Tuesday 27 February 2018

নৱবৰ্ষআপোনাৰ কেনে যাব?



নৱবৰ্ষ আহি পালেহি ৷ নতুন বছৰত ফেচবুকত আপোনাৰ বছৰটো কেনে যাব সেই সম্পৰ্কে ৰাশি অনুযায়ী জ্যোতিষ গননা আগবঢ়োৱা হ'ল৷

মেষ (অ,ল):
মেষ ৰাশি অগ্নি চিহ্নিত পুৰুষ কাৰক ৰাশি৷ অধিপতি গ্ৰহ মংগলৰ কাৰকতা অনুসৰি এই ৰাশিৰ জাতক জাতিকাৰ ফেচবুকত বছৰটো শুভ। প্ৰফাইল পিকচাৰ সঘনে সলনি হোৱাৰ সম্ভাৱনা আছে৷ বছৰৰ আৰম্ভনিতে আপোনাৰ জন্ম ৰাশিত ৰাহু কেতুৰ অৱস্থানে ইন্টাৰনেট হানি তথা সপ্তমত শনিৰ কাৰকতা অনুসৰি টেগ কৰা পষ্টৰ পৰা বিশেষ অসুবিধা হোৱাৰ লক্ষন স্পষ্ট হৈছে৷ খং ৰাগ আগৰ দৰেই থাকিব৷ এবছৰ বয়স আৰু বাঢ়ি যোৱা বাবে প্ৰসাধন সামগ্ৰীৰ খৰচ বাঢ়িব৷

বৃষ(ই উ ব):-

ৰাশ্যাধিপতি কনা শুক্ৰ গ্ৰহৰ প্ৰভাৱত এই ৰাশিৰ জাতক জাতিকা সকলৰ নতুন বছৰত মেচেঞ্জাৰ ডিলিট কৰাৰ তথা ষ্টেটাচত লাইক কমেন্টৰ মুখ নেদেখাৰ যোগ চলিছে৷ বৃষ ৰাশিৰ জাতক জাতিকাৰ সুস্বাদু খাদ্যৰ প্ৰতি থকা অত্যাধিক দুৰ্বলতাৰ বাবে ৰাহুৰ শুভ দৃষ্টিত দেহৰ ওজন বৃদ্ধিৰ যোগ অব্যাহত থাকিব৷

মিথুন (ক ছ):-

বুধৰ কাৰকতা অনুসৰি নতুন বছৰতো যোৱা বছৰৰ দৰেই শিশুসুলভ স্বভাৱযুক্ত হৈ থাকিব৷ বৰ্ষাৰম্ভনিতে গুৰু চণ্ডাল যোগৰ প্ৰভাৱত এফ আৰ পি কমাৰ যোগ পৰিছে। চন্দ্ৰৰ অশুভ দৃষ্টিত লাইক কমেন্টৰ আশাত চকুৰ গুড়ি কলা পৰিব পাৰে৷ ৰবিৰ অশুভ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে 108 টা কমেন্ট আৰু 18000 লাইক দিয়াতো বাঞ্চনীয়৷

কৰ্কট(ড হ):-ৰাশিৰ অধিপতি চন্দ্ৰৰ কাৰকতা অনুসৰি এই ৰাশিৰ জাতক জাতিকাৰ বাবে বছৰটো মোটামুটি ভাল। বহু দিনৰ কবিতা লিখাৰ পৰিকল্পনা পূৰ্ণ হ'ব পাৰে৷ শুক্ৰ ৰ প্ৰভাৱত বিপৰিত লিংগৰ পৰা যথেষ্ট ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিব৷ শনিৰ বক্ৰ দৃষ্টিৰ বাবে হাই হাই হাই হাই মেচেজৰে ইনবক্স গেলি যোৱাৰ সম্ভাৱনা আছে তথা ৰাহুৰ দৃষ্টিত বন্ধু তালিকাত চাফাই অভিযান কৰিব লগিয়া হ'ব পাৰে৷ খুৱ বেছি আবেগিক নহ'ব নহ'লে বছৰত বহুবাৰ ফেচবুক একাউন্ট ডি এক্টিভেট কৰিব লগিয়া হব পাৰে৷

সিংহ (ম ট):-
এই ৰাশিটোৰ অধিপতি গ্ৰহ ৰবি৷ ৰবিৰ কাৰকতা অনুসৰি এইবছৰতো চালি জাৰি চাই হে কঞ্জুচৰ দৰে কমেন্ট কৰিব৷ খং ৰাগ অভিমান একেই থাকিব৷ ফটো তথা ষ্টেটাচত আশানুৰূপ লাইক কমেন্ট পাব৷ ইনবক্সত সাবধান হ'ব৷ এফ আৰ পি একেই থাকিব৷

কন্যা(প ঠ):-
বুধৰ প্ৰভাৱত এই ৰাশিৰ জাতক জাতিকাৰ বাবে বছৰটো শুভ। চেনী বেছি নাখাব, শুক্ৰৰ প্ৰভাৱত ডায়েবেটিচ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে তথা বিবাহৰ উপযুক্ত জাতক জাতিকাৰ বিবাহৰ যোগ পৰিলক্ষিত হৈছে৷অত্যাধিক ফটো আপল'ড তথা ষ্টেটাচৰে ৱাল ভৰি যোৱাৰ সম্ভাৱনা আছে৷

তুলা(ৰ ত):-

শুক্ৰৰ প্ৰভাৱত এই ৰাশিৰ জাতক সকলৰ বৰ্ষাৰম্ভত জায়া ভাৱত কেতু আৰু শত্ৰুভাৱত ৰাহুৰ অবস্থানে এক নিৰ্নায়ক ভুমিকা গ্ৰহন কৰিছে৷ ইনবক্সত মেচেজ তথা ষ্টেটাচ , মন্তব্য লিখাৰ সময়ত সাবধানতা অবলম্বন কৰিব৷ ৰাহুৰ কাৰকতা অনুসৰি বন্ধনভয় তথা আনফ্ৰেণ্ডৰ যোগ সুচিত হৈছে৷

ধনু(ভ ধ ফ )

বৃহস্পতিৰ কাৰকতা অনুসৰি এই ৰাশিৰ জাতক জাতিকাৰ বছৰটো আনৰ পষ্টত লাইক কমেন্ট কৰোতেই যাব তথা বছৰৰ আৰম্ভনিতে আৰু ভাদৰ শেষত প্ৰফাইল ফটো সলনি হোৱাৰ যোগ সুচিত হৈছে যাকে তাকে লাইকৰ আশাত টেগ নকৰিব তথা অশুভ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ জুকাৰবাৰ্গৰ মন্ত্ৰ "ঔম হ্ৰিং ক্ৰিং জুকাৰে নমঃ" ১০৮ বাৰ শোৱাৰ পিছত অনলাইন জপ কৰিব।

বৃশ্চিক (ন য):-
মংগলৰ কাৰকতা অনুসৰি এই ৰাশিৰ জাতক জাতিকা বিপৰিত লিংগৰ প্ৰতি আগৰ দৰেই আকৃষ্ট থাকিব তথা ইনবক্সৰ প্ৰতি দুৰ্বলতা বাঢ়িব৷ শুক্ৰৰ কাৰকতা অনুসৰি প্ৰফাইল ফটোত অগনন লাভ আৰু ৱাও লাইক অহাৰ সম্ভাৱনা আছে৷ কেতুৰ বক্ৰ দৃষ্টিৰ বাবে ইনবক্স আৰু ৱাটচএপত চেনীৰ পৰিমান নকমালে ডায়েবেটিচ হোৱাৰ পুৰ্ণ সম্ভাৱনা তথা নতুন বন্ধনভয়ৰ যোগ সুচিত হৈছে৷

মকৰ (খ জ):

শনিৰ কাৰকতা অনুসৰি এই ৰাশিৰ জাতক জাতিকাৰ বছৰটো শুভ৷ ফ্ৰেণ্ডৰ সংখ্যা বাঢ়িব৷ ফেচবুকৰ নামত সময় অপচয় হোৱাৰ যোগ সুচিত হৈছে তথা চকুৰ গুৰি কলা পৰাৰ তীব্ৰ সম্ভাৱনা আছে৷

কুম্ভ (গ শ স):-

শনীৰ কাৰকতা অনুসৰি এই ৰাশিৰ জাতক জাতিকাৰ স্পষ্টবাদী আৰু হিচাপি স্বভাৱৰ বাবে আনফ্ৰেণ্ড হোৱাৰ সম্ভাৱনা আছে৷ ভাদৰ ২০ তাৰিখৰ পৰা গুৰু সঞ্চাৰৰ ফলত ফেচবুক বিতৰ্ক তথা ফেচবুক ডিএক্টিভেট কৰাৰ যোগ সুচিত হৈছে৷

মীন:-(দ চ) :-

বৃহস্পতিৰ কাৰকতা অনুসৰি জাতক জাতিকা বিপৰিত লিংগৰ প্ৰিয় পাত্ৰ হৈ থাকিব৷ অবিবাহিত সকলৰ বাবে বিশেষ শুভ হলেও বিবাহিত সকলৰ দিন কাল একেই থাকিব৷ পানীত থকা মাছৰ দৰে শান্ত হৈ থাকিলে শুভ অন্যথা চেনী বিছাৰি পানী ঘোলা কৰিলে মাটিত চটফটোৱা মাছৰ দৰে হোৱাৰ সম্ভাৱনা আছে৷

No comments:

Post a Comment