Sunday 6 March 2016

বেতন .......(poem)

বেতন .......
@দেৱজিত শইকীয়া
৫৴৩৴২০১৫
বেতন
তই মোৰ বাবে পূৰ্ণিমা
প্ৰতিটো মাহৰ পহিলা তাৰিখত পোৱা কিছু শান্তনা ৷
জোনৰ দৰেই কমি আহে তোৰ
দেহৰ আকাৰ
মাহৰ মাজতেই আন্ধাৰ
আকৌ বাঢ়ি আহে আশা
কাঁচি জোনৰ দৰে
পুনৰ যে তোক লগ পাম পূৰ্ণিমাৰ দিনা ৷
তোক চোন মোৰেই ঘাম ঘাম গোন্ধাই
প্ৰতি টোপাল তেজত মোৰ তই আছ যে লুকাই
তোৰ নামতে অৰ্পন জীৱনৰ আধাফাল ৷
পৰিয়ালৰ পৰা সময় কাঢ়ি তোৰ লগত লাগি লাগি
কেতিয়া যে বয়স ভাটি দিয়ে গমকে নাপাই ৷
মাহত এদিন ফুলা ফুল তই
মোৰ মনোবল
দেহাৰ বল হেৰুৱাই আৰ্জন কৰা কষ্টৰ ফল ৷
তোক কামিজৰ পকেটত থবলৈকে ভয়
যিহে ডাঙৰ ফুটা
জানোচা সৰকি যাৱ ৷
জীৱনৰ প্ৰয়োজনীয় দিঘলীয়া সামগ্ৰীৰ লিষ্টখনতকৈ
যদিও তই অলপ তাকৰ
তথাপি জীয়াই থাকিবলৈ জোৰা তাপলি মাৰি
মোৰ বাবে তই সদায় যুঁজি থাক ৷
তই মোক সকলো দিছ ৷
ভোকৰ ভাত
দেহাত কোপোৰ
আকাশ ধকা এখন চাল ৷
আচলতে
মোৰ পৰিয়ালটোক যেন মই নহয়
তই হে জীয়াই ৰাখিছ ৷
মোৰ অবিহনেও তই
সিহতক যে চাবি মই জানো ৷
সেয়ে তই মোৰ বাবে
ৰদৰ তাপত দেই নিয়া দেহা জুৰ পেলাব পৰা
এটা শীতল পূৰ্ণিমা ৷
এটা বিস্বাস
সপোন দেখিব পৰা ৷ ৷ ৷ ৷ ৷

No comments:

Post a Comment