বহু বছৰ আগৰ কথা, বছৰ মানে এটা যুগৰ আগৰ৷ মানে আমাৰ বিজয় কলেজত পঢ়ি থকা দিনৰ কথা৷ কলেজত গৈয়েই প্ৰথমদিনা এজনীৰ লগত খুন্দা খালে৷ খুন্দা খালে মানে সেই যে চিনেমাত দেখাই, কিতাপ পৰি যায়৷ হিৰ' হিৰ'ইনে চকুত চকু থৈ কিতাপ উঠাই৷ একদম তেনেকুৱা৷ খুন্দা খালে মানে খুন্দা লগাজনীয়ে বিজয়ৰ কলিজা একামুৰ মাৰিয়েই দিলে৷
বিজয় বস্তুটো জানো কম? কিতাপ বুটলোতে ছোৱালীজনীৰ নামটো জানিবলৈ তাইৰ এখন বহী বিজয়ে চাঞ্চ পাই মাৰি দিলে আৰু তাৰ এখন বহী তাইৰ হাতত তুলি দিলে যাতে তাই বহী ঘুৰাবলৈ আকৌ বিজয়ক লগ ধৰে৷
খুন্দা খোৱাৰ পিছৰ পৰাটো বিজয়ৰ চকু জপালেও তাইকে দেখে ,মেলিলেও তাইকে দেখে, মুঠতে বিজয় ইন ফুল লাভ৷ ছোৱালী গৰাকী কৰ কি কথা, কি খাই ভাল পাই, কি কৰি ভাল পাই মুঠতে এ টু জেদ খবৰ উলিয়াই ল'লে৷ সকলো ঠিকেই আছিল পিছে তাইৰ ফেভাৰেট হিৰৌ ব্ৰুচলি আৰু কেৰেটি প্ৰিয় খেল৷
বিজয়ে নিজৰ পেটটোলৈ এবাৰ চালে, এবাৰ ব্ৰুচলীৰ ফটোখনলৈ৷ উশাহ টানি পেটটো ভৰালেও সেইটো জোখ নাপাইগৈ৷ প্ৰেয়সীৰ ফেভাৰেট হিৰ'ৰ দৰে হবলৈ বিজয়ে পুৱা দুশমিটাৰ দৌৰা আৰম্ভ কৰিলে৷ পেট কমাবলৈ প্ৰথমতে ডেইলি এক কিলোমিটাৰ দৌৰাৰ প্ৰতিজ্ঞা কৰিছিল যদিও প্ৰথম দিনা এককিলোমিটাৰ দৌৰি গৈ শেষত উশাহ ঘুৰাব নোৱাৰি লুটি খাই পৰিছিল৷ হোষ্টেলৰ লগৰ দুটামানে পিছত ৰিক্সাত বহাই পানী ঢালি বিজনী মাৰি উশাহটো যেন তেন ঘুৰাই আনি হোস্টেল পোৱাইছিল হি৷ তেতিয়াৰ পৰা দৌৰৰ দুৰত্ব কমাই আনি দুশ মিটাৰ কৰিলে৷
যি কি নহওঁক পেট কমোৱাৰ লগতে কেৰাটিৰ প্ৰেকটিছো আৰম্ভ কৰিলে৷ প্ৰথমতে ডিভাইনত সজাই থোৱা তুলাৰে বনোৱা কল গাৰু ৰচীত বান্ধি লাট মাৰিব ল'লে, তাৰ পিছত কিক বক্সিং৷ মুঠতে ব্ৰুচলী হৈ হে এৰিব৷ ব্ৰুচলীৰ দৰে মাজে মাজে বিকট চিঞৰ৷ হোষ্টটেলৰ ওচৰৰ দুই এঘৰ মানুহে বিজয়ৰ বিকট চিঞৰ শুনি কাৰোবাক খেটৰ বা ভুতে লম্ভিলে বুলি দৌৰ মাৰিও আহিছিল৷
হোষ্টেলৰ কথা জানেই সকলোৱে৷ বিজয়ৰ বিকট চিঞৰত অশান্তি পাই এদিন লগৰ দুটা মানে কপাহৰ কল বালিছৰ কপাহ উলিয়াই থওক বালি ভৰাই৷ বিজয়ে খালি গা, টিকটিকিয়া ৰঙা হাফপেন্ট হাতত গ্লোভছ পিন্ধি আহি দিয়ক লাট মাৰি৷ কে বুলি শব্দ এটাহে হ'ল৷ বিজয় মাটিত বেহুছ৷ লগৰ কেইটা আহি দেখে বিজয়ৰ সোঁ ভৰিৰ আঠুৰ ঘিলা পিছফালে৷ বিজয় ঘুৰিল নে আঠুৰ ঘিলা ঘুৰিল দুবাৰ মান লুটিয়াই বগৰাইও চালে৷ দেখিলে হয়, আঠুৰ ঘিলা হে ঘুৰিল৷ লগে লগে ডাক্টৰৰ তাত নি ভৰিৰ প্লাষ্টাৰ কৰালে৷
খালী গা, টিকটিকিয়া ৰঙা হাফ পেন্ট পিন্ধা আৰু "আ" কৰি মুখ মেলি থকা বিজয়ক দেখি দুজনমানে আকৌ মাটিৰে বনোৱা দুৰ্গা গোসানীৰ মহিসাসুৰ নে সঁচা মানুহ বুলি চিকুটিও চালেহি৷
যি কি নহওঁক বিজয়ৰ ভৰিত প্লাষ্টাৰ৷ দিনৰ দিনটো বিচনাত পৰি থাকে৷ কথা পাতিবলৈও লগ নাই৷ ৰুমৰ আগেদি কোনোবা যোৱা দেখিলেই বিজয়ে কথা পাতিবলৈ মাতে৷ হোষ্টেলৰ লগৰবোৰ আহে কথা পাতিবলৈ কিন্তু এটা চৰ্তত যে প্লাস্টাৰত কিবা লিখিব দিব লাগিব৷ বিজয়ৰো উপাই নাই৷ লিখ আৰু যি লিখ বুলি পাতি দিয়ে৷ লগৰমখাই আহি পাৰ্মানেন্ট মাৰ্কাৰ, পেন দি যিয়ে যি মনলৈ আহে বিজয়ৰ প্লাষ্টাৰত তাকেই লিখিবলৈ আঁকিবলৈ আৰম্ভ কৰিলে৷ মুঠতে প্লাষ্টাৰ অভিধানত নথকা শব্দৰে ভৰি পৰিল৷
ইফালে ছোৱালীৰ বাপেকে কিবা লিখিবলৈ পাত বিছাৰি জীয়েকৰ বহি মেলক৷ বহীখন ওলাওক বিজয়ৰ৷ পাত মোকালি দেখক বিজয়ৰ নাম ৷ ছোৱালীক বাপেকে দে গালি বোলে এইটোক পালে মই তাৰ হাত ভৰি ভাঙিম৷
এমাহ পিচত প্লাষ্টাৰ খুলিব৷ বিজয়ে যিমান পাৰে ব্লেডৰে আঁচুৰি, চুন ঘঁহি লেখাবোৰ মছিলে৷ হস্পিটাল গ'ল৷ কম্পাউন্দাৰে প্লাষ্টাৰ দেখি বোলে তোক আজি ইটো ভৰিও ভাঙিম বুলি চোঁচা ল'লে৷ বিজয়ে লগৰ এটাক বোলে অই কি লিখা আছে পঢ়ি দেছোন৷ লগৰটোৱে বোলে " কম্পাউন্দাৰৰ জীয়েক বাসন্তীক মই ভাল পাও" লিখা আছে৷ বিজয়ে ব্ৰুচলীৰ দৰে চিঞৰ এটা মাৰি প্লাষ্টাৰ লগোৱা ভৰিৰেই হস্পিতালৰ পৰা দে দৌৰ৷
**********
No comments:
Post a Comment