Sunday 6 March 2016

দৰং কলেজৰ নষ্টালজীয়া (poem)

দৰং কলেজৰ নষ্টালজীয়া
@দেবজিত শইকীয়া
মেৰুন চুৰিদাৰ বগা চুৰ্ণী লৈ
চুলি মেলি কলেজ অহা ছোৱালী জনি ৷
কত থাকা বাৰু তুমি আজি কালি ৷
সপোনৰ ৰাজকুমাৰ জন বিছাৰি পালানে ?
বৰকৈ মন গৈছে আজি মোৰ জানিবলে ৷
আচলতে মইও আছিলো এজন
উন্মাদ প্ৰেমিক তোমাৰ হৃদয়ৰ ৷
যদিও কলেজৰ শেষৰ বেঞ্চৰ পৰা তোমালৈ বুলি
দুৰত্ব আছিল এক আলোক বৰ্ষৰ,
নিমিলিল সুত্ৰ তোমাৰ মোৰ আপেক্ষিকতাবাদৰ
তথাপি তোমাৰ প্ৰেমৰ পৰ্য্যাবৃত্ত তালিকাৰ
এটা মৌলৰ দৰে ৰৈ আছিলো
ৰসায়নিক বিক্ৰিয়া এটা হব হব বুলি ৷
হয়তো তুমি আছিলা সম্ভ্ৰান্ত
অথবা মই আছিলো এটা নিস্ক্ৰীয় মৌল ৷
পিটুইটেৰী গ্ৰন্থীত ৰসায়নিক বিক্ৰিয়া নোহোৱাকৈয়ে
সেয়ে বাগৰি গল কলেজীয়া জীৱনৰ তিনিটা বসন্ত ৷
নাপালো বুজি তোমাৰ এপ্লাইড মেট্চৰ প্ৰতিপাদ্য ৷
প্ৰেক্টিকেলৰ চোকা স্কেলপেল খনৰে যদি
কলিজা ফালি দেখুৱাব পাৰিলোহেতেন
সিৰা উপসিৰাইদি বৈ থকা তোমাৰ নাম ৷
কিজানি বুজিলা হেতেন ৷
কেন্টিনত বহি
চিগেৰেট হুপি দেখা সপোনবোৰ
যদি ফলিয়ালে হয় ৷
জেৰক্স কৰা বটানিৰ নোটচৰ মাজত
যদি দিব পাৰিলো হয় এখন চিঠি ৷
অথবা
দিব পাৰিলো হয আৰ্চিচৰ এখন কাৰ্ড বা এটা টেডি গিফ্ট ৷
গীটাৰ বজাই এটা গান গাই শুনাব পৰা হয়
মহাবিদ্যালয় সপ্তাহত এচুকত বহি ৷
চাল্লা, সলনীয়েই হৈ গল হয জীৱন ৷
ধুৰ কি যে হৈ গল ৷
যদিও একোকে নহল দিয়া
কোৱা নহল মনৰ কথা
তথাপি প্লিজ তোমাৰ প্ৰেমিক নাচিলো বুলি নকবা ৷
এতিয়াও যদি লগ পোৱা
মোৰ হাতত চাবা
এ প্লাচ ডি তাহানি লিখা এতিয়াও দেখা পাবা ৷
তুমি আহিছিলা হোষ্টেলত থাকি পঢ়িবলৈ
মই আহিছিলো কলেজলৈ মাথোন তোমাক চাবলৈ ৷
ৰেজিস্টাৰ বহীত চাগৈ এতিয়াও আমাৰ নাম জিলিকি আছে
যদিও এতিয়া তোমাৰ উপাধী সলনি হৈছে ৷
নষ্টালজীয়া কিন্তু এতিয়াও মোৰ একেই আছে ৷ ৷ ৷ ৷ ৷ ৷

No comments:

Post a Comment