এনেতে ষ্টুডিঅ’ৰ পৰা স্নিগ্ধ নিশাই প্ৰশ্ন কৰে)
    স্নিগ্ধ নিশা: সাংঘাটিক শুনিছানে ?
    সাংঘাটিক : হয় স্নিগ্ধ নিশা
    স্নিগ্ধ নিশা: সাংঘাটিক আজি পূজাৰ মহা নবমী, কালিলৈ দশমী । ইমান আগ্ৰহৰে মানুহবোৰে চাই থকা পূজা মন্ডপবোৰ কালিলৈ নিজান পৰিব ।লাইটবোৰ নোহোৱা হব, অফিচ বোৰ আকৌ খোল খাব ।মানুহবোৰ আকৌ দৈনন্দিন কৰ্ম ব্যস্ততাত সোমাই পৰিব । আকৌ আমি এবছৰ অপেক্ষা কৰিব লাগিব । কালিলৈ যে দেৱী বিসৰ্জন দিব তোমাৰ কাষত থকা মানুহ কেইজনক সোধাচোন কেনেকুৱা লাগিব ?
    সাংঘাটিক : হয় হয় স্নিগ্ধনিশা মই ভাল দৰে শুনা নাই, প্ৰশ্নটো আকৌ এবাৰ কৰিবা নেকি ?
    স্নিগ্ধ নিশা: হয় সাংঘাটিক আজি পূজাৰ ……….(দুই মিনিট দীঘল প্ৰশ্নটো আকৌ এবাৰ স্নিগ্ধ নিশাই ৰিপিট কৰে) সোধাচোন কেনেকুৱা লাগিব ?
    সাংঘাটিক : হয় স্নিগ্ধ নিশা, শুনিছো (সাংঘাটিকে কেমেৰালৈ চাই ম’বাইলত ফোন কৰি মাজে মাজে হাঁহি থকা মানুহ এজনৰ মুখত মাইক্ৰফোনটো দি প্ৰশ্ন কৰে) কওকচোন আজি পূজাৰ নবমী, কালিলৈ মহাদশমী । নিজান মন্ডপ বোৰে কালিলৈ পূজা কৰিব ।মানুহবোৰে চাই থকা লাইটবোৰ নোহোৱা হৈ যাব ।ইমান আগ্ৰহৰে অফিচ বোৰ আকৌ খোল খাব ।দেৱীয়ে আকৌ এবছৰ অপেক্ষা কৰিব লাগিব ।দৈনন্দিন কৰ্ম ব্যস্ততাত থকা দেৱীয়ে মোৰ কাষত থকা মানুহ কেইজনক কালিলৈ বিসৰ্জন দিব ।আপোনাৰ বাৰু কেনেকুৱা লাগিব ?
    স্নিগ্ধ নিশা: হয়তো সাংঘাটিকৰ লগত মোৰ ৰিলেশ্চন ব্ৰেক আপ হৈছে, ক্ষমা কৰিব কানেকশ্চন কাট অফ হৈছে ক্ষমা কৰিব (এহ কি যে আছিল লাইনটো)। এতিয়া আমি যাম অথনিৰ পৰা হাতত মাইক্রফোন লৈ মূৰ দুপিয়াই থকা তেজপুৰৰ লাইভ শইকীয়াৰ কাষলৈ ।,,

No comments:

Post a Comment