Sunday 6 March 2016

১০ মে মাতৃ দিৱস উপলক্ষে মোৰ মা

১০ মে মাতৃ দিৱস উপলক্ষে মোৰ মা
আৰু পৃথিৱীৰ প্ৰতি গৰাকী মাতৃলৈ উসৰ্গিত মোৰ শব্দৰ দুশাৰী ....
@দেৱজিত শইকীয়া
মই ভুমিষ্ঠ হোৱাৰ দিনা প্ৰথম বাৰলৈ লগ পাইছিলো পিতাইক
বহু বসন্ত পাৰ কৰি পত্নীক আৰু
জীৱনৰ দুকুৰি দহত মোৰ দুহিতাক ৷৷
কিন্তু মা,
তোমাক লগ পাইছিলো জন্ম নহওতেই
দহ মাহ দহ দিন আগতেই ৷
সিদিনাৰ পৰাই তোমাৰ মোৰ সম্বন্ধ ৷
মোৰ আগমনত সিদিনা তুমি বহুত সুখী হৈছিলা ৷
আৰু মই
তোমাৰ দেহত তোমাৰ আপ্যায়নত
লাহে লাহে বাঢ়ি আহিছিলো
যি অবয়ব আজি মোৰ পৰিচয়
সেই অবয়বৰ প্ৰথম আকাৰ পাইছিলো ৷
ভ্ৰণৰ পৰা ভুমিষ্ঠ হোৱালৈ
কেৱল তুমি আৰু মই
অনুভৱ কৰিছিলো
তোমাৰ মোৰ সম্বন্ধ
পৃথিৱীৰ সকলো সম্বন্ধই আৰম্ভ হয়
চকুৰে দেখা হোৱাৰে পৰা ৷
কিন্তু তোমাৰ মোৰ সম্বন্ধ
ইজনে সিজনক নেদেখাৰে পৰা ৷
অনুভৱী সম্বন্ধ ৷
সম্বন্ধ দেহৰ, স্পন্দনৰ, তেজ আৰু মঙহৰ ৷
মা,
তোমাৰ জড়ায়ুৰ পৰাই মোৰ জীৱন আৰম্ভ ৷
মোৰ বুকুৰ ধপধপনি তুমিয়েই প্ৰথম অনুভৱ কৰিছিলা ৷
অনুভৱ কৰিছিলা কিদৰে তোমাৰ দেহাৰ ৰস চুহি
জীয়াই আছিলো মই ৷
মা,
তুমি কমকৈ শুইছিলা
মই শুই যাও বুলি
কমকৈ খাইছিলা
উদৰত যাতে মই বাঢ়িব পাৰো মোৰ দেহাৰ জোখাৰে ৷
মই উজাই গলেই কষ্ট হৈছিল তোমাৰ
উশাহ লবলৈ ৷
তথাপি অনুভৱ কৰিছিলা তুমি সুখ ৷
মা,
সৰুৰে পৰাই মই দুষ্ট আছিলো
কষ্ট দিছিলো
দিছিলো তোমাক বেদনা
প্ৰসৱৰ ৷
তুমি নিৰবে সহিছিলা
সহনশিলা আই
কেনেকৈ বাৰু সহিছিলা তুমি
দেহা ফালি যেতিয়া মই ভুমিষ্ঠ হৈছিলো ৷
দুয়ো কান্দিছিলো
তুমি সুখত
আৰু মই ?
তোমাৰ দেহাৰ আশ্ৰয় হেৰুৱাৰ দুখত ৷
মা,
পৃথিৱীত ভৰি দি বুজিলো
তোমাৰ কোলাই মোৰ স্বৰ্গ ৷
তোমাৰ বুকুতেই অমৃত বই
যি চোহা মাৰি আহাৰ অবিহনে জীয়াই থাকিলো মই ৷
মা,
কিয় বাৰু মই ডাঙৰ হলো
হেৰুৱালো তোমাৰ কোলা
মোৰ মুখত তোমাৰ হাতৰ প্ৰতিটো গৰাহ
হেৰুৱালো হাত বুলাই মোৰ কপালত
তুমি গোৱা নিচুকনী প্ৰতিটো নিশা ৷
মা,
তুমি মোৰ ইশ্বৰ
মোৰ জীৱন দাতৃ জননী তুমি
বিছাৰো তোমাৰ চৰনৰ একাঁজলি ধুলি
কপালত মোৰ চিৰদিন ৷
বহু জনমৰ শত তীৰ্থ দৰ্শন কোটি পুণ্য ফলত
পালো তোমাক
কুশলে থাকা আই
দিবলৈ মোক আজিবন স্নেহাসিশ ৷ ৷ ৷

No comments:

Post a Comment