Sunday, 6 March 2016

দশমিক নজনা শিক্ষক জন ......

দশমিক নজনা শিক্ষক জন ......
@দেবজিত শইকীয়া
দশমিক নজনা শিক্ষকজন আছিল
মোৰ জীৱনৰ প্ৰথম জন শিক্ষক
তেঁও নাজানিছিল
গছৰ পৰা আপেল সৰিছিল নে নিউটন ৷
শুনা নাছিল সেক্সপিয়েৰৰ নাম অথবা নাটক ৷
তথাপি
তেঁওৰ বিশ্বাসে মোক দিছিল দুৰন্ত গতি ৷
যদিও তেঁও নাজানিছিল ত্বৰণ, দ্ৰুতি অথবা
প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰিত মুখি প্ৰতিক্ৰীয়া থাকে বুলি
তথাপি তেঁও শিকাইছিল সৎ কৰ্মৰ সমানে সুফল পাই বুলি ৷
জীৱন নাটৰ মঞ্চ কঁপাই
নিজস্ব শৈলীৰে এটা সংলাপ কৈছিল
"আনৰ বাবে জীয়াই থাক বোপা
জীয়াই থাকিবিহঁত হাঁহিৰে চকুলো ধাকি ৷"
তেঁও নাজানিছিল বাৰংবাৰতাৰ সুত্ৰ
অথবা বীজগণিতৰ তত্ব ৷
তথাপি কৈছিল জীৱনটো এটা সৰল অংক ৷
"জটিল নকৰিবি বোপা উত্তৰ উলিয়াবলৈ বৰ কষ্ট ৷"
তেঁও জনা নাছিল
ৱৰ্টচৱৰ্থ অথবা শ্যেলী প্ৰকৃতি প্ৰেমী কবি আছিল
নে শালী ধানৰ সঁচ ৷
জানিছিল মাথো শাওনৰ পথাৰ
আঘোনৰ মেট মৰা ডাঙৰী ৷
আচৰিত যে
বলধ হালকো তেঁও মানুহৰ দৰেই ভাবিছিল ৷
মাতটোও আছিল তেঁওৰ কৰ্কশ আৰু হুতা ৷
তথাপি কথাবোৰ আছিল অনুভুতি ভৰা যেন একো একোটা কবিতা ৷
পথাৰৰ পৰা চহৰৰ বনিয়াৰ গোলাই আছিল তেঁওৰ ভূগোল ৷
আজু ককা, ককা দেউতাৰ কথাকে ভাবি লৈছিল বুৰ়ঞ্জী ৷
তেঁও কাহানিও বিদ্যালয় দেখা নাছিল
কিন্তু জানিছিল
মাথোন কলা আখৰ বগা কাগজতহে
মানুহ হোৱাৰ সপোন ৰচিব পাৰে ৷
চহাই মৈয়াই শাওনত সোনগুটি সিচাঁৰ দৰে ৷
সেয়ে নিজে হালৰ মুঠিত ধৰি
মোৰ হাতত গুজি দিচিল এডৰা সপোন ৷
সেই সপোন দেখা পিতাইৰ ওচৰত মই কৃতজ্ঞ
তেঁও আছিল মনিষি
জীৱনৰ সত্য শিকাব পৰা এজন প্ৰকৃত জ্ঞানী ৷
যদিও তেঁওৰ জ্ঞানক বছৰৰ শেষত শতাংশৰে জুখিব নোৱাৰি
তেঁও আছিল মোৰ জীৱনৰ প্ৰথমজন শিক্ষক
যাৰ ওচৰত নিজকে মোক এটা দশমিক যেনেই লাগে
এটা দশমিক আৰু পিছত বহুতো শূন্য ৷ ৷ ৷ ৷ ৷ ৷

No comments:

Post a Comment