Tuesday 27 February 2018

ৱান ডে ইন অমৰাৱতী



আজিৰ পৰা বহু বছৰ আগৰ কথা৷ ৯২-৯৩ চন মান হ'ব চাগে৷ স্বৰ্গত এদিন গুৰুত্বপূৰ্ণ বিষয় এটা লৈ দেৱৰাজ ইন্দ্ৰই ইমাৰজে়ঞ্চী মিটিং এখন দিলে৷ কোনোবা নতুন অসুৰে আক্ৰমন কৰিলে বুলি যি যেনেকৈ আছিল ৰাজসভালৈ দৌৰ মাৰিলে৷ সকলোৰে ভয় কাৰন কেইদিনমান আগত ভাৰতৰ বম্বেত বম্ব ব্লাষ্ট হৈছে৷ সেই টেৰৰিষ্ট কেইটা অমৰাৱতি পালেহি বুলি সকলোৱে ভয়তে উধাতু খাই দৌৰি আহিল৷

নাৰদে দিয়া তামোলখন খাই দেৱৰাজ ইন্দ্ৰই লাহেকে মাইকটো অন কৰিলে৷ পৰম শ্ৰদ্ধেয় মোৰ ৰাজসভাৰ তেত্ৰিশকোটি দেৱ দেৱী, আঠচল্লিছ হাজাৰ ঋষিগন লগতে উপস্থিত সকলো অপ্সৰা আৰু নৰ্তকীগন৷ আজি মই বৰ গুৰুত্বপূৰ্ণ বিষয় এটা আপোনাসৱৰ আগত ডাঙি ধৰিব লৈছো৷ আপোনালোকে জানে যে বিশ্বৰ ভিতৰত নেপাল আৰু দুই এখন সৰু দেশৰ বাহিৰে আমাক মুলতে পূজা ভাৰতবৰ্ষৰ মানুহে হে দিয়ে৷ মোৰ, বৰ্হ্মা তথা নাৰদ আদিৰ দৰে কেইজনমানক বাদ দি আপোনালোক সকলোকে বছৰটো ভাৰতৰ মনুষ্যগনে পূজা অৰ্চনা কৰে৷ কিন্তু অন্যদেশৰ তুলনাত ভাৰতবৰ্ষ আগুৱাব পৰা নাই কিয়? বৰ চিন্তাৰ বিষয়৷ যি সকল ভক্তই দিনে নিশাই আমাৰ বিভিন্ন বিভাগৰ দেৱ দেৱী সকলক পূজা অৰ্চনা, হুম যজ্ঞ দি যিকোনো প্ৰকাৰে সন্তুষ্ট কৰি আহিছে আমি তেওঁলোকক আজিও তৃতীয় বিশ্বৰ দেশৰ নাগৰিক কৰি ৰাখিছো৷ সকলোৱে মতামত দিয়ক কি দৰে অন্যদেশৰ দৰে আমাৰ পৰম ভক্ত সকলৰ দেশখনো আগুৱাব পাৰি৷

ইমান পৰে মনে মনে কথা শুনি থকা ব্ৰহ্মাই বোলে মোৰ কাম স্ৰজন কৰাহে দেই৷
ইন্দ্ৰই বোলে পৰমপিতা আপোনাৰ ডিপাৰ্টমেন্টো ফ্লপ মাৰিছে৷ এইবাৰৰ চেনচাচ ৰিপৰ্ট মতে কিন্তু আমাক পূজা দিয়া সকলৰ জনসংখ্যা কমিছে আৰু আমাক পূজা নকৰা সকলৰহে জনসংখ্যা বাঢ়িছে৷ এনেকুৱা হ'লে লাহে লাহে আমাৰ দেৱ দেৱী সকলে পূজা বিছাৰি ঘুৰি ফুৰিব লাগিব৷

বৰ্হ্মাদেৱে বোলে ইয়াত মোৰ অকনো দোষ নাই, সকলোৱে আজি কালি ফেমিলি প্লেনিং কৰে৷ আৰু মোৰ দিব্য দৃস্টিৰে চাই দেখিছো আৰু কিচু দশক পিছত দুটাতকৈ বেছি সন্তান জন্মদিলে মনুষ্য সকলে মানি চলা চৰকাৰৰ চৰকাৰী সা সুবিধাৰ পৰাও বঞ্চিত হোৱা নিয়ম আহিব৷ ইয়াত ব্ৰহ্মাক দোষ দি লাভ নাই৷

সকলোৱে বোলে হয় হয় ঠিক কৈছে৷

বাৰু জনসংখ্যাৰ টপিকটো বাদ দিলো, টেকনলজি ডিপাৰ্টমেন্টৰ বিশ্বকৰ্মাই এষাৰ কওঁকচোন৷ আপুনিটো গোটেই পৃথিৱীৰ আৰ্কিটেক্ট ডিজাইন কৰে৷ সৌ যে ডুবাইৰ দৰে আমাক কোনেও নুপোচা ঠাইত "বুৰ্জ খলিফা"ৰ দৰে পৃথিৱীৰ আটাইতকৈ ওখ ঘৰ বনালে আমাৰ ভাৰতত কিয় তেনে বনাব নোৱাৰিলে৷ আপোনাকটো প্ৰতিবছৰ সোতৰ তাৰিখে পূজাটো ঠিকেই দিয়ে৷

বিশ্বকৰ্মাই বোলে চাওক মই হ'লো ইঞ্জিনিয়াৰ মানুহ৷ মোক মেটেৰিয়েলচ দিলে আৰু ফাণ্ড চেংচন কৰিলে মই আজিও বনাই দিব পাৰো৷

ফান্দ কোনে চেংচন কৰে? লক্ষ্মী নে গনেশে?

নাৰদে বোলে কৰাত দুইজনেই কৰে৷ কিন্তু কোনে কাক কি ফান্দ এৰি দিয়ে অলপ কনফিউজড ৷ মানে এটা ফাইনে়ঞ্চ ডিপাৰ্টমেন্টটো দুজনে চাই যে৷

লক্ষ্মীয়ে বোলে গনেশে হে জানিব৷ গনেশে বোলে মোৰ বিত্ত বিভাগৰ ওপৰিও বিঘিনি নাশক মানে ইমাৰজেঞ্চি চিকিউৰিটি বিভাগটোও আছে নহয়৷ তাতে আজি কালি কি কি নিয়ম মানুহে উলিয়াইছে যে যাক এগুন দিও কৰবাত কিবা ইনভেষ্ট কৰি এগুনক দুগুন কৰি পেলাই৷ সেয়ে ধনী ধনী হৈ গৈ আছে আৰু দুখীয়াবোৰ বিল' প্ৰভাৰ্টি লাইনতে পৰি আছে৷

ইন্দ্ৰই বোলে বিল' প্ৰভাৰ্টি লাইনৰ পৰা ওপৰলৈ নিয়া কিবা ব্যৱস্থা লৈছেনে নাই৷ গনেশে বোলে মনুষ্য সকলে কিবা এম এনৰেগা, কল্পতৰু এনেকুৱা কিবা কিবি আচনি লোৱাত লৈছে ৷ আচনি যদি মনুষ্যই ল'ব লাগে তেন্তে আপুনি কি শ্ৰী গনেশ কৰি আছে৷

গনেশে বোলে ইয়াৰ মুল সমস্যাটো শিক্ষা৷ ভাৰতত শিক্ষা বিভাগটো বৰ কেলেংকাৰী বিভাগ৷

ইন্দ্ৰই বোলে সৰস্বতী ক'ত গ'ল?

সৰস্বতীয়ে বোলে আজি মেট্ৰিকৰ ৰিজাল্ট দিছে, তাকে যাক যাক পাৰি পাচ কৰাই আছো৷

ইন্দ্ৰই বোলে যোৱাবাৰ মেট্ৰিকত উৰ্তিন্নৰ হাৰ 29% আছিল মানে শতকৰা সত্তৰটাই ফেল৷ পূজাটো সকলোৱে কৰে, তেনেহ'লে এইজাক ফেইল কেনেকৈ হয়? সৰস্বতীয়ে বোলে মোক পূজা কৰিলেই নহ'ব নহয়, পঢ়িবওটো লাগিব৷ ল'ৰাছোৱালী স্কুললৈকে নাযায়, তাতে চৰকাৰী স্কুল, প্ৰাইভেট স্কুল এইবোৰৰ কেজেং আছেই৷ মাষ্টৰে দৰমহা নাপাই ৰাষ্টাত ধৰ্ণা দিয়া জেংবোৰ আছেই৷ অন্য দেশত এইবোৰ নাই নহয়৷

ইন্দ্ৰই বোলে কিবা কৰি সকলোকে পাছ কৰি দিব নোৱাৰিনে?
স্বৰস্বতীয়ে বোলে DPEP বুলি আচনী এখন লৈছে বৰ্তমান, এইখনৰ পিছত সৰ্ব শিক্ষা আচনীও আহিব৷ চাওচোন কি হয়৷ হপ ফৰ দ্যা বেষ্ট৷ সকলোকে ক্লাচ এইট মানলৈকে মোক পূজা নিদিয়াকৈও পাচ কৰি দিয়াৰ ব্যৱস্থা এটা আহিব দহ বছৰ মান পিছত, তাৰ পিচত দেখা যাওক আৰু কি আঁচনী লোৱা যায়৷

ইন্দ্ৰই বোলে সকলো দেখোন মনুষ্য সকলে নিজেই কৰি আছে৷ চৰকাৰ আৰু আপোনালোক দেৱ দেৱী সকলে কৰিছে কি?

সকলোৱে বোলে দেশৰ জনগনৰ যি নহওক কিয়, চৰকাৰে চৰকাৰৰ মতে চলাই আছে আমি আমাৰ মতে৷ নহলে সকলোকে বিল গেটচ কৰি দিলে আমাক পিচত কোনে চাব৷ আৰু এনেও পৃথিৱীৰ চহকী দেশ আৰু তাৰ জনসাধাৰনে আমাক পূজা নিদিয়ে৷ চৰকাৰ চলিবলৈ যি দৰে ভোটাৰ লাগে, আমাকোটো ভক্ত লাগে৷

ইন্দ্ৰই বোলে তেনেহ'লে উন্নতি কি দৰে হ'ব?

সকলোৱে একে মুখে বোলে ভগৱান ভৰোচা.....
*****************

No comments:

Post a Comment