Tuesday 27 February 2018

যি কম মিছা কম মিছাৰ বাহিৰে একো নকওঁ


মানুহে কয়, “মিছা কথাৰ ঠেং চুটি” সেইটোও এটা গোকাট মিছা। আপুনিয়েই কওকচোন মানুহৰ ঠেং থাকে নে ভৰি? আৰু এনে এজন মানুহ মোক দেখুৱাই দিয়ক যাৰ মিছা কথা কোৱাৰ বাবে ঠেং চুটি হৈছে?

আচলতে মিছাৰ লগত আমাৰ সম্বন্ধ জন্মৰ আগৰ পৰাই। মোৰ জীৱনত শুনা প্ৰথম মিছা কথাটো আছিল, মই জন্ম পোৱা নাৰ্চিংহোমৰ ডাক্তৰজনৰ। “নৰ্মেল নহয় ছিজাৰিন কৰিব লাগিব” বুলি মিছাকৈয়ে মাৰ পেটটো ফালি মোক উলিয়াই আনিলে। নাৰ্চিংহোমত মোৰ জণ্ডিজ হৈছে বুলি মিছাকৈয়ে এসোপামান মোক চেলাইন খুৱালে।

খুৰা এজনে হস্পিতালত দেউতাক সুধিলে “কিমান খৰছ পৰিল?” দেউতাইও লেবেল দিবলৈ কৈ দিলে নহয় মিছাকৈয়ে ৪০ৰ ঠাইত ৫০ হাজাৰ বুলি। ঘৰ আহি পাইছো ডাঙৰ দাদাই মাক সুধিলে “মা মা ভাইটি কেনেকৈ জন্ম হ’ল?” কৈ দিলে নহয় বেচেৰাক মায়ে গোকাট মিছাকে, “হস্পিতালৰ পৰা কিনি আনিছো” বুলি। মুঠতে সৱ মিছা মিছা মিছা।

বুট চোবাব নোৱাৰা মোক ককাই নামঘৰলৈ লৈ যায় মিছাকৈয়ে। এখন প্ৰসাদৰ পাত বেছিকৈ লয়। মোক শুৱাব আৰু ভাত খুৱাবৰ সময়ত কাণখোৱা আহিব বুলি, শিয়াল আহিব বুলি সৰুতে আইতাই কমবোৰ মিছা কথা ক’লে নে? হেৰৌ বাকী বাদ দিয়ক- আকাশৰ জোনটোকো মামা পাতি দিলে। এতিয়া যাওক আপুনি স্পেচ চুট পিন্ধি মোমাইৰ ঘৰলৈ৷

স্কুলত নাম লগাবলৈ গৈ দেউতাই মোৰ আৰু ককাইদেউৰ বয়স এনেকৈ বঢ়া টুটা কৰিলে যে এতিয়া ককাইদেউ মোতকৈ চাৰি বছৰ পিছত হে ৰিটায়াৰ্ড হ’ব ৷ স্কুলতো পেট বিষাইছে বুলি মিছাকৈয়ে কম ছুটিৰ দৰ্খাস্ত দিলোনে? আৰু যে কত কি মিছা কথা মাতিলো ছাৰ বাইদেউৰ আগত হোমৱৰ্ক নকৰাৰ বাবে। আৰু পৰীক্ষাত? লগৰ বোৰৰ মোতকৈ কম নম্বৰ পাইছে বুলি ঘৰত কোৱা মিছাবোৰ? সেইবোৰ ক’ত গ’ল?

যৌৱন কালত প্ৰেয়সীৰ আগত কম মিছা মাতিলোনে? মিছা শপত-কচম কম খালোনে? আৰু বিয়া পাতিবলৈ গৈ ছোৱালীক আগতে কাকো ভাল পোৱা নাই, তোমাকে প্ৰথম ছোৱালী চাইছো বুলি কম গোকাট মিছা মাতিছিলোনে ?

মই মৰাৰ পিছতো মানুহে শ্মশানত মই ভাল মানুহ আছিলো বুলি তথা মেলে-মিটিঙে কম মিছা মাতিবনে? মোৰ কথা বাদ দিয়ক মইতো সৰু সুৰা মিছা কথা কোৱা মানুহ, ডাঙৰ ডাঙৰ নেতা, মন্ত্ৰী বিধায়ক সকলৰ কথা ভাবকচোন, কিমান মিছলীয়া!

বাৰু বাদ দিয়ক সেইবোৰ, বজাৰত গৈ আপুনি বস্তুৰ দাম কিয় কমায়? কাৰণ আপুনিও জানে বেপাৰীয়ে মিছাকৈ দাম বঢ়াই কৈছে বুলি। পুৱাতে আপোনাৰ ঘৰত গাখীৰ দিয়া গুৱালটোৰ পৰা মাছ-শাক পাচলিৰ বেপাৰীটোলৈকে কিমানে আপোনাক মিছা মাতে আৰু কিমানক দিনটোত আপুনি মিছা কথা ক’বলগীয়া হয় ভাবি চাইছেনে?

পাব্লিচিটিৰ বাবে বা বিজ্ঞাপনত কোম্পানীবোৰৰ হৈ অভিনেতা–অভিনেত্ৰীসকলে কম মিছা কথা কয়নে? সাত দিনত ফেয়াৰ এণ্ড লাভলী সানি আপুনি বাৰু এয়াৰ হোষ্টেজৰ চাকৰি পাইছেনে বা ফিল্ম ফেয়াৰ এৱাৰ্ড লৈ পাইছেনে? অমিতাভ বচ্চনে বাৰু হাজমোলা খাইনে আৰু গায়ত্ৰীৰ পেট ইমান বেয়ানে যে লিভোচিন নাখালে একো হজমেই নহয়?

আচলতে মানুহৰ জীৱনটো চলি থাকে মিছাৰ ওপৰতেই৷ এই ধৰক পুৱা আপোনাৰ শ্ৰীমতীৰ লগত কাজিয়া লাগি মনটো বেয়া হৈ আছে, বন্ধু এজনৰ ফোন আহিল, কৈ দিলে নে পুৱাই পুৱাই ভালে আছো বুলি মিছা কথাষাৰ ।

ধৰক আপোনাৰ আজি অফিচলৈ যাবলৈ মন যোৱা নাই, এপ্লিকেচনত লিখিব লাগিব, জ্বৰ হৈ আছে বা শ্ৰীমতীৰ বেমাৰ, বা ৰুটিন মেডিকেল চেক আপ। সঁচা কথা লিখি দিবচোন, “এনেই মন নগ’ল, নাযাওঁ যা, কি ডাল কৰিবি বুলি।”

আপোনালৈ অহা ফোনটো কাৰ বুলি শ্ৰীমতীয়ে সুধিলে কৈ চাবচোন, মোৰ লগৰ ধুনীয়া ছোৱালী এজনীৰ বুলি। মোবাইলৰ কচম, মোবাইল এঠাইত চিম এঠাইত নহ’লে মোৰ নামত মেকুৰী পুহিব।

ঘৰতে বহি আড্ডা দি থাকোতে যদি অপ্ৰয়োজনীয় এজনৰ মোবাইল বাজে মিছাকৈয়ে কৈ নিদিয়েনে মিটিঙত ব্যস্ত আছো, পিছত কৰিব বুলি। গুৱাহাটীত থকাজনক, আপুনি তেজপুৰত থাকোতেই নগাওঁ পালোহি আৰু অলপ সময় পিছত পাই আছোগৈ বুলি নকয়নে ?

মহিলা এগৰাকীক বয়স সুধি চাওকচোন। হেৰৌ, এল আই চি এজেণ্টও অংক কৰি কনফিউজদ হৈ যায় যে গিৰিয়েকতকৈ যদি ঘৈণীয়েকৰ বয়স বিছ বছৰ সৰু আৰু পুতেকতকৈ মাকৰ বয়স পাঁচ বছৰ ডাঙৰ হয়, মাকৰ প্ৰকৃত বয়স কিমান?

বাৰু আপোনাক কোনোবাই নিমন্ত্ৰণ জনালে, আপোনাৰ যাবলৈ মন নাই, আপুনি শ্ৰীমতীৰ অসুবিধা বুলি মিছাৰ আশ্ৰয় নলয়নে? এৰাব নোৱাৰা পৰিস্থিতিত আপুনি গ’ল আৰু আলহীৰ ঘৰত দিয়া চাহকাপ আপোনাৰ পছন্দ হোৱা নাই, তথাপি আপুনি নকয় জানো বৰ ধুনীয়া হৈছে বুলি মিছা মাতি?

আচলতে কি জানে মিছাৰ আশ্ৰয় নোলোৱাকৈ বা সত্য কথা কৈ আপুনি পাঁচ মিনিটও চলিব নোৱাৰে। মিছা কথা ক’ব পৰাতোও এটা আৰ্ট, যি মিছা কৈ ধৰা পৰে তেনে মিছলীয়াক ধিক্কাৰ।

প্ৰকৃততে মিছা মতাত সিদ্ধহস্ত হ’বলৈ একো ডিগ্ৰীৰ প্ৰয়োজন নহয়, কিতাপ পঢ়াৰ প্ৰয়োজন নাই। মুঠতে মিছাবোৰ আমাৰ জিভাৰ আগতেই থাকে, ভাবিবলৈ মগজুৱে কষ্টই নাপায় ।

আৰু বহু মিছা কথা ক’বলৈ থাকিয়ে গ’ল। সময় সুবিধা পালে আপোনাৰ শপত (মিছাকৈয়ে খাইছো, ভয় নাখাব) আকৌ কেতিয়াবা মিছা কথা ক’ম, পিছে যি কম মিছা কম মিছাৰ বাহিৰে একো নকওঁ। কাৰণ সৰুৰে পৰা মানে জন্মৰে পৰা জীৱনত ইমান হকে বিহকে মিছা শুনিলো, মিছা মাতিলো, এতিয়ানো সঁচা মুখৰ পৰা ওলাব কিদৰে ?

আৰু সঁচা কৈনো জটায়ু পক্ষীৰ কি হ’ল? সীতাই সত্য প্ৰতিপন্ন কৰিবলৈ অগ্নিপৰীক্ষা দি কি হ’ল? হেৰৌ খোদ ধৰ্মৰাজ যুধিষ্ঠিৰেও মিছাৰ আশ্ৰয় লৈছিলহে৷ ৰজা হৰিশ্চন্দ্ৰৰ কথা নকলোৱেইবা৷ আমাৰ চৰকাৰে ক’লা ধন বিদেশৰ পৰা ৬০ দিনত অনাৰ কথা, স্কুটী দিয়াৰ কথা এইবোৰনো কি? বাৰু, সদৌ শেষত প্ৰকাণ্ড মিছা কথাটো,

“মই কেতিয়াও মিছা কথা কৈ পোৱা নাই আৰু নকওঁ।”

★★★★

No comments:

Post a Comment