অৰ্জুন বধ
বনবাসৰ সময়ত সয়ম্বৰত দ্ৰৌপদীক অৰ্জুনে নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি অানি মাক কুন্তীক যেতিয়া কলেহি যে মা কি আনিছো চোৱা ৷ মাক কুন্তীয়ে লৰাহঁতে কিনো আনিছে নোচোৱাকৈয়ে আন দিনাৰ দৰে ভিক্ষা আনিছে বুলি সকলোকে সমানে ভগাই লব কলে ৷ কিন্তু ঘুৰি চাই দ্ৰৌপদীক দেখি কলে হায় মই কি পাপ কৰিলো ৷ শ্ৰীকৃষ্ণই কলে পেহী তুমি নহয় বিধাতাই তোমাৰ মুখৰে কোৱাইছে ৷ দ্ৰৌপদীয়ে মহাদেৱৰ বৰ লাভ কৰা আছে যে তেঁওৰ হবলগীয়া স্বামী ন্যায় পৰায়ন হওঁক, আটাইতকৈ শক্তিশালী হওঁক, শ্ৰেষ্ঠ সমৰকলা বিদ হওঁক, আটাইতকৈ সুন্দৰ সুঠাম হওঁক ৷ কিন্তু দৈৱবিপাক এজন পুৰুষৰ গাত এই সমষ্ট গুন পোৱা নাযায়, কিন্তু মহাদেবৰ বৰ ৰক্ষা হবই লাগিব আৰু পঞ্চপাণ্ডবৰ প্ৰতিজনেই এই গুন সমুহৰ অধিকাৰী গতিকে তুমি দোষী নহয় পেহী ৷ নাৰদ মুনীয়ে পঞ্চপান্ডৱ আৰু তেওঁলোকৰ পত্নী দ্ৰৌপদীক আশিৰ্বাদ কৰিব আহি যথেষ্ট সুখী হল আৰু লগতে কিছু চিন্তিতও হল ৷ যুধিষ্ঠিৰে সুধিলে হে মুনীবৰ আপুনী সুখীও হৈছে আৰু চিন্তিতও হৈছে, তাৰ কাৰন জানিব পাৰোনে? নাৰদে কলে, হে যুধিষ্ঠিৰ এসময়ত সুন্দ আৰু উপসুন্দ নামৰ দুই ভাতৃ আছিল, যাৰ অতিকেই মিল আছিল ৷ সিহঁত দুয়োয়ে এটা বৰ লাভ কৰা আছিল যে সিহঁত দুটাৰ বাহিৰে আন কোনোৱে সিহঁতক মাৰিব নোৱাৰিব ৷ দেৱতা গনো সুন্দ উপসন্দৰ ওচৰত পৰাজিত হৈছিল ৷ শেষত নাৰায়নৰ উপদেশ মতে সকলো দেৱ দেৱীৰ দেহৰ অংশৰে তিলোত্তমা নামৰ এক ৰুপময়ী নাৰীৰ জন্ম দিলে, যাক দুয়োৱে প্ৰেম কৰিব ধৰিলে ইজনে সিজনক মাৰি তিলোত্তমাৰ স্বামী হব ইচ্চা কৰিলে ৷ ফলত দুই ভাতৃৰ মৃত্যু হৈছিল ৷
কথাখিনি শুনি যুধিষ্ঠিৰো চিন্তিত হল আৰু কলে, হে মুনিবৰ আমি পাঁচ ভাতৃ কেতিয়াই পৃথক হব নোখোজো ৷ কিবা উপায় কৰক মুনিবৰ ৷ নাৰদে এটা উপদেশ দিলে যে তোমালোকে দ্ৰৌপদীক মাতৃ কুন্তীয়ে কোৱাৰ দৰে আশিৰ্বাদ ৰুপে সমানে ভগাই লোৱা ৷ এবছৰ এজন পান্ডৱৰ লগত স্বামী স্ত্ৰী হিচাপে কটাব আৰু সেই বছৰটোত আন ভাতৃ সকলে দ্ৰৌপদী আৰু সেই ভাতৃজনৰ অন্তষপুৰত প্ৰবেশ কৰিব নোৱাৰিব ৷ যি জন ভাতৃয়ে এই নিয়ম ভংগ কৰিব সাষ্টি তেঁওৰ বাৰ বছৰ বনবাস হব ৷ সকলোৱে মুনিবৰৰ উপদেশ মানি ললে আৰু প্ৰথম বৰ্ষ জেষ্ঠ ভাতৃ যুধিষ্টিৰৰ লগত সহবাস কৰিব ধৰিলে ৷
সময় পাৰ হব ধৰিলে ৷ এদিনাখন যুধিষ্ঠিৰ আৰু অৰ্জুনে গান্ডীৱ ধনুৰ বিষয়ে কথা পাতি আছিল আৰু অৰ্জুন কিবা কথাত আতৰি যাব লগা হোৱাত যুধিষ্ঠিৰে গান্ডীৱখন লৈ নিজৰ শোৱনী কোঠা পালেগৈ ৷ পিছদিনা অৰ্জুনৰ কোঠালিৰ সন্মুখত এজন ব্ৰাক্ষ্মনে আহি কলেহি যে তেঁওক ৰক্ষা কৰিব লাগে, তেঁওৰ গাই গৰুবোৰ কোনোবাই লৈ গৈছে ৷ অৰ্জুনে কোঠালিত সোমাই দেখে গান্ডীৱ নাই, তেতিয়া মনত পৰিল গান্ডীৱ যুধিষ্ঠিৰৰ কোঠালিত আছে ৷ ক্ষন্তেকো বিলম্ব নকৰি গান্ডীৱ বিছাৰি প্ৰতিটো কোঠালী চলাথ কৰিলে ৷ বাহিৰত ব্ৰাক্ষ্মন জনে সহায়ৰ বাবে চিঞৰিয়ে আছিল ৷ শেষত অৰ্জুনে কৰ্মৰ খাতিৰত শোৱনী কোঠাত প্ৰবেশ কৰি গান্ডীৱ লৈ কোনো ফালে দৃষ্টি নিক্ষেপ নকৰাকৈ বাহিৰলৈ ওলাই আহিল ৷ অৰ্জুনে ব্ৰাক্ষ্মন জনক ৰক্ষা কৰিলে কিন্তু বাৰ বছৰ বনবাসৰ কথা মনত পৰিল আৰু বনবাসলৈ যাব ওলাল ৷ যুধিষ্ঠিৰে কলে যে হে প্ৰিয় অৰ্জুন ইয়াত তোমাৰ কোনো ভুল নাই ৷ কিন্তু অৰ্জুন অটল ৷ আৰু শেষত বাৰ বছৰ বনবাসলৈ বুলি ৰাওনা হল ৷
বনবাস কালত এদিন অৰ্জুনে পুৱা স্নান কৰিবৰ বাবে নদীত নামোতে, নদীৰ সোঁতে তেঁওক পানীৰ গভীৰলৈ লৈ যাব ধৰিলে ৷ অপ্ৰান চেষ্টা কৰিও নিজকে ৰক্ষা কৰিব পৰা নাচিল, সকলো অন্ধকাৰ হব ধৰিলে ৷ যেতিয়া চকু খোল খালে সন্মুখত এগৰাকী অতি সুন্দৰী নাৰী দেখা পালে ৷ নাৰী গৰাকীয়েও তেঁওৰ চকুৱে চকুৱে চাব ধৰিলে ৷ অৰ্জুনে তেঁওৰ ৰুপত মোহিত হৈ সুধিলে, হে দেৱী আপুনি কোন? পৰিচয় দিবনে?

মই উলুপি ......সৰ্পধৰ সকলৰ ৰজা কৌৰাব্যৰ দুহিতা ৷( আন এক তথ্য মতে উলুপি নাগ কন্যা, শেষনাগৰ দুহিতা, যিটো মোৰ মতে শুদ্ধ)৷ অৰ্জুনে চৌ দিশে চালে আৰু প্ৰশ্ন কৰিলে, হে ৰাজকুমাৰী মই ক'ত আছো?
উলুপিয়ে মৃদু কন্ঠৰে কলে, হে শ্ৰেষ্ঠ ধনুৰ্ধৰ অৰ্জুন মই বনত সদায় আপোনাক লক্ষ কৰিছিলো আৰু আপোনাৰ অজানিতে মই আপোনাৰ প্ৰেমত পৰিছিলো, আজি যেতিয়া আপোনাক অকলসৰে নদীত পালো , নিজকে সংযম কৰিব নোৱাৰিলো আৰু আপোনাক মোৰ নাগৰাজ্যলৈ লৈ আনিলো৷ কিছু পৰ মৌনতাৰ পিছত আকৌ উলুপিয়ে মাত লগালে, হে কুন্তী পুত্ৰ মই আপোনাক স্বামী ৰুপে পাব বিছাৰো ৷ আপুনি মোক বিবাহ কৰিবনে? অৰ্জুনে কলে হে সুন্দৰী মই বাৰ বৰ্ষৰ বাবে বনবাস খাটিব আহিছো, তাৰ পিছত মই আকৌ মোৰ পৰিয়ালৰ কাষলৈ উভতি যাম, তুমি নাগ ৰাজকুমাৰী, তোমাক মই বিয়া পাতিব নোৱাৰিম ৷
হে অৰ্জুন মই কেতিয়াও আপোনাক পৰিয়ালৰ পৰা আতৰাই আনিব খুজা নাই আৰু মই জানো মই নাগকন্যা, আপোনাৰ সমাজে মোক স্বীকাৰ নকৰিব, কিন্তু হে স্বামী, মই যে আপোনাক মনতে স্বামী বৰন কৰিছো ৷ অৰ্জুনে উলুপিৰ তেওৰ প্ৰতি থকা গভীৰ ভালপোৱাক প্ৰত্যাখান কৰিব নোৱাৰিলে আৰু কলে, উলুপি মই তোমাক বিবাহ কৰিম কিন্তু মই এদিন তোমাক এৰি যাবই লাগিব,এইতো সত্য ৷ উলুপিয়ে মুৰ দুপিয়ালে ৷ উলুপিক অৰ্জুনে তেঁওৰ দ্বিতিয় পত্নী হিচাপে গ্ৰহন কৰিলে আৰু অতি সুখৰে দুয়োয়ে জীৱন কটাব ধৰিলে ৷ উলুপিৰ সুন্দৰতাৰ লগতে সৰল মনৰ আছিল, ধনুৰ্বিদ্যা আৰু সমৰ কলাতো পাৰ্গত আছিল ৷তেঁওলোকৰ প্ৰেমৰ সাক্ষী হিচাপে এটা সন্তান জন্ম পালে, নাম থোৱা হল ইৰাবন ৷ উলুপিৰ লগত কি দৰে ইমান ধুনিয়াকৈ দিনবোৰ পাৰ হল অৰ্জুনে গমকে নাপালে, চাওতে চাওতে এটা বছৰ পাৰ হল ৷ অৰ্জুনে কলে, উলুপি,তোমাক পত্নী হিচাপে পাই মই বহুত সুখী, কিন্তু মই যে যাবই লাগিব , উলুপিয়ে বুজিলে অৰ্জুন মাটিত বাস কৰা মানৱ সন্তান আৰু মই সৰ্পকন্যা ৷ মই কেতিয়াও তেওৰ যাত্ৰাৰ পথৰ বাধা হব নুখোজো ৷ উলুপিয়ে কলে হে স্বামী মই আপোনাক আকৌ লগ পোৱালৈ অপেক্ষা কৰিম, আপোনাক বিদায় দিব মনে নকলেও মই আপোনাৰ বাধা নহও ৷ হে স্বামী আপুনী বনত দিন কটাব, আপুনি মোৰ জীৱন গতিকে নাগকন্যা হিচাপে মই আপোনাক এটা বৰ দিছো যে আপোনাক কোনো সৰীসৃপ বা উভচৰে মাৰিব নোৱাৰিব ৷ অৰ্জুন কৃতজ্ঞ হল আৰু পুত্ৰ ইৰাবন আৰু পত্নী উলুপিক এৰি দুখ মনে সেই নদীৰ কাষ পালেহি যৰ পৰা উলুপিয়ে তেওক লৈ গৈছিল ৷
অৰ্জুনে যাত্ৰা অব্যাহত ৰাখিলে আৰু উত্তৰ পুৱ ভাৰতৰ ফালে খোজ দিলে আৰু আহি মনিপুৰ পালেহি ৷ মনিপুৰৰ সৌন্দৰ্যই অৰ্জুনক মোহিত কৰিলে ৷ আৰু এদিন অস্বাৰোহী এক সুন্দৰী ৰাজকুমাৰীক লগ পালে ৷ অৰ্জুন মোহিত হল আৰু গম পালে তেও মনিপুৰৰ ৰজা চিত্ৰবাহনৰ কন্যা ৷ অৰ্জুন ৰজা চিত্ৰবাহনৰ কাষ পালেগৈ আৰু নিজৰ পৰিচয় দিলে ৷ চিত্ৰবাহন আচৰিত হল আৰু কলে হে পান্ডু কুন্তী নন্দন, হে শ্ৰেষ্ঠ ধনুৰ্ধৰ অৰ্জুন আপুনী মোৰ ৰাজসভা শুৱনী কৰিলে, মই কৃতজ্ঞ হলো, আপোনাক কোনে চিনি নাপাই ৷ আপুনীক কিছুদিন হলেও আলহি হিচাপে শুচ্ৰশা কৰা সুযোগ দিয়ে যেন ৷ অৰ্জুন মান্তি হল ৷ ৰাজপ্ৰসাদত সেই অস্বাৰোহী সুন্দৰী ৰাজকুমাৰী লগত ভেতাভেতি হল ৷ লাহে লাহে অৰ্জুনে লক্ষ কৰিলে যে ৰাজকুমাৰী সুন্দৰেি নহয় জ্ঞানী আৰু সমৰ কলাত নিপুন ৷ ৰাজকুমাৰীয়েও অৰ্জুনৰ বিষয়ে গম পালে, দুয়োৰে মাজত দুই চকুৰ মিলন হল আৰু ইজনে সিজনক ভাল পাব ধৰিলে ৷ অৰ্জুনে এদিন ৰজা চিত্ৰবাহনক কলে যে হে ৰাজন, মই আপোনাৰ কন্যা চিত্ৰাংগদাক বিবাহ কৰিব খোজো, আৰু চিত্ৰাংগদাইও মোক ভাল পাই ৷ চিত্ৰবাহনে কলে হে অৰ্জুন, আপোনাক মোৰ জোৱাই হিচাপে পালে আতাইতকৈ সুখী হলো হয় কিন্তু আমাৰ আৰু আপোনালোকৰ পৰম্পৰা পৃথক ৷ আমাৰ পৰম্পৰা মতে ৰাজভাৰ সদায় মাতৃৰ পৰিয়াল সুত্ৰে প্ৰদান কৰা হয়, আমি মাতৃ প্ৰধান ৷ আপোনালোকৰ পিতাৰ পিচত পুত্ৰ ৰজা হয়, আমাৰ নহয় ৷ চিত্ৰাংগদা ৰাজকুমাৰী, তাইৰ সন্তান মোৰ পিচত ৰজা হব ৷ কিন্তু আপুনী বিবাহ কৰি চিত্ৰাংগদাক লৈ গলে মনিপুৰৰ ৰাজশাষন কোনে কৰিব? অৰ্জুনে কলে হে ৰাজন যদি চিত্ৰাংগদাক মোলৈ বিয়া দিয়াত এইটোৱেই আপোনাৰ প্ৰধান সমস্যা তেন্তে আপোনালোকৰ পৰম্পৰাক সন্মান জনাই কও চিত্ৰাংগদাৰ পুত্ৰই মনিপুৰৰ ৰজা হব আৰু যদি চিত্ৰাংগদাই ইচ্চা কৰে বিবাহৰ পিছতো ইয়াত থাকিব পাৰিব ৷ ৰজা চিত্ৰবাহন সন্তুষ্ট হল আৰু খুব ধুম ধামেৰে অৰ্জুন আৰু চিত্ৰাংগদাৰ বিবাহ হল ৷ তেঁওলোকৰ এটি পুত্ৰ সন্তান জন্ম হল যাৰ নাম থলে বব্ৰুবাহন ৷ সময় পাৰ হল, অৰ্জুন যাবলৈ ওলাল ৷ ৰাজকুমাৰ বব্ৰুবাহন আৰু পত্নী চিত্ৰাংগদাক এৰি অৰ্জুন গলগৈ ৷ অৰ্জুন যোৱাৰ পিছতে মনিপুৰলৈ এগৰাকী ভ্ৰমনকাৰী আহিল, নাম উলুপি ৷ চিত্ৰাংগদাই উলুপি লগত কথা পাতি গম পালে যে উলুপিও অৰ্জুন পত্নী, দুয়ো বাইভনীৰ দৰে থাকিব ললে ৷ উলুপিয়ে বব্ৰুবাহনক যথেষ্ট মৰম কৰিছিল আৰু সমৰ কলাত নিপুন কৰি তুলিছিল আৰু কৈছিল তুমি পিতৃ অৰ্জুনতকৈও শ্ৰেষ্ঠ সমৰবিদ হব লাগিব ৷
দিনবোৰ পাৰ হল ৷ বাৰবছৰ বনবাস খাতি অৰ্জুন ইন্দ্ৰপ্ৰষ্হ পালেগৈ কিন্তু দুৰ্যোধনৰ নিমন্ত্ৰন ৰক্ষা কৰি আহি পাশা খেলত নিজৰ ৰাজ্য হেৰুৱাই পুনৰ বাৰবছৰ বনবাস আৰু এবছৰ অজ্ঞাতবাস খাটিব লগা হল ৷ তাৰ পিছতো ঘুৰি আহি ইন্দ্ৰপ্ৰস্হ বিচৰতাত দুৰ্যোধনে নিদিলে আৰু মহাভাৰতৰ যুদ্ধ হল ৷ যুদ্ধত কৌৰব কুল ধংস হল আৰু পান্ডৱ জয়ী হল ৷ যুদ্ধত অৰ্জুনৰ হাতত পিতামহ ভিষ্মৰ মৃত্যু হৈছিল ৷ ভিষ্মৰ ইচ্চামৃত্যু বৰ প্ৰাপ্ত আছিল ৷ কোনেও যুদ্ধত পৰাস্ত কৰিব নোৱাৰিব বুলি মাহিমাক মতস্যগন্ধাৰ পৰা বৰ লাভ কৰা আছিল ৷ কিন্তু কৃষ্ণই জানিছিল যে অম্বাই শিখন্দি হিচাপে জন্ম লাভ কৰিছে যিয়ে শপত লৈচিল মৃত্যুৰ আগত যে মইয়েই ভিষ্মৰ মৃত্যুৰ কাৰন হম ৷ যুদ্ধত অৰ্জুনে শিখন্ডিক লৈ ললে আৰু ভিস্মই নাৰীক অস্ত্ৰপ্ৰযোগ নকৰে গতিকে অৰ্জুনে সেই সুযোগতে বান প্ৰহাৰ কৰি ভিস্মক শৰশয্যাত পেলালে ৷ এই কথা সপ্ত বসুৱে গম পালে ( অস্ট বসু যিয়ে কামধেনু বা সুৰভী গাই চুৰ কৰিব গৈ কাশ্যপ ঋষিৰ শাপিত হৈছিল৷ গংগাই সপ্তবসুক জন্ম হোৱাৰ লগে লগে গংগাত পেলাই শাপমুক্ত কৰিছিল কিন্তু অষ্টম বসুক পেলাব লওতেই শান্তনুৱে বাধা দিয়াত অষ্টম বসু ভিষ্ম থাকি গৈছিল) সপ্ত বসুৱে অৰ্জুনক শাপ দিলে যে নিজৰ ককাক যি দৰে চল কৰি হত্যা কৰিলে অৰ্জুনকো তেওৰ পুত্ৰই বধ কৰিব ৷
মহাভাৰতৰ যুদ্ধ শেষ হোৱা পাচত যুধিষ্ঠিৰে অশ্বমেধ যজ্ঞ পাতিছিল ৷ নিয়ম মতে যজ্ঞৰ ঘোৰা বান্ধিলে যুদ্ধ দিব লাগে ৷ যদি নাবান্ধে সেই ৰাজ্যখন অশ্বমেধ যজ্ঞকৰাজনৰ হাতলৈ যাই ৷ বব্ৰুবাহন দোমাজাত পৰিল ৷ তেও পিতৃৰ অশ্বমেধ যজ্ঞৰ ঘোৰা যদি বান্ধে পিতাৰ লগত যুজ কৰিব লাগিব আৰু যদি নাবান্ধে মনিপুৰ হস্তিনাপুৰৰ দখলত যাব ৷ তেও মাহি আই উলুপিক সুধিলে, আই কি কৰো ৷ উলুপিয়ে কলে বব্ৰুবাহন তুমি পিতাৰ লগত যুদ্ধ কৰিব যোৱা নাই, তুমি যুদ্ধ কৰিছা সেইজন ৰজাৰ লগত যিয়ে তোমাৰ ৰাজ্য তেওৰ অধিনলৈ নিব বিছাৰিছে ৷ তুমি কাৰ প্ৰতি দায়বদ্ধ, পিতা নে নিজৰ প্ৰজাৰ ওচৰত, মই সুখী হম যদি নিজৰ ৰাজ্য আৰু প্ৰজাৰ বাবে তেওক বধ কৰিব পাৰা ৷ বব্ৰুবাহনে কলে আই মই প্ৰতিজ্ঞা কৰিছো,মোৰ দেশৰ শত্ৰু মোৰ শত্ৰু, তেও লাগিলে মোৰ পিতাই হওক ৷ বব্ৰুবাহনে অশ্বমেধৰ ঘোৰা বান্ধিলে ৷ বব্ৰুবাহনৰ লগত যুদ্ধ দিবলৈ প্ৰথম কৰ্ণ পুত্ৰ বৃষকেতু আহিল, বব্ৰুবাহনে কলে হে বৃষকেতু তুমি উভতি যোৱা মই তোমাৰ লগত যুদ্ধ নকৰো,যুদ্ধ সমকক্ষ বীৰৰ লগত কৰা যাই, তুমি মোৰ সমকক্ষ নহয় ৷ বৃষকেতুৱেই আছিল সেই অন্তিম জন মহাভাৰতৰ যোদ্ধা যাৰ ব্ৰক্ষ্মাস্ত্ৰ, অগ্নিঅস্ত্ৰ, বায়ুস্ত্ৰ বৰুনাস্ত্ৰৰ জ্ঞান আছিল ৷ কিন্তু সেই বৃষকেতু বব্ৰুবাহনৰ ওচৰত পৰাস্ত্ৰ হৈ মৃত্যু হৈছিল ৷ বৃষকেতুৰ মৃত্যুৰ পিছত ভীম আহিছিল আৰু ভীমকো পৰাজিত কৰি পঠাই দিছিল ৷ শেষত অৰ্জুন আহিল ৷ দুৰ্ভাগ্য অৰ্জুনে চিনি নাপালে যে সেয়াই তেওৰ পুতেক বব্ৰুবাহন আৰু যুদ্ধৰ বাবে প্ৰস্তুত হল ৷ বব্ৰুবাহনে কলে মই মোৰ আইক কথা দি আহিছো যে মই অৰ্জুনক বধ কৰিম ৷ আৰু যুদ্ধত অৰ্জুন পৰাস্ত্ৰ হল ৷ বব্ৰুবাহনে অৰ্জুনক বধ কৰিলে ৷ মাতৃ চিত্ৰাংগদাই যুদ্ধৰ কথা গম পাই উলুপি সহ যুদ্ধক্ষেত্ৰ পালেহি ৷ কিন্তু ইতিমধ্যে অৰ্জুনৰ মৃত্যু হৈছিল ৷ চিত্ৰাংগদাই কলে পুত্ৰ, তুমি এইয়া কি কৰিলা অৰ্জুন তোমাৰ পিতা ৷ বব্ৰুবাহন মাতৃ কথাত অনুসুচনাত পৰিল ৷ হায় মই কি কৰিলো? পিতৃ হত্যা মহাপাপে চুব মোক ৷ কিন্তু আই উলুপিৰ কথাওটো শুদ্ধ ৷ উলুপিয়ে কলে ভনী চিত্ৰাংগদা, পুত্ৰ বব্ৰুবাহন দুখ নকৰিবা, অৰ্জুনক নিজ পুত্ৰই বধ কৰিব বুলি সপ্তবসুৰ শাপিত আছিল ৷ মইও তেওৰ পত্নী, কিন্তু তেওক শাপমুক্ত কৰাটো মোৰ ধৰ্ম ৷ শাপ যিটো নোহোৱা কৰিব নোৱাৰা, কিন্তু যি নাগ বানৰ দ্বাৰা অৰ্জুন মৃত্যু হৈছে মোৰ এই মৃত্যুঞ্জয় মনিৰ দ্বাৰা মই অৰ্জুনক জীয়াই তুলিম ৷ উলুপিয়ে অৰ্জুনক প্ৰানদান দিলে, আৰু অৰ্জুন উলুপি চিত্ৰাংগদা বব্ৰুবাহনৰ পুনৰ মিলন হল ৷ অৰ্জুনে স্বিকাৰ কৰিলে যে বব্ৰুবাহন তেওতকৈও শ্ৰেষ্ঠ যোদ্ধা আৰু দুইগৰাকী মাতৃয়ে তেওক উপযুক্ত কৰি সমৰকলা প্ৰশিক্ষন দিছে ৷

No comments:
Post a Comment