Friday 15 August 2014

ডেম পেহা, চীনা যুদ্ধ আৰু আন বহুতো ( ৰস ৰচনা,,,,খন্ড ১)

ডেম পেহা, চীনা যুদ্ধ আৰু আন বহুতো ( ৰস ৰচনা,,,,খন্ড ১)

ডেম পেহা, আমাৰ শৈশৱকালৰ পাহৰিব নোৱাৰা চৰিত্ৰৰ ভিতৰত এজন । ডেম পেহাৰ লগত যদিও তেজমঙহৰ সম্বন্ধ নাই তথাপি আমাৰ গাঁওৰ ঘৰখনৰ লগত তেঁওৰ এটা সুকীয়া সম্বন্ধ আছিল ।ডেম পেহাৰ এটা চকু নাই, তাত পাথৰৰ চকু এটা লগোৱা আছিল ।ভালে থকা চকুটো লৰ চৰ কৰে যদিও পাথৰৰ চকুটো টেলেকা হৈ থাকে যাৰ বাবে সৰুটে বৰ ভয় খাইছিলো ।পিন্ধনত গৰমৰ দিনত খাকি ৰঙৰ বহল হাফ পেন্ট আৰু বাহুলৈকে পৰা গেঞ্জি আৰু ঠান্ডা দিনত খাকি লং পেন্ট আৰু খাকি ৰঙৰ চুৱেটাৰ ।আমি পুলিচ বুলিয়ে ভাবিছিলো আৰু মাহঁতেও আমাক তেনেদৰেই কৈছিল ।ডাঙৰ হৈহে গম পাইছিলো তেঁও আচলতে মিলিটেৰিত কাম কৰা মানুহ এজনৰ ঘৰৰ ভাত ৰান্ধনি আছিল আৰু আমাৰ ককা হঁতৰ ঘৰতো ইটো সিটো কামত সহায় কৰি দিছিল ।আটাইতকৈ ডাঙৰ ভয় লগা বিষয়টো আছিল তেঁওৰ মোচ কোছা । মোচৰে মানুহ বান্ধি নিয়ে বুলি এটা প্ৰবাদো শুনিছিলো ।ডিম্বেশ্বৰৰ পৰা ডেম পেহা নাম পোৱাৰ আৰৰ কাহিনিটোৱো আছিল তেঁওৰ মোচকোছা, কাৰন সেই সময়ত তেনে মোচ থকা আন চৰিত্ৰটো আছিল শিশু আলোচনী সফুঁৰাৰ ডেম পেহা ।দুয়োটা চৰিত্রই আমাৰ প্ৰিয় আছিল। যি কি নহওক সৰুতে মাহঁতে ভয় খুৱাবলৈ হ’লে ডেম পেহাক কৈ দিম বুলি কৈ দিলেই সুৰ সুৰকৈ ভাত খোৱাৰ পৰা, গা ধুৱা সকলো কাম নিয়াৰিকৈ কৰি পেলাইছিলো ।অলপ যেতিয়া ডাঙৰ হ’লো তেঁওলৈ ভয়টো কমিল আৰু আমি তেওঁক এটা খুহুটিয়া চৰিত্ৰ বুলিহে ভাবিব ধৰিলো ।

সৰুতে মাঘৰ বিহুত বিহু ঘৰ সাজি আমি যথেষ্ট উৎপাত কৰিছিলো । পথাৰৰ মাজত সজা বিহু ঘৰত কি কৰিছো তাৰ তদাৰক কৰিবলৈ দেউতাহঁতে ডেম পেহাক নিয়োগ কৰিছিল । ভোজ ভাত খোৱাৰ পিছত বয়সীয়াল লোক সকল ঘৰা ঘৰি যোৱাৰ পিছত অৰ্থাৎ মাঘৰ বিহুৰ আটাইতকৈ আমোদজনক চুৰি কাৰ্য্যবোৰ আৰম্ভ কৰাৰ আগত খাকি লং পেন্ট, খাকি ৰঙৰ চুৱেটাৰ এড়ি চাদৰ, হাতত তিনি বেটাৰী টৰ্চ, মুখত ইংৰাজী দৰব বিধৰ মিলমিলিয়া গোন্ধ আৰু টেলেকা চকুটোৰ সৈতে ডেম পেহা আমাৰ বিহু ঘৰত আহি উপস্হিত হয় ।আৰম্ভ হয় তেঁওৰ যৌৱন কালৰ বিৰত্বৰ মনে সজা কাহিনী ।কাহিনিবোৰ সৰুটে সঁচা যেন লাগিছিল যদিও ডাঙৰহৈ অহাৰ লগে লগে বুজি উথিছিলো ।

বিহু ঘৰত দুই এটাই ঘৰৰ পৰা পিঠা আনো বুলি ডেম পেহাক ফাঁকি দি আৰ তাৰ ঘৰৰ দুই এডাল জেউৰা মাজে মাজে সৰকাই আনে, সৰু চাম ব্যস্তহৈ থাকে ডেম পেহাক কথাৰ জালত বান্ধি ৰাখিবলৈ যাতে পিছদিনা গৃহস্হ সকলে কম্পপ্লেইন কৰিলে ডেম পেহাই কব পাৰে যে আমাৰ বিহুঘৰৰ ল’ৰাই চুৰ কৰা নাই কাৰন মোৰ লগতে আছিল ।যি কি নহওক ডেম পেহাৰ আটাইতকৈ ৰসাল কাহানিটো হ’ল চীনা যুদ্ধৰ কাহিনি, যিটো প্ৰতি বছৰ বিহুত আমি শুনিমেই ।কাহিনিটো কবলৈ বহুত কাকুতি মিনতি কৰাৰ পিছত পেহাই এই দৰে আৰম্ভ কৰে ।

“ নাইন্টিন চিক্সটি টু, মই তেতিয়া ইন্দিয়ান আৰ্মিৰ চিখ ৰেজিমেন্টত টেঙ্কৰ ড্ৰাইভাৰ ।
আমাৰ প্ৰশ্ন: “পেহা চিখ ৰেজিমেন্টত বোলে পাঞ্জাৱী মানুহ হে থাকে ?
পেহাই বোলে তঁহতে মোক ডেকা কালত দেখা নাছিলোটো ।মোৰ যি দাড়ি আছিল ভাল ভাল পাঞ্জাৱীৰ মুখটো মই আজিও দেখা নাই ।চুলিও একদম বাহুলৈকে পৰা ।মিলিটেৰি ট্ৰেইনিং মাৰি থকাৰ সময়ত মোৰ কামান্ডাৰে ক’লে “ডিম্বেশ্বৰ তুমক’ দেখটা টো পুৰা পাঞ্জাৱী হায়, তুমক’ হাম চিখ ৰেজিমেন্ট দিয়া” বুজিলি সেই তেতিয়াৰ পৰাই মই চিখ ৰেজিমেন্টত ।
আমাৰ প্ৰশ্ন: কিন্তু পেহা আমিতো সৰুৰে পৰা তোমাক গাঁওতে দেখি আছো, মিলিটেৰিত কেতিয়া আছিলা ?
পেহাৰ উত্তৰ : মই যেতিয়া মিলিটেৰিত আছিলো তই কি তোৰ বাপেৰো জন্ম হোৱা নাছিল, আজি তোৰ ককাৰ জীয়াই থকা হ’লে ক’লে হয় এই ডিম্বেশ্বৰে টেংকলৈ গাঁওলৈ অহা কথা ।যি কি নহওঁক মোৰ তেতিয়া পষ্টিং কাশ্মিৰত, বিহুৰ ছুটিলৈ ঘৰত আছো ।মানিক মহলদাৰৰ ঘৰত তেতিয়া এটা ডাঙৰ মাৰ্ফি ৰেডিঅ’ৰ বাকচ আছিল, মহলদাৰে বাতৰি দিয়াৰ সময়ত মাইকত লগাই গোটেই গাঁওক শুনাই । শুনিলো চীনাই অসম আক্ৰমন কৰিছে ।মোৰ তেজ গৰম হৈ গ’ল, ৰাতিয়েই চহৰত গৈ হেডকোৱাটাৰ পালো, ইফালে লক্ষিন্দৰ বোলা চাপ্রাচিটো দৌৰি আহিছে টেলিগ্ৰাম এখন লৈ ।বৰ চাহাবে দিছে যে “ইয়ৰ ছুটি কেনচেল, কাশ্মিৰ কেনচেল, ফাইট ইন আচাম” ।
লগত লগত হেডকোৱাটাৰৰ পৰা টেংক এখন লৈ ১০ টা মান মিলিটেৰি লগত লৈ বালিপাৰা হৈ তোৰ বমডিলা পাই গ’লো ।ইফালে চীনা আহি বমডিলাত বম দিছে ।
আমাৰ প্ৰশ্ন: সেই কাৰনে নাম বমডিলা নেকি বাৰু পেহা?
পেহাৰ উত্তৰ : নহয় কি? বিশ্ব যুদ্ধৰ সময়ত ৰাচিয়াৰ ৰজা হিটলাৰে আমাৰ নাগালেন্ডত বম দিয়া বাবে এটুকুৰ জেগাৰ নাম নাগাচাকি হ’ল আৰু চীনাই বম দিয়াৰ বাবে বমডিলা (বি দ্ৰ: ভাগ্য ভাল ডেম পেহাৰ এই বোৰ কথা কোনো বুৰঞ্জী বা ভূগোলৰ শিক্ষকে শুনা নাছিল, শুনি আছিলো আমি ভো ভো পণ্ডিত কেইটাইহে) ।
মইও টেংকৰে গুলীয়াই আছো থাই থাই থাই, সিহঁতেও আমাক গুলিয়াই আছে ।
(সৰু পোৱালী কেইটা ভয়ত পেহাৰ আৰু কাষ চাপি গ’ল ।তাৰে এটাই বেচি জনাতো হৈ ক’লে বোলে জান’ পেহাৰ যে চকুটো এই খন যুদ্ধতে গুলি লাগি ফুটিছিল, ন’ পেহা ?একদম গুলী চকুৱেদি সোমাই পিচফালে ওলাই গুছি গৈছিল । আন এটাই বোলে ধ্যেৎ তই বেছি জান’ সেইখন মানৰ যুদ্ধহে আছিল ।এটাই বোলে মানৰ যুদ্ধ নাইন্টিন ফৰ্টি টুত হে হৈছিল, আন এটাই বোলে ধ্যেৎ নাইন্টিন ফৰ্টি টুত ভাৰতৰ স্বাধিনতা আন্দোলনহে, নাইন্টিন চেভেনটি টুত পাকিস্হান আৰু ভাৰতৰ যুদ্ধতহে পেহাৰ চকু ফুটিছিল । পেহাও কনফিউজড হৈ গ’ল, কাক বা কোনখন যুদ্ধ ক’লো , তথাপি কথাটো তাতে ব্ৰেক মাৰি পেহাই বোলে কোনোবা এটা টু আছিল পাহৰিলো ৰ' তাৰ পিছত কি হ'ল শুন । এটা গুলী আহি আমাৰ টেংকৰ ড্ৰাইভাৰ কৰম সিং বোলাটোৰ গাত যেই লাগিল মোৰ তোৰ খঙে চুলিৰ আগ পালেগৈ, টেংকৰ পৰা নামি দুই নলীয়া বন্দুকটোলৈ গ’লো খেদি ।সোপাকে পলাল, তাৰে এটাক ধৰিলো পিছ ফালৰ পৰা চোলাত খামুচি ।সি বোলে হামাক চোৰ দ’ , হামাক চোৰ দ’ ।
মই বোলো বেটা তোক বেটা চৰি দিব লাগে, দিলো কানতলিয়া চৰ দুটা ।
আমাৰ প্ৰশ্ন: পেহা পেহা চীনা মানুহে চীনা ভাষাথে কথা পাতে, তোমাৰ লগত হিন্দীত কথা কেনেকৈ পাতিলে?
পেহাৰ উত্তৰ :ৰ’ চোন মাজত মাতি নাথাক,মই এতিয়া মানুহটো তঁহতৰ ডেম পেহা নহয়, নাইন্টিন চিক্সটি টুৰ জোৱান ডিম্বেশ্বৰ কলিতা, যুদ্ধ কৰি থকাৰ সময়ত দিগদাৰ নকৰ । অ ৰ’ ক’ত আছিলো, অ’ চৰটো মাৰি টেটুটোত চেপিব লৈছো আৰু, তাৰ মুখ খন দেখিটো মোৰ বেয়া লাগি গ’ল, একদম আমাৰ গাঁওৰ ইন্দ্ৰেশ্বৰৰ সৰু ল’ৰা বোধেনৰ লগত সাইলাখ একে । এতিয়া বোধেনক মই কোচতলৈ ডাঙৰ কৰা, তাৰ নিচিনা একে চেহেৰাৰ ল’ৰাটোকনো মাৰো কি দৰে ? আৰু তই যে অথনি সুধিছিলি চীনাই হীন্দী কেনেকৈ কয়? তই অসমৰ বাহিৰত গ’লে অসমীয়া কবি নে হিন্দী কবি? চীনা বোৰেও ভাৰতলৈ অহাৰ আগত হিন্দী শিকি লৈছিল, বুজিলি গৰু ।অ’ তাৰ পাছত তাক মৰমতে মনে মনে আমাৰ কেম্পলৈ লৈ আহিলো । মোৰ কাপোৰজোৰ পিন্ধাই দি ক’লো এতিয়া তোক মাৰিব নালাগে যদি আমাক ইনফৰমেশ্চন দে ।সি দিয়া ইনফৰমেশ্চন মতে আমি বহুত চীনা মাৰিলো ।ভাৰত জিকিল আমি আকৌ ছুটিত আহিলো । আহিবৰ সময়ত সি বোলে দাদা মইও আপোনাৰ ঘৰ যাম ।লৈ আনিলো তাক, প্ৰায় দুবছৰ মান ইন্দ্ৰেশ্বৰ কাইটিৰ ঘৰত হালোৱা হৈ থাকিল ।পিছত মোৰো বেয়া লাগিল, হাজাৰ হঁওক সিও এখন দেশৰ সৈনিক, তাৰ গাত নো কি দোষ? সিও এদিন মোক ক’লে বোলে ককাইদেউ ঘৰলৈ বৰ মনত পৰিছে, মই বোলো যা গৈ যা, টকা পইছা অলপ দি অৰুনাচল পাহাৰহৈ পথিয়াই দিলো। (আচলতে ডেম পেহাই যি জন মিলিটেৰিৰ ঘৰত আছিল, তেঁওলোকৰ মুখত শুনা কথাবোৰেই আমাক ইফাল সিফালকৈ মিলাই একোটা কাহানি কৰি শুনাইছিল ।ডেম পেহাৰ গাজা আৰু আছে , আজিলৈ ইমানেই, ক্ৰমশ)

1 comment:

  1. পঢ়ি ভাল লাগিল। মোচ-কোঁচা, টেলেকা চকু, অচিন মোমাইদেউৰ ডেম-পেহা এখেতৰপৰাই প্ৰেৰিত হ'বও পাৰে। আপোনাৰ কাহিনীটো কোন ঠাইৰ বাৰু?

    ReplyDelete