Tuesday, 27 February 2018

সেই বিশেষ চিঠিখন



আকৌ এইবাৰো ধীৰাজেই৷ গুৱাহাটীলৈ পঢ়িবলৈ গৈ মেছ কৰি থকা লগৰ গোটেই কেইটাই ক'বলৈ গ'লে জীৱনত প্ৰথমবাৰলৈ ঘৰৰ শাসনযন্ত্ৰৰ পৰা বুলি মুক্ত হৈ "আজাদী"ৰ সোৱাদ লোৱাৰ সুযোগ পাইছিলো৷ ঘৰত সময়মতে কৰিব লগিয়া হোৱা নিত্য-নৈমিত্বিক কামবোৰৰ পৰা আদি কৰি পঢ়াশুনালৈকে সকলো "টাইম মতে" নকৰি ৰজাৰ দৰে থকাৰ এক প্ৰৱনতাও গা কৰি উঠিছিল৷ ইয়াৰ লগতে ঘৰৰ পৰা বাহিৰত থকা বাবেই নেকি নাজানো আগতে কেতিয়াও ঘৰত থাকোতে পাতি নোপোৱা দিৱস, উৎসৱ পাৰ্বন আদি আমি মেছৰ কেইটাৰ লগতে ওচৰতে আয়ুৰ্বেদিক কলেজত পঢ়ি থকা ভাইটি কেইটাৰ লগত বৰ ধুমধামৰে পাতিছিলো৷ জন্মাষ্টমীৰ কেইদিনমান আগত মালিগাঁৱৰ পৰা এযোৰ "নাগাৰা" আৰু খুটি তাল কিনি আনি প্ৰতি নিশা দুই তিনি বজালৈকে নাগাৰা বজোৱাৰ জোৰদাৰ প্ৰেক্টিছ কৰি অৱশেষত জন্মাষ্টমীৰ গোটেই ৰাতি হাতৰ ঢৌ ফুঁটি নোযোৱালৈকে আৰু কীৰ্তন গাই মাত ভাঙি নোযোৱালৈকে নাগাৰা বজাই "শ্ৰীকৃষ্ণৰ বাৰ্থডে চেলিব্ৰেট" কৰিছিলো৷ নাগাৰাৰ পিচত আহিল বাঁহী৷ প্ৰতি নিশা নাগাৰা বজাই ভাড়াঘৰৰ মালিক নুৰ ইচলামদাৰ লগতে ওচৰৰে সকলো মানুহৰ "জিনা হাৰাম" কৰাৰ লগতে গোটেই কেইটাই একে লগে বিভিন্ন ভয়ানক সুৰত নতুনকৈ বাঁহী বজাবলৈ শিকি আমাৰ মেছৰ পৰা এক কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত থকা সকলোৰে কাণ আৰু টোপনীৰ বাবে এক সন্ত্ৰাসৰ কাৰন হৈ পৰিছিলো৷ নাগাৰা আৰু বাঁহীৰ কানেৰে সহ্য কৰিব নোৱাৰা অসহনীয় সুৰ-সমলয়ৰ পৰা পৰিত্ৰান পাবলৈ মালিকৰ ওচৰলৈ অহা লিখিত তথা মৌখিক আবেদনৰ ফলত ঘৰৰ মালিক নুৰ দাই অৱশেষত সন্ত্ৰাস সৃষ্টিকাৰি সেই নাগাৰাযোৰ আমাৰ পৰা বৰামদ কৰে আৰু নাগাৰাৰ দুগুন দাম পৰিশোধ কৰি নিজৰ ঘৰলৈ লৈ যায়৷ ইয়াৰ পিছতো কিন্তু শংকৰদেৱ, মাধৱদেৱ, দামোদৰ দেৱৰ তিথিৰ পৰা বুলি কাতিবিহু লক্ষ্মীপূজা, দেৱালী ,স্বৰস্বতী পূজা সকলো মেছত অনুস্থিত কৰিছিলো৷ এই সকলো বোৰৰ মাজতে শিৱৰাত্ৰীও বেচ নিয়ম নীতিৰে ভাড়াঘৰতে থকা বেলগছ জোপাৰ তলত উৎযাপন কৰিছিলো৷ পুৱাই শুক্লেশ্বৰ মন্দিৰত শিৱবাবাৰ লগতে পাত্ৰ বিচাৰি ব্ৰত ৰখা সুন্দৰী কণ্যা সমূহৰ দৰ্শন কৰি আহি ওচৰতে থকা "বাবা ভক্ত"দাদা দুজন মানৰ পৰা "উৎকৃষ্ট কোৱালিটিৰ" বাবাৰ প্ৰসাদ সংগ্ৰহ কৰি
খাঁটি গাখীৰ কাজু কিচমিচ ইলাচী আদি দি ঘোটা প্ৰস্তুত কৰিলে আৰু ঘোটা প্ৰস্তুত কৰাৰ হোৱাৰ লগে লগে যেন তেন বুট মগুৰ প্ৰসাদ কেইটা বেল গছৰ তলত দি হাতত বাতি লৈ গোটেই কেইটাই লাইন পাতিব ধৰিলে৷ সেইয়া গলাধকৰন কৰাৰ পিছত দুটামানে আনে নজনাকৈ ধোঁৱাও টানিলে৷ ক'বলৈ গ'লে সকলোৰে গাত প্ৰায় কৈলাসৰ বাঘৰ চাল পিন্ধা শিৱ লম্ভিৱ ধৰিলে৷ সকলো বস্ত্ৰ ত্যাগ কৰি একমাত্ৰ ক্ষুদ্ৰ বস্ত্ৰকন পৰিধান কৰি দুটামানে প্ৰবচন শুনোৱাও আৰম্ভ কৰিলে৷ এটা সময়ত যি য'ত আছিল তাতেই এৰি মই আৰু ধীৰাজ শুৱলৈ আহিলো৷ ধীৰাজ টোপনীত, এনেতে দুৱাৰত নক হ'ল৷ মই দুৱাৰ খুলি দেখো বাহিৰত বিশ্ব৷ বিশ্ব মানে ধীৰাজৰ মাংস হৰলুকি দিয়া কাণ্ডৰ কামত নিয়োজিত প্ৰধান চোৰাংচোৱা জন৷ সি মোক একো নোকোৱাকৈ ভিতৰলৈ সোমায় আহি চিধাই মোৰ বিচনাত বাগৰি দিলে৷ মইও আহি তাৰ কাষতে বাগৰ দিলো৷

"তোৰ বাৰু মৰিম মৰিম লাগিছে নেকি?" বিশ্বৰ প্ৰশ্ন

নাই লগাটো৷ মোৰ উত্তৰ৷

"তোৰ উশাহটো চুটি চুটি লাগিছে নেকি?"

নাই লগা৷

"মই মৰিম বুজিছ দোষ্ট৷ তোহতক এৰি যাবলৈ বৰ দুখ লাগিছে৷ কল্পনাক প্ৰপ'জ দিম দিম কেই থাকিল৷ এই জীৱনত নহ'ল আৰু দিয়া৷"

ৰ' চোন ৰ' ......কল্পনাকটো ধীৰাজে ভাল পাই৷ তই প্ৰপ'জ দিয়াৰ কথা ক'লি যে? মোৰ প্ৰশ্ন

কল্পনাৰ লগত মইহে একেটা টিউচন গ্ৰুপত আছিলো৷ মই প্ৰ'পজ দিম দিম কৈ থাকোতে সি দি দিলে৷ অৱশ্যে ভালেই হ'ল ৷ তাৰ লগত তাই সুখত থাকক৷ তই এটা কাম কৰি দিবি দষ্ট

ক' ৷ মই ক'লো

মাক এই চিঠিখন দি দিবি বুলি পকেটৰ পৰা চিঠিএখন উলিয়াই মোক দিলে৷ মই মেলি চালো৷ নিচাৰ জালতে জলকতপক কৈ দেখা শব্দ সমূহৰ মাজত দেখা দুই চাৰিটা লাইন এনে আছিল...

মৰমৰ মা,
মৰম ল'বা৷ তোমালোকে মোক গুৱাহাটিত পঢ়িব পঠাইছিলা৷ মই ইয়াত আহি বহুত বেয়া হ'লো৷ আজি গৌতমে ঘোটা বনাইছিল৷ ৰুপক দাই বনোৱা চিগেৰেটৰ অলপ খাইছিলো৷ প্লাবনে মোক সত্তৰ টকা দিব আছে৷ মোৰ মৰিম মৰিম লাগিছে সেয়ে সঁচা কথাবোৰ লিখি দিলো৷ মই মৰিলে মেছৰ লগৰ কেইটাৰ দোষ নাই৷ এইবাৰ পূজাত যে তোমাৰ বেগৰ পৰা পাঁচশ হেৰাইছিল, মইয়ে নিচিলো কল্পনাক গিফ্ট দিবলৈ৷ তাইক মই অলপ ভাল পাইছিলো৷ ...........মই আৰু নপঢ়িলো৷ গাৰুৰ তলত চিঠিখন থৈ তাক ক'লো শুই থাক৷

মই মৰিব ধৰিছো৷ তোৰ টোপনী ধৰিছে৷ কান্দি কান্দি সি কৈ গ'ল৷
মোৰ নিছা আৰু টোপনীত চকু মুদ খাই গৈছিল৷ পিছত কি হ'ল নাজানো৷ পুৱা বহুত দেৰিকৈ সাৰ পালো৷ ৰুমৰ পৰা বাহিৰলৈ আহি দেখিলো বিশ্বই ভাত বনাই আছে৷

আজিটো মংগলবাৰ, মনত পেলাব চেষ্টা কৰিলো৷ আজিটো ধীৰাজৰ হে ভাত বনোৱা পাল আছিল, বিশ্ব পাকঘৰত সোমাল যে? মই চকুৰ ইংগিতৰে ধীৰাজক সুধিলো৷ পকেটৰ পৰা কাগজ এখন উলিয়াই মোক দেখালে৷ এইখন দেখোন ৰাতি বিশ্বই মোক দিয়া চিঠিখন৷ মই কলো৷

হয়৷ আৰু তাত তাৰ চহীও আছে৷ এইখন অস্ত্ৰ হয় মোৰ ৷ ই বেটাই মোৰ কল্পনাক চকু দিয়ে৷ মোক মাংসচুৰ ধৰিছিল নহয়৷ এতিয়াৰ পৰা মোৰ ঠাইত সি ভাত বনাব৷ নহ'লে চিঠি ডাইৰেক্ট মাকক দিম৷ তহতক লাগিলে জেৰক্স কৰি এটাকৈ কপি দিব পাৰো৷ যি কি নহওঁক "সেই বিশেষ চিঠিখন" তাৰ আগত দুবাৰ মান জোকাৰি দি বহু দিনলৈ তাক চাহ ভাত বনোৱা কামত লগাইছিলো৷
***********

No comments:

Post a Comment