Tuesday 27 February 2018

প্ৰেচাৰৰ পিল



আমাৰ টেটোন খুড়াৰ প্ৰেচাৰ৷ প্ৰেচাৰ মানে হাই বিধ৷ খুড়াৰ মতে অফিচৰ কামৰ প্ৰেচাৰ, ঘৰত পোৱালীৰ গৃহিনীৰ ইটো লাগে সিটো লাগে কৈ দি থকা প্ৰেচাৰ, সভাপতি হৈ পাই থকা ৰাজহুৱা কামৰ প্ৰেচাৰ এই সকলো মিলিয়েই খুড়াৰ হাই প্ৰেচাৰ৷
যি কি নহওঁক টেটোন খুড়া কৰাইচ বুলি অফিছে ঘৰে বাহিৰে এটা নাম আছে৷ প্ৰতি ৰবিবাৰে পুৱাই মোৰ ঘৰত ডিজিটেল প্ৰেচাৰ জোখা মেছিনটোত প্ৰেচাৰ জোখাব আহে৷ কেইদিন মান আগত মোক বোলে বুজিছা শইকীয়া ইমান পিল সোপা খাই আছো প্ৰেচাৰটো কমাব পৰা নাই নহয়৷ প্ৰথম ৰমনী ডক্টৰক দেখালো৷ চাই মেলি পিল এসোপা লিখি দিলে, এটা ফাইলত তোমাৰ ষাঠি টকা বুজিছানে৷ এমাহ খালো, নাই প্ৰেচাৰ নকমে৷ পিছত লগৰ এজনে ক'লে বৰুৱা ডক্টৰক দেখাওক৷ তেওঁ আৰু এখোপ চ'ৰা৷ এটা এটা টেবলেটৰ ফাইলত তোমাৰ এশদহ টকা হে৷ এটা ফাইলত দহটা টেবলেট মানে তোমাৰ এঘাৰ টকা এটা পুৱাই পানীৰ লগত গিলিব লাগে৷ তাকো ডেইলি এটাকৈ৷ তথাপি প্ৰেচাৰ নকমে৷

মই প্ৰেচাৰৰ কাৰনটো বুজিলো৷ মই বোলো খুড়া আপুনি এবাৰ মজুমদাৰ ডাক্টৰক দেখাই চাওকচোন৷

যোৱা ৰবিবাৰে টেটোন খুড়াই বোলে, মজুমদাৰক দেখালো নহয়৷ বৰ ভাল ডাক্টৰ বুজিছানে, তেখেতে দিয়া পিলটো খাই প্ৰেচাৰ এতিয়া মোৰ পুৰা নৰ্মেল হৈ গ'ল নহয়৷ বৰুৱা ডাক্টৰে এশদহ টকীয়া পিল খুৱাই যিটো নৰ্মেল কৰিব নোৱাৰিলে মজুমদাৰ ডাক্টৰে বিশটকীয়া ফাইলৰ এটা পিল দিয়েই ঠিক কৰি দিলে৷

মই বুজিলো পিলৰ দামেহে প্ৰকৃততে টেটোন খুড়াৰ প্ৰেচাৰ বঢ়াইছিল৷
**********

No comments:

Post a Comment