Sunday 6 March 2016

হে নাৰী ...আন্তৰ্জাতিক নাৰী দিৱসত প্ৰতি গৰাকী নাৰীলৈ মোৰ শব্দৰে একাঁজলী শ্ৰদ্ধা নিবেদন .....

আন্তৰ্জাতিক নাৰী দিৱসত প্ৰতি গৰাকী নাৰীলৈ মোৰ শব্দৰে একাঁজলী শ্ৰদ্ধা নিবেদন .....
@দেবজিত শইকীয়া
(8 March)
হে নাৰী
হে নাৰী অপৰুপা অৰ্ধআকাশ
তোমাৰ কোলাতেই হলো যে বিকাশ ৷
তুমি জননি
তুমি মোহিনী
অনুপম সৃষ্টি তুমি সৃষ্টি কৰ্তাৰ ৷
সুকোমল হৃদয়া দেৱীৰূপে বন্দিতা
মাতৃ তুমি
স্নেহ দাতৃ
অমৃতপোষন
পালন
গৰ্ভে ধাৰন কৰ্তা
অনন্যা মা তুমি
তোমাৰ চৰণে তীৰ্থ দৰ্শন ৷
ভগ্নী ৰূপে হে নাৰী তোমাক নমন
ভগাই ললা তুমি মোৰ দোষবোৰ
দেউতাৰ বকনি মাৰ গালি
শৈশৱৰ লগৰি তুমি
হাঁহি আৰু ধেমালীৰে যাঁচিলা স্নেহবন্ধন ৷
সৰু হৈও আইৰ পিছতে তুমি মোৰ বাবে ওৰেটো জীৱন ৷
হে প্ৰেয়সী নাৰী, মোৰ হৃদয়ৰ কোঁহে কোঁহে
প্ৰনয়ৰ জোৱাৰৰে জোকাৰি যোৱা যৌৱনত
এবুকু মৰমৰে তুমিয়েটো কৰিছিলা
মোৰ কলিজাত প্ৰেমৰ অংকুৰন ৷
কৃতজ্ঞ মই
কৃতজ্ঞ মই তোমাৰ প্ৰতিদানহীন মৰমৰ ৷
হে প্ৰিয়তমা পত্নী,
গোত্ৰ চিঙি মোৰ গৃহে অহা লখিমী
বৌ বোৱাৰী আৰু যে কত কি ৰূপে
সজালাহি আহি মোৰ ঘৰখনি ৷
সহযোদ্ধা তুমি মোৰ সুখত সুখী দুখত দুখী
সন্তানৰ সুখ দিলা
ভোকত ভাত মৰমৰ মাত
লাগ বুলিলেই যত যতনাই দিয়া সকলো পাতিলেই হাত ৷
কত যে কষ্ট সহিও হাঁহি মুখে মোক সহ্য কৰা
হে প্ৰিয়তমা নাৰী তোমাক নমন ৷
দুহিতা ৰূপি পিতৃআজ্ঞাকাৰী হে নাৰী
তোমাকো প্ৰণাম ৷
মোৰ গৃহে জন্মি মোক কৃতাৰ্থ কৰিলা তুমি ৷
দেউতা বুলি মতা মৰমৰ মাতষাৰ
আল ধৰা, শ্ৰদ্ধা আৰু যতন
আৰু যে কত কি
তোমাকো কৰো নমস্কাৰ ৷
হে নাৰী শতৰূপা
প্ৰতি ৰূপে অপৰূপা
শক্তিশালী সহনশীলা
ধৈৰ্য্য মমতা আৰু ক্ষমাশীলা
তুমি অনুপমা
তোমাৰ তুলনা নাই ৷
শব্দৰে যাঁচিলো শ্ৰদ্ধা
নতশিৰে কৰিছো তোমাক প্ৰনাম
তোমাক প্ৰনাম ৷ ৷ ৷ ৷ ৷ ৷

No comments:

Post a Comment