Tuesday 27 September 2016

ইন্টাৰনেট.......poem

ইন্টাৰনেট.......
@দেৱজিত শইকীয়া
নাজানো তই বৈজ্ঞানিক ইন্দ্ৰজাল
নে কুৰি শতিকাৰ শ্ৰেষ্ঠতম মায়াজাল ৷
মোৰ বাবে টো তই এখন মকৰা জাল ৷
কুটি কুটি মোৰ সময় খোৱা
পিছে
বিছাৰিলেই সকলো পোৱা,
এৰিব খুজিলেও এৰিব নোৱাৰা
তথ্যৰ ভড়াল ৷
তোৰ হাতৰ মুঠিত
মোৰ পৃথিৱী ৷
আঙুলি মুৰত তোৰ নাচিছো আমি
তই বিহীন স্তব্ধ জীৱনৰ গতি ৷
তইয়ে নিৰ্নয় কৰ মুদ্ৰাস্ফিতি
তোৰ দ্ৰুত গতিত
ক্ষিপ্ৰ উন্নতিত
পিছ পৰিছো আমি ৷
তই অবিহনে আজি জীয়াই থকাই টান ৷
তই সচাঁকৈয়ে লাগ বুলিলেই এচাব মাৰি
সাগৰ সিঁচি আনিব পৰা শেয়ালী জাল ৷
ভালৰো ভাল কালৰো কাল ৷ ৷ ৷ ৷ ৷

No comments:

Post a Comment