Tuesday 27 February 2018

ফেচবুক লাইভ 1



লাইভ বুলি শব্দটো শুনিলে আগৰ ক্ৰিকেট খেলৰ কথাই মনলৈ আহিছিল ৷ তাৰ পিছত লাইভ বুলি ক'লে আমাৰ টি আৰ পিৰ নেগুৰত জুই লগাবলৈ কৰা নিউজ চেনেল কেইটাৰ হকে বিহকে বিহুৰ অনুষ্ঠান বোৰৰ কথা মনলৈ অহা হ'ল ৷ এই বোলে আপুনি নিউজ চেনেল লগালে ,দেখা পালে " জকাইচুকৰ পৰা অমুক লাইভ" ৷ চেনেল সলনি কৰিলে, দেখিলে " পতিয়া চুবুৰিৰ পৰা ভুচুক লাইভ" ৷ সেইখিনিলৈকেও ঠিকেই আছিল ৷ পিছে আজি কালি লাইভ শব্দটো কেৱল টিভিটে সীমাবদ্ধ নহয় ৷ আপুনি ফেচবুক খুলি বহিছে হঠাৎ নটিফিকেশ্বন আহি গ'ল " হেৰি ইজ লাইভ নাও" ৷ মন নগ'লে বাৰু নাচাবও পাৰে, কিন্তু লাইভ মানে জীৱন্ত চাবলৈ কাৰনো মন নাযায় কওঁকচোন ৷ মৰাৰ পিচত বা দেখা সাক্ষাৎ হয় নে নহয়?

সিদিনাখনৰে কথা ৷ ম'বাইলটো লৈ বহিছো ৷ এনেতে টং কে বাজি উঠিল "চুইট এনজেল ইজ লাইভ নাও" ৷ দিলো ক্লিক কৰি ৷ দেখিলো " মেহ অন ভেজ মাৰ্কেট " ৷ চুইট এঞ্জেল নামটো দেখিয়েই গম পাইছিলো জীৱনত হয়তো কাহানিও পাকঘৰ সোমাই নোপোৱা কোনোৱা স্বৰ্গৰ অপেশ্বৰীয়ে হয়তো জীৱনত প্ৰথম বাৰ বজাৰলৈ যোৱা দৃশ্যই হ'ব, যিটো অভিজ্ঞতা সকলোৰে লগত ভাগবতৰা কৰিব ওলাইছে ৷

বজাৰৰ চিনাকি বেপাৰি কেইটা দেখি গম পালো মোৰ চহৰৰে কোনোবা হ'ব ৷ যি কি নহওঁক আপোনালোকে যিহেতু এগৰাকী অপেশ্বৰীয়ে পাচলি বজাৰ কৰাৰ সেই বিৰল দৃশ্যৰাজী জীৱন্ত উপভোগ কৰি জীৱন ধন্য কৰিব নোৱাৰিলে গতিকে মই ভাবিলো মইও ডিক্টৌ লিখি পেলাও ৷ আপোনালোকে মাত্ৰ মোৰ লিখাখিনি পঢ়োতে মনতে চহৰৰ এখন লেতেৰা পাচলি বজাৰ, এজন বেপাৰী আৰু এগৰাকী মনৰ পচন্দৰ আধুনীকাক কল্পনা কৰি ল'ব ৷ বাৰু আৰম্ভ কৰিছো ৷

মুখ খন দুবাৰ মান জোঙা, চিধা, বেকা কৰি বেপাৰি লগত অপেশ্বৰীৰ কঠোপকঠন

এঞ্জেল :: এই নিগনীৰ দৰে নেগুৰ থকাটোৰ কিমান দাম ?

বেপাৰী :: এইটো বাইদেউ ভাতকেৰেলা ৷

এঞ্জেল:: বান্ধি থৈছা কিয়?

বে:: পলাই যাব পাৰে যে ৷

এঞ্জেল :: আই চি ৷ আৰু সৰু সৰু চাইজৰ কঠাল বোৰৰ ?

বে:: বাইদেউ কঠাল নহয়, আমি তিতা কেৰেলা বুলি কওঁ

এঞ্জেল: : ইচ অসমত চব কেৰেলাৰ পৰাই চব্জি অহা হ'ল ৷ এই সৰু ঢোল বোৰ কিমান দাম?

বে:: বাইদেউ এইবোৰ পটল পোৱা বিশ টকা, ভোল সেইটোহে ৷

এঞ্জেল: :ভোল নালাগে বহুত খজুৱাই ৷

বে:: বাইদেউ নখজুৱাৰ ভিতৰত কচুৱেই আছে ৷লৈ যাওঁক কেঁচা চাতনি ধুনীয়া হয় ৷

((((লাইভ কমেন্ট চলি আছে ৷
কনক : অকলে গৈছে নি? মে আই পিক আপ ইউ?
ডিম্বেশ্বৰ : বেছি বজাৰ নকৰিবা, বেগ ডাঙিব নোৱাৰিবা ৷
ৰাজদিপ : চক বজাৰ নেকি? গাজৰ কিমানত দিছে সুধাচোন, কমত পালে মোলৈও এপোৱা লবা )))))

এঞ্জেল:: এই যে টিভিত দেখাই থাকে অসমৰ ভোট জলকীয়া , সেইটো আছে নেকি ? অসমৰটো দিবা কিন্তু ৷

বে:: আছে, এই ৰঙা ৰঙা কেইটা, দহটকাত পাচটা

এঞ্জেল:: জ্বলা আছেনে?

বে:: এবাৰ এটা কামুৰি চাওক

এঞ্জেল:: পাঁচ টকাত দহটা দিবা ৷

বে:: দহ মিনিট মোৰ গাদিত বহি দিয়ক এনেই দিম

এঞ্জেল :: হাও ৰাবিচ ৷ তিনটা দিয়া পাঁচ টকা দিম
বে:: বাৰু লওঁক পাঁচ টকাত দুটা দিছো ৷

(((( দাম কমাই এঞ্জেলৰ ফুৰ্তি দেখা পালো ৷
ইফালে বহুতে কমেন্ট লিখি আছে লাইভ
বিবেক : তুমি বজাৰ কৰিছা? অহ মাই গড ৷ পাপাক কিয় পঠাই নিদিলা?
ধৰনী : : মোৰ নাম কোৱা, বেপাৰিয়ে ভয়তে এনেই দি দিব ৷ ৰঙা পান, বুঢ়া আঙুলি স্ক্ৰিনত দৌৰি আছে )))

এঞ্জেল: :চব্জী বেপাৰি হৈ গ্ৰীন কমলা বেচিছা কিয়?

বে:: বাইদেউ কমলা নহয়, গোল নেমু জোৰাত দহ টকা ৷

এঞ্জেল:: জানো জানো, ভিমবাৰত ফটো দেখিছো ৷ লাও আছে নেকি লাও?

বে:: কি লাও লাগিব ? পানী লাও নে ৰঙালাও দিম?

এঞ্জেল:: টিয়হ টোলৈ আঙুলিয়াই, নাই এই শুকান লাও দহটা দিয়া আৰু অমিতা এক কেজি দিয়া ৷

বে:: অমিতা নহয় বাইদেউ এইটো স্কোৱাচ হয় ৷

এঞ্জেল: :টেঙা হ'ব নেকি?

((((দিবাকৰ:: বৰ গৰম, ৰবা মই গৈ আছো ৷
যতিন : হাই
প্ৰনৱ : চুইটি গৈ আছো দুপৰীযা, ভাত বনাই থবা) )))

বে:: বাইদেউ আৰু নাম নুসুধিব, আকাৰ ইংগিতৰে দেখুৱাই দিয়ক মই মোনাত ভৰাই দিম ৷

এঞ্জেল :: হ'ব নাম নাজানিলে নকলেই হ'ল ৷ এই পটল এক পোৱা দি দিয়া ৷

বে:: বাইদেউ এইটো কুন্দুলি, অকন টেঙা, বিজল হ'ব , পটল কাষতে লুটি খাই পৰি আছে ৷ আপুনি নিজে লৈ লওঁক যি লাগে, মই মুৰৰ বিষৰ টেবলেট এটা খাই আহো ৷

এঞ্জেল:: ৰ'বা তুমি গুছি গ'লে মোক বেঙেনা কোনে দিব?

বে:: বাইদেউ আপোনাক বেঙেনা কেৱল বেহাৰবাৰিৰ আউট পষ্টৰ মোহনে হে দিব পাৰিব, মই যাও, মুৰটো তিয়াই আহোগৈ ৷

((((( ভিডিঅ ইজ পউজ ))))
********

No comments:

Post a Comment